Saturday, July 30, 2011

মোৰ এই জালপঞ্জী সম্বন্ধে দুআষাৰ...

এই জালপঞ্জী লিখিব যাওতে কেইটামান কথা উনুকিয়াব বিচাৰিছো । সাহিত্য অনুৰাগী হিচাপে নিজকে ভৱা হেতুকে সৰুৰেই পৰা কিতাপৰ প্রতি এক দুর্বলতা মোৰ আছে । কলেজত পঢ়ি থকা কালতে নিজৰ হাত খৰচৰ পৰা সদায় তিনি-চাৰি টকাকৈ বচাই মই কিতাপ কিনিছিলো, কিতাপ থবৰ বাবে আলমাৰী এটা সজাইছিলো । সৰু-সুৰাকৈ পু৺থিভড়াল এটি এনেকৈ গঢ়ি উঠিছিল । কিতাপৰ পাতত পোৱা অসমীয়াৰ দুর্বলতাবোৰ গম পোৱাৰ পিছত হঠাতে এদিন মনত খেলালে, মনত বাহ লোৱা অৱসাদবোৰ গুছাবলৈ কিবা এটা লিখাই যাওক । লিখিলোও...এটি কবিতা । লিখি উঠি নিজে অনুভৱ কৰিলো, মনটো যেন বহুখিনি পাতল হৈ গৈছে,   ভাৰাক্রান্ত মন অকণমান শান্ত হৈছে । লগৰবোৰে কবিতাটো পঢ়ি পিছে কলে সেয়া হেনো "অখাদ্য"হে হল । মনটো মৰহি গল । তথাপি লিখি গলো - কোনেও গম নোপোৱাকৈ । গুৱাহাটীলৈ অহাৰ পিছত কলেজৰ বহীৰ পাতত কৰবাত লিখা থকা কবিতা এটি এদিন চূৰি হৈ বেলেগ কলেজ এখনৰ স্মৰণিকাত উঠিল । পঢ়িহে গম পালো, মোৰ প্রচাৰ বিমুখতাৰ বিপক্ষে গৈ কবিতাটো মোৰ অজ্ঞাতে নি লগৰ এজনে তাত প্রকাশ কৰিছে । অৱশ্যে তাৰ সন্মান ৰ'ল, কিয়নো কবিতাটো পঢ়ুৱৈসকলে ভাল হোৱা বুলিয়েই কলে । তাৰ পিছত কিছুমানৰ জোৰ সহিব নোৱাৰি দুই-এঠাইত দিবলৈ কবিতা দি পঠালো । প্রকাশ হ'ল নে নাই অৱশ্যে গম নাপাও ।

মোৰ প্রচাৰ বিমুখতাৰ কাৰণ এয়াই নহয় যে লগৰ কিছুমানে মোৰ কবিতাক "অখাদ্য" বুলি কলে, মূল কাৰণ এয়ে যে অসমীয়া সংবাদ মাধ্যম আৰু আলোচনীবোৰৰ নতুন লেখক-লেখিকাৰ লেখনি প্রকাশ কৰিবলৈ প্রকাশ কৰা অনীহা...। মোৰ লিখাৰ উদ্দেশ্য প্রকাশকৰ পিছত দৌৰি ফুৰা নহয়, মই অনুভৱ কৰা কথাবোৰ যিকোনো মাধ্যমৰ মাজেৰে আমাৰ সমাজলৈ আগুৱাই নিয়াহে... অৱশেষত মই সেই মাধ্যম বিচাৰি পালো... ইণ্টাৰনেটকেই বাছি ল'লো সেই মাধ্যম হিচাপে...

কাগজৰ পাতত লিখি থোৱা বহুকেইটা লেখনিয়েই ইতিমধ্যে কৰবাত জাহ গ'ল । সেয়েহে বাছি থকা মোৰ "অখাদ্য"কেইটা আপোনাসৱলৈ উপস্থাপন কৰিলো......আপোনাসৱৰ মন্তব্য তথা দিহা-পৰামর্শই যদি এই "অখাদ্য"বোৰক অলপো পঠণযোগ্য কৰে, মই কৃ্তার্থ হ'ম ।