Tuesday, May 14, 2013

প্ৰধানমন্ত্ৰী মহোদয়, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব....



(২০ এপ্ৰিল, ২০১২ চনত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ লিখা "প্ৰধানমন্ত্ৰী, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব...." শীৰ্ষক লেখাৰ আলমত আৰু বৰ্তমান ৰাষ্ট্ৰপতি আৰু আহিব লগা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত লিখা প্ৰবন্ধৰ পৰিবৰ্ধৰ্ত ৰূপ)

দিনাংক ২০ এপ্ৰিল, ২০১২ চন। এফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনফালে আলফাৰ ১২ ঘণ্টীয়া অসম বন্ধ। লগতে ৰাইজলৈ সাৱধান হোৱাৰ বাবে সকিয়নী।
প্ৰথম দৃশ্যঃ
..... দিনাংক ১৯ এপ্ৰিল। স্থান চহৰৰ এটা ব্যস্ত ব্যৱসায়িক এলেকা। সময় সন্ধিয়া ৮.৩০ বজাত। কাপোৰৰ ডাঙৰ দোকান এখনত সোমাইছোঁ। উদ্দেশ্য লগৰজনে ভাল কাপোৰ এযোৰ লব। সি চাই আছে যদিও পচন্দ হোৱা নাই আৰু ম‍ই মেনেজাৰৰ কাষৰ টেবুলখনত ভেজা দি থিয় হৈ আছোঁ। এনেতে ভদ্ৰলোক দুজন আগুৱাই আহি সুধিলে –“দাদা, কালি দোকান খুলিবনে?” মেনেজাৰে বুধিদীপ্তভাৱে কলে-“চাওঁচোন। ‘উলফা’ৰ বন্ধ আছে নহয়’। তথাপি ওচৰৰ দোকানকেইখন খুলিলে খুলিম।”
-“শুনক, দোকান খুলিব, বুজিছে। নহলে পাচত দিগদাৰিও পাব পাৰে।” ....
এৰা, পিছদিনাখন অসম বন্ধ। কাৰণ অসমলৈ প্ৰধানমন্ত্ৰী আহিব। ইফালে আগতেই কৈ থৈছে, অসম বন্ধত বাহিৰলৈ নোলাব, দিগদাৰি পাব পাৰে। এতিয়া এজনে আহি কৈছে, দোকান খুলিব, নহ’লে পাচত দিগদাৰিও পাব পাৰে।
দ্বিতীয় দৃশ্যঃ
.... দিনাংক ২০ এপ্ৰিল। সময় ৰাতিপুৱা ৭.৩৫। স্থান ৰাজধানী চহৰৰ নিকটৱৰ্ত্তী এটা আবাসিক এলেকা। কান্ধত মোনাখন লৈ অফিচলৈ বুলি ওলাই আহিছোঁ। এজন বৃদ্ধ ৰৈ আছে; ৰিক্সাৰ বাবে। হাতত তেওঁৰ এটা টিফিন বক্স। যোৱা কেবাবছৰৰপৰা থকা হেতুকে দেখিলে ‘হাই-হেলো’ ধৰণৰ চিনাকি আছে। এজন পংগু মাতৃহীন সন্তানৰ পিতৃ তেওঁ। এই আবাসিক এলেকাতেই থাকে। দেখি সুধিলো-"বৰতা, ইমান ৰাতিপুৱাই ক’লৈনো ওলাইছে?" তেওঁ হতাশভাৱে উত্তৰ দিলে-"হাস্পতাললৈ। মোৰ ভতিজা লৰাটো যোৱাকালি এক্সিডেণ্ট হৈ ইয়াতে আছেহি। দালি-ভাত অলপ লৈ যাম বুলি ভাৱিছিলোঁ..পাছে ৰিক্সায়েই নাই দেখোন।"….
