Showing posts with label অচিন্তন. Show all posts
Showing posts with label অচিন্তন. Show all posts

Wednesday, June 21, 2017

বিষ্ণু ৰাভা, জনতা আৰু আমাৰ চৰকাৰ


এক অদ্ভূত বিষয় লৈ আজিৰ এই বিষয়টো উনুকিয়াব বিচাৰিছোঁ। বিষয় বিষ্ণুৰাভা, জনতা আৰু আমাৰ বল আৰু আমাৰ চৰকাৰৰ কাম-কাজ। যোগসূত্ৰডাল মই স্থাপন কৰা বুলি ভাবিলেও পঢ়োতাই যদি কিবা কাৰণত যোগসূত্ৰডাল স্থাপন কৰিব নোৱাৰেও, মোক গঠনমূলকভাৱে দেখাই দিলেই উপকৃত হম। এই প'ষ্টত অযথা বিতৰ্ক আমাৰ কাম্য নহয়। এই প'ষ্টৰ সমূহ চিন্তাধাৰা যোগাত্মক দিশতহে কৰা হৈছে। ঋণাত্মক চিন্তাধাৰাক প্ৰাধান্য নিদি ভালখিনি বাচি লৈহে এই প'ষ্টৰ আলোচনাখিনি সামৰি লোৱা হৈছে।
প্ৰথমতে আহিছোঁ বিষ্ণুৰাভাৰ বিষয় লৈ। মেদিনি চৌধুৰীৰ ফেৰেংগাদাও নামৰ উপন্যাসখনত আমি পঢ়িবলৈ পাইছিলোঁ বিষ্ণুৰাভা আৰু জনতাৰ মাজৰ সম্বন্ধ কিমান মধুৰ। অন্য কিছুমান প্ৰবন্ধত বিষ্ণুৰাভাৰ লগত, তেওঁৰ সোঁৱে-বাৱে লাগি থকা অথবা তেওঁৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পোৱা বহুতো ব্যক্তিয়ে উল্লেখ কৰিছিল বিষ্ণুৰাভাৰ জনতাৰ প্ৰতি থকা মোহৰ কথা। বামপন্থী আছিল বিষ্ণুকাইটি। কৃষকৰ বাবে লাগিছিল, লাগিছিল নহয় খাটিছিল। ক্তেওঁৰ সমসাময়িক সমাজখনৰ আৰ্থ-সামাজিক ভেঁটিটো আছিল কৃষিভিত্তিক আৰু সেই কৃষিক জমিদাৰী প্ৰথাৰপৰা মুক্ত কৰাৰ বাবে বিষ্ণুৰাভাই দেহৰ প্ৰতিৰক্তকণাক কৃষকৰ বাবে উচৰ্গা কৰিছিল। হালোৱা ককাইৰ চোতালত বহি জনতাৰ মুখৰ মাত কাঢ়ি আনি দিছিল সংগীতৰ ৰূপ। তেনেকুৱা এটা ৰূপতেই গজি উঠিছিল কালজয়ী ৰাভা সংগীতৰ কিছুমান গীত।
"জাগ জাগ জাগ / কৃষক শক্তি দল / অ' বনুৱা সমনীয়া/ আগবাঢ়ি যাওঁ ব'ল" গাই গাই উলিয়াই আনিছিল শোষিত শ্ৰেণীক। শোষণৰ বিৰূদ্ধে বিষ্ণুৰাভা আছিল কালৰূপ, শোষিত শ্ৰেণীৰ বাবে আছিল মহাৰথ। কিন্তু সেই সময়ত বিষ্ণুৰাভাই ইমান সমাদৰ নাপালে। সেই বাবেই চাগৈ শেষ সময়তো তেওঁ পৰি ৰ'ল সৰু কোঠাটোৰ এটা কোণত, অকলে। আজিৰ বিষয় ৰাভাৰ জীৱনচৰ্চা নহয়। ৰাভাই আৰম্ভ কৰা যোগসূত্ৰডাল টানি আনি আজিৰ লগত বন্ধাহে।
যোৱা কেইবছৰমান আগলৈকে আমি দেখিছিলোঁ, আমাৰ গাঁৱে-ভূঞে প্ৰতি ঘৰে ঘৰে দিনৰ ভাগত চলে ডেকাসকলৰ আড্ডা। কিয় চলিছিল সেয়া আমি নাজানো। কিন্তু আজি যদি অলপ পিছুৱাই গৈ সেই আড্ডাৰ কাৰণসমূহ বিচাৰিবলৈ যাওঁ, তেন্তে এটা কথায়েই দেখিম, সেয়া হৈছে আমাৰ আৰ্থ-সামাজিক অৱস্থা। কাম-কাজ নাই, চাকৰি-বাকৰি নাই, শিক্ষিতসকলো পঢ়া শেষ কৰি ঘৰতেই বহিছেগৈ। বহিছে মানে আৰম্ভ হৈছে আড্ডা। কেৰম, তাচপাত, লুডু, মঙ্গলপঠা আদি বিভিন্ন সময় অতিবাহিত কৰাৰ উপায়। সেই উপায়সমূহ হয়তো তাতোকৈ অলপ ভয়াবহ ৰূপ লৈ পৰিৱৰ্তিত হৈছিল মদৰ আড্ডালৈ, জুৱাৰ ঘাটিলৈ। তথাপি কিন্তু সমাজ পৰিৱৰ্তিত নহ'ল। একেই থাকিল। প্ৰায় এটা দশক একেই থাকিল মানসিকতা। সেই শিক্ষিত নিবনুৱাসকলৰ কিছুমানে খেতি-বাতিত লাগিল। পিছে তেওঁৰ সেই আশাত চেঁচাপানী ঢালিলে বাৰিষাৰ শেষত অহা বানে। বছৰত এটায়েই খেতি হোৱা মাটিখিনিতো বানে আহি সকলো মচি লৈ গ'লহি। কিছুমানে আকৌ নিজাববীয়াকৈ ব্যৱসায়তো নামিল। পাছে, য'ত অৰ্থনীতিয়েই মন্দা, তাতে ব্যৱসায়ে কেনেকৈ ঠন ধৰি উঠিবগৈ? ফলত পুনৰ জন্ম পালে এক নতুন উপায়ে। পঢ়া-শুনাত ভাল তথা অৰ্থ্নৈতিকভাৱে সুচ্ছলসকলে ঢাপলি মেলিবলৈ আৰম্ভ কৰিলেহি ৰাজ্যৰ বাহিৰলৈ। উদ্দেশ্য চাকৰি। ৰাজ্যত সাধাৰণ চাকৰি কৰিবলৈ লাজ পোৱা স্নাতকোত্তৰসকলেও বাহিৰতৰ গৈ সাধাৰণ শ্ৰমিক পৰ্যায়ৰ চাকৰি কৰিবলৈ লাজ নোপোৱা হ'ল। লাহে লাহে তেওঁলোকে টানিলে একেবাৰে পঢ়া শুনা নোহোৱাসকলক। আৰম্ভ হ'ল এক নতুন সমস্যা। প্ৰব্ৰজন। মানৱ শক্তি লাহে লাহে আঁতৰি গুছি যাবলৈ ধৰিলে। আৰু আমাৰ চৰকাৰ?
চৰকাৰ বোলা বস্তুবিধ যেন তেতিয়া কাগজে পত্ৰইহে থাকিল। কোনো পলিচি নাই, কোনো ব্যৱস্থা নাই, কোনো আশাৰ বতৰা নাই। কেউদিশে অৰাজকতা। চুৰি-ডকাইতি, হিংসা-উগ্ৰবাদ সকলোবোৰ জয়জয় ময়ময়। কিন্তু হঠাতে যেন পট পৰিৱৰ্তন হবলৈ ধৰিলে। চৰকাৰে বহুমুখী আঁচনিসমূহ ৰূপায়ন কৰিবলৈ আৰম্ভ কৰিলে। চাকৰি ওলাব ধৰিল। চাকৰি ক'তনো পাম, পঢ়িলে কিনো হব বুলি ভবা সকলেই পুনৰাই কলেজত নামভৰ্তি কৰিবলৈ ধৰিল। সেয়া নিশ্চয়কৈ চৰকাৰৰেই কৃতিত্ব। হয়, সকলোৱে তেনেকৈয়ে কয়। যোৱা দহ-বাৰ বছৰৰ পৰা অসমৰ আৰ্থ-সামাজিক অৱস্থাটো অলপ উন্নতিৰ ফাললৈ গতি কৰিছে। আৰু তাৰ বাবে বুদ্ধিজীৱিসকলে চৰকাৰকেই কৃতিত্ব দিবলৈ ধৰিলে। কিন্তু চৰকাৰেই সকলোখিনি কৰিলেনে?
নিশ্চয় নহয়। হব নোৱাৰে। ৰাইজে থিয় নিদিলে চৰকাৰে একো কৰিব নোৱাৰে। উগ্ৰবাদৰ সমস্যাত জৰ্জৰিত অঞ্চলসমূহত ৰাইজে উগ্ৰবাদীক নিষিদ্ধ কৰিলে। ক'তা, সেইবোৰ সিদ্ধান্তত চৰকাৰেতো ৰাইজৰ পক্ষত থিয় নিদিলে, সহায় কৰিবলৈ আগবাঢ়ি নাহিল। তাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদ দমন নামৰ এক শ্লোগান আনি ৰাইজৰ ওপৰত উৎপীড়ন চলালে। কিন্তু তথাপি ৰাইজ বহি নাথাকিল। হয়তো বাধ্য-বাধকতা অহাৰ বাবেই, নিজৰ পৰিয়াল বচাবলৈ জ্যেষ্ঠসকলে মূৰ দাঙি থিয় হ'ল। গাৱত সংগঠনৰ নামত চাউল টুটিল। চোৰ-ডকাইত ধৰি "পাব্লিক ঢুলাই" দিয়াৰ ব্যৱস্থা আহিল। ফলত বেয়া পথবোৰ পুনৰাই ভাঁজ সলাই ভালৰ ফালে আহিল। ৰাইজে নখ জোকাৰিলে আৰু নৈ বব ধৰিলে। কিন্তু এফালে এচামে সেয়া ৰাইজৰ পৰিৱৰ্তে চৰকাৰৰহে কৃতিত্ব বুলি দাবী কৰিবলৈ ধৰিলে।
বিষ্ণুৰাভাই জনতাক উলিয়াই আনিব বিচাৰিছিল, ভবা ধৰণে নোৱাৰিলে। তাৰ সলনি নাম পালে "অঁকৰা বামপন্থী" । কিন্তু সেই বিষ্ণুৰ আহ্বানক নেওচা দিয়া সমাজেই তেওঁলোকৰ উত্তৰপুৰুষৰ সহায়ত নিজেই গম নোপোৱাকৈয়ে মাৰ বান্ধি ওলাই আহিল। ওলাই আহিল আত্মনিয়োজনৰ বাবে, ওলাই আহিল আত্মপৰিচয়ৰ বাবে। প্ৰেত্যেকে প্ৰেত্যেকৰ ক্ষেত্ৰখনত যোগদান কৰি গ'ল এখন এখন সংগ্ৰামত। হয়তো এয়া বিষ্ণুৰাভাৰ সংগ্ৰামৰ লগত পৃথক সংগ্ৰাম, কিন্তু লক্ষ্য যে একেই হৈ গ'ল। উৎস যিয়েই নহওঁক, চৰকাৰে আঁচনিৰ কথা ভাবিব পৰাকৈ পৰিপক্কতা পালে। চৰকাৰে অসমৰ মগজুক লৈ ভাবিব পৰাকৈ সাহস আৰু সমল পালে, গুৰুত্ব পালে। সদাগৰ সকলেও অসমলৈ ডিঙা মেলিবলৈ ধৰিলে।
আজি (আগন্তুক এটা দশকৰ কথা কব বিচৰা হৈছে) অসম প্ৰগতিৰ পথত। এয়া কোনো ৰাজনীতিকৰ কথা নহয়, চৰকাৰৰ ফুলজাৰি নহয়। আমি অলপ মগজু লগালেই অনুধাৱন কৰিব পৰা এটা সত্বা। চৰকাৰে কি আঁচনি কৰিছে, বাদ দিয়ক সেইবোৰ কথা। কিন্তু আজি আপুনি বুকু ডাঠি কব পাৰে, অসমত উগ্ৰবাদী এতিয়া অতংকবাদী নহয়, অসমৰ পিৰালিৰ চাকি সাতগধূলিতে এতিয়া নুমাই নাযায়, শিক্ষিত অসমীয়া ডেকাই চাকৰিৰ বাবে বাট চাব লগা অৱস্থা এতিয়া আৰু নাই। অসমীয়াসকল এতিয়া নিজেই পৰিপক্ক, নিজেই একো একোখন চৰকাৰক বাট দেখুৱাই নিব পৰা শক্তি।
অসম এতিয়া বিষ্ণুৰাভাই সপোনত দেখা অসম, অসম জনতাই মাৰ বান্ধি জাগৰণ তোলা অসম, অসম ৰাইজৰ পৰিচালনাৰে পৰিচালিত চৰকাৰৰ অসম।

