Wednesday, January 29, 2014

“ভোগালী জলপান”ৰ সৈতে এসন্ধ্যা


নিজ কাৰ্যালয়ত  অজিত শৰ্মা
নিজ কাৰ্যালয়ত অজিত শৰ্মা

“তিলপিঠা , ঘিলা-পিঠা , আখৈ , বা হুৰুমক  লৈও যে এক লাভজনক  ব্যৱসায় কৰিব পাৰি সেই কথা অসমৰ  যিটো ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰথমে হাতে-কামে কৰি দেখুৱালে সেইয়া হৈছে “ভোগালী জলপান”। মাঘবিহুৰ বতৰত আমি “ভোগালী জলপানৰ” আঁৰৰ ব্যক্তিজন শ্ৰী অজিত শৰ্মাদেৱৰ  মনৰ বতৰা আপোনালোকলৈ লৈ আহিছো  ——–

“ভোগালী জলপান” প্ৰকল্পটো আৰম্ভ কৰাৰ আঁৰৰ কথাখিনি আমাক কওকচোন!
অজিত  শৰ্মা :  হয় , সকলোৱে জানিব বিচাৰে মই কেনেকৈ এই কাম আৰম্ভ কৰিলো । প্ৰথম কথা হ’ল অভাবেই আৱিষ্কাৰৰ মূল , আমি সকলোৱে জানো সেই কথা। মইও অভাৱী পৰিয়ালৰ পৰা অহা ল’ৰা। সৰুতে মোৰ লগৰবোৰে যেতিয়া খেলা-ধূলাত ব্যস্ত আছিল সেইসময়ত মই পাণ-তামোলৰ দোকান দিছিলো। স্কুলত পঢ়াৰ সময়তো আজৰিৰ পৰত শিৱসাগৰৰ টেঙাপুখুৰী অঞ্চলত থকা দেউতাৰ দোকানত বহিছিলো। সেয়ে এক ব্যৱসায়ী মনোভাব মই সৰুৰে পৰা পাইছিলোঁ । আনহাতে খেতিতো  মই সৰুৰে পৰা মনোনিবেশ কৰিব পাৰিছিলো।
স্নাতক হোৱাৰ পাছত ১৯৮৯চনত মই চাকৰি কৰিবলৈ গুৱাহাটীলৈ আহো আৰু এসপ্তাহমানৰ ভিতৰতে এটি ব্যক্তিগতখণ্ডৰ চাকৰি যোগাৰ কৰো। সেই চাকৰিটো কৰি থকা কালত দুপৰীয়াৰ আহাৰত মই প্ৰায়ে শিৱসাগৰৰ ঘৰৰ পৰা মাতৃয়ে পঠিয়াই দিয়া সান্দহ , কোমল চাউল আদি অফিচলৈ লৈ যাওঁ। বিশেষকৈ কোমল চাউল যিদিনা নিও সেইদিনা সৰু টিফিন বক্স এটাত কোমল চাউল , গাখীৰ আৰু চেনিৰ  সংমিশ্ৰণ এটা কৰি লৈ যাওঁ ,যিটো মিশ্ৰণ অতিকৈ সোৱাদ লগা হয়। মোৰ সহকৰ্মীসকলকো  সেই জলপানৰ মিশ্ৰণটো খাবলৈ দিছিলো আৰু তেওঁলোকেও খাই ভাল পাইছিল। জলপানৰ সেই মিশ্ৰণটোৰ জনপ্ৰিয়তা দেখি মই আমাৰ অফিচটোৰ কাষতে থকা দোকান এখনত শিৱসাগৰৰ ঘৰৰ পৰা অনা কোমল-চাউল এপোৱা এপোৱা পেকেট কৰি বিক্ৰীৰ বাবে দিওঁ আৰু লগতে অফিচৰ সহকৰ্মীসকলক কথাটো জনোৱাত তেওঁলোকেও দোকানখনৰ পৰা সেই জলপানৰ  পেকেটবোৰ কিনিবলৈ আৰম্ভ কৰিলে আৰু এনেদৰেই মই মোৰ জলপানৰ  ব্যৱসায় আৰম্ভ কৰোঁ।
১৯৯০ চনত মই ‘নতুন দৈনিক্’ নামৰ অসমীয়া বাতৰি কাকত এখনৰ চাৰ্কুলেচনৰ চাকৰিত  যোগদান কৰোঁ। চাৰ্কুলেচনৰ  কামত যিহেতু মই অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল তাৰফলত  মই সমান্তৰালকৈ অসমৰ থলুৱা জলপানৰ ওপৰত এক ক্ষেত্ৰ-অধ্যয়ন কৰাৰ সুযোগ পালো। যিয়ে মোৰ ব্যৱসায়টো আৰম্ভ কৰাত বহুত সহায় কৰে। এনেকৈ এই চাকৰিটো মই প্ৰায় ছয় বছৰ কৰো আৰু শেষত ১৯৯৭ চনত মই মোৰ দুজন ভাতৃৰ লগত মিলি আনুষ্ঠানিকভাৱে ‘ভোগালী জলপান” আৰম্ভ কৰো।

