Monday, February 29, 2016

সৰস্বতী পূজাঃ বিপথ আৰু বিপদ ঘণ্টা

কনমাণিজনীয়ে মাকৰ চাদৰ-মেখেলা এযোৰ যুটি যুটি বান্ধি লৰফৰ খোজেৰে হাতত ফুলৰ মালা এডাল লৈ বিদ্যালয়ৰ পূজাথলীলৈ যোৱা পৰিৱেশটো আজিকালি প্ৰায় দুৰ্লভ হৈ পৰিছে। বৰ বেছি দিনৰ কথা নহয়, সৰস্বতী পূজাত পৰম্পৰাগত পোছাকেৰে দেৱী আইৰ চৰণত পুষ্পাঞ্জলি প্ৰদান, শান্তিজল লব পোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ আছিল প্ৰধান আৰু প্ৰথম উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীসকলক তেনেকৈয়ে গঢ় দিয়া হৈছিল। কিন্তু এতিয়া দিন সলনি হ’ল। ছোৱালীবোৰৰ সৰস্বতী পূজাৰ আগদিনাৰে পৰা ফুল তোলা, মালা গঁথা আদি ব্যস্ততাই ঠাই ল’লে পাৰ্লাৰলৈ যোৱা, পোছাকৰ বজাৰ কৰা আদি নতুন কামে। ল’ৰাবোৰে পূজা মণ্ডপ সজোৱা, পূজাৰ যোগাৰ কৰা, শোভাযাত্ৰাৰে প্ৰতিমা আনি প্ৰতিষ্ঠা কৰা আদি কামৰ ঠাই ল’লে বাইকেৰে ঘূৰি পূজাৰ দিনাখন ক’লৈ ফুৰিবলৈও যাব তাৰ জেগা ঠিক কৰা, কোন কোন লগ হৈ আড্ডা মাৰিব সেইবোৰ ঠিক কৰা কামে। ভাল কথা। নতুনত্ব সকলোতে থাকে, সকলোতে আহে। প্ৰতিটো নতুনত্বতো সৰস্বতী দেৱীৰ আশীৰ্বাদ থাকে। কিন্তু !! কিন্তুবোৰ এতিয়াই থাকক বাৰু! যিবোৰ কথাই এটা পৰম্পৰাক আঘাট হানি গোটেই পৰিৱেশটোৱেই সলনি কৰি পেলাইছে, সেইটো যদি চাবলৈ যাওঁ, আমি দেখিম যে পাৰ্লাৰলৈ যোৱাৰ নামত মালা গঁথা, দেৱী পূজা বাদ দিয়া কাৰ্য্যই, মণ্ডপ সজোৱাত ধৰাধৰি কৰাটো বাদ দি আড্ডাৰ নামত কিছুমান অপ্ৰয়োজনীয় প্লেন কৰা কাৰ্য্যই আৰু তেনেকুৱা ধৰণৰ অন্য কিছুমান কৰ্মই আগভাগ লৈছে। আজিকালি যিদৰে দুই-তিনিদিন আগৰেপৰা যুৱতীসকল ব্যস্ত হৈ পৰে সৌন্দৰ্য্য চৰ্চাক লৈ, যুৱকসকল ব্যস্ত হৈ পৰে প্ৰেমৰ আখৰাক লৈ, নিচাৰ পৰিকল্পনাক লৈ। কিদৰে অন্যৰ দৃষ্টিগোচৰত আহিব পাৰি, কিদৰে খাপ পিটি থকা ছোৱালীজনীক অলপ ফুৰাব পাৰি, কিদৰে ঘৰত গম নোপোৱাকৈ এটা দিন কটাব পাৰি সেয়াই যেন হৈ পৰে মূল উদ্দেশ্য। আৰু প্ৰেমৰ নিচাত ডুবন্ত যুগলসকলৰ কথাটো কবই নালাগে। সৰস্বতী পূজা যেন তেওঁলোকৰ বাবে হৈ পৰে অন্য এটা ভেলেণ্টাইন ডে। ফলত সৰস্বতী পূজা হৈ পৰিল ‘প্ৰেমৰ অধিষ্ঠাত্ৰী দেৱী’ৰ উপসানাৰ দিন। সৰস্বতী পূজা হৈ পৰিল প্ৰেমৰ নামত, বন্ধুত্বৰ নামত হৈ পৰিল অসৎ মানসিকতা ৰূপায়ণৰ দিন। ফলস্বৰূপে হাবি-জংঘল, পাৰ্ক আদিৰ চুকে কোণে পৰিলক্ষিত হবলৈ ধৰিলে পূজাৰ অন্য এক অভাৱনীয় দৃশ্যৰূপ। ৰাস্তাই-ঘাটে চলি ফুৰিব ধৰিলে নিচা আৰু বান্ধোনহীনতাৰ অকোৱা-পকোৱা দৃশ্যায়ন। আৰু সৰ্বসাধাৰণ? এশভাগৰ ত্ৰিশ ভাগ এনেকুৱা ছাত্ৰ-ছাত্ৰীৰ মানসিকতাৰ ফলস্বৰূপে অন্যসকলৰ লগতে সৰ্বসাধাৰণো হাৰাশাস্তি ভুগিব লগা হ’ল। ককায়েকে ভনীয়েকৰ লগত, শহুৰেকে বোৱাৰীয়েকৰ লগত ওলাই যাব পৰা পৰিৱেশটো কমিল। 

