Friday, August 31, 2012

ধৰি ল’লোঁ আজি শনিবাৰ



ধৰি ল’লোঁ আজি শনিবাৰ
শনিবাৰে ইয়াত হঁহা বন্ধ
শনিবাৰে ইয়াত হাহাকাৰ কৰা বন্ধ
আনকি শনিবাৰে বন্ধ দেওলীয়াৰ স্বৰ্গযাত্ৰাও।
আজি শনিবাৰ;
ঠিক দেওবাৰৰ আগৰ দিনটো।
আজি ইয়াত পালন কৰা হ’ব নিস্তব্ধতাৰ দিৱস।
ধৰি ল’লোঁ আজি শনিবাৰ
কেই মুহূৰ্তমানৰ বাবে কাৰ্ফিউ আঁতৰাই দিয়া হ’ব
জোৰ কৰি বজাৰ পতা হ’ব
য’ত থাকিব তেজৰ ডোঙাত লেৰেলি যোৱা পাচলি
শিবিৰৰ সন্মুখত দম খাব
চৰকাৰী ভেটা ৰখীয়াৰ দল!
আজি শনিবাৰ
প্ৰত্যাশিত দেওবাৰটোৰ আগৰ শনিবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ,
কাইলৈ দেওবাৰে
ইয়াত ৰজাৰ মেল পতা হ’ব
লাখ লাখ শৰণাৰ্থীক সাধুকথা শুনোৱা হ’ব
দেখুওৱা হ’ব বহু ডাইমেনশ্বনেল ছৱি
সপোন আৰু জীয়াই থকাৰ।
চিকুণাই ৰখা শিবিৰত বিলোৱা হ’ব
এক কেজি চাউল, এপোৱা দাইল
মৃত্যুও থাকিব কাইলৈ বহু দূৰৈত
কিয়নো কাইলৈ শনিবাৰ
ৰজাৰ হাটবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ
কাইলৈ দেওবাৰ
কালিৰ পিছত ইয়াত সপোন নাথাকিব
থাকিব কেৱল বাস্তৱ আৰু জীৱনৰ সংগ্ৰাম
চিকিৎসা শিবিৰত শাৰী পাতিব লাগিব
এটা লেমোফেন অথবা পেৰাচিটামলৰ বাবে
এপোৱা দাইলৰ ভাত হ’ব মহাৰ্ঘ্য
কাৰোবাৰ মৃত্যুত কান্দিবলৈ ইয়াত সময় নাথাকিব
কেকনি-জেকনিও হ’ব জীৱনৰে এক অংশ।
সেই সময়ত ইয়াত কেৱল মনত পেলাব পাৰিব
ৰজাই শুনোৱা সাধুকথাবোৰ।
ধৰি ল’লোঁ ৰজাৰ হাটবাৰক আদৰিবলৈ
আজিয়েই সেই আপদীয়া শনিবাৰ !!

Tuesday, August 7, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-১২

যোৱা এমাহতে বহুত ঘটনা ঘটি গৈছিল| মাছ মৰাৰ পৰা আৰম্ভ হৈছিল খেলিমেলিবোৰ| আৰু যি এবাৰ খেলিমেলি লাগিছিল, সি সমাধা হোৱাৰ নামেই লব খোজা নাছিল| কেতিয়াবা যদি এটা সমস্যাই মূৰ-সোলোকা দিছিল, আন এটাই আহি গবা মাৰি ধৰিছিল-ঠিক কাবাদী খেলৰ নিচিনাই| আৰু এতিয়া যিটো সমস্যাই লগ দিছেহি সিয়েই মোক খুলি খুলি খাবলৈ যথেষ্ট| দুৰ্বিসহ সেই যাতনা | .... দহ বছৰ... পূৰাপুৰি দহ বছৰ কবৰস্থিত হৈ আছিল যন্ত্ৰণাবোৰ... আৰু হঠাত্‍ আজি মাম্মী হৈ ওলাই আহিল হাস্পতালৰ বাটচ’ৰাত|

