Saturday, May 14, 2016

আই আই টিৰ পথৰ নামকৰণ



আই আই টি গুৱাহাটীৰ পথসমূহৰ নতুনকৈ নামকৰণ কৰা হৈছে। অসমীয়া ফুলৰ নামেৰে নামকৰণ কৰা পথসমূহৰ নামে (যেনে গধূলি গোপাল পথ, সূৰ্য্যমুখী পথ) চৌহদটোৰ সৌষ্ঠৱ বঢ়ালে। সঁচাকৈ কবলৈ গ'লে ফিলিং একদম খাঁটি অসমীয়া খাঁটি অসমীয়া

[লিখনকালঃ ৭ অক্টোবৰ, ২০১৫] 

ম'হ বলিৰ বিপৰীতে এটি আহ্বান

১/ বছৰৰ বিহুটি মাৰিবলৈ মই সদায় উদগ্ৰীৱ, বিহু মাৰিবলৈ পেঁপাটিটো লাগিবই৷ ম'হৰ শিঙৰ পৰা প্ৰস্তুত কৰা বাদ্যবিধৰ প্ৰয়োজনৰ সময়ত আমি ম'হটোৰ প্ৰতি যে কিমান কৃতজ্ঞ! পিছে ভগৱানৰ নামত বলি দিয়াৰ সময়ত একা??
২/ অসমীয়া সংস্কৃতিত ম'হৰ এঠা দৈৰ এক সুকীয়া স্থান আছে৷ ম'হৰ এঠা দৈ বুলি ক'লে কাৰনো লোভ নালাগে? ভোগালীৰ সময়ত ম'হৰ এঠা দৈ নাপালে মনত কিমানযে দুখ নালাগে! পিছে বলিৰ সময়ত সেই দুখৰ পৰিৱৰ্তে আমাৰ মনত পাশৱিক উন্মাদনাই গা কৰি উঠে কিয়?
৩/ অসমীয়াৰ সমাজ জীৱনত, গাৰ্হস্থ জীৱনত ম'হ, গৰু, ছাগলী, হাঁহ, পাৰ আদি জীৱৰ অৰিহনা কিমান তাক দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই৷ গাখীৰৰ পৰা গোৱৰলৈ, গোহালিৰ পৰা গৰাললৈ প্ৰতিটো অসমীয়া সমাজ জীৱনৰ এক অাপুৰুগীয়া অংগ৷ পিছে দেৱীপুজাত বলি আগবঢ়োৱা সময়ত এই জীৱবিলাকৰ গুৰুত্ব কলৈ যায়? 

আহ্বানঃ
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী ধৰালৈ আহে জীৱজগতৰ শান্তিৰ নিমিত্তে৷ আমি আগবঢ়োৱা আমাৰ প্ৰিয় জীৱৰ তেজ খাবলৈ নহয়৷ বলিৰ তেজেৰে দেৱীক সন্তুষ্ট কৰাতকৈ অন্ততঃ তিনিটা এনেকুৱা কাম কৰক যিয়ে অতি কমেও তিনিজন মানুহক মানসিক শান্তি দিব পাৰে৷ আহক, বলি প্ৰচলন কৰা পুজাৰ কৰ্মকৰ্তা বা সমিতিসমূহক নেওচিও আমি নিজাববীয়াকৈ আৰম্ভ কৰোঁহক পুজাৰ নামত বলিপ্ৰথা বন্ধৰ বাবে আমাৰ নিজাববীয়া প্ৰচেষ্টা৷ আহক, মন্দিৰসমূহৰ নাকত নাকী লগাবলৈ আমিয়েই মাৰ বান্ধি থিয় দিওঁহক৷ পুজাৰ নামত বলি প্ৰথা বন্ধ কৰক আৰু আনকো এই আহ্বান কৰক৷

[লিখনকালঃ ২০ অক্টোবৰ, ২০১৫]

 

ব্ৰেকিং নিউজ

ব্ৰেকিং নিউজঃ আমিৰ খানৰ অসহিষ্ণুতাৰ ওপৰত কৰা মন্তব্যৰ ৰহস্য ফাদিল।
আমিৰ খানে মন্তব্য কৰিছিল যে তেওঁৰ ঘৈনীয়েকে (মন কৰিব-ঘৈনীয়েকে) অসহিষ্ণুতাৰ বাবে সন্তানক লৈ দেশ এৰিব বিচাৰিছে।
এৰা ! প্ৰতিখন চিনেমাতে ইমান হিৰোইনৰ লগত লেটিপেটি দেখিলে কোন ঘৈনীয়েকেনো মানুহজনক সহি থাকিব কওকচোন।

[লিখনকালঃ ২৬ নৱেম্বৰ, ২০১৫] 

ভোটাৰ চেলফি



পূজা চেলফি, বিহু চেলফিৰ বিৰোধৰ পিছত এইবাৰ ভোটাৰ চেলফিলৈ ১০০% সমৰ্থন আগবঢ়াইছোঁ। সকলোৱে আঙুলিত চিঞাহিৰ দাগেৰে সৈতে নিজৰ চেলফি তোলক আৰু ফেচবুকত আপলোডাই লাভ কৰক হাজাৰ হাজাৰ লাইক আৰু কমেণ্ট। 

[লিখনকালঃ  ৩ এপ্ৰিল, ২০১৬]


উজনি নামনি ৰাজনীতি



কংগ্ৰেছৰ পিছত এইবাৰ বুদ্ধিজীৱিমহলে উজনি-নামনি, আহোম-অনা আহোম খেলিব লোৱা নাইতো? কোনোবাই কিবা জানে নেকি বাৰু?

[লিখনকালঃ ১ এপ্ৰিল, ২০১৬]