Saturday, October 22, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি-৪

বাছৰপৰা নামি যিমানেই ঘৰলৈ বুলি ওচৰ চাপিছোঁ মনটোও সিমানে উত্‍কণ্ঠিত হৈ গৈ থাকিল। গাঁওৰ বাট-পথৰ ভালেখিনি পৰিৱৰ্ত্তন লক্ষ্য কৰিলোঁ। অৱশ্যে তাত উন্নয়নৰ ছবি দেখাৰ পৰিৱৰ্ত্তে তাৰ এক ওলোটা ছবিহে দেখিলোঁ। আগতে স্কুলৰপৰা আহি আমি যিখিনি ঠাইত মাৰ্বল খেলিছিলোঁ, চিক্‌চিকীয়া চাফা আৰু চোতালৰ দৰে সমান সেই কেঁচা ৰাস্তাত এতিয়া বোকাৰ জয়জয়-ময়ময়। ৰাস্তাৰ গুৰিতে থকা থানে খুৰাহঁতৰ বাঁহেৰে ৰাস্তাৰ ফালে দিয়া বেৰখন এহাতমান আগুৱাই আহি ৰাস্তাৰ পৰিসৰ কমাই নিছে। ৰাস্তাৰ বাঁওফালে থকা বাঁহনিখনে অটব্য অৰণ্যৰ ৰূপ লৈ ৰাস্তাৰ ওপৰেৰে পাখি মেলি ৰাস্তাটোক সূৰ্য্যদেৱৰ পোহৰৰ পৰা বচোৱাৰ দিহা কৰিছে। সেইবোৰ কাটিবলৈও গাঁওত যেন কোনো নাই। অথচ সেই বাঁহনিডৰাক লৈয়ে কমখন গণ্ডগোল লাগিছিলনে। হাতত দা লৈ ৰাইজক কাটিবলৈ অহা সিটো চুপাৰ অপূৰ্ব্বৰ সন্মুখতে দেখোন আমি বাঁহবোৰৰ শিৰচ্ছেদ কৰিছিলোঁ। আজি ক’ত গ’ল ৰাইজৰ সেই শক্তি!

-"অ’ হিতু, কিত্তে আইহলি? অহিহে আছ যেন পাওঁ? পাচে পোটেই মানহুটো পোতাইদি লুটুৰ-পুটুৰ হৈ আইছা যি?"- ঘৰৰপৰা গৰু এৰাল দিবলৈ ওলাই আহি পদূলিমুখতে মোৰ মুখামুখি হোৱা নিৰেণ আতাই মোৰ অৱস্থা দেখি সুধিলে।
-"অ’ ও আতা। গাড়ী ফাঁচিছিল, ঠেইলে থাকাতে চাকাই মাচ্ছি।"
-"হয় দে, কিযে হৈছি ৰাস্তাটোৰ অৱস্থা! পাচে ত‍ই কেইদিনমান থাকবি নহে?"
-"চাওচোন। অফিচৰ পৰা ফোন আইহলি যাবা লাগবো।" পিছপিনৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল।
-"যা তেনেহ’লি। কাপোৰ-কানি সালে ল’নি। আইহবি আমাৰ ফালে।"
-"হ’ব দে, আহিম।" সংক্ষিপ্তভাৱে কথাখিনিৰ সমাপ্তি পেলাই ম‍ই আগলৈ খোজ ল’লো। 

এইজন নিৰেণ আতাৰ মাক ’নখৰাৰ জেঠী’ৰপৰা সৰুতে কম সাধু শুনিছিলোনে! পাছে জেঠী হেনো এতিয়া নৰীয়াত। আবেলিলৈ এবাৰ খবৰ লোৱাৰ পৰিকল্পনা কৰি বোকাৰ মাজে মাজে ঘৰলৈ বুলি আগবাঢ়িলোঁ। বোকাময় এই ৰাস্তাৰ কেতিয়াও নেদেখা এই ৰূপে মোক বিষন্ন কৰি তুলিছে। কিয় বাৰু বাৰে বাৰে পুৰণি কথাবোৰ মনলৈ আহি আছে। সেই বাট-পথ, যিটোৰে এন্ধাৰ ৰাতি পোহৰ অবিহনেই আমি অনায়াসেই আহ-য়োৱা কৰিছিলোঁ, জোনাক ৰাতি খোজ কাঢ়ি থাকোঁতে ৰাস্তাত পাৰি থোৱা আছিল এক শুকুলা চাদৰ, তৰাময় গধূলি মূৰৰ ওপৰেৰে বৈ আছিল এখন তৰাৰ নৈ! কেনি গ’ল সেই পথ, ক’ত হেৰাই থাকিল সেই শুকুলা চাদৰ, ক’ত লুকাই থাকিল সেই তৰাৰ নৈ! মনটো গধূৰ হৈ আহিল। 

ৰাস্তাৰ দাঁতিত থকা ’ডাক্তৰ দাদি’ৰ প্ৰকাণ্ড অমৰাজোপাও নাই। অমৰা পাৰিব গৈ কম গালি খাইছিলোনে আমি। সেই গালিৰো এক নিজস্বতা আছিল, এক সুকীয়া আমেজ আছিল। সেই বাবেই চাগে’ আমি চেঙেলীয়াসোপাই অমৰা দফিওৱাৰ চলেৰে গাঁওৰ একমাত্ৰ টিঙৰ ঘৰটিলৈ চপৰা দলিয়াইছিলোঁ আৰু ডাক্তৰ দাদিয়ে ঘৰৰ ভিতৰৰপৰাই চিঞৰিছিল-"ঐ মৰঙেমাৰাহত, গাছডেলত ভালকে ফলকেটাও লাগবা নেদানা? বোলো কথাতেই আছে ৰাক্ষসৰ আগত ধুৱা চাউল। এই কুৱালা আমৰাকেইটাও তুহাৰপৰা ৰক্ষা নাপয়না? ভিঠাত জুই লাগব তুহাৰ...যমে সুদা ভাত খাব...ডেকা গাড়ীত জুই লাগব......." আৰুযে কিমান গালি পাৰিছিল..আৰু গালি-শপনিলৈ কেৰেপ নকৰি আমি ঘৰৰ বেৰৰ ফুটাৰে চাই আছিলোঁ দাদিৰ কাম-কাজলৈ। মুখেৰে ফৰিংফুটা দিলেও বিচনাত বহি তেওঁ কিন্তু একান্ত মনে চাধা মোহাৰিহে আছিল। তেওঁৰ শাওবোৰ আন্তৰিক নাছিল, গাঁওৰ কাৰোবাৰ বেয়া হোৱাটো তেওঁৰ কাম্য নাছিল। বৰঞ্চ ডাক্তৰী চিকিত্‍সাৰপৰা বঞ্চিত গাঁওখনত কবিৰাজী চিকিত্‍সাৰে মানুহক শুশ্ৰূষা কৰাটোহে আছিল তেওঁৰ প্ৰধান কৰ্ত্তব্য।

-"ঈশ্বৰ দিয়া ঘৰত ধান চাউল আছে। আঞ্জা-তৰকাৰীওনো কিমান লাগে। এটাই মানহু। সেইখিনিও ইঘৰ-সিঘৰ মিলি দিয়েই দেখুন। তেল-নিমখৰ বাবদ যেখিনি টকা-সিকি লাগে, কেইডেলমান বাঁহ বেচিলিয়েই ওলে যাএ।"-চিকিত্‍সাৰ নামত কোনোবাই টকা যাঁচিলে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ। অকলশৰীয়া আছিল ডাক্তৰ দাদি। সেই বাবেই নেকি স্বভাৱত অলপ এলেহুৱা আছিল দাদি। আৰু তেওঁ এলেহুৱা হোৱাৰ সুবিধা আমি চেঙেলীয়াসোপাই লৈছিলোঁ। গধূলি সোনকালে বিচনাত উঠাটো দাদিৰ নিয়ম আছিল। আৰু তাৰ পাচত আমি গৈ দুৱাৰত ঢকিয়াই ঢকিয়াই মাত লগাইছিলোঁ-"দাদি, তামুল ক’ত?"-তিনি-চাৰিবাৰমান মতাৰ পাচত উত্তৰ আহিছিল-"গাছত।"
-"দাদি পাণ ক’ত?"
-"বাৰীত।"
-"দাদি চূণ ক’ত?"
-" অধঃপাতে যাৱহঁত, উঠবা লাগা কল্লি!"-এই বুলি উঠি আহি দুৱাৰমুখত ইতিমধ্যে পলাই-পত্ৰং দিয়া আমাৰ এজনকো নেদেখি তেওঁ গালিৰ অভিধানখনকেই মেলি লৈছিলহি। নঙলা মাৰিৰ কাষত ঢকুৱা বেৰখনৰ আঁৰৰপৰা আমি ফিচিক্‌-ফাচাককৈ হাঁহিছিলোঁ। তেওঁৰ সান্নিধ্যই আমাৰ চেঙেলীয়া জীৱনতো ৰঙীয়াল কৰি তুলিছিল। সৰু-বৰ সকলোৱে দাদি বুলি সম্বোধন কৰা ডাক্তৰ দাদিৰ আচল নাম জনাৰ প্ৰয়োজনীয়তা আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ। সকলোৱে দাদি বুলি মাতে বাবে আমিও সেই বুলিয়েই মাতিছিলোঁ। 

সেইজন ডাক্তৰ দাদিও কেইবছৰমান আগতে ঢুকাল। কোনো বেমাৰ-আজাৰত নপৰাকৈ হঠাত্‍ শোৱাপাটীতেই তেওঁক মৃত অৱস্থাত পোৱা গ’ল। তেতিয়াৰপৰাই তেওঁৰ সেই ঘৰ, সেই বস্তি সকলোবোৰ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল। আজিকালি অমৰা পাৰিবলৈ গৈ দাদিৰ মৰমৰ গালিখিনিও নোপোৱা হ’ল বাবে চেঙেলীয়ামখায়ো অমৰা পাৰিবলৈ যোৱাটোৱেই বাদ দিলে। তথাপি একেই ঠাইতেই থিয় হৈ আছিল অমৰাজোপা। যোৱাবছৰলৈকে আছিল। কিন্তু আজি দেখিছোঁ অমৰাজোপা থকা ঠাইখিনি খালী। একেবাৰে খালী খালী লাগিছে ঠাইখিনি। অজানিতে দীঘল হুমুনিয়াহ এটা ওলাই গ’ল। 

ডাক্তৰ দাদিৰ বস্তিৰপিনে চাই কিমান সময় তেনেকৈ ৰৈ আছিলোঁ গমেই নাপালো। ওচৰত কুকুৰ এটাই ভুকাতহে মোৰ গাত তত আহিল। তাৰো অচিনাকী লাগিছে বোকা-পানীৰে লুটুৰি-পুটুৰি এই আচহুৱা প্ৰাণীটিক। পাচে পাচে প্ৰতীমা পেহীহঁত আহি আছে। মুখামুখি হ’লে মোৰ বিপদ-এই বুলি ঘৰলৈ বেগ ধৰিলোঁ। 