বৰ ভাগৰ লাগি গৈছিল| সমাজৰ এটা মাত্ৰ অন্ধবিশ্বাসৰ বিপৰীতে মাত মাতি ম‍ই থকাসৰকা হৈ গৈছিলো| বহুদিনৰ মূৰত ঘৰলৈ আহিছিলো| ভাৱিছিলো, অলপ জিৰণি লম| অন্ততঃ কেইদিনমান শান্তিত কটাম| আৰু ইয়ালৈ আহি যিখিনি হৈ গ’ল, সেইখিনিয়েই মোক ভাগৰুৱা কৰি তুলিলে| ম‍ই জিকি গ’লো, কোনোৱা হাৰি গ’ল| কিন্তু এই জয়লাভে মোক কি দিলে ম‍ই গমকেই নাপালো| 
 
হাস্পতালৰ পৰা অহাৰ পিছত দুদিন ধৰি ঘৰতে সোমাই থাকিলো| কলৈকো ওলাই যাবৰ মনেই নগ’ল| তিনিসপ্তাহ হাস্পতালত ভূত আঁতৰোৱাৰ বাবে কৰা নেৰানেপেৰা চেষ্টাত কৈলাশ দা সুস্থ হৈ আহিছিল| আৰু তাৰ লগত লাগি থাকোতে পাহৰিয়েই গৈছিলো ঘৰ আৰু ঘৰৰ খবৰ| কৈলাশদাক হাস্পতাললৈ অনাৰ পিছত যিদিনা খবৰ লবলৈ আহিছিলো, সিদিনাই ভাৱিছিলো, দয়াল কাৰ ওচৰলৈ যাম| কিন্তু এই ভাগৰটোৱে মোক সেইটো‍ও পাহৰাই পেলালে| কাৰো লগতেই কথা পাতিবলৈ মন নগ’ল| অগত্যা নকলে নোহোৱা দুই-এষাৰ কথাৰ বাহিৰে অৱহেলা কৰি গ’লো সকলোকে| নিকুৱে আহি মাজে মাজে আমনি দিছিলহি যদিও মোৰ পৰা পাট্টা নোপোৱাত সিও লাহে লাহে পৰা আঁতৰি থাকিল| সকলোৰে পৰা আঁতৰত, সকলোকে নিলগত ৰখাই ম‍ই যেন মোৰ বাবে সময় উলিয়াই ল’লো| কবৰ খান্দিবলৈ| হৃদয়ৰ কবৰত সমাধিস্থ সময়বোৰ চাবলৈ বৰ মন গৈছিল মোৰ| চাবলৈ মন গৈছিল, সেই সমাধিত শুই থকা আলসুৱা সেই আত্মা আজিও আছেনে ! আলোছায়াই খেদি ফুৰিব ধৰিছিল মোক| শুব পৰা নাছিলো, খাব পৰা নাছিলো, কেৱল সেই অৱয়বেই বেৰি ৰাখিছিল মোক.. হাস্পতালৰ সন্মুখত যি অৱয়ব দেখি কিছুসময়ৰ বাবে স্তব্ধ হৈ গৈছিল মোৰ হৃদ্‍স্পন্দন..|