কিছুমান মানুহৰ বাবে ৰিক্সা এখন যে কিমান দৰকাৰী, সেয়া পৰিস্থিতিতহে গম পোৱা যায়। হাউলি হাউলি তেওঁ খোজ কাঢ়ে, গতিকে দহ মিনিটৰ ৰাস্তাটো‍ওঁ যে তেওঁৰ বাবে বহু দূৰ সেই কথা উপলব্ধি কৰিও তেওঁক সহায় কৰিব নোৱাৰিলোঁ। ওচৰত ৰিক্সা নাই, অটোৰিক্সাও নাই, আৰু ময়ো খোজ কাঢ়িহে আহি আছোঁ। শান্ত্বনাসূচক কিবা এষাৰ কৈ আগবঢ়াৰ বাহিৰে মোৰ ওচৰত কবলৈকো একো নাথাকিল।
তৃতীয় দৃশ্যঃ
.... সময় ৰাতিপুৱা ৭.৪০। দ্বিতীয় দৃশ্যৰ ৫ মিনিট পিছত। বৰ্মন উপাধিৰ ৰিক্সাৱালাজনক চিনি পাওঁ। মোৰ ভাৰাঘৰৰ ওচৰতে থাকে। তেওঁক ৰাস্তাতে পাই সুধিলো-"বৰ্মন দা, আজি ৰিক্সা উলিওৱা নাই?"
তেওঁ উত্তৰ দিলে-"পুলিচে বন্ধ কৰিছে নহয়। মেইন ৰাস্তাত ওলালেই পাম এৰি দিয়ে।"
"অলপ আগত বুঢ়া মানুহ এজন ৰৈ আছে। খোজ কাঢ়িব নোৱাৰে। ওচৰৰে হস্পিতাললৈকে যাব। পাৰে যদি তেখেতক লৈ যাওকচোন.. পুলিচক বুজাই কলে বুজিব যাওঁক।"….
মুখেৰে কৈছোঁ যদিও জানো যে ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত বৰমতা অসম আৰক্ষীয়ে কেতিয়াও বুঢ়াজনৰ পৰিস্থিতি বা এদিন ৰিক্সা নচলালেই লঘোনে থাকিব লগা ৰিক্সাৱালাজনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে, কৰিব নোৱাৰে। কাৰণ আজি তেওঁলোকৰ ‘স্পেচিয়েল ডিউটি’। কিবা আধাৰশিলা স্থাপন কৰিবলৈ হেনো পি.এম. আহিব।
চতুৰ্থ দৃশ্যঃ
.....সময় ৰাতিপুৱা ৭.৪২। দ্বিতীয় দৃশ্যৰ মাত্ৰ ২ মিনিটমান পিছত। স্থান ৰাজধানী সমীপৰ এক ব্যস্ত এলেকাৰ এটা প্ৰধান আলিবাট। সদায় এইখিনি সময়ত ৰিক্সা-ঠেলা, অটৰিক্সাৰে গিজগিজাই থকা এই ব্যস্ত ৰাস্তাটোত এখনো ৰিক্সা নাই, এখনো অটৰিক্সা নাই। দুই-এখন প্ৰাইভেট গাড়ী ভয়ে ভয়ে চলি আছে। ৰাস্তাৰ দাঁতিত পুলিচৰ জুম। ইমানেই পুলিচ যে, কোনোবা কোনোবা আৰক্ষী চকীতো ইমান পুলিচ নাথাকে। সকলোৰে ওপৰত তেওঁলোকৰ শেন দৃষ্টি। এজন সদায় দেখি থকা ট্ৰেফিক পুলিচৰ ওচৰলৈ গৈ সুধিলো-“কি আছে হে আজি? ৰাস্তাত ইমান পহৰা যে? ৩০ অক্টোবৰৰ ঘটনাৰ পাছত ইমান পুলিচ একেলগে দেখিছোঁ।”
তেওঁৰ উত্তৰ –“ কি কৰিব, ৰজা আহিব। তাতে আৰু বৰডেকাহঁতেও অসমলৈ মনত পেলাইছে নহয়। গতিকে ৰাতিপুৱাই এই দশা।”....
