Saturday, November 30, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৯ (দ্বিতীয় অধ্যায়)

ৰূম নং ১০। প্ৰথম মহলা, নতুন বিজ্ঞান ভৱন। দোলক বেঞ্চ এখন আনি “বাৰ পেণ্ডুলামে”ৰে সজোৱা হৈছে অস্থায়ী মঞ্চ। এক পূজাৰ মঞ্চ। বিশ্বকৰ্মা পূজাৰ মঞ্চ। ৰাতিপুৱাৰেপৰা সংগ্ৰহ কৰা পূজাৰ যোগাৰেৰে আৰম্ভ হৈ গৈছে পুৰোহিতৰ পূজা। সকলোৰে পিন্ধনত উৎসৱমুখৰ আয়োজন। হবই। বিশ্বকৰ্মা পূজায়েতো আদৰে শাৰদী উৎসৱক।

পূৱালী ৰাতিপুৱাই আহিছে। আহিয়েই ৰূমত ঝাৰু দি মচাৰপৰা সকলোখিনি কৰিছে। কৰবীয়ে “আইতা”ৰ দৰেই মাহ-প্ৰসাদৰ ব্যৱস্থা কৰি প্ৰমাণ কৰি দিছে যে “আইতা” নামটো তাইৰ বাবে অযোগ্য নহয়। ৰুবুলো ৰাতিপুৱাই আহিছে। যিজন ল’ৰা দেৰীকৈ শুই উঠাৰ বাবে প্ৰথম দুটা ক্লাছ কেতিয়াও ঢুকি নাপায়, সেইজন ল’ৰাক কলেজ চৌহদত সোমায়েই দেখিবলৈ পোৱাটো ভাগ্যৰ কথা বুলিয়েই কব লাগিব আৰু সেই সৌভাগ্যকণো মোৰ হৈছিল। 

ঠিক পাঁচ বজাতেই ওলাইছিলোঁ ঘৰৰপৰা। ১২ কিঃমিঃ দূৰ। এঘণ্টাৰ ৰাস্তা। বাটত সোমাব লগীয়া দুঘৰৰপৰা ওলাই কলেজ পাওঁতে ৭ বাজো বাজো হৈছিল। সোমায়েই ৰুবুলক লগ পাই চাহ একাপ খাই ডিপাৰ্টমেণ্ট সোমাওঁতে ৭ বাজি গৈছিল। ডিপাৰ্টমেণ্টত তেতিয়া ৰিংকু আৰু অনিমেষৰ বাহিৰে আন কোনো আহি পোৱা নাই। অথচ পৰি হাজাৰ কাম। পূজাথলী ঠিক কৰিব আছে, মণ্ডপ সজাবলৈ আছে, অভ্যৰ্থনাথলী ঠিক কৰিব আছে, ৰান্ধনিঘৰৰ কাম আছে। অৱশ্যে আগদিনাখনেই টেণ্ট হাউচৰপৰা বাচন-বৰ্তনখিনি আনি থোৱা হৈছে। তথাপি হাজাৰটা কাম। অথচ আমি চাৰিজনহে মানুহ। আমি দৌৰাদৌৰিকৈ কামত লাগিলোঁ। ৰুবুল আৰু অনিমেষক ৰান্ধনিঘৰৰ কাম চম্ভালিবলৈ দি ৰিংকু আৰু মই লাগি গলোঁ পূজাথলী সাজু কৰাত। ঠিক কৰা হ’ল ১০ নম্বৰ ৰূম হব আমাৰ পূজাথলী, ৯ নং ৰূমত সকলোৱে বহিব, চূড়ান্ত বৰ্ষৰ শ্ৰেণীকোঠা তথা ১ নং পৰীক্ষাগাৰ হব অভ্যৰ্থনাথলী তথা নৱাগত আদৰণিৰ থল। লেব-৩ ত ৰান্ধনিঘৰ সজোৱা হব। ভবামতেই কাম। ইতিমধ্যে কনক খুৰা আহি পাইছিলহি। ৰান্ধনিও হাতত খন্তি-জেজৰা লৈ হাজিৰ হৈছিলহি। যদিও আমি চাৰিওজন কামত লাগি আছিলোঁ, ৰান্ধনিও তেওঁৰ স্থান সুবিধা কৰাত লাগি গ’ল। আমি যেতিয়া ১০ নং ৰূমৰ পৰা ডেক্স বেঞ্চবোৰ উলিয়াইছিলোঁ, হাতত এটোপোলা ফুল তুলসী লৈ উচ্চও আহি পাইছিলহি। ডেক্স বেঞ্চবোৰ উলিয়াই কাঠৰ প্লেটফৰ্মখন ভালকৈ পাৰি তাৰ ওপৰত “পেণ্ডুলাম বেঞ্চ”ৰে পূজাৰ মঞ্চ সজালৈকে হাতত ঝাৰু লৈ পূৱালী আৰু কৰবীও আহি পাইছিল। পংকজ আৰু সমৰ পূজাৰ যোগাৰ লৈ আহি পাইছিলহি। মুঠতে ১০-১৫ মিণিটৰ ভিতৰতে কৰ্মী মৌৰে ভৰি পৰিছিল আমি নিজে পতা মৌচাক। জোৱাৰ উঠিছিল হাঁহিৰ, সমানে চলিছিল আড্ডা। তথাপি ৰৈ থকা নাছিল কোনো কাম। কোনোবাই যদি বজাৰৰ পৰা আনিবলৈ বাকী থকা বস্তুকেইপদ অনাৰ বাবে দৌৰিছিল, কোনোবাই আকৌ ৰং-বিৰঙী কাগজ কাটি সজোৱাত লাগিছিল নৱাগত আদৰণি তথা মত বিনিময়ৰ মঞ্চ। কোনোবাই আকৌ ৰান্ধনিশালত ৰান্ধনিৰ সহযোগী হৈ পৰিছিল। কনক খুৰাই সকলোকে সুন্দৰভাৱে দিহা পৰামৰ্শ দি গৈছিল। পি.কে চাৰো আহি পাইছিল। তদাৰক কৰিছিলহি আমাৰ কাম আৰু পূজাৰ কাম। 

সুন্দৰভাৱে চলি গৈছে পূজাৰ আয়োজন। পদাৰ্থ বিজ্ঞান বিভাগত প্ৰতিবছৰে পতা বিশ্বকৰ্মা পূজাভাগৰ কামৰ পৰা একেবাৰে চিনিয়ৰসকলক যদিও আমি বিৰতি দিছিলোঁ, তেওঁলোকো কিন্তু সময়মতেই আহি পাইছিলহি। সকলো একে সময়তে ব্যস্ত হৈ পৰিছে। কোন চিনিয়ৰ, কোন জুনিয়ৰ তাৰ বাচ-বিচাৰ কোনেও ৰখা নাই। পূৱালী-কৰবীয়ে এফালৰ পৰা ঠাইবোৰ সাৰি-মচি চিকচিকীয়া কৰি গৈছে। যেন ঘৰত পতা কিবা অনুষ্ঠানহে। এটা পৰিয়াল যেন লাগিছিল আমাৰ। 

যথা সময়ত পুৰোহিত আহি পূজাত বহিছিল। লাহে লাহে কমি আহিছে কামবোৰ। সময়ো আগবাঢ়িছে। ৰাতিপুৱাই অহা ল’ৰা-ছোৱালীবোৰ। যিসকলৰ থকা ঠাই কলেজৰ ওচৰতে, তেওঁলোক গা-পা ধুই আহোঁ বুলি গৈছিলগৈ। ৰান্ধনিশাল তেতিয়া ব্যস্ত আছিল সুস্বাদু ব্যঞ্জন সাজু কৰাত। অভ্যৰ্থনাথলীৰ কাম শেষ কৰি তাতে লাগি থকাকেইজন অলপ ওলাই গৈছিল। যিমান হ’লেও ডেকা-গাভৰুৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনাখন পূজাৰ বাহিৰেও আন এক গুৰুত্বও আছিল। যদিও সৰস্বতী পূজাতকৈ কম আছিল এই গুৰুত্ব, তথাপি বহুতে এই দিনটোলৈ আশাৰে বাট চাই ৰৈছিল। কোনোবাই যদি কৰিছিল প্ৰেম প্ৰস্তাৱৰ আশা, কোনোবাই আকৌ নতুনকৈ কাৰোবাক নতুন দৃষ্টিৰে চোৱাৰ আশাত ৰৈ আছিল। মুঠতে এই দিনটোত ৰূমৰ ভিতৰতে কোনোবা ডেকা-গাভৰু সোমাই থাকিব বুলি ভবাটো আছিল ভুল। কামবোৰ শেষ কৰি আমাৰবোৰো ওলাই গৈছিল। হয়তো কিবা কামত, অথবা শাৰদী বতাহ লবলৈ। উদ্ভাসিত মনেৰে, শাৰদী সাজেৰে সকলোৱে উৎসৱৰ বতৰত আনন্দেৰে জাহ যাবলৈ সাজু হৈছিল। ৰৈ গৈছিলোঁ মাথোঁ মই।  