ঘৰৰ নঙলা মাৰিৰ ওচৰত গৈ এখন্তেক ৰৈ গ’লোঁ। ঘৰখনৰো পৰিৱৰ্ত্তন হৈছে। কেবাবছৰো হ’ল বেৰত চূণ-তেল নসনা। কাম কৰোঁতাৰ অভাৱত চোতালতো ঠায়ে ঠায়ে দূৱৰি বন গজিছে। চোতালৰ অৱস্থা দেখিয়েই ধৰিব পৰা হৈছে ঘৰলৈ মানুহৰ অহাযোৱা যে একেবাৰেই কম। আজিকালিৰ মানুহৰ কাৰো ঘৰত ফুৰিব যোৱা সময়েই নোহোৱা হৈ আহিছে। তাতে বেমাৰী দেউতা, কাম-কাজ অলপো কৰিব নোৱাৰে। ভাবি থাকোতে মা ওলাই আহিল। 

গা-পা ধুই আহি যেতিয়া চোতালত চকী পাৰি বহিছোঁ, তেতিয়া আকাশত গধূলি নামিছে। চোতালৰ একোণত থকা গোহালিত মায়ে জ্বলাই থৈ অহা থূপাৰ ধোঁৱাই চৌদিশে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে। আকাশ ফট্‌ফটীয়া। নীড়মুখী চৰাইবোৰে কিৰিলি পাৰি সোঁ-সোৱাই উৰি গৈছে। আকাশত দুই-এটি তৰাই ভূমুকি মাৰিছেহি। ওচৰৰে নামঘৰৰপৰা ভাঁহি আহিছে শংখ-ঘণ্টা, ডবা-বৰকাঁহৰ শব্দ, ঠিক আগৰ দৰেই।

[ক্ৰমশঃ]

Monday, October 10, 2011

পঘা

নিঃশব্দে বৈ আছে নৈৰ পানীখিনি | ওচৰৰ পথাৰখনত দুটিমান চৰণীয়া গৰু চৰি আছে | দুই-এজনকৈ মানুহ নৈৰ পাৰলৈ আহিবলৈ আৰম্ভ কৰিছে | তেওঁলোকৰ প্ৰতিজনৰে লগত দুই-এহালকৈ গৰু-ম’হ | নৈৰ পাৰত দুটিমান পোৱালি দামুৰিয়ে চেকুৰ দিছে আৰু তাক ধৰিবলৈ গৰখীয়াজন ইপিনৰপৰা সিপিনলৈ দৌৰাদৌৰি কৰিছে | মাকৰ হেম্বেলনিত দামুৰিবোৰে থিহ দি চাইছে কিজানি তাকেই মাতিছে মাকে | তাৰ পিছত আকৌ দৌৰিছে | অলপ সময় দামুৰি পোৱালিৰ লগত দৌৰাদৌৰি কৰি গৰখীয়াজন ভাগৰি পৰিছে আৰু দামুৰি ধুৱাবলৈ আশা বাদ দি খিৰতী গাইজনীকে নৈত নমাই নিছে | 


নৈৰ গৰু ধুউৱা ঘাটটোৰ অলপ আতঁৰতে থকা বাঁহৰ সাঁকোখনত বহি পূৰ্ণই এইবোৰ পৰিঘ্টনাকেই লক্ষ্য কৰিছে | বুজাব নোৱাৰা বেদনাই তাক ভাৰাক্ৰান্ত কৰি ৰাখিছে | ৰাতিপুৱা চাহকাপো নোখোৱাকৈ সি ওলাই আহিছিল তাৰ মালিকৰ ঘৰৰ পৰা | প্ৰথমতে মুকলি পথাৰখনলৈ, নৈৰ পাৰলৈ, ওচৰতে থকা বিলৰ পাৰলৈ, তাৰ গাতে থকা কাছকুৰি ৰিজাৰ্ভলৈ | ক’লৈ যে যোৱা নাই আজি সি | অৱশেষত ক’ব নোৱাৰাকৈয়ে উপস্থিত হৈছেহি নৈৰ ঘাটত | যিটো ঘাটত আজি গৰুবিহুৰ দিনাখন সি সদায়ে প্ৰথম উপস্থিত হৈছিলহি গৰু ধুৱাবলৈ | কাজলীক পাৰত থকা তামোল গছজোপাত বান্ধি কলীক নমাই নিছিলহি নৈলৈ | আৰু কলীক ধুৱাই লৈহে কাজলী আৰু তাইৰ দমৰা পোৱালী ’বুলেট’ক ধুৱাইছিল | আৰু আজি ! সি মাথো নিৰৱ দৰ্শক | যিটো ঘাটত এইখিনি সময়ত ’বুলেট’ৰ লগত দৌৰাদৌৰি কৰিব লাগিলহেঁতেন, সেই ঘাটতে সি আজি মাথো চাইছে আন মানুহবোৰলৈ | যি সময়ত সি দীঘলতী পাতেৰে গৰু তিনিটাক কোৱাই গালেহেঁতেন "মাৰ সৰু, বাপেৰ সৰু, ত‍ই হ’বি বৰ গৰু", সেই সময়ত আজি চাই থাকিব লগা হৈছে মাথো "লাওঁ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা" বুলি পানীত ডুব মাৰি আনবোৰে মালা সলোৱাৰ দৃশ্য | অসহ্য লাগি গৈছে তাৰ সকলো | ক’ৰবাৰ পৰা শোকে আহি হেঁচা মাৰি ধৰিছেহি| 


ৰবীন মাষ্টৰৰ ঘৰত থকা সি আজি পোন্ধৰ-ষোল্ল বছৰেই হ’ল | কাম বুলিলে গৰু তিনিটা চাব লাগে আৰু তামোল-পানৰ বাৰীখনত নজৰ দিব লাগে | যোৱা পোন্ধৰ বছৰত পূৰ্ণই চাৰি-পাঁচজনীমান গাই গৰু লগ পালে | কিন্তু কোনোজনী কাজলী, কলী আৰু কাজলীৰ দমৰা পোৱালি যাক সি নাম দিছিল ’বুলেট’; তাৰ নিছিনা পোৱা নাছিল | কাজলী আছিল ’পেটপোৰা’ স্বভাৱৰ | ভোক লাগিলে নতুন তৰাৰ পঘাও চিঙি তাই পলাইছিল আৰু পেত ভৰিলেই আহি নিজে নিজে হাজিৰ হৈছিলহি গোহালিত | কলী আছিল ঠাণ্ডা স্বভাৱৰ | সেয়েহে দুয়োজনী গাই গৰুৱে পূৰ্ণৰ অতি মৰমৰ আছিল | গাই দুজনীযে পূৰ্ণৰে মৰমৰ আছিল, তেনে নহয়, ৰবীন মাষ্টৰেও দিয়োজনীকে বৰ আদৰ-যত্নেৰে পালিছিল | বাৰিষা বানপানীৰ সময়ত পূৰ্ণৰ লগত পানীৰ মাজৰ পৰা দল ঘাঁহ পৰ্য্যন্ত কাটি আনিছিল তেওঁ | 


এটি আটোমটোকাৰিকৈ সজোৱা ঘৰ, য’ত পৰিয়াল বুলিবলৈ ঘৈনীয়েক, পূৰ্ণ আৰু তেওঁ | একমাত্ৰ জীয়েক নিতা | তায়ো চহৰতে পঢ়া-শুনা কৰে | বিহু-পূজা বুলিহে ঘৰলৈ আহে | পিছপিনে থকা তামোলবাৰী, সন্মুখত থকা পাচলিবাৰী, চোতালৰ পূৱপিনে ভঁড়াল আৰু পশ্চিমপিনে থকা চাং গোহালি | ফুৰা-চকা নকৰি ইয়াতেই সৰহভাগ সময় অতিবাহিত কৰিছিল মাষ্টৰে | ওচৰৰ গাওঁত কিবা এটা সকামত যাওঁতে বাটতে পাইছিল পূৰ্ণক | ঘৰ-বাৰী নোহোৱা ঘাটমাউৰা ল’ৰা | তেতিয়াৰ পৰাই তাক তেওঁৰ ঘৰলৈয়ে লৈ আহিছিল আৰু তাৰ ওপৰত জাপি দিছিল গোহালি আৰু তাৰ আৱাসীসকলৰ দায়িত্ব | সেই দিনটো ধৰি পূৰ্ণই সিহঁতৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল আৰু ৰবীন মাষ্টৰে ঘৰখনৰ | সিও হৈ পৰিছিল সেইখন ঘৰৰে এজন সদস্য |


চাৰি বছৰ আগতে ৰবীন মাষ্টৰ অৱসৰ লোৱাৰ সময়ত ওচৰৰ গাওঁখনৰে স্নাতনে এজনী কাঢ়লী উপহাৰ দিছিল তেওঁক | কজলা বৰণৰ নোমেৰে আৱৰা, কপালত এটি বগা ফোঁট | তলপেটত বগা নোম | দেখাত সুৱনসুৰীয়া, ফাটমুঠীয়া সেইজনীয়েই আছিল কাজলী |


কলী কাজলীতকৈ তিনি বছৰমান ডাঙৰ আছিল | স্বভাৱত শান্ত আছিল কলী | দেহৰ বৰণ আছিল কিচ্‌কিচীয়া কলা | কুকুৰ-মেকুৰী বা আন প্ৰাণীয়ে যেতিয়া সিহঁতৰ পৰিয়ালৰ আন সদস্যক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সিহঁতক তেতিয়া ৰক্ষণাবেক্ষণ দিছিল কলীয়ে | ৰবীন মাষ্টৰৰ ঘৰত খুৱ কমেই হোৱা দুখ-বেজাৰত কলীয়েও গাঁথিছিল চকুলোৰ মালা | আৰু ৰবীন মাষ্টৰৰ মূৰৰ বিষৰ কাৰণ ’ফিকাচাহ’ তাৰো পৰা তেওঁক প্ৰায়ভাগ সময়েই পৰিত্ৰাণ দিয়াইছিল কলীয়েই | মুঠতে এখন ঘৰ সম্পূৰ্ণ হোৱাত অজান প্ৰাণীটিৰ অৰিহনাও আছিল অতুলনীয় |


