Wednesday, April 7, 2021

হিতেন শৰ্ম্মাৰ দিনলিপি - ৭ (তৃতীয় অধ্যায়)

সময় যোৱাৰ লগে লগে কামৰ জটিলতাও বাঢ়ি আহিছে। আজিকালি মাজে মাজে বাহিৰলৈও যাব লাগে। কেতিয়াবা কটেশ্যন দিবলৈ, কেতিয়াবা আকৌ বিলৰ কামত। দাচ কম্পেনীৰ কামবোৰ যদিও সাধাৰণতে চৰকাৰী কাৰ্য্যালয়তে অধিক, মাজে মাজে অন্য ধৰণৰ কামতো ওলাব লগা হয়। কেতিয়াবা আকৌ কৰ-কাটলৰ কামতো যাওঁ। তেতিয়া অৱশ্যে ৰূপা বা খাটনিয়াৰ লগত থাকে। টেক্সৰ কাম অকলে কৰিব পৰাকৈ এতিয়াও বচৰ বিশ্বাসভাজন হব পৰা নাই মই। নোহোৱাৰ কথাই। টেক্সৰ কাম জানো একেদিনাই বুজিব পাৰি!

তেনেকুৱা এটা কামতেই ৰূপাৰ লগত ওলাইছিলোঁ এদিন। চেলচ টেক্স অফিচলৈ। মোৰ ভাৰাঘৰৰ পিছপিনেই অফিচটো। ৰূপা আৰু মই চিটিবাছত উঠিলোঁ। চিটিবাছত ভিৰ। মহিলাৰ বাবে সংৰক্ষিত আসনত বহি থকা বয়োবৃদ্ধ এজনক উঠাই কনডাক্তৰজনে এটা চিট খালী কৰি দিলে ৰূপাক। কিন্তু ৰূপা নবহিল। আৰু লগে লগে অন্য এজনী মহিলা হেঁচি আহি সেই চিটত বহি পৰিল। ৰূপা চাই ৰ’ল মানুহগৰাকীলৈ। কিন্তু একো নক’লে। তেনেকুৱা পৰিস্থিতিত কাজিয়া কৰিব পৰা ছোৱালী নহয় ৰূপা। ইমানদিনে লগ পাই অন্ততঃ এইখিনি জানিছোঁ। কিন্তু এৰি দিয়া কথাটোৱে মোক শান্তি নিদিলে।
- বাইদেউ, চিটটো এখেতৰ। আপুনি উঠকচোন। - ৰূপাৰ ফালে দেখুৱাই মই মহিলাগৰাকীক ক’লোঁ।
মহিলাগৰাকী থতমত খাই মোৰ ফালে চালে। এক মুহূৰ্ততে তেওঁ হিংস্ৰ হৈ প্ৰত্যুত্তৰ দিলে- 
- কৰবাত লিখা আছে নেকি?
- তেখেত বহি আছিল। কিন্তু বুঢ়া মানুহজন থিয় হৈ থকা বাবেহে উঠি দিছে।
- এইটো লেডিচ চিটহে।
- সেইবাবেই মহিলা এগৰাকীয়ে এৰা চিটটোত আপুনি বহিলেনেকি?
- বোপা, মই পাৰিম দিয়া। গাটো এতিয়াও ইমান বেয়া নহয় নহয়। এইবাৰ বৃদ্ধ ব্যক্তিজনে মাত লগালে।
- খুৰা। ৰবচোন। এই বাছখনত এজনো যোগ্য মানুহ নোলাবনে। 

ইতিমধ্যে আমাৰ কথোপকথনখিনিয়ে অন্যৰ দৃষ্টিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কাষৰ চিটৰ পৰা এজন আদহীয়া মানুহ থিয় হৈ এইবাৰ বৃদ্ধজনক তেওঁ বহি থকা চিটত বহুৱাই নিজে থিয় দিলে। মহিলাগৰাকী কিন্তু শিল যেন হৈ মুখ ঘূৰাই খিৰিকিৰে বাহিৰলৈ চাই বহিয়েই থাকিল।
-কিয়ে মক্কেল পাওঁ ন মাজে মাজে। মোৰ পগলাঘণ্টাই টিংটিঙাব ধৰোঁতেই ৰূপাই নিজে ওলোটাফালে ঘূৰি, মোকো ঘূৰাই দিলে আৰু মাত লগালে
- দে হব দে অ’। ইমান খং নকৰিবিচোন। সব মানুহ একে নাথাকে নহয়।

এটা সৰু ঘটনা। কিন্তু মনত সাঁচ বহুৱাই দিব পৰা ঘটনা। একেই সমাজৰ দুগৰাকী একেই মহিলা। অথচ কিযে ভিন্ন ভাৱধাৰা। 

কিছুসময় দুয়ো একো নামাতিলোঁ। কেৱল বাহিৰৰ ফালে চাই উনুকিয়াই থাকিলোঁ ঘটি যোৱা ঘটনাটোৰ কাৰণবোৰ। 
- অই চক্ৰেটিচ, ল’। কাষৰ পৰা ৰূমীয়ে চকলেট এটা উলিয়াই মোৰ হাতত গুজি দিলে।

চক্ৰেটিচ…চক্ৰেটিচ ! মনটোৱে পাকঘূৰণি খাব ধৰিলে। বহুদিন আগতে এৰি অহা এটা সম্বোধন। প্ৰিয়সকলে মতা এটা মৰমৰ মাত। কিমান যে অৰ্থ বহন কৰিছিল নামটোৱে। কিমান যে আনন্দ দিছিল। কিমান অৰ্থৰ গভীৰত সোমাই আছিল নামৰ মহিমা। আৰু হঠাৎ আজি!
 - কি বুলি মাতিলি?
 - চক্ৰেটিচ
- কিয় তেনেকৈ মাতিলি?
- তই বেয়া পাৱ যদি নামাতো দেই তেনেকৈ
- নহয় ৰহ। বেয়া পোৱা নাই। কিন্তু হঠাতে এটা অদ্ভূত মাতেৰে মাতিলি যে!
- অদ্ভূৎ কিয় হব? তোকতো আগতে মতা নামেই সেইটো!