মই প্ৰায় অকলশৰে ৰৈ গৈছিলোঁ ডিপাৰ্টমেণ্টত। উপেনহঁতে লগ ধৰিছিল বাহিৰলৈ যাবলৈ, মইহে কিবা অজুহাত দেখুৱাই যোৱা নাছিলোঁ। মন যোৱা নাছিল ওলাই যাবলৈ। সকলোবোৰ আহি যেতিয়া ডিপাৰ্টমেণ্ট উখল-মাখল কৰি ৰাখিছিল ব্যস্ততাৰ বাবে কলৈকো চাবলৈ আহৰি পোৱা নাছিলোঁ। আৰু ব্যস্ততা কমি অহাৰ লগে লগে আৱৰি ধৰিছিলহি চিন্তাবোৰে। মই এনেয়ে আহি কমন ৰূমৰ কাষৰ বাৰান্দাৰ ৰেলিঙত আওজি কৰিডৰৰ ফালে মুখ কৰি থিয় হৈ আছিলোঁ। তেতিয়া মনটো জুমুৰি ৰাখিছিল খেলিমেলি কিছুমান চিন্তাই। কৰিডৰেৰে পাতল পাতল খোজেৰে পুৰন্দৰ দা আহিছিল। বজালী কলেজৰ আজন্ম প্ৰেমিক পুৰন্দৰ দা। ক্লাছত চাৰ সোমোৱাৰ আগৰ সময়খিনিত শ্ৰেণীকোঠাত সোমাই নিজৰ ধৰণেৰে ব্লেকব’ৰ্ডত ৰসায়ন বুজোৱা পুৰন্দৰ দা। মানসিকভাৱে ভাৰসাম্যহীন ৰসায়নবিদ পুৰন্দৰ দা। ইফালে সিফালে চাই আয়োজনৰ বুজ লোৱাৰ ভংগীমাৰে পুৰন্দৰ দাই মোৰ ফালে চাই ১০ নং ৰূমৰ ফালে গৈছিল। এৰা, কি যে জীৱন। অথচ নাই কোনো টেন্শ্যন। কোনো চাপ নাই, চিন্তা নাই। তেওঁৰো মোৰ নিচিনাই হৈছিল নেকি? অযথা দায়িত্ব লবৰ বাবেই তেওঁকো ঘৰৰ পৰা চাপ দিছিল নেকি? নে কি হৈছিল ! ইমান চাপ দিয়াৰ প্ৰয়োজন জানো আছে? নে খৰচ বহন কৰাটোৱেই আছিল ঘৰবোৰৰ একমাত্ৰ চিন্তাৰ কাৰণ? দেউতাইতো মোক বহুত মৰম কৰিছিল…. মাছ মাৰিবলৈ যাওঁতেও কান্ধত তুলি নি নৈৰ পাৰত বহুৱাই থৈছিল! তেন্তে এই পট পৰিৱৰ্তন কিয়! ইফালে সিফালে চাই পুৰন্দৰ দা যোৱা বাটেৰে ওভতি আহিছিল। হয়তো নিজে বিচৰা ধৰণে একো পোৱা নাছিল….. হয়তো কেৱল বুজ লবলৈহে আহিছিল। হয়তো দেউতায়ো কিবা বুজ লবলৈকে সেইখন নাটক কৰিছিল…… হয়তো কিবা ভুল ভাবিছিল মোৰ বিষয়ে…কিজানিবা তেওঁৰ মৰমৰ সন্তান কিবা বেয়া পথেই লৈছে….। কিন্তু মোৰ ওপৰত তেওঁৰ ইমানখিনিও বিশ্বাস নাছিলনে? ইমানখিনিও ভৰসা নাছিলনে, যে কোনোবাই যদি কিবা কৈছেও তাকেই মানি লব। তেওঁ এবাৰো ভাবিছিলনে, মই কোনো লাইন পঢ়িবলৈ নোযোৱাৰ কাৰণবোৰ। চব খেলিমেলি হৈ গৈছিল। সুন্দৰভাৱে আগবাঢ়িবলৈ ধৰা মোৰ দিনসূচীত আউল লগাই দিছিল এটা গধূলিয়ে। দেউতা আছিল সেই গধূলিৰ নায়ক। নায়ক নে খলনায়ক? যিয়েই নহওঁক তেৱেই আছিল মূল চৰিত্ৰ। আৰু মই হৈ পৰিছিলোঁ মাথোঁ এটি মাধ্যম। আৰু সেই গধূলিটোৰ পিছৰ প্ৰতিটো ক্ষণ মোৰ বাবে হৈ পৰিছিল একো একোটা পৰীক্ষা। প্ৰতি খোজতে মই পৰীক্ষা দিব লগা হৈছিল। ১০ নম্বৰ ৰূমৰ পৰা শংখধধনি বাজি আহিছিল। ঘণ্টাৰ শব্দৰ মাজে মাজে ভাঁহি আহিছিল উচাৰিত মন্ত্ৰবোৰ। শংখধধনিৰ শব্দও যেন মোৰ বাবে হৈ পৰিছিল যুদ্ধৰ শংধধনি। কাৰ লগত আছিল এই যুদ্ধ? কোনে বজাইছিল শংখ? কথাবোৰ এটা এটাকৈ মনত পৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিটো কথা যেন মোৰ বাবে হৈ পৰিছিল একো একোটা শংখধধনি। দেউতাৰ মাতটো যেন হৈ পৰিছিল এক শংখধধনি। জীৱনৰ যুঁজৰ আখৰাত ননমাকৈয়ে মই নামি গৈছিলোঁ যুদ্ধক্ষেত্ৰত। সেই যুঁজৰ প্ৰথম সিদ্ধান্ত আছিল ঘৰৰ পৰা এটকাও নোলোৱা। সেই সিদ্ধান্তমৰ্মেই এযোৰ পুৰণি পোচাকেৰে মই আহিছিলোঁ পূজা পাতিবলৈ। হাতত এটকাও নথকাকৈ লোৱা সিদ্ধান্ত ৰূপায়ণত মই ভূগিব লগা হৈছিল যমৰ যাতনা। কোনেও গম পোৱা নাছিল সেই যাতনাবোৰৰ কথা। পূৱালীয়েও, আলোছায়ায়ো। গম দিয়া নাছিলোঁ কাকো। বাদ দিব লগা হৈছিল ইমন ৰেষ্টুৰেণ্টত পতা আমাৰ আড্ডাবোৰ। কোনোবাই লগ ধৰিলেও কব লগা হৈছিল, গেষ্ট্ৰিকৰ বাবে চাহ বাদ দিলোঁ বুলি। চিন্তাৰ চাকনৈয়াতে এটা দীঘল হুমুনিয়াহ ওলাই গ’ল……

-হ’লনে? আচ্চা, তই ক’চুন…. এই ভাৱ চিন্তাবোৰ কৰি কি পাৱ? –পূৱালীৰ মাতত মই থতমথ খাই উঠিলোঁ। কেতিয়াযে ৯ নং ৰূমৰ ফালৰ পৰা আহি তাই মোৰ কাষত পাইছিলহি গমেই পোৱা নাছিলোঁ।
-নাই, এনেয়ে অলপ……..
-হোবো, তই কবা নালগে। মই তোৰ কথা নাজনু নিকি? চক্ৰেটিচ…..
-নহেয়ে, পুৰন্দৰ দা আইছিল, তাৰ কথায়ে চিন্তা কৰি আছলু।
-হোবো আৰু। তোৰ কথা জানবা এটাও বাকী আছেনা মোৰ !
-হোবো যদি হোবো আৰু। বিশ্বাস নকৰা নাই, মই কি কৰবা লাগে।
-হিতু, এই ভাৱ-চিন্তাবোৰ বৰ বেয়াও। বাদ দে এইবোৰ….. এইবাৰ কোমল সুৰত লাহে লাহে তলৰ ফালে চাই পূৱালীয়ে ক’লে।
-তোৰ আৰো কি হ’ল?
-নাই হ একো। কিছুমান কথা ভাববা গেলি পাগল হৈ যাউং…..
-কবা পাৰা কথানা?
-কি কৰবিনু জানি? মই যিখেন অথাই সাগৰত সাউথ্ৰি আছু, তুহাৰ কাৰণে সেটু একেবাৰে তুচ্ছ কথা…..
-……
-বোয়া নাপবি। তোক কম। কবা লাগবোয়ে। তোক নকলি ঘটনাটুৱে আউধৰা হৈ ৰোবো।
-কি কথা….
-প্লীজ, আজি নুসুধবি….যিত্তে কবা লাগে ময়ে তোক কম।
-…
-বুলনা, চাহ এক কাপ খাই আহুং। এতে আহোতে হোষ্টেলোৰ চাহো নাপলু আজি। পুৱাৰ পৰা একো খাৱ নাই।
-নাযং নেকি !
-নাযং মানে? কুনবাটু চুক বুক কচ্চা নিকি?
-নাই। সেলাখেন কাৰবাৰ নাই।
-গম পাম নহে ডাৰ্কনাইট আইহলি।
-ডাৰ্কনাইট? সেটু আৰো কি বস্তু?
-আইহলি গম পাবি দে।
-এহ বুল। বৰ কামাৰ দিয়া তই…
-কামাৰ দিয়া নহে। এটা ইনফৰমেচন দিবা আছে।
-কি ইনফৰমেচন?
-ইমনত কম।
-কৈ কৈ পূৱালীয়ে মোৰ হাতত ধৰি টানি লৈ গ’ল। অগত্যা ময়ো একান্ত বাধ্য ছাত্ৰৰ দৰে তাইৰ লগে লগে খোজ দিলোঁ।
-তোৰ বাপেৰ এই কাপুৰযুৰ কিত্তে এৰবি ক’চুন।
-তই একযুৰ দিবি, তিত্তে এৰিমযা। তোক কিন্তু আজি টাম্মাম লাগছি দে।
-কি টাম্মাম লাগছি?
-কাপুৰযুৰ।
-অ’, ইবাৰ ঘৰৰ পোৰা আনছু।
-বঢ়িয়া লাগছি। একদম চাইট্টা চলিৰ মায়েক মায়েক লাগছি… -ঘৰত বোৱা নবাজী ৰঙৰ কাপোৰযোৰেৰে পূৱালীক সঁচাকৈয়ে ধুনীয়া লাগিছিল যদিও তাইৰ খং উথাম বুলিয়েই কথাষাৰ কলো আৰু পলালো। মই জানোঁ যে এই ঠাট্টাৰ উত্তৰত কেইটামান হটঙা বাহুৰ ঘোচাই মোৰ দেহা কেয়া কৰিব।

(ক্ৰমশঃ)
        

৩০ অক্টোবৰ, গণেশগুৰি আৰু পিঠা-চাহ বিক্ৰী কৰা মানুহজনৰ কথাৰে….

