Thursday, September 29, 2011

একাপ গৰম চাহ





    ৰাতিপুৱা হামিয়াই হামিয়াই ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি টেকেলী পিঠা !


গেটৰ কাষত পৰি থকা বাতৰিৰ শিৰোনাম
হত্যা, লুণ্ঠন.....এক নিৰস বাৰ্তা 
হৃদয়ঙ্গম হ’বলৈ লাগে তাক
 একাপ গৰম চাহ |         


    অ’ফিচৰ টেবিলত দেখিয়েই
    পৰিৰোৱা ফাইল...ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি গৰম চিঙ্‌ৰা !


ফাইলত আৱদ্ধ কাৰোবাৰ দস্তাবেজৰ পৃষ্ঠা
উটি ফুৰা কোনোবাৰ উন্নতিৰ কদৰ্য্য বাসনা
দেখিয়েই ওকালি আহিব খোজা মানসিকতা
সকলোবোৰ আগুৱাই নি 
কৰি যাবলৈ দায়িত্বৰ মিছা ভাওনা
লাগে একাপ গৰম চাহ |

    গধূলিৰ উখল-মাখল আমাৰ আড্ডা
    ’চিল্‌চিলা’ৰ বেঞ্চত মাৰি মাৰি গল্পৰ মহলা
    ভাৱো,
    পোৱা হ’লে একাপ গৰম চাহ
    লগত পূদিনাৰ চাট্‌নিৰে গৰম পোকোৰা !

চপচপীয়া বৰষুণত 
ভাৱি ভাৱি আকাশৰ কথা
বাৰান্দাৰ চকীত একাপ গৰম চাহ
লগত কলেৰে বনোৱা গৰম মালপোৱা
আৰু
পঢ়া টেবিলত পুৱতি নিশা
ভাঙিবলৈ টোপনিৰ জেলেঙা
মজাই বেলেগ সেই আদা দিয়া 
একাপ গৰম চাহ |

Sunday, September 25, 2011

এনেকৈয়ে ভাঙি যায় সপোনবোৰ.........



এনেকৈয়ে ভাঙি যায় সপোনবোৰ
যেনেকৈ...নামি আহে অমানিশা
এনেকৈয়ে সৰি পৰে ..... যন্ত্ৰণাবোৰ
যেনেকৈ বিলীন হৈ যায়...ৰ’দালী আভা |


সন্ধিয়াৰ হেঙুলী আকাশত
সুধিবৰ মন যায়....ভটিয়নী চৰাইজনীক
তাইৰ পাখিৰ ৰঙেৰে
ইমান নিলীম হয় কিয় আকাশখনি
তাই কয়,
স্নিগ্ধা আকাশৰ পূৱালী ৰূপত
লুণ্ঠিতা তাই এজনী আহত পক্ষী |



তুমি জানানে ৰ’দালী ?
কেনেকৈ সৰি পৰে সৰাপাটবোৰ |
ৰাতিৰ পিছত দিন.....
দিনৰ পিছত আকৌ ৰাতি.....
অথচ,
প্ৰতিটো ভাৰাক্ৰান্ত দিনে 
কঢ়িয়াই আনে কিয় 
এটি এটি বিনিদ্ৰ ৰজনী !


তোমাৰ অবৰ্তমানত ফেঁকুৰি উঠে কতিয়াবা
মৰম আকলুৱা সপ্ৰতিভ হিয়া |
তুমিতো নাজানা....?
আৰু যে পি পি নিৰৱতাৰ মদিৰা
মাতাল হৈ পৰে
অপূৰ্ণতাৰ ৰাগীত মোৰ মতলীয়া কলিজা ,
শূণ্য হৈ পৰে স্মৃতিৰ বোজাৰে আৱদ্ধ
এখনি জুৰুলা হিয়া..
যেনেকৈ...
নামি আহে অমানিশা..||


এনেকৈয়ে ভাঙি যায় সপোনবোৰ...
সৰি পৰে যন্ত্ৰণা......|| 



ৰচনাকাল : ১৪.০৭.২০১১

Friday, September 23, 2011

হেঁপাহ



উপাসনাৰ নেত্ৰ.......কুঁহিপাট মেলা
থিয় হ’ব নোৱাৰো
আজন্ম এন্ধাৰত ঘূণীয়া মোৰ হিয়া
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |


মায়া,
তোমাৰ গৰ্ভত গঢ়িত মোৰ কায়া
মনে মনে দেহে মনে কি দি যোৱা ?


