Tuesday, May 14, 2013

প্ৰধানমন্ত্ৰী মহোদয়, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব....



(২০ এপ্ৰিল, ২০১২ চনত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ লিখা "প্ৰধানমন্ত্ৰী, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব...." শীৰ্ষক লেখাৰ আলমত আৰু বৰ্তমান ৰাষ্ট্ৰপতি আৰু আহিব লগা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত লিখা প্ৰবন্ধৰ পৰিবৰ্ধৰ্ত ৰূপ)

দিনাংক ২০ এপ্ৰিল, ২০১২ চন। এফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনফালে আলফাৰ ১২ ঘণ্টীয়া অসম বন্ধ। লগতে ৰাইজলৈ সাৱধান হোৱাৰ বাবে সকিয়নী।
প্ৰথম দৃশ্যঃ
..... দিনাংক ১৯ এপ্ৰিল। স্থান চহৰৰ এটা ব্যস্ত ব্যৱসায়িক এলেকা। সময় সন্ধিয়া ৮.৩০ বজাত। কাপোৰৰ ডাঙৰ দোকান এখনত সোমাইছোঁ। উদ্দেশ্য লগৰজনে ভাল কাপোৰ এযোৰ লব। সি চাই আছে যদিও পচন্দ হোৱা নাই আৰু ম‍ই মেনেজাৰৰ কাষৰ টেবুলখনত ভেজা দি থিয় হৈ আছোঁ। এনেতে ভদ্ৰলোক দুজন আগুৱাই আহি সুধিলে –“দাদা, কালি দোকান খুলিবনে?” মেনেজাৰে বুধিদীপ্তভাৱে কলে-“চাওঁচোন। ‘উলফা’ৰ বন্ধ আছে নহয়’। তথাপি ওচৰৰ দোকানকেইখন খুলিলে খুলিম।”
-“শুনক, দোকান খুলিব, বুজিছে। নহলে পাচত দিগদাৰিও পাব পাৰে।” ....
এৰা, পিছদিনাখন অসম বন্ধ। কাৰণ অসমলৈ প্ৰধানমন্ত্ৰী আহিব। ইফালে আগতেই কৈ থৈছে, অসম বন্ধত বাহিৰলৈ নোলাব, দিগদাৰি পাব পাৰে। এতিয়া এজনে আহি কৈছে, দোকান খুলিব, নহ’লে পাচত দিগদাৰিও পাব পাৰে।
দ্বিতীয় দৃশ্যঃ
.... দিনাংক ২০ এপ্ৰিল। সময় ৰাতিপুৱা ৭.৩৫। স্থান ৰাজধানী চহৰৰ নিকটৱৰ্ত্তী এটা আবাসিক এলেকা। কান্ধত মোনাখন লৈ অফিচলৈ বুলি ওলাই আহিছোঁ। এজন বৃদ্ধ ৰৈ আছে; ৰিক্সাৰ বাবে। হাতত তেওঁৰ এটা টিফিন বক্স। যোৱা কেবাবছৰৰপৰা থকা হেতুকে দেখিলে ‘হাই-হেলো’ ধৰণৰ চিনাকি আছে। এজন পংগু মাতৃহীন সন্তানৰ পিতৃ তেওঁ। এই আবাসিক এলেকাতেই থাকে। দেখি সুধিলো-"বৰতা, ইমান ৰাতিপুৱাই ক’লৈনো ওলাইছে?" তেওঁ হতাশভাৱে উত্তৰ দিলে-"হাস্পতাললৈ। মোৰ ভতিজা ল’ৰাটো যোৱাকালি এক্সিডেণ্ট হৈ ইয়াতে আছেহি। দালি-ভাত অলপ লৈ যাম বুলি ভাৱিছিলোঁ..পাছে ৰিক্সায়েই নাই দেখোন।"….
কিছুমান মানুহৰ বাবে ৰিক্সা এখন যে কিমান দৰকাৰী, সেয়া পৰিস্থিতিতহে গম পোৱা যায়। হাউলি হাউলি তেওঁ খোজ কাঢ়ে, গতিকে দহ মিনিটৰ ৰাস্তাটো‍ওঁ যে তেওঁৰ বাবে বহু দূৰ সেই কথা উপলব্ধি কৰিও তেওঁক সহায় কৰিব নোৱাৰিলোঁ। ওচৰত ৰিক্সা নাই, অটোৰিক্সাও নাই, আৰু ময়ো খোজ কাঢ়িহে আহি আছোঁ। শান্ত্বনাসূচক কিবা এষাৰ কৈ আগবঢ়াৰ বাহিৰে মোৰ ওচৰত কবলৈকো একো নাথাকিল।
তৃতীয় দৃশ্যঃ
.... সময় ৰাতিপুৱা ৭.৪০। দ্বিতীয় দৃশ্যৰ ৫ মিনিট পিছত। বৰ্মন উপাধিৰ ৰিক্সাৱালাজনক চিনি পাওঁ। মোৰ ভাৰাঘৰৰ ওচৰতে থাকে। তেওঁক ৰাস্তাতে পাই সুধিলো-"বৰ্মন দা, আজি ৰিক্সা উলিওৱা নাই?"
তেওঁ উত্তৰ দিলে-"পুলিচে বন্ধ কৰিছে নহয়। মেইন ৰাস্তাত ওলালেই পাম এৰি দিয়ে।"
"অলপ আগত বুঢ়া মানুহ এজন ৰৈ আছে। খোজ কাঢ়িব নোৱাৰে। ওচৰৰে হস্পিতাললৈকে যাব। পাৰে যদি তেখেতক লৈ যাওকচোন.. পুলিচক বুজাই কলে বুজিব যাওঁক।"….
মুখেৰে কৈছোঁ যদিও জানো যে ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত বৰমতা অসম আৰক্ষীয়ে কেতিয়াও বুঢ়াজনৰ পৰিস্থিতি বা এদিন ৰিক্সা নচলালেই লঘোনে থাকিব লগা ৰিক্সাৱালাজনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে, কৰিব নোৱাৰে। কাৰণ আজি তেওঁলোকৰ ‘স্পেচিয়েল ডিউটি’। কিবা আধাৰশিলা স্থাপন কৰিবলৈ হেনো পি.এম. আহিব।
চতুৰ্থ দৃশ্যঃ
.....সময় ৰাতিপুৱা ৭.৪২। দ্বিতীয় দৃশ্যৰ মাত্ৰ ২ মিনিটমান পিছত। স্থান ৰাজধানী সমীপৰ এক ব্যস্ত এলেকাৰ এটা প্ৰধান আলিবাট। সদায় এইখিনি সময়ত ৰিক্সা-ঠেলা, অট’ৰিক্সাৰে গিজগিজাই থকা এই ব্যস্ত ৰাস্তাটোত এখনো ৰিক্সা নাই, এখনো অট’ৰিক্সা নাই। দুই-এখন প্ৰাইভেট গাড়ী ভয়ে ভয়ে চলি আছে। ৰাস্তাৰ দাঁতিত পুলিচৰ জুম। ইমানেই পুলিচ যে, কোনোবা কোনোবা আৰক্ষী চকীতো ইমান পুলিচ নাথাকে। সকলোৰে ওপৰত তেওঁলোকৰ শেন দৃষ্টি। এজন সদায় দেখি থকা ট্ৰেফিক পুলিচৰ ওচৰলৈ গৈ সুধিলো-“কি আছে হে আজি? ৰাস্তাত ইমান পহৰা যে? ৩০ অক্টোবৰৰ ঘটনাৰ পাছত ইমান পুলিচ একেলগে দেখিছোঁ।”
তেওঁৰ উত্তৰ –“ কি কৰিব, ৰজা আহিব। তাতে আৰু বৰডেকাহঁতেও অসমলৈ মনত পেলাইছে নহয়। গতিকে ৰাতিপুৱাই এই দশা।”....
কথাখিনি শুনি এনে লাগিন যেন তেওঁলোকো অতৃপ্ত। কেৱল ওপৰৱালাৰ গালিৰপৰা বাচিবলৈহে আহি থিয় দিছেহি। বেচেৰা! প্ৰধানমন্ত্ৰী আহিব। তাতো ওপৰৱালাই তেওঁলোকক নগুৰ-নাগতি কৰি মাৰিছে।
পঞ্চম দৃশ্যঃ
.....সময় ৰাতিপুৱা ৭.৪৫। প্ৰায় বাছ ষ্ট’পেজ পাও পাও হৈছোঁ। হঠাতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰপৰা কনমানি দুজন দৌৰি ওলাই আহিল। কান্ধত তেওঁলোকৰ স্কুলবেগ। পিন্ধনত চিভিল। তেওঁলোকে নাজানে ৰাজনীতি কি, চিকিউৰিটি কি, অসম বন্ধ কি। দেওবাৰৰ বাহিৰে আনদিনাখন সদায় স্কুললৈ যাব লাগে-মাথোঁ সেয়াহে জানে। সেয়েহে চাগে’ আজিও মাকে উলিয়াই নিদিয়াৰ বাবে চিভিল ড্ৰেচতেই দৌৰিলে। পাচে পাচে মাক। দৌৰি দৌৰি কনমানি দুটাক ধৰিব পৰা নাই। মাকে পিছপিনৰ পৰা চিঞৰি আছে –“বাবা, আজি স্কুল নাই নহয়।” সিহঁত দুজনৰ মাজৰ পৰা এজনে ওলোটাই ধৰিছে –“ কিয় হব? আজিতো চানদে নহয়।”.....
হেৰা! সিতো নাজানে, সি য’ত জন্ম লৈছে. তাত যেতিয়াই তেতিয়াই চানদে হৈ যায়। প্ৰধানমন্ত্ৰীৰ আগমনতো চানদে হৈ যোৱা কথাটো সি বাৰু কেনেকৈ মানি লব?
ষষ্ঠ দৃশ্যঃ
...... স্থান ৰাজধানী চৌহদৰ নিচেই কাষৰীয়া চাৰিআলিত থকা ফ্লাই অভাৰখনৰ কাষ। সময় ৰাতিপুৱা ৮.০০। এটা প্ৰধান পথেৰে অহা সকলো গাড়ী সচিবালয়ৰ ফাললৈ অহাত বাধা দি গাড়ীবোৰ আন এটা উপপথেৰে ঘূৰাই পঠোৱা হৈছে। কাৰণ জানিব বিচৰাত পহৰাৰত চিপাহী এজনে কলে- “প্ৰধানমন্ত্ৰী আহিব। সেয়েহে সেইটো ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে।“ ......
চহৰৰ এক ব্যস্ত অঞ্চলৰ এক অতি ব্যস্ত ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে। তাকো এক অভিনৱ কাৰণত। প্ৰধানমন্ত্ৰী আহিব। আৰু প্ৰধানমন্ত্ৰী যেতিয়ালৈকে থাকে, তেতিয়ালৈকে ৰিজাৰ্ভ কৰা থাকিব সেইটো ৰাস্তা। এইখিনি সময়ৰ ভিতৰত যিমান গাড়ী নাবাৰ্ড বা চুপাৰ মাৰ্কেটলৈ যাব বিচাৰে, ৩ মাইল অধিক গাড়ী চলাই চহৰৰ সৰু গলি কিছুমানেৰে তেওঁলোক গন্তব্যস্থানলৈ যাব পাৰিব। সেয়া তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বনাচ। কাৰণ... কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব।
শেষ দৃশ্যঃ
...... সময় ৰাতিপুৱা ৮.৩৫। স্থান মহানগৰ চৰকাৰী বাছ আস্থান। ৰাস্তাৰ কাষত যাত্ৰীৰ ভিৰ। কিন্তু গাড়ী নাই। আনকি ট্ৰেকাৰো চলা নাই। যিওবা দুই-এখন চিটিবাছ চলিছে, তাতো পুলিচহে আছে। “ৰিজাৰ্ভ”। কাৰণ, আজি প্ৰধানমন্ত্ৰী আহিব। এগৰাকী মহিলা যাত্ৰী আউলী-বাউলী হৈ গাড়ীৰ আগত আহি হাত ডাঙিলেহি। আমাৰ গাড়ীৰ সন্মুখত ডাঙৰকৈ লিখা আছে “Staff Bus” বুলি। তাৰ পাচতো হাত ডঙা মানে কথা কিবা গুৰুতৰেই চাগে’। সাজ-সজ্জায়ো চাগে’ গাড়ীচালকক কিবা ভৱাই তুলিলে। গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল। “ৰঙিয়ালৈ যাব পাৰিম?” হেন্দিমেনজনৰ লগত তেওঁৰ কিবা কথা হ’ল আৰু গাড়ীখন গুছি আহিল। ...... 
পাচতহে হেন্দিমেনজনৰপৰা গম পালো, মানুহগৰাকীৰ হেনো দেউতাক ঢুকাইছে। ট্ৰেইন ৰখি ৰখি বাতিল হোৱা বুলি জানি শেষত তেওঁ এইখিনি পালেহি। হায়! দেউতাকৰ শৱদেহটো‍ও তেওঁ শেষবাৰলৈ চাব নোৱাৰিব। কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব। আধাৰশিলা স্থাপন কৰিবলৈ (কিহৰ নাজানো)।
০০০
সেয়া ঠিক এবছৰ আগৰ এটা দিনৰ কেইটামান স্নেপশ্বট। যোৱা দুটা দিনে ৰাষ্ট্ৰপতিৰ আগমনত স্থবিৰ হৈ পৰা গুৱাহাটীৰ জনজীৱনৰ লগত ৰিজাব পৰা আন এটা দিনৰ ঘটনা সেয়া। ইপিনে উৎকট গৰম। শৰাইঘাট দলঙৰ ইপাৰে-সিপাৰে দুই তিনি কিলোমিটাৰ পৰ্যন্ত যানজঁট। কিমান বা ৰোগী কোনো এম্বুলেঞ্চৰ ভিতৰত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজিছে, কোনেও নাজানে। কোনেও নাজানে ইতিমধ্যে কিমানজনে মৃত্যুক সাৱটি লৈছে। সকলো ব্যস্ত মাথোঁন ৰাষ্ট্ৰপতিৰ আগমনক লৈহে। প্ৰশাসন ব্যস্ত অতিথি আপ্যায়ণক লৈহে। তাৰে মাজতে সৰ্বসাধাৰণৰ কি হৈছে, কেনেকৈ চলিছে, কাৰো যেন কানসাৰেই নাই। অহা ১৫ তাৰিখে আহিব লগা প্ৰধানমন্ত্ৰী নোযোৱালৈকে যে এই অৱস্থা চলিয়েই থাকিব সেয়া ধুৰূপ। 