খাদ্যসমূহ প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী/উপকৰণসমূহ ক‘ৰ ক‘ৰ পৰা যোগাৰ কৰা হয়?
অজিত শৰ্মা :  প্ৰথম অৱস্থাত আমি কোমল চাউল , সান্দহ আদি  শিৱসাগৰ , বিশ্বনাথ চাৰিআলি, নাৰায়ণপুৰ , চতিয়া , ডিব্ৰুগড় , মৰিগাওঁ আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিলো যদিও পাছলৈ আমি কেৱল চাউলহে সংগ্ৰহ কৰি   নিজাববীয়াকৈ জলপান আৰু পিঠা-পনাবোৰ তৈয়াৰ কৰো।

“ভোগালী জলপান”ত বৰ্তমান কি কি অসমীয়া খাদ্য-সম্ভাৰ অন্তৰ্গত কৰা হৈছে।
অজিত শৰ্মা : আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হ’ল যে অসমৰ স্থানীয় যিবোৰ জা-জলপান সেইবোৰ অৰ্ডাৰ অনুযায়ী আমি যোগান ধৰা কিন্ত সময়ৰ অভাৱ বা আন অসুবিধাৰ বাবে আমি সকলোখিনি ব্যৱসায়িক ভিত্তিত কৰিব পৰা নাই। বৰ্তমান আমি কোমল চাউল , সান্দহ , মালভোগ চিৰা, আখৈ , পিঠাগুৰি , বিভিন্ন পিঠা আদি তৈয়াৰ কৰো। ইয়াৰ উপৰিও আমি আমাৰ পৰম্পৰাগত  জলপানবোৰক নতুন ৰূপ দিছো। ইয়াৰ ভিতৰত আছে মিল্কি জলপান, মিল্কি সান্দহ , ৰি-পেষ্ট , স্কুল টিফিন আদি প্ৰধান। এইবোৰ ‘Ready-to-eat” হয়। এইবোৰত গাখীৰ, গুৰু  বা চেনি আগতীয়াকৈ মিহলাই পেকেট কৰি বিক্ৰী কৰা হয়। এনে নতুন ৰূপৰ জলপান মানুহে আদৰি লৈছে।
ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট
ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট

খাদ্যসমূহ নষ্ট নোহোৱাকৈ কিদৰে সংৰক্ষণ কৰি ৰখা হয়?
অজিত শৰ্মা : আমাৰ  স্থানীয় জলপানবোৰৰ  সাধাৰণতেই বহুদিন নষ্ট নোহোৱাকৈ থাকে । কোমল চাউল, সান্দহ বা চিৰাৰ দৰে জলপান তৈয়াৰ হোৱাৰ ছমাহলৈকে বেয়া নহয়। সেয়ে ভাল পেকেজিং ব্যৱস্থাই সেইবোৰৰ জীৱনকাল আৰু দীঘলীয়া কৰি দিয়ে।  আমি এতিয়ালৈকে খাদ্য সংৰক্ষণত  কোনো ধৰণৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই।

এই ব্যৱসায়িক প্ৰতিষ্ঠানটো চলাই লৈ যোৱাত আপুনি কেনেধৰণৰ অসুবিধা পাই আহিছে ?
অজিত  শৰ্মা :  অসুবিধা বহুতো আছে। বিশেষকৈ আমাৰ কামবোৰ কৰিবলৈ ঠাইৰ অভাব। ব্যৱসায় আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে অসম চৰকাৰৰ পৰা গুৱাহাটীৰ বামুণীমৈদামস্থিত “ঔদ্যোগিক ক্ষেত্ৰত” ৫০০০বৰ্গফুটৰ ঠাইৰ বাবে আবেদন কৰিছিলো যদিও আমাক ১২০০বৰ্গফুটহে আবণ্টন দিয়ে , যিয়ে বহু অসুবিধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও আমি পেকেজিংৰ দিশটোত  অসুবিধাৰ সন্মুখীন হৈছিলো যদিও এতিয়া বহুখিনি লাঘব হৈছে।
প্ৰথম অৱস্থাত দ্ৰব্যবোৰৰ মাৰ্কেটিংৰ ক্ষেত্ৰটোও অসুবিধাই দেখা দিছিল। সেইসময়ত  বহুবোৰ দোকানীয়ে মোক অসমীয়া  জলপান বেচাৰ বাবে তাছিল্যও কৰিছিল।