আকৌ থতমত খালোঁ। ৰহস্য উলিয়াবলৈয়ে হয়তো অদৰকাৰীভাৱে উলিয়াইছিলোঁ কথাটো। আৰু কথাটোৱে কাম দিলে। ৰূপায়ো হয়তো সেইটোৱে বিচাৰি আছিল।
-তোৰ খবৰ অলপ চলপ ৰাখোঁ আজিকালি।
-হু? কিয়? – মনটোৱে পুনৰ হাহাকাৰ কৰি উঠিব ধৰিছিল। বন্ধ কিতাপ এখন লাহে লাহে খোল খাব ধৰিছিল। যোৱা পাঁচটা মাহে পাহৰণিত পুতি থোৱা কিছুমান বেয়া লগা অতীতে পুনৰ হাত বাউলী মাতিছিল। এক অজান আশংকাত পুনৰ শিহৰিত হৈ উঠিছিলোঁ। 
-অই। বহ। - চিটিবাছ ভৰলুমুখ পাইছিলহি। ভীৰ অলপ কমিছিল। পিছপিনে খালী হোৱা চিট দুটাৰ এটাত নিজে বহি মোকো বহিবলৈ ইংগিত দিলে ৰূপাই। 

কোনে দিছিল নামটো!! ক’ত! হলং-জলং চোলা, বেলবুতাম পৰিহিত চাৰ্ট-পেণ্ট পৰিধান কৰা বাবেইতো নামটো দিছিল। কিন্তু কোনে দিছিল! নাভাবো বুলি এৰি অহা কথাবোৰৰ মাজৰ এটা অধ্যায় পুনৰ আজি খুচৰিলোঁ। মনতেই। পূৱাই দিছিলে। উম। পূৱায়েই দিছিল। ক্লাছত। আৰু তাৰ পিছত লাহে লাহে বিস্তাৰ হৈ পৰিছিল নামটো।
- মোৰ নামটো কিয় দিছিল জান?
-জানো।
-কেনেকৈ? কোনে ক’লে তোক? এইবাৰ অলপ আচৰিত হৈয়েই সুধিলোঁ।
- কৈছে আৰু কোনোবাই।
- কচোন। 
- আৰু কচোন।
- আৰে ভাই মই সুধি আছোঁ কিবা আৰু তই কৈ আছ, কব লাগে?
- কথাবোৰ মনত ৰাখি নথবি। কবি। গোপনীয়তাই তোক আৰু হয়তো কাৰোবাৰ পৰা আঁতৰাই আনিব পাৰে। সেই বাবে সোনকালেই খোলোচা হ’বি। মনটোও পাতল লাগিব।
- চব বস্তু খুলিব নোৱাৰি। গাঁথিবোৰ বৰ টান। আৰু কাৰোবাৰ পৰা আঁতৰাই আনিবলৈ মই বা আছোৱেই কাৰ ওচৰত। কেৱল তহঁতেইতো আছ এতিয়া। 
- হিতেন। কেতিয়া এই চক্ৰেটিছএ এই ৰূপটো সলাবি কচোন। 
- সলালোঁ। মোৰ পোছাক সলনি হ’ল।
- কিন্তু মনটো?
- মনটোতো কেতিয়াবাই সলাই ল’লোঁ। বাৰু কচোন, তোক কোনে ক’লে কথাবোৰ। 
- মোৰ বান্ধৱী অজনীয়ে। 
- ক’ৰ? কোন?
- তহঁতৰ জুনিয়ৰ আছিল। বজালী কলেজত পঢ়িছিল।
- কি নাম? 
- মনত আছে জানো?
- কচোন। 
- কৰবী। 
- কৰবী কি লিখে?
- কৰবী কবিতা বুলিহে জানিবি চাগৈ। 
- কৰবী কবিতা!! মনত পেলাবলৈ যত্ন কৰিলোঁ কথাবোৰ। নাই নপৰিল। বহুত দকৈ ভাবিব লাগিব কথাবোৰ।

ৰূপা স্নাতকোত্তৰত একেলগে পঢ়িছিল তাইৰ লগত। বিষয় বেলেগ হ'লেও দুয়ো বিশ্ববিদ্যালয়ত ৰূমমেট আছিল। সেই বাবেই জানিছিল কৰবীয়ে জনা কথাবোৰ। মই কথাবোৰ ৰূপাক সবিশেষ সোধা নাছিলোঁ। তাই কবলৈ, বিষয়টো উলিয়াবলৈ চেষ্টা কৰিছিল যদিও মই বৰ বিশেষ সুবিধা দিয়া নাছিলোঁ। পাহৰণিত কিছুমান জীৱন্ত অতীত এৰি আহি নতুনকৈ আৰম্ভণি কৰিছোঁহি জীৱনটো। নতুন দিগন্তৰ সন্ধানত খোজ পেলাইছোঁ আগলৈ। এই যাত্ৰাত পাহৰণিয়ে খোকোজা লগোৱাৰ সুবিধাকণ মই নিদিওঁ। ‘সাহিত্য চ’ৰা’ মোৰ বাবে এতিয়া এক পাহৰণি মাথোঁ। তেতিয়া ঘটা ঘটনাবোৰ মই চাই অহা যেন একো একোখন নাটক মাথোঁ। কেতিয়াবা মনে নিবিচাৰিলেও তেনেকৈয়ে ভাবিবলৈ লৈছোঁ। জোৰকৈ হ’লেও। 
- মোৰ কথা একো নোসোধ?
- নোসোধো দে। কিন্তু এটা কথা কম।
-কি?
-তই ড্ৰেছিং ষ্টাইলতো অলপ সলনি কৰিবি।
-জানইতো। কম্পেনীত এইবোৰ…..
-হব আৰু। যিকোনো প্ৰথা সলনি কৰিব লাগিলে কোনোবাই আৰম্ভ কৰিবই লাগিব। তয়ে কৰচোন। 
-কিন্তু মালিকে বেয়া পায়। তেওঁ সদায় ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধাতো বিচাৰে। 
-কৈছে নেকি?
-মোক কোৱা নাই। কিন্তু তোৰজনীক কৈছে। 
-হা? কি ক’লি? কাক?
-মানে, ৰত্নাককৈছে
-ৰত্নাক অন্য কাৰনতো কব পাৰে। 
-অন্য কাৰণ কি থাকিব পাৰেনো!
-চা। ৰত্নাই মেনেজমেণ্ট পাৰ্টটো চায়। মিটিং আদি কামবোৰ তাই চম্ভালে। সেই বাবে তাই এটা কৰ্পোৰেট ষ্টাইলত থকাতো, প্ৰ’ফেচ’নেলিজম মানি চলাতো মালিকে বিচাৰিবই। যিহেতু প্ৰাইভেট লিমিটেড।
-জানো ! কিবা কয় যদি?
-তেতিয়া পিছদিনাৰ পৰা নানিবি। আচলতে সকলো ড্ৰেছেৰে চবকে নুশুৱায়। সেই বাবেহে কৈছোঁ।
-তই লগ কৰিব যাওঁতে ৰত্নাকো এইখিনি কথা কবি, হা!
-মানে?
মানে ডেটিঙত গ’লে। তাই চুৰিদাৰ পিন্ধি খুব ভাল পায়। কিন্তু বেচেৰীয়ে পিন্ধিবই নাপায়।
-ধই। কি বকি আছনো? 
-যেতিয়া যাৱ তেতিয়া অন্ততঃ কবি। তই ক’লে শুনিব, চিওৰ।
-তহঁতে কিবা ভাবিছ যদিও, কওঁ শুন। আমাৰ মাজত একো নাই।
-নাই যদি ভাল কথা। থাকিলে কিন্তু মনৰ ভিতৰত নাৰাখিবি। কৈ পেলাবি। 
-তইবিয়া নহৱ?
-হম।
-কেতিয়া?
-হয়তো অহা নৱেম্বৰ মানত। 
-ৱাৱ। দৰা ঠিক হ’ল?
-মই অৰূপক বিয়া পাতিমো হিতেন।
-কি কৱ? আমাৰ অৰূপক?
-অ’। 
-সি জানে?
-এতিয়া জানে। 
-ওহ। বঢ়িয়া কথা। 

