Wednesday, January 30, 2013

মানবীয়তাৰ তুলাচনীত বৈচিত্ৰ্যময় অসমীয়া সংগ্ৰামী সত্বা



অসম এখন বৈচিত্ৰময় ৰাজ্য। ইয়াৰ প্ৰাকৃতিক বৈচিত্ৰ্যই দেশী বিদেশী বহুতো পৰ্য্যতক তথা বুদ্ধিজীৱিক সন্মোহিত কৰিছে। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যদি চোৱা যায়, প্ৰতি দহ কিলোমিটাৰৰ মূৰে মূৰে ভাষাৰ পৰিবৰ্তন দেখা যায়। উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ এই ভাষিক পৰিৱৰ্তনো অসমৰ এক বৈচিত্ৰ্যৰেই নাম। জাতি-জনগোষ্ঠীৰ ফালৰ পৰাও একেই ঘটনা দেখা যায়। অসময় ইতিহাস খুচৰিলে দেখা যাব ইয়াৰ বুৰঞ্জীৰ ধাৰা ক’ৰ পৰা কলৈ বৈ গৈছে। ইয়াতো সেই একেই বৈচিত্ৰ্য দেখা যায়। ৱিকিপিডিয়া বা বিশ্বকোষত প্ৰতিখন জিলা বা মহকুমাৰ ইতিহাস পঢ়িলে সেয়া সকলোৱে গম পাবই।

অসমৰ এই বৈচিত্ৰ্যসমূহ আমি কম বেছি পৰিমাণে সকলোৱেই জানো। কিন্তু আজিৰ এই লেখাৰ উদ্দেশ্য ওপৰোক্ত বৈচিত্ৰ্যসমূহ নহয়। এক সুকীয়া ক্ষেত্ৰত আমি এবাৰ অসমৰ বৈচিত্ৰ্যক বিচাৰি চাব খুজিছোঁ। সেয়া হৈছে-সংগ্ৰামী সত্বাত অসমৰ বৈচিত্ৰ্য।

সংগ্ৰামী সত্বা বহু ধৰণৰ হব পাৰে। তাৰে ভিতৰত আমাৰ মনলৈ যিটো প্ৰথমে আহে সেয়া হৈছে আজিৰ উগ্ৰপন্থা। সেই বিষয়টোকে আমি আজিৰ আলোচনাৰ বিষয় হিচাপে লব খুজিছোঁ। 