আপোনাৰ কেতিয়াবা এনে পৰিস্থিতি আহিছেনে যেতিয়া আপুনি ভাবিছে “ভোগালীজলপান”  খুলি আপুনি ভুলহে কৰিছে ?
অজিত শৰ্মা : নাই কেতিয়াও অহা নাই ।

চৰকাৰী ক্ষেত্ৰৰ পৰা যেনে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা বিত্তীয় সাহাৰ্য্য কিবা পাইছেনে ?
অজিত শৰ্মা :  ব্যৱসায়ৰ প্ৰথম অৱস্থাত  আমি প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীন এক লাখ টকাৰ এটা ঋণ লাভ কৰো। বিত্তীয় দিশত বেংকে মোক বৰ্তমানলৈকে যথেষ্ঠ সহায় কৰি আহিছে।

বৰ্তমান “ভোগালী জলপান”ত কিমান সংখ্যক কৰ্ম-কৰ্তা আছে?
অজিত শৰ্মা :  বৰ্তমান আমাৰ ইয়াত ৬৫জন কৰ্ম-কৰ্তা আছে।
কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা
কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা

আপুনি বাৰু এই প্ৰকল্পত জড়িত থকা কৰ্ম-কৰ্তাসকল ইয়াক লৈ সুখী নে?
অজিত শৰ্মা :  আমাৰ  কৰ্মচাৰীসকলৰ সৃষ্টিশীলতা , একাগ্ৰতা ,  কৰ্তব্য-নিষ্ঠা আৰু জাতীয়তাবোধেই হৈছে ভোগালী-জলপানৰ সম্পদ , সেয়ে আমি তেওঁলোকক লৈ সুখী। 

তামিলনাদুৰ ইদলী-দোচা আজি ভাৰতবৰ্ষৰ গাঁৱে-চহৰে জনাজাত। বিদেশতো দক্ষিণ ভাৰতীয় খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে। পঞ্জাৱৰ “নান” ভাৰতীয় ব্ৰেড বুলি গোটেই বিশ্বতে জনপ্ৰিয় হৈছে। অসমীয়া ভকা পিঠা-খোলাচপৰীয়া পিঠাক অসমৰ ৰাইজেই চিনি নোপোৱা হৈছে। কেৰোণটো ক‘ত ? কেতিয়াবা ছিংগাপুৰৰ কোনোবা ভোজনালয়ত অসমীয়া ভকা পিঠা পোৱা যাব বুলি আপুনি আশাবাদীনে ? অসমীয়া খাদ্য অসমৰ বাহিৰেও আন প্ৰদেশসমূহত জনপ্ৰিয় কৰিবলৈ কেনেধৰণৰ পদক্ষেপ লোৱা উচিত?
অজিত শৰ্মা :  এই ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষ ভূমিকা লোৱাটো প্ৰয়োজন। তাৰ উপৰিও আমাৰ জলপানবোৰ পাহৰি যোৱাৰ অন্যতম কাৰণ সঠিকভাবে উপলব্ধ নোহোৱা। আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত , কিন্ত অসমত ধানৰ  উৎপাদন সঠিক পৰিমাণত নহয়। আমাৰ খাদ্যাভাৱ অলপ সলনি হৈছে সেয়া সঁচা কিন্ত আমাৰ জলপানবোৰ সঠিককৈ উপলব্ধ যে নহয় সেয়াও সঁচা কথা। আমি লাহে লাহে পৰমুখাপেক্ষী হৈ পৰিছো। এইয়া আমাৰ অতীতৰে মানসিকতা। এনে মানসিকতা সলনি কৰিব লাগিব।
ইয়াৰ উপৰিও জলপানবোৰৰ  সোৱাদ সলনি কৰিব লাগিব। লাচিতৰ দিনত অসমীয়া সেনাই  যুদ্ধৰ সময়ত গামোছাত কোমল চাউল বান্ধি ব্ৰহ্মপুত্ৰত তিয়াই থৈছিল আৰু ভীমকলৰ লগত খাইছিল। এতিয়াৰ মানুহে এনেকৈ ভীমকলৰ লগত কোমল চাউল নিশ্চয় নাখাব। গতিকে আজিৰ প্ৰজন্মই জুতি পোৱাকৈ জলপানবোৰ প্ৰস্তত কৰিব লাগিব।  বিশেষকৈ মাতৃসকলে জুতি লগাকৈ থলুৱা জলপানবোৰ সন্তানসকলক পৰিৱেশন কৰিব লাগে।

বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত অসমীয়া জলপানসমূহ অনলাইনও কিনিবলৈ পোৱা গৈছে। কিন্তু শুকান খাদ্য সামগ্ৰীসমূহহে যেনে; তিল পিঠা, সান্দহ, চিৰা আদি অনলাইন কিনিবলৈ পোৱা যায়। কিন্তু আমাৰ আইতাহঁতে সাজি দিয়া চুঙা পিঠা, টেকেলীমুখত দিয়া পিঠা, খোলাচাপৰি পিঠা অৰ্থাৎ যিবোৰ পিঠা-পনা গৰমে গৰমে নাখালে সোৱাদ পোৱা নাযায় নাইবা যিবোৰ পিঠা-পনা অতি সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইবোৰক অসমৰ বাহিৰলৈ উলিয়াই নিবলৈ আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি বা ল‘ম বুলি ভাবিছে নেকি?
অজিত শৰ্মা :  অন-লাইন ব্যৱসায় আমি এতিয়ালৈকে আৰম্ভ কৰা নাই।
সোনকালে নষ্ট হোৱাৰ ক্ষেত্ৰত ইয়াক ৰুধিবলৈ গৱেষণাৰ প্ৰয়োজন আৰু সেয়ে অসমত এটা খাদ্য গৱেষণাগাৰ স্থাপন হোৱাটো বিচাৰো।

অসমলৈ বাহিৰৰ খাদ্য-সম্ভাৰৰ আমদানিৰ কাৰণটো আপুনি কি বুলি ভাবে?
অজিত শৰ্মা : এই ক্ষেত্ৰত আমি নিজে  জগৰীয়া।  কাৰণ আমি পৰমুখাপেক্ষী , কষ্ট কৰিবলৈ নিবিচাৰোঁ।  বাহিৰৰ পেকেট ফুডৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰিছোঁ।  মূল কাৰণ সেয়ে । 

অসমত “ভোগালী জলপান”ৰ দৰে পৰম্পৰাগত অসমীয়া খাদ্য সামগ্ৰী উপলব্ধ হোৱা আন কোনো অনুষ্ঠান আছে নেকি? কিমান আছে? যদি আছে সেইবোৰৰ ভিতৰত আপোনালোকৰ প্ৰতিযোগী অনুষ্ঠান কোনটো?
অজিত শৰ্মা :  ভোগালী জলপানৰ দৰে  আন অসমীয়া জলপানৰ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰক আমি সদায় সহযোগী বুলিয়েই ভাবো । আশাকৰো তেনে প্ৰতিষ্ঠান অসমৰ চুকে-কোণে ভৰি পৰক।

এনেকুৱা এটা দিন আহিব বুলি আপুনি আশাবাদী নে যে অসমীয়া শিশু এটাই জলপানত মেগী বা নুডলচ নাখাই সান্দহ এবাতি খাইছে?
অজিত শৰ্মা : আহিব , খুব কম সময়তেই আহিব ।

আপোনাৰ পৰিয়াল বৰ্গৰ পৰা ভোগালীজলপানৰ  ক্ষেত্ৰত কেনে সহযোগিতা পাই আহিছে ?
অজিত শৰ্মা : প্ৰথম অৱস্থাত মোক মোৰ মায়ে যথেষ্ট সহায় কৰিলে আৰু বৰ্তমান পৰিবাৰে ব্যৱসায়ত সকলো দিশতে সহায় কৰি আহিছে।
ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন
ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন

আপুনি আংশকা কৰে নেকি যে  আমাৰ থলুৱা খাদ্য সম্ভাৰ এদিন নাইকীয়া হৈ মাথো আমদানীকৃত খাদ্যই আমাৰ খাদ্য-অভ্যাসৰ ওপৰত সৰ্ম্পূণ প্ৰভাব বিস্তাৰ কৰিব ?
অজিত শৰ্মা : নাই সেইয়া কেতিয়াও হবই নোৱাৰে। যেতিয়ালৈকে এটা জাতিৰ জাতীয়তাবোধ থাকিব তেতিয়ালৈকে তাৰ সংস্কৃতি বা খাদ্য-অভ্যাস শেষ নহয়।