এপাহ ৰাঙলী কপৌ ফুলোৱা
দীঘল পাতত বহি তাৰ ৰং চাও
এজাক জীৱন ৰ’দ বুলোৱা
শীতৰ কোচত বহি তাৰ সোৱাদ লও |
মোৰ মন এতিয়া আঁউসীৰ জোনাকী পৰুৱা
জোনাকী হৃদয় মৰহা আশাৰে ভৰা,
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||



অকণ সাহস দিয়া
হৃদয়ৰ কলীয়া ডাৱৰমুঠি আঁতৰ কৰো
হাঁহিৰ নাঙলেৰে
মহাকাল মহাব্যাধিৰ সমাধি খানো
আকাশত দেখো শত তৰাৰ অযুত খেলা...
অদৃষ্ট আশাৰ স্বপ্নালী আভা 
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |


বানত উটা মোৰ প্ৰেমৰ সেউজীয়া দলিচা
চকুপানীয়ে পূৰায় বিষাদ তৃষ্ণা
আৱেগৰ ধলত নামি আহে
এন্ধাৰ, ধূষৰতা....
তথাপি ৰাতি ফুলে ৰজনীগন্ধা
পুৱাতেই জিলিকে দূৱৰিৰ স্নিগ্ধ মুকুতা |


অকণ অধিকাৰ দিয়া
কলুষিত অতীতক পাহৰণিত দাহ কৰো
শান্তিৰ লহৰেৰে
জীৱন প্ৰেমৰ মেৰঘৰ সাজো |
মনৰ চোতাল দেখো উৰুলিৰে ভৰা...
অনিৰ্ব্বাণ সপোনৰ নিৰ্ম্মেঘ মেলা |
সভ্যতাৰ উপাসনাগৃহ মোৰ বাবে এতিয়া সুখৰ টিলা
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||




( বেদনাৰ সোঁৱৰণীত একাজলি জ্যোতিস্নেহ শ্ৰদ্ধাঞ্জলী !! )
ৰচনাকাল : ১১.০৯.২০০৬

Tuesday, September 20, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি – ৩

’অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....’ –মোবাইল ফোনটো বাজি উঠিল। বৰ বিৰক্তিৰে সেউজীয়া বুটামটো টিপি মোবাইলটো কাণত ল’লোঁ।
-“হেলেউ...হেলেউ”
-“কি কৰি আছা, বাবা?”
-“অ’ মা! ইণ্টাৰভিউ আছিল নহে। দি আহি অলপ জিৰ'ইছু ৰহ।”
-“কেনে হ’ল ইণ্টাৰভিউ?”
-“বয়া হনাই।”-গোকোটা মিছা কথাষাৰ মাতি নিজৰেই হাঁহি উঠি গ’ল। পিছপিনৰ কৰবাত কাউৰী এটিয়ে কা-কা কৰি উঠিল। এই যে মোবাইল ফোনটো মিছা মতাৰ বাবেই ওলাইছিল নেকি...ভাবিলোঁ। মায়ে অৱশ্যে বুজি পালে।
-“দেচুন, কি হএ। ইতা পাছে ঘোৰোত একপাক আহি নাযাৱ কিয়ো। আজি বছৰদিনে হ’ল তই ঘোৰোত নাহা।
ময়ো কথাটো ভাবিলোঁ। হয়তো। এপাক ঘৰৰপৰা আহিব পাৰি। তাতে এইকেইদিন ক্লাছো নাই।
-“হোবো দে। আহিম। অলপ কাম আছে। সেখনি কৰি কালি ভাটিবেলা বা পৰহিৰ ভিত্ৰোত আহিম।” গুৱাহাটিতযে ঘোঁৰাৰ ঘাঁহ কাটি আছোঁ ঘৰতনো সেই কথা কওঁ কেনেকৈ! সেয়েহে অলপ ব্যস্ততা দেখুৱাবলৈকে মাক ক’লোঁ। পিছপিনে কাউৰীটোৱে আকৌ কা-কা কৰি উঠিল।
-"আমাৰ তাকেলগিন গাড়ী চলি আছেনা?”
-“গইধলা আহে বাছ এখেন।”
-“তেনেহ’লি সেখেন পাৱকে যামদে।”
-“সেটুৱে কৰবি।”-সৰু-সুৰা কথা বতৰা দুটামান পাতি, জুনিয়ৰ আৰু মোৰ দুয়োৰে খা-খবৰ লৈ মায়ে ফোনটো কাটিলে। ময়ো বেয়া নাপালোঁ। আৰু দুই মিনিটমান কথা পতা হ’লে আৰু বা কিমান মিছা মাতিব লগা হ’লহেতেন!! মায়েও ছাগে’ বুজি পায়ে ফোনটো ৰাখিলে।