Saturday, April 22, 2017

নমামি ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (৪)


যিমান চেষ্টা নকৰিলেও শেষ কৰিব নোৱাৰা বিষয় - পানী। যি পানীৰ বাবে আমাৰ অন্বেষণ আৰম্ভ হৈছিল - ব্ৰহ্মপুত্ৰ, তাৰে পাৰে পাৰে আমি বহু ঠাই ঘূৰিলোঁ, বহু কথা দেখিলোঁ, বহু কথাক সাঁথৰ হিচাপেই সাৱটি ললোঁ আমাৰ বুকুত। তাৰ পিছতো অনুসন্ধিৎসু শেষ নোহোৱা বাবে অৱশেষত আকৌ খুৰাক সুধিলোঁ সেই গুৰুত্বপূৰ্ণ কথাষাৰ - ইমান গুৰুত্বপূৰ্ণ স্থান পাব লগা, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব পাব লগাকৈ পানীতনো কি আছে। লগে লগে গুগল খুৰাই ধমকি মাৰি উঠিল - "মূৰ্খ, তাকো নাজান?"
খুৰাই কি ক'লে তাক কম। তাৰ আগে আগে পুনৰ এবাৰ উজাই মেলিব খুজিছোঁ বাট, লুইতৰ বুকুৱেদি। পানীক একাষৰীয়াকৈ ৰাখি আমি বগাই গ'লোঁ টিলাবোৰলৈ; টিলাৰ পৰা সৰু পাহাৰবোৰলৈ আৰু অৱশেষত হিমালয়লৈ। আচলতে সৰু বৰ পৰ্বতৰ বুকুতেই থাকে অলেখ ৰহস্য আৰু সেই ৰহস্য ভেদ কৰিব পাৰিলেই আহৰণ কৰিব পাৰি সম্পদ। চীনা চৰকাৰে সেই ৰহস্য ভেদ কৰি আহৰণ কৰাত লাগি গৈছিল সম্পদসমূহ। বসুমতীৰ বুকু সুদা কৰি কাঢ়ি লৈ গৈছিল এপদ এপদকৈ সম্পদসমূহ আৰু সেই সম্পদেৰে ভৰাই তুলিছিল ৰাজকোষ। কিন্তু ভাৰতবৰ্ষ এনেয়ে আছিলনে?

তথ্যই কয়, নাছিল। ভাৰতবৰ্ষও এনেই নাছিল। কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাহাৰবোৰত ইংৰাজসকল থকা দিনৰে পৰাই সম্পদ আহৰণত ব্যস্ত আছিল চৰকাৰ। কিন্তু ভূগৰ্ভ খান্দি কেৱল কয়লা-পেট্ৰ'লিয়ামজাতীয় সম্পদসমূহতেই ক্ষান্ত আছিল ভাৰতবৰ্ষ। কিন্তু হঠাতে যেন অন্য এক দুৱাৰ মুকলি হ'ল। লাহে লাহে উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰে গুৰুত্ব পালে। কাশ্মীৰৰ গুৰুত্ব আৰু মৰ্যাদাৰ কথা কম, অলপ লাহে লাহে। তাৰে আগে আগে ৰ্উত্তৰ-পূৱৰ কথাখিনি শেষ কৰি লওঁ। উত্তৰ পূৱত সম্ভেদ পোৱা গ'ল বহুতো মূল্যৱান খনিজাত সামগ্ৰীৰ আৰু লাহে লাহে সেই বাবেই হৈ পৰিল "অষ্টলক্ষ্মী"। দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰয়োজন হ'ল "অষ্টলক্ষ্মী"ৰ উন্নয়ন। আৰু তাতোকৈ কিবা? আছে। আৰু আছে। যাম, লাহে লাহে।

এতিয়া আহোঁ পানীলৈ। আচলতে পানীৰ ইমান গুৰুত্ব কিয়? গুগলৰ পাত বাগৰাৰ আগেয়ে নৈৰ সিপাৰলৈ গৈছিলোঁ। যাওঁতে সৰু সুৰা দুই এটা কথা মনলৈ আহিছিল। যেনে ধৰক, মই থকা ঠাইৰপৰা যদি নৈৰ বুকুলৈ যাওঁ, উষ্ণতা প্ৰায় দুই ডিগ্ৰীমান কমি আহে (এয়া ধাৰণাহে দেই)। খুব গৰমতো নৈৰ বুকুত পাওঁ বতাহৰ চানেকি আৰু ঠাণ্ডাৰ প্ৰভাৱ। পানীয়ে লৈ যায় নৈপৰীয়া জাৱৰ আৰু দি থৈ যায় পলসুৱা মাটি। আমি খোৱা প্ৰতিগিলাছ পানী দেখোন লুইতেই যোগান ধৰে (মোৰ ক্ষেত্ৰতহে)। অন্যৰ ক্ষেত্ৰত হয়তো মাটি খান্দি ওলোৱা পানীও হব পাৰে। লুইত পৰ্যটন, লুইত সপোন, লুইত গীতিকাৰৰ গানৰ উৎস, ঔপন্যাসিকৰ বিষয় আৰু কত যে কি!! তাৰমানে এই সকলোবোৰ কেৱল পানীৰ বাবেই নহয়নে? যদি লুইতত কাইলৈ পানী শূন্য হৈ পৰে, আমি একেদৰেই আদৰি লমনে লুইতক? নাই, নলও। কেতিয়াও নলও। যেনেকৈ ফলগু নদীক লোৱা নাই, তীষ্টাক অৱহেলা কৰিবলৈ লোৱা হৈছে, ঠিক তেনেকৈ। মানে, পানীহে আচল গুৰি। এই সৰু ক্লু লৈয়ে আৰম্ভ কৰি দিলোঁ আমাৰ অন্বেষণ। পানীৰ গুৰুত্বৰ কাৰণ।

পানীৰ গুৰুত্ব এই বাবেই অধিক যে পানী খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অংগ। পানীৰ পৰিমাণৰ হেৰফেৰৰ লগত নিৰ্ভৰ কৰে এই তিনিওবিধৰ ভাৰসাম্যতা। তেন্তে সকলোৱে পানীক লৈ ইমান কাজিয়া কৰে কিয়?

