Wednesday, January 11, 2012

এটি প্ৰেমৰ মৃত্যুত....

মনত পৰেনে সখি
সেই যে প্ৰথম চিনাকিত
তুমি আৰু..
তাই কোৱা কথাবোৰ !

সঁচাকৈয়ে জানা !....ছোৱালীবোৰ তেনেকুৱাই |


কিয় জানো এনে লাগে
হাঁহিৰ সঁফুৰাৰে ঢকা
এয়া যেন এলান্ধুকলীয়া চলনা !


পৰেনে মনত সখি 
সেই যে জোনাকী ৰাতি
তুমি কোৱা.....
তাই পিন্ধিবলগা ক‍ইনাসাজৰ কথা !


সঁচাকৈয়ে জানা !....ছোৱালীবোৰ তেনেকুৱাই | 

নাজানো কিয় ! এনে লাগে
ভালপোৱাক মৰ্যাদা নিদিয়া
এয়া যেন এক নিৰ্দয় বৰদৈচিলা !


মনত পৰেনে সখি
নিবিড় মূহুৰ্ত কেইটিত
তুমি আৰু...
তাই পতা কথাবোৰ
সুখ-দুখৰ আলোড়নবোৰ


সঁচাকৈয়ে জানা !....ছোৱালীবোৰ তেনেকুৱাই | 

নকবা তুমি
কিমান কষ্টকৰ প্ৰেমৰ যন্ত্ৰণা !
বিচাৰিম ক’ত শান্ত্বনাৰ ভাষা !!

সঁচাকৈয়ে জানা !....ছোৱালীবোৰ তেনেকুৱাই | 



{ মোৰ প্ৰিয় বন্ধু সমৰ দাসৰ মুখত শুনিছিলো "মনত পৰেনে মনত সখি...সেই যে জোনাকী ৰাতি" শাৰী দুটা | শুনি মনত উদয় হোৱা কখাখিনিৰে লগৰে এজনক শান্ত্বনা দিয়াৰ বাবে লিখিছিলো এই কবিতাটি | }

ৰচনাকাল : ০৭.০৩.২০০২ 

Sunday, January 8, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-৬

বহুত কষ্টৰ মূৰত যেতিয়া যোগাৰখিনি হৈছিল তেতিয়া ৰাতি আঠটামানেই বাজিছিল | ৰাস্তাত সিঁচৰিত বোকাবোৰ ভৰিৰ আঙুলিৰ মাজেৰে ফেচেট-ফেচেটকৈ পাৰ কৰাই আগবাঢ়িছিলো দুটি প্ৰাণী | দুয়োৰে হাতত জ্বলি থকা দুডোখৰ চাইকেলেৰ পুৰণি টায়াৰ | আনখন হাতত দুখন দাখৰ | দাখৰ বুলি ক’লে ভুল হব | আচলতে দুখন নগা দাহে |

"ডাঙৰ ঘৰ"ৰ বাঁহেৰে বনোৱা বেৰৰ "কামি"ত ওলোমাই থোৱা জালখন যেতিয়া নমাই আনিছিলো, তিনিটামান নিগনি পোৱালি জঁপিয়াই দৌৰ মাৰিছিল | তেতিয়াই অনুমান কৰিছিলো কি হব পাৰে জালখনৰ অৱস্থা | যি ভাৱিছিলো সেয়াই হৈছিল | তিনি কিলো "গুলী"ৰ পাঁচহতীয়া জালখন খণ্ড-বিখণ্ড হৈ মজিয়াত সিঁচৰিত হৈ পৰিছিল | মৰহি গৈছিল মনটো | এই জালখনৰ পৰাই লৈছিলো ম‍ই মাছ মৰাৰ শিক্ষা | কত যে কিমান ঘটনা ঘটিছিল এইখন জালক লৈ | জাল মাৰোতে জালে সৈতে গৈ পুখুৰীৰ মাজ পোৱা, নদীত মাছৰ উজান উঠোতে আমাৰ ঘৰত থকা লগুৱা "পেন্দুকণা" চন্দ্ৰ কাকা জালৰ ভিতৰত সোমোৱা, আৰু খুৰাই ডাঙৰ মাছ পৰা বুলি গোটেইখন হুলস্থূল লগোৱা...ইত্যাদি কিমান যে ঘটনা ! মাছৰ লগত জড়িত মোৰ স্মৃতিবোৰৰ বেছিভাগ এই জালখনেই কঢ়িয়াই লৈ ফুৰিছিল | আৰু আজি ! এক বিমৰ্ষতাই আগুৰি ধৰিছেহি | এবিধ সম্পদ হেৰুৱাই পোৱা দুখে মোকো ছানি ধৰিছেহি | জালৰ গুলীবোৰৰ ইটোৱে সিটোৰ লগত খুন্দা মাৰি উত্‍পন্ন কৰা শব্দ তেতিয়াও কানৰ কাষত বাজিয়েই আছিল | 