মাঘ মাহৰ পিছৰেপৰা ৰবীন মাষ্টৰৰ গা বেয়া | বয়সৰ লগে লগে সৰু-সুৰা বেমাৰবোৰ প্ৰায়েই লগ দি থকা হৈছে | বেমাৰ যদিও নিজৰ কৰ্মোদ্যমৰ বাবে তেওঁ এইবোৰ অৱজ্ঞা কৰি চলিব পাৰিছিল | তথাপি চহৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা একমাত্ৰ জীয়েক আৰু পৰিবাৰৰ কথা পেলাব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গৈছিল কেইদিনমানৰ বাবে | ৰবীন মাষ্টৰৰ  অনুপস্থিতিত পূৰ্ণৰ ওপৰত দায়িত্ব বাঢ়িছিল | বজাৰ কৰা, ঘৰৰ ইটো-সিটো কাম কৰা সকলোবোৰ সিয়েই চম্ভালিব লগা হৈছিল | যোৱাৰ আগতে মাষ্টৰে দোহাৰি দোহাৰি তাক কৈছিল, "পূৰ্ণ, ম‍ই কেইদিনৰ বাবে ওলাইছো নিজেই নাজানো | ব’হাগ বিহুৰ কেইদিনমান আগতেহে আহি পাম চাগে’ | গৰুকেইটাৰ লগতে ঘৰখনৰ দায়িত্বও তোৰ ওপৰত দিয়ে যাবলৈ ওলাইছো | ভালকৈ চাবি | তোৰ বুলেটৰ ওপৰত নজৰ ৰাখিবি | বেলেগৰ পাচলিৰ বাৰীত যাতে কেতিয়াও নোসোমায় | খুৰীয়েৰক দোকান-পোহাৰৰ পৰা বজাৰখিনি কৰি দিবি | আৰু সময় পালে তৰাৰ পঘাকেইডাল বনাবি | কাজলীৰ পঘাডাল অলপ দীঘলকৈ বনাবি | বুলেটো ডাঙৰ হ’ল | তাকো এইবাৰ এডাল ভালকৈয়ে দিব লাগিব | গোহালিটো ভাল কৰাৰ বাবে নৈৰ সিপাৰৰ দুজন মানুহ অহা কথা | আহিলে বাৰীৰ মূৰৰ ভলুকা বাঁহজোপাৰ পৰা বাঁহ কাটিব দিবি আৰু ম’ৰা তামোল কেইজোপাৰ পৰা পাটকেইচটা বদলাই দিবি |"


যেন সৰুতে পঢ়া অ-মানে অমৰা, আ-মানে আমহে শিকাই আছে | মাষ্টৰৰ কথাখিনি মনযোগেৰে শুনি এনেকুৱা নাগে পূৰ্ণৰ | ইমান বিশ্বাসেৰে এখন ঘৰৰ দায়িত্ব দি যায় তাৰ ওপৰত | অথচ বাটৰ কাষৰ পৰা বুটলি অনা ল’ৰা সি | সেইখন ঘৰৰ গৰখীয়া | আনে তেনেকৈয়ে ভাৱে | আনে ভাৱিলেও মাষ্টৰে  তেনেকৈ নাভাৱে | তেনেকৈ ভাৱিলে তাৰ ওপৰত ইমান দায়িত্ব দি, কেতিয়াও ওলাই যাব নোৱাৰিলহেঁতেন মাষ্টৰ | 


কেইদিনমানৰ পৰা বতৰ বৰ বেয়া | সৰু-সুৰা দুই-এজাককৈ বৰষুণ দিয়েই আছে | তাতে আকৌ চ’তমহীয়া বতাহ, শিলাবৃষ্টি | নিত্ত-নৈমত্তিক কামখিনিৰ বাহিৰেও এই কেইদিনত পূৰ্ণই পঘাকেইডাল বনাই শেষ কৰিছে | খুৰীয়েকে বিহুৱান দিবলৈ তাঁতৰ গামোছাবোৰ ব‍ই শেষ কৰিব পৰা নাই বাবে অলপ সময় উলিয়াই দিবলৈ খুৰীয়েকে কৰা চাফ-চিকুণৰ কামখিনি সিয়েই কৰিছে | বৰষুণ দি থকা বাবে গোহালি মেৰামতিৰ বাবে আহিব লগা মানুহ দুজনো কাম কৰিবলৈ আহিব পৰা নাই | বৰষুণ অলপ কমিলেই তেওঁলোকে সেইখিনি কৰি অঁতাবহি | এসপ্তাহ আগতে আহি পাবলগা ৰবীন মাষ্টৰৰ কিবা-কিবি পৰীক্ষাৰ ৰিপ’ৰ্ট নিদিয়া বাবে আহিব পৰা নাই | গৰু বিহুৰ ৰাতিপুৱাহে হেনো তেওঁ আহি পাবহি | গতিকে গৰুকেইটিৰ বাবে বিহুত দৰকাৰ হোৱা আটাইকেইপদ বস্তু সিয়েই যোগাৰ কৰিব লাগিব | 


পাচলি বাৰীৰ পৰা বাৰমহীয়া বেঙেনা কেইটামান, জাতিলাও এটা আনি সাজু কৰি থৈ পিছপিনৰ দিঘলতী পাতৰ গছৰ পৰা সৰু আল দুটা আনি সাজু কৰি ৰাখিছিল সি | অহকালি গৰু বিহু | মালিক আহি বিহুৰ প্ৰস্তুতি সম্পূৰ্ণকৈ দেখিব লাগিব | তেখেতে ইমান দূৰৰ পৰা আহিব | আহিয়েই যাতে একো এটা কৰিব লগাত নপৰে.... সেইটো ভাৱিয়েই সি সকলোবোৰ যোগাৰ আগতীয়াকৈ কৰি ৰাখিছে | যোগাৰ সকলো হৈ গৈছে | খুৰীয়েকেও তাঁতৰ কাপোৰ ব‍ই শেষ কৰিছে | আবেলি গৰুকেইটিৰ সন্মুখত খেৰকেইডালমান দি অলপ সময় মহ-মাখিবিলাক খেদি দি তাতেই থাকিল | অহাকালিৰ পিছত সি আৰু এনেকৈ মহ=মাখি খেদিব নালাগে | থূপা দেলেই হৈ যাব | গৰু বিহু নোযোৱাকৈ থূপা দিব নাপায় বাবে কেইদিনমান এইকণ কষ্ট সি কৰিব লগা হৈছে | সকলো ঠিক-ঠাক হোৱাৰ পিছত এতিয়া মাথো প্ৰতীক্ষা ৰাতিপুৱালৈ | এটি বিহুক আকোঁৱালি ল’বলৈ |


কেনা তাতেই লাগিল | ভাত খাই উঠাৰ অলপ পিছতেই আকাশখনলৈ চাই পূৰ্ণৰ ভয় লাগি গ’ল | আকাশখন ওন্দোলি আহিছে | ক’লা মেঘে আৱৰি ধৰিছে | বতাহো আৰম্ভ হৈছে | প্ৰথমতে বতাহৰ প্ৰকোপ অলপ কম আছিল যদিও পিছলৈ সি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে | দুৱাৰ মেলি ৰাখিব নোৱাৰা অৱস্থা হ’ল | পূৰ্ণই গৈ বিচনাত দীঘল দিলে | বাহিৰত প্ৰচণ্ড বতাহ-বৰষুণ | শিলাবৃষ্টিও হৈছে অলপ-অচৰপ | বতাহ-বৰষুণজাক কমিলেই ওলাই গৈ ক’ত কি হৈছে চাব লাগিব | মালিক থাকিলে তেখেতেই এইখিনি কাম কৰিলেহেঁতেনে | তেখেতে নাই যেতিয়া সিয়েই এইটো দায়িত্ব পালন কৰিব লাগিব | গৰুকেইটাও চাগে’ তিতিলে | হঠাতে সি শুনিলে প্ৰচণ্ড এক শব্দ | বতাহ-বৰষুণৰ শব্দ‍ই তীব্ৰতা কমাই দিয়া শব্দটো শুনি উচপ খাই উঠিল সি | কাৰ ঘৰৰ বা কি ভাগি পৰিল ! এবাৰ ভাৱিলে, উঠি যোৱাই ভাল হ’ব নেকি ? কিন্তু সেইটোও অসম্ভৱ | বাহিৰত প্ৰচণ্ড ধুমুহা | শব্দটো কৰবাত গছ ভাগি পৰা শব্দও হ’ব পাৰে | আকাশ-পাতাল ভাৱি থাকোতেই কেতিয়ানো তাৰ টোপনি আহিল গমেই নাপালে | যেতিয়া সাৰ পালে, তেতিয়া ঘৰৰ মূধচেৰে অলপ অলপ পোহৰ ওলাইছে |  সি খক্‌মককৈ উঠি পিছপিনলৈ গ’ল | ক’ত বা কি ভাগিছে ! বাৰীত সৰু-বৰ তামোল গছ, বাঁহ আদি ভাগিছে | তাৰ বাহিৰে বিশেষ একো হোৱা নাই | তাৰপৰা আগচোতালৰ ফালে আহি তাৰ মূৰ ঘূৰাই গ’ল | চকুৰে সি ধোঁৱা-কোঁৱা দেখিলে | সন্মুখৰ গোহালি ঘৰটো উবুৰি খাই পৰি আছে | ওচৰে-পাজৰে কলী, কাজলী, বুলেট এজনীও নাই | ওপৰৰ চালখনে ঘৰটো হেঁচা মাৰি ধৰি আছেগৈ | সি "খুৰী ঐ, সৰ্বনাশ হ’ল " বুলি চিঞ্ৰ এটি মাৰি দৌৰি গৈ চালখন আতঁৰাব চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে | তাৰ পিছত তামোলৰ পাতবিলাক টানি টানি গুচাব ধৰিলে | অলপ পিছত সি যি দেখিলে, তাৰ ংউৰ আচন্দ্ৰাই কৰি উঠিল | গোহালিৰ শালৰ বাটামৰ তলত পৰিআছিল কলী আৰু বুলেটৰ মৃতদেহ | আৰু দুটি খুটাই ডিঙিত চেপি ধৰা অৱস্থাত পৰি আছিল কাজলীৰ মৃতদেহ | সকলো শেষ হৈ গ’ল | ইমান প্ৰস্তুতি, ইমান খেয়াল.... সকলো | তাৰ চকুৰ পৰা গিৰগিৰাই চকুপানী বাগৰি পৰিল | মুখেৰে মাত নোলোৱা হ’ল | ওচৰত মাটিতে সি বহি পৰিল আৰু হুক্‌হুকাই কান্দিব ধৰিলে |


ৰাতিপুৱা গাড়ীত উঠিব ধৰোতেই উজুতি খাই ৰবীন মাষ্টৰে ভাৱিলে আজি দিনটো চাগে’ ভালে নাযাব | তাৰ পাচত যেতিয়া ঘৰ পালে, ঘৰত তেওঁলৈ ৰৈ আছিল এক নিৰ্মম আঘাত | আগচোতালতে তেওঁ মুখমুখি হ’ব লগা হ’ল মৃত্যুৰ দৰে নিৰ্মম সত্যৰ | আগনিশা নিঃশেষ হৈ যোৱা বুকুৰ কোনোৱা এটি কোণত ঠাই লোৱা অবাক তিনিটি প্ৰাণীৰ | ঘৈণীয়েকৰ পৰা গম পাইছিল যে, পূৰ্ণই একো এটা নোখোৱাকৈ ওলাই গৈছে | তাৰ পাচত তেওঁৰ হাত-ভৰিখনো ধুৱলৈ বল নোহোৱা হৈ গৈছিল | ঘৰৰ বাৰান্দাত চালনী এখনৰ ওপৰত সাজু কৰি ৰখা আছিল গৰু বিহুৰ লাও, বেঙেনা, দিঘলতী | ওচৰতে খুটাটোত আঁৰি থোৱা আছিল তৰাৰ নতুন পঘাকেইডাল | ৰবীন মাষ্টৰৰ চকুৰ পৰা এটোপাল গৰম লোটক বৈ আহিল | 