বুধবাৰ আছিল সিদিনা| বৰষুণ ইতিমধ্যে কমি ফটফটীয়া হৈ আছিল আকাশ | জোন নাছিল যদিও তৰাবোৰে আনন্দত মতলীয়া হৈ আছিল|  চোতালত ঢাৰি এখন পাৰি গাৰু এটা লৈ দেউতা শুই আছিল| ভাত ৰন্ধাৰ মাজতে সময় পালে ঢাৰিখনৰ একাষে মুঢ়া এটাত বহি মায়ে বিচনী চলাই আছিল| কাষত বাজি আছিল আমাৰ সাতামপুৰুষীয়া সেই ফিলিপছ ৰেডিঅ’টো| কিবা এখন নাটক চলি আছিল| নীলু চক্ৰৱৰ্তীৰ গলগলীয়া কণ্ঠই যেন গোমা কৰি পেলাইছিল পৰিৱেশ| ম‍ই কাপোৰৰ আৰামী চকীখনত বহি আকাশলৈ চাই আছিলো| মোৰ প্ৰিয় আকাশ| যিয়ে মোক বিশালতা কি শিকাইছিল| আৰু আজি ! ক’লৈ গ’ল সেই বিশালতা উপলব্ধি কৰিব পৰা সময়বোৰ, সাহসবোৰ! আকাশৰ গভীৰতালৈ দৃষ্টি নিক্ষেপ কৰিছিলো আৰু যিমানে গভীৰতালৈ সোমাই গৈ আছিল সেই দৃষ্টি, স্মৃতিয়েও খুলি দি গৈছিল প্ৰতিটো মূহুৰ্তৰ কথাবোৰ| ক’ত লগ পাইছিলো..ক’ত লগ পাইছিলো? কলেজত? বজাৰত.. নে ক’ত? নে অ’ডিটৰিয়ামত? অ’ডিট’ৰিয়ামত| হয় অ’ডিট’ৰিয়ামতেই| বজালী কলেজ অ’ডিট’ৰিয়ামত| ফেছমেন ছ’ছিয়েল আছিল সিদিনা..... সেই দিনৰ পৰাই আলোছায়া মোৰ বাবে হৈ পৰিছিল "আলোছায়া" আৰু...
-"অ’ হিতু দা, মোক ত‍ই ব’য়া পাইছা?" সকলো ভাৱনাৰ অন্ত পেলাই থতমত খাই মোৰ ওচৰতে থিয় দি থকা নি্কুলৈ চালো| অপৰাধী অপৰাধী ভাৱেৰে মোৰ ওচৰতে সেমেনা সেমেনিকৈ থিয় হৈ আছিল সি| ম‍ই তাক কোলাত উঠাই ল’লো|
-"আকাশত কি চাই আছ্‌লি?"
-"সেই তাৰাকেটা|" মিচিকিয়াই হাঁহি তাক সপ্তৰ্ষিমণ্ডললৈ বুলি দেখুৱাই ক’লো| 
-"সেই তাৰাকেটাৰ কি নাম ক’চুন|"

এৰা! কি নাম আছিল জানো! আগবাঢ়ি থকা তিনিটা তৰাৰ মাজৰটোৰ লগত থকাটোৰ নামহে মনত পৰিল| "অৰুন্ধতী"| সদায় তেওঁ দেৱজ্ঞান কৰা মুনিবৰৰ লগতহে আছিল অৰুন্ধতী| অৰুন্ধতী বৰ আদৰ্শৰ আছিল আলোছায়াৰ| অৰুন্ধতীক লৈ কিমান কথাযে কৈছিল তাই...
-"কি হ’লনু| ইমান ডাঙাৰ হৱৰ পাছতো ইমান ভাৱবা লাগে?" 
-"পাৰহিয়ে গেইছু ৰ’|"
-"ম‍ই ক‍উ?"
-"ক’|"- নিকুৱে হয়তো কব সপ্তৰ্ষিমণ্ডলৰ নামবোৰ| কিন্তু সি কব পাৰিবনে অৰুন্ধতীৰ কথা? এবাৰ আকাশলৈ চালো| অৰুন্ধতীয়ে মোলৈ চাই হাঁহি আছিল| ঠিক আলোছায়াৰ দৰেই.... মোক জোকাই, মোৰ খং উঠাই যিদৰে আলোছায়াই হাঁহি উঠিছিল, ঠিক তেনেদৰে..... 


(ক্ৰমশঃ)