Tuesday, January 6, 2015

অস্তগামী আভা


বেলি লহিয়াইছে
অথচ কমা নাই পোহৰ
সময় দৌৰিছে
অথচ সকলোবোৰ ৰৈ আছে একেই ঠাইতে

অৰণ্যই চাগৈ খবৰেই পোৱা নাই
তেওঁলোকক কঢ়িয়াই লৈ ফুৰা বোকোচাখন যে ভাগি গৈছে
অনাথ নাগসমূহে বিচাৰি পোৱা নাই বুকুৰ উম
গজৰাজে প্ৰেমিকক বিচাৰি হাবাথুৰি খোৱা নাই
চৰাইবোৰেও বন্ধ কৰা নাই মৰমৰ কিৰিলি

তেওঁ আহিব
এখন উমাল বুকুত স্নেহ সিঁচি তেওঁ চৰি ফুৰিব
সিহঁতৰ মাজত।
অথচ
কোনেও নাজানে কি হব অহা দুদিনত।

চেমিনাৰখনৰ যোগাৰবোৰ বাৰু হৈ আছে,
কিন্তু অৰণ্যৰ কিতাপখন !
সেইজীয়া বতৰাবোৰ !
প্ৰেমিকাকো জানো কবলৈ নাছে
ইমান বছৰে সাঁচি ৰখা গোপন বতৰাবোৰ !

সকলোবোৰ গৈ আছে
অথচ স্তব্ধ হৈ আছে সময়।
গজৰাজে ঘাঁহনিলৈ যোৱা নাই,
বনৰজাই কৰা নাই চিকাৰ,
মৰহি যোৱা পাতখিলাও সৰি পৰা নাই,
পৰিভ্ৰমী চৰাইটোৱে এখন্তেক ৰৈ চাইছে
তেওঁ আহিব
আগৰ খোলা হাঁহিটো মাৰি কবহি
"তুহুন ইটাকলোগিন কিয়ো ৰৈ আছা"।

প্ৰকৃতিয়ে জানো নিবিচাৰে নিজৰ কবচ?
বুকুৰ ঢপধপনিটো সেইবাবেই এতিয়াও আছে
যদিও ভাগৰুৱা মগজটোৱে যুঁজি আছে ভাগৰৰ সৈতে
কোষবোৰেই চলাই আছে ৰথখন।
তেওঁ আহিব,
আহিয়েই কৰি যাব আধৰুৱা কামবোৰ।
চেমিনাৰখন,
কাজিৰঙাৰ কেম্প
অৰণ্যৰ কিতাপখন
আৰু বহুতো সেউজীয়া সপোন।
তেওঁৰ কৰ্মোদ্যমত পুনৰ জাগ্ৰত হব
অস্তগামী আভা।

(ৰাকেশ সাউদৰ আশু আৰোগ্য কামনাৰে)


অসমীয়া সাহিত্য-সংস্কৃতিৰ ভোটাতৰাসকললৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অন্য এক সন্মান


অসমীয়া সাহিত্য-সংস্কৃতিৰ ভোটাতৰাসকললৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অন্য এক সন্মানঃ প্ৰতিষ্ঠানটোৰ পুথিভঁৰালটোৰ নাম অসমীয়া ভাষা-সাহিত্যৰ খনিকৰ, অসমীয়াৰ হিয়াৰ আমঠু, শ্ৰদ্ধেয় লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ চূড়ান্ত সমিতিয়ে৷ সেইমৰ্মে এতিয়াৰ পৰা পুথিভঁৰালটোৰ নাম লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল নামেৰে জনাজাত হব৷ ৰসৰাজৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থাপন কৰা এই প্ৰস্তাৱৰ কাৰ্যকৰীকৰণৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ প্ৰতিজন কৰ্মকৰ্তা, সদস্যই কৃপাবৰ বৰুৱালৈ যাঁচিছো গভীৰ শ্ৰদ্ধা আৰু লৈছোঁ মহীয়সীগৰাকীক জিলিকাই ৰখাৰ পণ৷ এতিয়া অপেক্ষা পৰৱৰ্তী সিদ্ধান্তলৈ়- নবীনচন্দ্ৰ বৰদলৈ, আনন্দৰাম বৰুৱা অথবা আন কোনো ভোটাতৰালৈ৷

[প্ৰকাশঃ ৬ ডিচেম্বৰ, ২০১৪]