উদাস চকুৰে পূৰ্ণ যেতিয়া ঘূৰি আহিছিল ৰবীন মাষ্টৰে চুবুৰীয়াৰ সহায়ত ইতিমধ্যে শৱ তিনিটা উলিয়াই থৈছিলেই | মাষ্টৰৰ পৰামৰ্শমতে সি এটা এটাকৈ ঠেলা দিখনত উঠালে | তাৰ পিছত সিহঁতৰ বাবে সাজু কৰা লাও-বেঙেনা, দিঘলতী, তৰাৰ পঘা সকলোবোৰ লৈ নৈ পাৰলৈ গ’ল | তাত তিনিটা দীঘলকৈ গাত খান্দি প্ৰতিটোতে একোডালকৈ পঘা দি শৱ তিনিটা থ’লে | তাৰ পাচত লাও-বেঙেনাবোৰ অলপ অলপকৈ পেলাই দি গাবলৈ ধৰিলে, "লাও খা...., বেঙেনা খা...., বছৰে বছৰে.... |" তাৰ উচুপনিত গানটো শেষ নহ’ল | অলপ অলপকৈ মাটিখিনি জাপি দি সি সেৱা এটি কৰিলে |


মৰমৰ পোহনীয়া জন্তু তিনিটাৰ মৃতদেহ সত্‍কাৰ কৰি যেতিয়া পূৰ্ণ ঘৰ পালেহি তেতিয়া গধূলিয়েই হ’ল | গাওঁৰ ডেকা-গাভৰুসকলে ঘৰে ঘৰে হুঁচৰি আৰম্ভ কৰিলে |




সমাপ্ত

 ( গল্পটি ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থান গুৱাহাটীৰ বহাগী উত্‍সৱৰ স্মৃতিগ্ৰন্থ ’বিহুৱান-২০১০’ত প্ৰকাশিত | 
ৰচনাকালঃ জানুৱাৰী, ২০১০ )

Thursday, September 29, 2011

একাপ গৰম চাহ





    ৰাতিপুৱা হামিয়াই হামিয়াই ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি টেকেলী পিঠা !


গেটৰ কাষত পৰি থকা বাতৰিৰ শিৰোনাম
হত্যা, লুণ্ঠন.....এক নিৰস বাৰ্তা 
হৃদয়ঙ্গম হ’বলৈ লাগে তাক
 একাপ গৰম চাহ |         


    অ’ফিচৰ টেবিলত দেখিয়েই
    পৰিৰোৱা ফাইল...ভাৱো
    পোৱা হ’লে একাপ গৰম চাহ
    লগত এটি গৰম চিঙ্‌ৰা !


ফাইলত আৱদ্ধ কাৰোবাৰ দস্তাবেজৰ পৃষ্ঠা
উটি ফুৰা কোনোবাৰ উন্নতিৰ কদৰ্য্য বাসনা
দেখিয়েই ওকালি আহিব খোজা মানসিকতা
সকলোবোৰ আগুৱাই নি 
কৰি যাবলৈ দায়িত্বৰ মিছা ভাওনা
লাগে একাপ গৰম চাহ |

    গধূলিৰ উখল-মাখল আমাৰ আড্ডা
    ’চিল্‌চিলা’ৰ বেঞ্চত মাৰি মাৰি গল্পৰ মহলা
    ভাৱো,
    পোৱা হ’লে একাপ গৰম চাহ
    লগত পূদিনাৰ চাট্‌নিৰে গৰম পোকোৰা !

চপচপীয়া বৰষুণত 
ভাৱি ভাৱি আকাশৰ কথা
বাৰান্দাৰ চকীত একাপ গৰম চাহ
লগত কলেৰে বনোৱা গৰম মালপোৱা
আৰু
পঢ়া টেবিলত পুৱতি নিশা
ভাঙিবলৈ টোপনিৰ জেলেঙা
মজাই বেলেগ সেই আদা দিয়া 
একাপ গৰম চাহ |

Sunday, September 25, 2011

এনেকৈয়ে ভাঙি যায় সপোনবোৰ.........



এনেকৈয়ে ভাঙি যায় সপোনবোৰ
যেনেকৈ...নামি আহে অমানিশা
এনেকৈয়ে সৰি পৰে ..... যন্ত্ৰণাবোৰ
যেনেকৈ বিলীন হৈ যায়...ৰ’দালী আভা |


সন্ধিয়াৰ হেঙুলী আকাশত
সুধিবৰ মন যায়....ভটিয়নী চৰাইজনীক
তাইৰ পাখিৰ ৰঙেৰে
ইমান নিলীম হয় কিয় আকাশখনি
তাই কয়,
স্নিগ্ধা আকাশৰ পূৱালী ৰূপত
লুণ্ঠিতা তাই এজনী আহত পক্ষী |



তুমি জানানে ৰ’দালী ?
কেনেকৈ সৰি পৰে সৰাপাটবোৰ |
ৰাতিৰ পিছত দিন.....
দিনৰ পিছত আকৌ ৰাতি.....
অথচ,
প্ৰতিটো ভাৰাক্ৰান্ত দিনে 
কঢ়িয়াই আনে কিয় 
এটি এটি বিনিদ্ৰ ৰজনী !


তোমাৰ অবৰ্তমানত ফেঁকুৰি উঠে কতিয়াবা
মৰম আকলুৱা সপ্ৰতিভ হিয়া |
তুমিতো নাজানা....?
আৰু যে পি পি নিৰৱতাৰ মদিৰা
মাতাল হৈ পৰে
অপূৰ্ণতাৰ ৰাগীত মোৰ মতলীয়া কলিজা ,
শূণ্য হৈ পৰে স্মৃতিৰ বোজাৰে আৱদ্ধ
এখনি জুৰুলা হিয়া..
যেনেকৈ...
নামি আহে অমানিশা..||


এনেকৈয়ে ভাঙি যায় সপোনবোৰ...
সৰি পৰে যন্ত্ৰণা......|| 



ৰচনাকাল : ১৪.০৭.২০১১

Friday, September 23, 2011

হেঁপাহ



উপাসনাৰ নেত্ৰ.......কুঁহিপাট মেলা
থিয় হ’ব নোৱাৰো
আজন্ম এন্ধাৰত ঘূণীয়া মোৰ হিয়া
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |


মায়া,
তোমাৰ গৰ্ভত গঢ়িত মোৰ কায়া
মনে মনে দেহে মনে কি দি যোৱা ?


এপাহ ৰাঙলী কপৌ ফুলোৱা
দীঘল পাতত বহি তাৰ ৰং চাও
এজাক জীৱন ৰ’দ বুলোৱা
শীতৰ কোচত বহি তাৰ সোৱাদ লও |
মোৰ মন এতিয়া আঁউসীৰ জোনাকী পৰুৱা
জোনাকী হৃদয় মৰহা আশাৰে ভৰা,
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||



অকণ সাহস দিয়া
হৃদয়ৰ কলীয়া ডাৱৰমুঠি আঁতৰ কৰো
হাঁহিৰ নাঙলেৰে
মহাকাল মহাব্যাধিৰ সমাধি খানো
আকাশত দেখো শত তৰাৰ অযুত খেলা...
অদৃষ্ট আশাৰ স্বপ্নালী আভা 
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ |


বানত উটা মোৰ প্ৰেমৰ সেউজীয়া দলিচা
চকুপানীয়ে পূৰায় বিষাদ তৃষ্ণা
আৱেগৰ ধলত নামি আহে
এন্ধাৰ, ধূষৰতা....
তথাপি ৰাতি ফুলে ৰজনীগন্ধা
পুৱাতেই জিলিকে দূৱৰিৰ স্নিগ্ধ মুকুতা |


অকণ অধিকাৰ দিয়া
কলুষিত অতীতক পাহৰণিত দাহ কৰো
শান্তিৰ লহৰেৰে
জীৱন প্ৰেমৰ মেৰঘৰ সাজো |
মনৰ চোতাল দেখো উৰুলিৰে ভৰা...
অনিৰ্ব্বাণ সপোনৰ নিৰ্ম্মেঘ মেলা |
সভ্যতাৰ উপাসনাগৃহ মোৰ বাবে এতিয়া সুখৰ টিলা
স্বপ্নভাৱনাৰ দুৰুহ শিখৰতহে 
জীয়াই থকাৰ মোৰ অদম্য হেঁপাহ ||




( বেদনাৰ সোঁৱৰণীত একাজলি জ্যোতিস্নেহ শ্ৰদ্ধাঞ্জলী !! )
ৰচনাকাল : ১১.০৯.২০০৬

Tuesday, September 20, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি – ৩

’অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক.....’ –মোবাইল ফোনটো বাজি উঠিল। বৰ বিৰক্তিৰে সেউজীয়া বুটামটো টিপি মোবাইলটো কাণত ল’লোঁ।
-“হেলেউ...হেলেউ”
-“কি কৰি আছা, বাবা?”
-“অ’ মা! ইণ্টাৰভিউ আছিল নহে। দি আহি অলপ জিৰ'ইছু ৰহ।”
-“কেনে হ’ল ইণ্টাৰভিউ?”
-“বয়া হনাই।”-গোকোটা মিছা কথাষাৰ মাতি নিজৰেই হাঁহি উঠি গ’ল। পিছপিনৰ কৰবাত কাউৰী এটিয়ে কা-কা কৰি উঠিল। এই যে মোবাইল ফোনটো মিছা মতাৰ বাবেই ওলাইছিল নেকি...ভাবিলোঁ। মায়ে অৱশ্যে বুজি পালে।
-“দেচুন, কি হএ। ইতা পাছে ঘোৰোত একপাক আহি নাযাৱ কিয়ো। আজি বছৰদিনে হ’ল তই ঘোৰোত নাহা।
ময়ো কথাটো ভাবিলোঁ। হয়তো। এপাক ঘৰৰপৰা আহিব পাৰি। তাতে এইকেইদিন ক্লাছো নাই।
-“হোবো দে। আহিম। অলপ কাম আছে। সেখনি কৰি কালি ভাটিবেলা বা পৰহিৰ ভিত্ৰোত আহিম।” গুৱাহাটিতযে ঘোঁৰাৰ ঘাঁহ কাটি আছোঁ ঘৰতনো সেই কথা কওঁ কেনেকৈ! সেয়েহে অলপ ব্যস্ততা দেখুৱাবলৈকে মাক ক’লোঁ। পিছপিনে কাউৰীটোৱে আকৌ কা-কা কৰি উঠিল।
-"আমাৰ তাকেলগিন গাড়ী চলি আছেনা?”
-“গইধলা আহে বাছ এখেন।”
-“তেনেহ’লি সেখেন পাৱকে যামদে।”
-“সেটুৱে কৰবি।”-সৰু-সুৰা কথা বতৰা দুটামান পাতি, জুনিয়ৰ আৰু মোৰ দুয়োৰে খা-খবৰ লৈ মায়ে ফোনটো কাটিলে। ময়ো বেয়া নাপালোঁ। আৰু দুই মিনিটমান কথা পতা হ’লে আৰু বা কিমান মিছা মাতিব লগা হ’লহেতেন!! মায়েও ছাগে’ বুজি পায়ে ফোনটো ৰাখিলে।

