Showing posts with label লোক সংস্কৃতি. Show all posts
Showing posts with label লোক সংস্কৃতি. Show all posts

Saturday, April 22, 2017

ব'হাগ, পাউৰা গহে' আৰু আমাৰ কিছু পৰম্পৰা


নামনি অসমত ৰঙালী বিহুৰ প্ৰভাৱ কম৷ কম নহয়, আচলতে পৃথক৷ আমি দেখি অহা ৰঙালী বিহুৰ পৰম্পৰাসমূহৰ ভিতৰত প্ৰধান হৈছে গৰু বিহুৰ দিনাখন দিয়া থূপা, পাউৰা গহে, সাত শাক তোলা আদি৷ আমাৰ অঞ্চলত এই প্ৰথাসমূহ এনেধৰণে পালন কৰা হয়-

থূপা: আমাৰ সমাজত বিশ্বাস এটা আছে যে গৰু বিহুৰ দিনাৰ পৰাই গৰুত থূপা দিয়া আৰম্ভ কৰা হয়৷ এই থূপাক জাগ দিয়া বুলিও কোৱা হয়৷ গৰু বিহুৰ ৰাতিপুৱাই পানীলাও আৰু বাৰমহীয়া বেঙেনাৰে যিমান গৰু সিমানডাল মালা গঁথা, দীঘলতী পাতৰ ডাল অনা, কাতুৰী, হালধী, আমৰ কহি বতা, পঘা বতা আদিবোৰ মুখ্য কাম হৈ পৰে৷ দুপৰীয়া সময়ত ওচৰতে থকা কালদিয়া নৈলৈ দীঘলতী পাতেৰে খেদি লৈ যোৱা হয়৷ নৈত হালধী বতাৰে গা ধুৱাই ঘৰলৈ লৈ অনা হয়৷ গৰু ধুৱাই উঠি মানুহেও সেই বতাৰেই গা ধুই, অন্য লোকৰ সৈতে পানীত বুৰ মাৰি মালা আৰু দীঘলতী সালসলনি কৰে৷ আহোতে ৰাস্তাৰ ওচৰৰ পৰা বেহু, ঢেকীয়া আৰু কিছু জাৱৰ লৈ আহি থূপাৰ যোগাৰ কৰা হয়৷ সন্ধিয়া সময়ত থূপা জ্বলাই নতুন বিচনীৰে ধোৱাবোৰ গোহালিৰ ফাললৈ আৰু ঘৰৰ ফাললৈ বিচি দিয়া হয়৷ থূপাৰ অন্তত তেল আৰু কাজল মিহলাই গৰুৰ শিঙত দিয়া হয়৷ প্ৰচলিত প্ৰথা অনুসৰি, গৰু বিহুৰ দিনৰ পৰাই থূপা দিব পাৰি, বিচনী ব্যৱহাৰ কৰিব, আম খাৰ পাৰি পাৰি৷