এই প্ৰকল্পটোক লৈ আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?
অজিত শৰ্মা :  আমাৰ থলুৱা জলপানক  যাতে বিশ্বৰ বজাৰত উন্নত মানদণ্ডৰে আৰু  গ্ৰাহকে বিচৰা ধৰণে পৰিৱেশন কৰিব পাৰো , সেইয়াই আমাৰ মুল লক্ষ্য । আমাৰ ভোগালী জলপানৰ শ্লোগান হৈছে “ Healthy solution”. আৰু আমি তাৰ ওপৰতেই কাম কৰিবলৈ লৈছো।
ছয়গাওঁত আৰম্ভ হোৱা ফুড-প্ৰচেচিং পাৰ্কত আমি এখিনি মাটি  লৈছো আৰু তাত নতুনকৈ জলপান প্ৰস্তত কৰা  কাৰাখানা স্থাপনৰ বাবে যো-জা চলাইছো ।

আপোনাৰ ব্যক্তিগতভাবে কোনবিধ জলপান প্ৰিয় ?
অজিত শৰ্মা : সময়সাপেক্ষে প্ৰতিটো জলপানেই মোৰ প্ৰিয়।

আমাৰ শেষ প্ৰশ্ন , আপোনাৰ পৰিয়ালৰ  বিষয়ে অলপ কব নেকি?
অজিত শৰ্মা :  মোৰ মা,  পৰিবাৰ আৰু দুগৰাকী কন্যা আছে আৰু এজন বৰপুত্ৰ আছে , যাৰ নাম “ভোগালীজলপান” ।

[সাক্ষাৎকাৰ গ্ৰহণ : ধ্ৰুৱজ্যোতি শৰ্মা
সহযোগী : দেৱব্ৰত গগৈ
সাক্ষাৎগ্ৰহণ: ৩১ ডিচেম্বৰ, ২০১৩
সহযোগত: www.xahitya.org]





অমৃত চিমেণ্ট ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু অসমীয়া ভাষা নিষিদ্ধকৰণ

অমৃত চিমেণ্ট ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইয়াৰ পৰিসৰৰ ভিতৰত নিষিদ্ধ কৰিলে অসমীয়া ভাষা৷ অসমীয়া ভাষা কলেই ভৰিব লাগিব ৫ টকা জৰিমনা৷ হেৰৌ অসমীয়াসকল, আহক, বনিয়া গোষ্ঠীৰ এই প্ৰতিষ্ঠানটোক এলাগী কৰোঁহক৷ আহক, আমি তেওঁলোকৰ লগত কোনো ধৰনৰ ব্যৱসায়িক লেনদেনৰ পৰা বিৰত থাকোঁহক৷ দুগুণ প্ৰতিবাদেৰে প্ৰমাণ কৰোঁহি যে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰিলে কোনো বনিয়াক ইয়াত স্থান দিয়া নহব৷ আহক এই ষ্টেটাছ শ্বেয়াৰ কৰি ৰণশিঙা বজাওঁহি এই প্ৰতিবাদৰ৷
 
[ অচিন্তন-১৭ জানুৱাৰী, ২০১৪]

স্বাধীনতাৰ বিলাপ


বেয়া নাপাব
কাইলৈ “স্বাধীনতা দিৱস” উদজযাপন কৰিব
নোৱাৰিম৷
উত্তোলন কৰিব নোৱাৰিম
ত্ৰিৰংগা পতাকাখনো
বজাৰৰ জুইত ত্ৰিৰংগাই ইতিমধ্যে অৱৰোহন
কৰিছে
ঢুকি নোপোৱা অৱস্থানত।

অৱশ্যে পথাৰখন মুকলি ৰাখিছোঁ
য’ত এদিন নুমাই গৈছিল
বহুকেইটা প্ৰজ্বলিত শিশু
আয়ে উলিয়াই ৰাখিছে
এখন ফুলাম গামোছা
কাইলৈ তাকেই উৰাম
কণ কণ ল’ৰা-ছোৱালীহঁতক কাইলৈ শুনাম
জাতীয় সংগীত।
কম লাচিত, চিলাৰায়ৰ সাধু
সেয়াই হ’ব আমাৰ স্বাধীনতা।

পিতাও হেনো কাইলৈ কামলৈ নাযায়
তেৱোঁ গাব এফাকি স্বাধীনতাৰ ঘোষা
ভনীয়ে ঘৰত লুচি ভাজিব
আইতাই তামোল কাটিব
ককাইদেৱে গামোছাৰ তলত গাব
“অ’ মোৰ আপোনাৰ দেশ’।