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, সিদিনাৰ দৰে এটা মাত্ৰ আধাৰশিলা স্থাপন কৰিবলৈ আপুনি অসমলৈ অহাৰনো কি প্ৰয়োজন? নমিনেশ্যেন দিয়াৰ বাবে কি প্ৰয়োজন প্ৰধান আলি এটা বন্ধ কৰি স্থলযাত্ৰা কৰাৰ? এনেয়েও প্ৰতিনিধিসকলৰ বিলাসীতাই সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছেই। আপোনাসৱৰ বিলাসীতাৰ ফল আমি সৰ্বসাধাৰণে ভোগ কৰিছোঁৱেই। তাতেই যদি আৰু কেই কিলোমিটাৰমান যাত্ৰা চহৰৰ প্ৰধান স্থলপথৰ পৰিৱৰ্তে হেলিকপ্তাৰ লৈও যায়, সেই ভাৰো জনসাধাৰণে বহন কৰিব পাৰিব। আপুনিতো নাজানেই কেনেকৈ চলি আছে আমাৰ চহৰীয়া জীৱন। আপোনাৰ আগমনত যানজঁটৰ বলি হৈ কিমান ৰোগী সিপুৰী পাবগৈ, সেই তথ্য হয়তো কেতিয়াও আপোনাৰ ওচৰ নাপাবগৈ। কিন্তু সেই নিথৰুৱা পৰিয়ালটোৱে কেনেকৈ পাহৰিব আপোনাৰ এই যাত্ৰাৰ কথা। আপুনি আৰু হয়তো নাজানেই অথবা নাজানিবও যে আপোনাৰ বাসভৱনলৈ যোৱা ৰাস্তাত গধূলি সময়ত উদণ্ড ল’ৰাৰ মদ-ভাঙৰ অবাধ আড্ডা। ৰাস্তাটোৰ কথা নকোৱেইবা, বিদ্যুতৰ যোগানো নিয়মীয়া নহয়। তেনে স্থলত এদিন মাত্ৰ দেখা দি আমি সমস্যাৰ লগত ফেপেৰি পাতি বসবাস কৰাসকলৰ স্থিৰ হবলৈ ধৰা জনজীৱনটোক কিয়নো আৰু অস্থিৰ কৰি তুলিব লাগে? আপুনিতো চৰকাৰী খৰচত বিলাসী যাত্ৰাৰে আহি এক কন্নী মছলা পেলাই অথবা আপোনাৰ দৰকাৰী নমিনেশ্যন পেলাই আধাঘণ্টাৰ ভাষন এটাৰে অথবা মিটিং এখনেৰে দায়িত্ব শেষ কৰি গুছি যাবগৈ। কিন্তু সেই বুঢ়াজনৰ, যিয়ে ৰাতিপুৱাই উঠি দালি-ভাত ৰান্ধি বেমাৰীৰ পথ্য লৈ ওলাই আহি ৰিক্সা এখনৰ বাবে বেমাৰীৰ ওচৰলৈ যাব নোৱাৰিলে, তেওঁৰ আৰু সেই বেমাৰীজনৰ কি হব আপুনি ভাবিছেনে? ভাবিছেনে এদিন ৰিক্সা নচলালে এমুঠি ভাত খাব নোপোৱা ৰিক্সাৱালাজনৰ কি হব, যাক আপোনাৰ সুৰক্ষাৰ বাবে মূল ৰাস্তালৈ অহাত নিশেধাজ্ঞা আৰোপ কৰা হৈছে। দুই ফালে ভাবুকি শুনি ব্যৱসায়ীজনে কি সিদ্ধান্ত লব অথবা স্কুললৈ বুলি দৌৰা লৰাহঁতক মাকে কি বুলি বুজাব আপুনি কব পাৰিবনে? আপুনি কেতিয়াবা অনুভৱ কৰিব পাৰিবনে পিতৃবিয়োগত শেষ বাৰৰ বাবে দেউতাকৰ মুখ চাব নোপোৱা মহিলাগৰাকীয়ে গোটেই জীৱনজুৰি পাই থকা ব্যথা? যদি এগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনে সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ব্যাহত কৰে, তেন্তে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যিকোনো সংগঠনৰেই এই বন্ধ উত্‍সৱ বন্ধ কৰিব নোৱাৰালৈকে অথবা আপোনাৰ আগমনত সৰ্বসাধাৰণৰ জনজীৱনত একো প্ৰভাৱ নপৰাকৈ একো ব্যৱস্থা লব নোৱাৰালৈকে আপুনি অন্ততঃ অসমলৈ নাহিব। অনুগ্ৰহ কৰি আমাক সাধাৰণভাৱেই অভ্যস্ত হৈ পৰা জনজীৱনৰ লগে লগে চলি থাকিবলৈ দিয়ক।

Tuesday, May 7, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৭ (দ্বিতীয় অধ্যায়)

-এয়া উচ্চ, এয়া মৌচুমী, এই বন্দিতা, ই কৌশিক দা। -সন্ধিয়া ছয়মান বাজিছে। কলেজৰ ল'ৰা-ছোৱালীবোৰ নোহোৱা হৈছেগৈ। হোষ্টেলৰ ল'ৰা-ছোৱালীবোৰ দুই এজনকৈ বাহিৰলৈ ওলোৱা-সোমোৱা কৰাৰ বাহিৰে অথবা কলেজৰ কোনো কামত ফাঁচি থকা দুই-এজন কৰ্মচাৰী কাম সামৰি ঘৰলৈ যাবলৈ ওলোৱাৰ বাহিৰে তেতিয়া আৰু তাত কোনো নাই। আমি আটায়ে বিজ্ঞান ভৱনৰ ফালে মুখ কৰি কলা ভৱনৰ বাৰান্দাত বহি লৈছোঁ। পুতুল দাই সকলোকে এফালৰ পৰা চিনাকি কৰি দি গৈছে।
-উচ্চই যোৱা মাহত এটা ধুনীয়া কবিতা লিখিছে। সৌৱা প্ৰণৱদা। আমাৰ সকলোৰে প্ৰিয় লেখক প্ৰসেন প্ৰাণজিৎ কোন আজি আমাক প্ৰণৱ দায়ে কব। এইফালে এয়া পূৱালী, আলোছায়া, নৱনীতা, মনোজ, নিম, হিৰেণ, ৰিদিপ আৰু ৰাণা। পূৱালীয়ে ভাল কবিতা লিখে। আলোছায়া অভিনেত্ৰী। তেওঁ এইবাৰ আন্তঃমহাবিদ্যালয় সপ্তাহত কলেজৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মানো পাইছে। নৱনীতা গায়িকা তথা গীতিকাৰ। এইবাৰ কলেজ ৱিকৰ সমবেত সংগীতৰ কথা আৰু সুৰ এই নৱনীতাৰে। মনোজ ভাল তাৰ্কিক। নিম, ৰিদিপকতো মই দশাবতাৰ বুলিয়ে মাতোঁ। সিহঁতে সব কৰে। লিখে, ছবি আঁকে, আবৃত্তি কৰে, নাটক কৰে, গান গায়। ৰাণা সমালোচক। এইযে মই কথাখিনি কৈ আছোঁ, অলপ পিছত সি ইয়াৰ পৰ্যালোচনা আৰম্ভ কৰিবই। হিৰেণ ৰেখাংকক। আৰু সেয়া হিতেন। মই অৱশ্যে হিতেনৰ কথা বৰ ভালকৈ নাজানো। নতুনকৈ দেখিছোঁ। কিন্তু অনুমান কৰিছোঁ, তেৱোঁ এইবোৰৰ প্ৰতি আগ্ৰহীয়েই হব। তেওঁৰ সবিশেষ আপোনালোকে তেওঁৰ পৰাই জানি লওঁক। -এইবাৰহে মৰিলো। ক'ৰ যে কি কামত আনি পূৱালীয়ে মোক সুমুৱাই দিলে ! সেমেনা-সেমেনিকৈ মই থিয় হ'লো।
-মই আপনালোকৰ দৰে একো নহে। অৱিশ্যে নাটক, কবিতা, কিতাপ, আবৃত্তি, চিত্ৰাংকন আদি মই বোয়া নাপং।-খুব নাৰ্ভাছ হৈ সেপ ঢুকি ঢুকি মই কথাকেইটা কিবাকৈ কলো।
-সি গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ কিতাপৰ পাঠক-আলোছায়াই এইবাৰ মাত লগালে।
-আৰু পুতুল দা, আপনাৰ কথা নকলাক দেখুন।-উচ্চই কৈ উঠিল।
-মোৰ কথানু কি কম ! মই ইতা ৰামায়ণ মহাভাৰত পঢ়ি ভাল পাৱ বুঢ়া। গতিকে এই বয়সত মই শুনিহে ভাল পাউং।
-ৰামায়ণ, মহাভাৰত? তই এলাখেন্নো পঢ়া নিকি?-প্ৰণৱদাই মাত লগালে।
-অ'। কিত্তোবাৰ পৰাই।
-মাৰবিদে তই মানহু।
-ঐ, মানস আহুন কহে গেল?
-তাহুন কাগজ গেলা আনবা গেইছি। 
-আটচা।
পুতুল দাই পুনৰ আৰম্ভ কৰিলে- আজি আমি মিলিত হোৱাৰ  প্ৰধান কাৰণ হৈছে আমাৰ কলেজত এটা শাখা গঠন কৰা। এই শাখা আমি গঠন কৰিম। সাহিত্য, সংস্কৃতি, চিত্ৰশিল্প, নাটক ইত্যাদি বিষয় ইয়ৰ্ত সাঙুৰি লোৱা হব। কলেজৰ ভিতৰৰ সকলো ইণ্টাৰেষ্টেড মানুহ ইয়াৰ অন্তৰ্ভুক্ত কৰা হব।...

আকৌ শৰতৰ লহৰে হৃদয়ৰ কোনোবা এটা কোণত চুই গৈছিল। অনামী অনুভূতি এটিয়ে কৰবাৰ পৰা চেঁচা বতাহ এছাটি হৈ গা-মূৰ জুৰ পেলাই দিছিল। ভাল লগা ভাল লগা ভাৱটোৱে মন-প্ৰাণ প্ৰশান্ত কৰি তুলিছিল। গংগাস্নাত হোৱাৰ দৰে নতুন হৈ পৰিছিল হৃদয়খন। নতুন কিবা এটা কৰাৰ, নতুন কিবা এটা দেখাৰ, পৃথিৱীখন নতুন ৰূপত কল্পনা কৰাৰ আৰু চোৱাৰ হাবিয়াস এটাই আকৌ জাগি উঠিছিল। শৰৎ নামিছিল। বতৰলৈ। মোৰ জীৱনলৈও। সেই শৰতেই নৌকা চপাইছিলহি বজালী কলেজৰ কলা ভৱনৰ বাৰান্দাত। শাৰদী হৃদয়েৰে এজাক প্ৰাণোচ্ছল য়ুৱক-য়ুৱতীয়ে পৃথিৱীখন নতুন ৰূপত গঢ়াৰ মানসেৰে সংকল্প লৈছিলহি। সাহিত্য, শিল্প, সংস্কৃতি, প্ৰতিভাৰ মূল্যায়ণ আদি আছিল এই নতুন পৃথিৱীখনৰ থূম। ইয়াৰ নাম ৰখা হৈছিল 'সাহিত্য চ'ৰা'। অসমৰ যিকোনো মহাবিদ্যালয়ৰ ভিতৰত সাহিত্য চৰ্চাৰ বাবে গঠিত প্ৰথম মঞ্চ জন্ম হৈছিল 'সাহিত্য চ'ৰা'ৰ ৰূপত, বজালী মহাবিদ্যায়ৰ চোতালত। আৰু ময়ো আছিলোঁ তাৰে এজন সদস্য কৰ্মী-আছিলোঁ এজন সাহিত্যৰ অ-আ, ক-খ নজনা, কেৱল গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ উপন্যাস পঢ়ি ভাল পোৱা এজন গাঁৱলীয়া যুৱক। এই সন্ধিয়াটো হৈ পৰিছিল এক অন্যতম সন্ধিয়া। আমাৰ প্ৰতিজনৰ মনৰ ইতিহাসৰ কোনো এটা শাৰীত অথবা দফাত লিপিৱদ্ধ হৈছিল 'সাহিত্য চ'ৰা'ৰ নাম, এই সন্ধিয়াটোৰ নাম।