-“অ’ হিৰ’, কি হ’ল? চলাত আলপিন মাৰি ইণ্টাৰভিউ মাৰবা গেইছলি নিকিন?” আলনাৰ কাষৰ পৰা জুনিয়ৰে চিঞৰিলে। চোলাটোৰপৰা আলপিনডাল যে এৰুওৱা নহ’ল, তেতিয়াহে মনত পৰিল।
-“নহে দে! দেডেল আলপিনৰ ৰহস্য বেলেগ।”
-“পাছে কেনে হল ইণ্টাৰভিউ? ’আকৌ আহিম’ বুলি কৈ আইছানা?”-ইণ্টাৰভিউ দি অহাৰ পিছত সধাৰণতে যেনেকৈ সোধে আজিও সি তেনেকৈয়ে সুধিলে।
-“নহলেনো কি!!” যিমান পাৰি সিমান সহজভাৱে উত্তৰ দিলোঁ।
-“কালি ঘোৰোত যাম। পঞ্চাশ টাকামান ধাৰোক লগি দিবিচুন।”
-“গাছডেল ৰুই থৈছু। জাৰি-জাকৰি লৈ যাবি যিমান লাগে সিমান।”
-“ঘোৰোৰপৰা আহি ষাঠি টকা দিম।”-ভাইটিৰ লগত সৰু-সুৰা বুজাবুজি এটা কৰি ঘৰলৈ যাবলৈ সাজু হ’লোঁ। লগত এশমান টকা আছেই। গতিকে ডেৰশ টকাৰে ঘৰ আৰামত গৈ পাম।