৩০ অক্টোবৰ, ২০০৮ ইং চন। অসমৰ ইতিহাসত এটি কোনেও পাহৰিব নোৱাৰা দিন। এটি অভিশপ্ত দিন। শতাধিক পৰিয়ালৰ বুকু সুদা কৰি নিয়া এটি দিন।

আগদিনাখন দিপাৱলী শেষ কৰি ৰাতিপুৱাই অফিচলৈ ওলাই গৈছিলোঁ। সেইবাৰ দিপাৱলীৰ মাদকতাই যেন বেলেগ আছিল। সকলোৱে মুকলি মনেৰে ফূৰ্তি কৰিছিল। সেই তামচা-ফূৰ্তি, হৰিধধনিবোৰ শেষ কৰি অফিচ যাবলৈ অলপ বেয়া লাগিছিল যদিও উপায়ন্তৰ হৈ অলপ দেৰিকৈ ওলাই গৈছিলোঁ। খৰধৰ হোৱা বাবে ৰিক্সা এখন লৈ কোনোমতে গণেশগুৰি পাইছিলোগৈ। গণেশগুৰি পাই হেঙেৰাবাৰীলৈ যোৱা ৰাস্তাৰ ঠিক পোনে পোনে ফ্লাই অভাৰৰ তলত থকা অট’ ষ্টেণ্ডৰ কাষত থকা টেবুলত বিক্ৰী কৰা পিঠা চাহৰ দোকানীজনৰ কাষ যেতিয়া পাইছিলোগৈ, তেতিয়ালৈ দেৰিয়েই হৈছিল। সময় পালেই তেওঁৰ দোকানত একাপ গৰম ৰঙা চাহ টেকেলী পিঠা এটিৰে খোৱা মোৰ অভ্যাস যদিও সিদিনা দৌৰাদোৰিৰ বাবে খোৱা নহল। দোকানখনৰ কাষেৰে ৰাস্তাৰ সিটো মূৰেৰে আহিব লগা বাছখন ধৰিবৰ বাবে তড়িত গতিৰে পাৰ হব খোজোতেই দোকানীজনে মাত লগালে-“ভাইটি, আজি চাহ নোখোৱা?”
-“দাদা, আজি নহব দিয়ক। খুব লৰালৰি” বুলি মই দৌৰি গৈ ইতিমধ্যে সেইখিনি ঠাই আহি পোৱা বাছখন কোনোমতে ধৰিলোগৈ। 

দুপৰীয়া সময়। হঠাতে দীপাংকৰে ফোন কৰি ক’লে-“অ’ই, গণেশগুৰিত ব’ম্ব ব্লাষ্ট। বহুত মানুহ মৰিছে। মই লাকীলি বাচিলোঁ।” মই উচপ খাই উঠিলো-“গণেশগুৰিত? কোনখিনিত?” সি ক’লে, ঠিক ব্ৰীজৰ তলতে। অট’ ষ্টেণ্ডতে। চব অট’ জ্বলি গৈছে। ভাৰাক্ৰান্ত হৈ পৰিলো। যিখিনি সময়ত ব্লাষ্ট হৈছে, সেইখিনি সময় মানুহ কামলৈ অথবা বজাৰলৈ ওলাই অহাৰ সময়। এনেয়ে গণেশগুৰি মানুহেৰে সদায় গিজগিজাই থাকে। দুঃশ্চিন্তাত পৰি গ’লো। কথাবোৰ ভাৱি থাকোতেই অৰূপে ফোন কৰিলে যে কাছাৰীতো ব্লাষ্ট। ক’ৰ্টত ব’ম্ব দিছে হেনো, কেজুৱেলিটি বহুত। মই বহাৰ পৰা জঁপিয়াই উঠিলো-“ক্কি? এইমাত্ৰ গণেশগুৰিতো ব্লাষ্ট হেনো !” চৌদিশে হাহাকাৰ লাগি গ’ল। আৰম্ভ হৈ গ’ল ফোনৰ ধুমধাম। আৰু যেতিয়ালৈ ফোনৰ লাইন বিচ্ছিন্ন হৈ পৰিছিল, তেতিয়ালৈকে খবৰবোৰ আহি পাইছিলেই। খবৰ আহিল, ধাৰাবাহিক বিস্ফোৰণৰ কৱলত অসম। গুৱাহাটী, বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁওত মিলি মুঠ দহটা বিস্ফোৰণ সংঘটিত কৰা হৈছে। বহুতো নীৰিহৰ প্ৰাণ উৰি গৈছে। শতাধিক ঘূণীয়া হৈছে, চাৰিশতকৈও অধিক আঘাটপ্ৰাপ্ত হৈছে। খবৰ আহিল এই ঘটনাৰ ৰাজনীতিকৰণৰ, প্ৰতিবাদৰ। গণেশগুৰিত জ্বলাই দিয়া হল এম্বুলেন্স, চৰকাৰী বাহন। টিভি কেমেৰাত বন্দী হৈ ৰল সেই বিভিষিকা। আঘাটপ্ৰাপ্ত মূৰক হাতেৰে সাৱটি ধৰি হাস্পতাললৈ দৌৰা দৃশ্য, লৰা-ধপৰা আৰু টিভি কেমেৰাই ঢুকি নোপোৱা দৃশ্য কিছুমান বন্দী হৈ ৰল চেঙেলীয়া লৰাৰ ম’বাইলৰ কেমেৰাত। সকলো খবৰ সময়মতেই আহিল। মৃত্যু…..মৃত্যু….. চৌদিশে মাথোঁ মৃত্যুৰ খবৰ।আহিল সান্ধ্য আইনৰ খবৰ। নিৰ্ধাৰিত সময়তকৈ আগতে আমাক অফিচৰ পৰা ছুটি দিয়া হ’ল। উদ্দেশ্য বাধা বিঘিনি নোপোৱাকৈ যাতে ঘৰ পাবগৈ পাৰো। পালোও। সন্ধিতা ৫:৩০ বজাত যেতিয়া গণেশগুৰিত যেতিয়া নামিলো, গণেশগুৰি তেতিয়া অন্ধকাৰত আছন্ন। ষ্ট্ৰীট লাইটবোৰ নুমাই দিয়া হৈছে। ক্লে অভেনৰ সন্মুখত পৰি আছে আধা পোৰা এম্বুলেন্স। লখিমী আৰু সিদ্ধাৰ্থ ফাৰ্মাচীৰ সন্মুখত ৰাজপথতে পৰি আছে দুখন পূৰ্ণদগ্ধ গাড়ী। জনপ্ৰাণীহীন, অন্ধকাৰাচ্ছন্ন মানুহেৰে গিজগিজাই থকা গণেশগুৰিৰ পদপথ। নয়নপুৰৰ ৰাস্তাত ভিতৰফালে দুই এটা সৰু জুম, তাকো আৰক্ষীয়ে তাক খেদি ফুৰিছে। তাৰ বাহিৰে কতো একো দেখিবলৈ নাই। গোটেই পথচোৱা ছাইৰে আৱৰা। ক’লা হৈ পৰিছে গোটেই পথচোৱা। পদপথত অসামৰিক জোৱান পিয়াপি দি ফুৰিছে। ভয়ে ভয়ে খৰ খোজেৰে আগুৱাই গৈ থাকিলো। চৌদিশ অন্ধকাৰ। প্ৰাৰ্থনা চুইটচ আৰু হংসবাহিনীৰ সন্মুখত ভঙা কাঁচৰ দম। ভয়ে ভয়ে এবাৰ অট’ ষ্টেণ্ডলৈ চালো। ঠিক সেইখিনিতে, যিফালেৰে আমি ফ্লাই অভাৰ পাৰ হওঁ, তাতেই পৰি আছে চিঙি যোৱা আধা পোৰা হাতৰ পতা এখন। মই আৰু চাব নোৱাৰিলো। চকু ঘূৰাব লৈছোঁ, দেখিলো ৰাস্তাৰ সিটো চুকত থকা হেলজেন প’ষ্টৰ ওচৰতে পৰি আছে আঠুৰ পৰা চিঙি যোৱা ভৰি এখন। ফ্লাই অভাৰৰ তলত পুৰি ছাই হৈ যোৱা অট’ৰিক্সা, গাড়ীৰ দম। ভীতিগ্ৰস্ত হৈ যেতিয়া ঘৰ সোমাইছিলোগৈ, বুজিবলৈ তেতিয়া একো বাকী নাছিল। কতো এখনো দোকান খোলা নাছিল, ৰূমত নাছিল এটাও চাউল। খোৱাৰ ইচ্ছাও নাছিল। বাৰে বাৰে মনলৈ আহি আছিল পিঠা চাহ বিক্ৰী কৰা মানুহজনৰ মুখখন আৰু দেহৰ পৰা বিচ্ছিন্ন হৈ পৰা আধাপোৰা হাত-ভৰি দুখন। মনলৈ আহি আছিল গোটেই দিনটোৰ কথা। পিঠা-চাহ বিক্ৰী কৰা দোকানীজনৰ প্ৰশ্নটি, তেওঁৰ ওচৰত বহা তামোল-পাণ বিক্ৰী কৰা তিৰোতাগৰাকী আৰু তেওঁৰ সৰু সন্তানটিৰ মুখাৱয়ব মোৰ চকুত পৰ্দাৰ নিছিনা লগ দিছিলহি। সকলো খবৰেই পাইছিলো। দুষ্কৃতিকাৰীয়ে সংঘটিত কৰাএই নাৰকীয় খেলত হাৰি গৈছিল নাম নজনা, দেখি দেখি চিনাকী হৈ পৰা বহুকেইটা খাটি খোৱা জীৱন। খবৰবোৰ ইকানে-সিকানে পাইছিলো। গণেশগুৰিৰ সকলোৰে পৰিচিত পগলাজনক জোকাই গালি খোৱা অথবা কেতিয়াবা শিলগুটি, ইটা আদিৰ দলি খোৱা মিঠা বৰণীয়া হাঁহিমুখীয়া মানুহজন পগলাজনক জোকাবলৈ আৰু ইহ সংসাৰত নাছিল। ধ্বংসলীলাৰ লেলিহান শিখাই নিঃশেষ কৰি পেলাইছিল তেনে বহুকেইখন চিনাকী মুখ। তামোল পাণ বিক্ৰী কৰা তিৰোতাগৰাঈয়ে পিন্ধা শাৰীখনৰ টুকুৰা এটাৰে সৈতে আধাপোৰা মাংসপিণ্ড এটিৰ শ্মশানযাত্ৰা হৈছিল। ভাগ্যক্ৰমে সৰু লৰাজন বাছি গৈছিল-জীৱনৰ দুৰ্দশা ভুগিবলৈ। এই সকলোবোৰ খবৰেই পৰ্য্যায়ক্ৰমে পাইছিলো। কিন্তু চাহ পিঠা বিক্ৰী কৰা মানুহজনৰ খবৰ পোৱা নাছিলো। চিনাকী কোনেও তেওঁৰ খবৰ পোৱা নাছিল। তেওঁ দোকান পতা টেবুলখন হেনো ২০-৩০ মিটাৰমান আঁতৰত ওফৰি পৰি ৰোৱা দুজনমানে দেখিছিল। সেয়াই আছিল মাথোঁ তেওঁৰ খবৰ। 

প্ৰতি ৩০ অক্টোবৰতেই আমি এনেবোৰ খবৰ পাওঁ। কেতিয়াবা সংবাদ মাধ্যমৰ পৰা, কেতিয়াবা মানুহৰ মুখৰপৰা। বিষ্ফোৰণৰ পিছত তাৰ কাটাৰ বেৰেৰে ঢাকি পেলোৱা হ’ল গোটেই অঞ্চলটো। ডেকৰেটিভ লাইট, প্ৰতীকি চিহ্ণৰে সজাই তোলা হল ঠাইখিনি। তাৰে মাজতে কিন্তু চলি থাকিল বহুতো হৃদয়বিদাৰক কাহিনী।

এফালে শ শ মানুহে যেতিয়া নাম-কীৰ্তন অথবা বন্তিৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ ৩০ অক্টোবৰত সোমায়হি সেই ঠাইটুকুৰালৈ, মই আজিও চাও ৰও সেই বিশেষ ঠাই টুকুৰালৈ, যত সেই টেবুলখন আছিল, যিখন টেবুলৰ ওপৰত সজোৱা হৈছিল মোৰ বিশেষ জলপান-পিঠা চাহ। আজিও যেন বাৰে বাৰে মোৰ কাণৰ কাষত বাজি উঠে সেই বিশেষ প্ৰশ্নষাৰি-“ভাইটি, আজি চাহ নোখোৱা?”