পাউৰা গহে: আমাৰ অঞ্চলত গৰু বিহুৰ দিনাখন পাউৰা গহে তোলাৰ ব্যৱস্থা আছে৷ ঠাইভেদে পাউৰা গহেক ভঠেলি, পাৰগোঁসাই আদি বুলিও কোৱা হয়৷ গাঁওৰ কেইঘৰমান মানুহে এটাকৈ পাউৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰে৷ প্ৰথমতে একোডান বাঁহ গোটে গোটে আগ নকটাকৈ কাটি অনা হয়৷ সেই বাঁহডাল গোটেই গাতেই বিভিন্ন ৰঙৰ কাপোৰেৰে মেৰিয়াই লোৱা হয়৷ বন্ধা কাপোৰৰ একেবাৰে তলৰ ফালে মেখেলাৰ লেখীয়াকৈ এখন কাপোৰ পিন্ধাই দিয়া হয় আৰু ওপৰত পতাকা লেখীয়াকৈ কাপোৰ বন্ধা হয়৷ পৰম্পৰামতে, বাঁহৰ গাত বন্ধা কাপোৰৰ মাজত কপাহৰ পাজি এটা, তামোল পান এযোৰ বান্ধি দিয়া হয়৷ কাপোৰ পিন্ধোৱা হ'লে গোঁসাই ঘৰৰ চোতানত চাফ কৰি তাতে পুতি দিয়া হয় আৰু সাত বিহুৰ প্ৰতি দিনেই গধূলি চাকি জ্বলোৱা হয়৷ সাত বিহুৰ শেষৰ দিনা গধূলি পাউৰা নমোৱা হয়৷ প্ৰথমতে শৰাই দি হৰিধ্বনিৰে পাউৰা নমোৱা হয়৷ তাৰ পিছত কাপোৰবোৰ খুলি পুনৰ থিয় কৰাই মাটিত পৰিব দিয়া হয়৷ এনেকৈ তিনিবাৰ পৰিব দিয়া হয়৷ মাটিত পৰাৰ ফলত বাঁহৰ আগটো চিঙি যায় আৰু সেই আগবোৰ গঞাই ভগাই লৈ গৈ নাৰিকলৰ গুৰিত কোবাই পাৰৰ বাহত ৰাখে৷ লোকবিশ্বাসমতে, নাৰিকলৰ গছৰ গুৰিত কোবালে নাৰিকলৰ ফল অধিক লাগে আৰু পাৰৰ বাহত ৰখাৰ ফলত পাৰৰ জাত ভাল হয়৷

সাতশাক তোলা: সাতবিহুৰ শেষৰ দিনাখন গাঁওৰ মহিলা আৰু ছোৱালীবোৰে সাতশাত তোলে৷ সাতশাক বুলিলে আচলতে সাতবিধ শাক পাচলিবাৰীৰ পৰা তুলি অনা হয়৷ এই শাকসমূহ সাধাৰণতে খেতি হিচাপে কৰা নহয় আৰু নিজে নিজেই গজে৷ ৰাতিপুৱা সাতশাক তুলি দুপৰীয়া সকলোৱে এসাজ শাকেৰে খায়৷

পুণ্যভক্ষ: মানুহ বিহুৰ দিনাখন পৰিয়ালৰ সকলোৱে পুণ্যভক্ষ গ্ৰহণ কৰিব লাগে৷ ৰাতিপুৱা গা পা ধুই, বিহুৱান লৈ গোঁসাই সেৱা কৰি ডাঙৰক সেৱা কৰা হয়৷ সেৱা কৰি উঠি কেলেণ্ডাৰ বা পঞ্জিকা অনুসৰি, বা ওচৰৰ জনা মানুহক সুধি পুণ্যভক্ষমতে এবিধ খাদ্য খাব লাগে৷ পৰিয়ালৰ সকলোৰে বাবে পুণ্যভক্ষ বেলেগ বেলেগ হয়৷ এই ভক্ষসমূহৰ ভিতৰত নিমখ, মাহ, গুড় আদি প্ৰায়েই থাকে যদিও সেয়া নিৰ্দিষ্ট নহয় আৰু প্ৰতিবছৰে বেলেগ বেলেগ হয়৷ বিশ্বাসমতে পুণ্যভক্ষ গ্ৰহণ কৰাৰ ফলত শৰীৰ নিৰোগী হয় আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়৷

ৰঙালী বিহু কেৱল ৰঙৰেই উৎসৱ নহয়, ইয়াৰ লগত চহা জীৱনৰ বহুতো পৰম্পৰা জড়িত হৈ থাকে৷ নিৰ্দিষ্ট প্ৰথাৰে এই পৰম্পৰাসমূহ পালন কৰা হয়৷ এই পৰম্পৰাসমূহৰ মূল উদ্দেশ্যই হৈছে মংগল সাধন কৰা৷ যদিও আজিকালি এই পৰম্পৰাসমূহ প্ৰায় বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে, তথাপি কিন্তু এই পৰম্পৰাসমূহৰ গুৰুত্ব অপৰিসীম৷ আমাৰ প্ৰজন্মই বিহু বুলি যদি এই পৰম্পৰাসমূহ আগুৱাই নিনিও, বিহু বুলি বিহুগীতৰ বাহিৰে আমাৰ ওচৰত আৰু একোৱেই নাথাকিবগৈ৷