তাৰো কাৰণ আছে। তথ্যই কয় বিশ্বব্ৰহ্মাণ্ডৰ ৭০ ভাগ পানী। আৰু সৰ্বমুঠ পানীৰ প্ৰায় ৫০ ভাগেই বৰফাৱস্থাত বা গ্লেচিয়াৰত আছে। অন্য ৩০ ভাগ সাগৰত আৰু বাকী ২০ ভাগ নৈ-জুৰি, খাল-বিল বা অন্য স্থানত আছে। অন্য স্থান বুলিলে বায়ুমণ্ডল, ভূ-গৰ্ভ আনকি আমাৰ শৰীৰৰ ভিতৰভাগত থকা পানীকো সামৰা হৈছে। কিন্তু লাহে লাহে পানীৰ পৰিমাণ যেন কমি আহিবলৈ ধৰিছে। গ্লেচিয়াৰ গলিবলৈ আৰম্ভ কৰিছে। নৈ শুকাবলৈ আৰম্ভ কৰিছে, বিষাক্ত হৈ গৈ আছে পানী, অনুপযুক্ত হৈ আহিছে পানী। কিন্তু কিয়? ভাৰসাম্যতা। একমাত্ৰ ভাৰসাম্যতাৰ বাবে। আমি ভাৰসাম্যতা ৰক্ষা কৰি খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে পানীক কামত লগাব পৰা নাই। পানীক কেৱল আমাৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰিবলৈ শিকি আহিছোঁ।

পানী আৰু পৰিৱেশৰ গৱেষকসকলে কয়, বিংশ শতিকাৰ সোণ যেনেকৈ আছিল তেল, একবিংশ শতিকাৰ সোণ হব পানী। ভাৱি চালে নোহোৱাও নহয়। আমি যদি চকু ফুৰাও দেখিম, যিবোৰ দেশ সমৃদ্ধিশালী, সেইবোৰৰ অধিকাংশই পানীৰ ধনী। পানীৰ ধনী বুলি কওঁতে সেইসমূহ ৰাষ্ট্ৰৰ ভূ-ভাগ অথবা চাৰিসীমা পানীৰে ভৰপুৰ কথাটোৱেই বুজোৱা হৈছে। আৰু কূটনীতিবিদসকলেও কথাখিনিৰ গুৰুত্ব বুজি উঠিছে। লগে লগেই চৰকাৰ সাজু হৈছে পানীৰ ধনী হোৱাৰ বাবে। আৰু আৰম্ভ হৈছে শীতল যুদ্ধ। কিন্তু কেৱল পানীৰ ধনী হোৱাৰ বাবেইনে এই কচৰাজি?

নহয়। নিশ্চয় নহয়। পানীহে ৰাষ্ট্ৰযন্ত্ৰক দেখুৱাইছে বহু সম্ভাৱনাৰ বাট। পানী উদ্যোগীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পৰিবহনৰ মাধ্যম। পানী সুৰক্ষাৰ বাবে উত্তম মাধ্যম। পানী উৎপাদনৰ বাবে প্ৰয়োজনীয় মাধ্যম। লাহে লাহে সেই বাবেই পানীৰ ওপৰত আধিপত্যৰ বাবে দেশবোৰৰ মাজত আৰম্ভ হৈছে নিগণি দৌৰ। সকলোৱে ভাবিবলৈ লাগি গৈছে, পানী য'ত অধিককৈ থাকিব, সেইখন দেশৰেই অস্তিত্ব অধিক কাল টিকি থাকিব। চীনে সেই বাবেই আৰৱ সাগৰ ভাৰত মহাসাগৰৰ ওপৰত পোনে পোনে নোৱাৰিলেও পাকিস্তান, ভাৰতৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে। আৰু গ্লেচিয়াৰবোৰ?

অনুৰূপ ঘটনা ঘটিছে গ্লেচিয়াৰৰ ওপৰত আৰু তাৰ পৰা উৎপন্ন হোৱা জলধাৰাসমূহৰ ওপৰতো। কাশ্মীৰ তাৰেই এক নিদৰ্শন। এতিয়া কাশ্মীৰ কাক লাগিব বুলি সিধিলে চাগৈ এখন হাজাৰদলীয়া প্ৰতিযোগিতাই হৈ যাব। কিন্তু গ্লেচিয়াৰ বা পানীয়েই যে কাশ্মীৰৰ গুৰুত্বৰ প্ৰধান কাৰণ, তেনে নহয়। যদিও এই অন্বেষণত এয়া প্ৰসংহীন এক বিষয়, তথাপি হিমালয়ান অঞ্চলত হোৱা মূল্যৱান বনজ সম্পদো এই গুৰুত্বৰ অন্য এক কাৰণ বুলি পৰিৱেশ অধ্যয়নকাৰীসকলে দাবী কৰিছে।

এতিয়া আহোঁ মূল কথালৈ। ব্ৰহ্মপুত্ৰৰ পৰা আমি এক বিশাল বিষয় আমাৰ অন্বেষণত আমি পালোঁ। যিটো বিষয়ত কেৱল সমস্যাৰ কথাহে কোৱা হ'ল। তেন্তে সমাধান ক'ত? খুৰাৰ এয়াই দোষ যে, খুৰাৰ ওচৰত সমাধান নাথাকে। কিন্তু থাকে সমাধানৰ বাবে লোৱা বিশেষ কিছুমান পদক্ষেপৰ কথা। আন্তঃৰাষ্ট্ৰীয় জল-বিতৰণ, জলচুক্তি আৰু বুজাবুজিৰ মাজেৰে দেশসমূহে এক সুন্দৰ বাৰাবৰণৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াভাৱে বৈজ্ঞানিকসকলে ভাবি উলিওৱা বিভিন্ন জল-বিতৰণৰ উপায়সমূহ অৱলম্বন কৰি ইয়াৰ সৰ্বোৎকৃষ্ট প্ৰয়োজনীয় খৰচেৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু খাদ্যসামগ্ৰীৰ উৎপাদনেৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ মানৱসম্পদক বিপদমুক্ত কৰিব পাৰে। অন্যথাই পানীৰ এই কন্দলে যে সকলোকে এক কাতৰ মৃত্যুৰ মুখলৈ টানি নিব সেয়া নিশ্চিত।

পানীৰ এই বিপদৰ সময়ত আমাৰ কৰণীয় আছেনে? আছে। হাজাৰগুণ আছে। চৰকাৰে এই নৈপাৰত নমামী উৎসৱ পতাৰ পৰিৱৰ্তে সেউজ উৎসৱৰ বাবে ৰাইজক উদগণি যোগাওঁক। ৰাইজে মাটিৰ বুকু ফালি পানী উলিওৱাৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে বৈ অহা পানী ব্যৱহাৰ কৰিবলৈকে যৎপৰনোষ্টি চেষ্টা কৰক, বৰষুণৰ পানী ধৰি ৰখাৰ বাবে "ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং" আদিকে ধৰি উল্লেখনীয় পদ্ধতিবোৰ অৱলম্বন কৰি পানীৰ অপব্যয় ৰোধ কৰক আৰু মানৱসম্পদৰ ৰক্ষাৰ হেতুকে স্বাস্থ্য আৰু মনৰ সৱলতাৰ বাবে জৈৱিক খাদ্যৰ উৎপাদনত লাগক। দেখিব পানীৰ বাবে আমাৰ মাজত, ইখন-সিখন দেশৰ মাজত আনকি আন্তৰ্জাতিক পৰ্যায়তো খেলিমেলিবোৰ নাইকীয়া হৈ পানী উভৈনদী হৈ থাকি যাব।

[ এই প্ৰবন্ধলানি প্ৰকৃততে এক অন্বেষণহে। ইণ্টাৰেনেটত পোৱা বিভিন্ন প্ৰবন্ধ, বাতৰি, লেখা, মানচিত্ৰ, ছৱি আদিৰ যোগসূত্ৰ ঘটাই এই প্ৰৱন্ধলানি লিখিবলৈ যত্ন কৰা হৈছে। বহুতো স্থানত ইণ্টাৰনেটত পোৱা তথ্যবোৰৰো অমিল থাকে; তেনে স্থানত অধিক উপযোগী বুলি ভৱা তথ্যসূত্ৰকেই ইয়াৰ সমল হিচাপে লোৱা হৈছে। প্ৰৱন্ধলানিৰ কোনো অংশৰে ভুল উপস্থাপনৰ তথ্য যদি তথ্যসূত্ৰসহ কোবোবাই জনাই দিয়ে, কৃতাৰ্থ হম]