সেই একেই সময়তে কিন্তু কেই মিটাৰমান দূৰতে চলি থাকে ৩০ অক্টোবৰ উদযাপন। টিভি চেনেলৰ বিভিন্ন আলোচনা চক্ৰই, বিভিন্ন ফিতাহি মৰা কথাই আজি গৰম কৰি ৰাখে মিডিয়াৰ বজাৰ। হাজাৰজন এনে হত্যাকাৰীয়েই টিভিৰ পৰ্দাত জোৰে জোৰে কব এয়া সংগ্ৰাম, মুক্তিৰ বাবে আন্দোলন, মুক্তিযুঁজৰ সেনানী তেওঁলোক। মুক্তিযুঁজৰ অংশ এয়া। আইনো তেওঁলোকৰ বাবে হৈ পৰিব হাতৰ পুতলা। অথচ আমাৰ কাৰোৰে দুৰ্ভগীয়াসকলৰ প্ৰতি নাথাকে কোনো আন্তৰিক সহানুভূতি অথবা বেদনা। কোনেও জানিব নিবিচাৰে চাহ পিঠা বিক্ৰী কৰা মানুহজনৰ দৰে নোহোৱা হৈ যোৱা দুৰ্ভগীয়াসকলৰ পৰিয়ালৰ সংবাদ। কাৰো হয়তো প্ৰয়োজনো নাথাকে। প্ৰয়োজন থাকে মাথোঁ এটি ৩০ অক্টোবৰৰ যাতে ইতিহাস সুঁৱৰাৰ নামত উদযাপন কৰি যাব পাৰি ৰং বিৰঙী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰ। এয়াই আমাৰ আন্তৰিকতা, এয়াই আমাৰ সচেতনতা, এয়াই আমাৰ মহানুভৱতা, এয়াই আমাৰ শ্ৰদ্ধাৰ চানেকি। 

ধন্য অসম। 

ধন্য অসমীয়া।   

Wednesday, August 28, 2013

কোন পথেৰে ভ্ৰাম্যমানৰ যাত্ৰা?

শিৰোনাম-কোন পথেৰে ভ্ৰাম্যমানৰ যাত্ৰা?
দিনাংক-২৮ আগষ্ট, ২০১৩
প্ৰকাশিত কাকত - দৈনিক প্ৰতিবিম্ব



Monday, August 26, 2013

দলিল

আগৰ বাৰীৰপৰা বিচাৰি অনা ঢেঁকীয়া শাকখিনি দিনে-পোহৰেই ভালকৈ কাটি-কূটি থিক-থাক কৰাৰ বাবে ভানুপ্ৰিয়া বুঢ়ীয়ে পীৰাখন ঘৰৰ পৰা উলিয়াই আনিলে| কটাৰীখনৰ নালটোও সুলকি গৈছে| নাল নথকা কটাৰীৰে আঞ্জা কাটিবলৈ অসুবিধা পাই বুঢ়ীয়ে গজাল এটা মাৰি কটাৰীৰ নালটো লগাম বুলি চেষ্টা কৰোতে নালটোৱেই ভাগি থাকিল| এতিয়া নাল এটা লগাই দিবলৈ বুঢ়ীৰ ঘৰতনো আহিব কোন! টৰ্জাৰে সজোৱা এটা কোঠাৰ ঘৰটোৱেই বুঢ়ীৰ বাসস্থান| যোৱা তিনিটা মাহ বুঢ়ীয়ে এনেকৈয়ে কটাইছে| নিজৰ গিৰিয়েকৰ আৰ্জিত সম্পত্তি, এখন প্ৰকাণ্ড বাৰীৰে এক বিশাল বস্তি আৰু পকী ঘৰটোৰ, য’ত বুঢ়ীৰ গিৰিয়েকৰ আয়ুৰেখাৰ যতি পৰিছিল, তাৰেই সন্মুখৰ পাচলি খেতি কৰা মুকলি মাটিখিনিয়েই এতিয়া বুঢ়ীৰ ঘৰ আৰু চোতাল|

পৰিয়াল বুলিবলৈ ভানুপ্ৰিয়া বুঢ়ীৰ এটা সুখী পৰিয়ালেই আছিল| দুই পুত্ৰ আৰু এজনী জী| পাচে কালৰ পাকচক্ৰত বুঢ়ী আজি অকলশৰীয়া| হওক অকলশৰীয়া| অকলশৰীয়া হ’লেও ইয়াতেই শান্তি| বুঢ়ীয়ে অফ.চি.আই.ত চাকৰি কৰা বৰপুত্ৰৰ, ডাঙৰ বোৱাৰীয়েকৰ আৰু তিনিজনী গাভৰু নাতিনীৰ কমখন কথা শুনিছেনে! ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শুৱালৈ কম গালি খাইছেনে! তথাপি তাকোতো হজম কৰি আহিছিল বুঢ়ীয়ে| সময়ৰ পৰিৱৰ্তনে নাতিনীয়েকহতৰ লগত বুৰ এক ডাঙৰ ব্যৱধান আনি দিছিল -ভানুপ্ৰিয়াই সেই কথা ভাৱিয়েইতো নাতিনীয়েকহতৰ চলন-ফুৰণ বা কাম-কাজত মাত মতা নাছিল! বোৱাৰীয়েকৰ লগত বুঢ়ীৰ ব্যৱধান আছিল আদৰ্শৰ| বুঢ়ীৰ গাঁওৰ আন মানুহৰ লগত কৰা মিলামিছা বোৱাৰীয়েকৰ সহ্য হোৱা নাছিল| কৰবালৈ ফুৰিবলৈ গৈ তেওঁৰ বদনাম গাই ফুৰা বুলি বোৱাৰীয়েকে তেওঁক প্ৰায়ে কথা শুনাইছিল| কিন্তু আচল কথা সেইতো নাছিল| বুঢ়ীৰ হাতত বুঢ়াই মৃত্যুৰ সময়ত দি থৈ যোৱা দলিলখনেই আছিল আচল কাৰণ| আৰু বৰপুতেকে? উৱলি যোৱা খেৰৰ ঘৰত তাক বুকুত সাৱটি ডাঙৰ কৰিছিল বুঢ়ীয়ে| বৰভূঁইকঁপৰ পিছৰ অনাটনৰ সময়ত নিজে নাখায়ো কিমান কষ্ট কৰিযে ডাঙৰ কৰিছিল তাক! অথচ সেই বৰপুতেকেও আজি... এখন মাত্ৰ দলিলৰ বাবে..... !!
-"খুৰী|"
-"কোন?...অ,,,আই দেখোন | আহ....|"
-" আজি উৰুকা নহয়| আপোনাৰ ব্যৱস্থা পাচে কি?"
-"ব্যৱস্থানো কি কৰিম| আগৰ বাৰীৰ পৰা দুপাতমান ঢেঁকীয়া তুলি আনিছো| এটা মানুহ| এমুঠি হ’লেই যথেষ্ট||- বুঢ়ী কথা কৈ কৈয়েই ওচৰৰ ঘৰৰে ৰমনীৰ ঘৈনীয়েকক বহিবলৈ দিবলৈ পীৰা এখন আনিবলৈ ঘৰৰ ভিতৰ সোমালেগৈ|
-"বজাৰৰ পৰা কিবা আনিব লগা আছে নেকি?"-ৰমনীৰ ঘৈনীয়েকে কথাই-কথাই সোধে|
-"চব বস্তু আছেই দে| একো নালাগে|"
-"খুৰী, ৰমেন নাহিল নেকি?"
ভানুপ্ৰিয়া বুঢ়ী কিছু সময় থমকি ৰ’ল|
গুৱাহাটিৰ হাস্পতাল এখনত চতুৰ্থ বৰ্গৰ কৰ্মী হিচাপে কাম কৰা সৰু পুতেকৰ কথা কি কব বুঢ়ীয়ে ভাৱি উলিয়াব‍ই নোৱাৰিলে| বুঢ়ীয়েতো ভাৱিছিল, সিহে আচল মানুহ| সৰু চাকৰি এটা কৰিও, পত্নী বিয়োগৰ দুখ সহ্য কৰিও,  বৰ পুতেকে বুঢ়ীক ঘৰৰপৰা উলিয়াই দিয়া বুঢ়ীক সিয়েইতো চাই আছ| মানুহেও তাকেই ভাল বুলি ভাৱে| হয়তো বুঢ়ীয়েও ভাৱি থাকিলহেতেন, যদিহে সি শেষৰবাৰ আহোতে "ম‍ই তোক চাই আছো... মাটিৰ কাগজখিনি মোৰ নামত লিখি দি " বুলি দাবী নকৰিলেহেতেন| দিলেহেতেন...কিন্তু এজন অমানুহক এই সম্পত্তিৰ গৰাকী নাপাতিবলৈ বুঢ়াই তেওঁৰপৰা কথা লোৱাৰ পিছতনো বুঢ়ীয়ে কেনেকৈ সেই মাটি কেৱল সম্পত্তিৰ লোভত "মা" বুলি মতা দুই পুত্ৰক সপি দি যাব !! নিদিয়ে...বুঢ়ীয়ে অন্তত সেই কাম নকৰে| তথাপি মানুহে নজনা কথা এটা জনাবলৈ অপাৰগ| সেয়েহে "আজিকালি সি এৰিব‍ই নোৱাৰে", "মাক নোহোৱা ছোৱালীজনীক অকলে এৰিনো কলৈ যাব", "ইমানখিনি দৰমহাৰে তাক নিজকেই নুজুৰে, মোকনো ইয়াতকৈ কি দিব" ইত্যাদি কথাৰে আনৰ লগতে নিজকো পতিয়ন নিয়াবলৈ চেষ্টা কৰে| বুঢ়ীয়ে ভাৱে, মানুহে সহজভাৱে লওক কথাবোৰ...পুতেকক কৰা ককৰ্থনা বুঢ়ীয়ে সহিব লগা হ’লে কেনেকৈনো বাচি থাকিব তেওঁ ! সেইবোৰ ভাৱিয়েই তেওঁ কথাবোৰ কাকো নকয়| তথাপিও মানুহে কিছু কিছু কথা জানে| জানিব‍ই| পোহৰ জানো কাপোৰেৰে ঢাকি ৰাখিব পাৰি? জনাৰ পিছতো বহুতে বিচাৰে, পুতেক আহক...অন্তত উৰুকাৰ দিনাখন মাকৰ লগত সিহতে এসাজ খাওক..! কিন্তু নাহে.... |
-"অৱশ্যে তাৰো দিগদাৰিয়েই দিয়কচোন| ইমান খেলিমেলিৰ মাজতনো কেনেকৈ আহে সি?" ৰমনীৰ ঘৈনীয়েকেৰ কথাত বুঢ়ীৰ গাত তত আহিল| ভাগ্যে তেওঁলোকে একো গম পোৱা নাই|