এইবোৰ দৃশ্য যোৱাকেইবছৰে যিসকলে অনুধাৱন কৰিছে, দেখিছে, শুনিছে, কোনেও হয়তো সহজভাৱে লব পৰা নাই। সমাজৰ এই নিম্ন ৰুচিবোধ কোনেও চাই থাকিবও নোৱাৰে। ইয়াৰ মাজত এচামে আকৌ যুৱচামৰ উদ্ভৎ মানসিকতাক লৈ কঠোৰ সমালোচনাও কৰিছে। কিন্তু চাই থাকিলেই জানো সমস্যাৰ সমাধান হব? 

সময় এতিয়া জুকিয়াই চোৱাৰ; বিজ্ঞতাৰে পৰিৱেশ চম্ভালি লোৱাৰ। আমি যদি প্ৰতিজনে নিজৰ পৰাই এই জুকিয়নি আৰম্ভ কৰোঁহক, হয়তো বিপথে পৰিচালিত হব ধৰা পূজা এটা পুনৰ নিজস্ব ৰূপলৈ উভতি আহিব। 

অভিভাৱক হিচাপে আমি গুৰুত্বপূৰ্ণ দায়িত্ব লব পাৰোঁ সন্তানৰ দায়িত্ব আৰু চোৱাচিতাৰ ধৰণটো অলপ সলনি কৰি। ধৰ্মীয় অনুষ্ঠানত কি সাজ-পোছাক পিন্ধি ওলাব লাগে সেয়া আমিয়েই সন্তানক বুজাব লাগিব। ছাত্ৰাৱস্থাত ঘূৰা-ফুৰা বা চাল-চলনত কেনেকুৱা বান্ধোন থাকিব লাগে, বুদ্ধিদীপ্তভাৱে আমিয়েই সেয়া সন্তানক বুজাব পাৰিব লাগিব। তাতোকৈ ডাঙৰ কথা অলপ মুকলিকৈ ফুৰিবলৈ স্বাধীনতা প্ৰদানৰ লগে লগে ভিতৰুৱাকৈ নজৰত ৰখাৰ দায়িত্বও আমিয়েই লব লাগিব। এইবোৰ ব্যৱস্থাই নহয়, সকলোৰে নিজৰ ধৰণেৰে কৰা চোৱা-চিতাই হয়তো কোনোবা পাৰ্কৰ কোনো চুকত সৃষ্টি হোৱা অশ্লীল মুহূৰ্ত কিছুমানৰ, কোনোবা নিজান ঠাইত জমা নিচাৰ আড্ডাবোৰ কিছু পৰিমাণে হ’লেও বন্ধ কৰিব। 