-"ঐ, কহে যাবি ইটা ? " -কৈলাশ দাৰ মাতত কেইঘণ্টামান আগৰ পৰা বাস্তৱলৈ যেতিয়া ওভোতিছিলো মোৰ বাঁও হাতত জ্বলি আছিল কাটা টায়াৰ আৰু সোঁহাতত উদ্যত হৈ উঠিছিল নগা দা | পিছে ক্ষন্তেক সময়ৰ বাবেহে | জ্বলি থকা টায়াৰৰ পোহৰত সন্মুখৰ পথাৰখন দেখি থৰ হৈ ৰৈছিলো | কিছু সময়ৰ বাবে একো ঠিৰাং কৰিব পৰা নাছিলো, ক’লৈ যাম | আগতে এইখিনিতে, ঠিক এইখিনিতে, য’ত এতিয়া আমি থিয় হৈ আছো, কম মাছ মাৰিছিলোনে ইয়াত থকা "বৈ"টোত ! ক’ত এতিয়া সেই "বৈ" ? সেইখিনি ঠাইত এতিয়া নিৰ্লজভাৱে থিয় হৈ আছে বিবস্ত্ৰ দুখন পকী দেৱাল | হয়তো কাৰোবাৰ দালান বনোৱাৰ পৰিকল্পনা ! তাকে দেখি শাৰী পাতি কাষতো ঠায়ে-ঠায়ে থিয় দেছি অনুৰূপ কিছুমান দেৱাল অথবা ভেঁটি মাটিৰ বাবে ৰখা মাটিৰ দম | এডোখৰ-এডোখৰকৈ খেতিমাটিৰ বিলুপ্তিৰে, অলপ-অলপকৈ স্মৃতিৰ সমাধিবোৰৰ কাষেৰে হৃদয়খনকো এক ৰূঢ় বাস্তৱময়তালৈ ঠেলি আৱাসিক এলেকালৈ ৰূপান্তৰ হব খোজা খেতি মাটিবোৰৰ কাষেৰে আগবাঢ়ি যোৱা চিধা অথচ হেলনীয়া ৰাস্তাটোৰে আমি আগবাঢ়ি গৈছিলো | হাতত থকা টায়াৰৰ লগতে মনটোৰ কোনোবা কোণ এটাও লাহে লাহে জ্বলি উঠিছিল |
-"এতে দেখুন ঘৰে-ঘৰ হ’ল | খেতি কৰা যাগাগেলা কেইদিনমান পাছত নহএ হ’ব’ আৰ’ | বুলচুন অলপ আ‍উগে যাউ |" কৈলাশ দাক কৈ আগবাঢ়িলো | 

এইখিনিতে ৰাস্তাটো সোঁফালে ঘূৰি পূৱমুৱা হৈছে | ৰাস্তাৰ দক্ষিণফালে সেয়া পানৰা ৰিজাৰ্ভ | তাৰো দক্ষিণে থকা পানৰা বিল আৰু ৰিজাৰ্ভৰ মাজত সদম্ভে থিয় হৈ আছে পুৰণি সুউচ্চ সেই ধুপ গছজোপা | কলমৌৰে ভৰি পৰিছে গোটেই ৰিজাৰ্ভখন, য’ত চন্দ্ৰকাকাই সদায় গৰু চৰাবলৈ আহিছিল | সেই ৰিজাৰ্ভ আজি কলমৌৱে আৱৰি হাবিৰ লেখিয়া কৰিলে | ৰাস্তাৰ বাঁওফালে ধাননি পথাৰ | পাৰাপাৰহীন পানৰা পথাৰ | পানৰা পথাৰক ৰিজাৰ্ভৰ পৰা নিলগাই সূৰুয উঠা দেশলৈ বুলি পোন বাটে আগবাঢ়িছে গৰু গাড়ী যাব পৰা ওখোৰা-মোখোৰা পথটো | যেন অসীমত মিলি যোৱাৰহে পৰিকল্পনা ! সেই দিশতে আগবাঢ়িছো আমিও | আগবাঢ়ি গৈ আছে পকী দেৱালবোৰ | 