অসমত উগ্ৰপন্থা বা তেনে ধৰণৰ সংগ্ৰামৰ ইতিহাস চালে আমি অখণ্ড অসমলৈ ঘূৰি যাব লাগিব। মৃণাল তালুকদাৰৰ ‘মৌতম’ আৰু মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ ‘আলফা’ কিতাপ দুখন পঢ়িলে গম পোৱা যায় অসমত সংগ্ৰামী সত্বাৰ সূতাডাল কিমান দীঘল। সাতভনী একেখন অসম হৈ থকাৰ পৰাই অসমত সংগ্ৰামী সত্বাৰ জন্ম হৈছিল আৰু এই সংগ্ৰামৰ প্ৰধান কাৰণ আছিল শাসকসকলৰ অৱহেলা তথা শোষন। নগালেণ্ডৰ পৰা মিজোৰামলৈ, মিজোৰামৰ পৰা ত্ৰিপুৰালৈ, ত্ৰিপুৰাৰ পৰা আজিৰ অসমলৈ, এনেদৰেই বৈ গৈছিল এই সংগ্ৰামৰ সোঁত। এনেকৈয়েই উত্তৰ পূৰ্বাঞ্চল হৈ পৰিছিল ৰজাঘৰীয়াৰ ভাষাত ‘উগ্ৰপন্থী’ নামৰ সংগ্ৰামী সত্বাৰ ৰামৰাজ্য। ইয়াতো আছিল বৈচিত্ৰ্য। প্ৰতিটো অঞ্চলৰ বাবে সুকীয়াকৈ সংগ্ৰামৰ বাবে একত্ৰিত হৈ গঠিত হৈছিল বহুতো সংগ্ৰামী দল বা প্ৰতিষ্ঠান। প্ৰতিটো দলৰে ৰণসজ্জা আছিল সুকীয়া। ৰণনীতি আছিল ভিন্ন। কোনোবা দলে যদি স্বায়ত্ব শাসনৰ বাবে হাতত অস্ত্ৰ তুলি লৈছিল, কোনোবাটো দলে আকৌ চৰকাৰৰ শোষনৰ বিৰুদ্ধে যুঁজ দিবলৈ অংগীকাৰবদ্ধ হৈছিল। ইতিহাসৰ পম খেদি কোনোবা দলে যদি স্বাধীনতাৰ সপোন লৈ চিৰদিন আৰণ্যক জীৱন কটাবলৈ কুণ্ঠাবোধ কৰা নাছিল, কোনোবা দলে আকৌ ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত ধৰ্মযুদ্ধৰ অৱতাৰণা কৰিবলৈ বিচাৰিছিল। ইয়াতো আছিল বৈচিত্ৰ্য। কিন্তু এই বৈচিত্ৰ্যৰ মাজতো যেন আছিল সহযোগিতাৰ এডাল সৰলৰেখা। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অৰণ্যৰে ভৰা পৰিৱেশত অগ্ৰজ সংগ্ৰামী দল এটাই প্ৰাৰম্ভিক প্ৰশিক্ষণ দিছিল নতুনকৈ জন্ম লাভ কৰা দল এটাক; লাগিলে দুয়োটা দলৰ উদ্দেশ্য ভিন্নয়েই নহওক কিয়। ‘মৌতম’ কিতাপখন পঢ়িলেই এই কথা ভালদৰে বুজিব পাৰি।

সংগ্ৰামৰ এনেকুৱা পথত কোনোবা দলে যদি কিছুদূৰলৈ সাৱধানে আগুৱায়ো গৈছে, কিছুমানে বা প্ৰথম খোজতে মুখ থেকেচা খাইছে। কোনোবা দলে আকৌ ৰাজ বিদ্ৰোহৰ অপৰাধত লাভ কৰিছে ‘নিষিদ্ধ’ আখ্যা। কোনোবাটো সংগঠন আকৌ জন্মিয়েই মৃত্যুবৰণ কৰিব লগা হৈছে। মৃত্যু-জৰা সকলোবোৰ যেন এই সংগ্ৰামী সকলৰ জীৱনৰ এক অংগ হৈ পৰিছে। তথাপি বুকুত তেওঁলোকৰ আশা, সপোন জানোচা সোনকালে দিঠক হয়েই। এই সংগ্ৰামৰ পথ কণ্টকপূৰ্ণ বুলি জানিও মৰণত শৰণ দি এই সংগ্ৰামীসকলে ঢাপলি মেলিছে দেশ আৰু সমাজৰ স্বাৰ্থত। তথাপি যেন তেওঁলোক ‘সংগ্ৰামী’ নহয়। আমাৰ বাবে তেওঁলোকৰ পৰিচয় এটাই-আতংকবাদী তেওঁলোক। তেওঁলোকৰ বাবে আমাৰ জিভায়ো উচ্চাৰণ কৰিব নোখোজে ‘সংগ্ৰামী’ শব্দ।