'সাহিত্য চ'ৰা' গঠন হৈছিল। প্ৰস্তুত কৰা হৈছিল ইয়াৰ কাৰ্যক্ৰমণিকা। 'সাহিত্য চ'ৰা'ক মহাবিদ্যালয়ৰ সাহায্যপ্ৰাপ্ত অনুষ্ঠানৰূপে গ্ৰহণ কৰিবলৈ মহাবিদ্যালয়  কৰ্ত্তৃপক্ষক জনোৱা আবেদন কৰ্ত্তৃপক্ষই হাঁহিমুখে গ্ৰহণ কৰিছিল। আৰম্ভ হৈ গৈছিল এক নতুন জীৱন। পৃথিৱীখন নতুন হবলৈ আৰম্ভ কৰিছিল। সকলোৰে ব্যস্ততা বাঢ়ি গৈছিল। শ্বহীদ ভৱনৰ এটা কোঠা পৰিস্কাৰ কৰি তাতে পতা হৈছিল সাহিত্য আড্ডা।

ক্লাছ শেষ কৰি অলপ সময়ৰ বাবে সাহিত্য চ'ৰাত দেখা দি মই ওলাই আহি চাইকেলখনৰ তলাটো খুলিলোঁ। হঠাতে শুনিলোঁ কোনোৱাই দূৰৈৰপৰা মোক নাম ধৰি মাতি আছে। মই ৰৈ দিলো। ল'ৰা এজন আগুৱাই আহিল।
-তুমিয়ে হিতেন নিকি?
-অ'। ককচুন।
-নাই। এনেয়ে। তোমাৰ কথা শুনি আচলু। চিনিহে পাৱ নাচলু। আজি প্ৰাণজিতে দেখে দিলাক। মই বুলু চিনাকীয়ে হৈ লউং।
-অ'। আপনাৰ নামটু?-সৌজন্যতাবোধ দেখুৱাই মিচিকিয়া হাঁহিৰে মই সুধিলো।
-অৰুণ। অৰুণজ্যোতি দাস।
-অ।
-ইতা যাৱ নিকি?
অ'। কাম এটা আছে। সিকাৰণে ওল্লু। কালিৰপৰা বিশ্বকৰ্মাৰ যোগাৰ কৰবা লাগবো নহে ! তিত্তে সময়ে নাপম।
-উম। পাছে আমাক নামতো নিকি বিশ্বকৰ্মাত?
-আইভো। ডিপাৰ্টমেণ্টৰ পূজা। সৱ এলাওড।
-দে হোবো দে। তুমি যাৱ। নোহোলি আৰো দেৰি হোবো।

অৰুণক বিদায় দি মই চাইকেলত লাফ মাৰিছিলোঁ। দেখা নাছিলোঁ যে দুযুৰি চকুৱে তেতিয়া মোক বিজ্ঞান ভৱনৰ ওপৰ মহলাৰ বাৰান্দাৰ পৰা নীৰিক্ষণ কৰি আছিল।

(ক্ৰমশঃ) 

Tuesday, April 16, 2013

গোপাল আতাৰ তিথি


আজি বহাগৰ দুই তাৰিখ। বৰপেটা জিলাৰ ভৱানীপুৰৰ ওচৰৰ কালঝাৰ সত্ৰত আজিৰ দিনটোত এই সত্ৰৰ প্ৰতিষ্ঠাপক গোপাল আতাৰ তিথি বৰ ধূমধামেৰে পালন কৰা হয়।

১৫৪৭ ইং চনত গোপাল আতাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ ওচৰত। কিশোৰ কালতেই তেওঁ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ কোচ সাম্ৰাজ্যৰ কেইগৰাকীমান কলা-কুশলীৰ সংস্পৰ্শত তেওঁ বৰপেটাৰ ভৱানীপুৰলৈ গুছি আহিছিল। পিছলৈ মহাপুৰুষ মাধৱদেৱৰ অগাধ পাণ্ডিতালি আৰু ব্যক্তিত্বত মুগ্ধ হৈ তেওঁ গুৰুজনাৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰে আৰু পিছপৰা ঠাইসমূহলৈ গৈ মহাপুৰুষজনাৰ লগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰুত্ব দিয়ে।

অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ গোপাল আতাৰ অৱদান অশেষ। তেওঁ এক অনন্য নাট ৰচনা কৰিছিল। সংলাপ আৰু সুৰেৰে সৈতে নৃত্য তেওঁৰ এই ৰচনাৰ অনন্য দিশ আছিল। তেওঁ ৰচনা কৰা "জন্মযাত্ৰা", "নন্দোৎসৱ"ই এই অনন্য দিশৰ প্ৰমাণ দাঙি ধৰে। শ্ৰীকৃষ্ণৰ জন্মোৎসৱত তেওঁৰ এই যাত্ৰাই গোটেই অঞ্চলতে জনপ্ৰিয়তা লাভ কৰিছিল। বৈষ্ণৱ ধৰ্মই মানুহক ভগোৱা চাৰি সম্পতি ব্ৰাহ্ম-সম্পতি, পুৰুসম্পতি, নিকাসম্পতি আৰু কলাসম্পতিৰ ভিতৰত গোপাল আতাই নিজকে কলাসম্পতিৰ শীৰ্ষত দেখিছিল। গোপাল আতাৰ দ্বিতীয় নাটক গোপী-উদ্ধৱ-সম্বাদ ভগৱতপুৰাণৰ ওপৰত আধাৰিত আছিল। মহাপুৰুষ মাধৱদেৱৰ এই প্ৰধান শিষ্যগৰাকীয়েই বৰপেটা জিলাৰ কালঝাৰৰ ওচৰত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ মৃত্যু হৈছিল ইং ১৬১১ চনত।

বৈষ্ণৱধৰ্মৰ ক্ষেত্ৰত একশৰণ নামধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখনীয় অৰিহনা যোগোৱা এই মহান ধৰ্মপ্ৰাণজনক আজি তেওঁৰ তিথিত শ্ৰদ্ধাৰে সুৱঁৰিছো।

(এই লেখাৰ আলম হৈছে "Encyclopaedia of Indian Literature: devraj to jyoti, Volume 2" ৰ পৃষ্ঠা ১৪৪৩-১৪৪৪। ভুল-ভ্ৰান্তি নিত্যান্তই কাকতলীয়া )

এই কালঝাৰ সত্ৰৰ কেইখনমান আলোকচিত্ৰ সংগ্ৰহ কৰিছে সঞ্জীৱ কুমাৰ বৰকাকাতি ডাঙৰীয়াই (http://sankaradeva.com/photo/useralbum/sanjib/84)।

Monday, April 8, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি -৬ (দ্বিতীয় অধ্যায়)


বহুদিনৰ মূৰত আজি মনৰ আনন্দত মতলীয়া হোৱাৰ সুবিধা পাইছোঁ। হস্পিটেলৰ পৰা ওলায়ে সিদিনা কলেজলৈকে অহা নাছিলো। ‘সইখে’ৰ লগত লাগি থাকোতে সকলো পাহৰিয়েই গৈছিলো। ঠিক পাহৰি যোৱা নহয়, আচলতে অজুহাত এটাহে ৰাখি থৈছিলো; পিছত কামত আহিব বুলিয়েই। আৰু আজি ‘কোষষ্ঠি’ত আলোছায়াই অভিনয়ত প্ৰথম পুৰষ্কাৰ পোৱাৰ পাৰ্টী দিবলৈ যেতিয়া নিমন্ত্ৰণ দিছিল, যেতিয়া প্ৰশ্ন কৰিছিল-এই দুদিন কিয় অহা নাই বুলি, তেতিয়াই কামত লগাই দিলো অজুহাতটো।
হস্পিটেলত পূৱালীহঁতক লগ পোৱাৰ পিছত আৰু দুটা দিন। সেই দুটা দিনত সকলোবোৰ কথা আকৌ এবাৰ জুকিয়াই চাইছিলো। লাহে লাহে সিদ্ধান্ত এটিয়ে মূৰত বাহ লৈছিল। কিন্তু তাক এতিয়াই ৰূপায়ণ কৰাৰ কথা ভবা নাছিলো। মাথোঁ কলেজলৈ আহি ৰেগুলাৰ ক্লাছ কৰিব লাগে, সেইটোতহে জোৰ দিছিলো। আৰু ইমানদিনৰ মূৰত আজি কলেজলৈ আহি কিবা একা নতুন নতুন যেন লাগি গৈছিল। চৌদিশ কিবা ফৰকাল ফৰকাল লাগিছিল।
-ঐ চক্ৰেটিছ, কি ভাবি আছা? –পূৱালীৰ পেকপেকনিত যেনিবা মোৰ তন্দ্ৰা ভাঙিল।
-ঐ কুট্টী, কি চক্ৰেটিছ, চক্ৰেটিছ কে থাকা? মাতা যদি মোৰ নামেদি মাতপি। নহ’লি নামতিবিয়েই। চক্ৰেটিছ চক্ৰেটিছ কৰি থাকলি কথা বোয়া হোবো কিন্তু, কৈ দিছু।
-হৈছি যা, কিডেল কৰবিনু?
-কিডেল কৰিম সুধচা? গম পাবি পাচত…
-দে, হোবো দেয়ে। তুহুন যি ইমান কাইজা কৰবা পাৰা – ৰবেনে মাত লগালে।
-আৰে ভাই, তোৰ আৰো নৱনীতাৰ দৰে ডুবি থাকলি, তাহুনো কাইজা নকৰিকলাকহৈ-এইবাৰ ৰাণাই ওকালতি কৰিলে
-তাৰমানে তই কি কৰবা বিচৰিছা?-পূৱালীয়ে এইবাৰ মোক এৰি ৰাণাক ফেপেৰি পাতি ধৰিলে।
-কি কম আৰো? একে একে দুই বুলি আমি পঢ়িছলুযি, নিওতাতো মাতছিলু দেখুন, তুহাক দেখি সেই নিওতাগেলা মোনোত পৰবা ধচ্চি ৰ’।
-ঐ চুৱৰ…সেই টাঙানডালৰ লগত মোৰ কোত মিল দেখলিনু?-পূৱালীয়ে মোক টাঙোন সজাই এইবাৰ উঅভতি ধৰিলে। ৰাণায়ো এৰি নিদিলে। এনেকৈ চলি থাকিল কাজিয়া; এখন আনন্দৰ খণ্ডযুদ্ধ। এইমাত্ৰ যদি মোৰ আৰু পূৱালীৰ মাজত, তাৰ ঠিক পাছতেই হয়তো ৰাণাৰ লগত। এইমাত্ৰ যদি ৰবেন সাঙুৰ খাই পৰিছে, কেতিয়াবা আকৌ নৱনীতা, আলোছায়াও লিপ্ত হৈছে এই খণ্ডযুদ্ধত। তেনেকুৱা খণ্ডযুধ এখনত পূৱালী আৰু ৰাণা লিপ্ত হৈ থাকোতেই মই কেৰাহিকৈ আলোছায়ালৈ চালো। নিজম পৰি আছে মুখখন। মোৰ চকুলৈ তাই একেথিৰে চাই আছে। মনোভাৱ বুজা নাযায়। কিবা হয়তো ভাবি আছে, অথবা উপভোগ কৰি আছে কাজিয়াখন। হয়তো অকণমান জ্বলিছে, হয়তো মোৰ চকুলৈ চাই উলিয়াই লব বিচাৰিছে মই নোকোৱা কিছুমান কথা। পূৱালী আৰু ৰাণাৰ কথাৰ সত্যতাৰ সন্ধানো হয়তো কৰিব পাৰে। ধৰিব নোৱাৰি। স্থিৰপ্ৰজ্ঞ এজনী ছোৱালী। নিজে কিবা নকলে উলিয়াবলৈ কাৰো সাধ্য নাই। দুৰ্বোধ্য দৃষ্টিৰে চাই আছে মোলৈ। তাইলৈ চাই ময়েই লাজ পালো। লগে লগে মুখ ঘূৰাই তলমুৱা হলো।
-সি চাইকেল চলে আছে আৰো তই বুলে আগত বহি যাই আছা, দেখলি কেনে লাগবো ভাবচুন-ৰাণাই মোক লৈ পুৱালীলৈ এৰা গুলীবোৰ এতিয়াও মোৰ মাজেৰে পাৰ হৈ গৈ ফুটিয়েই আছে।
-বিজলী বাঁহোৰ ভাৰপাচীহেন হোবো। -এইবাৰ ৰবেনে মাত দিলে।
-ঐ, তহঁতে কাজিয়ায়েই কৰি থাকিবি নে কিবা খাবিও?-এইবাৰ নৱনীতাই মাত লগালে।

গাঁওৰ পৰিৱেশৰ পৰা আহি লাহে লাহে যান্ত্ৰিকতালৈ পৰ্যবেশিত হোৱাৰ সময় এই কলেজৰ সময়খিনি। এনে এক জীৱনৰ আৱেষ্টনীতেই লাহে লাহে সোমাই গৈ আছিলো। সঁচা আন্তৰিকতাৰ পৰা বহু আঁতৰাই নি আমাক যান্ত্ৰিকতাৰ লগত খাপ খুৱাবলৈকে হেনো লাগে এই কলেজৰ দিনবোৰ। এইখিনি সময়ত নাথাকে কোনো আবেগ-অনুভূতি অথবা আন্তৰিকতাৰ মূল্য। এই সকলোবোৰ মাথোঁ এখন খেলৰ একো একোটা ‘চাল’। জীৱন খেলৰ ‘চাল’। সঁচা জীৱনৰ ‘চাল’। এয়া অৱশ্যে মই কোৱা কথা নহয়। ডিগ্ৰী পাছ কৰি অতীতক ৰোমন্থন কৰি থকাসকলৰ অধিকাংশৰে মতামতৰ সাৰাংশ এয়া। কিন্তু বিশ্বাস কৰোঁ কেনেকৈ? এই মূহুৰ্তত যিমানখিনি তামচা-ফুৰ্তিয়ে আমাক লগ দিছে, সকলোৱে যেনেকৈ হাঁহি মাতি মতলীয়া হৈ আছে, কেনেকৈ বিশ্বাস কৰিম যে কোনোবাই কিবা স্বাৰ্থ সিদ্ধিৰ বাবে ‘চাল’ খেলি আছে? তথাপিও এক বুজা-নুবুজা সাথঁৰৰ দৰে ভয় ভাৱ এটা মনত লৈ সাৱধানেৰে খোজ পেলাইছো সন্মুখত পৰি থকা ভবিষ্যত নামৰ বহল পথাৰখনত। সময়েই এয়া খোজ পেলোৱাৰ, সন্মুখলৈ আগবঢ়াৰ। সন্মুখত কি আছে- কি নাই, গৈ গৈ কি পাম-কি হেৰুৱাম, এই সকলোবোৰ চিন্তাৰ পৰা এতিয়া বহু দূৰত। এতিয়া আমি গতিপ্ৰাপ্ত। অবাধ গতিৰে আমি জানো মাথোঁ খোজ পেলাবলৈ। আগৰ জীৱনতকৈ এয়া এক নতুন জীৱন। ভয় ভয় ভাৱে এই নতুন পৃথোৱীক আমাৰ পৰা আতঁৰাই নিব পৰা নাই। নতুনকৈ আৰম্ভ কৰিছোঁ যে সময়বোৰ! নতুনকৈ খোজ পেলাইছো। যি চাউমিনৰ কথা শুনিলে “ৰাৱনৰ নাড়ী” বুলি উকিয়াইছিলো, যি ফাষ্টফুদক কৱল পাশ্চাত্য খাদ্য সংস্কৃতিৰ পৰিচয় বুলি ভাবিছিলো সদায়, সেই ফাষ্টফুডৰ প্লেট লৈ এতিয়া কোষষ্ঠিত গৰম কৰিছো আমাৰ আড্ডা। ছোৱালীসকল কোনোবা ল’ৰাৰ বন্ধু হব পাৰে বুলি যিটো কথা কেতিয়াও ভাবিবই পৰা নাছিলো, এই নতুন পৃথিৱীত সলনি হৈ গৈছে সেই ধাৰণা। আমাৰ সন্মুখত এই মূহুৰ্তত বহি আছে তিনিজনীকৈ ছোৱালী। সকলোবোৰ যেন সহজ হৈ পৰিছে। নতুন পৃথিৱীৰ নতুন বতাহে সকলোবোৰ সহজ কৰি তুলিছে। ভাল লগা হৈ পৰিব ধৰিছে সকলোবোৰ। নতুন উদ্যম, নতুন উৎসাহেৰে পৃথিৱীখনক নতুন ৰূপত দেখাৰ হাবিয়াস জন্মিছে। আৰু পঢ়াশুনাবোৰ!! চলি আছে। তিনি বছৰ বহু দূৰত। ফাইনেল পৰীক্ষা এই মূহুৰ্তত অদূৰত ধিমিকি-ধিমিকি জ্বলি থকা এগছি চাকি মাথোঁ। সেই ফালেই এই বিশাল ভৱিষ্যতৰ মাজেৰে আমাৰ গতি। ওচৰ পোৱালৈকে হৈ যাব। এইখিনি সময়ত কিবা ‘ভাল কাম’হে কৰিব লাগিব। এই বিশাল পথত সেয়াহে সঠিক দিশ। কিন্তু কি কৰিম? কোনোটো দিশ শুদ্ধ? কোনটো সঠিক পথ? কৰিবলৈ কি আছে আমাৰ হাতত? কৰিবলৈ কি আছে… এৰা আছে। আমাৰ কৰিবলৈ বহুত কিবাকিবিয়েই আছে। পূৱালীয়ে কোৱা কামটোওতো সঠিক পথেই। হঠাতেই মনত পৰি গ’ল পূৱালী, কুমাৰ দাহঁতে আৰম্ভ কৰিবলগীয়া পৰিকল্পনাবোৰৰ কথা। কিন্তু সেই যে স্বহীদ ভৱনত কৈছিল, তাৰ পিছতটো মোক কোনেও একো কোৱাই নাই। মই ততাতিয়াকৈ পূৱালীক সুধিলো-
-ঐ পূৱা, কামটু কি হল?
-কি কাম?
-তোৰ আৰো কি হল? কাম বিচৰি আছা যি, অৱস্থা ইমানেই বোয়া হৈছি যদি আমাৰ ঘৰত বুল। গৰু চাৰোবা পাৰবি। -ৰমেনে সুবিধা গ্ৰহণ কৰি মোক ঠাট্টা নকৰি নেৰিলে। তাক পাট্টা নিদি মই ক’লো
-সেই যে কুমাৰ দা আহাৰ লোগোত..
-ধেৎতেৰি, দেখচানা। মই পাৰহিয়ে আচলু। আজি ওলবি। ৬ টা বাজাত সব লগ হোবো বুলে। তোকো কবা দিছিল। পাছে ঠেহতে তৈ  আৰো ৰৌঘৰ পালি নহে।
-আজি?
-অ’। কিয়ো কিবা অসুবিধা?
-তেনে অসুবিধা আকো নাই। কাম এটা আছিল… বাদ দি হোবো দে। কাম পাছেও কৰবা পাৰিম।
-কি কাম?
-ঘউৰা
-এনে গতে ঘউৰা কাম কৰাটু ওলচি।- এইবাৰ ৰাণাই টোকাৰি বজালে
-ৰহচুন। কামটুৰ কথা দেখুন মই একোৱে নাজনু।
-জানিবা। আজি থাকিলে সকলো গম পাবা। -এইবাৰ আলোছায়াই মাত লগালে।
-তুমিও লিখা-মেলা কৰা নেকি?-নৱনীতাই মোলৈ চাই সুধিলে।
-লেখা-মেলা? মই? নাঃ। গিফট পাৱ ৰঞ্জু হাজৰিকাৰ উপন্যাস পঢ়ু কেৱল।–মোৰ কথাত আটাইকেইজন হাঁহি উঠিল।

আন এক নতুনত্বৰ আহ্বান পাইছিলো। এজাক প্ৰাণোচ্ছল যুৱক-যুৱতীৰ সান্নিধ্যত পৃথিৱীখন নতুনকৈ গঢ়াৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিলো। ৰং-বিৰঙী ফুলবোৰ, গধূলিৰ নীড়মুখী চৰাইবোৰ, আবেলি ‘টুল’ৰ গৰুৰ আগে আগে নতুনকৈ জগা দামুৰিবোৰৰ চেকুৰ দেখি ভাল লগা হৈছিল। কৰবাত কিহবাৰ প্ৰতি আকৰ্ষিত হৈছিলো। কিন্তু সেয়া কি আছিল, তেতিয়ালৈকে ধৰিব পৰা নাছিলো। তথাপি অন্বেষণ চলি আছিল। কলেজৰ পৰা ওভোতাৰ পৰত সাজ লগাৰ লগে লগে ৰাস্তা-পদূলিৰ কাষত থকা নামঘৰবোৰত ডবাৰ মাত শুনি অথবা নামতী আয়তীৰ ঘোষা-পদ শুনি মনটো পুলকিত হৈ পৰিছিল। দিনটোৰ লঘোন-ভোক সকলো যেন নামঘৰত জ্বলি উঠা বন্তিগছিৰ শলিতাত লাগি পুৰি শেষ হৈ গৈছিল। তেতিয়া শৰৎ নামি আহিছিল। বতৰলৈও, মোৰ জীৱনলৈও।

(ক্ৰমশঃ)

Friday, February 15, 2013

চিঠি

মৰমৰ হোটোৰী,

মৰম ল’বি। কুণ্ডত কটা পুখুৰীত ত‍ই এটা সুন্দৰ পদুমৰ পাহ। ম‍ই তোক ইনেম ভাল পাউং, ত‍ইহে মোক কেম্বাহেন পাৱ। সিকাৰণে ম‍ই পল্লেনীৰ নাইতেকৰ হাতে লেখা চিঠিকেইখেনৰো ত‍ই উত্তৰ নেদা। 

ত‍ই যাৱৰ পৰা ঘৰখন সুদা হৈ গেইছি। বৰেৰপুৱা ময়ে বান্নিতেৰ লৈ চোতাল সাৰু। পাচে জাৱৰহে নাযায়। কাঠি মচিব চাউ…চব টেকোটেকো হৈ যায়। ভাত ৰান্ধি উঠোঁ, খাব হ’লে নোৱাৰোঁ…. পেনপেইনা। দালি ফাটোবাই নৰু, কচুই ডিঙিত ধৰে, জুই ধৰোতেই একপৰমান যাএ….. ইফালে ধোৱাত চকুৰ পানী নাকৰ পানী একাকাৰ হএ। আৰ’ শুনচানা, আমাৰ কাজেলী, ত‍ই যে মাএথেৰ ঘৰৰপৰা যে আনিছিলোঁ, এটা দামৰাৰ চানা ঢেন দিছি। তোলৈ ফেহু ৰাখিছিলোঁ, পাচে দুদিন থকাত সিও মেকা হৈ গেল। দামৰিটু সোনসেইৰা, নেগুৰডালত অলপ বগা, তলপেটত বগা, একেবাৰে মাকৰ নিচনা। দিনৰ দিনটো সি দৌৰি ফুৰে। ত‍ই থাকিলে খুব ভাল পালিহৈ। চোতালৰ ডালিমজোপাত থকা চক্কা চৰেকেটাইও পাকঘৰত বাহ বান্দিছে। ম‍ই হ’লে খেদা নাই। ত‍ই নথকা ঘৰখনত মোৰ দুখ বুজবলৈ তাহুনতো আহিছে। ত‍ই যোৱাৰপৰা ঘৰখন বৰ আজম-নিজম পৰি থাকে ও। পথাৰৰ পৰা আহিও ভাল নালাগে। বহি থাকিব‍ও নোৱাৰোঁ। চাৰিওপিনে লেতেৰা হৈ গৈছে, কএলোৰ পাৰত গোন্ধৰ ধৰি যাব নোৱাৰো, ইমান চাফা কৰিলেও চাফা নহয়। চুৱেনাৰ ওচৰত বৈ এটা কাটিও চাফা কৰিব পৰা নাই। কি কৰু ক’চুন। আৰেহেইতা খনো ফাটচি… চিলোবা চাওতে বেছিকৈহে ফালি থাকিল। ইটা এখেন মুকচাইদি কিংকে চলো ঠিক কৰিব‍ই পৰা নাই। ত‍ই থাকিলে চাগে’ নতুন এখনকে উলিয়াই দিলিহেঁতেন ! মহৰিখনো ফালিল। কিবা কৰি বস্তা এখন ওপৰত দি মহ সোমাব নোৱাৰাকৈ ৰাখিছো। ত‍ই ইমানখিনি দুখ দি কিয় গুছি গেলি অ’ হোটোৰী। ত‍ই বিশ্বাস কৰ, ত‍ই যাৱৰ পাছৰপৰা পানীটোপা ম‍ই মুখত দিয়া নাই। কৈলাশৰ বাহাৰ ফালে মুখে ঘূৰো নাই।

সিদনা ব‍ইনি আইছিল, পোনাটোক লৈ। তাই ক’লাক মোৰ চকুকেটা বুলে গাতাত গৈছে। ম‍ইনো কেনেকৈ জানিম। দেইখে দিবৰ বাবে তয়ো নাই।

সিদনা মাষ্টৰ খুট্টি আহিছিল। মাষ্টৰ খুট্টীক ধৰাত সদায় গৈধলা অলপ অলপকে শিকাই মামৰখিনি গুছে দিছি। সিকাৰণে লেখপা পাৰা হৈছোঁ। পাচে মাষ্টৰ খুট্টী শপত লৈ থৈছে যে মদ খাই তোক আৰু কিত্তেও মাইৰ-ধৰ কৰিব নোৱাৰিম। মাষ্টৰ খুট্টীৰ কাৰণেই তোলৈ আজি লিখিব পৰা হ’লো।

হোটোৰী, খেতিৰ বতৰ আহিল। ত‍ই মাকোথেৰ ঘৰত যাৱৰ আগে আগে মোক ভুঁই ৰুৱাত সেখনি সহায় নকৰিলে মোৰ কিযি অৱস্থা হ’লহৈ নাজানো। এইবাৰো ত‍ই নোহোৱাকৈ খেতিখিনি কেনেকৈ কৰিম ভাৱিব‍ই পৰা নাই। ত‍ই ইমান দিন যি ভেম ধল্লি ধল্লি, ইটা ঘৰলৈ ঘূৰি আহ। চিঠি পালিয়েই ত‍ই আহিবি। নহ’লি অহা একাদশীত শাহুক ল’গি সাঁচি ৰাখা লাউটো লৈ ম‍ই নিজে ওলোম।

ত‍ই নাজান, ম‍ই তোক কিনেম মৰম কৰু। সিকাৰণে ত‍ই মোক কেম্বাহেন পাৱ…..