-"পাৰিলে সি নহাকৈ নাথাকে|"
-"অ, তাকেইতো |"
-"পাছে ছুটিয়েই নাপায় নহয় আজিকালি...তাতে ছোৱালীজনীয়েও দিগদাৰি দি থাকে|"
-"অকলে অকলে তাৰো বৰ দিগদাৰিয়েই হৈছে|"
-"কি কৰিবি আই, ছোৱালীজনীৰ বাবেই চিন্তা হৈছে|"
-"এজনী গোটাই লোৱা হ’লেই ভাল আছিল নেকি?"
-"কৈছো...পাছে তাৰহে সেইফালে মন নাই|"
-"কি কয়?|
-"ছোৱালীজনীক মাহীমাকৰ হাতত গোটাব মন নাই হেনো|"
-"কেইদিনমান ৰওকচোন.... মত সলনি হয়েই বা..|"
-"তাকেই কৰিব লাগিব আৰু...নহ’লেনো কৰিবি কি !"
-"পাচে খুৰী, এও এবাৰো খবৰ লোৱা নাই?" বুঢ়ীৰ বৰপুতেকৰ ঘৰৰফালে ইংগিত কৰি ৰমনীৰ ঘৈনীয়েকে সুধিলে|
-"লব দিয়া ! দুপৰীয়াতে প্ৰকাণ্ড মাছ এটি অনা বুলি পোনাকণে দৌৰি আহি কৈ গৈছে|"
-"পোনাকণক আহিব দিয়ে নেকি?"
-"নাই নিদিয়ে| পাছে জানাইতো..ল’ৰা মানুহৰ মন| মনে মনে পাক মাৰি যায় সি| পাচে কেতিয়াবা দেখিলে মাতি নি পিটন দিয়ে| তেতিয়াহে বেয়া লাগে|"
-"বেয়া লাগিব‍ই দিয়কচোন| সিনো কি দোষ কৰিছে|" আৱেগত, দুখত বুঢ়ীৰ চকু চলচলীয়া হৈ পৰে|

একমাত্ৰ নাতিয়েক পোনাকণ| বয়স সাত বছৰ অতিক্ৰম কৰায়েই নাই| ডাঙৰ মাকে তাকো আইতাকৰ লগত কথা পতাত বাৰণ কৰিছে| বুঢ়ীৰ লগত কথা পাতিলে চুৱা লাগিব, পাৰাচিত হব লাগিব..আদি কিমানযে গালি, শাও দুয়ো আইতাক-নাতিয়েকক| তথাপি পোনাকণ বুঢ়ীৰ তালৈ আহে| মাকে গম নোপোৱাকৈ আইতাকৰ জুপুৰীত আইতাকে ৰন্ধা আঞ্জা খায়, কেতিয়াবা আকৌ ভাজি দুটুকুৰা লৈ দৌৰে| সিহতৰ ঘৰত আলহী আহিলে আলহীয়ে অনা খোৱাবস্তু মিঠাই হাতৰ মুঠিত লৈ কাষৰ ঘৰেৰে ঘূৰি আহি মাকে গম নোপোৱাকৈ আইতাকৰ বহা পায়হি| তথাপি বুঢ়ীৰ বেয়া লাগে| আগৰ দৰে পোনাকণক এতিয়া তেওঁ সাধু শুনাব নোৱাৰে, দুষ্টামি কৰিলে দাবী-হুমকিও দিব নোৱাৰে| যেন সকলো ফালৰপৰাই বুঢ়ী অকলশৰীয়া, বঞ্চিতা| প্ৰথমতে বুঢ়াই এৰি থৈ গ’ল| তাৰ পিছত সৰু বোৱাৰীয়েক| সৰু বোৱাৰীয়েকৰ মৃত্যুৱেই সকলোখিনি খেলিমেলি লগাই থৈ গ’ল| বেমাৰত তেওঁ হাস্পতালত পৰি থকা অৱস্থাত বৰ পুতেকে ইচ্ছা কৰিলেতো অলপ টকা দি উন্নত চিকিত্‍সাৰে ভাইবোৱাৰীয়েকক বচাব পাৰিলেহেতেন! কিন্তু সি নকৰিলে| আনকি এবাৰলৈ খবৰ লবলৈ যোৱাৰ প্ৰয়োজনবোধো সি নকৰিলে| আৰু যেতিয়া ভাইবোৱাৰিয়েকৰ মৃতদেহ সত্‍কাৰ কৰিবলৈ ঘৰৰে আম গছৰ ডাল দুটা কাটিব গ’ল, ঘৈনীয়েকৰ কথামতে গঞাক সি কটু বাক্য শুনাই খেদিলে| তাৰ প্ৰতিবাদ কৰাটোৱেই বুঢ়ীৰ অপৰাধ আছিল নেকি তেন্তে? নে বুঢ়ীক খেদি সকলো সম্পত্তি হস্তগত কৰাৰ চল আছিল সেয়া? ভানুপ্ৰিয়া বুঢ়ীৰ মনটো লাহে লাহে ভাৰাক্ৰান্ত হৈ পৰিল| উৰুকাৰ ৰাতিৰ চঞ্চলতা আন মানুহৰ ঘৰত যিমানেই লাগি আহিল, বুঢ়ীৰো মনটো সিমানেই অতীতলৈ উৰা মাৰিবলৈ ধৰিলে| ৰমনীৰ ঘৈনীয়েকে যেন এক নতুন অধ্যায় মনত পেলাই থৈ গ’ল| উমি উমি জ্বলি থকা জুইকুৰা ভমককৈ জ্বলি উঠিল| অলপ অলপকৈ সকলো কথায়েই বুঢ়ীৰ মনত পৰিবলৈ ধৰিলে| ডাঙৰ বোৱাৰিয়েকৰ কথামতে শত্ৰুজ্ঞান কৰি কম অন্যায় কৰিছিলনে তেওঁ ৰমনীহঁতৰ| আৰু আজি সুখে-দুখে তেওঁলোকেইতো বুঢ়ীক মাতষাৰ দি আছে| ৰমনীৰ উকীল জীয়েকে খাটি-খুটি চৰকাৰী টিউৱেল আনি নিদিলে বুঢ়ীয়ে খোৱা পানীৰ অভাৱতেই দেখোন মৰিব লগা হলহেতেন; ৰমনীয়ে নিজৰ বজাৰ কৰোতে বুঢ়ীলৈও বজাৰ কৰি আনিছে| এই সকলোবোৰ তেওঁৰ প্ৰায়চিত্ত নহয়নে? নিজৰ পুতেকতকৈ কোনখিনিতনো কম কৰিছে ৰমনীয়ে, ৰমনীহতঁৰ পৰিয়ালে|

 ভাৱৰ সাগৰত, স্মৃতিৰ সাগৰত ডুব গৈ থকা অৱস্থাতেই বাহিৰত কাৰোবাৰ ভৰিৰ খোজৰ শব্দ শুনি বুঢ়ী চাকিগছ লৈ বাহিৰলৈ ওলাই গ’ল| ৰমনীৰ ঘৈনীয়েক আহিছে| হাতত বাতি এটাত অলপমান দৈ, প্লেট এখনত অকনমান ক্ৰীম আৰু কাগজ এখিলাৰে মেৰিয়াই অনা পনীৰৰ টুকুৰা কেইটা বুঢ়ীলৈ আগবঢ়াই তেওঁ কলে-"বিজয় আহিছে| সি আকৌ দৈ-ক্ৰীম ভাল পায়| ৰাস্তাতে পাই অলপমান লৈ আহিছে| তাৰে অকনমান আপোনালৈ লৈ আহিছো|"
-"ইছ... কিয় আনিছা আই| এনেয়েও খাবলৈ মনেই নাই| তথাপি সুদা ভাত এগৰাহ বহাই ঢেঁকীয়াৰে খাম বুলি ভাৱিছিলো|"
-"ৰাতিখননো কিয় ঢেঁকীয়া খাব লাগে? আজি সকলোৱে মাছে-মঙহেখাব| আৰু আপুনি বিধবাগৰাকীয়ে গাখীৰটোপাও নাখাবনে! আৰু আপোনাৰ কোনো নাই বুলিও নাভাৱিব| আমি এতিয়াও অমানুহ হৈ যোৱা নাই নহয়|"

ৰমনীহতঁৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধাত বুঢ়ীৰ মূৰ দো খাই গ’ল| যিখন সমাজত পুতেকে মাকক ঘৰৰ বাহিৰ কৰি দিব পাৰে, বেমাৰী মাকক দৰৱ আনি দিবলৈ পুতেকৰ সময় নোহোৱা হব পাৰে, তেনে সমাজতেই ৰমনীহতঁৰ দৰে মানুহো থাকেনে! দুখৰ মাজতে, অনুশুচোনাৰ লগতে বুঢ়ীৰ অলপ আনন্দও লাগি গ’ল| তেওঁ অকলশৰীয়া নহয়| পৰিয়ালৰ মানুহে একো নাভাৱিলেও তেওঁৰ কথা ভাৱিবলৈ এতিয়াও মানুহ আছে| ইয়াতকৈ তেওঁ আৰু একো নিবিচাৰে| অমানুহৰ মাজতো আজি ভানুপ্ৰিয়া বুঢ়ীয়ে মানুহৰ সম্ভেদ পাইছে| এইখিনি চাবলৈয়েতো ৰৈ আছিল বুঢ়ী| এতিয়া মাথো এটা কাম বাকী - বুঢ়ীয়ে সেই কামটো‍ও সোনকালেই কৰি পেলাবলৈ ঠিৰাং কৰিলে|