কথাখিনি শুনি এনে লাগিন যেন তেওঁলোকো অতৃপ্ত। কেৱল ওপৰৱালাৰ গালিৰপৰা বাচিবলৈহে আহি থিয় দিছেহি। বেচেৰা! প্ৰধানমন্ত্ৰী আহিব। তাতো ওপৰৱালাই তেওঁলোকক নগুৰ-নাগতি কৰি মাৰিছে।
পঞ্চম দৃশ্যঃ
.....সময় ৰাতিপুৱা ৭.৪৫। প্ৰায় বাছ ষ্ট’পেজ পাও পাও হৈছোঁ। হঠাতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰপৰা কনমানি দুজন দৌৰি ওলাই আহিল। কান্ধত তেওঁলোকৰ স্কুলবেগ। পিন্ধনত চিভিল। তেওঁলোকে নাজানে ৰাজনীতি কি, চিকিউৰিটি কি, অসম বন্ধ কি। দেওবাৰৰ বাহিৰে আনদিনাখন সদায় স্কুললৈ যাব লাগে-মাথোঁ সেয়াহে জানে। সেয়েহে চাগে’ আজিও মাকে উলিয়াই নিদিয়াৰ বাবে চিভিল ড্ৰেচতেই দৌৰিলে। পাচে পাচে মাক। দৌৰি দৌৰি কনমানি দুটাক ধৰিব পৰা নাই। মাকে পিছপিনৰ পৰা চিঞৰি আছে –“বাবা, আজি স্কুল নাই নহয়।” সিহঁত দুজনৰ মাজৰ পৰা এজনে ওলোটাই ধৰিছে –“ কিয় হব? আজিতো চানদে নহয়।”.....
হেৰা! সিতো নাজানে, সি য’ত জন্ম লৈছে. তাত যেতিয়াই তেতিয়াই চানদে হৈ যায়। প্ৰধানমন্ত্ৰীৰ আগমনতো চানদে হৈ যোৱা কথাটো সি বাৰু কেনেকৈ মানি লব?
ষষ্ঠ দৃশ্যঃ
...... স্থান ৰাজধানী চৌহদৰ নিচেই কাষৰীয়া চাৰিআলিত থকা ফ্লাই অভাৰখনৰ কাষ। সময় ৰাতিপুৱা ৮.০০। এটা প্ৰধান পথেৰে অহা সকলো গাড়ী সচিবালয়ৰ ফাললৈ অহাত বাধা দি গাড়ীবোৰ আন এটা উপপথেৰে ঘূৰাই পঠোৱা হৈছে। কাৰণ জানিব বিচৰাত পহৰাৰত চিপাহী এজনে কলে- “প্ৰধানমন্ত্ৰী আহিব। সেয়েহে সেইটো ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে।“ ......
চহৰৰ এক ব্যস্ত অঞ্চলৰ এক অতি ব্যস্ত ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে। তাকো এক অভিনৱ কাৰণত। প্ৰধানমন্ত্ৰী আহিব। আৰু প্ৰধানমন্ত্ৰী যেতিয়ালৈকে থাকে, তেতিয়ালৈকে ৰিজাৰ্ভ কৰা থাকিব সেইটো ৰাস্তা। এইখিনি সময়ৰ ভিতৰত যিমান গাড়ী নাবাৰ্ড বা চুপাৰ মাৰ্কেটলৈ যাব বিচাৰে, ৩ মাইল অধিক গাড়ী চলাই চহৰৰ সৰু গলি কিছুমানেৰে তেওঁলোক গন্তব্যস্থানলৈ যাব পাৰিব। সেয়া তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বনাচ। কাৰণ... কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব।
শেষ দৃশ্যঃ
...... সময় ৰাতিপুৱা ৮.৩৫। স্থান মহানগৰ চৰকাৰী বাছ আস্থান। ৰাস্তাৰ কাষত যাত্ৰীৰ ভিৰ। কিন্তু গাড়ী নাই। আনকি ট্ৰেকাৰো চলা নাই। যিওবা দুই-এখন চিটিবাছ চলিছে, তাতো পুলিচহে আছে। “ৰিজাৰ্ভ”। কাৰণ, আজি প্ৰধানমন্ত্ৰী আহিব। এগৰাকী মহিলা যাত্ৰী আউলী-বাউলী হৈ গাড়ীৰ আগত আহি হাত ডাঙিলেহি। আমাৰ গাড়ীৰ সন্মুখত ডাঙৰকৈ লিখা আছে “Staff Bus” বুলি। তাৰ পাচতো হাত ডঙা মানে কথা কিবা গুৰুতৰেই চাগে’। সাজ-সজ্জায়ো চাগে’ গাড়ীচালকক কিবা ভৱাই তুলিলে। গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল। “ৰঙিয়ালৈ যাব পাৰিম?” হেন্দিমেনজনৰ লগত তেওঁৰ কিবা কথা হ’ল আৰু গাড়ীখন গুছি আহিল। ...... 