ইতি,
তোৰ আজ্জেইনা মৰদ

স্মৃতি

তেতিয়া সপ্তম শ্ৰেণীত| স্কুলৰ বাৰ্ষিক অধিৱেশন| অষ্ঠম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীয়েই নাটক কৰিব| পাচে আমি সপ্তম শ্ৰেণীৰ কেইজনে অলপো পাট্টা পোৱা নাই| সেয়েহে আমাৰো জোচ উঠিল, আমিও নাটক কৰিম| নাটক বোলাৰ লগে লগেই পিছদিনাই ধৰণীধৰ বসুমতাৰী চাৰৰ স্ক্ৰিপ্ত আহি ৰেডী| স্ক্ৰিপ্তেই ৰেদী হৈ গ’ল, গতিকে আমি আৰু পিছুৱামনে? আমিও গৈ এটা শ্ৰেণীকোঠা দখল কৰিলোঁ| আমাৰ পৰিচালক কোনো নাই| সকলোৱে পাৰ্টবিলাক মুখস্ত কৰি আহিছে আৰু নিজৰ ভাগৰ ডায়লগ নিজে নিজে এজনৰ পিছত এজনকৈ কৈ গৈছে| তিনিদিন ৰিহাৰ্চেল হৈ যোৱাৰ পিছত দেৱেন পাঠক চাৰ আহিল চাবলৈ| আহি আমাৰ কাৰুকাৰ্য দেখি তেওঁ বাৰুকৈ হাঁহিলে আৰু সেইদিনাৰ পৰাই আমাক পৰিচালনা কৰাৰ দায়িত্ব ল’লে| হওক যেনিবা… আমাৰ ৰিহাৰ্চেল ভালে ভালেই হ’ল| নাটকৰ দিনা ষ্টেজত উঠিলোঁ| একেবাৰে জুনিয়ৰ বাবে দুপৰীয়াতেই আমাক ষ্টেজত উঠাই দিলে| নাটকৰ নাম “এংকৰি বেংকৰি গদাপাণি”| হাস্যধৰ্মী নাটক| বাৰ্ষিক অধিবেশনৰ মুখ্য অতিথি জীৱন কৃষ্ণ পাত্ৰ চাৰ আৰু কৃষ্ণ লহকৰদেৱ| সপ্তম শ্ৰেণীৰ পেন্দুকোণাকেইটাৰ নাটক চাইহে যাব| ইপিনে পথাৰত ৰাইজ ভৰ্তি| আমি ষ্টেজত উঠিয়েই ভয়ত কোচ-মোচ খালোঁ| কাৰো মুখৰ মাত নোলায়| ভিতৰত প্ৰমটাৰে কিবা কৈ আছে… ইপিনে আমি আটাইকেইজনে সকলো পাহৰি মাত্ৰ সন্মুখলৈ ভেবা লাগি ৰৈ আছো| প্ৰমটাৰে ভাবিছে, আমি শুনা নাই হ’বলা| সেয়েহে এইবাৰ তেওঁ আগতকৈও জোৰেৰে ডায়লগ মতাত লাগিল| নাই এইবাৰো একো শুনা নাপালোঁ| ইপিনে আমি ইপিনৰ পৰা সিপিনলৈ শ্ল’ মচনত লৰচৰ কৰাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলোঁ| ৰাইজে ভাৱিলে, ডায়লগহীন নাটক চাগে| তেনেতে দশম শ্ৰেণীৰ দাদা এজন সোমাই আহি আমাক চেকণী এডালেৰে কোবাব ধৰিলে আৰু বাকী কেইজনমানে পলাব নোৱাৰাকৈ দুৱাৰমুখতে ৰৈ থাকিল| আমি এতিয়া ষ্টেজৰ পৰা পলাবও নোৱাৰোঁ, অগত্যা আমাৰ মুখৰ পৰা কথা ওলাল|”আমাক নামাৰিবা, আমাক নামাৰিবা, আমি কি দোষ কৰিলো” ইত্যাদি কথা আমাৰ মুখৰপৰা তেতিয়া ওলাবলৈ ধৰিলে| ইপিনে পাঠক চাৰে চাগে’ পৰিস্থিতি বুজিব পাৰি ভিতৰত থকা কেইজনক কিবা বুজাই বঢ়াই ডায়লগ শিকাই পঠিয়াই দিলে.. সিহতে আহিয়েই আমাক ডায়লগ দিয়া ষ্টাৰ্ট কৰি দিলে “সেইবাবেই কৈছিলো, প্ৰতিবাদ কৰিবলৈ শিক…” “তহতে এই মস্ত ডেকা হৈও এনেকৈ থাকিলে কেনেকৈ হব..” ইত্যাদি| ইতিমধ্যে চিনিয়ৰৰ কোব কমিল| আমাৰ পাচত অহা কেইজনে আমাক হাতত ধৰি চিনিয়ৰৰ ফালে চোঁচা ল’লে আৰু চিনিয়ৰ পলাল| ৰাইজে ভাবি থাকিল সেই সকলোবোৰ নাটকৰে অংশ| আমাক টানি নিওতে ম‍ই বেঞ্চেৰে সজোৱা ষ্টেজত উজুটি খাই উফৰি পৰিলো| ইপিনে লগৰজনে টানিয়েই থাকিল| ম‍ই তাৰ হাতৰপৰা এৰুৱাবলৈ চেষ্টা চলাই থাকিলোঁ| এজনে আহি মোক ভৰিত ধৰি টানিবলৈ ধৰিলে| ৰাইজে চাই থাকিল এক মাৰাত্মক অভিনয়| পেন্দুকণাৰ অভিনয় দেখি ৰাইজৰ হাত চাপৰি ষ্টাৰ্ট হ’ল| চল বুজি ময়ো কাষতে থিয় কৰাই থোৱা তবলা, হাৰ্মনিয়াম থোৱা টেবুলখনৰ খুৰাত থাপ মাৰি ধৰিলো| হল নহয় এইবাৰ| লগৰকেইটাৰ ডায়লগ শেষেই নহয়| একেটা ডায়লগেই দহবাৰমান ক’লে| ইপিনে ম‍ই সাবটি ধৰা টেবুলেৰে সৈতে ম‍ই গৈ ষ্টেজৰ পৰা মাটিত পৰিলোগৈ| ৰাইজে হৰ্ষধ্বনিৰে হাত চাপৰি বজোৱাত লাগিল আৰু আঁৰ কাপোৰ পৰিল| অৱশ্যে নাটক আৰম্ভ হোৱাৰ আগতেই প্ৰথম দৃশ্য শেষ হোৱাৰ পিছৰ দৃশ্যকেইটা আমাৰ ভয় কমিল আৰু নাটক ঠিকেই কৰিলোঁ|

হিতেন শৰ্ম্মাৰ দিনলিপি -৫ (দ্বিতীয় অধ্যায়)

বজাৰৰ ফালে গৈ আছিল সি। চাইকেলৰ কেৰিয়াৰত এখন মোনা। সিদিনা বজাৰ বাৰ আছিল পাঠশালাৰ। চাৰিআলিৰ ওচৰত খুব ভিৰ। সেই ভিৰৰ মাজেৰেই হিতেনে বাওঁফালে বজাৰলৈ বুলি চাইকেলখন খূৰাইছিলহে মাথো। তেনেতে কলেজ ৰোডৰ পৰা প্ৰচণ্ড জোৰে আহি মটৰ চাইকেল এখনে তাক খুন্দিয়াই কেইবাফুটো দূৰলৈ চিটিকাই পেলাইছিল। ইপিনে বজাৰৰ ভিৰ। কেউদিশে মানুহ আৰু মানুহ। দুৰ্ঘটনাটো ঘটাৰ লগে লগে সেইখিনিত হুৱাদুৱা লাগি গ'ল। হিতেন যাক মই সইখে বুলি মাতো, সি অজ্ঞান হৈ পৰি ৰ'ল। তাৰ মূৰৰ পৰা প্ৰচণ্ড ৰক্তক্ষৰণ হবলৈ ধৰিলে। তাত সমৱেত ৰাইজে লগ লাগি তাক চিভিল হাস্পটাললৈ বুলি লৈ গ'ল।

আমি যেতিয়া ঘটনাটো গম পাই হস্পিটেললৈ দৌৰিলো, তেতিয়া তাৰ চিকিৎসা আৰম্ভ হৈ গৈছিল। ডক্তৰে অভয় দিছিল, ইণ্টাৰনেল একো হোৱা নাই। কেৱল মূৰ ফাটিছে। পাঁচটামান চিলাই পৰিছে। চেন্সো এতিয়া আহিছে। আৰু কিছু সময়ৰ পিছত তাক 'ডিচ-চাৰ্জ' লব পৰা যাব। যাহওক, যিমান দুশ্চিন্তাৰে আমি হস্পিটেললৈ আহিছিলো, সেয়া নোহোৱা হ'ল। এবাৰ বেমাৰীক মাত লগাই আমি হস্পিটেলৰ বাহিৰলৈ ওলাই আহিলো। পাঠশালা আৰক্ষী চকীৰ এ.এছ.আই এজন, কনিষ্টবল এজন আৰু হিতেনৰ দোকান আৰু আৰক্ষী চকীৰ মাজতে থকা পান তামোলৰ দোকানী সঞ্জীৱ দা বাহিৰতে ৰৈ আছিলহি। যদিও পান-তামোলৰ দোকানী, সঞ্জীৱ দাৰ আন এটা কাম আছিল আৰক্ষী চকীলৈ অহা মানুহৰ দৰখাস্ত,  এজাহাৰ আদি লিখি দিয়া। মোক দেখি সঞ্জীৱ দাই মাত লগালে-
-কি হল এ তাৰ?
-এক্সিডেণ্ট।
-কিংকে হ'ল?
- ভালকে গমে পাৱ নাই। বাইক এখেনে মাচ্চি বুলি কুনবে কুনবে কৈ আছে দেখুন।
-কুনখিনি জাগাত?
-দত্ত দাৰ পাণ দোকানৰ ওচত্তে
-তাতে দেখুন পুলিচো ডিউটিত থাকে?-এই বুলি সঞ্জীৱ দাই অফিচাৰ জনৰ ফালে চালে
-অ'। তাতে ই আছিল। সি গটে দেখা পাইছি এ
-অ', হই নিকি? 
-পাচে ইটা সি কেনে পাইছি?-সঞ্জীৱ দাই এইবাৰ মোৰ ফালে ঘূৰি সুধিলে।
-অলপ ভাল পাইছি। ইণ্টাৰনেল একো হনাই বুলি দক্তৰে কৈছি। পাচে মূৰটুহে বয়াকে ফালচি। পাঁচটা চিলাই প'চ্চি। হাততো অলপ ছাল গেইছি।
-অ'ই তই দোকানীক খবৰটু দি আচুন। ফোন কল্লিও হোবো যা।-এইবাৰ হিতেনৰ ফালে চাই মই ক'লো। 
-এ, নহ'লি নালগে ৰ'। ময়ে যাউং। পাল্লি সইখেৰ ঘোৰোতো খবৰ এটা দিবা লাগছিল।-লগে লগে কিবা চিন্তা কৰি তাক পুলিচৰ ফৰ্মেলিটিখিনি কৰিব দি মই অলপ দূৰত থকা পিচিওৰ ফালে মুখ ঘূৰালো।
-সঞ্জীৱ দা, অলপ ৰোবোচুন। চাৰ, কি কি ফৰমেলিটি আছে সোনকালে কৰি দিয়ক। ই আপনালোকক সহায় কৰ্বো দিয়ক। এই বুলি এ.এছ.আই জনক কৈ মই পি.চি.অলৈ দৌৰিলো।

যেতিয়া হিতেনলৈ ফোন কৰি খবৰটো দিছিলো, তেতিয়ালৈকে ইতিমধ্যে সি সইখেৰ ঘৰত খবৰটো পঠাইছিলেই। তথাপি মই আস্বস্ত হব পৰা নাছিলো। ঘৰলৈ তাক পঠাই দিব নোৱাৰা লৈকে যেন শান্তি নাই! গোটেইখিনি কথা খৰচি মাৰি যেতিয়া ফোনটো ৰাখিব ওলাইছিলো, মোলৈ ৰৈ আছিল এক আশ্বৰ্য্য।