-"ঐ ত‍ই কি ভাৱি আছা ? মাছ মাৰবা ইচ্ছা নাই যদি ইটাও ক’, ঘূৰি যাউ | "-কৈলাশদাৰ মাতত এইবাৰ খঙৰ ছাঁ দেখি মাছ মৰাতেই মন দিম বুলি ঠিক কৰি ললো |
-"ব’ল এখনিদি নামু | অলপ আগতে এটা দং আছিল |তাৰ কাষৰ ফুটটোত কুইচা পাবা পাৰু | "-যেতিয়া জোৰা কাটিব যাও, সদায়ে আমাৰ লক্ষ্য হয় কুচিয়া | অৱশ্যে জোৰা কটাত ম‍ই সিদ্ধহস্ত নহয় | তথাপিও আজি উপায়ন্তৰ হৈ আহিব লগা হ’ল | 

ৰাস্তাৰপৰা পথাৰত খোজ পেলাই দুয়ো গজংকৈ-গজংকৈ আগবাঢ়িলো | ঠৈখিনি বাম হেতুকে পথাৰ পানীৰে ভৰি থকা সময়তো পানী আঠুৰ ওপৰলৈহে উঠিছে | আগলৈ দ ঠাই | সেয়েহে যিমান পাৰো সিমান মাছ ইয়াতেই কাটিব লাগিব | ভাৱিছোহে মাথো | টায়াৰৰ জ্বলি থকা জুইৰ পোহৰত ফটফটীয়াকৈ দেখা পোৱা পানীৰ তৰপেৰে এটি গৰৈ মাছ দৌৰি আহি থৰ লাগি চাই ৰ’ল | স্বতঃস্ফুৰ্তভাৱে সোঁহাত গৰ্জি উঠিল | তত্‍মূহুৰ্ততে নগা দা খনে দুডোখৰ কৰি পেলালে গৰৈ ডাঙৰীয়াক | 
-"কৃষ্ণ কৃষ্ণ, যাত্ৰা কল্লু দে | পাচে গৰে হে |"-অলপ আগে আগে গৈ থকা কৈলাশ দাক চিঞঁৰিলো | 
-"ম‍ই কুইচাহে লম দে | বাকী যি কাটা ত‍য়ে লবি | "