এটা দীঘলীয়া যাত্ৰা। গুৱাহাটীৰ ট্ৰেফিক জামত পেঘেনীয়াই পেঘেনীয়াই চিটিবাছ যেতিয়া মালিগাঁওৰ পৰা গণেশগুৰি পাইছিল, আমাৰ মনবোৰ কিন্তু তাতোকৈ বহু দূৰলৈ আগবাঢ়িছিল। ৰূপাৰ কথাবোৰে মোৰ মনটোক কিছু পৰিমানে সকাহ দিছিল। কব নোৱাৰোঁ কিয়, মনটো পাতল পাতল লাগি গৈছিল। বৰ শান্ত আৰু চিধা ছোৱালী ৰূপা। কিমানযে সহজ হৈ কথাবোৰ কৈছিল। অথচ কথাৰ মাজত প্ৰসংগবোৰ সঘনাই সলাই মনটো ভাৰাক্ৰান্ত হবলৈও দিয়া নাছিল। বৰ সজাগ আৰু সাৱধান আছিল তাই। তথাপি ৰত্নাৰ কথাটোৱে মনটোক আকৌ এটা জঁটৰ পিনে ঠেলি দিয়া যেন লাগিছিল। জানো। ৰত্নাও বেয়া ছোৱালী নহয়। কথাবোৰত যদিও আধুনিকতাৰ ৰহণ লগাব যায়, মনটো কিন্তু আমাৰ চহা জীৱন লেখীয়াই। তথাপি এই বিষয়টো এতিয়া বৰ ভয় লাগে। প্ৰেম বুলি ক’লে, ভাল পোৱা শব্দটোৱে কঁপাই তোলে অতীত গহ্বৰৰ চাৰখাৰ হৈ যোৱা কিছুমান সময়। সেই সময় ঘূৰি চাবলৈ মই এতিয়া আৰু নিবিচাৰো। বিচাৰো মাথোঁ এটা গতানুগতিক জীৱন। প্ৰথম মাহৰ দৰমহাৰে দেউতাৰ হাতত ধূতী এখন উঠাই দিওঁতে দেউতাৰ মুখত প্ৰস্ফুটিত হাঁহিটো। মাই ওচৰৰ খুৰীক মাতি আনি মই দিয়া চাদৰ মেখেলাযোৰ দেখুৱাই থাকোতে মাৰ চকুত ফুটি উঠা উজ্জলতা। মই এতিয়া অতীতহীন, স্মৃতিহীন এটা মই হৈ থাকিব বিচাৰোঁ। 

গাড়ীৰ পৰা নামিয়েই আমি চেলচ টেক্স অফিচলৈ বুলি খোজ ল’লোঁ। এক নতুন অভিজ্ঞতাৰ বাবে। এটা অফিচিয়েল পাকচক্ৰৰ ফালে। 

[ৰচনাকালঃ ১৩ নৱেম্বৰ, ২০১৭]

হিতেন শৰ্ম্মাৰ দিনলিপি - ৬ (তৃতীয় অধ্যায়)

ৰাস্তাৰ ঘটনাক্ৰমত যিমান স্তম্ভিত হৈছিলোঁ, তাতোকৈ বহুত বেছি আশ্বৰ্য্য ৰৈ আছিল আমাৰ বাবে, জনসেৱাৰ নামত উচৰ্গিত এখন হাস্পতালত। হাস্পতালৰ কেজুৱেলিতিৰ এখন বিচনাত পেলাই ৰখা হৈছিল আহতজনক, সেই একেই সংজ্ঞাহীন অৱস্থাতেই। নাৰ্চৰ পৰামৰ্শমতে বাহিৰত পুলিচৰ অপেক্ষাত ৰৈ আছিল ল’ৰাদুজন। আৰু অটোৱালাজনে তাক নমায়েই লৱৰি গৈছিল ট্ৰেফিক পুলিচজনৰ সন্ধানত।

দহ মিনিটমান বৰ চিন্তাৰে পাৰ কৰি শেষত আমি ঠিক কৰিছিলোঁ, কথা পাতিব লাগিব। ডক্টৰৰ লগত কথা পাতিব লাগিব। সেই বুলিয়েই বাধা স্বত্বেও মমিন আৰু মই সোমাই গৈছিলোঁ কেজুৱেলিটিৰ ভিতৰত। 
-চিষ্টাৰ, ডক্টৰ ক’ত?
-কোনটো পেচেণ্ট?
-৩ নং বেদত থকাজন
-সেই যে এক্সিডেণ্ট কেচটো?
-অ’। এতিয়ালৈকে একো কৰা নাই যে?
-মদ খাই পৰিছে। মদাহী। তাতে পুলিচ কেচ। আগতে পুলিচ আহিব লাগিব। তাৰ পিছতহে চিকিৎসা হব।
-কি? মানুহজন চেঞ্চলেচ। তাৰ পিচতো?
-হাস্পতালৰ নিয়ম।
-ডক্টৰ ক’ত?
-ডক্টৰেও একো কৰিব নোৱাৰে। 
-পাৰে, নোৱাৰে আমি কথা পাতিম। মাতক।