সইখেৰ ঘৰৰ মানুহ আহি পোৱালৈকে বাকী সকলোবোৰ কাম হৈ গৈছিল। তাৰ ইচ্ছামতে আৰু ডক্তৰৰ পৰামৰ্শমতে সইখেক একাপ ৰঙাচাহ আৰু গুড ডে বিস্কুট দুখন খাবলৈ দিছিলো। প্ৰয়োজনীয় ষ্টেটমেণ্ট লৈ এ.এচ.আই জন আৰু কনিষ্টবলজনো গৈছিলগৈ। সঞ্জীৱ দা, আৰু হিতেনে বেমাৰীৰ লগত বহি কথা পাতি আছিল। তেনেতেই পাঠশালা চিভিল হস্পিটেলৰ পুৰুষৰ সাধাৰণ শ্ৰেণী কোঠাৰ দুৱাৰমুখৰ আউলী-বাউলী হৈ হাজিৰ হৈছিলহি পূৱালী আৰু আলোছায়া। চিন্তাক্লিষ্ট দুয়োৰে মুখাৱয়ব। অপৰিপাটি সাজ-সজ্জা। দুয়োৰে ভাগৰুৱা মুখমণ্ডল। অলপ অলপ ঘাম ফুটি ওলাইছে। চকুত ঔৎসুকতা। হঠাতে বাহিৰত দেখি মই দুৱাৰমুখৰ পিনে ওলাই আহিবলৈ ওলালো। কিন্তু তেতিয়ালৈকে সিহঁত বেডৰ ওচৰেই পালেগৈ।
-তই ইয়াত?-পূৱালীয়ে মোলৈ চাই সুধিলে।
-অ'
-তোৰ বুলে এক্সিডেণ্ট হৈছিল? চিৰিয়াচ বুলি শুনচিলো
-মোৰ? কুনি কৈছি?
-কুনি কৈছি মানে ! কলেজত চবে জানে। সুধি সুধি পি.চি.অ' ত যাওতে তাতে থাকা চ'লিটুয়ো কৈছি, হিতেনৰ এক্সিডেণ্ট হ বুলি
-অও....ইটাহে বুটচু। ইয়াৰ নামো হিতেন। সিকাৰণে তুহুন কনফিউচড হৈছা কিজানি।

ভুল ভাঙি পূৱালী মোৰ সৈতে সহজ হৈ পৰিছিল। সইখে আৰু হিতেনৰ লগত সিহঁতৰ চিনাকী কৰি দিয়াৰ পিছত ভালকৈ খবৰ বাৰ্তা লৈ কেনেকৈ কি গ'ল, পূৱালীয়ে তাইৰ স্বাভাৱগত ধৰণেৰে সুধি গৈছিল। অতি কম সময়ৰ ভিতৰতে পূৱালী আটাইৰে লগত সহজ হৈ পৰিছিল। হস্পিটেলত সোমোৱাৰ সময়ত যি চিন্তাৰ ৰেখা তাইৰ মুখত দেখিছিলো, সেই চিন তেতিয়া আৰু নাছিল। কিন্তু আলোছায়া সহজ হব পৰা নাছিল। তাইৰ মুখমণ্ডলৰ ৰেহ-ৰূপ চাই একো ধৰিব পৰা নাছিলো, তাই কি ভাবিছে। কিন্তু মনে মনে কিবা এটা বেয়া পাই থকা বুলি অনুমান কৰিছিলো।
-আহ, বাহিতৰ অলপ চাহ খাই আহু আ।-কিছুসময় পিছত মই পূৱালীৰ ফালে চাই কৈছিলো
-বুল
সঞ্জীৱ দা আৰু হিতেনক তাতে থৈ আমি কোঠাটোৰ পৰা ওলাই আহিলো। আগে আগে মই, পিছে পিছে পূৱালী আৰু আলোছায়া। ভবা নাছিলো, সিহঁত এইখিনি পাবহি। কিন্তু দুয়ো আহি ওলাইছিল। সিহঁতে ভাবিছিল মোৰ এক্সিডেণ্ট হৈছে। নামৰ সামঞ্জস্যৰ বাবে এই খেলিমেলিখন হোৱা বুলি পূৱালীয়ে মানি লৈছিল। কিন্তু আলোছায়াই তেতিয়াও ওন্দোলায়ে আছিল। কিন্তু মোৰ মনে জেদ তেতিয়াও এৰি দিয়া নাছিল। মোৰ এক্সিডেণ্ট বুলি ভাবি সিহঁত অহা বুলি জনাৰ পিছত মনত অলপ ভাল ভাৱ আহিলেও, মাত্ৰ মেইদিনমান আগত শ্বহীদ ভৱনত ঘটি যোৱা ঘটনাৰ দাগ তেতিয়াও মোৰ মনৰ পৰা যোৱাগৈ নাছিল। মই সিহঁতক সহজভাৱে মানিব পৰা নাছিলো। স্বাভাৱসিদ্ধভাৱে পূৱালীয়ে মোক কিবাকিবি সুধি গৈছিল যদিও আলোছায়া মাথো নিৰৱ দৰ্শক হৈয়ে ৰৈছিল। বাহিৰৰ তৰ্জাৰে সজোৱা চাহ দোকানত চাই খোৱা হলত পূৱালীয়ে হঠাতে কৈ উঠিছিল-
-হিতেন, মানহোৰ প্ৰতি অলপ কৃতজ্ঞ হবা চেষ্টা কৰবিচুন।
মই হতবাক হৈ তাইৰ ফালে চাই ৰলো।
-কিয়? কি হলনু?
-তোৰ সামান্য জ্ঞানো নাইনা যি এক্সিডেণ্ট তোৰ নহে তোৰ লগৰ এটাৰহে হৈছি বুলি আমাক খবৰ এটা দিবা নালগে। এইৰ আজি ভেশচন আছিল। তোৰ নাম শুনি দাউৰি ওলে আইচি। কিয়ো জান?
- চা পূৱালী। মই আপোনভোলা মানুহ। বেলেগৰ মনত কি হৈ থাকে সেই বিষয়ে মই ইমান আগ্ৰহী নহে। তাতে মোৰ নাম শুনি ভেশচন এৰি আইভা লাগা হল কি?
- এৰা, মই আহিব নালাগিছিল। আহিবতো কিয় ভাবিবই নালাগিছিল। কিন্তু পাগলী যে মই। সেই বাবে ভাবিলো। তোমাক ডিষ্টাৰ্ব কৰিলো। চ'ৰী। অ'ই পূৱা, বুল।
-এক মিনিট ৰ।
-ওই চুৱৰ, কি ক'লি? তই আপোনভোলা মানহু? তই কাৰো কথা নাভাবা? তিত্তেহ'লি সিদনাৰ পিছত কলেজ আহা নাই কিয়ো? পৰিস্থিতিৰ পৰা কিমান পলে ফুৰবি? তাতকে তাৰ চামনা কৰবা শিখ। মই জানু, তোক কথাগেলা নকে বহুত ভুল কচ্চিলু। কিন্তু ইটা ভাবচু, নককে থালিয়ে ভাল কচ্চিলু। সিদনাৰ পিচত তাই হষ্টেলত কিমান কান্দচি তই কিংকে গম পাবি! তইতো এটা শিলোৰ ডখৰা। ...
পূৱালীৰ এটা এটা কথাই মোৰ বুকুলৈ শেল হৈ সোমাই গৈছিল। কিন্তু তাতকৈও আলোছায়াৰ চলচলীয়া চকুৱে মোক বেছি আঘাট দিছিল। মই একো মাতিব পৰা নাছিলো। একৰ গালি পাৰি পাৰি পূৱালী তলমূৰ হৈ বহি ৰৈছিল। আলোছায়াও বাহিৰলৈ কৰবালৈ চাই আছিল। সেই দৃষ্টিত আছিল অনমন্যস্কৰ জোখ। প্লাষ্টিকৰ টেবুলখনত থকা আঁচ কেইটাত আঙুলিৰে চুই চুই ময়ো তললৈ চাই ৰৈছিলো।
কিছুপৰ পিছত তাই অলপ নৰমভাৱে মাত লগালে--চা হিতেন। গোটেই বেটচৰ ভিতৰত তোৰ লগতেই মই খোলা। ভাবিছিলো বাকীবোৰৰ দৰে তই ৰিজাৰ্ভ নহে। ডিগ্ৰীত আহি যি যান্ত্ৰিকতা, সেইটুৰ পৰা তই অলপ বেলেগ। কিন্তু মই চাগে' ভুল ভাৱিছিলো, না? বেয়া নাপাবি। মই ভুল কৰিছিলো। আৰু তাৰ ফলত বেচেৰী ভুগবা লাগা হল। ৰেগিঙত লগ পায়ে তোক তাই পচন্দ কচ্চিল। আৰু তোৰ ৰিক্স লৈছিলো মই। আন এটা ভুল কচ্চিলু। যাহক, আমাক বয়া পাই কলেজক নাহাকে নাইভি। ভালকে ক্লাছ হৈ আছে। এটা ক্লাছ নকল্লি পাচৰকেটা একো বুজি নাপবি। বৰ টান পাবি। চাৰ আহুনো বয়া পাবো। পাৰা যদি আলোছায়াকো ক্ষমা কৰি দিবি। তাইৰ হৈ ময়ে কলু। অমি যাউং। চৰী এগেইন। কথাখিনি কৈয়ে তাই থিয় হ'ল। লগে লগে আলোছায়াও।

তেতিয়ালৈ চিন্তাৰ দুৱাৰখন খোল খাইছিল। মই মোৰ ভুল ধৰিব পাৰিছিলো। অভিমানৰ আৱৰণখন আঁতৰাই মই গোটেই ঘটনাক্ৰম জুঁকিয়াই চাইছিলো। আৰু দেখা পাইছিলো এটা সুন্দৰ পথ। পূৱালী মোৰ বাবে কেৱল বন্ধুয়েই হৈ পৰা নাছিল, মোৰ এক পথ প্ৰদৰ্শকো হৈ পৰিছিল। আৰু আলোছায়া? আলোছায়াও হৈ পৰিছিল এক অনামী ছায়া। যদিও আলোছায়াৰ লগত মোৰ মাজৰ সম্পৰ্কই কোনো নাম লোৱা লাছিল, তথাপি আত্মাই যেন কৰবাত আপোনজনক বিচাৰি পাইছিল। তাইৰ চলচলীয়া চকুযুৰি দেখি মোৰ হোৱা বেজাৰ ভাৱৰ পিছতেই সেই কথা মই ঠাৱৰ কৰিব পাৰিছিলো।
-মোক একো কবলৈ চাঞ্চ নিদিয়াকৈয়ে যাবি তাৰমানে?-মোক মাত লগাই ওলাই যাবলৈ ধৰা পূৱালীলৈ চাই মই সুধিলো
-আৰো কি কবি? মোৰ আৰো একো শুনবাৰ মন নাই।
-মোক এইকেইদিনোৰ নোটচ খিনি দিবিনা? আৰু আলোছায়া, তুমি কান্দিলে বৰ বেয়া দেখি। চকুপানীখিনি মচি পেলোৱা, প্লিজ।
-....... দুয়ো মোলৈ ঘূৰি চালে।
- এনে মূহুৰ্তত চ'ৰী কিংকে কবা লাগে নাজনু। তথাপি কৈছু আই এম ভেৰী চ'ৰী। যি হৈছি পাহৰি যা পূৱালী, প্লিজ।

হস্পিটেলৰ বাহিতৰ তেতিয়া বেলি লহিয়াবলৈ ধৰিছিল। গেটৰ মুখত ৰৈছিলহি সইখেক নিবলৈ ঘৰৰপৰা অনা মাৰুটি ভান গাড়ীখন। ওচৰৰে এঘৰৰ পৰা ল'ৰা-ছোৱালীৰ কিৰিলি কিছুমান ভাঁহি আহিছিল। যদিও এয়া হস্পিটেলৰ সন্মুখ আছিল, ভিৰ লগা নাছিল ক'তো। চৌদিশে যেন এক শান্তিময় পৰিৱেশ বিৰাজ কৰিছিল। জাল ফালি মুকলি হৈ অহাৰ আনন্দত মনটোৱে চাৰিওপিনে কেৱল বিচাৰি পাইছিল প্ৰশান্তিৰ ৰহঘৰাবোৰ। ঠিক গধূলিৰ নীড়্মুখী চৰাইবোৰ দেখি অহা প্ৰশান্তিৰ দৰে, বৈ যোৱা জুৰিৰ সোঁতলৈ চাই পোৱা প্ৰশান্তিৰ দৰে.. জীৱনৰ আন এটা অধ্যায়ৰ হাত বাউলি দেখি আগুৱাই গৈছিল জীৱন..নিজে গম নোপোৱাকৈয়ে।

পূৱালীয়ে মোলৈ কিছুসময় চাই থাকি মিচিককৈ হাঁহি এটা মাৰিছিল। আলোছায়ায়ো চকু দুটা মোহাৰি তলমূৰ হৈ ৰৈছিল। বুজি উঠিছিলো, সেয়া দুখৰ বাবে নহয়, লাজৰ বাবেহে।

(ক্ৰমশঃ)



 