ন-কইনা ঘৰলৈ যাব ওলোৱাৰ দৰে ময়ো গোটেই দিনটো সাজু হৈ আবেলি লোকেল ট্ৰেইনত উঠিলোঁ।
গাঁওলৈ এখনেই মাত্ৰ বাছ চলে। সন্ধিয়া সময়ত। ট্ৰেইনৰ পৰা নামিয়েই বাছ ষ্টেণ্ডলৈ লৰ ধৰিলোঁ। বাছখন ৰখাই থোৱাই আছিল। হেণ্ডিমেনেজনে বাছৰ ব’ডিৰ ওপৰত উঠি দুটামান বস্তা উঠাই চিঞৰিলে-“ল’ৰাবিলাক ব’ডিৰ ওপৰত উঠপা লাগ‌বো দে। ইমানসপা মান্‌হু গাড়ীৰ ভিত্‌ৰ’ত নাট্‌পো।” সি কোৱাৰ আগে আগে চেঙেলীয়া দুজনমান বাছৰ ব’ডিৰ ওপৰ পালেই। গাড়ীৰ ভিতৰখন মানুহেৰে ঠাহ খাই আছে। বাহিৰতো পঞ্চাশজনৰ কম নাই। এখন বাছে ইমানখিনি মানুহ কেনেকৈ টানিব, ভাবি আচৰিত লাগিল। যথা সময়ত গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট দিলে। বাহিৰত থকা মানুহবোৰৰ দৌৰা-দৌৰি লাগিল। ল’ৰাবিলাকৰ বহুতেই বাছৰ ভিতৰত উঠা বৃথা চেষ্টা নকৰি চিধাই বাছৰ ওপৰ পালেগৈ। ময়ো অলপ সময় চেষ্টা কৰিলোঁ। কিন্তু বাছখনৰ দুৱাৰৰ ওচৰেই চাপিব নোৱাৰিলোঁ। ঠেলা-হেঁচাত মই গৈ কৰবাত পৰিলোঁ। শেষত উপায়হীন হৈ বাছৰ ওপৰলৈ চালোঁ। কলেজীয়া দিনবোৰত বাছৰ ভিতৰত খালী ঠাই থাকিলেও ওপৰত গৈছিলোঁ। বাছৰ ব’ডিৰ ওপৰত যোৱাৰ যি এক সুকীয়া আমেজ তাক পুনৰবাৰ মনত পেলাব চেষ্টা কৰিলোঁ। মানুহবোৰ বাছত উঠা প্ৰায় শেষ হৈছিলেই। মহিলাসকলক ভিতৰলৈ যোৱাৰ ব্যৱস্থা কৰি মতা মানুহবোৰৰ বেছিভাগেই য’তে ঠাই পাইছে তাতেই ধৰি ওলমিবলৈ আৰম্ভ কৰিছে। বাছ চলি যাব বুলি ময়ো বেগখন ভালকৈ পিঠিত লৈ ’হলৌ উঠিল টকৌ গছত’ লগাই লফলফাই ওপৰ পালোগৈ। 

ওপৰত আগৰেপৰা বহুকেইজন ল’ৰা আছিলেই। সিহঁতে ওপৰত যোৱাৰ পূৰ্ণ স্বাধীনতা ইতিমধ্যে উপভোগ কৰা আৰম্ভ কৰিছিল। সিহঁতে পিন্ধি অহা চোলাবোৰ যেতিয়া সিহঁতৰ হাতত দেখিলোঁ, আকৌ এবাৰ পুৰণি দিনবোৰলৈ মনত পৰি গ’ল। লাহে লাহে মই গৈ আগফাল পালোগৈ। বাছৰ ওপৰত গ’লে সদায় আগফালে বহিব লাগে বুলি কোনোবাই শিকাইছিল। সেই কিটিপটোৱে ৰাস্তাৰ ডাল-পাতৰ পৰা কোব খোৱাৰ পৰা বহুদিন বচাইছিল। আজিও সেই কিটিপটো লৈয়ে আগফালে ৰেলিঙত ধৰি বহি ল’লোঁ। ঠিক সেই কলেজত পঢ়ি থকা দিনবোৰৰ দৰে। মাথোঁ তেতিয়াৰ দৰে চোলাটো গাৰ পৰা খুলিব নোৱাৰিলোঁ। মানুহে কি ভাবিব! যি নকৰিলেও আজিকালি গুৱাহাটীত থাকোঁ। ষ্টেটাচৰ কথাও আহেতো! ইপিনে সিপিনে চালোঁ। বাছৰ ওপৰত লগৰ কোনো নাই। চিনাকী ল’ৰা দুজনমান আছে যদিও মোতকৈ সিহঁত বহুত সৰু। কথা পাতিবলৈও কোনো নাই। সেয়েহে সেমেনা-সেমেনিকৈ বহি ৰ’লোঁ। যথাসময়ত তলে-ওপৰে এগাড়ী মানুহ লৈ বাছখনৰ 'ফেভিক’ল যাত্ৰা' আৰম্ভ হ’ল। মানুহৰ ভৰত বাছখন বাওঁফালে হাউলি গৈছে। ৰাস্তা ভীষণ বেয়া। দুই-এটা থেকেচাত ওপৰৰ পৰা ওলাই পৰিম যেন লাগে। তথাপি দুহাতেৰে ৰেলিঙত জোৰেৰে খামুচি সন্মুখত লক্ষ্য কৰি আগবাঢ়িলোঁ। ৰাস্তাৰ গাঁতবোৰ দেখি মাছৰ পোনাৰ ব্যৱসায় কৰোঁ কৰোঁ লাগি থাকিল। নাচি নাচি গৈ থাকিল আমাৰ বাছখন। এবাৰ সোঁফালে, এবাৰ বাওঁফালে। দুই-এবাৰ আকৌ গাতত এনেকৈ সোমায় যে তাৰপৰা আৰু ওলাই আহিব নোৱাৰিব যেনেই লাগে। প্ৰতিটো থেকেচাত চেঙেলীয়াসকল কিৰিলি পাৰি গৈছে। এই যাত্ৰাত বেচ ৰস পাইছে সিহঁতে। সিহঁতৰ প্ৰতিটো কিৰিলিত মোকো ভাল লগাই দিছে। পুৰণি কথাবোৰ বাৰে বাৰে মনত পেলাই দি গৈছে। ৰাস্তাৰ কাষেৰে এজনী ছোৱালীও সাৰি যাব পৰা নাই সিহঁতৰ বাক্যবাণৰ পৰা। ছোৱালীবোৰেও মিচিক-মাচাক হাঁহিৰে পাৰ হৈ গৈছে। অৱশ্যে ল’ৰাবোৰে বেচ শালীনভাৱেই ছোৱালী জোকাই আছে। সিহঁতৰ শালীনতা দেখি ভাল লাগি গ’ল। অন্ততঃ আমাৰ সেই দিনবোৰৰ দৰে এই ল’ৰাবোৰে কোনো ধৰণৰ অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই। দুই-এজনে যি দুই-এটা ’মাতৃভাষা’ প্ৰয়োগ কৰিছে, সিও গন্তিত ধৰিব পৰা বিধৰ নহয়। 