কিছুসময় আগবাঢ়িলো | গৰৈ ডাঙৰীয়াৰ বাহিৰে আন বিলাকৰ খবৰেই নাই | যিওবা দুই এটা মাজে মাজে ভাঁহি উঠে সিও "পেনকুল্লা" | দাৰে ঘাপ দিবলৈ ঠাইয়েই নাই তাৰ দেহত | সেয়েহে সেইবোৰক প্ৰাণভিক্ষা দি আগলৈ গৈ থাকিলো | জপং-জপং, জপং-জপং কৈ | আগ বাঢ়িছোহে বাঢ়িছো, মাছ হ;লে নাই | সেয়েহে লাহে লাহে অতীষ্ট হৈ দুয়ো পলিচি বনোৱাত লাগি গৈছো | দুডৰা খেতিমাটিৰ মাজৰ সৰু সৰু আলিবোৰৰ কাষত দুই-এজোপা মেটেকা |
-"মেটকাৰ কাষত চা, মাগুৰ পাবা পাৰা | "-কৈলাশদাক ক’লো | য’ত চেং-গৰৈৰে আকাল, তাতে আৰু মাগুৰ ? মূৰৰ ওপৰৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল | 
-"নহে এতে কুইচাহে পাম " -ইপিনে কুচিয়াৰ দাহত পৰা কৈলাশ দাই কৈ উঠিল | 
-"ইমান পানীত কুইচা থাকপ’ না ? "
-"থাকপ’ ৰহ | কুইচা থাকলি ওচৰত বেলেগ মাছ নাথকে |"
-"কিয় ? "
-"কুইচাক সাপ বুলি ভাৱি মাছগেলা পোলো‍ই |"-কৈলাশ দাৰ কথা শুনি পেটে পেটে হাঁহি উঠি গ’ল | তথাপিও দুয়ো আগবাঢ়ি গৈ থাকিলো | লাহে লাহে আমাৰ মুখৰ মাত নোহোৱা হৈ আহিল | এতিয়ালৈকে হোৱা বিফলতাই দুয়োকে বাৰুকৈয়ে হতাশ কৰিছে | পথাৰত সেই একেই পানীৰ জোখতেই আমি আগবাঢ়ি গৈ থাকিলো | পানী কেতিয়াবা আঠুৰ ওপৰত, কেতিয়াবা আকৌ গাঁথিৰ ওচৰ পায়হি | এন্ধাৰত ধৰিব পৰা নাই কিমান্দূৰ পালোহি | তথাপি আগবাঢ়ি আছো | মনত নুমাই যাব খোজা এটা আশা-কিজানি ভাল মাছ পাওৱেই | মাজে মাজে ঘপংকৈ পানীৰ মাজলৈ সোমাই গৈ থাকিল নগা দা | আৰু বৃথা হোৱাৰ পিছত দুয়োৰে মুখৰপৰা সৰি থাকিল ডাংকোপ মৰা কথা-
-"ইচ, ষোল আছিল এ.... ফিচাত পৰিল ঘাপটু.. বেটাই পলোলাক...|" কেতিয়াবা আকৌ "কুইচা আছিল এ, ম‍ই ধোৰা বুলি ভাৱি লাকাটলু, ধেত্‍ তেৰি !!: ধৰণৰ কথা | মুঠতে আমি মুখেৰে এজনেও পৰি যোৱা নাই | আৰু আমাৰ প্ৰতিষাৰ কথাতেই কাউৰীটোৱে ওপৰৰ পৰা চিঞৰি থাকিল-কা-কা, কা-কা, কা-কা.....

কুচিয়াৰ দাহত পৰি আন মাছ নকটা কৈলাশ দাই অৱশেষত সেই সুবিধা পালে | বেঁকা-বেঁকিকৈ এডাল কুচিয়াৰ পোৱালি আগুৱাই আহিল পোহৰ অভিমূখে | লগে লগে সিও দেৰি নকৰি দাৰ গাদিৰে সোধাই দিলে প্ৰচণ্ড কোব এটা | শব্দতে গম পালো, এইবাৰ মিছা নহয়, কিবা এটা সঁচাকৈয়ে পৰিছে | 
-"পচ্চি ৰ’ ইবাৰ | নপৰি ক’ত যাবি বেটাহঁত ? " - কুচিয়াৰ পোৱালি ডালক আৰু এটি কোৱ সোধাই সি কৈ উঠিল | তাৰ পিছত আৰু অলপ সময়, কিন্তু অলপ সময়ৰ পিছতেই বুজি উঠিলো আজিলৈ আৰু নহব | বৰ বেয়াকৈ মুখথেকেচা খালো আজি | বাৰে বাৰে ঠাই সলনি কৰিছো, পদ্ধতি সলনি কৰিছো, অথচ কোনো পলিচিয়েই কাম দিয়া নাই | অথচ নাও বুৰিলেও টিঙৰপৰা নামিব নোখোজা আমাৰ থু-থূহীয়া মুখ দুখন | মাছৰ সন্ধানত আমি কিমান দূৰ পাইছোগৈ নিজেই নাজানো | অথচ সৰু সৰু পাঁচ-ছয়টা মাছতেই আমি ক্ষান্ত থাকিবলগা হৈছে | সময়ো বহুদূৰ আগবাঢ়িছে | লাহে লাহে বিৰক্ত হবলৈ আৰম্ভ কৰিছো | হঠাতে সন্মুখত এটা ষোল | ডাঙৰ ষোল মাছ | দাখন দাঙিলো | ...জপং..| চব পণ্ড | কৰপৰা জানো ভেকুলীটো জঁপিয়াই পৰিল ! ষোল ককাই পলাই পত্ৰং দিলে | খঙতে ভেকুলীটোকেই ঘাপটো মাৰিলো | নপৰিল | মোক ইতিকিং কৰি সি ষোল ককাইক পলাই লৈ গুছি গ’ল | সেই খেতি পথাৰৰ বনোৱা পকী দেৱালকেইখনে কৰা ইতিকিঙৰ দৰে একেই ইতিকিং | 