Wednesday, January 30, 2013

মানবীয়তাৰ তুলাচনীত বৈচিত্ৰ্যময় অসমীয়া সংগ্ৰামী সত্বা



অসম এখন বৈচিত্ৰময় ৰাজ্য। ইয়াৰ প্ৰাকৃতিক বৈচিত্ৰ্যই দেশী বিদেশী বহুতো পৰ্য্যতক তথা বুদ্ধিজীৱিক সন্মোহিত কৰিছে। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যদি চোৱা যায়, প্ৰতি দহ কিলোমিটাৰৰ মূৰে মূৰে ভাষাৰ পৰিবৰ্তন দেখা যায়। উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ এই ভাষিক পৰিৱৰ্তনো অসমৰ এক বৈচিত্ৰ্যৰেই নাম। জাতি-জনগোষ্ঠীৰ ফালৰ পৰাও একেই ঘটনা দেখা যায়। অসময় ইতিহাস খুচৰিলে দেখা যাব ইয়াৰ বুৰঞ্জীৰ ধাৰা ক’ৰ পৰা কলৈ বৈ গৈছে। ইয়াতো সেই একেই বৈচিত্ৰ্য দেখা যায়। ৱিকিপিডিয়া বা বিশ্বকোষত প্ৰতিখন জিলা বা মহকুমাৰ ইতিহাস পঢ়িলে সেয়া সকলোৱে গম পাবই।

অসমৰ এই বৈচিত্ৰ্যসমূহ আমি কম বেছি পৰিমাণে সকলোৱেই জানো। কিন্তু আজিৰ এই লেখাৰ উদ্দেশ্য ওপৰোক্ত বৈচিত্ৰ্যসমূহ নহয়। এক সুকীয়া ক্ষেত্ৰত আমি এবাৰ অসমৰ বৈচিত্ৰ্যক বিচাৰি চাব খুজিছোঁ। সেয়া হৈছে-সংগ্ৰামী সত্বাত অসমৰ বৈচিত্ৰ্য।

সংগ্ৰামী সত্বা বহু ধৰণৰ হব পাৰে। তাৰে ভিতৰত আমাৰ মনলৈ যিটো প্ৰথমে আহে সেয়া হৈছে আজিৰ উগ্ৰপন্থা। সেই বিষয়টোকে আমি আজিৰ আলোচনাৰ বিষয় হিচাপে লব খুজিছোঁ। 

অসমত উগ্ৰপন্থা বা তেনে ধৰণৰ সংগ্ৰামৰ ইতিহাস চালে আমি অখণ্ড অসমলৈ ঘূৰি যাব লাগিব। মৃণাল তালুকদাৰৰ ‘মৌতম’ আৰু মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাৰ ‘আলফা’ কিতাপ দুখন পঢ়িলে গম পোৱা যায় অসমত সংগ্ৰামী সত্বাৰ সূতাডাল কিমান দীঘল। সাতভনী একেখন অসম হৈ থকাৰ পৰাই অসমত সংগ্ৰামী সত্বাৰ জন্ম হৈছিল আৰু এই সংগ্ৰামৰ প্ৰধান কাৰণ আছিল শাসকসকলৰ অৱহেলা তথা শোষন। নগালেণ্ডৰ পৰা মিজোৰামলৈ, মিজোৰামৰ পৰা ত্ৰিপুৰালৈ, ত্ৰিপুৰাৰ পৰা আজিৰ অসমলৈ, এনেদৰেই বৈ গৈছিল এই সংগ্ৰামৰ সোঁত। এনেকৈয়েই উত্তৰ পূৰ্বাঞ্চল হৈ পৰিছিল ৰজাঘৰীয়াৰ ভাষাত ‘উগ্ৰপন্থী’ নামৰ সংগ্ৰামী সত্বাৰ ৰামৰাজ্য। ইয়াতো আছিল বৈচিত্ৰ্য। প্ৰতিটো অঞ্চলৰ বাবে সুকীয়াকৈ সংগ্ৰামৰ বাবে একত্ৰিত হৈ গঠিত হৈছিল বহুতো সংগ্ৰামী দল বা প্ৰতিষ্ঠান। প্ৰতিটো দলৰে ৰণসজ্জা আছিল সুকীয়া। ৰণনীতি আছিল ভিন্ন। কোনোবা দলে যদি স্বায়ত্ব শাসনৰ বাবে হাতত অস্ত্ৰ তুলি লৈছিল, কোনোবাটো দলে আকৌ চৰকাৰৰ শোষনৰ বিৰুদ্ধে যুঁজ দিবলৈ অংগীকাৰবদ্ধ হৈছিল। ইতিহাসৰ পম খেদি কোনোবা দলে যদি স্বাধীনতাৰ সপোন লৈ চিৰদিন আৰণ্যক জীৱন কটাবলৈ কুণ্ঠাবোধ কৰা নাছিল, কোনোবা দলে আকৌ ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত ধৰ্মযুদ্ধৰ অৱতাৰণা কৰিবলৈ বিচাৰিছিল। ইয়াতো আছিল বৈচিত্ৰ্য। কিন্তু এই বৈচিত্ৰ্যৰ মাজতো যেন আছিল সহযোগিতাৰ এডাল সৰলৰেখা। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অৰণ্যৰে ভৰা পৰিৱেশত অগ্ৰজ সংগ্ৰামী দল এটাই প্ৰাৰম্ভিক প্ৰশিক্ষণ দিছিল নতুনকৈ জন্ম লাভ কৰা দল এটাক; লাগিলে দুয়োটা দলৰ উদ্দেশ্য ভিন্নয়েই নহওক কিয়। ‘মৌতম’ কিতাপখন পঢ়িলেই এই কথা ভালদৰে বুজিব পাৰি।

সংগ্ৰামৰ এনেকুৱা পথত কোনোবা দলে যদি কিছুদূৰলৈ সাৱধানে আগুৱায়ো গৈছে, কিছুমানে বা প্ৰথম খোজতে মুখ থেকেচা খাইছে। কোনোবা দলে আকৌ ৰাজ বিদ্ৰোহৰ অপৰাধত লাভ কৰিছে ‘নিষিদ্ধ’ আখ্যা। কোনোবাটো সংগঠন আকৌ জন্মিয়েই মৃত্যুবৰণ কৰিব লগা হৈছে। মৃত্যু-জৰা সকলোবোৰ যেন এই সংগ্ৰামী সকলৰ জীৱনৰ এক অংগ হৈ পৰিছে। তথাপি বুকুত তেওঁলোকৰ আশা, সপোন জানোচা সোনকালে দিঠক হয়েই। এই সংগ্ৰামৰ পথ কণ্টকপূৰ্ণ বুলি জানিও মৰণত শৰণ দি এই সংগ্ৰামীসকলে ঢাপলি মেলিছে দেশ আৰু সমাজৰ স্বাৰ্থত। তথাপি যেন তেওঁলোক ‘সংগ্ৰামী’ নহয়। আমাৰ বাবে তেওঁলোকৰ পৰিচয় এটাই-আতংকবাদী তেওঁলোক। তেওঁলোকৰ বাবে আমাৰ জিভায়ো উচ্চাৰণ কৰিব নোখোজে ‘সংগ্ৰামী’ শব্দ।

এনে সংগ্ৰামীবোৰৰ প্ৰায় প্ৰতিটো কামেই বিতৰ্কিত হয়। তেওঁলোকক ‘বিষয়’ হিচাপে লৈ লিখা নহয় কোনো লেখা। সংগ্ৰামীসকল মাথোঁ হৈ পৰে ‘সংগ্ৰাম’ক লৈ লিখা লেখাৰ ‘ভিলেইন’। মানৱীয় দৃষ্টি এই সংগ্ৰামীবোৰৰ ওপৰত কেতিয়াও নপৰে। এনেদৰে কেইটামান দিন বা মাহ বা বৰ্ষ পাৰ হৈ গৈ থাকোতে কোনোবাৰ মৃত্যু হয় ৰোগ-ব্যাধিত, কোনোবা আকৌ শেষ নিশ্বাস ত্যাগ কৰে খাবলৈ নাপাই আৰু বেছিভাগৰে মৃত্যু হয় গুলীত-কেতিয়াবা পুলিছ-মিলিটেৰীৰ গুলীত, কেতিয়াবা আন কোনো সংগ্ৰামীৰ গুলীত অথবা শত্ৰুৰ গুলীত। তাৰ পিছতো তেওঁলোকক বিচাৰ কৰা নহয় মনৱীয় বিচাৰধাৰাৰে। তেওঁলোক একেই হৈ থাকে-সংগ্ৰামক বিষয় হিচাপে লৈ লিখা বা প্ৰস্তুত কৰা লেখা-চিনেমাৰ ‘ভিলেইন’।
আলফাৰ স্বাধীনতা ফুকনৰ কথাকেই ধৰো বাৰু। কবিৰঞ্জনৰ নামত থকা কেবাটাও কালজয়ী কবিতা পঢ়ি আপ্লুত হৈছিলো। কিন্তু গম পোৱা নাছিলো, স্বাধীনতা ফুকনেই যে আছিল সেই কবিৰঞ্জন। আৰু যিদিনা গম পাইছিলো, সিদিনা কবিৰঞ্জন মাথোঁ আছিল পেপাৰৰ হেডলাইনত-“পুলিছৰ গুলীত নিহত স্বাধীনতা’। তাৰ পিছত বিভিন্ন কাগজে পত্ৰই মাজে মধ্যে পঢ়িবলৈ পাইছিলো তেওঁৰ কথা, শুনিবলৈ পাইছিলো। কিন্তু সেই আলোচনাত তেওঁৰ মৃত্যুত ভংগ হোৱা মানৱ অধিকাৰে ঠাই পোৱা নাছিল। ঠাই পোৱা নাছিল তেওঁৰ হৃদয়ৰ সৌন্দৰ্য্যখিনিয়ে। আমি আজিও তেওঁক সংগ্ৰামী বুলি কবলৈ সংকোচ কৰো। এজন বন্দুক-পিষ্টল লৈ ফুৰা ‘মানুহ মাৰি ফুৰা’ উগ্ৰপন্থীয়েই হৈ ৰ’ল তেওঁ। কবিৰঞ্জন এটা উদাহৰণ মাত্ৰ। সংগ্ৰামীসকলক বিষয় হিচাপে লিখিবলৈ গৈ তথ্য বিচাৰি গ’লে এনেকুৱা কিমান যে সংগ্ৰামীৰ নাম ওলাব, তাৰ হিচাপ নোলাব।

‘গনমঞ্চ’। সৰুতে পঢ়ি থাকোতেই শুনিছিলো। পাঠশালাত এটা পৰিচিত নাম আছিল। ইয়াৰ বিষয়ে বিশেষ একো জনা নাছিলো। মাথোঁ শুনিছিলো ইয়াৰ প্ৰধানজনৰ নাম। তেওঁ আছিল লাচিত ৰয়। মই পঢ়া বিদ্যালয়ৰ পৰাই হেনো এটা সময়ত কোনোবা এটা স্থান লৈ মেট্ৰিক পাছ কৰিছিল। সকলোৱে কোৱা শুনিছিলো, বৰ অমায়িক আছিল হেনো তেওঁ। বৰ ধুনীয়া বাঁহী বজাইছিল। বাঁহৰ কাম কৰি সকলোকে চক খুৱাই দিছিল। মাজে মধ্যে ডাঙৰসকলৰ মুখত ইটো-সিটো শুনি ধাৰণা কৰিছিলো, গণমঞ্চও আছিল এটা সংগ্ৰামী সংগঠনেই। আজিও ইমানখিনিয়েই জানো। হঠাতে এদিন শুনিলো, লাচিত ৰয় পুলিছৰ গুলীত ঢ়ুকাল। তাৰ পিছত শৱদেহ চাবলৈ লৱৰি গৈছিলো তিনি কিঃমিঃ আঁতৰত থকা তেওঁলোকৰ ঘৰলৈ। কিন্তু তাতো যি শুনিছিলো, সেয়াও আছিল মানৱীয়তাৰ অৱক্ষয়ৰেই এক উদাহৰণ আছিল মাথো। মৃত্যুৰ পিছতো হেনো অত্যাচাৰ কৰা হৈছিল তেওঁৰ শৱদেহৰ ওপৰত। আৰু তেনেকুৱা বহুতো।  

উগ্ৰপন্থী বুলি ক’লেও মানৱীয়তাৰ পৰা জানো তেওঁলোকক আঁতৰাই ৰখাটো উচিত হব? মানৱীয় চিন্তাধাৰাৰ পৰা তেওঁলোকৰ উগ্ৰপন্থাক বাদ দিও আমি বিবেচনা কৰিব নোৱাৰোনে সংগ্ৰামী জীৱনটোক। ইয়াকে কৰিবলৈ আমিতো বহুত একো কৰিব নালাগে। তেওঁলোকৰ বাবে একলমতো লিখিব পাৰো, গাব পাৰো তেওঁলোকে লিখা গান। অন্য কবিতাৰ দৰে আমি কিয় পঢ়িব নোৱাৰো তেওঁলোকে লিখা কবিতা, অথবা অন্য ৰোগীৰ দৰে কিয় পৰিচৰ্য্যা কৰিব নোৱাৰো তেওঁলোকৰ ৰুগীয়া শৰীৰক। সংগ্ৰামী আদৰ্শ নজনাকৈও বা তাৰে লগত সংগত নোহোৱাকৈও কেৱল মানৱীয় দৃষ্টিভংগীৰে সমাধা কৰিব নোৱাৰোনে তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত ঘটা স্খলন? সকলো ক্ষেত্ৰতে বৈচিত্ৰ্যপূৰ্ণ আমাৰ অসমীয়া সভ্যতা সেই সময়ত ক’লৈ যায়, যেতিয়া সংগ্ৰামী সত্বাসমূহৰ বৈচিত্ৰ্যখিনি আমি বিবেচনা কৰিবা লগা হয় ? মানৱীয় দৃষ্টিভংগীৰ আলমত কিহৰ বাবে সংগ্ৰামী বৈচিত্ৰ্যৰ দৌৰ ইয়াতেই স্তব্ধ হৈ পৰে?