িমিক-ঢামাককৈ জ্বলি আছে চাকিগছ| সন্মুখৰ মুকলি পথাৰখনত চেঙেলীয়া ল’ৰামখাই উৰুকাৰ ভোজ খাই হাল্লা কৰি আছে| বুঢ়ীয়ে চন্দুকটো খুলি কাপোৰৰ তলত জাপি থোৱা দলিলখিনি উলিয়ালে; যিখিনি দলিলৰ বাবে বৰপুতেকে বুঢ়ীক ঘৰৰপৰা উলিয়াই দিলে, সৰু পুতেকে মাথো খৰছখিনি দিয়েই মাকক পুহি ৰখাৰ দায়িত্ব পালন কৰি গ’ল, সেইখিনিয়েই এইখিনি দলিল| এয়া যেন মাটিৰ দলিল নহয়, বুঢ়াৰ পৰিচয়হে| আৰু সেই পৰিচয়ক বুঢ়ীয়ে অবাটে যাব দিব নোৱাৰে| সেয়েহে সেইখিনি দি যাব ৰমনীৰ হাতত| বুঢ়ীয়ে ভাত খাই উঠি যোগাৰ কৰি থোৱা কেৰাহীৰ মিহি ছাইখিনি তেলেৰে সৈতে মোহাৰি লৈ পোনাকণৰ হাতৰপৰা ৰখা উকা কাগজখিলাত টিপচহী এটি মাৰিলে| তাৰপিছত গোটেই কাগজখিনি লৈ বাহিৰ ওলাল| বাহিৰত তেতিয়াও ল’ৰামখাই গোলমাল কৰিয়েই আছিল| বুঢ়ী হাতৰ সাৰে ভৰিৰ সাৰে ৰমনীৰ ঘৰলৈ বুলি আগবাঢ়িল| ৰমনীৰ ঘৰৰ সকলো মানুহ তেতিয়া নিহপালি দিছে| কাগজখিনি ৰমনীৰ ঘৰৰ কোনোৱাখিনি সুৰক্ষিত ঠাইত থব পাৰিলেই বুঢ়ীৰ দায়িত্ব শেষ| তেৱো গুছি যাব পাৰিব বুঢ়াৰ দেশলৈ| য’ত মানুহ-অমানুহ কোনো নাথাকিব| আত্মগ্লানিত ভূগিবলৈও নাথাকিব একো| আজিয়েই হব ভানুপ্ৰিয়াৰ শেষ নিশা| আপোন বুলি তেওঁ যাক ভাৱি আহিছে, তেওঁলোকৰ বাবেই যেতিয়া পৰ হৈ পৰিছে, বাছি থকাতকৈ আত্মহত্যা কৰিব তেওঁ|

বুঢ়ীয়ে লাহে লাহে ৰমনীহতৰ বাৰান্দাত ভৰি দিলেগৈ| বাৰান্দাৰ এচুকত থকা টেবুলখনৰ ওপৰত থকা বটাখনত কাগজখিনি থ’লে| কাগজখিনি থৈ তেওঁ চিধা হৈ থিয় দিলে| দীঘল গুমুনিয়াহ এটি ওলাই গ’ল তেওঁৰ| শেষ| সকলো খেলিমেলিৰ শেষ| সকলোখিনি অথন্তৰৰ আজি শেষ কৰিলে তেওঁ| এজন যোগ্য ব্যক্তিৰ হাতত গোটালে মাটিৰ দলিলৰূপী মৰ্যাদাবোৰ| বুঢ়ী লাহে লাহে চোতাললৈ নামি আহিল| হঠাতে কাষৰপৰা কোনোৱা আহি বুঢ়ীৰ হাতত ধৰিলেহি| বুঢ়ী উচপ খাই উঠিল| চাই দেখিলে-এজন সৰু ল’ৰা| সেয়া দেখোন পোনাকণ-"আইতা, মনে মনে| কোনোৱাই গম পাব| দেউতা বাহিৰত উঠিছে|" সি ফুচফুচাই আতাকক ক’লে| বুঢ়ী তাৰ পিনে চাই অবাক হৈ ৰৈ গ’ল| তেওঁৰ চকু দুটা ডাঙৰকৈ মেল খাই ৰ’ল|

বুঢ়ীয়েতো নাজানে, কিমান যুদ্ধ কৰি, কিমান বুদ্ধি কৰি পোনাকণে দেউতাকৰপৰা পথাৰৰ ভেলাঘৰত থকাৰ অনুমতি লৈ বুঢ়ীৰ সৈতে উৰুকা খোৱাৰ পৰিকল্পনা কৰিছিল..আৰু দেৰিকৈ হ’লেও কোনোৱে গম নোপোৱাকৈ যেতিয়া আইতাকৰ বহা পাইছিল, আইতাক ঘৰৰ ভিতৰত নাছিল, তাৰ ঠাইত খোলা দুৱাৰেৰে ৰমনীহতৰ ঘৰৰ ফালে গৈ আছিল এটা ছায়ামূৰ্ত্তি..... |

ৰচনাকাল: ২২/০৩/২০১২
 

লোক-গাথা আৰু ইয়াৰ সঠিক মূল্যায়ন



 ”…The present is the age of written literature, but side by side with the multitude of printed and sophisticated books we find in the village natural poets who still compose songs and ballads to remember even or persons of great significance…”
-ASSAMESE BALLADS, PRAFULLA DATTA GOSWAMI