এনে সংগ্ৰামীবোৰৰ প্ৰায় প্ৰতিটো কামেই বিতৰ্কিত হয়। তেওঁলোকক ‘বিষয়’ হিচাপে লৈ লিখা নহয় কোনো লেখা। সংগ্ৰামীসকল মাথোঁ হৈ পৰে ‘সংগ্ৰাম’ক লৈ লিখা লেখাৰ ‘ভিলেইন’। মানৱীয় দৃষ্টি এই সংগ্ৰামীবোৰৰ ওপৰত কেতিয়াও নপৰে। এনেদৰে কেইটামান দিন বা মাহ বা বৰ্ষ পাৰ হৈ গৈ থাকোতে কোনোবাৰ মৃত্যু হয় ৰোগ-ব্যাধিত, কোনোবা আকৌ শেষ নিশ্বাস ত্যাগ কৰে খাবলৈ নাপাই আৰু বেছিভাগৰে মৃত্যু হয় গুলীত-কেতিয়াবা পুলিছ-মিলিটেৰীৰ গুলীত, কেতিয়াবা আন কোনো সংগ্ৰামীৰ গুলীত অথবা শত্ৰুৰ গুলীত। তাৰ পিছতো তেওঁলোকক বিচাৰ কৰা নহয় মনৱীয় বিচাৰধাৰাৰে। তেওঁলোক একেই হৈ থাকে-সংগ্ৰামক বিষয় হিচাপে লৈ লিখা বা প্ৰস্তুত কৰা লেখা-চিনেমাৰ ‘ভিলেইন’।
আলফাৰ স্বাধীনতা ফুকনৰ কথাকেই ধৰো বাৰু। কবিৰঞ্জনৰ নামত থকা কেবাটাও কালজয়ী কবিতা পঢ়ি আপ্লুত হৈছিলো। কিন্তু গম পোৱা নাছিলো, স্বাধীনতা ফুকনেই যে আছিল সেই কবিৰঞ্জন। আৰু যিদিনা গম পাইছিলো, সিদিনা কবিৰঞ্জন মাথোঁ আছিল পেপাৰৰ হেডলাইনত-“পুলিছৰ গুলীত নিহত স্বাধীনতা’। তাৰ পিছত বিভিন্ন কাগজে পত্ৰই মাজে মধ্যে পঢ়িবলৈ পাইছিলো তেওঁৰ কথা, শুনিবলৈ পাইছিলো। কিন্তু সেই আলোচনাত তেওঁৰ মৃত্যুত ভংগ হোৱা মানৱ অধিকাৰে ঠাই পোৱা নাছিল। ঠাই পোৱা নাছিল তেওঁৰ হৃদয়ৰ সৌন্দৰ্য্যখিনিয়ে। আমি আজিও তেওঁক সংগ্ৰামী বুলি কবলৈ সংকোচ কৰো। এজন বন্দুক-পিষ্টল লৈ ফুৰা ‘মানুহ মাৰি ফুৰা’ উগ্ৰপন্থীয়েই হৈ ৰ’ল তেওঁ। কবিৰঞ্জন এটা উদাহৰণ মাত্ৰ। সংগ্ৰামীসকলক বিষয় হিচাপে লিখিবলৈ গৈ তথ্য বিচাৰি গ’লে এনেকুৱা কিমান যে সংগ্ৰামীৰ নাম ওলাব, তাৰ হিচাপ নোলাব।