-“অ’ হিৰ’, কি হ’ল? চলাত আলপিন মাৰি ইণ্টাৰভিউ মাৰবা গেইছলি নিকিন?” আলনাৰ কাষৰ পৰা জুনিয়ৰে চিঞৰিলে। চোলাটোৰপৰা আলপিনডাল যে এৰুওৱা নহ’ল, তেতিয়াহে মনত পৰিল।
-“নহে দে! দেডেল আলপিনৰ ৰহস্য বেলেগ।”
-“পাছে কেনে হল ইণ্টাৰভিউ? ’আকৌ আহিম’ বুলি কৈ আইছানা?”-ইণ্টাৰভিউ দি অহাৰ পিছত সধাৰণতে যেনেকৈ সোধে আজিও সি তেনেকৈয়ে সুধিলে।
-“নহলেনো কি!!” যিমান পাৰি সিমান সহজভাৱে উত্তৰ দিলোঁ।
-“কালি ঘোৰোত যাম। পঞ্চাশ টাকামান ধাৰোক লগি দিবিচুন।”
-“গাছডেল ৰুই থৈছু। জাৰি-জাকৰি লৈ যাবি যিমান লাগে সিমান।”
-“ঘোৰোৰপৰা আহি ষাঠি টকা দিম।”-ভাইটিৰ লগত সৰু-সুৰা বুজাবুজি এটা কৰি ঘৰলৈ যাবলৈ সাজু হ’লোঁ। লগত এশমান টকা আছেই। গতিকে ডেৰশ টকাৰে ঘৰ আৰামত গৈ পাম।

ন-কইনা ঘৰলৈ যাব ওলোৱাৰ দৰে ময়ো গোটেই দিনটো সাজু হৈ আবেলি লোকেল ট্ৰেইনত উঠিলোঁ।
গাঁওলৈ এখনেই মাত্ৰ বাছ চলে। সন্ধিয়া সময়ত। ট্ৰেইনৰ পৰা নামিয়েই বাছ ষ্টেণ্ডলৈ লৰ ধৰিলোঁ। বাছখন ৰখাই থোৱাই আছিল। হেণ্ডিমেনেজনে বাছৰ ব’ডিৰ ওপৰত উঠি দুটামান বস্তা উঠাই চিঞৰিলে-“ল’ৰাবিলাক ব’ডিৰ ওপৰত উঠপা লাগ‌বো দে। ইমানসপা মান্‌হু গাড়ীৰ ভিত্‌ৰ’ত নাট্‌পো।” সি কোৱাৰ আগে আগে চেঙেলীয়া দুজনমান বাছৰ ব’ডিৰ ওপৰ পালেই। গাড়ীৰ ভিতৰখন মানুহেৰে ঠাহ খাই আছে। বাহিৰতো পঞ্চাশজনৰ কম নাই। এখন বাছে ইমানখিনি মানুহ কেনেকৈ টানিব, ভাবি আচৰিত লাগিল। যথা সময়ত গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট দিলে। বাহিৰত থকা মানুহবোৰৰ দৌৰা-দৌৰি লাগিল। ল’ৰাবিলাকৰ বহুতেই বাছৰ ভিতৰত উঠা বৃথা চেষ্টা নকৰি চিধাই বাছৰ ওপৰ পালেগৈ। ময়ো অলপ সময় চেষ্টা কৰিলোঁ। কিন্তু বাছখনৰ দুৱাৰৰ ওচৰেই চাপিব নোৱাৰিলোঁ। ঠেলা-হেঁচাত মই গৈ কৰবাত পৰিলোঁ। শেষত উপায়হীন হৈ বাছৰ ওপৰলৈ চালোঁ। কলেজীয়া দিনবোৰত বাছৰ ভিতৰত খালী ঠাই থাকিলেও ওপৰত গৈছিলোঁ। বাছৰ ব’ডিৰ ওপৰত যোৱাৰ যি এক সুকীয়া আমেজ তাক পুনৰবাৰ মনত পেলাব চেষ্টা কৰিলোঁ। মানুহবোৰ বাছত উঠা প্ৰায় শেষ হৈছিলেই। মহিলাসকলক ভিতৰলৈ যোৱাৰ ব্যৱস্থা কৰি মতা মানুহবোৰৰ বেছিভাগেই য’তে ঠাই পাইছে তাতেই ধৰি ওলমিবলৈ আৰম্ভ কৰিছে। বাছ চলি যাব বুলি ময়ো বেগখন ভালকৈ পিঠিত লৈ ’হলৌ উঠিল টকৌ গছত’ লগাই লফলফাই ওপৰ পালোগৈ। 

ওপৰত আগৰেপৰা বহুকেইজন ল’ৰা আছিলেই। সিহঁতে ওপৰত যোৱাৰ পূৰ্ণ স্বাধীনতা ইতিমধ্যে উপভোগ কৰা আৰম্ভ কৰিছিল। সিহঁতে পিন্ধি অহা চোলাবোৰ যেতিয়া সিহঁতৰ হাতত দেখিলোঁ, আকৌ এবাৰ পুৰণি দিনবোৰলৈ মনত পৰি গ’ল। লাহে লাহে মই গৈ আগফাল পালোগৈ। বাছৰ ওপৰত গ’লে সদায় আগফালে বহিব লাগে বুলি কোনোবাই শিকাইছিল। সেই কিটিপটোৱে ৰাস্তাৰ ডাল-পাতৰ পৰা কোব খোৱাৰ পৰা বহুদিন বচাইছিল। আজিও সেই কিটিপটো লৈয়ে আগফালে ৰেলিঙত ধৰি বহি ল’লোঁ। ঠিক সেই কলেজত পঢ়ি থকা দিনবোৰৰ দৰে। মাথোঁ তেতিয়াৰ দৰে চোলাটো গাৰ পৰা খুলিব নোৱাৰিলোঁ। মানুহে কি ভাবিব! যি নকৰিলেও আজিকালি গুৱাহাটীত থাকোঁ। ষ্টেটাচৰ কথাও আহেতো! ইপিনে সিপিনে চালোঁ। বাছৰ ওপৰত লগৰ কোনো নাই। চিনাকী ল’ৰা দুজনমান আছে যদিও মোতকৈ সিহঁত বহুত সৰু। কথা পাতিবলৈও কোনো নাই। সেয়েহে সেমেনা-সেমেনিকৈ বহি ৰ’লোঁ। যথাসময়ত তলে-ওপৰে এগাড়ী মানুহ লৈ বাছখনৰ 'ফেভিক’ল যাত্ৰা' আৰম্ভ হ’ল। মানুহৰ ভৰত বাছখন বাওঁফালে হাউলি গৈছে। ৰাস্তা ভীষণ বেয়া। দুই-এটা থেকেচাত ওপৰৰ পৰা ওলাই পৰিম যেন লাগে। তথাপি দুহাতেৰে ৰেলিঙত জোৰেৰে খামুচি সন্মুখত লক্ষ্য কৰি আগবাঢ়িলোঁ। ৰাস্তাৰ গাঁতবোৰ দেখি মাছৰ পোনাৰ ব্যৱসায় কৰোঁ কৰোঁ লাগি থাকিল। নাচি নাচি গৈ থাকিল আমাৰ বাছখন। এবাৰ সোঁফালে, এবাৰ বাওঁফালে। দুই-এবাৰ আকৌ গাতত এনেকৈ সোমায় যে তাৰপৰা আৰু ওলাই আহিব নোৱাৰিব যেনেই লাগে। প্ৰতিটো থেকেচাত চেঙেলীয়াসকল কিৰিলি পাৰি গৈছে। এই যাত্ৰাত বেচ ৰস পাইছে সিহঁতে। সিহঁতৰ প্ৰতিটো কিৰিলিত মোকো ভাল লগাই দিছে। পুৰণি কথাবোৰ বাৰে বাৰে মনত পেলাই দি গৈছে। ৰাস্তাৰ কাষেৰে এজনী ছোৱালীও সাৰি যাব পৰা নাই সিহঁতৰ বাক্যবাণৰ পৰা। ছোৱালীবোৰেও মিচিক-মাচাক হাঁহিৰে পাৰ হৈ গৈছে। অৱশ্যে ল’ৰাবোৰে বেচ শালীনভাৱেই ছোৱালী জোকাই আছে। সিহঁতৰ শালীনতা দেখি ভাল লাগি গ’ল। অন্ততঃ আমাৰ সেই দিনবোৰৰ দৰে এই ল’ৰাবোৰে কোনো ধৰণৰ অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই। দুই-এজনে যি দুই-এটা ’মাতৃভাষা’ প্ৰয়োগ কৰিছে, সিও গন্তিত ধৰিব পৰা বিধৰ নহয়। 

-“দলং ভাঙা আছে। চব নামি দিব।”-হেন্দিমেনজনৰ মাতত আগলৈ চাই দেখিলোঁ সন্মুখত থকা জানৰ দলংখনৰ অৱস্থা একেবাৰে তথৈবচ। দলং বুলি পৰিচয় দিবৰ বাবেই যেন কেইডালমান কাঠ পাৰি থোৱা হৈছে। কাঠবোৰৰ মাজে মাজে হোৱা ফাঁকবোৰ নোহোৱা কৰিবলৈ ঠায়ে ঠায়ে গোট বাঁহ পাৰি দিয়া হৈছে। খুটাকেইটাক সহযোগ কৰিবলৈ ডাঙৰ ডাঙৰ ভলুকা বাঁহৰ খুটা লগাই দিয়া হৈছে। বাছখন আহিব পৰা কৰিবলৈ স্থানীয় মানুহখিনিয়ে কৰা এই খাটনিখিনিক বা-বা দি ওপৰৰ পৰা নামি আহিলোঁ। শূণ্য বাছখন ভঙা দলংখনৰ ওপৰেৰে পাৰ হৈ গ’ল। বাছখন পাৰ হৈ থকাৰ সময়ত দলংখন এনেভাৱে লৰি উঠিল যে আজিয়েই দলংখনৰ আয়ুস শেষ হ’ব বুলি ভাৱিলোঁ। পিছে বাছখন সুকলমে পাৰ হৈ গ’ল। সকলোবোৰ দেখি গাৰ নোম ডাল থিয় হৈ উঠিল। আগতে অন্ততঃ ইমান বেয়া অৱস্থা নাছিল। ৰাস্তা বেয়া আছিল হয়, কিন্তু মাছৰ পোনা মেলিব পৰাকৈ গাঁত নাছিল; দলং বেয়া আছিল হয়, কিন্তু তাৰ অস্তিত্ব ৰাখিবলৈ বাঁহেৰে তাক মেৰামতি কৰিব লগা হোৱা নাছিল। সেইবোৰ কথাকেই ভাবি ভাবি আকৌ বাছৰ ওপৰ পালোগৈ। 