【 উক্ত পৰম্পৰাসমূহ দক্ষিণ বজালী অঞ্চলত প্ৰচলিত আৰু ঠাইভেদে প্ৰথাসমূহ বেলেগ বেলেগ】

[ৰচনাকালঃ ১৮ এপ্ৰিল, ২০১৭]

Monday, August 26, 2013

লোক-গাথা আৰু ইয়াৰ সঠিক মূল্যায়ন



 ”…The present is the age of written literature, but side by side with the multitude of printed and sophisticated books we find in the village natural poets who still compose songs and ballads to remember even or persons of great significance…”
-ASSAMESE BALLADS, PRAFULLA DATTA GOSWAMI

ভাষিক সাহিত্যৰ উত্তৰণৰ আগে আগে অসমৰ গাঁও-ভূঁই তথা অঞ্চল বিশেষে বিশেষ ধৰণৰ মৌখিক সাহিত্যৰ প্ৰচলন আছিল। এই সাহিত্যসমূহ অধিকাংশই মূলতঃ কাব্য আৰু গীতিধৰ্মী আছিল যদিও ইয়াৰ মাজতে পৰিস্ফুত হৈছিল একো একোটা আখ্যান বা উপাখ্যান। এই গীতসমূহৰ ৰচক কোন আছিল জনা নাযায়। পণ্ডিত প্ৰফুল্ল দত্ত গোস্বামীদেৱে তেওঁৰ নিবন্ধত কৈছে যে কোনো বিশেষ ব্যক্তিৰ বীৰত্ব অথবা কাহিনী বৰ্ণাবলৈ কোনো অঞ্চলত হয়তো কিছুমান আখ্যান গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছিল যিয়ে পৰৱৰ্তী সময়ত মুখ বাগৰি এখন গাঁৱৰ পৰা এটা অঞ্চললৈ বিয়পি পৰিছিল। মৌখিক এই সাহিত্যসমূহে এজনৰ পৰা আন এজনলৈ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বাগৰি গৈ থাকোঁতে কিছুমান শাৰী এই গীতৰ লগত সংযোজিত হৈ গৈছিল। এনেদৰে এজনৰ পৰা আনজনলৈ গাঁথি সৃষ্টি কৰা গীত বা উপাখ্যানসমূহকে লোক-গাথা বুলি ক’ব পাৰি। লোক-গাথা জনমানসত “মালিতা” (ইংৰাজী: ballad ) বুলিও জনাজাত।
লোক-গাথাসমূহ মূলতঃ গীতিধৰ্মী। ড° নবীনচন্দ্ৰ শৰ্মাই তেখেতৰ লেখাত কৈছে যে মৌখিক লোকবিদ্যা বা বাচিক কলা মূলত বাচিক কবিতা আৰু গদ্যধৰ্মী কলা, এই দুই ভাগত শ্ৰেণীবিভাজন কৰিব পাৰি। তাৰে বাচিক কবিতাক আকৌ উৎসৱ অনুষ্ঠানৰ সৈতে জড়িত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত, পূজা-উপাসনা, ব্ৰত আদিৰ সৈতে জড়িত আৰু কাহিনীগত এই চাৰি ভাগত ভাগ কৰিব পাৰি। এই কাহিনীমূলক বাচিক কবিতায়েই হৈছে মালিতা বা বেলাড। কিছুমান লোক-গাথা যদি সম্পূৰ্ণৰূপে গীতি কথাৰেই লিখা আছিল, কিছুমানৰ মাজত আকৌ ছন্দোৱদ্ধ পংক্তি কিছুমানৰ দ্বাৰাও প্ৰকাশ কৰা হৈছিল; যাৰ অন্তৰালত আছিল একো একোটা