‘গনমঞ্চ’। সৰুতে পঢ়ি থাকোতেই শুনিছিলো। পাঠশালাত এটা পৰিচিত নাম আছিল। ইয়াৰ বিষয়ে বিশেষ একো জনা নাছিলো। মাথোঁ শুনিছিলো ইয়াৰ প্ৰধানজনৰ নাম। তেওঁ আছিল লাচিত ৰয়। মই পঢ়া বিদ্যালয়ৰ পৰাই হেনো এটা সময়ত কোনোবা এটা স্থান লৈ মেট্ৰিক পাছ কৰিছিল। সকলোৱে কোৱা শুনিছিলো, বৰ অমায়িক আছিল হেনো তেওঁ। বৰ ধুনীয়া বাঁহী বজাইছিল। বাঁহৰ কাম কৰি সকলোকে চক খুৱাই দিছিল। মাজে মধ্যে ডাঙৰসকলৰ মুখত ইটো-সিটো শুনি ধাৰণা কৰিছিলো, গণমঞ্চও আছিল এটা সংগ্ৰামী সংগঠনেই। আজিও ইমানখিনিয়েই জানো। হঠাতে এদিন শুনিলো, লাচিত ৰয় পুলিছৰ গুলীত ঢ়ুকাল। তাৰ পিছত শৱদেহ চাবলৈ লৱৰি গৈছিলো তিনি কিঃমিঃ আঁতৰত থকা তেওঁলোকৰ ঘৰলৈ। কিন্তু তাতো যি শুনিছিলো, সেয়াও আছিল মানৱীয়তাৰ অৱক্ষয়ৰেই এক উদাহৰণ আছিল মাথো। মৃত্যুৰ পিছতো হেনো অত্যাচাৰ কৰা হৈছিল তেওঁৰ শৱদেহৰ ওপৰত। আৰু তেনেকুৱা বহুতো।  

উগ্ৰপন্থী বুলি ক’লেও মানৱীয়তাৰ পৰা জানো তেওঁলোকক আঁতৰাই ৰখাটো উচিত হব? মানৱীয় চিন্তাধাৰাৰ পৰা তেওঁলোকৰ উগ্ৰপন্থাক বাদ দিও আমি বিবেচনা কৰিব নোৱাৰোনে সংগ্ৰামী জীৱনটোক। ইয়াকে কৰিবলৈ আমিতো বহুত একো কৰিব নালাগে। তেওঁলোকৰ বাবে একলমতো লিখিব পাৰো, গাব পাৰো তেওঁলোকে লিখা গান। অন্য কবিতাৰ দৰে আমি কিয় পঢ়িব নোৱাৰো তেওঁলোকে লিখা কবিতা, অথবা অন্য ৰোগীৰ দৰে কিয় পৰিচৰ্য্যা কৰিব নোৱাৰো তেওঁলোকৰ ৰুগীয়া শৰীৰক। সংগ্ৰামী আদৰ্শ নজনাকৈও বা তাৰে লগত সংগত নোহোৱাকৈও কেৱল মানৱীয় দৃষ্টিভংগীৰে সমাধা কৰিব নোৱাৰোনে তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত ঘটা স্খলন? সকলো ক্ষেত্ৰতে বৈচিত্ৰ্যপূৰ্ণ আমাৰ অসমীয়া সভ্যতা সেই সময়ত ক’লৈ যায়, যেতিয়া সংগ্ৰামী সত্বাসমূহৰ বৈচিত্ৰ্যখিনি আমি বিবেচনা কৰিবা লগা হয় ? মানৱীয় দৃষ্টিভংগীৰ আলমত কিহৰ বাবে সংগ্ৰামী বৈচিত্ৰ্যৰ দৌৰ ইয়াতেই স্তব্ধ হৈ পৰে?

Tuesday, January 15, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৪(২য় অধ্যায়)

কলেজ ৱিক আহিছে। বজালী কলেজৰ চৌহদ উখল-মাখল হৈ পৰিছে। নৱাগত সকলৰ মনলৈ সাহ আহিব ধৰিছে। কলেজ ৱিকৰ শেষৰদিনা হব লগা নৱাগত আদৰণি সভাৰ দিনাখনেই চিনাকি পৰ্বৰ নামত চলি অহা ৰেগিঙবোৰ। অৱশ্যে এইবাৰ ৰেগিং হোৱা নাই বুলিয়েই কব পাৰি যদিও দুই-এজনে বদমাচী নকৰা নহয়। মোৰ ক্ষেত্ৰত ঘটি যোৱা ঘটনাটোৱে মোক বাবে বাৰে মানি নলবলৈ বাধ্য কৰাইছে যে ৰেগিং বন্ধ হৈছে। তথাপিও আগৰ দৰে কৰ্ত্তৃপক্ষ ৰেগিঙৰ বাবে চিন্তিত হব লগা হোৱা নাই। 