আমি মনা স্বাধীনতাত প্ৰয়োজন নহব
প্ৰতিৰক্ষা কৰ্মীৰ
কতো পিলপিলাই ঘূৰি নুফুৰিব
সাম্ৰাজ্যবাদৰ সেনানী
কতো চেকগেট নবহিব
অথবা নাথাকিব বাৰঘন্টীয়া বন্ধ
ৰেড এলাৰ্টে জুৰুলা নকৰিব
হালোৱা ককাইক।
কাহিলিপুৱাই আমি মুকলি কৰি দিম আমাৰ
মনক
মনৰ আব্দাৰত
এটা দিন ঘূৰিম-ফুৰিম
খেলা কৰিম সপোনৰ লগত।
কাইলৈ নবহিব কোনো প্ৰতিবাদী সভা
আদালতত প্ৰয়োজন নহ’ব
কোনো পাপৰ বিচাৰৰ
কোকৰাঝাৰত উচ্চাৰিত নহ’ব
Devide Assam 50-50
অথবা শুনা নাযাব
আমাক কমতাপুৰ লাগে।
বতাহৰ সোঁতত লহৰিত
ফুলাম গামোছাৰে প্ৰতি ঢৌত
উৰি ফুৰিব আমাৰ মন
ডিফুৰ পৰা কোকৰাঝাৰলৈ
গোসাইগাঁওৰ পৰা হামৰেনলৈ।

হে সুহৃদ সুধীবৃন্দ,
আপোনালোক সাজুনে
আমাৰ এই স্বাধীনতালৈ
সজাই তুলিবলৈ এটি চৰকাৰী বন্ধৰ দিন
নিজৰ পৰা নিজক স্বাধীন কৰিবলৈ !!


[ৰচনাকালঃ ১৪ আগষ্ট, ২০১৩]

Saturday, November 30, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি-১০ (দ্বিতীয় অধ্যায়)


কলেজৰ সন্মুখত যেতিয়া গৈ পাইছিলোগৈ, তেতিয়ালৈকে স্বাভাৱিকতা ঘূৰাই পাইছিলোঁ। পূৱালী এনেয়ে সহজ হৈ যাব পাৰিছিল। বন্দনা ফটোষ্টেটৰ সন্মুখত নেট বুক এখন লৈ তেতিয়া ৰৈ আছিল আলোছায়া। পূৱালীৰ ডাৰ্কনাইট।

বগা চাদৰ, খয়েৰী মেখেলাৰে গুণাৰ কাম কৰা চাদৰ মেখেলা এযোৰ পিন্ধিছিল তাই। চাদৰখনৰ গাত ফুলি আছিল অজস্ৰ তৰালেখীয়া ফুল, মেখেলাখনো আছিল ভোমোকাফুলীয়া। উদ্ভাসিত হৈ আছিল তাইৰ মুখমণ্ডল। কিবা যেন এক আভাই আৱৰি ৰাখিছিল তাইৰ মুখমণ্ডল। চাদৰখনৰ গাত থকা খয়েৰী ৰঙৰ সৰু সৰু ফুলবোৰ জোনাকী নিশা জ্বলি থকা তৰাবোৰৰ নিচিনা দেখাইছিল। মই তাইৰ এই অপৰূপ উদ্ভাসনাত মুগ্ধ হৈ পৰিছিলোঁ। গম নোপোৱাকৈয়ে তাইৰ ফালে মই চাই ৰৈছিলোঁ। মোৰ ফালে চায়ো তাই ৰৈ গৈছিল। পাছে মোৰ উদ্ভাসনাত নহয়, বৰং আচৰিত হব লগাকৈ মই পিন্ধি থকা পোচাকযোৰ চাইহে তভক মাৰিছিল তাই। হয়তো তাই বিচাৰিছিল, ময়ো অলগ শাৰদী বতাহ গাত মেৰিয়াই মতলীয়া হমহি। কিন্তু মোৰ বুকুৰ ধুমুহাৰ উমানতো তাই পোৱা নাছিল ! তাই স্বাভাৱিক হোৱাৰ দৰে মোৰ ফালে চাই মিচিকিয়াই হাঁহি এটা মাৰি আমাৰ ফালে আগুৱাই আহিল। 