আগতে স্কুল-কলেজত শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক পূজা আয়োজনৰ বাবে সৰু সৰুকৈ কিছুমান কাম ভগাই দিছিল। ফলত প্ৰতিটো পূজা মণ্ডপতে পৰিস্ফুত হৈছিল সৃষ্টিশীলতাৰ নিদৰ্শন। শিক্ষক-শিক্ষয়ত্ৰীৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে পাইছিল নিজৰ কলা নিদৰ্শনৰ এক সুকীয়া আমেজ। এই কাম এতিয়াৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা কমেই দেখা যায়। পুৰণি সেই পদ্ধতিৰ পুনঃপ্ৰৱৰ্তনে বঢ়াব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মস্পৃহা। আৰু এই কৰ্মস্পৃহাৰ মাজেৰেই বাঢ়িব মণ্ডপৰ সৌন্দৰ্য্য, আধ্যাত্মিকতা তথা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত সংযম আৰু সৃষ্টিশীলতা। 

সমাজৰ এটা অংশ হিচাপে ওচৰ-চুবুৰীয়াৰ অৰিহনাৰেও আমি আমাৰ সন্তানক সংযমহীনতাৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। আজিকালিৰ যুগ যান্ত্ৰিকতাৰ যুগ। এই যুগত সময়ৰ বৰ নাটনি। এই নাটনিৰ মাজতো যদি আমি ওচৰ-চুবুৰীয়াৰ লগত এক সামাজিক সম্পৰ্ক ৰক্ষা কৰিব পাৰোঁ, সেই সম্পৰ্কই সন্তানৰ চাল-চলনত নজৰ ৰখাতো সহায় কৰে। অন্যহাতে চুবুৰীয়াৰ লগত পতা পূজাভাগে ৰুচিবোধ মাৰ্জিত কৰি ৰখাতো সহায়ক হৈ পৰে। 

এতিয়া আহিছোঁ সংবাদ মাধ্যমৰ ভূমিকাক লৈ। সমাজৰ অৱক্ষয়ৰ ওপৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু সৰস্বতী পূজাৰ যি আধ্যাত্মিক চেতনা তাক যেন সংবাদ মাধ্যমেই তচনচ কৰি দিছে। বিশেষকৈ বৈদ্যুতিন মাধ্যমে। যি সময়ত সংবাদ মাধ্যমে উঠি অহা চামৰ আগত সৰস্বতী পূজাক আধ্যাত্মিক ৰূপত গঢ়ি তুলিব লাগিছিল, যি সময়ত নীতি-নিয়ম সমূহৰ বিজ্ঞানসন্মত আৰু তথ্যভিত্তিক আলোচনাৰে পূজাৰ মহত্ব গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰিব লাগিছিল, সেই সময়ত কিন্তু তেওঁলোকে গোটেই পূজাটোকেই ইয়াৰ নিজস্ব গৰিমাৰ পৰা আঁৰতাই তাক তুলি ধৰিছে সৌন্দৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পৰিৱেশনৰ দিন হিচাপে। পূজাৰ এই দিনটোত যুৱক যুৱতীসকলৰ মাজত নমাই নিয়া হৈছে এক অসুস্থ প্ৰতিযোগিতা। ফলত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপ সলনি হৈ হৈ পৰিছে সৌন্দৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী। এইবোৰে আধ্যাত্মিক অৱক্ষয় কমাওক চাৰি বঢ়াইছেহে। 

সময় এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও যদি আমি আটায়ে সময়োপচিতভাৱে অলপ সচেতন নহওঁ তেন্তে বিদ্যাক সৌন্দৰ্য্যলৈ পৰিৱৰ্তিত কৰা, আধ্যাত্মিকতাক প্ৰেমলৈ পৰ্য্যবসিত কৰা, প্ৰসাদক নিচালৈ পৰিৱৰ্তিত কৰা আৰু সাজ-পোছাকক আধুনিকতাৰ ৰূপেৰে অশ্লীলতালৈ পৰিৱৰ্তিত কৰা এই ৰঘুমলাবোৰে আমাৰ নিজস্বতাবোৰ নিঃশেষ কৰি পেলাবগৈ। আমাৰ সন্তান, নাতি-পুতিক ক’লেও বিশ্বাস নকৰিব যে সৰস্বতী আচলতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীহে।

[ৰচনাকালঃ ১১ ফেব্ৰুৱাৰী, ২০১৬]