প্ৰচণ্ড খং উঠিছিল। হয়তো খঙৰ ভমকতে মাতো ডাঙৰ হৈ গৈছিল। ওচৰৰ পেচেণ্ট আৰু এটেণ্ডেণ্টবোৰে আমাৰ ফালে ঘূৰি চাইছিল। কিন্তু মাত মতা নাছিল। মদাহীলৈও খং উঠিছিল। সেইটোপা নাখালে নহয়েনে? এতিয়া মৰ বাপ্পেকে।
আমি ডক্টৰৰ লগত কথা পাতিও বিশেষ একো লাভ নহ’ল। যন্ত্ৰ হৈ পৰিছে এই ডক্টৰবোৰো। কেৱল পইচা আৰু পইচা। তাৰ বাহিৰে একো চিনি নাপায় ইহঁতে। এইবাৰ গৰম হৈ আমি ওলাই আহিলোঁ মেনেজমেণ্টক লগ কৰোঁ বুলি। 

-অ’ই হিতু। ঘূৰি চাই দেখিলোঁ গাঁৱৰে অৰুণদা। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। হাতত বেগখন লৈ সি ৰৈ আছে।
-অৰুণদা। ইয়াত আইছু ৰবা। পেচেণ্ট এটা আছে। - অন্য কথাত নালাগি চিধাই পেচেণ্টৰ কথাই উলিয়ালোঁ।
-কুন হয় পেচেণ্ট?
-নাজনু। এক্সিডেণ্ট কেচ। ৰাস্তাৰ মাজৰ পৰা উঠে আনচু। 
-মেজৰ কিবা হৈছি নিকি?
-নাই। ডক্টৰে চাৱয়ে নাই। পুলিচ কেচ কাৰণে।
-দাদা, আপুনি এবাৰ কৈ চাওকচোন নহ’লে ডক্টৰক। আপোনালোকৰ চিনাকি থাকে যে, কৰি দিবও পাৰে। - এইবাৰ মমিনে অনুৰোধ কৰিলে। 
-ৰবচোন, চাওঁ। কোনটো পেচেণ্ট?
-৩ নং বেডত।
-ৰহ। তহঁতে ইয়াতে থাক। মই গৈ কৈ চাওঁ।

অলপ সময় পিচত অৰুণদা ওলাই আহিল। মুখত প্ৰসন্নতাৰ চিন। হয়তো ডক্টৰক কিবা বুজাই আহিছে।
-পইচা পাতি অলপ লাগবা পাৰে। আছেনা?
-অলপ আছে। মেনেজ কৰবা পাৰিম। ডক্টৰে কি কলাক?
-চাবো। কেৱল বাইকে খুন্দো বুলি কাকো নকবি। মই নিজে বাইক চলে আহোতে পৰা বুলি কৈছোঁ।
-এনেহেন কিবা নিয়ম আছে নেকি?
-মানুহভেদে নিয়ম। বাদ দে। একো নকবি আৰো। আমাৰ কামটু হ’লি হ’ল। বাৰু ৰহ। মই চেম্বাৰৰ পৰা আহু। বৰদলৈ যাবো। তেওঁক লগ কৰি আহি আছু। মানুহটুৰ ঘৰৰ কুনবাক মাত। হলাক বুলি তুহুন আৰো কিমান সময় ৰ’বি!
-হোবো দে। কিবা দৰকাৰ হোলি তুমাক ফোন মাৰিম কিন্তু।

এইখিনি সময় কিযে এটা দুশ্চিন্তা হৈছিল। আৰু সেই দুশ্চিন্তা অৰুণদাই এক মিনিটত সমাধা কৰি পেলাইছিল। মমিন আৰু মোৰ মনটো অলপপাতল লাগি গৈছিল। মদাপী হ’লেও তেৱোঁ মানুহ। আৰু মানৱীয় সহানুভূতিৰ পৰা তেৱোঁ বঞ্চিত হব নালাগে। এই কথাটোৱেই এইখিনি সময় মোৰ মন-মগজু আৱৰি আছিল। অৱশেষত যেনিবা অন্যধৰণে হ’লেও কামটো কিছু পৰিমাণে লাইনত আহিল।

মমিনে ইতিমধ্যে বাহিৰত বহি থকা ল’ৰা দুজনৰ পৰা গম লৈছিলেই। আহতৰ ঘৰত খবৰ দিছিল। সিহঁতৰ দেউতাকো আহি থকা বুলি ল’ৰা দুজনে জনাইছিল। 

মুঠতে আৰু আধা ঘণ্টামান সকলো ব্যৱস্থা কৰোঁতে লাগিছিল। সময়ো ইতিমধ্যে ভালেখিনি হৈছিলহি। জুনিয়ৰো ৰৈ থাকিব। চাকৰি পোৱাৰ পিছত কিবা এটা প্ৰগ্ৰাম কৰিছোঁহে। আজিয়েই পিছুৱাব ভাল নালাগিব। সেয়ে ল’ৰা দুজনৰ দেউতাক আহি পোৱাৰ পিছত ডক্টৰক জনাই, মানুহ দুজনৰ হাতত ৰোগীক সপি আমি ওলাই আহিছিলোঁ।

এক বুজাব নোৱাৰা অনুভূতিয়ে মনটো খুন্দিয়াইছিল। কিন্তু আজিকালি এইবোৰতো সাধাৰণ কথা। ঘটিয়েই থাকে। ডক্টৰেওতো তাকেই কৈছিল। এইবোৰ ঘটিয়েই থাকে। তেন্তে আমাৰ মনত ইমানকৈ কথাটোৱে খুন্দিয়াইছিল কিয়! ঘটনাক্ৰম আমাৰ বাবে ইমান এটা সহজ ঘটনা হৈ থকা নাছিল কিয়? সময়ৰ লগত আগবাঢ়ি যোৱাত আমি কৰবাত ৰৈ গৈছিলোঁ নেকি! নে জোখতকৈ সমাজহে সময়ৰ গতিত বেছিকৈ আগবাঢ়িছিল। 

সন্ধিয়াৰ সময়খিনি তেনেকৈ পাৰ হ’লেও ৰাতিটো ভালদৰেই পাৰ হৈছিল। “এসাজ জুতি লগাই খাওঁ”ত এসাজ ভালকৈয়ে খাইছিলোঁ। মমিনকো অৱশেষত মাতিছিলোঁ ৰাতিৰ সাজৰ বাবে। সি গম পাই গৈছিল যে মই এটা চাকৰি পাইছিলোঁ। হয়তো ভালো পাইছিল। গুৱাহাটীলৈ অহাৰ দিনৰে পৰা সিহঁতে মোক লগ পাই আহিছে। মই খুলি নকলেও মোৰ কিছু কথা সিহঁতেও জানে। দেখি আহিছে, কষ্টকৰ সেই দিনবোৰৰ পৰা। ৬-৭ কিঃমিঃ পৰ্যন্ত খোজ কাঢ়ি টিউশ্যন পঢ়াবলৈ যোৱাৰ সময়ত বহুদিন সিয়েইতো মোক ৰিক্সাত উঠাই নিছিল। মাৰ্কেটিং কম্পেনীত কাম কৰোঁতে বহুকেইটা প্ৰডাক্ট কিনিছিল। দুখৰ সময়ত তেনেকৈয়ে সিহঁতে সহায় কৰা নাছিল জানো! 