পৌৰাণিক আখ্যান। মালিতাসমূহৰ কিছুমান যেনে বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি যেনেকৈ ঐতিহাসিক পটভূমিত ৰচিত হৈছিল, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি ৰচিত হৈছিল জনশ্ৰুতি বা কিম্বদন্তিৰ আধাৰত। ঠিক তেনেদৰে কাল্পনিক পটভূমিতো ৰচনা কৰা হৈছিল কিছুমান মালিতা। মধুমতীৰ গীত, কন্যা বাৰমাহীৰ গীত আদি এই শ্ৰেণীত ৰাখিব পাৰি। উল্লেখ্য যে, বুৰঞ্জীমূলক গীতসমূহৰ অধিকাংশই আছিল কৰুণ-ৰসাত্মক।
যোৱা কেইদশকমান আগলৈকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত মালিতাসমূহে বিশেষ তাৎপৰ্য বহন কৰি আহিছিল। অসমৰ গাঁৱে-ভূঞে প্ৰচলিত হৈ আছিল এই লোক-গাথাসমূহ। বদন বৰফুকনে অসমলৈ মান সৈন্য মাতি অনাৰ ফলত অসমীয়া সমাজৰ যি নগুৰ-নাগতি হৈছিল, তাক লৈ বদন বৰফুকনক গালি-শপনিও পৰা হৈছে বৰফুকনৰ মালিতাত। বৰফুকনৰ মালিতাই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ প্ৰশংসাও কৰিছে। ঠিক তেনেদৰে জয়মতী কুঁৱৰীৰ মালিতাত দেশ আৰু স্বামীৰ হকে প্ৰাণাহুতি দিয়াৰ কৰুণ কাহিনী বৰ্ণোৱা হৈছে। এনেদৰে প্ৰতিটো গীতে একো একোটা কাহিনীক সুন্দৰভাৱে ফুটাই তুলি সেইসকলক মানুহৰ মুখে মুখে যুগমীয়া কৰি ৰাখিছিল। ঠিক তেনেদৰে কমলা কুঁৱৰীৰ গীতে আমাক পৰিচয় কৰাই দিছিল কমলা কুঁৱৰীৰ সাধুৰ সৈতে। দেশৰ আহুকালৰ সময়ত আত্মাহুতি দিয়া কমলা কুঁৱৰীৰ প্ৰশংসাও কৰা হৈছিল উক্ত মালিতাত। মণিকোঁৱৰৰ জীৱন-গাথাৰ আধাৰত ৰচিত হৈছিল মণিকোঁৱৰৰ গীত আৰু মণিকোঁৱৰক বিচাৰি যোৱা কাহিনী বৰ্ণনা কৰা হৈছে ফুলকোঁৱৰৰ গীতত। ফুলকোঁৱৰৰ মাক কাঞ্চনমতীৰ বিৰহৰ কাহিনী বৰ্ণোৱা হৈছে কাঞ্চনমতীৰ গীতত। এই কিম্বদন্তীসমূহ সমাজৰ মাজলৈ আখ্যানস্বৰূপে অনাত সহায় কৰিছিল এই মালিতাসমূহে। কাল্পনিক পটভূমিত ৰচনা কৰা দুবলা শান্তিৰ গীতে প্ৰকাশ কৰিছিল দুবলাৰ বিৰহৰ কথা।
লোক-গাথাসমূহৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যে ই সেই সময়ৰ সমাজ ব্যৱস্থা, আদৰ্শ আদিৰ সৈতে পিছৰ সমাজ ব্যৱস্থাসমূহক মিলি যোৱাত সহায় কৰিছিল। ভিন ভিন ঠাইত বেলেগ ৰূপত থাকিলেও মালিতাসমূহে একেটা আদৰ্শ আৰু আখ্যানক প্ৰতিনিধিত্ব কৰিছিল। ফলস্বৰূপে মৌখিক সাহিত্যৰ স্বাধীনতা ইয়াত বিৰাজমান হৈ আছিল। কিন্তু দুখৰ বিষয় সাংস্কৃতিক গোলকীকৰণৰ ফলতেই হওক বা অন্য কিবা কাৰণতেই হওক, লাহে লাহে সহজ সৰল গাঁৱলীয়া জীৱনৰ পৰাও আঁতৰি আহিল এই মালিতাসমূহ। ফলত মৌখিকভাৱে চলি অহা এই লোক-গাথাসমূহক লিখিত সাহিত্যৰ ৰূপ দিয়াৰ প্ৰয়োজন আহি পৰিল।