যোৱা তিনিদিন ধৰি মই কলেজলৈ যাব পৰা নাই। ঘৰুৱা লেঠা, গা বেয়া আদি পয়মালৰ বাবেই ক্লাছবোৰ মিছ কৰিছোঁ। আচলতে সেয়া প্ৰকৃত পয়মাল নে মোৰ অজুহাতহে নাজানো। কিন্তু সেইদিনা পূৱালী আৰু আলোছায়াৰ লগত হৈ যোৱা ঘটনাৰ পিছত কিবা ভাল নলগা হৈ আহিছে। 

পূৱালীহঁতক তেনেকৈ এৰি মই গুছি আহিছিলো। সেই সময়ত মই ভৰি আছিলো পূৰ্ণ খঙত। বাকী থকা সময়খিনি ক্লাছত কাৰো লগত কথা পতা নাছিলো। পূৱালীয়ে এবাৰ ওচৰলৈ আহিছিল। কিন্তু কিবা কব পৰা দূৰত্ব পোৱাৰ আগতেই মই আঁতৰি গৈছিলো। তাইৰ লগত কথা পতাৰ ইচ্ছা মোৰ নাছিল। আৰু ক্লাছ শেষ হোৱাৰ লগে লগে কলেজৰ চৌহদত থকা ইউকেলিপ্তাছজোপাত আওজাই থোৱা চাইকেলখন লৈ মই আঁতৰি গৈছিলো। সিদিনাই আছিল শেষ। গোটেই ৰাস্তা মই ভাবিছিলো, কি হৈ গ'ল ! কোন ভুল? মই নে সিহঁত? মোৰ সৰলতা নে সিহঁতৰ চাতুৰ্যতা। ৰেগিং খাই অহাৰ পিছৰেপৰা আলোছায়াক প্ৰতি মোৰ এটা ভাল ধাৰণা জন্মিছিল। আৰু একেদিনাই শেষ কৰি দিলে সেই ধাৰণা ! আৰু পূৱালী? তাইকতো মোৰ ভাল বন্ধু বুলিয়েই ভাবিছিলো। তেন্তে কিয়, কিয় তাই তেনেকুৱাখন কৰিলে ! সহজ-সৰলভাৱে সকলোৰে লগত মিলিব যোৱটোৱে মোৰ দোষ আছিল নেকি? নে দোষ মোৰহে আছিল !! ৰেগিঙৰ সময়ত মই ধৰিব পাৰিব লাগিছিল যে সিহঁত মোৰ চিনিয়ৰ নহয়। অথচ মই সিহঁতক চিনিবই নোৱাৰিলো ! আৰু সেই কথাটো জনাৰ পিছত মই অযথা খং কৰা নাই নাইনে ! অযথা নহয়নো কি? নহ'লে ইমানকেইজনৰ মাজত মাত্ৰ এজন বা দুজনকহে দোষাৰোপ কৰোনে ! পূৱালী আৰু আলোছায়াই চাগে' সকলোৰে আগত কথাখিনি ক'লে লাজ পাম বুলিয়েই আচহুৱা ঠাইখিনিলৈ মাতি নি কৈছিল। আৰু আগ-গুৰ নভৱাকৈ উচাৎ মাৰি মই গুছি আহিলো ! প্ৰচণ্ড আত্মকন্দলত ভুগিছিলো মই। গোটেই ৰাতি শুব পৰা নাছিলো। বাৰে বাৰে ৰেগিঙৰ পৰা আৰম্ভ হৈ মই উচাৎ মাৰি গুছি অহালৈ কথাখিনিয়ে মোৰ টোপনিক মোৰ পৰা আঁতৰাই লৈ গৈছিল। আৰু পিছদিনা পুৱাই.....