খাদ্যৰ সোৱাদতকৈও কেতিয়াবা প্ৰাপ্তিৰ সোৱাদ অধিক হব পাৰে। এটা ৰাতি ঘৰৰ বাহিৰত একেলগে খোৱা এসাজ ভাতে প্ৰাপ্তিৰ পোনপটীয়া আনন্দ দিছিল। জুনিয়ৰে এনেয়ে মাছ নাখায়, আমাক সহযোগ কৰাৰ বাবেই মাছৰ খাৰ সিদিনা খাইছিল সি। আঞ্জাত দিয়া অধিক মছলাই সিদিনা আমাৰ পেটৰ অসুখ কৰিব পৰা নাছিল। মনে গ্ৰহণ কৰা বাবেই হয়তো পেটেও গ্ৰহণ কৰি লৈছিল অলপ সুখৰ সোৱাদ, প্ৰাপ্তিৰ আনন্দত।   

[ৰচনাকালঃ ২১ অক্টোবৰ, ২০১৭]

Sunday, July 1, 2018

তোমাক দেখিলেই…

কিয় জানো আজিকালি
তোমাক দেখিলেই বুকুখন কঁপে৷

ইপাৰৰ সৌৰভ সিপাৰত বিলাই
কিয় জানো আজিকালি
তোমাৰ হুমুনিয়াহে সপোন কাঢ়ে
তুমিও জানা, ময়ো
হেপাহৰ ৰং বেদনা নহয়
কিয় জানো আজিকালি
তোমাৰ দৃষ্টিয়ে বৰদৈচিলা আনে৷

তুমিও ভাবা, ময়ো
মোৰ কল্পনা তোমাৰ অতীত নহয়
তথাপি কিয় জানো
কিয় জানো বাৰে বাৰে মনলৈ আহে
পাখিলগা অতীতৰ সপোনমধুৰ আশাবোৰ
কিয় জানো বাৰে বাৰে লুকাই যায়
সত্বাৰ সুৰভিপূৰ্ণ প্ৰেমকেতেকীৰ বসন্তবোৰ
মৰহি যায় নিয়ৰৰ গছকত দূৱৰিৰ পাতবোৰ
সেয়াই হবলা প্ৰেম, তাতেই বৈচিত্ৰ৷

কিয় জানো আজিকালি
তোমাৰ শিৰত জোনাক দেখিলে
চকুৰে নিয়ৰ সৰে৷
নিলীম প্ৰেমেৰে অলকানন্দা নমাই
কিয় জানো আজিকালি
তোমাৰ দৃষ্টিত পৰিপূৰ্ণ নিৰাশা দেখিলে
অভিমানবোৰ ভাপ হৈ উৰে৷
তুমিও কান্দিবা, ময়ো
তোমাৰ বেদনা আনন্দ নহয়
কিয় জানো আজিকালি
তোমাৰ হাঁহিত উজ্জীৱিত বেদনা দেখিলে
হৃদয়ে নিহপালি দিব খোজে৷
তুমিও দেখিবা, ময়ো
হৃদয়বীণৰ সুৰ লয়হীন নহয়৷
তথাপি কিয় জানো
কিয় জানো বাৰে বাৰে মনলৈ আহে
সোঁৱৰণীৰ কোঠাত লিপিৱদ্ধ বেদনাবোৰ
কিয় বাৰু বাৰে বাৰে বিবৰ্ণ হৈ যায়
মধুময় প্ৰেমৰ শ্যামল দলিচাখন
হেৰাই যায়,
আশাভৰা তাঁতৰ ৰঙীন আঁতবোৰ৷

তাতেই হবলা প্ৰেম
তাতেই বৈচিত্ৰ
য'ত,
তোমাক দেখিলেই
মাথোঁ তামাক দেখিলেই
বুকুখনি কঁপে৷

【ৰচনাকালঃ ২৪/১২/২০০৫, ২২:০৫】

Thursday, June 28, 2018

আইৰ অসুখ

অজস্ৰ দানৱৰ বেহু ভাঙি
তই সাজিছিলি শিল্পৰ প্ৰতিমা
তই আছিলি নিপীড়িতৰ গান
কাইটি, আমি ভালেই আছোঁ দে৷

তই যে কৈছিলি
আমি আগবাঢ়ি যাওঁ ব'ল,
গ'লোঁ৷ গৈ গৈ বহুদূৰ পালোঁগৈ৷
কাইটি মই এতিয়া ক'ত!
ঘূৰি চাই দেখোন মোৰ আইকেই নেদেখো৷

কাইটি, আমি ভালেই আছোঁ দে
যি সম্প্ৰীতিৰ বাবে তই ফেৰেংগাডাও হৈছিলি,
সেই সম্প্ৰীতি এতিয়া মজবুত৷
আমি চিনি পাওঁ,
আমি বড়ো নে ৰাভা
কাৰ্বি নে ডিমাচা
আহোম নে কলিতা,
ভৈয়ামৰ নে পাহাৰীয়া৷
মোৰ আই হেৰাল অ' কাইটি৷
অসমীয়া বুলিবলৈ আমি এতিয়া এঠেঙীয়া৷

জান কাইটি!
তই খালী ভৰিৰে ঘূৰি পোহৰ বিলোৱা ঠাইত
এতিয়া বুটৰ খোজত ৰক্তপাত হয়
আমাৰ মাজতেই৷
তই গান গোৱা চোতালবোৰত
এতিয়া চলে জাতিৰ বিৰুদ্ধে অভিসন্ধি৷
মোৰ আই নৰীয়াত পৰিল অ' কাইটি
কেনেকৈনো সুশ্ৰূষা কৰোঁ এতিয়া!