অসমৰ বহুতো বিদগ্ধ পণ্ডিত তথা গৱেষকে ইতিমধ্যে লোক-গাথাসমূহৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিছে। বিৰিঞ্চিকুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী আদি পণ্ডিতসকলৰ পিছত বীৰেন্দ্ৰনাথ দত্ত, নবীনচন্দ্ৰ শৰ্মা আদি গৱেষকে ইতিমধ্যে লোক-সংস্কৃতিৰ অন্য উপাদানসমূহৰ উপৰি বহুখিনি লোক-গাথা গাঁৱে-ভূঞে পৰি থকা অৱস্থাৰ পৰা তুলি আনিছে। তাৰে কিছুমান সম্পূৰ্ণ আৰু কিছুমান অসম্পূৰ্ণ ৰূপত। ফলস্বৰূপে প্ৰায় হেৰাই যাবলৈ ধৰা লোক-গাথাসমূহ পুনৰ অসমীয়া সমাজৰ চিনাকি হৈ পৰিবলৈ ধৰিছে। কিন্তু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষিক সম্প্ৰদায়ৰ মাজত এতিয়াও ধিমিক-ধামাককৈ জ্বলি থকা অধিকাংশ লোক-গাথা এতিয়াও সংৰক্ষিত হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হিচাপে আমি ক’ব পাৰোঁ গৱেষণা আৰু অধ্যয়নৰ অভাৱ। গৱেষণা কম হোৱাৰ ফলত স্বাভাৱিকতেই আঙুলিৰ মূৰত লেখিব পৰা হৈ আছে উক্ত বিষয়ৰ ওপৰত থকা গৱেষণা পত্ৰৰ সংখ্যাও। প্ৰতি বছৰে যদি এক ন্যূনতম সংখ্যক গৱেষকেও এই বিষয়ত মনোনিৱেশ কৰে, নিশ্চিতভাৱে অসমীয়া লোক-গাথাৰ ভঁৰাল ঠাহ খাই পৰিব।
লোক-গাথাৰ উপৰি অসমীয়া সংস্কৃতিৰ এনে কিছুমান ক্ষেত্ৰ আছে, যাৰ আজিলৈকে সঠিক মূল্যায়ন হোৱা নাই। অসমীয়াত এতিয়াও বহুলভাৱে প্ৰচলিত সাঁথৰসমূহৰ অন্তৰালত থকা উপাখ্যানসমূহৰ কথা এতিয়াও লিখিত সাহিত্যত অন্তৰ্ভুক্ত হোৱা নাই। যি দুই-এটা লিখিত ৰূপত ওলাইছেও, সিও গৈ সমাজব্যৱস্থা ঢুকি পোৱা নাই। সাধুকথাসমূহৰ মাজত থকা ছন্দোৱদ্ধ পংক্তিৰে সম্পূৰ্ণ সাধুকথাবোৰ ৰসাল ৰূপত লিখিত সাহিত্যত অন্তৰ্ভুক্ত হ’বলৈ এতিয়াও বহুখিনি বাকী।
নৱ-প্ৰজন্মৰ লোক-সংস্কৃতিৰ প্ৰতি গভীৰ বিশ্বাস আৰু গৱেষণাইহে এই ক্ষেত্ৰত বিশষ অৰিহণা যোগাব পাৰে। তাৰ বাবে দৰকাৰ হ’ব অসমীয়া লোক-সংস্কৃতিৰ প্ৰতি একনিষ্ঠ সততা আৰু একাগ্ৰতা। অন্যথা কেইবছৰমান পিছলৈকে পঢ়িবলৈতো দূৰৈৰে কথা, শুনিবলৈকো পোৱা নাযাব লোক-গাথা তথা লোক-সংস্কৃতিৰ এই উপাদানসমূহ।