ভাষিক সাহিত্যৰ উত্তৰণৰ আগে আগে অসমৰ গাঁও-ভূঁই তথা অঞ্চল বিশেষে বিশেষ ধৰণৰ মৌখিক সাহিত্যৰ প্ৰচলন আছিল। এই সাহিত্যসমূহ অধিকাংশই মূলতঃ কাব্য আৰু গীতিধৰ্মী আছিল যদিও ইয়াৰ মাজতে পৰিস্ফুত হৈছিল একো একোটা আখ্যান বা উপাখ্যান। এই গীতসমূহৰ ৰচক কোন আছিল জনা নাযায়। পণ্ডিত প্ৰফুল্ল দত্ত গোস্বামীদেৱে তেওঁৰ নিবন্ধত কৈছে যে কোনো বিশেষ ব্যক্তিৰ বীৰত্ব অথবা কাহিনী বৰ্ণাবলৈ কোনো অঞ্চলত হয়তো কিছুমান আখ্যান গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছিল যিয়ে পৰৱৰ্তী সময়ত মুখ বাগৰি এখন গাঁৱৰ পৰা এটা অঞ্চললৈ বিয়পি পৰিছিল। মৌখিক এই সাহিত্যসমূহে এজনৰ পৰা আন এজনলৈ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বাগৰি গৈ থাকোঁতে কিছুমান শাৰী এই গীতৰ লগত সংযোজিত হৈ গৈছিল। এনেদৰে এজনৰ পৰা আনজনলৈ গাঁথি সৃষ্টি কৰা গীত বা উপাখ্যানসমূহকে লোক-গাথা বুলি ক’ব পাৰি। লোক-গাথা জনমানসত “মালিতা” (ইংৰাজী: ballad ) বুলিও জনাজাত।
লোক-গাথাসমূহ মূলতঃ গীতিধৰ্মী। ড° নবীনচন্দ্ৰ শৰ্মাই তেখেতৰ লেখাত কৈছে যে মৌখিক লোকবিদ্যা বা বাচিক কলা মূলত বাচিক কবিতা আৰু গদ্যধৰ্মী কলা, এই দুই ভাগত শ্ৰেণীবিভাজন কৰিব পাৰি। তাৰে বাচিক কবিতাক আকৌ উৎসৱ অনুষ্ঠানৰ সৈতে জড়িত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত, পূজা-উপাসনা, ব্ৰত আদিৰ সৈতে জড়িত আৰু কাহিনীগত এই চাৰি ভাগত ভাগ কৰিব পাৰি। এই কাহিনীমূলক বাচিক কবিতায়েই হৈছে মালিতা বা বেলাড। কিছুমান লোক-গাথা যদি সম্পূৰ্ণৰূপে গীতি কথাৰেই লিখা আছিল, কিছুমানৰ মাজত আকৌ ছন্দোৱদ্ধ পংক্তি কিছুমানৰ দ্বাৰাও প্ৰকাশ কৰা হৈছিল; যাৰ অন্তৰালত আছিল একো একোটা পৌৰাণিক আখ্যান। মালিতাসমূহৰ কিছুমান যেনে বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি যেনেকৈ ঐতিহাসিক পটভূমিত ৰচিত হৈছিল, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি ৰচিত হৈছিল জনশ্ৰুতি বা কিম্বদন্তিৰ আধাৰত। ঠিক তেনেদৰে কাল্পনিক পটভূমিতো ৰচনা কৰা হৈছিল কিছুমান মালিতা। মধুমতীৰ গীত, কন্যা বাৰমাহীৰ গীত আদি এই শ্ৰেণীত ৰাখিব পাৰি। উল্লেখ্য যে, বুৰঞ্জীমূলক গীতসমূহৰ অধিকাংশই আছিল কৰুণ-ৰসাত্মক।
যোৱা কেইদশকমান আগলৈকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত মালিতাসমূহে বিশেষ তাৎপৰ্য বহন কৰি আহিছিল। অসমৰ গাঁৱে-ভূঞে প্ৰচলিত হৈ আছিল এই লোক-গাথাসমূহ। বদন বৰফুকনে অসমলৈ মান সৈন্য মাতি অনাৰ ফলত অসমীয়া সমাজৰ যি নগুৰ-নাগতি হৈছিল, তাক লৈ বদন বৰফুকনক গালি-শপনিও পৰা হৈছে বৰফুকনৰ মালিতাত। বৰফুকনৰ মালিতাই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ প্ৰশংসাও কৰিছে। ঠিক তেনেদৰে জয়মতী কুঁৱৰীৰ মালিতাত দেশ আৰু স্বামীৰ হকে প্ৰাণাহুতি দিয়াৰ কৰুণ কাহিনী বৰ্ণোৱা হৈছে। এনেদৰে প্ৰতিটো গীতে একো একোটা কাহিনীক সুন্দৰভাৱে ফুটাই তুলি সেইসকলক মানুহৰ মুখে মুখে যুগমীয়া কৰি ৰাখিছিল। ঠিক তেনেদৰে কমলা কুঁৱৰীৰ গীতে আমাক পৰিচয় কৰাই দিছিল কমলা কুঁৱৰীৰ সাধুৰ সৈতে। দেশৰ আহুকালৰ সময়ত আত্মাহুতি দিয়া কমলা কুঁৱৰীৰ প্ৰশংসাও কৰা হৈছিল উক্ত মালিতাত। মণিকোঁৱৰৰ জীৱন-গাথাৰ আধাৰত ৰচিত হৈছিল মণিকোঁৱৰৰ গীত আৰু মণিকোঁৱৰক বিচাৰি যোৱা কাহিনী বৰ্ণনা কৰা হৈছে ফুলকোঁৱৰৰ গীতত। ফুলকোঁৱৰৰ মাক কাঞ্চনমতীৰ বিৰহৰ কাহিনী বৰ্ণোৱা হৈছে কাঞ্চনমতীৰ গীতত। এই কিম্বদন্তীসমূহ সমাজৰ মাজলৈ আখ্যানস্বৰূপে অনাত সহায় কৰিছিল এই মালিতাসমূহে। কাল্পনিক পটভূমিত ৰচনা কৰা দুবলা শান্তিৰ গীতে প্ৰকাশ কৰিছিল দুবলাৰ বিৰহৰ কথা।
লোক-গাথাসমূহৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যে ই সেই সময়ৰ সমাজ ব্যৱস্থা, আদৰ্শ আদিৰ সৈতে পিছৰ সমাজ ব্যৱস্থাসমূহক মিলি যোৱাত সহায় কৰিছিল। ভিন ভিন ঠাইত বেলেগ ৰূপত থাকিলেও মালিতাসমূহে একেটা আদৰ্শ আৰু আখ্যানক প্ৰতিনিধিত্ব কৰিছিল। ফলস্বৰূপে মৌখিক সাহিত্যৰ স্বাধীনতা ইয়াত বিৰাজমান হৈ আছিল। কিন্তু দুখৰ বিষয় সাংস্কৃতিক গোলকীকৰণৰ ফলতেই হওক বা অন্য কিবা কাৰণতেই হওক, লাহে লাহে সহজ সৰল গাঁৱলীয়া জীৱনৰ পৰাও আঁতৰি আহিল এই মালিতাসমূহ। ফলত মৌখিকভাৱে চলি অহা এই লোক-গাথাসমূহক লিখিত সাহিত্যৰ ৰূপ দিয়াৰ প্ৰয়োজন আহি পৰিল।
অসমৰ বহুতো বিদগ্ধ পণ্ডিত তথা গৱেষকে ইতিমধ্যে লোক-গাথাসমূহৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিছে। বিৰিঞ্চিকুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী আদি পণ্ডিতসকলৰ পিছত বীৰেন্দ্ৰনাথ দত্ত, নবীনচন্দ্ৰ শৰ্মা আদি গৱেষকে ইতিমধ্যে লোক-সংস্কৃতিৰ অন্য উপাদানসমূহৰ উপৰি বহুখিনি লোক-গাথা গাঁৱে-ভূঞে পৰি থকা অৱস্থাৰ পৰা তুলি আনিছে। তাৰে কিছুমান সম্পূৰ্ণ আৰু কিছুমান অসম্পূৰ্ণ ৰূপত। ফলস্বৰূপে প্ৰায় হেৰাই যাবলৈ ধৰা লোক-গাথাসমূহ পুনৰ অসমীয়া সমাজৰ চিনাকি হৈ পৰিবলৈ ধৰিছে। কিন্তু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষিক সম্প্ৰদায়ৰ মাজত এতিয়াও ধিমিক-ধামাককৈ জ্বলি থকা অধিকাংশ লোক-গাথা এতিয়াও সংৰক্ষিত হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হিচাপে আমি ক’ব পাৰোঁ গৱেষণা আৰু অধ্যয়নৰ অভাৱ। গৱেষণা কম হোৱাৰ ফলত স্বাভাৱিকতেই আঙুলিৰ মূৰত লেখিব পৰা হৈ আছে উক্ত বিষয়ৰ ওপৰত থকা গৱেষণা পত্ৰৰ সংখ্যাও। প্ৰতি বছৰে যদি এক ন্যূনতম সংখ্যক গৱেষকেও এই বিষয়ত মনোনিৱেশ কৰে, নিশ্চিতভাৱে অসমীয়া লোক-গাথাৰ ভঁৰাল ঠাহ খাই পৰিব।
লোক-গাথাৰ উপৰি অসমীয়া সংস্কৃতিৰ এনে কিছুমান ক্ষেত্ৰ আছে, যাৰ আজিলৈকে সঠিক মূল্যায়ন হোৱা নাই। অসমীয়াত এতিয়াও বহুলভাৱে প্ৰচলিত সাঁথৰসমূহৰ অন্তৰালত থকা উপাখ্যানসমূহৰ কথা এতিয়াও লিখিত সাহিত্যত অন্তৰ্ভুক্ত হোৱা নাই। যি দুই-এটা লিখিত ৰূপত ওলাইছেও, সিও গৈ সমাজব্যৱস্থা ঢুকি পোৱা নাই। সাধুকথাসমূহৰ মাজত থকা ছন্দোৱদ্ধ পংক্তিৰে সম্পূৰ্ণ সাধুকথাবোৰ ৰসাল ৰূপত লিখিত সাহিত্যত অন্তৰ্ভুক্ত হ’বলৈ এতিয়াও বহুখিনি বাকী।
নৱ-প্ৰজন্মৰ লোক-সংস্কৃতিৰ প্ৰতি গভীৰ বিশ্বাস আৰু গৱেষণাইহে এই ক্ষেত্ৰত বিশষ অৰিহণা যোগাব পাৰে। তাৰ বাবে দৰকাৰ হ’ব অসমীয়া লোক-সংস্কৃতিৰ প্ৰতি একনিষ্ঠ সততা আৰু একাগ্ৰতা। অন্যথা কেইবছৰমান পিছলৈকে পঢ়িবলৈতো দূৰৈৰে কথা, শুনিবলৈকো পোৱা নাযাব লোক-গাথা তথা লোক-সংস্কৃতিৰ এই উপাদানসমূহ।

(এই লেখাটো www.xahitya.org ৰ জুন, ২০১৩ সংখ্যাৰ সম্পাদকীয় হিচাপে প্ৰকাশ পাইছে।)

Wednesday, July 3, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-৮ (দ্বিতীয় অধ্যায়)