-“দলং ভাঙা আছে। চব নামি দিব।”-হেন্দিমেনজনৰ মাতত আগলৈ চাই দেখিলোঁ সন্মুখত থকা জানৰ দলংখনৰ অৱস্থা একেবাৰে তথৈবচ। দলং বুলি পৰিচয় দিবৰ বাবেই যেন কেইডালমান কাঠ পাৰি থোৱা হৈছে। কাঠবোৰৰ মাজে মাজে হোৱা ফাঁকবোৰ নোহোৱা কৰিবলৈ ঠায়ে ঠায়ে গোট বাঁহ পাৰি দিয়া হৈছে। খুটাকেইটাক সহযোগ কৰিবলৈ ডাঙৰ ডাঙৰ ভলুকা বাঁহৰ খুটা লগাই দিয়া হৈছে। বাছখন আহিব পৰা কৰিবলৈ স্থানীয় মানুহখিনিয়ে কৰা এই খাটনিখিনিক বা-বা দি ওপৰৰ পৰা নামি আহিলোঁ। শূণ্য বাছখন ভঙা দলংখনৰ ওপৰেৰে পাৰ হৈ গ’ল। বাছখন পাৰ হৈ থকাৰ সময়ত দলংখন এনেভাৱে লৰি উঠিল যে আজিয়েই দলংখনৰ আয়ুস শেষ হ’ব বুলি ভাৱিলোঁ। পিছে বাছখন সুকলমে পাৰ হৈ গ’ল। সকলোবোৰ দেখি গাৰ নোম ডাল থিয় হৈ উঠিল। আগতে অন্ততঃ ইমান বেয়া অৱস্থা নাছিল। ৰাস্তা বেয়া আছিল হয়, কিন্তু মাছৰ পোনা মেলিব পৰাকৈ গাঁত নাছিল; দলং বেয়া আছিল হয়, কিন্তু তাৰ অস্তিত্ব ৰাখিবলৈ বাঁহেৰে তাক মেৰামতি কৰিব লগা হোৱা নাছিল। সেইবোৰ কথাকেই ভাবি ভাবি আকৌ বাছৰ ওপৰ পালোগৈ। 