[ৰচনাকালঃ ১৩ অপ্ৰিল, ২০১৭]

নমামি ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (৩)


যদিও নমামি ব্ৰহ্মপুত্ৰ শেষ হ'ল আৰু লগে লগে লাহে লাহে বিতৰ্কসমূহো, আমাৰ অন্বেষণ এতিয়াও শেষ কৰিব পৰা নাই। এদিন নৈয়ে নৈয়ে উটি ভাঁহি আমি খবৰ পাইছিলোঁ সাগৰৰ। সাগৰৰ বুকুত ডিঙা মাৰি এটা পুৰা দিন ঘূৰি ফুৰিলোঁ প্ৰান্তই প্ৰান্তই। আৰু পালোঁ বহুত কিবাকিবি। আজি পুনৰ উঠি আহিছোঁ পাহাৰলৈ; এছিয়াৰ বৃহত্তম নৈবোৰৰ উৎস বিচাৰি।

পাইছোঁ। বিচাৰি পাইছোঁ বহু নতুন কথা। বুজি পোৱা, নোপোৱা বহু ৰহস্যৰ সম্ভেদ। আমি আজি পুনৰ ডিঙা উজাইছিলোঁ, লুইতৰ পৰা দিহাং, চাংপো, ঝাংবো হৈ মান্সৰোবৰ (বা মানস সৰোবৰ)লৈ আৰু মানস সৰোৱৰৰ পাৰত ৰৈ গৈছিলোঁ কিছু তথ্যৰ সমল লৈ। আচলতে তথ্য বুলি কবলৈ অলপ টান, সেয়া কেৱল গুগল খুৰাই দেখুৱাই দিয়া কিছুমান পাঠহে যিবোৰ সজাই মেলি আপোনালোককো অলপ ভাগ দিব খুজিছোঁ। হয়, আমি ৰৈ গৈছিলোঁ মানস সৰোৱৰৰ পাৰত। কৈলাশ পৰ্বতৰ যুৱলিত মানস সৰোৱৰৰ পৰাই নামি আহিছে ভাৰতৰ বহুকেইটা প্ৰধান নদী। ব্ৰহ্মপুত্ৰ, চুটলেজ, সিন্ধুকে ধৰি ভালেকেইখন বোৱতী নদী। সুউচ্চ হিমালয়ৰ গ্লেচিয়াৰে বোৱাই নিয়া প্ৰৱাহমান নদী। কিন্তু সেয়া কিমান দিনৰ প্ৰৱাহমান হৈ থাকে সেয়া হয়তো সময়েহে কব।

আমি ইতিমধ্যে কথা পাতিছোঁ চীনৰ বিভিন্ন কূটনৈতিক কৌশলেৰে সমুদ্ৰ দিশলৈ সাম্ৰাজ্যবাদ বঢ়োৱাৰ অভিসন্ধিৰ কথাৰে। কথা পাতিছিলোঁ সাগৰক ভিত্তি কৰি গঢ়ি উঠা আন্তৰ্জাতিক "ভাল পোৱা", "বেয়া পোৱা" বোৰৰ কথা। তথাপি খু-দুৱনি আছিল তীব্বতক লৈ। কিহৰ বাবে চীনে তীব্বতৰ প্ৰেমত পৰিছিল আৰু নিজে হৈ আছিলহি তিব্বতৰ ঘৰজোঁৱাই! সেই অন্বেষণত নামিয়েই আমি গৈ পাইছিলোঁ মানস সৰোৱৰৰ ওচৰত।

তীব্বত এছিয়াৰ আটাইতকৈ পিছপৰা আৰু আগ বাঢ়িব নোৱাৰা অঞ্চল আছিল। কিন্তু তীব্বতৰ ওপৰত নজৰ আছিল প্ৰথম বিশ্বৰ দেশসমূহৰ বহুতৰে। চীনৰ অধীনলৈ যোৱাৰ আগে আগে তোওব্বতলৈ মন মেলিছিল বৃটিছসকলে। ভাৰত উপ মহাদেশৰ সোৱাদ লৈ বৃটিছসকলে মনে মনে চলাথ কৰিছিল তীব্বতৰ গৰ্ভস্থল। কিন্তু তেওঁলোকৰ দিশ ভুল আছিল। তীব্বতৰ আটাইতকৈ কঠিন আৰু দুৰ্গম সীমান্তৰে তেওঁলোকে বিচাৰিছিল তীব্বতৰ ভিতৰলৈ সোমোৱা সহজ বাট। কিন্তু নোৱাৰিলে। যদিও সেই সময়ত আভ্যন্তৰীণ কন্দলত চীন আছিল নিশকটীয়া, তীব্বত প্লেটৰ আনটো ফালে ৰৈ আছিল শক্তিশালী ৰাছিয়া। ৰাছিয়াৰ বৰ্ধিত সাম্ৰাজ্যবাদ আৰু ক্ৰমে উত্থান হৈ থকা জাপানৰ শক্তিক পাৰ হব নোৱাৰি বৃটিছ থমকি ৰৈছিল। কিন্তু এইবাৰ মন মেলিছিল ৰাছিয়াই। ৰাছিয়াই ইতিমধ্যে পোখা মেলি আগুৱাই আহিছিল কম্বদিয়ালৈকে। হয়তো তাৰ পিছত লক্ষ্য হ'লহেতেন তীব্বত। কিন্তু চীনাসকলে আপোচ কৰি লৈছিল। গৃহকন্দলৰ সামৰণি মাৰি চীনে ইয়াৰ আভ্যন্তৰীণ সুস্থিৰতাত মন মেলিছিল। তথাপি তীব্বতলৈ মন নাছিল চীনৰ। কিন্তু ৰাছিয়াৰ তীব্বতৰ প্ৰতি থকা আগ্ৰহে চীনাসকলকো তীব্বতৰ প্ৰতি কৌতুহল আনিল আৰু চীনে বিচাৰি পালে এক নতুন তথ্য।

হয়। সেই কথাকেই কবলৈ বিচাৰিছোঁ। কিহৰ বাবে তীব্বত সকলোৰে ইমান প্ৰিয়ভাজন হ'ল, সেই কথা। তেতিয়া তীব্বত আছিল মাথোঁ আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰ। উন্নয়ন, বিজ্ঞান আদিয়ে তীব্বতক চুব পৰা নাছিল। কিন্তু চীনাই কেনেবাকৈ গম পালে তীব্বতত লুকাই থকা গুপ্ত ভাণ্ডাৰৰ কথা। গ্লেচিয়াৰ। পানী। নৈ আৰু তাৰ পিছত চীনে দেখিলে শক্তিৰ উমান। লগে লগে আৰম্ভ হ'ল তীব্বত প্ৰীতি। সেই তীব্বত প্ৰীতিয়ে পুনৰ মুকলি কৰিলে অন্য কিছুমান ভাণ্ডাৰ। তীব্বতৰ গৰ্ভত লুকাই থকা পৃথিৱীৰ আটাইতকৈ মুল্যৱান ধাতু, মানিক আৰু খনিজাত সামগ্ৰীৰ খবৰ চীনে পাই গ'ল। আৰু তাৰ পিছত? ১৯৫০ চনত নিজৰ কৰি ল'লে তীব্বতক। তীব্বতক নিজৰ কৰি লোৱাৰ লগে লগে সকলোবোৰ যেন নিজৰেই হৈ গ'ল। গ্লেচিয়াৰ, পানী, নৈ, ধাতু, মুকুতা, খনিজাত সামগ্ৰী, সকলো। কিন্তু তীব্বতীসকলো লাহে লাহে আলোকিত হৈ উঠিছিল। শিক্ষাৰে বুজি উঠিব আৰম্ভ কৰিছিল, ইয়াত ভূপৃষ্ঠৰ মূল্যৰ কথা আৰু লগে লগে অনুধাৱন কৰিব পাৰিছিল চীনৰ তীব্বত দখলৰ কথা।

এইবাৰ কিন্তু চীনে বেলেগ পন্থা ল'লে। নৈপাৰৰ পৰাই কম খৰচতেই আহৰণ কৰি গ'ল সামগ্ৰীসমূহ, নৈৰ উন্নতিৰ দোহাই দি। চীনে পানীৰ শক্তিক ব্যৱহাৰ কৰিলে খনিজাত সামগ্ৰীসমূহ আহৰণৰ বাবে। বৃহৎ বৃহৎ বান্ধেৰে পানী জমা ৰাখি তাৰ তলেৰে আহৰণ কৰি গ'ল সামগ্ৰীসমূহ আৰু অন্যক দেখুৱাই উৎপাদন কৰিলে নদীবান্ধ। কিন্তু কিমান দিনলৈ? তীব্বতীয়ানসকল এইবাৰো সজাগ হ'ল। গোটেই বিশ্বতে শান্তিসুলভ ভংগীমাৰে তীব্বতে জনমত গঠন কৰিলে। কিন্তু চীন জানো কম। এইবাৰ তেওঁলোকে আৰম্ভ কৰিলে নদীৰ দিশ সলনি কৰি অন্য দিশলৈ লৈ যোৱাৰ পৰিকল্পনা।