তোৰ শেষ ৰাগিণীলৈ বৰকৈ মনত পৰিছে আজি
আইয়ো অকলশৰীয়া হৈ পৰি আছে সভ্যতাৰ বাৰান্দাত
তোৰ দৰে গাইছে,
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনীত
কল্যাণ খৰমান
কি কৰোঁ কচোন!
আইক এনেকৈ চাব পৰা নাই৷

তই অহা কথা আছিল
ফুটবল খেলাৰ কথা আছিল সমন্বয়ৰ
জ্যোতি কাইৰ বাণীৰে ভঙা কথা আছিল
কুসংস্কাৰ আৰু মনৰ ভেদভাব৷
নালাগে দে আহিব
ভয় লাগে,
তোক যদি পুনৰ সজোৱা হয় বামপন্থী
তোক যদি পুনৰ সজোৱা হয় জাতিদ্ৰোহী
পুনৰ যদি কৰা হয় ক্ৰুছবিদ্ধ!
আই মৰি থাকিবও কাইটি
আপোন পুত্ৰৰ ওপৰত
সতীয়া পুত্ৰৰ এই অত্যাচাৰ
কেনেকৈনো সহিব আয়ে৷

নালাগে পুনৰ আহিব
তই তাতেই থাক৷
২০ জুন আছে নহয়
সিদিনা তোক চিঞৰি চিঞৰি মাতিম
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি৷
তই মাথোঁ আওৰাবি তোৰ সেই প্ৰিয় গান
পৰজনমৰ শুভলগনত
যদিহে হয় আমাৰ দেখা...৷৷

【ৰচনাকালঃ ২০ জুন, ২০১৮】

Friday, June 15, 2018

বন্ধু, প্ৰেম, মৃত্যু ইত্যাদি

বন্ধু প্ৰাণত
শান্ত সাগৰৰ
কোবাল হাৰিকেন মাথোঁ৷
বন্ধু কৌতুকত
নিষ্প্ৰাণ শৰীৰৰ
এটি হৃদস্পন্দন মাথোঁ৷

প্ৰেম আকাশৰ
প্ৰেম পথাৰৰ
এবুকু কল্পনা মাথোঁ
প্ৰেম দুচকুত
প্ৰেম দুবাহুত
অশান্ত যন্ত্ৰণা মাথোঁ৷

মৃত্যু ছাঁৰ
মৃত্যু জীৱনৰ
এটি অৱসাদ মাথোঁ৷
মৃত্যু হৃদয়ৰ
মৃত্যু অন্তৰৰ
ক্ষন্তেক জিৰণি মাথোঁ৷

【ৰচনাকালঃ ০৬/০৩/২০০৩ - ২২:০০】

Wednesday, June 13, 2018

অনুভৱ মোৰ

বৰষুণত তিতাৰ দিনা মই অনুভৱ কৰিছিলোঁ
ইতিহাস মোৰ পিছত আছিল
তেতিয়া মই বৰষুণ ভাল পাইছিলোঁ
গোটেই পৃথিৱীৰ ৰং দেখিছিলোঁ সেউজীয়া
প্ৰেমৰ ৰং সেউজীয়া বাবেই
গোটেই জীৱন বৰষুণত তিতি
অপেক্ষা কৰিছিলোঁ এজাক প্ৰেমৰ বৰষুণ৷

আৰু আজি!
যেতিয়া পৰিপূৰ্ণতাৰ পথত
সাগৰ দেখিছোঁ বৰষুণৰ বোকোচাত
আৰু তাৰেই ঢৌবোৰৰ বুকুত উটি অহা এটি ভঙা পঁজা
বাৰে বাৰে মনলৈ আহিছে
উৰুঙা হোৱা মোৰ প্ৰেমৰ পঁজা৷

আজি উভতি চাইছোঁ
ইতিহাস মোৰ পিছত নাই
আছে মাথোঁ বিষাদ বিষন্নতাৰে ভৰপূৰ
এখন অনুভৱৰ শৰাই৷

【ৰচনাকালঃ ২৮/০১/২০০৮ - ১৫:০১】

Monday, June 11, 2018

আন্ধাৰ

বতাহজাক ঠিকেই বলিছিল
বেলিও ঠিকেই উদয় হৈছিল
কেনা লাগিছিল মাথোঁ আন্ধাৰত৷

মুখৰ হাঁহিত যুগমীয়া হৈছিল সুখ
অথচ বাঢ়ি গৈছিল ৰক্তচাপ
জাউৰিয়ে জাউৰিয়ে উকিয়াইছিল সপোনে
কেনা লাগিছিল মাথোঁ টোপনিত৷

সুখৰ দৌৰত দৌৰাৰ ভয়ত
পাহৰি গৈছিল দুখ
বাস্তৱৰ পাকচক্ৰৰ হেঁচাত
লহপহকৈ বাঢ়ি আছিল নিচা৷

সময়বোৰ ঠিকেই গৈ আছিল
ছেকেণ্ডৰ পৰা মিনিট, মিনিটৰ পৰা ঘণ্টা
অথচ কেনা লাগিছিল তাতেই৷

নৈবোৰ বৈ আছিল
সলনি হৈছিল মাথোঁ পানীৰ বৰণ
পথাৰবোৰ ঠিকেই আছিল
সলনি হৈছিল মাথোঁ তাত গজা শস্যবোৰ
ধানৰ ঠাইত ক্যাকটাছ গজিছিল৷

বতাহজাক ঠিকেই বলিছিল
অথচ উৰি ফুৰিছিল কৃত্ৰিমতাবোৰ
বেলিও ঠিকেই উদয় হৈছিল
অথচ তাৰ তাপত পুৰি শেষ হৈছিল সভ্যতা
সংস্কৃতিৰ প্ৰতি আলস্যই
কঢ়িয়াই আনিছিল মাথোঁ আন্ধাৰ,
উৎকট,
ভয়াবহ
পৰিধিহীন
আন্ধাৰ৷

【ৰচনাকালঃ ০৩ ফেব্ৰুৱাৰী, ২০১০】

Monday, June 4, 2018

অনন্যাৰ চাকৰি হ'ল

অনন্যাৰ চাকৰি হ'ল।
জীৱন বীমাত কাম কৰা
অনন্যাৰ চাকৰি হ'ল।
মানুহৰ দুৱাৰে দুৱাৰে
মাহৰ মূৰত প্ৰিমিয়াম বুটলি ফুৰা
অনন্যাৰ চাকৰি হ'ল।