অঘটনটো ঘটিছিল দেউতা ৰাতিপুৱাই বাৰীলৈ যাওতে। ঘৰৰ পিছপিনে থকা প্ৰকাণ্ড তামোল বাৰীখনৰ একেবাৰে শেষৰফালে অকস্মাতে দেউতাই দেখিছিল, মেছিনৰ নিছিনা বস্তু এটা মাটিত সযতনে থোৱা আছে। ফেনৰ ৰেগুলেটৰৰ সমান মেছিনটোৰ এখালে সামান্য জোৰেৰে মাটিত লগাই থোৱা আছে এণ্টেনা এডাল। মেছিনটোৰ ওপৰৰ চোক এটাৰ পৰা পেৰাচুটৰ লেখীয়া সৰু স্বচ্ছ তাঁৰ এডাল আন তামোল গছ এজোপাত মেৰিয়াই ওচৰতে থকা আম গছ এজোপাৰ ডাল এটাত ৰবৰ শ্বীটেৰে মেৰিয়াই মেৰিয়াই বন্ধা আছে। দেউতাই মেছিনটো ভালকৈ চালে। কিন্তু চুই চাবলৈ ভয় কৰিলে। কি ঠিক কিবা বোমা-চোমায়েই বা। দেউতাই বাৰীৰ পৰা আহি আমাক কোৱাত সকলোৰে হুৱা-দুৱা লাগিল। লাহে লাহে কথাটো ওচৰ চুবুৰীয়াৰো কাণত পৰিল। সকলোৱে দূৰৈৰ পৰা জুমি জুমি চাবলৈ লাগি গ'ল। তাৰে লগে লগে চলি থাকিল কথাৰ মেৰপাকবোৰ। কোনোবাই ক'লে এয়া বিশ্বযুদ্ধৰ সময়ৰ বোমা, কোনোবাই ক'লে কোনো বিদেশী চোৰাংচোৱা সংস্থাৰ ওয়াৰলেছ জাতীয় তথ্য সংগ্ৰহকাৰী মেছিন। কোনোবাই আকৌ যুদ্ধ জাহাজত কঢ়িয়াই নিয়া বোমা আদিৰ লগত ইয়াৰ সাদৃশ্য আছে বুলিও ক'লে যেন তেওঁ এজন বায়ুসেনাহে। মুঠৰ ওপৰত ভিৰ বাঢ়ি বাঢ়ি পাৰাপাৰাহীন অৱস্থা পালে। ওচৰৰে অনন্ত খুৰাই যন্ত্ৰটোৰ চাৰিওপিনে মানুহ ওচৰ চাপিব নোৱাৰাকৈ ৰচীৰে ঘেৰ সাজি দিলে। গোটেই গাঁৱতে হুৱাদুৱা লাগিল। কোনোবাই যদি কি বস্তু বুলি চাবলৈ আহিল, কোনোবাই আকৌ বোমা ফুটিব লাগিলে মৰিব লাগিব বুলি আমাৰ ঘৰৰ ওচৰলৈও নাহিল। পুলিছক খবৰ দিয়া হ'ল আৰু ৪-৫ ঘণ্টামান পিছত 'যথাসময়ত' পুলিছ আহিল। প্ৰাথমিক পৰীক্ষাৰ পিছত পুলিছে ওয়াৰলেছ, বোম্ব স্কোৱাদৰ সহায় লব লগা হ'ল। ৰেডিঅ' অপাৰেটৰে সেয়া ৰেডিঅ' চেট নহয় বুলি, বোম্ব স্কোৱাডে বোমা নহয় বুলি জনোৱাৰ পিছত যেনিবা পুলিছে সেইটো খুলি কঢ়িয়াই লৈ গ'ল। গোটেই নাটকখন শেষ হোৱালৈ সন্ধিয়া ছয়মান বাজিল। তাৰ পিছদিনাখন গ'ল পুলিছ থানালৈ দোৰা দৌৰি কৰোতে। কি বস্তু, ক'ত পাইছিল ইত্যাদি ইত্যাদি ষ্টেটমেন্ট দিওতে দিওতে সেইদিনাখনো পাৰ হৈ গ'ল। কিন্তু তাৰ পিছতো কলেজলৈ যাবলৈ মোৰ ইচ্ছা নগ'ল। এই দুই দিন ধৰি পাহৰি থকা বেমাৰটোৱে আকৌ উক দিলেহি। মোৰ নিজৰে যথেষ্ট ভাগৰুৱা যেন লাগিল। দেহৰ ভাগৰক জীপাল কৰি তুলিলে মনৰ ভাগৰে। এক অবুজ অভিমানত মই আকোৰগোজ হৈ ৰলো। মনৰ ভিতৰৰ যুদ্ধখনত বাৰে বাৰে মোৰ পৰাজয় হৈ গৈছিল। তথাপিও লাজৰ ভয়ে মোক অভিমানী কৰি তুলিছিল। পূৱালীৰ ওচৰত সেউ অভিমানৰ হয়তো মূল্য আছিল। ইমানদিনে গঠন হোৱা বন্ধুত্বৰ সম্পৰ্কই সেই অধিকাৰকণ মোক দিছিল। কিন্তু আলোছায়াৰ ওচৰত? তাইকতো মই সিদিনা দ্বিতীয় দিনৰ বাবে লগ পাইছিলো। তেন্তে? অভিমানী মনে হয়তো তাইকো আপোন কৰিয়েই লৈছিল।