দলংখন পাৰ হৈয়ে এখনি বাঁহবাৰী। বাঁহৰ আগলিবোৰ ৰাস্তাৰ ফালে হাউলি পৰি আছে। বাঁহনিডৰাৰ মাজত থকা সৰু-বৰ গছবোৰৰ ডালবোৰে ডিঙি মেলি মেলি আমালৈহে যেন চাই আছে! বেয়া ৰাস্তাৰ পিছতো গাড়ীখনে অলপমান গতি বঢ়ালে। বাছৰ গতিৰ লগে লগে গছৰ ডাল, বাঁহৰ ’জেকণী’বোৰেও গতি লাভ কৰিলে। দুই-এডাল ডাল আমাৰ ফাললৈ এনেকৈ আগবাঢ়ি আহিল যে, শুই দিহে আমি নিজকে বচালোঁ। ঘনঘনকৈ কেইজনমান মানুহ নমোৱাৰ পিছত গাড়ী অলপ খালী হ’ল। হেণ্ডিমেনজনৰ নিৰ্দ্দেশত আমি ওপৰৰ পৰা নামি আহিলোঁ। আৰম্ভ হ’ল ঠেলা-হেঁচাৰে আন এক যাত্ৰা| 

যাত্ৰা আৰম্ভ হৈছেহে মাত্ৰ। হঠাতে হাউ-হাউকৈ কেইটামান চিঁঞৰ মাৰি বাছখন বোকাত লাগি ধৰিলে| গাড়ীৰ মানুহে গাড়ীখন বোকাৰপৰা তুলিবলৈ যিমানেই চেষ্টা চলালে, গাড়ীখন সিমানেই বেছিকৈ বোকাত লাগি ধৰিলে।
-“অ’ হিতু, যা যা গাড়ী ঠেলগৈ।”-ওচৰতে থিয় দি থকা ওচৰৰে প্ৰতীমা পেহীয়ে মাত লগালে।
-“গুৱাহাটীত থাকা ছ’লি, ক’ত গাড়ী ঠেলব’? ”-লগৰে অনিতাই তপ্‌কৈ কৈ উঠিল। মোৰ খঙে চুলিৰ আগ পালে যদিও মনে মনে থাকিলোঁ। গুৱাহাটীত থাকিলোঁ বুলিয়েই গাড়ী ঠেলিব নোৱাৰিমনে? কেইদিনমান গুৱাহাটীত আছোঁ হয়, কিন্তু সেই বুলিতো গাঁওৰ কৃষ্টিও বাদ দিয়া নাই। মনে মনে ভাবি থাকিলোঁ। তেনেতে হেণ্ডিমেনে চিঁঞৰিলে-“অ’ দাদাসকল, গাড়ী ফাঁচিল, অলপ ঠেলব’ না!!”-অনিতাৰ ফালে চাই হিৰহিৰাই নামে গ’লোঁ।

বিশজনমান মানুহৰ ঠেলাত আৰু ইঞ্জিনৰ সমান্তৰাল বলত গাড়ীখনে বোকাৰ খামোচ এৰি পাৰলৈ উঠি আহিল। উঠাৰ আগে আগে গাড়ী ঠেলা পুৰস্কাৰ হিচাপে আমালৈ ছটিয়াই দিলে আঠালেতীয়া মাটিৰ বোকা। গায়ে-মূৰে, কাপোৰে-কানিয়ে বিদ্যমান হৈ থকা বোকাৰে গাড়ীৰ ভিতৰত সোমোৱাৰ সত নগ’ল। সেয়ে বাকী থকা বাটছোৱা দুৱাৰমুখত ওলমি গৈয়েই অৱশেষত মোৰ গাঁওৰ ষ্টপেজ পালোঁ। প্ৰতীমা পেহী আৰু অনিতা গাড়ীৰপৰা নমাৰ আগেয়ে মই ঘৰলৈ বুলি চেঙ্‌চেঙাই বেগ দিলোঁ| 

[ক্ৰমশঃ]