বাৰে বাৰে মনটো উভতি গৈছে সৰুতে মাছ মৰা বৈটোৰ তালৈ | আজি সেই বৈ নাই | আছে মাথি এটা সভ্যতাৰ আধাৰশিলা | হয়তো আৰু কেইবছৰমান পিছতেই নিঃশেষ হৈ যাব আমাৰ হেঁপাহৰ থলী এই পথাৰখন | খেতিৰ "আগ তোলা"ৰ আমাৰ আৰু কোনো প্ৰয়োজন নাথাকিব | সময়ো নাথাকিব ভাদ-আহিন মাহৰ পথাৰৰ পাৰাপাৰহীন সেউজীয়া চাবলৈ | আঘোণৰ সোণালী পথাৰলৈ ধান কাটিবলৈ অহা খেতিয়কসকলৰ নাথাকিব কোনো চঞ্চলতা | গৰু-ম’হৰ টিলিঙাৰ শব্দৰ নাবাজিব | খেতি উঠোৱাৰ শেষত পথাৰত থাপনা সাজি দিয়া হৰিধ্ধনিৰ শব্দও শুনা নাযাব | সভ্যতাৰ নামত যান্ত্ৰিকতাই সকলো বিনাশ কৰি পেলাব | আৰু তেতিয়া আমাক আমনি কৰিবহিনে আমাৰ সেই ভাল লগা সময়বোৰে ? 
-"পাইছু ৰ’ | " নাতিদূৰৈৰ পৰা কৈলাশদাই চিঞৰিলে | তাৰ ওচৰ চাপি দেখো বিশ-পশিচটামান ডাঙৰ ডাঙৰ পুথি, কাৱৈ আৰু চেং মাছ | 
-"কাৰ ফাঁচীলেঙী ? " মোৰ বুজিবলৈ অলপো সময় নালাগিল ক’ৰপৰা সি মাছকেইটা গোটালে | 
-" এতে আছিল |"
-"বুল , যাউ | টাইমো বহুত হল কিজানি \ বাৰটামেন বাজবাএ লাগে | "
-"ৰ’ | আমি কুনফালৰপৰা আইছলুনু ? "
-"অতো | চাইৰোফালে পাথাৰেই পথাৰ দেখুন !"
-"আমি এই ফালেদি আইছলুনা ? বুলচুন সিফালেদিয়ে যাই থাকু "
সন্মুখলৈ চাই অবাক হৈ গ’লো | ক’ত আমি এৰি অহা পানৰা ৰিজাৰ্ভ ? ক’তো পাৰেই নাই দেখোন ! ইপিনে হাতত জ্বলি থকা টায়াৰো পুৰি শেষ হৈ আহিছে | 
-"কৈলাশদা, তোৰ টায়াৰডেল নুমো | ৰাস্তা বিচৰোতেহে ইটা আমাৰ অধ্যা ঢুকপ’ | "

মাছৰ চিন্তা বাদ দি এইবাৰ আমি লাগি গ’লো আমাৰ ৰাস্তাৰ সন্ধানত | পাৰাপাৰহীন পথাৰ | তাতে একাঠু পানী | তেনে অৱস্থাত পথাৰৰ মাজত থকা আলিবোৰকে আমি লব লাগিব আমাৰ পথৰ সাৰথি কৰি |

ইপিনে ঘৰত ? নিশা এক বাজিছিল | ঘৰলৈ তেতিয়াও উভতি আহি পোৱা নাছিলো ম‍ই আৰু কৈলাশদা | মাৰ চিন্তা লাহে লাহে বাঢ়ি গৈ আছিল আৰু ঘনে ঘনে পদূলি মুখলৈ আহি হতাশ মনেৰে আকৌ উভতি গৈছিল |

( ক্ৰমশঃ )