তিনিদিন ক্লাছ নকৰি যিদিনা ঘৰৰপৰা ওলাই গৈছিলো, সেইদিনা কলেজ ৱিক আৰম্ভ হৈ গৈছিল। কলেজৰ চৌহদত ভৰি থোৱাৰ বিপৰীতে সিদিনা আড্ডা পাতিছিলো হিতেনৰ দোকানত, যাক বহুতে চাৰি-এন বুলিও মাতিছিল। কাৰণটোও আছিল আমোদজনক। আমি চাৰিজন হিতেন তাত লগ হৈ প্ৰায়ে আড্ডা পাতিছিলো। হিতেন পি.চি.অ'। ডব্লিউ এল এল ফোনৰ বাবে নিৰ্ভৰযোগ্য এই দোকানখন আছিল আন এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। চাৰিজন হিতেনৰ যিকোনো এজন হিতেনলৈ বাৰ্তা পঠোৱাৰ বাবে।

তেতিয়া দুপৰীয়া বাৰমান বাজিছিল। হঠাতে ফোনটো বাজি উঠিছিল। ভ্ৰাতৃসদৃশ বন্ধু হিতেনে ফোনটো তুলি ধৰিছিল-'হেল্ল'
-...
-"কি ? কিত্তে?"
-...
-"সি এইমাত্ৰ এৰে পৰা গেল দেখুন।"
-...
"আহুন দুটা এতে আছে।"
-....
-"নহে। বুনগাঁউ আৰ' বৰগাণ্ডুবীৰটুহে আছে"
-....
-"তই এটা কাম কৰ। তাক ইমিডিয়েট হস্পিতেলক লগি লৈ যা, আমি তাকে লগি যাই আছু"
-...
-"অ', ঠিক আছে।"-বুলি কৈ সি ফোনটো থৈয়েই থিয় হ'ল। 
-"সইখেৰ এক্সিডেণ্ট হৈছি। বৰ হিতেন, তই থাক, হিতু আৰ মই হস্পিটেলৰ পৰা আহুং।"- আমাৰ মাজতে চিনাক্তকৰণত সহায়ৰ বাবে দি লোৱা নামকেটাৰে সি বঢ়িয়াকৈ বুজাই দি একেকোবে বাৰান্দা পালেহি। আৰু অলপো পলম নকৰি আমি চাইকেলত জাপ মাৰি উঠিলো।