পৰিকল্পনাতে ক্ষান্ত নাথাকি চীনে হাতে কামে লাগি গ'ল উক্ত কামত। দিশ সলনি কৰাৰ আঁৰত চীনৰ আছিল দুটা উদ্দেশ্য। প্ৰথম নতুন ঠাইত পাব পৰা খনিজাত সামগ্ৰীৰ উৎস খননৰ বাবে বেলেগকৈ ব্যয় খৰচ কৰি বিচাৰিব নালাগে। কাৰণ, নৈয়ে সেই কাম কৰি দিব। আৰু দ্বিতীয়তে দক্ষিণফালৰ নৈসমূহক উত্তৰলৈ বোৱাই চীনে সকলো নৈৰ সিংহভাগ দায়িত্ব আৰু ক্ষমতা নিজৰ হাততেই ৰাখিব। ইতিমধ্যে চীনৰ শেহতীয়া পৰিকল্পনাত চাংপো নদীৰ দিশ সলনি কৰাৰ কথাও আছে।

চীনৰ এই তীব্বত অগ্ৰাসনত ৰাষ্ট্ৰসংঘ নিমাত কিয়? কিয়নো এছিয়াৰ কোনো দেশেই চীনৰ বাহিৰৰ ৰং চং চায়েই মাত নপতাকৈ আছিল। তাতে তীব্বত অগ্ৰাসনত চীনক সমৰ্থন জনাইছিল কিছুমান ৰুছ শক্তিয়ে। চীনে তীব্বতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত নিজৰ কৰি লৈ একাত্ম হৈ পৰিছিল আৰু দেখুৱাই আহিছিল যে তীব্বতক চীনে কেৱল আধ্যাত্মিক আৰু সাংস্কৃতিক উপাসনাৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে। কিন্তু চীনৰ সকলো কথা সজোৰে তথ্যসহকাৰে ৰাষ্ট্ৰসংঘত উত্থাপন কৰিছিল ডলাই লামাই। ডলাই লামা তেতিয়া তীব্বতৰ পৰা নিৰ্বাসিত হৈ ভাৰতত সোমাইছে। লাহে লাহে জনমত গঢ়ি উঠিছে আৰু চীনে তীব্বতৰ লগত আলোচনা কৰিবলৈ মান্তি হৈছে যদিও আটাইবোৰ আলোচনাই এতিয়ালৈ বিফল হৈ আহিছে। তীব্বতৰ প্ৰধান দাবী চীনে পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰতি সন্মান জনাই তীব্বতৰ খনিজাত সামগ্ৰী আৰু পানীক মুকলি কৰি দিব লাগে। ভাৰত আৰু এছিয়াৰ প্ৰায়বোৰ দেশেই এই প্ৰস্তাৱত সমৰ্থন দেখুৱাইছে। কিছুমান দেশে আনকি চীনৰ লগত সাগৰীয় বানিজ্যৰ বুজাপৰাকো এই বিষয়ৰ লগত সাঙুৰি চৰ্ত বান্ধি দিছে।

কৈলাশ পাহাৰৰ পৰা গোটেই তীব্বতীয় প্লেটখনকেই যদি প্ৰথন বিশ্বৰ এই ৰাক্ষস দেশসমূহৰ পৰা বচাব পৰা নাযায়, তেন্তে পানীক লৈয়ে যে এখন লংকাণ্ড বা তৃতীয় বিশ্বযুদ্ধৰো আয়োজন নহব তাক কব পৰা নাযায়। অৱশ্যে ব্যক্তিগত পৰ্য্যায়ত মই বিশ্বাস কৰোঁ যে তৃতীয় বিশ্বযুদ্ধ কৰিবলৈ দেশসমূহৰ কূটনৈতিক বিভাগে কেতিয়াও ইমান মুৰ্খামি নকৰিব।

কৰ পৰা যে ক'ত পালোহি !! এতিয়া যিমানেই নামি আছোঁ, সিমানেই বুৰি আছোঁ। হয়তো সাতুৰিব নোৱাৰালৈকে পানীত নামি যোৱাৰ এই কৰিক্ৰমা এৰিবও নোৱাৰিম। যদিও আমাৰ এই যাত্ৰা লুইতৰ বুকু খান্দি আগুৱাই যোৱাৰ যাত্ৰা, তথাপি আমি চেষ্টা কৰিম সাগৰত পুনৰ এবাৰ বুৰিবলৈ। কিজানিবা তাত পুনৰ কিবা পাওঁৱেই। অৱশ্যে খুৰাক লগত লয়েই চলিব আমাৰ এই অন্বেষণ, গুগল খুৰাক লৈ।

[আগলৈ]

[ৰচনাকালঃ ৭ অপ্ৰিল, ২০১৭]

নমামী ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (২)


আছে, আৰু আছে। যিমানে খন্দা যাব, সিমানেই হয়তো ওলাব। আনৰ্জাতিক জল ৰাজনীতিক লৈ আমি কালি এক অন্বেষণত নামিছিলোঁ। নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈ গুগল খুৰাক সুধিছিলোঁ লুইতৰ উৎসৰ তথ্য। তাৰ পিছত খুৰাই মেলি ধৰিছিল এক নেমেলা কিতাপ, যাৰ মই বেটুপাতটোৱেই দেখা নাছিলোঁ। কালি কিতাপখনৰ দুটামান পৃষ্ঠা পঢ়ি আজি আকৌ নামি পৰিলোঁ পানীৰ অন্বেষণত। কালিতকৈ অলপ বহলভাৱে।

সদায়ে প্ৰশ্ন হৈছিল গাঁওৰ মানুহৰ মাজত হোৱা সীমাৰ কাজিয়াৰ নিচিনা দুখন দেশৰ মাজতো সীমাৰ বাবেই কাজিয়া হব পাৰেনে। কিন্তু তথ্যই কৈছিল, পাৰে। পাৰে, যেনেকৈ হৈছিল সীন-ভাৰতৰ যুদ্ধ, পাক-ভাৰতৰ যুদ্ধ। কিন্তু কালিৰ কিতাপখনে মেলি ধৰিলে অন্য এক ছবি। আৰু ছবিৰ কথাৰে আজি কম, নোৱাৰে। সীমাই একমাত্ৰ কাজিয়াৰ মূল নহয়। তেন্তে? তেন্তে মূল কাৰণনো কি?

যোৱাকালি অলপ পাইছিলোঁ, পানী ভাগ বতৰাই হৈছে আমি দেখা কিছুমান গতানুগতিক কাজিয়াৰ অগতানুগতিক কাৰণ। আজি আকৌ যেতিয়া মেলি লৈছোঁ ভিতৰৰ পাতবোৰ, পানীয়ে কঢ়িয়াই ফুৰিছে অন্য এক ছৱি।

আমি চীনৰ জল অগ্ৰাসনৰ কথা কৈছিলোঁ। কিন্তু তাৰ আগে আগে চীন আৰু ভাৰতৰ অলপ ভৌগলিক বাখ্যাও প্ৰয়োজন হব পাৰে। দিশ নধৰাকৈ চিধাচিধিকৈ কৈছোঁ (যিহেতু দিশে বহুতৰে খেলিমেলি লগায়), চীনা ভূখণ্ডৰ লগত আছে চীনা সাগৰ। মাত্ৰ এফালে। আৰু ভাৰতৰ লগত আছে দুখন। আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ। সম্ভাৱনাৰ ফালৰ পৰা সাগৰে চীনতকৈ ভাৰতলৈ বেছি সুবিধা দিছে। সাগৰৰ মুকুতা আৰৱ সাগৰে ভাৰতক আৰৱীয় দেশলৈ বানিজ্যৰ সুবিধা দিছে, যিদৰে দিছে পাকিস্তানকো। কিন্তু চীনে সেই সুুবিধাকণ পোৱা নাই। অন্যহাতে চীনা সাগৰৰ পৰা ভাৰত মহাসাগৰ হৈ আৰৱ সাগৰ পাবলৈও বহু দূৰ। সেইবাবে ইউৰোপৰ লগত বানিজ্যৰ সূত্ৰে যাতে ভাৰতে চীনক পাৰ হৈ যাব নোৱাৰে, তাৰ বাবে দক্ষিণ চীন সাগৰত আনৰ প্ৰৱেশত বাধা দিছে চীনে। ফলস্বৰূপে ভিয়েটনাম ৰুষ্ট হৈছে। এই বাধাৰ অন্য এক কাৰণ হ'ল ৰাছিয়া আৰু ভাৰতৰ মৈত্ৰী ভাৱ, যাতে ভাৰতে অনায়াসে সাছিয়াৰ পৰা সহায় লব নোৱাৰে। সেই ৰুষ্টতাৰ সুযোগ ভাৰতে লৈছে আৰু আৰু চীনৰ ওপৰত চাপ দিছে। ইপিনে জাপান আৰু কোৰিয়াৰ লগৰ ফেৰ পাতিব নোৱাৰি উত্তৰ ফালে সাগৰত ইমান বাধা বিঘিনি ৰখা নাই।