(এই লেখাটো www.xahitya.org ৰ জুন, ২০১৩ সংখ্যাৰ সম্পাদকীয় হিচাপে প্ৰকাশ পাইছে।)

Tuesday, April 16, 2013

গোপাল আতাৰ তিথি


আজি বহাগৰ দুই তাৰিখ। বৰপেটা জিলাৰ ভৱানীপুৰৰ ওচৰৰ কালঝাৰ সত্ৰত আজিৰ দিনটোত এই সত্ৰৰ প্ৰতিষ্ঠাপক গোপাল আতাৰ তিথি বৰ ধূমধামেৰে পালন কৰা হয়।

১৫৪৭ ইং চনত গোপাল আতাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ ওচৰত। কিশোৰ কালতেই তেওঁ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ কোচ সাম্ৰাজ্যৰ কেইগৰাকীমান কলা-কুশলীৰ সংস্পৰ্শত তেওঁ বৰপেটাৰ ভৱানীপুৰলৈ গুছি আহিছিল। পিছলৈ মহাপুৰুষ মাধৱদেৱৰ অগাধ পাণ্ডিতালি আৰু ব্যক্তিত্বত মুগ্ধ হৈ তেওঁ গুৰুজনাৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰে আৰু পিছপৰা ঠাইসমূহলৈ গৈ মহাপুৰুষজনাৰ লগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰুত্ব দিয়ে।

অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ গোপাল আতাৰ অৱদান অশেষ। তেওঁ এক অনন্য নাট ৰচনা কৰিছিল। সংলাপ আৰু সুৰেৰে সৈতে নৃত্য তেওঁৰ এই ৰচনাৰ অনন্য দিশ আছিল। তেওঁ ৰচনা কৰা "জন্মযাত্ৰা", "নন্দোৎসৱ"ই এই অনন্য দিশৰ প্ৰমাণ দাঙি ধৰে। শ্ৰীকৃষ্ণৰ জন্মোৎসৱত তেওঁৰ এই যাত্ৰাই গোটেই অঞ্চলতে জনপ্ৰিয়তা লাভ কৰিছিল। বৈষ্ণৱ ধৰ্মই মানুহক ভগোৱা চাৰি সম্পতি ব্ৰাহ্ম-সম্পতি, পুৰুসম্পতি, নিকাসম্পতি আৰু কলাসম্পতিৰ ভিতৰত গোপাল আতাই নিজকে কলাসম্পতিৰ শীৰ্ষত দেখিছিল। গোপাল আতাৰ দ্বিতীয় নাটক গোপী-উদ্ধৱ-সম্বাদ ভগৱতপুৰাণৰ ওপৰত আধাৰিত আছিল। মহাপুৰুষ মাধৱদেৱৰ এই প্ৰধান শিষ্যগৰাকীয়েই বৰপেটা জিলাৰ কালঝাৰৰ ওচৰত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ মৃত্যু হৈছিল ইং ১৬১১ চনত।

বৈষ্ণৱধৰ্মৰ ক্ষেত্ৰত একশৰণ নামধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখনীয় অৰিহনা যোগোৱা এই মহান ধৰ্মপ্ৰাণজনক আজি তেওঁৰ তিথিত শ্ৰদ্ধাৰে সুৱঁৰিছো।

(এই লেখাৰ আলম হৈছে "Encyclopaedia of Indian Literature: devraj to jyoti, Volume 2" ৰ পৃষ্ঠা ১৪৪৩-১৪৪৪। ভুল-ভ্ৰান্তি নিত্যান্তই কাকতলীয়া )

এই কালঝাৰ সত্ৰৰ কেইখনমান আলোকচিত্ৰ সংগ্ৰহ কৰিছে সঞ্জীৱ কুমাৰ বৰকাকাতি ডাঙৰীয়াই (http://sankaradeva.com/photo/useralbum/sanjib/84)।