পাচতহে হেন্দিমেনজনৰপৰা গম পালো, মানুহগৰাকীৰ হেনো দেউতাক ঢুকাইছে। ট্ৰেইন ৰখি ৰখি বাতিল হোৱা বুলি জানি শেষত তেওঁ এইখিনি পালেহি। হায়! দেউতাকৰ শৱদেহটো‍ও তেওঁ শেষবাৰলৈ চাব নোৱাৰিব। কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব। আধাৰশিলা স্থাপন কৰিবলৈ (কিহৰ নাজানো)।
০০০
সেয়া ঠিক এবছৰ আগৰ এটা দিনৰ কেইটামান স্নেপশ্বট। যোৱা দুটা দিনে ৰাষ্ট্ৰপতিৰ আগমনত স্থবিৰ হৈ পৰা গুৱাহাটীৰ জনজীৱনৰ লগত ৰিজাব পৰা আন এটা দিনৰ ঘটনা সেয়া। ইপিনে উৎকট গৰম। শৰাইঘাট দলঙৰ ইপাৰে-সিপাৰে দুই তিনি কিলোমিটাৰ পৰ্যন্ত যানজঁট। কিমান বা ৰোগী কোনো এম্বুলেঞ্চৰ ভিতৰত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজিছে, কোনেও নাজানে। কোনেও নাজানে ইতিমধ্যে কিমানজনে মৃত্যুক সাৱটি লৈছে। সকলো ব্যস্ত মাথোঁন ৰাষ্ট্ৰপতিৰ আগমনক লৈহে। প্ৰশাসন ব্যস্ত অতিথি আপ্যায়ণক লৈহে। তাৰে মাজতে সৰ্বসাধাৰণৰ কি হৈছে, কেনেকৈ চলিছে, কাৰো যেন কানসাৰেই নাই। অহা ১৫ তাৰিখে আহিব লগা প্ৰধানমন্ত্ৰী নোযোৱালৈকে যে এই অৱস্থা চলিয়েই থাকিব সেয়া ধুৰূপ। 

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, সিদিনাৰ দৰে এটা মাত্ৰ আধাৰশিলা স্থাপন কৰিবলৈ আপুনি অসমলৈ অহাৰনো কি প্ৰয়োজন? নমিনেশ্যেন দিয়াৰ বাবে কি প্ৰয়োজন প্ৰধান আলি এটা বন্ধ কৰি স্থলযাত্ৰা কৰাৰ? এনেয়েও প্ৰতিনিধিসকলৰ বিলাসীতাই সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছেই। আপোনাসৱৰ বিলাসীতাৰ ফল আমি সৰ্বসাধাৰণে ভোগ কৰিছোঁৱেই। তাতেই যদি আৰু কেই কিলোমিটাৰমান যাত্ৰা চহৰৰ প্ৰধান স্থলপথৰ পৰিৱৰ্তে হেলিকপ্তাৰ লৈও যায়, সেই ভাৰো জনসাধাৰণে বহন কৰিব পাৰিব। আপুনিতো নাজানেই কেনেকৈ চলি আছে আমাৰ চহৰীয়া জীৱন। আপোনাৰ আগমনত যানজঁটৰ বলি হৈ কিমান ৰোগী সিপুৰী পাবগৈ, সেই তথ্য হয়তো কেতিয়াও আপোনাৰ ওচৰ নাপাবগৈ। কিন্তু সেই নিথৰুৱা পৰিয়ালটোৱে কেনেকৈ পাহৰিব আপোনাৰ এই যাত্ৰাৰ কথা। আপুনি আৰু হয়তো নাজানেই অথবা নাজানিবও যে আপোনাৰ বাসভৱনলৈ যোৱা ৰাস্তাত গধূলি সময়ত উদণ্ড ল’ৰাৰ মদ-ভাঙৰ অবাধ আড্ডা। ৰাস্তাটোৰ কথা নকোৱেইবা, বিদ্যুতৰ যোগানো নিয়মীয়া নহয়। তেনে স্থলত এদিন মাত্ৰ দেখা দি আমি সমস্যাৰ লগত ফেপেৰি পাতি বসবাস কৰাসকলৰ স্থিৰ হবলৈ ধৰা জনজীৱনটোক কিয়নো আৰু অস্থিৰ কৰি তুলিব লাগে? আপুনিতো চৰকাৰী খৰচত বিলাসী যাত্ৰাৰে আহি এক কন্নী মছলা পেলাই অথবা আপোনাৰ দৰকাৰী নমিনেশ্যন পেলাই আধাঘণ্টাৰ ভাষন এটাৰে অথবা মিটিং এখনেৰে দায়িত্ব শেষ কৰি গুছি যাবগৈ। কিন্তু সেই বুঢ়াজনৰ, যিয়ে ৰাতিপুৱাই উঠি দালি-ভাত ৰান্ধি বেমাৰীৰ পথ্য লৈ ওলাই আহি ৰিক্সা এখনৰ বাবে বেমাৰীৰ ওচৰলৈ যাব নোৱাৰিলে, তেওঁৰ আৰু সেই বেমাৰীজনৰ কি হব আপুনি ভাবিছেনে? ভাবিছেনে এদিন ৰিক্সা নচলালে এমুঠি ভাত খাব নোপোৱা ৰিক্সাৱালাজনৰ কি হব, যাক আপোনাৰ সুৰক্ষাৰ বাবে মূল ৰাস্তালৈ অহাত নিশেধাজ্ঞা আৰোপ কৰা হৈছে। দুই ফালে ভাবুকি শুনি ব্যৱসায়ীজনে কি সিদ্ধান্ত লব অথবা স্কুললৈ বুলি দৌৰা লৰাহঁতক মাকে কি বুলি বুজাব আপুনি কব পাৰিবনে? আপুনি কেতিয়াবা অনুভৱ কৰিব পাৰিবনে পিতৃবিয়োগত শেষ বাৰৰ বাবে দেউতাকৰ মুখ চাব নোপোৱা মহিলাগৰাকীয়ে গোটেই জীৱনজুৰি পাই থকা ব্যথা? যদি এগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনে সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ব্যাহত কৰে, তেন্তে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যিকোনো সংগঠনৰেই এই বন্ধ উত্‍সৱ বন্ধ কৰিব নোৱাৰালৈকে অথবা আপোনাৰ আগমনত সৰ্বসাধাৰণৰ জনজীৱনত একো প্ৰভাৱ নপৰাকৈ একো ব্যৱস্থা লব নোৱাৰালৈকে আপুনি অন্ততঃ অসমলৈ নাহিব। অনুগ্ৰহ কৰি আমাক সাধাৰণভাৱেই অভ্যস্ত হৈ পৰা জনজীৱনৰ লগে লগে চলি থাকিবলৈ দিয়ক।

Tuesday, May 7, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৭ (দ্বিতীয় অধ্যায়)

-এয়া উচ্চ, এয়া মৌচুমী, এই বন্দিতা, ই কৌশিক দা। -সন্ধিয়া ছয়মান বাজিছে। কলেজৰ ল'ৰা-ছোৱালীবোৰ নোহোৱা হৈছেগৈ। হোষ্টেলৰ ল'ৰা-ছোৱালীবোৰ দুই এজনকৈ বাহিৰলৈ ওলোৱা-সোমোৱা কৰাৰ বাহিৰে অথবা কলেজৰ কোনো কামত ফাঁচি থকা দুই-এজন কৰ্মচাৰী কাম সামৰি ঘৰলৈ যাবলৈ ওলোৱাৰ বাহিৰে তেতিয়া আৰু তাত কোনো নাই। আমি আটায়ে বিজ্ঞান ভৱনৰ ফালে মুখ কৰি কলা ভৱনৰ বাৰান্দাত বহি লৈছোঁ। পুতুল দাই সকলোকে এফালৰ পৰা চিনাকি কৰি দি গৈছে।