চৰকাৰী বিভাগৰ সৰু কেৰাণী পদত
অনন্যাৰ চাকৰি হ'ল।
ঘৰৰ নামত উৱলি যোৱা চাৰিখন বেৰ
শয্যাগত মাতৃ,
আৰু দৰৱভৰ্তি মেজত
নিদ্ৰামগ্ন অনন্যাৰ উচ্চশিক্ষাৰ প্ৰমানপত্ৰ।
শংকিত নহয়
গৰ্হিত নহয়
সত্তৰ টকীয়া ডায়েৰীত
প্ৰতিপল কষ্টই যাক বিচাৰি ফুৰে গান্ধীপৰশ,
কাৰোবাৰ অনুগ্ৰহত সেই অনন্যাৰেই
চাকৰি হ'ল।
চৰকাৰী বিভাগৰ এটা সৰু পদত।

আনৰ জীৱন বীমাৰ নামত
নিজৰ জীৱন বন্ধকত থৈছিল,
আনৰ সপোন বাস্তৱায়িত কৰিবলৈ
নিজৰ সপোন বিসৰ্জন দিছিল,
আনৰ যৌৱনস্পৃহা পূৰাবলৈ
নিজৰ সতীত্বক বিসৰ্জন দিছিল।
কোনে  জানে এইবোৰ কথা?
জানে মাথোঁ তাই
জীৱন বীমাৰ এজেণ্ট অনন্যা
ঘৰ বুলিবলৈ
উৱলি যোৱা চাৰিখন বেৰ
আৰু ভঙা বিচনাখনত
শয্যাগত মাতৃ।

ঘৰখনৰ বাবে যিটো প্ৰয়োজন,
প্ৰয়োজন নিজৰ বাবে
আৰু শয্যাগত মাতৃৰ বাবে,
সেই অনন্যাৰে চাকৰি হ'ল।
চৰকাৰী বিভাগ এটাৰ সৰু পদত
শিক্ষা প্ৰমানপত্ৰৰ তলেৰে
হিতাকাংক্ষীৰ অনুগ্ৰহেৰে।
নিজৰ যৌৱনৰ বিনিময়ত হ'লেও
অনন্যা আজি চৰকাৰী চাকৰিয়াল।।

[ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯- ২২:৪৫]

Sunday, June 3, 2018

জোনাকৰ বতৰা

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
একেই আছে মোৰ অনুভূতিবোৰ
মাজে মাজে মাথোঁ
অনুভৱ হ'লে মোৰ নিসংগতাৰ মুহূৰ্তবোৰ
জ্বলি উঠে বুকুখন৷
অৱশ্যে মনত পেলাও তেতিয়া
জোনজনীলৈ৷

ধৰিব পাৰিছেনে কাৰ কথা কৈছোঁ
সেই যে,
যাৰ শুভ্ৰ আঁচলত
আপুনি আৰু মই
কথা পাতিছিলোঁ প্ৰতিনিশাই
যাৰ আভাই পুলকিত কৰিছিল
বিলাই দি
আচিয়ানাত সিচঁৰতি হৈ পৰা
আপোনাৰ অনুৰাগবোৰ!

জানেনে?
আপোনাক হেৰুওৱাৰ পিছত মই
বহুদিন কথা পতা নাছিলোঁ
জোনজনীৰ সৈতে
অতীতত বিলীন হোৱাৰ ভয়ত৷
অাজি জোনজনীয়েই দিলেহি মোক
এক আজৱ ঠিকনা
জোনাকেৰে ভৰা অন্য এক আচিয়ানা,
যাৰ প্ৰভাত মই বিলীন কৰি দিব পাৰিছোঁ মোক৷
চিনিব পাৰিছোঁ নিজক৷

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
কুশলেই আছে মোৰ জোনজনীও
আৰু কুশলে আছে
জোনাকে ঠিকনা দিয়া জোনৰ নতুন ঠিকনা৷৷

【ৰচনাকালঃ ১৭ ছেপ্তেম্বৰ, ২০০৯ - ৮:৪৫】

Saturday, June 2, 2018

গুড বাই বুলি কব নোৱাৰোঁ

আকাশৰ প্ৰতিপল নীলাত আজি উৰি ফুৰিছে
নিৰ্মেঘ গৰ্জন
বতাহৰ প্ৰতিক্ষণ সোঁতত নাচি উঠিছে
বতাহৰ ক্ৰন্দন
প্ৰতিক্ষণ সময়ে মন আকাশত বিলাই দিছে
বেদনাৰ ঘন্টাধ্বনি৷
তাৰ পিছতো
মণিকোঠাৰ যিখন আসনলৈ এদিন
জনাইছিলোঁ আদৰণি
কোনো হাতোৰাৰে উভালিব নোৱাৰো সেই ধ্বনি৷

বিদায় নামাগিবা
আজি গুডবাই কব নোৱাৰোঁ তোমাক৷

【ৰচনাকালঃ ২৭ জুলাই ২০০৭, ২০:৩০】

Thursday, May 31, 2018

প্ৰেম আৰু এজাক পোহনীয়া ধুমুহা

উৰি উৰি শত গ্ৰহ নক্ষত্ৰ
পোহৰাই শ্যামলী ধৰিত্ৰী
মোৰ বুকুতেই সপোন ৰচিলেহি
প্ৰেম৷
মলয়াৰ দৰে,
মৌচুমীৰ দৰে,
অথবা বৰদৈচিলাৰ দৰে
প্ৰেম,
তুমিও এজাক পোহনীয়া ধুমুহা৷

মনত পৰেনে মলয়া
তোমাৰ জন্মদিনত মই যঁচা
তোমাৰ প্ৰিয় উপহাৰৰ কথা
আৰু তুমি দিয়া কবিতাৰ এটি মধুৰ ৰেখা৷
তোমাৰ দৰে কোমল তাৰ সুৰ,
তোমাৰ দৰে নীৰ্জু তাৰ চাৱনি৷
তোমাৰ জন্মদিনৰ উপহাৰেই
আজি মোৰ জীৱনৰ শ্ৰেষ্ঠ নষ্টালজিয়া৷

তুমি জানা! মৌচুমী,
কিমান মৰম পালে
হৃদয়ক  নতুনকৈ গঢ়িব পাৰি!
তুমি জানানে
কিমান আশাত
জীৱনক জীয়াই ৰখাৰ সপোন দেখুৱাব পাৰি
তুমিতো ভালকৈয়ে জানা
কিমান মৰমেৰে গাব পাৰি
বলীউডৰ শ্ৰেষ্ঠ প্ৰেমৰ গীত৷