দলংখন পাৰ হৈয়ে এখনি বাঁহবাৰী। বাঁহৰ আগলিবোৰ ৰাস্তাৰ ফালে হাউলি পৰি আছে। বাঁহনিডৰাৰ মাজত থকা সৰু-বৰ গছবোৰৰ ডালবোৰে ডিঙি মেলি মেলি আমালৈহে যেন চাই আছে! বেয়া ৰাস্তাৰ পিছতো গাড়ীখনে অলপমান গতি বঢ়ালে। বাছৰ গতিৰ লগে লগে গছৰ ডাল, বাঁহৰ ’জেকণী’বোৰেও গতি লাভ কৰিলে। দুই-এডাল ডাল আমাৰ ফাললৈ এনেকৈ আগবাঢ়ি আহিল যে, শুই দিহে আমি নিজকে বচালোঁ। ঘনঘনকৈ কেইজনমান মানুহ নমোৱাৰ পিছত গাড়ী অলপ খালী হ’ল। হেণ্ডিমেনজনৰ নিৰ্দ্দেশত আমি ওপৰৰ পৰা নামি আহিলোঁ। আৰম্ভ হ’ল ঠেলা-হেঁচাৰে আন এক যাত্ৰা| 

যাত্ৰা আৰম্ভ হৈছেহে মাত্ৰ। হঠাতে হাউ-হাউকৈ কেইটামান চিঁঞৰ মাৰি বাছখন বোকাত লাগি ধৰিলে| গাড়ীৰ মানুহে গাড়ীখন বোকাৰপৰা তুলিবলৈ যিমানেই চেষ্টা চলালে, গাড়ীখন সিমানেই বেছিকৈ বোকাত লাগি ধৰিলে।
-“অ’ হিতু, যা যা গাড়ী ঠেলগৈ।”-ওচৰতে থিয় দি থকা ওচৰৰে প্ৰতীমা পেহীয়ে মাত লগালে।
-“গুৱাহাটীত থাকা ছ’লি, ক’ত গাড়ী ঠেলব’? ”-লগৰে অনিতাই তপ্‌কৈ কৈ উঠিল। মোৰ খঙে চুলিৰ আগ পালে যদিও মনে মনে থাকিলোঁ। গুৱাহাটীত থাকিলোঁ বুলিয়েই গাড়ী ঠেলিব নোৱাৰিমনে? কেইদিনমান গুৱাহাটীত আছোঁ হয়, কিন্তু সেই বুলিতো গাঁওৰ কৃষ্টিও বাদ দিয়া নাই। মনে মনে ভাবি থাকিলোঁ। তেনেতে হেণ্ডিমেনে চিঁঞৰিলে-“অ’ দাদাসকল, গাড়ী ফাঁচিল, অলপ ঠেলব’ না!!”-অনিতাৰ ফালে চাই হিৰহিৰাই নামে গ’লোঁ।

বিশজনমান মানুহৰ ঠেলাত আৰু ইঞ্জিনৰ সমান্তৰাল বলত গাড়ীখনে বোকাৰ খামোচ এৰি পাৰলৈ উঠি আহিল। উঠাৰ আগে আগে গাড়ী ঠেলা পুৰস্কাৰ হিচাপে আমালৈ ছটিয়াই দিলে আঠালেতীয়া মাটিৰ বোকা। গায়ে-মূৰে, কাপোৰে-কানিয়ে বিদ্যমান হৈ থকা বোকাৰে গাড়ীৰ ভিতৰত সোমোৱাৰ সত নগ’ল। সেয়ে বাকী থকা বাটছোৱা দুৱাৰমুখত ওলমি গৈয়েই অৱশেষত মোৰ গাঁওৰ ষ্টপেজ পালোঁ। প্ৰতীমা পেহী আৰু অনিতা গাড়ীৰপৰা নমাৰ আগেয়ে মই ঘৰলৈ বুলি চেঙ্‌চেঙাই বেগ দিলোঁ| 

[ক্ৰমশঃ]

Thursday, August 25, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি – ২

ৰাতিপুৱা অথন্তৰটো লগাৰ পৰাই মনটো ভাল লগা নাছিল। ক্লাছলৈ নাযাও বুলিও যাব লগা হোৱা বাবেহে ছাগে’ অথন্তৰটো লাগিবলৈ পালে! পিছে এতিয়া এইবোৰ ভবাৰ সময় নাই। “কলিতা ষ্ট'ৰচ”ৰ পলিথিনত থকা ক্লাছলৈ নিয়া বহীখন বিচনাতে দলিয়াই বাথৰূমলৈ দৌৰিলোঁ। ৰাতিপুৱাই ফুৰা হবলৈ যোৱাটো মোৰ অভ্যাস যদিও আজি ৰাতিপুৱা খোলা নহ'ল। আৰু এতিয়া দৌৰাদৌৰি লাগিছে বাবে ইঞ্জিনৰো অভাৰলোড হৈছে। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটত যাব পাৰি। কিন্তু এই কামফেৰাতো তেনেকৈ কৰিব নোৱাৰি। সেয়েহে অগত্যা বল দি বল দি যিমান পাৰি সিমান সোনকালে কামফেৰা সমাধা কৰি শালিকা চিলান দি আলনাডালৰ কাষ পালোঁগৈ। ফৰ্মেল পেণ্ট এটা আছিল বুলিহে! তাকেই পিন্ধি ল'লোঁ। জিপডাল ঠিকেই আছেনে নাই পৰীক্ষা কৰি ল'লোঁ। নহ’লে ইয়াৰ আগৰবাৰ যিহে ঘটিল। ইণ্টাৰভিউ দিবলৈ গৈছোঁ, পেণ্টৰ জিপডালেই খোলা। পিছে আগৰবাৰৰ কথা থাওঁক এতিয়া। নহ'লে এইবাৰ আকৌ ইণ্টাৰভিউৰ আগতেই খেদিব। যিহওঁক, জিপডাল ঠিকেই আছে। পিছে বেল্টডালহে বেয়া হৈছে। সাউতকৈ আলনাত থকা ভাইটিৰ পেণ্টৰপৰা বেল্টডাল খুলি নিজৰ পেণ্টত লগাই ল'লোঁ। ইণ্টাৰভিউ দিবলৈ যোৱাৰ কথা! অকণমানটো ফিটফাট হব লাগিব! ছাৰ্ট বিচাৰিহে ঘূৰ্মুটিয়াব লগা হ'ল। অৱশেষত পালোঁ এটা। ধুই থোৱা আছে যদিও সোঁতোৰা-মোতোৰা খাই পৰি আছে। ইষ্ট্ৰী কৰাৰ সময়ো এতিয়া নাই! কি কৰা যায়! ৰ’ বাপ্পেকে-বুলি ভাইটিক চিঞৰিলোঁ –“চোটে, মোক ভাতকেটা দিচুন দেৰি হৈছি।” তাৰ চিৰপৰিচিত ডায়লগ। দেৰি নহ'লেও মোৰ ডায়লগৰযে সলনি নহয়, সি ভালকৈয়ে জানে। ভাইটিয়ে ভোৰভোৰালে-“তোৰ কুনদিনানু দেৰি নোহোয়? ভাতকেটা লৈ খাবা নোৰা যদি নাখকে যা।”-মুখেৰে ক'লে যদিও সি অৱশ্যে ভাতৰ কাঁহীখন মোৰ হাতত দি থৈ গ’ল। ইমান সময়ে মই চাৰ্টটো জাপি গাৰুৰ তলত থৈ তাৰে ওপৰত বহি ভাত খোৱাত লাগি গ’লোঁ। পেনপেনীয়া ভাত, লগত যেনিবা এটা কেঁচা জলকীয়া আছে বুলিহে! যিওবা আলু এটা সিদ্ধ হবলৈ দিছিলোঁ, সি ভালকৈ নিসিজিলেই। নাকে-মুখে কেইগৰাহমান ভৰাই বাকী থকাখিনি পাকঘৰত থকা ভ্ৰাম্যমান ডাষ্টবিনত অৰ্পণ কৰিলোঁ। দুঢোকমান পানী খাই, আকৌ বিচনাৰ ওচৰ পালোহি। চাৰ্টটো উলিয়াই লৈ দেখিলোঁ বহুখিনি ভাঁজ নাইকীয়া হৈ গৈছে। অজানিতে মুখৰপৰা এচেৰেঙা হাঁহি ওলাই গ’ল। যেন নতুন বস্তু এটাহে কৰিলোঁ! চোলাটোৰ ওপৰৰ দুটামান বুটাম বাদ দি তলৰ কেইটা মাৰি ভালকৈ ইনচাৰ্ট কৰি ল'লোঁ। জোতা-মোজাযোৰে কোনো খেল নেদেখালে। জোতাযোৰ পিন্ধি উঠি মেক-আপত ফাইনেল স্পৰ্শ এটা দিওঁ বুলি যেতিয়া পকেট চাইজৰ আইনাখনৰ সন্মুখত থিয় দিলোঁ, তেতিয়াহে আকৌ অথন্তৰটো লাগি উঠিল। দুই নম্বৰ বুটামতোচোন চিঙা! হ’ল আৰু!-ভাবিলোঁ। বেলেগ চাফা চোলাও নাই। কি কৰা যায় এতিয়া! ভাবি ভাবিয়েই টেবুলৰ ওপৰত থকা বস্তুৰ গুডাম খুচৰাত লাগি গ’লোঁ আৰু ষ্টেপলাৰটো বিচাৰি পালোঁ। সেইটোৰেই কিবা এটা কৰিব পাৰি নেকি এবাৰ চেষ্টা চলাই চালোঁ। কেইবাবাৰ বিফলতাৰ পিছত হঠাত্‍ এবাৰ লাগি গ’ল। আস, বাচি গ’লোঁ। ষ্টেপ্‌ল পিন দুডালেই বুটামৰ অভাৱ দূৰ কৰিলে। যুদ্ধজয়ী সৈনিকৰ দৰে বুকু ফিন্দাই হাতত ফাইলটো লৈ মূৰ ফণিয়াই ফণিয়াই লৰ দিলোঁ। 

দহ বজাৰপৰা ইণ্টাৰভিউ। ন বাজি দহ মিনিট গ’লেই। বাছ ষ্ট'পেজ পাওঁতে অতি কমেও আৰু দহ মিনিট। তাৰ পৰা আকৌ চিটিবাছত ৪৫-৫০ মিনিট যাবলৈ আছেই! গ’ল আজি! এইটো ইণ্টাৰভিউও এনেই গ’ল। ১০-১৫ মিনিট দেৰিকৈ অহা প্ৰাৰ্থীকনো কোনে চাকৰি দিব! ভাবি ভাবি কেতিয়ানো গৈ সেই পয়ালগা ৰাস্তাটো পালোঁ গমকেই নাপালোঁ। ৰাস্তাটো চূটি হয় যদিও ৰাতিপুৱা এই ৰাস্তাৰে যোৱা বাবেই অথন্তৰ লগা আৰম্ভ হৈছিল। যেনিবা চৰকাৰৰ অনুন্নয়ন আঁচনিৰ অধীনত ৰাস্তাত ডোঙা বান্ধি থকা পানীয়ে মোক সেইবাৰলৈ বচালে। পিছে এইবাৰ ভাবিছিলোঁ, দূৰ হওঁক দুৰ্গতি নহওঁক, ভাল ৰাস্তাটোৰেই যাম। পিছে মনৰ গতিত কোনফালেনো কেতিয়া পোনালো গমেই নাপালোঁ। এইবাৰ বা কি অথন্তৰে লগ দিয়ে!! কি বা হয়!!