সেয়েহে চীনে অৱশেষত আঙুলি বেকাঁ কৰিহে এৰিলে। চীনে ল'লে পাঁচবছৰীয়া কূটনৈতিক পৰিকল্পনা। "বেল্ট এণ্ড ৰোড" তাৰ নাম। এই প্ৰকল্পৰ অধীনত দুটা অংশ সামৰি লোৱা হ'ল। তাৰে প্ৰথম অংশত চীনে বাচি ল'লে পাকিস্তানক। পাক অধীকৃত কাশ্মীৰত চীনে সাজিব ল'লে এক বান্ধ। সেই বান্ধ বন্ধাৰ উদ্দেশ্য হ'ল পাকিস্তানক বৈদ্যুতিকভাৱে সহায় কৰা। এয়া নিত্যান্তই হাস্যকৰ যেন লাগে যদিও প্ৰকৃততে কিন্তু আচল কথা বেলেগহে। এই বান্ধৰ যোগেদি চীনে পাকিস্তানৰ জৰিয়তে আৰৱ সাগৰলৈ আন্তৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিব। আৰু তাৰ যোগেদি ইউৰোপ আৰু মধ্য এছিয়াত প্ৰাধান্য বিস্তাৰ কৰিব। সেই বান্ধৰ প্ৰভাৱ যিহেতু ভাৰতৰ কেবাখন প্ৰদেশৰ ওপৰত পৰিব, ভাৰতে এই কামত বাধা দিলে। ভাৰতক সমৰ্থন কৰিলে নেপাল বাংলাদেশে। কিন্তু সেইবোৰ দেশক কোনে পাট্টা দিয়ে? গতিকে চীন অটল থাকিল। সেই বাবেই ভাৰতেও সিন্ধুক ভেটা দিয়াৰ পৰিকল্পনা কৰিলে। সেই পৰিকল্পনাত সেও মানি পাকিস্তানে সদ্যহতে চীনক বান্ধ সজোৱাত সেউজ সংকেত দিও থমকি ৰৈছে।
অন্যফালে ভাৰত মহাসাগৰ হৈ দক্ষিণ পূৱ এছিয়াত সোমাব পাৰিলে চীন হৈ পৰে এছিয়াৰ সম্ৰাট। সেই বাবে পৰিকল্পনা কৰিলে যুটীয়া অৰ্থনৈতিক বুজাপৰাৰে তৈয়াৰ কৰিব অন্য এক বেল্ট। কিন্তু ভাৰতে এইবাৰো না কৰিলে। যিহেতু এই বেল্টৰ প্ৰায় অৰ্ধাংশই ভাৰতৰ মাজেদি যাব, ভাৰতৰ সহায় অবিহনে এয়া কোনোপধ্যেই সম্ভৱ নহয় বুলি জানি চীনে পৰিকল্পনা কৰিলে উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ নদীসমূহক ভেটা পৰিকল্পনা। যিসমূহ ভেটিলে উত্তৰ পূৰ্বাঞ্চল হয়তো নিঃশেষ হৈ যাব আৰু চীনে সীমাৰ আচিলাৰে এই ৰাজ্যসমূহত কব্জা কৰিব পাৰিব। কিন্তু এইবাৰো ভাৰত বহি নাথাকিল। দক্ষিণ চীনা সাগৰত ভিয়েটনামৰ সহযোগত প্ৰায় প্ৰথম বিশ্বৰ সকলো দেশৰেই সমৰ্থন গোটাই ভাৰতে আৰম্ভ কৰিলে বিদ্ৰোহ। ৰাছিয়াই সমৰ্থন কৰা এই বিদ্ৰোহত চীনা এইবাৰো পিছ হুহকিবলৈ বাধ্য হ'ল।

ব্ৰহ্মপুত্ৰ। লুইত। খান্দি খান্দি বহুকেইখন মহাসাগৰ খূৰিলোঁ। প্ৰায় ৪০ বছৰমানৰ পুৰণি কূটনীতিৰ ফাইলসমূহ। হয়। লুইতক বচাবলৈ, ভাৰতক বচাবলৈ ভাৰতে এইবাৰ আৰম্ভ কৰিলে "পূৰ্ব সংযোগী" আঁচনি। হয়তো চৰকাৰভেদে এই আঁচনিৰ নাম বেলেগ হব পাৰে, কূটনৈতিক এই যুদ্ধখনৰ সামৰণি কিন্তু এতিয়াও হোৱাই নাই। ইতিমধ্যে ভাৰতে এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে এই আঁচনিৰ উদ্ঘাটন আৰু ৰূপায়নত গুৰুত্ব দিছেই। যদিহে এই আঁচনি সম্পূৰ্ণভাৱে সফল কৰিব পাৰে, চীনে যে নমনীয় স্থিতি গ্ৰহণ কৰিব, সেয়া ধূৰুপ।

কিন্তু এই সাগৰীয়, জলসাম্ৰাজ্যবাদৰ প্ৰধান কাৰণনো কি? কিহৰ বাবেনো সাগৰে আন্তৰ্জাতিক ৰাজনীতিত ইমান গুৰুত্ব দিব লগা হৈছে? আছে। আৰু বহু অন্বেষণ বাকী আছে। লাহে লাহেআব্যাহত থাকিব লুইতৰ বুকুৱেদি এই জ্বালামুখী যাত্ৰা, নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কৰ পিছপিনে।

[আগলৈ]

[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৭]

নমামী ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ (১)

চীন ভাৰতৰ যুদ্ধ সীমাৰ বাবেই হৈছিলনে? বহু অঞ্চলতকৈও পিছপৰা বৰফাবৃত আৰু দুৰ্গম, সুউচ্চ পৰ্বতাঞ্চল চীনে নিজৰ কৱলত আনিবলৈ লাগিছিল কিয়? ভাৰতেই বা তীব্বতক সমৰ্থন কৰিছিল কেলেই৷ 

হয়৷ সকলোখিনি পানীৰ বাবেই৷ এয়াই আন্তৰাষ্ট্ৰীয় জল বিবাদ৷ আৰু এই বিবাদত আটাইতকৈ অধিক ভুক্তভোগী ভাৰত৷ উত্তৰ পূৰ্বাঞ্চল, উত্তৰ ভাৰত, মধ্য ভাৰতৰ কিছুখিনি এই তীব্বতৰে দান৷ আৰু সেই আটাইবোৰত চীনে সজাই ৰাখিছে প্ৰকাণ্ড কিছুমান বান্ধ৷ আনকি লুইতৰ প্ৰধান জলধাৰ দিহাঙেও বহন কৰিব লগা হৈ আছে এনেকুৱা বহুকেইটা বান্ধ৷ আনকি ম্যানমাৰৰ নিকটবৰ্তী অঞ্চলতো চীনাৰ অগ্ৰাসন চলি আছে একমাত্ৰ জল সাম্ৰাজ্যবাদৰ খাটিৰতে৷ কাশ্মীৰত পাক অধীকৃত এলেকাৰ কিছু অংশও আনকি চীনে নিজৰ কব্জাত ৰাখিছে তাৰ বাবেই৷ 

৬১ ত চীনৰ চেয়াৰমেনৰ লগত ভাৰতৰ কি বৈঠক হৈছিল, সেয়া আজিও সম্পূৰ্ণ মুকলি নহয়৷ আৰু তাৰ ঠিক পিছতেই চীন ভাৰতৰ যুদ্ধ৷ চীনে ভালকৈয়ে জানে যে দক্ষিণ পূৱ এছিয়াৰ সম্ভাৱনাপূৰ্ণ দেশসমূহক বশ কৰিব লাগিলে জল প্ৰতিপত্তিয়েই প্ৰধান অস্ত্ৰ হব পাৰে৷ কিয়নো চীনত এতিয়াও কিছুমান নদী ব্যৱহৃত হয় কেৱল দৈনন্দিন ব্যৱহাৰৰ বাবেহে, অৰ্থাৎ কোনো বান্ধ নথকাকৈ আৰু উল্লেখনীয়ভাৱে সেই নদীসমূহৰ অস্তাচল চীনেই, মানে তীব্বতক বাদ দি অন্য দেশক বাদ দি নিজেই৷
অলপ দিনৰ ভিতৰত যদি ভাৰতে এই জল সমস্যাৰ কূটনৈতিক সমাধান উলিয়াব নোৱাৰে, অদূৰ ভৱিষ্যতে আমি যে চীনা পানী, শস্য আদি কিনি খাব লাগিব সেয়া ধূৰুপ৷

এইখিনি আজিৰ দিনটোৰ গুগল খুৰাৰ উক্তিহে মাথোঁ৷ সত্যাসত্য ঠিৰাং কৰিবলৈ এতিয়াও বহু দূৰত৷ বিষয়টো আকৰ্ষনীয় বাবেহে ৰাইজলৈ আগবঢ়ালোঁ৷ পাৰে যদি নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ বৱকু খন্দাতকৈ লুইতৰ বুকুকেই খান্দক৷