-টু মিলে দিল খিলে… জীনেকো ক্যা চাহিয়ে-ইমনৰ টেবুলত মুখামুখিকৈ বহি আলোছায়া আৰু মই ইজনে সিজনৰ মুখলৈ চাই থকা দেখি পূৱালীয়ে গীত জুৰিলে। লাজ পাই মই পানীৰ গ্লাছ হাতত তুলি ল’লো।
-হোবো দে, ইমান লাজনা?
-লাজ? কিয় পূৱা?-এইবাৰ আলোছায়াই মাত লগালে।
-নহয় মানে কিবা কাৰণ থাকিবও পাৰেতো
-ধেই, তেনেকুৱা একো নহয় দে।
-হয়নে নহয় জানো নহয়….. পাচে অ’ই চক্ৰেটিছ কি খাবি ক
-খালী চাহ
-পুচকি, চাহ তিনট দি-অৰ্ডাৰ দি পূৱালীয়ে মোৰ ফালে চাই আৰম্ভ কৰিলে
-আজি বুলে আমাৰ সন্মিলনীৰ মূল বিষয় হেবো কবিতা। চবে কবিতা মাতপা লাগবো
-কি কৱ?
-অ। দেবীকা বাই কৈছি।
-মোৰ দেখুন তিত্তেহ’লি পাবলিক ইনচাল্ট হোবো আজি।
-কিয়ো হোবো। মন ৰোমাণ্টিক কৰ, ভাৱ চন্দময় কৰ, সিদ্ধান্ত সাৱলীল কৰ দেখিবি তোৰ কথাবোৰেই কবিতা হৈ পৰিছে।
-বাহ, তই দেখুন কবিতাৰ মাষ্টেন্নী হৈ প’চ্চা এ। মই হ’লি এলা কবিতা-চবিতা মাতপা নৰু দে।
-ন’ল্লি হোবো নিকি? মাতপায়ে লাগবো
-পোলোম মই
-কিয় পলাব লাগে? পূৱাই ঠিকেই কৈছে। কবিতাটো হৃদয়ত থাকে। হৃদয়ৰ ভিতৰৰ পৰা তাক পৰিৱেশন কৰিলেই হ’ল। জান পূৱা, কোনোৱাই কোৱা শুনিছিলোঁ, কবিতাৰ হেনো ঘৰ নাই..নাই কোনো নিজস্ব ভাষা। কবিতা মুখেৰে প্ৰকাশ কৰা কথাও নহয়, ই হৃদয়ৰ নিজস্ব চেতনা। সেই বাবেই চাগে কবিতাৰ বাহ হৃদয়ত।

-কিয়, হীৰুদাইতো তাকেই কৈছে। কবিতা লিখো বুলি লিখিব নোৱাৰি। নাজানো বুলিলেও ভাল কবিতা লিখিব পাৰি। তাৰ বাবে লাগে এখন বহল হৃদয়, য’ত কবিতাই বিচৰণ কৰিব পাৰে। লব পাৰে এটা সুন্দৰ ৰূপ। স্বাধীনতাই কবিতাৰ একমাত্ৰ অলংকাৰ নহয় জানো?

-এখন নাটকত এটা চৰিত্ৰ আছিল যি আছিল বোবা। কিন্তু চৰিত্ৰটো কবিতাৰ বাবে ইমনেই পগলা আছিল যে, কবিতা এটা আবৃত্তি কৰাৰ সময়ত তেওঁৰ অলপো কথা লাগি ধৰা নাছিল। কবিতাই প্ৰতিৱন্ধকতাও নেওচিব পাৰে।

আৰম্ভ হৈ গৈছিল এক ৰসাল আলোচনা। বিষয় আছিল কবিতা। আলোচনাৰ সুৰ আছিল কাব্যিক। দুজনী পাট গাভৰুৰ সুৰত আলোচনাই চন্দ লৈছিল। উদাহৰণেৰে ভৰি পৰিছিল। আমি তিনিও পাহৰি গৈছিলোঁ যে আমি এখন ৰেষ্টুৰেণ্টত বহি আছোঁ। কবিতাৰ ওপৰত যদিও সকলোবোৰ দৰ্শন বুজি পোৱা নাছিলোঁ, তথাপিও ভাল লাগিছিল কথাবোৰ। কথাবোৰ পাতি গৈছিল পূৱালী আৰু আলোছায়াই, আৰু তেওঁলোকৰ আলোচনাৰ একমাত্ৰ পাঠক হৈ ৰৈছিলোঁ মই  । কবিতাৰ আও-ভাও বুজি নোপোৱা এক কবিতাৰ প্ৰেমিক। আলোছায়াই টেবুলত ৰখা নোটবুকখন আনি কেতিয়া মেলি লৈ আঁক-বাঁক কৰাত লাগিছিলোঁ গমেই পোৱা নাছিলোঁ। 