একো অথন্তৰ নালাগিল। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটতে পাই গ’লোঁ। হিচাপ কৰি দেখিলোঁ এতিয়াও পাঁচ মিনিটৰ ঘাটি। দেখা যাওঁকচোন কি হয়-এই বুলি চিটিবাছ এখনৰ আগৰ দুৱাৰেৰে জঁপিয়াই উঠিলোঁ। পুৱাৰ ঘটনাটো মনত পৰি পিছপিনে ঘূৰিও নাচালোঁ। নিৰ্ধাৰিত সময়তকৈ দহ মিনিট আগতীয়াকৈ বাছখনে নি মোক নমাই দিলে। বেচ স্ফুৰ্তি লাগি গ’ল। ইমান দৌৰা-দৌৰিৰ পিছতো গৈ যে সঠিক সময়ত পামগৈ! ভাবিবলৈহে পালোঁ, হঠাতে জানো কি লাগিল! ভৰিত কিবা এটাই খোচ মাৰি ধৰিলে। আকৌ এখোজ আগুৱাই দিলোঁ। হয়। জোতাৰ ভিতৰত কেনেবাকৈ শিলগুটি এটি সোমাইছে। লাগি গ’ল অথন্তৰ। কি কৰা যায় এতিয়া! জোতা খুলি শিলগুটি আঁতৰোৱাৰ সুবিধাও নাই এতিয়া। তাক পাহৰি যোৱাৰ উপায়ো নাই। অলপ দূৰ তেনেকৈয়ে আগবাঢ়িলোঁ। এটা জালুকৰ মান হ’ব চাগে’ শিলগুটিটো-ঠাৱৰ কৰিবলৈ চেষ্টা কৰিলোঁ। ভৰিৰ আগৰপৰা গুৰিলৈ দৌৰি ফুৰিছে সি। কেতিয়াবা বুঢ়া আঙুলিৰ আগত হানিছে, কেতিয়াবা আকৌ ভৰিৰ তলুৱাৰপৰা নলৰাই হৈছে। “হেৰি চাবহে।”-সন্মুখত থকা মানুহজনক খুন্দাটো মাৰিলোৱেই ইতিমধ্যে। “চ’ৰী” বুলি কৈ মানুহজনক বাট এৰি দিলোঁ। ছেঃ, কিযে অথন্তৰটো লাগিল! ভাগ্যে সেইজন আদহীয়া মানুহ বুলিহে। ছোৱালী হোৱা হ’লেতো কথাই নাছিল। ফুটপাথত জানি-শুনি ছোৱালীক খুন্দিওৱা বুলি ছাগে’ পাব্লিক ধুলাই খালোঁৱেইহেঁতেন। অৱশেষত ইণ্টাৰভিউৰ জেগা পালোগৈ। পাই দেখিলোঁ তালিকাত থকা বিশজন প্ৰাৰ্থীৰ ভিতৰত ময়েই শেষৰজন। দহখনমান চকীৰ ব্যৱস্থা কৰা হৈছে যদিও, এখনো খালী নাই। কি কৰা যায় এতিয়া! শিলগুটিটোৱে খৰলুটি খেল আৰম্ভ কৰিছে। ভৰিখন নচুৱাই নচুৱাই তাক অলপ সুবিধাজনক স্থানত স্থায়ী কৰি ৰাখিবলৈ চেষ্টা এটা চলালোঁ যদিও শিলগুটিটোও ডেমকেয়াৰ। মই যিমানে চেষ্টা কৰোঁ, সি ওলোটা খৰহে লগায়। মানুহৰ দৰে চেহেৰা এটা থাকিলে সি ছাগে’ দাত নিকটাই হাঁহিলহেতেন- “বুৰ্বক কৰবাৰ! মোকেই ক'ন্ট্ৰোল কৰিব নোৱাৰনে?” ভাবি ভাবি টিঙিচ্‌কৈ উঠি গ’ল নহয় খংডাল। পিছে ছোৱালী এজনী আহি বচালে। তাই মাত লগালে-“হিতেন শৰ্ম্মা আপুনিয়েই নহয় জানো? এইবাৰ আপুনি সোমাব।” সন্মতিসূচক অভিবাদনেৰে মই সাজু হ'লোঁ। শিলগুটিটোৰ কথা মনত পৰি গ’ল। সি দেখোন ঠাণ্ডা হৈ আছে। ওলাই গ’ল ছাগে’! চাৰ্টটো ঠিক-ঠাক কৰি লওঁ বুলি হাতখন দিছোঁ মাত্ৰ। গ’ল নহয় ষ্টেপল পিন দুডাল চিগি। উপায় নোহোৱাত পৰিলোঁ। এই মূৰ্ত্তিৰে গ’লেতো ইণ্টাৰভিউ নোলোৱাকৈয়ে খেদিব। তেনেহ’লে কেনেকৈ পাৰ হোৱা যায় এইটো অথন্তৰ! ছোৱালীজনীকেই সুধোঁ নেকি, কৰবাৰ পৰা চেফ্‌টি পিন এটা যোগাৰ কৰি দিব পাৰেই যেনিবা! পিছে সুধিব নোৱাৰিলোঁ। কি বা ভাবে তাই।

টংকৈ ঘণ্টাটো বাজি উঠিল। বুকুখনেও ঘণ্টা বজাই দিলে। চোলাটো কি কৰা যায় এতিয়া! এনেকৈনো ভিতৰলৈ যাও কেনেকৈ! চাকৰিটো মই যে নাপাওঁ, চোলাৰ ৰহস্যই তাক মোটামুটি ঠিক কৰি দিলে। তথাপিও আহিছোঁ যেতিয়া, এনেকৈয়ে এবাৰ দেখা দি আহোঁ বুলি আগবাঢ়িলোঁ। সোঁহাতেৰে ফাইলখন পেটৰ যিমান পাৰি সিমান ওপৰলৈকে হেঁচা মাৰি ধৰি বাওঁহাতেৰে দুৱাৰখন ঠেলি ইণ্টাৰভিউ ৰুমলৈ সোমাই গ’লোঁ। শিলগুটিটোৱে আকৌ এবাৰ খৰলুটি মাৰিলে। এইবাৰ কিন্তু তাক কেৰেপেই নকৰিলোঁ। “এতিয়া থাক। ইয়াৰপৰা ওলাই দি আছোঁ তোক মজা। ”শিলগুটিটোক হুংকাৰ দি চাৰিজনীয়া ইণ্টাৰভিউ ব’ৰ্ডৰ সন্মুখীন হ’লোঁ।

ঠিকেই চলি আছিল সকলো। নাম-পৰিচয়, অভিজ্ঞতা-অনভিজ্ঞতা, পঢ়া-শুনাৰ কথাবোৰ এজনৰ পিছত এজনকৈ তিনিজনে সুধি গ’ল। ময়ো যিখিনি জানো কৈ গ’লোঁ। মাজে মাজে মন কৰি গ’লোঁ ঠিকেই আছেতো চোলাটো! বুটাম নথকা চোলা পিন্ধি অহা বুলি গম পাইছে নেকি এওলোকে! ভাবিছোঁহে মাত্ৰ। যন্ত্ৰণাটো দিলে নহয় চতুৰ্থজনে। “ধৰা, তোমাৰ চোলাৰ বুটাম এটা হঠাতে চিঙি গ’ল আৰু তুমি বৰ জৰুৰী হাই প্ৰ’ফাইল মিটিং এখনত বহি আছা। তেনেকুৱা পৰিস্থিতিত তুমি কি কৰিবা?” মৰ বাপ্পেকে। কি কৰ কৰ এতিয়া –ভৰি তলুৱাত লুটি বাগৰ এটি খাই শিলগুটিটোৱে কৈ উঠিল। উত্তৰ বিচাৰি নাপাই এনেয়ে ইফালে সিফালে চাই ৰ’লোঁ। হঠাতে মেজৰ ওপৰত এটা আলপিন দেখি থৰ হৈ ৰ’লোঁ। ৰৈ যোৱা মগজুত বুদ্ধি এটি খেলালে। চতুৰতাৰে মই ক’লোঁ-“কিছুমান বস্তুৰ ওপৰত আমাৰ ক'ণ্ট্ৰোল নাথাকে। যেনে ধৰক আপোনাৰ জোতাৰ ভিতৰত শিলগুটি এটি সোমাইছে আৰু আপুনি জোতা খুলিব পৰা অৱস্থাত নাই; নাইবা ঘৰৰ বাহিৰ ওলাইছে আৰু আপোনাৰ চোলাৰ বুটাম এটা চিঙি থাকিল। তেনেকুৱা পৰিস্থিতিত পোৱা ব্যৱহাৰোপযোগী যিকোনো বস্তুৱেই আমি কামত খটুৱাব পাৰোঁ।" মুখৰ লগে লগে হাতেৰে আলপিনতো তুলি আনি চিঙি যোৱা বুটামৰ ঠাইত এনেভাৱে লগালোঁ যেন মই কিহবাৰ ডেমন্‌ষ্ট্ৰেচনহে দি আছোঁ। মোৰ উত্তৰ শুনি মানুহ চাৰিজন মনে মনে ৰ’ল। কথাখিনি ভাল পালেনে বেয়া পালে গম নাপালোঁ। মই কিন্তু শিলগুটিটোলৈ উদ্দেশ্যে মনৰ ভিতৰতে ভোৰভোৰালো– “দেখিলি, বাপেৰাই কি কৰিব পাৰে?” দুই মিনিটমানৰ পিছত ইণ্টাৰভিউ ৰুমৰ পৰা ওলাই আহি দীঘলকৈ গুমুনিয়াহ এটা কাঢ়ি শিলগুটিটোলৈ হুংকাৰ দিলোঁ- “এতিয়া তোক ৰ।” ঘৰটোৰ পৰা নামি অহা চিৰিত বহি কাকো ক’তো নোচোৱাকৈ জোতাপাট খুলি শিলগুটিটো ওচৰতে থকা পিকদানিটোলৈ দলিয়াই দি জোতাপাত ভৰিত সুমুৱাই লৈ কৈ উঠিলোঁ-“মৰ বেটা ইয়াতে। মোৰ জোতাৰ ভিতৰত সোমাই অথন্তৰ লগাই আছিলি? থাক এতিয়া পিকৰ মাজত। পৰি থাক।” জোতাপাত পিন্ধি মই গহীনাই ওলাই আহিলোঁ। তেতিয়াও মোৰ চোলাত লাগি থাকিল আধা ভাঁজ লগা আলপিনটো।।   