[আগলৈ]

[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৭]

Saturday, June 25, 2016

নতুন চৰকাৰৰ কৰণীয় কি কি হোৱা উচিত

২০১৬ চনত অসমৰ ৰাইজে বিপুল পৰিৱৰ্তনৰ আশা আৰু বতাহেৰে এখন নতুন চৰকাৰ গঠন হোৱাৰ সপক্ষে ভোটদান কৰিলে। সেইমৰ্মে আজিৰ দিনটোত এখন নতুন চৰকাৰ গঠন নিশ্চিত হ’ল। অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে এই চৰকাৰখনে কি কৰা উচিত আৰু কোনকেইটা দিশত গুৰুত্ব প্ৰদান কৰা উচিত সেই বিষয়ে এখন তালিকা তৈয়াৰ কৰোঁ আহক। (অনুগ্ৰহ কৰি গালি-গালাজ, মতামত আদিৰ পৰিৱৰ্তে এই তালিকাত কামৰ কথাহে উল্লেখ কৰক। লিখোঁতে যেন ৰোমান লিপি ব্যৱহাৰ কৰি অসমীয়াত নিলিখে। )
 
১/ পৰ্য্যটনঃ অসমৰ পৰ্যটনক্ষেত্ৰসমূহ উন্নিতকৰণ কৰক, নতুন নতুন ঠাই কিছুমানক পৰ্য্যটনস্থলী হিচাপে মৰ্য্যদা প্ৰদান কৰক আৰু পৰ্য্যটনৰ লগত জড়িত বিষয়সমূহত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰক।
২/ যোগানঃ অসমৰ সকলো ধৰণৰ যোগান ব্যৱস্থা নিশ্চিত কৰক, যোগান ব্যৱস্থাত চিণ্ডিকেটৰাজ নোহোৱা কৰক, বজাৰত সমতা স্থাপন কৰক।
৩/ কুটীৰ শিল্পঃ অসমৰ কুটীৰ শিল্পসমূহক পুনৰ্জীৱিত কৰক। থলুৱা শিল্পক উদগণি দিয়াৰ বাবে আঁচনি তৈয়াৰ কৰক।
৪/ শিক্ষাঃ প্ৰাথমিক শিক্ষা ক্ষেত্ৰত শিক্ষাৰ লগত জড়িত আঁচনিত গুৰুত্ব দিয়ক, ছাত্ৰ-ছাত্ৰীক জলপানিৰ ব্যৱস্থা কৰক, শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰক আৰু শিক্ষা ক্ষেত্ৰত সুস্থ জ্ঞানৰ প্ৰতিযোগিতা উভতাই অনাৰ বাবে গুৰুত্ব প্ৰদান কৰক।
ছেবা আৰু শিক্ষা পৰিষদৰ সকলো পৰীক্ষাৰ বিষয়ক কাম কাজ (ছাত্ৰ আৰু স্কুলৰ ফালৰ পৰা কৰিবলগা) অনলাইন কৰক। এই ব্যৱস্থাই প্ৰচেছিং সময় কমাব আৰু ফলাফল সোনকালে ঘোষনা কৰাত সুবিধা আনিব।
৫/ উদ্যোগিক ক্ষেত্ৰঃ বৃহৎ উদ্যোগৰ পৰিৱৰ্তে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাত মনোনিৱেশ কৰক, ক্ষুদ্ৰ ব্যৱসায়ীক উৎসাহিত কৰিব পৰা আঁচনি গ্ৰহণ কৰক।
৬/ গৃহ বিভাগঃ আৰক্ষী প্ৰশাসন সুস্থ, নিকা আৰু দুৰ্নীতিমুক্ত কৰক। গৃহ বিভাগত অত্যাধুনিক ব্যৱস্থা আৰু পদ্ধতিৰ সূচনা কৰক।
পুলিচ থানাত ধনৰ লেনদেন বন্ধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।
৭/ যাতায়ত আৰু যোগাাযোগ ব্যৱস্থাঃ যাতায়ত ব্যৱস্থাৰ উন্নতিৰ হকে ব্যৱস্থা লওঁক, কেৱল স্থলপথৰ সলনি জলপথ, বায়ুপথ, ৰেলপথৰ উন্নতিৰ বাবে কাম কৰক। অসমৰ পাহাৰীয়া ঠাইসমূহলৈ টয়ট্ৰেইন, চহৰসমূহত মেট্ৰ’ ব্যৱস্থাৰ সূচনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।
৮/ গুৱাহাটী উন্নয়নঃ ভৰলু নদীখনক পৰিস্কাৰ কৰি আভ্যন্তৰীণ জলপৰিবহনৰ বাবে মুকলি কৰিলে গুৱাহাটী স্থল পৰিবহনৰ সমকক্ষ ভাৱে ব্যৱহাৰ কৰিব পাৰি লগতে ই পৰ্যটন কাৰণেও আকৰ্ষণ ৰ কেন্দ্ৰ বিন্দু হৈ পৰিৱ
৯/ দুৰ্যোগ প্ৰশমন আৰু নিয়ন্ত্ৰণঃ প্ৰথমেই ব্ৰহ্মপুত্ৰৰ বুকু উন্নত প্ৰযুক্তি ব্যৱহাৰেৰে খান্দি বানপানীৰ সমস্যাৰ সমাধান কৰক, এনে কৰিলে উপনৈ সমূহৰ পানী উপচি নপৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ বৈ যাব, আৰু সম্পূৰ্ণ ৰূপে বানপানীৰ সমস্যা সমাধানৰ পথ প্ৰসস্ত হব।
দ্বিতীয়তে মাজুলীৰ খহনিয়া ৰোধ কৰি নদী-দ্বীপটোৰ অস্তিত্ব ৰক্ষা কৰক।
১০/ বন বিভাগঃ বনজ সম্পদ আৰু বন্যপ্ৰাণীৰ ৰক্ষানাবেক্ষণ সুনিশ্চিত কৰক।
অবাধ বন ধ্বংস বন্ধ কৰক।
বন সুৰক্ষা কৰ্মীক উচ্চ মানবিশিষ্ট কৰক।
১১/ উচ্চশিক্ষাঃ ৰাজ্যিক স্তৰত বিশেষভাৱে সুবিধাপ্ৰাপ্ত আৰু স্বীকৃত প্ৰতিষ্ঠান স্থাপন কৰক। যেনে নামনি অসমত এখন, মধ্য অশমত এখন, উজনি অসমত এখন আৰু বৰাক উপত্যকাত এখন। এই প্ৰতিষ্ঠানসমূহত অত্যাধুনিক সা-সুবিধা প্ৰণয়ণেৰে ‘ব্ৰেইন ড্ৰেইন’ ৰোধ কৰক। কলা, বিজ্ঞানৰ উপৰিও অভিযান্ত্ৰিক শিক্ষাৰ ক্ষেত্ৰত এই ব্যৱস্স্থা কৰক
১২/ ৰাইজক অসুবিধাৰ সৃষ্টি কৰি ৰাস্তাই পদূলিয়ে ভিআইপিৰাজ নোহোৱা কৰক। ৰাইজে পোনে পোনে বিভাগীয় মন্ত্ৰীক ৰিপ’ৰ্ট দিব পৰা ব্যৱস্থা কৰক। এই ব্যৱস্থাত মেইল, হোৱাটচ আপ, মোবাইল এপচ আদিৰো ব্যৱস্থা কৰক। প্ৰতি পষেকত ৰাইজক বিভাগীয় মন্ত্ৰীজনে সম্বোধন কৰি দূৰদৰ্শনত বাৰ্তা দিয়ক, বিভাগৰ কামৰ খাটিয়ান দাঙি ধৰক।
১৩/ প্ৰতিখন কেন্দ্ৰীয় আঁচনি আৰু ৰাজ্যিক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পোনপটীয়া দৰখাস্তৰ ব্যৱস্থা কৰক (অনলাইন দৰখাস্তৰ ব্যৱস্থা কৰক)। ৰাইজে সক্ৰিয় আঁচনিসমূহৰ বিষয়ে জানিবলৈ সুকীয়া ৱেবচাইটৰ ব্যৱস্থা কৰক।
১৪/ অফিচ কাছাৰীৰ সকলো দৰখাস্তৰ বাবে অনলাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক। কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা নোহোৱাকৈ কামবোৰ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰক। এৰিব নোৱাৰা ক্ষেত্ৰত ‘চিংগল ৱিনডো’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক। এই ব্যৱস্থাই অফিচ কাছাৰীত কামৰ বিনিময়ত ধনৰ লেনদেন কমাব।
১৫/ দুৰ্নীতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুত্ব সহকাৰে লওক। অভিযোগকাৰীয়ে প্ৰমাণ দিয়াৰ পৰিৱৰ্তে অভিযুক্ত কৰ্মচাৰীয়ে নিৰ্দোষিতাৰ প্ৰমাণ দাখিলৰ ব্যৱস্থা কৰক। দুৰ্নীতি প্ৰমাণিত কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰক।
 
[ ৰচনাকালঃ ১৯ মে', ২০১৬]