আড্ডা লাহে লাহে গভীৰ হৈ পৰিছিল। আড্ডাৰ গভীৰতাৰ লগে লগে গভীৰ হৈ পৰিছিল মোৰ আঁক-বাঁকবোৰে। ৰেখাবোৰেও যেন কিবা এটা গঠন লব খুজিছিল। অদূৰত তেতিয়া টৰ্জাৰ বেৰৰ ফাঁকেৰে সোমাই অহা ৰদৰ ৰেখাবোৰে মজিয়াত তৰা আঁকিছিল। পূৱালী-আলোছায়াৰ আলোচনাৰ সন্নিবিষ্ট হৈছিল দুই-এফাঁকি কবিতা। নোটবুকত ৰেখাবোৰে লাহে লাহে শব্দৰ ৰূপ লবলৈ আৰম্ভ কৰিছিল। সন্মুখত বহি থকা আলোছায়াৰ চাদৰৰ পৰা তৰাবোৰ যেন তাইৰ পিছপিনে থকা মজিয়াত নৃত্য কৰাত লাগি গৈছিল। তেতিয়া চলি আছিল মিলিজুলি কবিতাৰ শ্বো’। 

ইমানো ভাল নাপাবা তুমি
ভাল পোৱাৰ প্ৰতিদানত ।
পূৱালীয়ে লাহে লাহে সুৰ আৰু চন্দৰ মিশ্ৰণত মাতি গৈছিল এটা কবিতাৰ শাৰী

তুমিতো এটি জোনাক আছিলা
তিতি গৈছিলা সপোন বৰষুণত
অভিমানৰ মৰুভূমিখন তেতিয়া শুকান আছিল।
-আলোছায়াই যোগ দিছিল সেই কবিতাত।

-জোনাকক লৈ গাইছিলা তুমি গান
তোমাৰো প্ৰেমিক হৈ পৰিছিল সপোন ।

-তোমাৰ ভালপোৱাৰ মৰুদ্যানখন শেষত পালোঁ
তাতেই তিতিলোঁ প্ৰেমৰ বৰষুণত
শব্দবোৰে জাকি পাতি
পেখন ধৰিলেহি।

-তাতেইযে ৰৈ গ’ল অভিমানৰ নদী
কাৰোবাৰ জোনাক
কাৰোবাৰ প্ৰেমৰ অভিলাষ
……..

তৰাবোৰে তেতিয়া তিৰবিৰাইছিল। শুভ্ৰৰঙী চাদৰখনে তেতিয়া মোৰ হৃদয়ত আঁকি পেলাইছিল এখন জোনাকী আকাশ। ফুলবোৰে তৰাৰ ৰূপ লৈ তাত জিলিকিছিল। চন্দ্ৰমাই কবিতাৰ নৈ বোৱাইছিল। অদূৰত সিঁচৰতি হৈ পৰি ৰৈছিল সাজলি-কাঁচলি একাঁচলি ৰ’দ। আলোছায়াৰ নোটবুকত মই অঁকা আঁক-বাঁকবোৰে এটা তৰাৰ গঠন ধৰিছিল। তাত ডাঙৰ ডাঙৰকৈ লিখা গৈছিল “তৰা”। সেই তৰা শব্দৰে বৈ আহিছিল। তললৈ…গভীৰৰ পৰা বামলৈ…হৃদয়ৰ পৰা বাস্তৱলৈ। 

-বাইদু, চাহ গৰম হল নিকি?-পুচকাৰ মাতত আমি ঘূৰি চাই দেখোঁ, চাহ তিনিকাপ টেবুলত পৰি আছে। চেঁচা হৈ গৈছে চাহ। মই নোটবুকখন জপাই আলোছায়াৰ ফালে চাই ক’লো-
-ছেঃ, তুমাৰ নোটবুকখন লেতৰা কল্লু দে…বোয়া নাপোবা।
-পাম। পাছে বহী লেতেৰা কৰা বাবে নহয়, মোক পূজালৈ নামাতা বাবেহে।
-ইস…. দেখচানা। আইভা
-নামাতিলেও আহিলোহেঁতেন। এতিয়া মাতিছা যেতিয়া যামেই আৰু
মুকলি মুকলি লাগি গৈছিল মনটো। আজি এক অবুজ পৃথিৱীৰ লগত মোৰ চিনাকি কৰাই দিছিল পূৱালী-আলোছায়াই। সপোনপুৰীত বিচৰণ কৰা যেন লাগিছিল তেতিয়া। কবিতা এনেয়ে ভাল পাইছিলোঁ, এতিয়াৰ পৰা কবিতাক বুকুত বান্ধি ৰাখিবলৈ ঠিৰাং কৰিছিলোঁ। পূৱালী তেতিয়া চাহৰ কাপ হাতত লৈ ভাৱনাত মত্ত।   



(ক্ৰমশঃ)