-উচ্চই যোৱা মাহত এটা ধুনীয়া কবিতা লিখিছে। সৌৱা প্ৰণৱদা। আমাৰ সকলোৰে প্ৰিয় লেখক প্ৰসেন প্ৰাণজিৎ কোন আজি আমাক প্ৰণৱ দায়ে কব। এইফালে এয়া পূৱালী, আলোছায়া, নৱনীতা, মনোজ, নিম, হিৰেণ, ৰিদিপ আৰু ৰাণা। পূৱালীয়ে ভাল কবিতা লিখে। আলোছায়া অভিনেত্ৰী। তেওঁ এইবাৰ আন্তঃমহাবিদ্যালয় সপ্তাহত কলেজৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মানো পাইছে। নৱনীতা গায়িকা তথা গীতিকাৰ। এইবাৰ কলেজ ৱিকৰ সমবেত সংগীতৰ কথা আৰু সুৰ এই নৱনীতাৰে। মনোজ ভাল তাৰ্কিক। নিম, ৰিদিপকতো মই দশাবতাৰ বুলিয়ে মাতোঁ। সিহঁতে সব কৰে। লিখে, ছবি আঁকে, আবৃত্তি কৰে, নাটক কৰে, গান গায়। ৰাণা সমালোচক। এইযে মই কথাখিনি কৈ আছোঁ, অলপ পিছত সি ইয়াৰ পৰ্যালোচনা আৰম্ভ কৰিবই। হিৰেণ ৰেখাংকক। আৰু সেয়া হিতেন। মই অৱশ্যে হিতেনৰ কথা বৰ ভালকৈ নাজানো। নতুনকৈ দেখিছোঁ। কিন্তু অনুমান কৰিছোঁ, তেৱোঁ এইবোৰৰ প্ৰতি আগ্ৰহীয়েই হব। তেওঁৰ সবিশেষ আপোনালোকে তেওঁৰ পৰাই জানি লওঁক। -এইবাৰহে মৰিলো। ক'ৰ যে কি কামত আনি পূৱালীয়ে মোক সুমুৱাই দিলে ! সেমেনা-সেমেনিকৈ মই থিয় হ'লো।
-মই আপনালোকৰ দৰে একো নহে। অৱিশ্যে নাটক, কবিতা, কিতাপ, আবৃত্তি, চিত্ৰাংকন আদি মই বোয়া নাপং।-খুব নাৰ্ভাছ হৈ সেপ ঢুকি ঢুকি মই কথাকেইটা কিবাকৈ কলো।
-সি গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ কিতাপৰ পাঠক-আলোছায়াই এইবাৰ মাত লগালে।
-আৰু পুতুল দা, আপনাৰ কথা নকলাক দেখুন।-উচ্চই কৈ উঠিল।
-মোৰ কথানু কি কম ! মই ইতা ৰামায়ণ মহাভাৰত পঢ়ি ভাল পাৱ বুঢ়া। গতিকে এই বয়সত মই শুনিহে ভাল পাউং।
-ৰামায়ণ, মহাভাৰত? তই এলাখেন্নো পঢ়া নিকি?-প্ৰণৱদাই মাত লগালে।
-অ'। কিত্তোবাৰ পৰাই।
-মাৰবিদে তই মানহু।
-ঐ, মানস আহুন কহে গেল?
-তাহুন কাগজ গেলা আনবা গেইছি। 
-আটচা।
পুতুল দাই পুনৰ আৰম্ভ কৰিলে- আজি আমি মিলিত হোৱাৰ  প্ৰধান কাৰণ হৈছে আমাৰ কলেজত এটা শাখা গঠন কৰা। এই শাখা আমি গঠন কৰিম। সাহিত্য, সংস্কৃতি, চিত্ৰশিল্প, নাটক ইত্যাদি বিষয় ইয়ৰ্ত সাঙুৰি লোৱা হব। কলেজৰ ভিতৰৰ সকলো ইণ্টাৰেষ্টেড মানুহ ইয়াৰ অন্তৰ্ভুক্ত কৰা হব।...

আকৌ শৰতৰ লহৰে হৃদয়ৰ কোনোবা এটা কোণত চুই গৈছিল। অনামী অনুভূতি এটিয়ে কৰবাৰ পৰা চেঁচা বতাহ এছাটি হৈ গা-মূৰ জুৰ পেলাই দিছিল। ভাল লগা ভাল লগা ভাৱটোৱে মন-প্ৰাণ প্ৰশান্ত কৰি তুলিছিল। গংগাস্নাত হোৱাৰ দৰে নতুন হৈ পৰিছিল হৃদয়খন। নতুন কিবা এটা কৰাৰ, নতুন কিবা এটা দেখাৰ, পৃথিৱীখন নতুন ৰূপত কল্পনা কৰাৰ আৰু চোৱাৰ হাবিয়াস এটাই আকৌ জাগি উঠিছিল। শৰৎ নামিছিল। বতৰলৈ। মোৰ জীৱনলৈও। সেই