নিৰাশাত আশা


আজি বহুতো আপডেট দেখিলোঁ। আজিকালিৰ শিক্ষাৰ মানদণ্ডক তাহানিৰ মানদণ্ডৰ লগত ৰিজোৱা হৈছে। ভাল কথা। সমাজ এখন পৰিৱৰ্তনৰ ঢৌত উঠি ভাঁহি নাযাবলৈ এই ৰিজনি প্ৰয়োজনীয়। এই ৰিজনিত বহু ক্ষেত্ৰত অসমীয়া বিষয় আৰু সেই বিষয়ত পোৱা অধিক নম্বৰৰ বিষয়টোকো সামৰি লোৱা হৈছে। বহু ক্ষেত্ৰত কোৱা হৈছে যে মুখস্থ বা আন্তৰিকতা নোহোৱাকৈয়ে বহুতে অসমীয়া বিষয়ত বহুত নম্বৰ পাইছে। 

মোৰ কবলগীয়া তাত নহয়। কবলগীয়া এইখিনিতেই যে যদি আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত আশী বা তাতোধিক নম্বৰ পাই বিষয় হিচাপে অসমীয়াক সন্মানজনক ঠাইত ৰাখিছে বা ৰাখিব পাৰিছে, তেন্তে অসমীয়া ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নতিৰ হকে এওঁলোকে কিবা কৰিব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ বা নকৰোঁ কিয়? হয়, আজিকালিৰ ছাত্ৰ ছাত্ৰীৰ শব্দ প্ৰয়োগ, উচ্চাৰণ আদি অশুদ্ধ। হবই। তেওঁলোকৰ চাৰিওফালে যি ঘটি আছে সেয়াইতো হব। চকু মেলিলেই আজি ইংৰাজী, হিন্দী আদি পৰভাষাৰ দপদপনিৰ মাজত যদি তেওঁলোকে সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া উচ্চাৰণ কৰিব বুলি ভাবোঁ, মোৰ মতে সেয়া আমাৰ কল্পনাৰ বাহিৰে অন্য স্তৰ নাপায়গৈ।

সেয়ে সকলোবোৰ নেওচি প্ৰতিজন ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ যিসকলে অসমীয়া ভাষাক এটা মূল ভাষা হিচাপে লৈ বিষয়টোৰ সন্মান ৰক্ষা কৰিছে। এইখিনিতে মই সেইসকললৈ অনুৰোধ জনাম যদি তেওঁলোকৰ ভাষাজ্ঞান সীমিত, শব্দপ্ৰয়োগ অশুদ্ধ, উচ্চাৰণ ভুল, সেয়া পৰ্যায়ক্ৰমে তেওঁলোকে শুধৰাবলৈ যত্ন কৰক। কিবা অসুবিধা হ'লে শুধৰাই দিয়া মানুহৰ অভাৱ নহব। কিন্তু তাৰ বাবে চেষ্টা লাগিব। সেই চেষ্টা এৰি নিদিব। জন্মদিনত প্ৰিয় বন্ধুজনক এখন অসমীয়া অভিধান উপহাৰ দিয়ক। নিজেও ভুল হোৱা বুলি ভাৱ হোৱা শব্দটি অভিধানত চাওঁক। দেখিব সকলোবোৰ সঠিক দিশত আগবাঢ়ি গৈছে। ব্যৱহাৰিক জ্ঞান বৃদ্ধি হব যদিহে বৈষয়িক জ্ঞানৰ সঠিক প্ৰয়োগ ব্যৱহাৰিক ক্ষেত্ৰত কৰা যায়।

সকলোলৈ শুভেচ্ছাৰে।

[ ৰচনাকালঃ ২ জুন, ২০১৬] 

ৰাজ্যিক শোক দিৱসত কি কৰিব লাগে অসমৰ সংবাদ মাধ্যমে জানেনে


যোৱাকালি ৰাতিপুৱা অসমৰ নাট্যসংস্কৃতিৰ এক অনবদ্য সংস্কৰণ "ভ্ৰাম্যমান থিয়েটাৰ"ৰ জনক অচ্যুত লহকৰ ডাঙৰীয়া পৰলোকপ্ৰাপ্তি হয়। অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমে কথাটো বৰ বৰ হৰফেৰে ব্ৰেকিং কৰিলে, ৰাইজৰ মতামত ল'লে, সবিস্তাৰে লহকৰ ডাঙৰীয়াৰ জীৱন বৃত্তান্ত "ব্ৰেকিং" কৰিলে। তেতিয়ালৈ সকলোখিনি সঠিক আছিল। চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে যোৱাকালিৰ দিনটো শোক দিৱস হিচাপে ঘোষণা কৰিলে। জনপ্ৰতিনিধিয়ে মৃতকৰ পৰিয়ালৰ ওচৰলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলে। এইখিনি কথাও আমি গম পালোঁ সংবাদ মাধ্যমৰ জৰিয়তেই।

সেইখিনিলৈকে আমি ভাবি আছিলোঁ যে অসময় বৈদ্যুতিন সংবাদ মাধ্যম "লাইনত আহিল", সুখ-দুখৰ মোল বুজা হ'ল, সুখত হাঁহিব আৰু দুখত কান্দিব জনা হ'ল, ৰাইজৰ বেদনাত বেদনাসিক্ত হবলৈ জনা হ'ল। পিছে এই ধাৰণা কেইমুহূৰ্তমানলৈহে থাকিল। শোক দিৱসত আমি জনাত সকলো ধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন বন্ধ হব লাগে। বন্ধও হ'ল। বহু ঠাইত হবলগীয়া সম্বৰধনা অনুষ্ঠান বাতিলৰ খবৰ পালোঁ। কিন্তু দুই বজাত "নিউজ চেনেলে" আৰম্ভ কৰি দিলে "চানডে মেটিনি"। চলচ্চিত্ৰ প্ৰদৰ্শন। প্ৰায় আটাইকেইটা বাতৰি পৰিৱেশনকাৰী চেনেলেই প্ৰদৰ্শন কৰি গ'ল দেওবৰীয়া চলচ্চিত্ৰ। পিছত খবৰ পালোঁ, দুটামান চেনেলে হেনো কোনোবা নাটকৰ প্ৰ'ম'ও দেখুৱালে।

সংবাদ কি আমি হয়তো নাজানো। সংবাদ মাধ্যমৰ কৰণীয় কি, সেয়াও ভালকৈ নাজানো। অলপ চলপ যি জানো সেইমতে চলচ্চিত্ৰ, প্ৰ'ম' আদি মনোৰঞ্জনধৰ্মী অনুষ্ঠানেই হয়। ৰাজ্যিক শোক দিৱসত তেন্তে এই মনোৰঞ্জনধৰ্মী অনুষ্ঠান পৰিৱেশন কৰি চেনেলসমূহে মৃতকৰ সদগতি কামনা কৰিলে নে মৃতকক চৰম অপমান কৰিলে? এয়া চৰকাৰী ঘোষনাৰ চৰম অৱমাননা নহয়নে? নে "সংবাদ মাধ্যম" ৰ নামৰ বিপৰীতে এয়া একনায়কত্ববাদ?

আশাৰাখিছোঁ বৈদ্যুতিন মাধ্যমসমূহ এই বিষয়ত সজাগ হৈ পৰৱৰ্তী সময়ছোৱাত এনেকুৱা সৰু সুৰা ভুল আৰু দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ পৰা বিৰত থাকিব। মনত ৰাখিব আপোনালোকৰ টিআৰপিত আটাইতকৈ অধিক অৱদান আমাৰ নিছিনা দৰ্শকসকলৰেই।

[ৰচনাকালঃ ১৩ জুন, ২০১৬]

Saturday, May 14, 2016

APSC ৰ কেলেংকাৰীৰ বিৰুদ্ধে অখিল গগৈ বাহিনীৰ আন্দোলন



APSC ৰ কেলেংকাৰীৰ বিৰুদ্ধে অখিল গগৈ বাহিনীৰ আন্দোলনৰ প্ৰয়োজন আছিল আৰু ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন দুৰ্নীতিবিৰোধী ৰাইজে জনোৱা উচিত৷ কোনোবাই যদি দুৰ্নীতিৰ প্ৰমাণ বিচাৰে, তেন্তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ যোৱা এবছৰৰ লেনদেন চাওক, প্ৰমাণ পাই যাব৷

[ৰচনাকালঃ ৬ জুন, ২০১৫] 

বনগাঁওক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ দাবী



বোকাপানী নথকা গাঁওলৈ যোৱাৰ মাদকতা ক'ত? এয়া একবিংশ শতিকাৰ AIUDF ৰ অধীনৰ বৰপেটা লোকসভা তথা BJP ৰ অধীনত থকা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছয় কিঃমিঃ অাঁতৰৰ পথৰ অৱস্থা৷ মোডীৰ উন্নত ভাৰত আৰু তৰুণ গগৈৰ সোণৰ অসমৰ অন্তৰ্গত আমাৰ এই গাঁওৰ দুৰ্লভ বোকা-পানী সংৰক্ষণ কৰি এক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ আমি সজোৰ দাবী উত্থাপন কৰিছোঁ৷

 

[লিখনকালঃ ২৩ জুন, ২০১৫]