[ক্ৰমশঃ]


Monday, August 15, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি - ১

ভাৰাঘৰৰ পৰা দৌৰাদৌৰিকৈ ওলাইছোঁ। ক্লাছলৈ দেৰি হৈছে। ১০ মিনিটৰ ৰাষ্টা ৬ মিনিটতে গৈ চিটিবাছ ষ্টপেজত ৰখাই থোৱা চিটিবাছ এখনত উঠিলোঁ। একেবাৰে শেষৰ দীঘল চিটটোত দুজন মানুহ বহি আছিল। তেওঁলোকৰ কাষতে বহি পৰিলোঁ। যথাসময়ত বাছ চলিল। কনডাক্তৰজনক খুচুৰা ৩.৫০ টকা দি গপচত বহি থাকিলোঁ। হঠাতে এষাৰ মাত শুনিলোঁ- "কি বস্তু চেন্দেলত লৈ আহা এ ভাই?" ঘূৰি চালোঁ। দেখিলোঁ কনডাক্তৰজনৰ পেণ্টত হালধীয়া আঁচ এডাল। লগে লগে সি মোৰ ফালে চাই কৈ উঠিল- "আপোনাৰ চেন্দেলৰ পৰা লাগিছে।" চাই দেখোঁ, হয়তো। মোৰ চেন্দেলৰ আগফালে অলপ হালধীয়া পদাৰ্থ তেতিয়াও লাগি আছে। যথেষ্ট লাজ পালোঁ। লগে লগে ভাবিবলৈও ধৰিলোঁ ক’ত গচকিলোঁ! তাৰ লগে লগে মোৰ চকু কাষত বহি থকা মানুহজনৰ চেন্দেললৈ গ’ল। দেখিলোঁ তেওঁৰ চেন্দেলৰ আগফালে এখন হালধীয়া পাহাৰ। বাছত উঠোঁতে তাৰে আধা ময়ো খহাই লৈ আহিলোঁ চাগে’। মোৰ মুখৰপৰা হঠাতে ওলাই গ’ল - "আপোনাৰ চেন্দেলযোৰলৈ  চাওঁকচোন।" কনডাক্তৰজন তেতিয়াও তাতেই আছিল। সিও মান্তি হ’ল যে পদাৰ্থখিনি মোৰপৰা নহয়, কাষৰ মানুহজনৰপৰাহে লাগিছে। এটা চিন্তা দূৰ হ’ল যেনিবা, এতিয়া নতুন চিন্তা এটাই জুমুৰি দিলে- ক’ত চাফ কৰা যায় চেন্দেলযোৰ! সেই সময়তে গাড়ীখন গৈ গন্তব্যস্থান পালে আৰু মই গাড়ীৰপৰা নামি দিলোঁ। চকু-মুখ মুদি মই আগবাঢ়িলোঁ আৰু ৰাস্তাত ডোঙা বান্ধি থকা পানীত ভালকৈ ধুইহে উশাহ ল'লোঁ। 

[ক্ৰমশঃ]
 


Sunday, August 7, 2011

বৰষুণৰ কবিতা

বৰষুণৰ বতৰ
তোলৈ বৰকৈ মনত কৰিছে অ’ তগৰ |
এহাতে মোৰ উকা কাগজ
আনহাতে উন্মুক্ত কলম

কিদৰে লিখিম

কিদৰে লিখিম হৃদয়ৰ খবৰ |


নিভাজ কাগজত আঁকিব খোজো
বৰ্ণিল হৃদয়ৰ খবৰ
কলমৰ কাপ নিগৰি বৈ আহক
ৰামধেনুৰ বৰণ |
ক’ত ৰং, ক’ত পোহৰ ?

বৰষুণৰ বতৰ
তোলৈ বৰকৈ মনত পৰিছে অ’ তগৰ |
নজনাও আজি তোক
বুটা বছা আকাশৰ খবৰ

আৰু দি জোনাকৰ খবৰ
নলগাও আজি জগৰ
তোৰ প্ৰেমেৰে সাজিম আজি
সপোনৰ ঘৰ
পাৰ কৰিম তোৰ স্মৃতিৰে
যুগ যুগ বহু বছৰ |

তই নাহিবি তগৰ
সুলকি পৰিব তোৰ ওৰণিৰ চাদৰ
আৰু বই বই নীলা আকাশৰ সোঁত
চকুৰ পলকতে সৰি পৰিব

জীৱন ৰঙৰ উকা কাগজ..... ||

( ৰচনাকাল : ২৮/০৭/২০০৯)

Saturday, August 6, 2011

কেনে আছ ? অৰুন্ধতী !



পৰিত্যক্ত অতীতৰ থকা-নথকা স্মৃতিৰ কোলাত
মনত পৰেনে অৰুন্ধতী ?
কালদিয়াপাৰত সত্কাৰ কৰা সোঁৱৰণীবোৰৰ কথা
আৰু আজি !
ইতিহাসৰ পাত লুটিয়াই লুটিয়াই কেনেকৈ সুধো
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

জানো
জীৱন সাগৰৰ কোৱাল সোঁতত
প্ৰতিভাৰ গুৰি-ব’ঠা ধৰি
নিত্যাগমণ তোৰ পূৰ্ণিমাৰ দেশলৈ | 
নাই তোৰ লয়লাস
অথবা সপোন দেখাৰ হাবিয়াস |
সকলোবোৰ জানিও কেনেকৈ সোধো
সম্ভাৱনাৰ দুৱাৰমুখত কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

মনত পৰেনে তোৰ
উদ্বাউল হৃদয়ৰ জুৰণি মলয়াত
ৰাঙলী যৌৱনৰ ছাঁলৈ |
সেই ওভতনি যাত্ৰা তোৰ কপৌফুলা দেশলৈ
পূৰ্ণতাৰ বাবে তোৰ পূৰ্ণ হাবিয়াস 
আৰু জীৱন গৰকা অত্যুত্‍সাহ... 
আজি কালদিয়াপাৰতেই বিস্মৃত
তোৰ সেই হাবিয়াস | 
সকলো জানো
তথাপি ভাৱিছো কেনেকৈ সোধো
কেনেকৈ সোধো..কেনে আছ !
কেনে আছ ? অৰন্ধতী !

দেখিছো এতিয়া
পোহৰ বিচৰা তোৰ কোমল হৃদয়ত
প্ৰজ্জ্বলিত নিৰাশাৰ দাবানল
সভ্যতাৰ হাততেই সমৰ্পিত সমস্ত তোৰ মনোবল |
কিমান আশাৰে ভৰি দিছিলি আহি মমতাৰ যাদুঘৰত
অথচ মমতাৰ হাততেই সমৰ্পিত তোৰ কীৰ্তিৰ অস্তিত্ব
দেখিছনে আধুনিকতাৰ কিমান বৰণ !
সম্ভাৱনাৰ দুৱাৰমুখত যশস্যাৰ কিমান ৰগৰ !

তথাপি সোধো,
সুধিব খুজিও বাৰে বাৰে ৰৈ যাও
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !

কমনো কি ?
পাকখোৱা জিভাৰ ভাষাযে বেদনাৰে স্তব্ধ
তথাপি কও
বৰ্তমানত লুপ্ত খ্যাতিৰ বোজাত নহবি কুব্জ
তোৰ সাধনাই দিব তোক সৌৰ্য-বীৰ্য
খ্যাতি-সুখ্যাতিনো কি..
তোৰ সাধনাই জগাব আহি
কালদিয়াপাৰত বিস্মৃত তোৰ সেই সেউজীয়া নৱসৌন্দৰ্য্য | 

আজি নোসোধো ত‍ই কেনে আছ !
জানো,
অলেখ ধূমকেতুৰ মাজতো ত‍ই জিলিকা সূৰ্য্য |


ধ্ৰুৱজ্যোতি শৰ্ম্মা
ৰচনাকাল : ১১/০৭/২০০৬

Tuesday, August 2, 2011

লিখিব পৰা হলে...

লিখিব পৰা হ'লে...
লিখি গ'লোহেতেন যাত্রাৰ এই বৈচিত্রতাৰ কথা
ক'ব পৰা হলে
কৈ গলোহেতেন বুকুৰ অনুচ্চ হেপা৺হবোৰৰ কথা
নিজম পৃথিৱীত আ৺কিব পৰাহেতেন
আ৺কি গ'লোহেতেন বুকুৰ মেঘচ্ছন্নতা


এপল পোহৰ বিচৰা
পদাতিক অক্লান্ত হিয়া
কোন দিশে এই যাত্রা
পোহৰ নে বিচ্ছিন্নতা...
লিখিব পৰা হ'লে
লিখি গ'লোহেতেন অভিযাত্রীসকলৰ কথা


সুৰৰ ঢৌত উর্মিমিত
কণমানি মণিকোঠা
বিলীন আজি নির্লিপ্ততাত
কোন পথে এই যাত্রা
বিসন্নতা নে অৱহেলা...
ক'ব পৰা হ'লে
কৈ গ'লোহেতেন বিষাদজর্জৰ আত্মাৰ কথা


আ৺কিব পৰা হ'লে
আ৺কি গ'লোহেতেন উবুৰি খাই পৰা আমাৰ ঐতিহ্যৰ কথা
গাব পৰা হ'লে গাই গ'লোহেতেন এটি গান
দুখৰ পখীয়ে সাহস বিচাৰি গোৱা আর্তনাদৰ গান.........।

চিত্রপট-১


এয়া "জীৱন্ত শিপাৰ সাঁকো (Living Root Bridge)
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) লৈ যোৱা মোৰ সহযাত্রীসকল
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া দীর্ঘতম "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge)
দৈর্ঘ্য : ৯৫ ফুট
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) ৰে পাৰ হৈ থকা অৱস্থাৎ মই
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া " দুখলপীয়া জীৱন্ত শিপাৰ সাঁকো" (Double Decker Living Root Bridge)
 নাম : উমছিয়াং দুখলপীয়া জীৱন্ত শিপাৰ সা৺কো
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১




এয়া " তাৰেৰে নির্মীত ওলমা সাঁকো" (Rope Bridge)
 নাম : মাৱছাৱ সাঁকো
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১



 এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) ৰ কাষত মোৰ সৈতে অৰূপ
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১