শৰতেই নৌকা চপাইছিলহি বজালী কলেজৰ কলা ভৱনৰ বাৰান্দাত। শাৰদী হৃদয়েৰে এজাক প্ৰাণোচ্ছল য়ুৱক-য়ুৱতীয়ে পৃথিৱীখন নতুন ৰূপত গঢ়াৰ মানসেৰে সংকল্প লৈছিলহি। সাহিত্য, শিল্প, সংস্কৃতি, প্ৰতিভাৰ মূল্যায়ণ আদি আছিল এই নতুন পৃথিৱীখনৰ থূম। ইয়াৰ নাম ৰখা হৈছিল 'সাহিত্য চ'ৰা'। অসমৰ যিকোনো মহাবিদ্যালয়ৰ ভিতৰত সাহিত্য চৰ্চাৰ বাবে গঠিত প্ৰথম মঞ্চ জন্ম হৈছিল 'সাহিত্য চ'ৰা'ৰ ৰূপত, বজালী মহাবিদ্যায়ৰ চোতালত। আৰু ময়ো আছিলোঁ তাৰে এজন সদস্য কৰ্মী-আছিলোঁ এজন সাহিত্যৰ অ-আ, ক-খ নজনা, কেৱল গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ উপন্যাস পঢ়ি ভাল পোৱা এজন গাঁৱলীয়া যুৱক। এই সন্ধিয়াটো হৈ পৰিছিল এক অন্যতম সন্ধিয়া। আমাৰ প্ৰতিজনৰ মনৰ ইতিহাসৰ কোনো এটা শাৰীত অথবা দফাত লিপিৱদ্ধ হৈছিল 'সাহিত্য চ'ৰা'ৰ নাম, এই সন্ধিয়াটোৰ নাম।

'সাহিত্য চ'ৰা' গঠন হৈছিল। প্ৰস্তুত কৰা হৈছিল ইয়াৰ কাৰ্যক্ৰমণিকা। 'সাহিত্য চ'ৰা'ক মহাবিদ্যালয়ৰ সাহায্যপ্ৰাপ্ত অনুষ্ঠানৰূপে গ্ৰহণ কৰিবলৈ মহাবিদ্যালয়  কৰ্ত্তৃপক্ষক জনোৱা আবেদন কৰ্ত্তৃপক্ষই হাঁহিমুখে গ্ৰহণ কৰিছিল। আৰম্ভ হৈ গৈছিল এক নতুন জীৱন। পৃথিৱীখন নতুন হবলৈ আৰম্ভ কৰিছিল। সকলোৰে ব্যস্ততা বাঢ়ি গৈছিল। শ্বহীদ ভৱনৰ এটা কোঠা পৰিস্কাৰ কৰি তাতে পতা হৈছিল সাহিত্য আড্ডা।

ক্লাছ শেষ কৰি অলপ সময়ৰ বাবে সাহিত্য চ'ৰাত দেখা দি মই ওলাই আহি চাইকেলখনৰ তলাটো খুলিলোঁ। হঠাতে শুনিলোঁ কোনোৱাই দূৰৈৰপৰা মোক নাম ধৰি মাতি আছে। মই ৰৈ দিলো। ল'ৰা এজন আগুৱাই আহিল।
-তুমিয়ে হিতেন নিকি?
-অ'। ককচুন।
-নাই। এনেয়ে। তোমাৰ কথা শুনি আচলু। চিনিহে পাৱ নাচলু। আজি প্ৰাণজিতে দেখে দিলাক। মই বুলু চিনাকীয়ে হৈ লউং।
-অ'। আপনাৰ নামটু?-সৌজন্যতাবোধ দেখুৱাই মিচিকিয়া হাঁহিৰে মই সুধিলো।
-অৰুণ। অৰুণজ্যোতি দাস।
-অ।
-ইতা যাৱ নিকি?
অ'। কাম এটা আছে। সিকাৰণে ওল্লু। কালিৰপৰা বিশ্বকৰ্মাৰ যোগাৰ কৰবা লাগবো নহে ! তিত্তে সময়ে নাপম।
-উম। পাছে আমাক নামতো নিকি বিশ্বকৰ্মাত?
-আইভো। ডিপাৰ্টমেণ্টৰ পূজা। সৱ এলাওড।
-দে হোবো দে। তুমি যাৱ। নোহোলি আৰো দেৰি হোবো।

অৰুণক বিদায় দি মই চাইকেলত লাফ মাৰিছিলোঁ। দেখা নাছিলোঁ যে দুযুৰি চকুৱে তেতিয়া মোক বিজ্ঞান ভৱনৰ ওপৰ মহলাৰ বাৰান্দাৰ পৰা নীৰিক্ষণ কৰি আছিল।

(ক্ৰমশঃ)