সন্ধিয়া ঘামি-জামি যেতিয়া ঘৰ পাইছিলোগৈ, দেউতাৰ লগত গাঁৱৰ দুজনমান মানুহ চোতালতে বহি কথা পাতি আছিল। মই পোনে পোনে চাইকেলখন নি ‘ডাঙৰ ঘৰ’ৰ ভিতৰত সোমাই থৈ কেৰিয়াৰৰ পৰা বহীখন উলিয়াই জুনিয়ৰ আৰু মোৰ পঢ়া কোঠা পালোগৈ।
মেজত বহীখন থৈ কাপোৰযোৰ সলাইছোহে মাথোঁ, দেউতাই মাতিলে-হিতু ইফালে আহচুন।
মই একেলগে মুখ-হাত ধোৱাৰ বাবে আলনাৰ পৰা গামোছা এখন ডিঙিত মেৰিয়াই লৈ গৈ দেউতাৰ ওচৰ পালোগৈ। দেউতাৰ ওচৰত বহি থকা মানুহকেইজন তেতিয়ালৈ গৈছিল। দেউতাই পোনে পোনে সুধিলে-
-তোৰ এডমিশ্যনত মই কিমান দিছলু?
-তেইশশ টাকা। কিয়ো?
-হিচাপ ক’ত?
-হিচাপ সেয়ে। বাইশ শ পঞ্চাশ এডমিশ্যন ফিছ আৰু পঞ্চাশ টাকামান বিলোতে গেইছি। চিলিপ গেলা দিছুৱে দেখুন !
-তথাপি মোৰ হাতৰ পৰা নিছা, মোৰ আগত হিচাপটু দিবা লাগে না নাই? -দেউতাৰ মাত লাহে লাহে টান হৈ আহিবলৈ ধৰিলে।
-ইমান পাত-পিত হিচাপ দিবাৰ কাৰণে মই কিবা এনেই খৰচ কচ্চু নেকি?
-নকৰা, জানু। কিন্তু তথাপি দিবা লাগে।
-তাতে মই চিলিপ গেলা দিছুৱে। সেইখেইখেন হিচাপ কল্লিয়ে দেখুন ওলে যাএ…
-তুহাৰ ইতাৰ পৰায়ে এই মতিগতি। ডাঙাৰক মানা লক্ষণেই নাই। যি মন যায়ে তাকে নিজ ইচ্ছা মতে কৰি গেইছা। বাপেৰ উপৰোত পাইছা, যিংকে ইচ্ছা সিংকে খৰচ কৰি যা। -দেউতাই কথাখিনি ইমান টানকৈ কৈছিল যে, মই হতভম্ব হৈ পৰিছিলোঁ। লগতে কথাবোৰে মোৰ মূৰত কোনোবাখিনিত গৈ আঘাট কৰিছিলগৈ। মূৰৰ পৰা এসোঁতা তেজ নামি আহিছিল। ৰঙা পৰি গৈছিলোঁ মই। তথাপি সমাধান উলিয়াবৰ বাবে মই ক’লোঁ-
-হোবো দে, ইতাও দিম।
-এলাখেন মই কবা লাগে যি, লগে লগে দিবা নৰা? আৰো ডেইলি দিয়া পইচাগেলাতো ক’ত গেল খবৰেই নাই।
-ডেইলি দিয়া পইচা মানে? ডেইলি যি মই কলেজত যাৱৰ আগে আগে দশ টাকাকে দিয়া, সেতুৰ কথা কৈছা নেকি? দিনটু খাৱ-লৱৰ কৰা চাইকেল ভাল কৰাক লগিন চব দেখুন তাৰে পৰাএ কৰবা লাগে। তাৰ পাছত আৰো পইচা বাচে বুলি ভাবা নেকিন?
-ডেইলি ইমান কিহোত যাএয়ে? আমি কলেজত পঢ়া নাচলু? আমি দেখুন এখনি যাগা খুজ কাৰিয়ে গেইছলু ! –দেউতা আৰু মোৰ কথাবোৰ লাহে লাহে তৰ্কত পৰিণত হৈ গৈছিল। ধৰিব পৰা নাছিলোঁ দেউতাৰ আজি এই হিচাপ নিকাচ বিচৰাৰ কাৰণ। বতৰ আছিল অসহনীয় গৰম। তাতে ৰ’দ। সেই ৰ’দত জ্বলি-পুৰি ইমান দূৰ চাইকেল চলাই আহি এনেকুৱা কথা শুনিব লগা হোৱা বাবে মোৰ টেমা চুটি গৈছিল। নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহিছিল মূৰৰ গৰম তেজসোঁতা। কব নোৱাৰাকৈয়ে দেউতাৰ সৈতে অযথা সৰু বিষয় এটাক লৈ তৰ্কযুদ্ধত লিপ্ত হৈছিলোঁ।
-তুহাৰ দিনোত তুহুন খুজ কাঢ়ি গেইচলি কাৰণে আমাকো সেনেহেন শাস্তি দিবি নিকি ইতা?
-মই সিংকে কইচু নিকি?
-তিত্তেহ’লি? তোৰ প্ৰ’ব্লেম ক’ত? দিনে দশ টাকাকে দিবাও টান পা যদি নালগে দে আজিৰ পৰা। মই নিজে কভে কিবাকে যোগাৰ কৰি লম। কৰ্বা ন’ল্লি লঘোণে থাকিম, তথাপি তোৰ পইচা নাল্লু।
আমাৰ তৰ্কা-তৰ্কিত ইতিমধ্যে ঘৰৰ আটাইবোৰ মানুহ ঘৰৰ ভিতৰৰ পৰা বাৰান্দালৈ ওলাই আহিছিল।
-দেয়ে, তুহুন বাপে-পুতে কিযি আৰম্ভ ক’চ্চা এই সাজ গইধলাখেন!-মাই পাকঘৰৰ পৰা ওলাই আহি এইবাৰ মাত লগালে।
-আৰো আপনিও যি, চ’লিটু ভাগাৰে-জুগাৰে আহি পাইছি মাত্ৰ; হাত-মুখ ধুবাএ পাৰানাই, এলাগেল আৰম্ভ ক’চ্চি।
হয়তো মায়ে মোক সমৰ্থন দিবলৈ কথাখিনি কৈছিল, অথবা মোক ক্ষান্ত কৰিবলৈ। হয়তো দেউতাৰ খঙ বেলেগ ফালে ঢাল খুৱাবলৈ তেনেকৈ কৈছিল। কিন্তু মাৰ কথাই মোক অলপো প্ৰভাৱ পেলাব পৰা নাছিল। এটুকুৰা জ্বলি উঠা ৰক্তপিণ্ড হৈ মই চিটিকি গৈ দূৰৈত পৰিলোঁগৈ। টিঙিৰি তুলা হৈ মই সোঁ-সোঁৱাই দমকলৰ ওচৰ পালোঁগৈ।
প্ৰচণ্ড খং উঠিছিল মোৰ। কষ্ট কৰিছিলোঁ। বহুত কষ্ট। মোৰ বয়সত বিজ্ঞান বিভাগৰ স্নাতক বৰ্ষৰ ছাত্ৰ এজনে যিমানখিনি সা-সুবিধা পাব লাগে তাৰ এটা বিন্দুও মই বিচৰা নাছিলোঁ। সেই বাবেই বাৰ কিঃমিঃকৈ চৌবিশ কিঃমিঃ ৰ’দ নাই, বৰষুণ নাই, চাইকেল চলাই মই কলেজলৈ গৈছিলোঁ। কিয়নো ঘৰখনৰ কথা মই লাহে লাহে বুজি পোৱা হৈছিলোঁ। মেট্ৰিক পাছ কৰাৰ পিছৰে পৰাই বুজি পোৱা হৈ আহিছিলোঁ দেউতাই সাধাৰণ শিক্ষকৰ চাকৰি এটাৰে কেনেকৈ চাৰিজনী ভনীয়েকক পঢ়াই-শুনাই বিয়া দি, দুজন ভায়েকক পঢ়াই-শুনাই মানুহ কৰিছিল। অথচ নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ সন্তানৰ প্ৰতি তেওঁ একো কৰিব নোৱাৰি যেন অভিমানী হৈ উঠিছিল। কিন্তু অৱস্থাই তেওঁক তাৰ বাহিৰে একো এটা কৰিবলৈ সুবিধাও দিয়া নাছিল। সেই সকলো কথা অনুধাৱন কৰিয়েই উচ্চতৰ মাধ্যমিক শাখাত বিজ্ঞানৰ ছাত্ৰ হৈও কোনো ‘লাইন’ পঢ়িবলৈ যোৱা নাছিলোঁ। আনকি প্ৰৱেশ পৰীক্ষাত পাছ কৰিলে যাব লাগিব বুলি প্ৰৱেশ পৰীক্ষাও দিবলৈ যোৱা নাছিলোঁ। সেই দুবছৰত মাত্ৰ মনটোক বুজাবলৈ চেষ্টা কৰিছিলোঁ, নিজৰ জীৱন গঢ়াৰ নামত যেন ঘৰখনৰ ওপৰত এটা বোজা হব লগা পৰিস্থিতি নহয়গৈ। মনেও সেয়েহে বজালী কলেজতে ঠাই লৈ লৈছিল। মনে মনে থিৰ কৰিছিলোঁ, স্নাতক কৰিয়েই চাকৰি এটাত সুমাই লব পাৰিলে পাচত কিবা ভাল লাইন পঢ়িম। সেয়েহে কেতিয়াও টকা-পইচাৰ ক্ষেত্ৰত ঘৰত জোৰ দিয়া নাছিলোঁ। কলেজলৈ যাবলৈ ওলাই দৌৰাদৌৰিকৈ যেতিয়া ভাতৰ পাতত বহো, সময়ত সদায় মায়ে আনি গুজি দিয়েহি দহটকীয়া এখন। সেইখনেই আছিল মোৰ মূলধন। খোৱা-বোৱা, চাইকেলৰ মেৰামতি খৰচ সকলো তাৰ পৰাই মিলাইছিলোঁ। সপোন দেখিছিলোঁ- সদায় এটকা–দুটকাকৈ ৰাহি কৰি মাহৰ মূৰত এখনমানকৈ কিতাপ কিনিম। কিন্তু সকলো ওলট-পালট হৈ গৈছিল। অনৰ্থক কাৰণত দেউতাই ককৰ্থনাৰে থকাসৰকা কৰিছিল। সামান্য এটা অজুহাততে। মোৰ বুকুত যেন কিবা এটাই হেঁচা মাৰি ধৰিছিল। হৃদয় ফাটি ফালি ওলাই আহিব খুজিছিল চকুপানীবোৰ, কিন্তু নাহিল। শিল হৈ ভেমৰ ৰহণ সানি থাকি গ’ল বুকুৰ মাজত, জেদৰ ভেশচন ধৰি।
মুখ-হাত ধুই কোনোদিনে বাহিৰলৈ নোযোৱা ল’ৰাজন ওলাই আহিলোঁ। একো-এটা মুখত নিদিয়াকৈয়ে। ওলাই অহাৰ সময়ত মাই পিছপিনৰ পৰা চিঞৰি আছিল, কিবা এটা খোৱাৰ বাবে। কিন্তু সেইখন ঘৰত একো এটা মুখত দিবলৈও মোৰ মন নগ’ল। উদ্দেশ্যবিহীনভাৱে মই পশ্চিমফালে গৈ থাকিলোঁ।
তেতিয়া কাণিমুনি সন্ধিয়া নামিছিল। গাঁৱৰ মানুহবোৰে গৰু-ছাগলীবোৰ পথাৰৰ পৰা ঘৰলৈ খেদি আনিবলৈ আৰম্ভ কৰিছিল। সৰু ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা শেষ কৰি ঘৰলৈ ওভোতিবলৈ আৰম্ভ কৰিছিল। ছোৱালীবোৰে বাটে-বাটে অলপ ফুৰি মুকলি বতাহ লবলৈ ওলাই আহিছিল। নামঘৰত কোনোবা নামতীয়ে নাম ডাকিছিল। গৰু-ম’হৰ টিলিঙা, দামুৰি পোৱালিৰ হেম্বেলনিয়ে পৰিৱেশটো মুখৰিত কৰি তুলিছিল। মোৰ প্ৰিয় সময় আছিল এই সময়খিনি। বৰ ভাল পাইছিলোঁ এইখিনি সময়ৰ ব্যস্ততাখিনি উপভোগ কৰি। এইখিনি সময়ত কিবা যেন এক অজান মায়াই বন্দী কৰি ৰাখিছিল মোক। ঘৰে ঘৰে জ্বলোৱা থূপাৰ ধোঁৱাই সেই মায়াময়তা এখোপ চৰাইছিল। এইখিনি সময়ত মনটো মুকলিকৈ এৰি দিবলৈ পাইছিলোঁ। কিন্তু আজি এইবোৰ একেবাৰে ভাল লগা নাছিল। কাণিমুনি সন্ধিয়াৰ মায়াময়তাই আজি একো প্ৰভাৱ পেলাব পৰা নাই। বুকুত মাথোঁ কঢ়িয়াই লৈ ফুৰিছিলোঁ এসোপা গধূৰ শিল। আৰু এই শিলসোপাই চৌদিশ ধোঁৱাময় কৰি তুলিছিল।
মই গৈ নৈ পাৰ পাইছিলোগৈ। ৰঙীয়াল বেলি তেতিয়া ডুবিছিল, কিন্তু তাৰে এছাটি-দুছাটি ৰঙা তেতিয়াও আকাশৰ কোণত লাগিয়েই আছিল। সেই ৰং নৈৰ পানীত প্ৰতিবিম্বিত হৈ পাৰলৈ উঠি আহিছিল। ৰহস্যময় হৈ পৰিছিল নৈখন। মই এখোজ-দুখোজকৈ নৈৰ পাৰে পাৰে আগুৱাই গৈ থাকিলোঁ। মনৰ ভিতৰত এটায়েই হাহাকাৰ চলি থাকিল-কি দোষ কৰিলোঁ মই ! কি দোষৰ বাবে ভাগৰুৱা ক্লান্ত ভোকাৰ্ত অৱস্থাতে ইমান কথা শুনিব লগা হ’ল !!
সুদীৰ্ঘ সময় মনত উদয় হোৱা নানানটা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। উত্তৰ হ’লে এটাও পোৱা নাছিলোঁ। আৰু এই প্ৰশ্নবোৰৰ সৈতে ব্যৰ্থভাৱে যুঁজি যুঁজি যেতিয়া ঘৰলৈ উভতি আহিছিলোঁ, ঘৰৰ মানুহবোৰ তেতিয়া ভাতৰ পাতত বহিছিল।

(ক্ৰমশঃ)