Tuesday, January 15, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৪(২য় অধ্যায়)

কলেজ ৱিক আহিছে। বজালী কলেজৰ চৌহদ উখল-মাখল হৈ পৰিছে। নৱাগত সকলৰ মনলৈ সাহ আহিব ধৰিছে। কলেজ ৱিকৰ শেষৰদিনা হব লগা নৱাগত আদৰণি সভাৰ দিনাখনেই চিনাকি পৰ্বৰ নামত চলি অহা ৰেগিঙবোৰ। অৱশ্যে এইবাৰ ৰেগিং হোৱা নাই বুলিয়েই কব পাৰি যদিও দুই-এজনে বদমাচী নকৰা নহয়। মোৰ ক্ষেত্ৰত ঘটি যোৱা ঘটনাটোৱে মোক বাবে বাৰে মানি নলবলৈ বাধ্য কৰাইছে যে ৰেগিং বন্ধ হৈছে। তথাপিও আগৰ দৰে কৰ্ত্তৃপক্ষ ৰেগিঙৰ বাবে চিন্তিত হব লগা হোৱা নাই। 

যোৱা তিনিদিন ধৰি মই কলেজলৈ যাব পৰা নাই। ঘৰুৱা লেঠা, গা বেয়া আদি পয়মালৰ বাবেই ক্লাছবোৰ মিছ কৰিছোঁ। আচলতে সেয়া প্ৰকৃত পয়মাল নে মোৰ অজুহাতহে নাজানো। কিন্তু সেইদিনা পূৱালী আৰু আলোছায়াৰ লগত হৈ যোৱা ঘটনাৰ পিছত কিবা ভাল নলগা হৈ আহিছে। 

পূৱালীহঁতক তেনেকৈ এৰি মই গুছি আহিছিলো। সেই সময়ত মই ভৰি আছিলো পূৰ্ণ খঙত। বাকী থকা সময়খিনি ক্লাছত কাৰো লগত কথা পতা নাছিলো। পূৱালীয়ে এবাৰ ওচৰলৈ আহিছিল। কিন্তু কিবা কব পৰা দূৰত্ব পোৱাৰ আগতেই মই আঁতৰি গৈছিলো। তাইৰ লগত কথা পতাৰ ইচ্ছা মোৰ নাছিল। আৰু ক্লাছ শেষ হোৱাৰ লগে লগে কলেজৰ চৌহদত থকা ইউকেলিপ্তাছজোপাত আওজাই থোৱা চাইকেলখন লৈ মই আঁতৰি গৈছিলো। সিদিনাই আছিল শেষ। গোটেই ৰাস্তা মই ভাবিছিলো, কি হৈ গ'ল ! কোন ভুল? মই নে সিহঁত? মোৰ সৰলতা নে সিহঁতৰ চাতুৰ্যতা। ৰেগিং খাই অহাৰ পিছৰেপৰা আলোছায়াক প্ৰতি মোৰ এটা ভাল ধাৰণা জন্মিছিল। আৰু একেদিনাই শেষ কৰি দিলে সেই ধাৰণা ! আৰু পূৱালী? তাইকতো মোৰ ভাল বন্ধু বুলিয়েই ভাবিছিলো। তেন্তে কিয়, কিয় তাই তেনেকুৱাখন কৰিলে ! সহজ-সৰলভাৱে সকলোৰে লগত মিলিব যোৱটোৱে মোৰ দোষ আছিল নেকি? নে দোষ মোৰহে আছিল !! ৰেগিঙৰ সময়ত মই ধৰিব পাৰিব লাগিছিল যে সিহঁত মোৰ চিনিয়ৰ নহয়। অথচ মই সিহঁতক চিনিবই নোৱাৰিলো ! আৰু সেই কথাটো জনাৰ পিছত মই অযথা খং কৰা নাই নাইনে ! অযথা নহয়নো কি? নহ'লে ইমানকেইজনৰ মাজত মাত্ৰ এজন বা দুজনকহে দোষাৰোপ কৰোনে ! পূৱালী আৰু আলোছায়াই চাগে' সকলোৰে আগত কথাখিনি ক'লে লাজ পাম বুলিয়েই আচহুৱা ঠাইখিনিলৈ মাতি নি কৈছিল। আৰু আগ-গুৰ নভৱাকৈ উচাৎ মাৰি মই গুছি আহিলো ! প্ৰচণ্ড আত্মকন্দলত ভুগিছিলো মই। গোটেই ৰাতি শুব পৰা নাছিলো। বাৰে বাৰে ৰেগিঙৰ পৰা আৰম্ভ হৈ মই উচাৎ মাৰি গুছি অহালৈ কথাখিনিয়ে মোৰ টোপনিক মোৰ পৰা আঁতৰাই লৈ গৈছিল। আৰু পিছদিনা পুৱাই.....

অঘটনটো ঘটিছিল দেউতা ৰাতিপুৱাই বাৰীলৈ যাওতে। ঘৰৰ পিছপিনে থকা প্ৰকাণ্ড তামোল বাৰীখনৰ একেবাৰে শেষৰফালে অকস্মাতে দেউতাই দেখিছিল, মেছিনৰ নিছিনা বস্তু এটা মাটিত সযতনে থোৱা আছে। ফেনৰ ৰেগুলেটৰৰ সমান মেছিনটোৰ এখালে সামান্য জোৰেৰে মাটিত লগাই থোৱা আছে এণ্টেনা এডাল। মেছিনটোৰ ওপৰৰ চোক এটাৰ পৰা পেৰাচুটৰ লেখীয়া সৰু স্বচ্ছ তাঁৰ এডাল আন তামোল গছ এজোপাত মেৰিয়াই ওচৰতে থকা আম গছ এজোপাৰ ডাল এটাত ৰবৰ শ্বীটেৰে মেৰিয়াই মেৰিয়াই বন্ধা আছে। দেউতাই মেছিনটো ভালকৈ চালে। কিন্তু চুই চাবলৈ ভয় কৰিলে। কি ঠিক কিবা বোমা-চোমায়েই বা। দেউতাই বাৰীৰ পৰা আহি আমাক কোৱাত সকলোৰে হুৱা-দুৱা লাগিল। লাহে লাহে কথাটো ওচৰ চুবুৰীয়াৰো কাণত পৰিল। সকলোৱে দূৰৈৰ পৰা জুমি জুমি চাবলৈ লাগি গ'ল। তাৰে লগে লগে চলি থাকিল কথাৰ মেৰপাকবোৰ। কোনোবাই ক'লে এয়া বিশ্বযুদ্ধৰ সময়ৰ বোমা, কোনোবাই ক'লে কোনো বিদেশী চোৰাংচোৱা সংস্থাৰ ওয়াৰলেছ জাতীয় তথ্য সংগ্ৰহকাৰী মেছিন। কোনোবাই আকৌ যুদ্ধ জাহাজত কঢ়িয়াই নিয়া বোমা আদিৰ লগত ইয়াৰ সাদৃশ্য আছে বুলিও ক'লে যেন তেওঁ এজন বায়ুসেনাহে। মুঠৰ ওপৰত ভিৰ বাঢ়ি বাঢ়ি পাৰাপাৰাহীন অৱস্থা পালে। ওচৰৰে অনন্ত খুৰাই যন্ত্ৰটোৰ চাৰিওপিনে মানুহ ওচৰ চাপিব নোৱাৰাকৈ ৰচীৰে ঘেৰ সাজি দিলে। গোটেই গাঁৱতে হুৱাদুৱা লাগিল। কোনোবাই যদি কি বস্তু বুলি চাবলৈ আহিল, কোনোবাই আকৌ বোমা ফুটিব লাগিলে মৰিব লাগিব বুলি আমাৰ ঘৰৰ ওচৰলৈও নাহিল। পুলিছক খবৰ দিয়া হ'ল আৰু ৪-৫ ঘণ্টামান পিছত 'যথাসময়ত' পুলিছ আহিল। প্ৰাথমিক পৰীক্ষাৰ পিছত পুলিছে ওয়াৰলেছ, বোম্ব স্কোৱাদৰ সহায় লব লগা হ'ল। ৰেডিঅ' অপাৰেটৰে সেয়া ৰেডিঅ' চেট নহয় বুলি, বোম্ব স্কোৱাডে বোমা নহয় বুলি জনোৱাৰ পিছত যেনিবা পুলিছে সেইটো খুলি কঢ়িয়াই লৈ গ'ল। গোটেই নাটকখন শেষ হোৱালৈ সন্ধিয়া ছয়মান বাজিল। তাৰ পিছদিনাখন গ'ল পুলিছ থানালৈ দোৰা দৌৰি কৰোতে। কি বস্তু, ক'ত পাইছিল ইত্যাদি ইত্যাদি ষ্টেটমেন্ট দিওতে দিওতে সেইদিনাখনো পাৰ হৈ গ'ল। কিন্তু তাৰ পিছতো কলেজলৈ যাবলৈ মোৰ ইচ্ছা নগ'ল। এই দুই দিন ধৰি পাহৰি থকা বেমাৰটোৱে আকৌ উক দিলেহি। মোৰ নিজৰে যথেষ্ট ভাগৰুৱা যেন লাগিল। দেহৰ ভাগৰক জীপাল কৰি তুলিলে মনৰ ভাগৰে। এক অবুজ অভিমানত মই আকোৰগোজ হৈ ৰলো। মনৰ ভিতৰৰ যুদ্ধখনত বাৰে বাৰে মোৰ পৰাজয় হৈ গৈছিল। তথাপিও লাজৰ ভয়ে মোক অভিমানী কৰি তুলিছিল। পূৱালীৰ ওচৰত সেউ অভিমানৰ হয়তো মূল্য আছিল। ইমানদিনে গঠন হোৱা বন্ধুত্বৰ সম্পৰ্কই সেই অধিকাৰকণ মোক দিছিল। কিন্তু আলোছায়াৰ ওচৰত? তাইকতো মই সিদিনা দ্বিতীয় দিনৰ বাবে লগ পাইছিলো। তেন্তে? অভিমানী মনে হয়তো তাইকো আপোন কৰিয়েই লৈছিল।

তিনিদিন ক্লাছ নকৰি যিদিনা ঘৰৰপৰা ওলাই গৈছিলো, সেইদিনা কলেজ ৱিক আৰম্ভ হৈ গৈছিল। কলেজৰ চৌহদত ভৰি থোৱাৰ বিপৰীতে সিদিনা আড্ডা পাতিছিলো হিতেনৰ দোকানত, যাক বহুতে চাৰি-এন বুলিও মাতিছিল। কাৰণটোও আছিল আমোদজনক। আমি চাৰিজন হিতেন তাত লগ হৈ প্ৰায়ে আড্ডা পাতিছিলো। হিতেন পি.চি.অ'। ডব্লিউ এল এল ফোনৰ বাবে নিৰ্ভৰযোগ্য এই দোকানখন আছিল আন এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। চাৰিজন হিতেনৰ যিকোনো এজন হিতেনলৈ বাৰ্তা পঠোৱাৰ বাবে।

তেতিয়া দুপৰীয়া বাৰমান বাজিছিল। হঠাতে ফোনটো বাজি উঠিছিল। ভ্ৰাতৃসদৃশ বন্ধু হিতেনে ফোনটো তুলি ধৰিছিল-'হেল্ল'
-...
-"কি ? কিত্তে?"
-...
-"সি এইমাত্ৰ এৰে পৰা গেল দেখুন।"
-...
"আহুন দুটা এতে আছে।"
-....
-"নহে। বুনগাঁউ আৰ' বৰগাণ্ডুবীৰটুহে আছে"
-....
-"তই এটা কাম কৰ। তাক ইমিডিয়েট হস্পিতেলক লগি লৈ যা, আমি তাকে লগি যাই আছু"
-...
-"অ', ঠিক আছে।"-বুলি কৈ সি ফোনটো থৈয়েই থিয় হ'ল। 
-"সইখেৰ এক্সিডেণ্ট হৈছি। বৰ হিতেন, তই থাক, হিতু আৰ মই হস্পিটেলৰ পৰা আহুং।"- আমাৰ মাজতে চিনাক্তকৰণত সহায়ৰ বাবে দি লোৱা নামকেটাৰে সি বঢ়িয়াকৈ বুজাই দি একেকোবে বাৰান্দা পালেহি। আৰু অলপো পলম নকৰি আমি চাইকেলত জাপ মাৰি উঠিলো।