তোমাৰ আব্দাৰ,
তোমাৰ অভিমান,
তোমাৰ খং-অনুৰাগ
আৰু তোমাৰ বোকোচাত বান্ধি লৈ অহা
এটি এটি স্মৃতিৰ পল
আজি মোৰ বুকুত বলা এজাক ধুমুহা
মৌচুমী, তুমি প্ৰেমৰ এজাক পোহনীয়া ধুমুহা৷

তোমাৰ সুখৰ সোঁতত ভৰ দি উটি যোৱা
মোৰ সেই অতীত প্ৰেমৰ মধুৰ যন্ত্ৰণা
কিয়?
কিয় বৰদৈচিলা
তাক সলনি কৰি কিয় দিলা চন্দহীনতা
তুমি কিয় বুজি নাপালা
তোমাৰ এষাৰ মাথোঁ মাততেই যে
নকৈ গজালি মেলিব পাৰে
অৰ্ধচেতন এটা জীৱনৰ হেপাঁহ৷
তোমাৰ এপল চাৱনিতযে
স্তব্ধ হৈ যাব পাৰে,
জীৱন-মৃত্যু, সকলো যন্ত্ৰণা৷
অথবা তোমাৰ হৃদয়ৰ প্ৰতি উচ্চাৰণতযে
সৃষ্টি হ'ব পাৰে এক অভিনৱ কবিতা৷
আৰু আজি !
তোমাৰ মুখৰ প্ৰতিষাৰ কথা
আজি মাথোঁ বৰদৈচিলা,
এজাক উৰণীয়া ধুমুহা
মোৰ হৃদয়ৰ এজাক পোহনীয়া ধুমুহা৷

তোমাৰ আগমনত থানবান আজি মোৰ
অতীত প্ৰেমৰ মধুৰ যন্ত্ৰণা
মৰহি যাব ধৰা
নকৈ গজালি মেলা জীৱনৰ হেঁপাহ৷
আৰু বিচ্ছেদৰ বেদনাত নিৰ্বাক
তোমাৰ উচ্চাৰণত মই লিখা
সেই অভিনৱ কবিতা৷

কি লিখিম কবিতা,
তুমিতো বুজিয়েই নোপোৱা কবিতাৰ ভাষা৷

প্ৰেম,
তুমি আজি এজাক ধুমুহা৷
জানো,
যুগ যুগ তুমি হৈ ৰবা পোহনীয়া
প্ৰেম বুলি হৈ থাকিবা তুমি এজাক পোহনীয়া ধুমুহা৷

【ৰচনাকালঃ ২৭ জুলাই, ২০০৭ - ১৪:৩০】

Wednesday, May 30, 2018

সোঁৱৰণীৰ এপিটাফ

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ,
তাতেই মেলি লম আমাৰ প্ৰেমৰ অধ্যায়বোৰ৷
আকৌ এবাৰ উভতি যাম
ইতিহাস হৈ ৰোৱা মসৃণ পথবোৰলৈ৷
জুকিয়াই চাম আমাৰ ভুলবোৰ৷

ভুল অৱশ্যে তোমাৰ নাছিল৷
মাত্ৰাধিক বিশ্বাসেৰে তোমাৰ শংকাবোৰত
বিচাৰি চলাথ কৰিছিলোঁ প্ৰেমৰ উপমা৷
অথচ,
সহানুভূতিত পুষ্ট তোমাৰ আত্মীয়তাত
ক'তো নাছিল সেই উপমা৷
তথাপি,
ভুল কৰিছিলোঁ ময়েই৷
পৱিত্ৰ আমাৰ সোঁৱৰণীৰ ঘাটত
স্থাপন কৰিছিলোঁ অনাত্মীয়তাৰ বীজ৷

থাকক দিয়া ভুলবোৰ!
এদিন আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
ভুলবোৰ বাদ দি তাতেই কথা পাতিম আমি,
তাহানিৰ সেই ৰগৰসনা ডিঙৰাত বহি৷
তোমাৰ সান্নিধ্যত আকৌ কলৰৱ কৰি উঠিব
মোৰ হৃদয়ে৷
সৃষ্টিৰ অমিয়া সুৰত হৃদয়েৰে বৈ আহিব
অখাদ্য সেই কবিতাবোৰ৷

এইবাৰ কিন্তু গুছি নাযাবা তুমি
ঠিক আগৰ দৰে৷
পাৰাপাৰহীন অনিশ্চয়তাত বুৰাই থৈ
মোৰ প্ৰেমৰ ডিঙৰা৷
নহ'লে আকৌ ভুল হৈ যাব৷

ভুল অৱশ্যে তোমাৰ নহয়৷
আৱেগৰ গুৰিব'ঠা ধৰি পাৰাপাৰহীন ভৱিষ্যতত
কোনে মেলি দিব পাৰে জীৱনৰ ডিঙৰা৷
ভটিয়াই গৈ ময়েই পাম আকৌ সেই উপকূল
য'ত বলুকাৰ বুকুত চকুপানীৰে অংকিত হ'ব
মোৰ ভুলৰ ছবি৷
আগৰ সেই একেই ভুল!

এইবাৰ আহিবা আমাৰ সোঁৱৰণীৰ সেই ঘাটলৈ,
য'ত স্তুপীকৃত হৈছিল তোমাৰ প্ৰেৰণাবোৰ৷
আৰু বান্ধ খাই পৰা মোৰ আশাৰ টোপালবোৰ৷
আহিবা সেই ঘাটলৈ,
য'ত লঙ্গৰ পেলাইছিল তোমাৰ শব্দ অনুভূতিয়ে৷
অথচ, দিশহাৰা হৈ পৰিছিল
আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰা
মোৰ নিসংগ প্ৰেমৰ কণিকাবোৰে৷
পুনৰাই ভুল নহয় এইবাৰ,
কথা দিছোঁ৷
পুনৰাই নহয় ভুল৷
কিয়নো, সোঁৱৰণীতেই সৎকাৰ কৰিছোঁ
মোৰ অপত্য সেই স্নেহবোৰ৷
ঠিক তোমাৰ দৰেই,
হয়তো তাতোকৈ পটুতাৰে৷
ত্ৰুটীহীনভাৱে লিখি যাবলৈ সংকল্প কৰিছোঁ
সোঁৱৰণীৰ পাতবোৰ৷

ঠিক কৰিছোঁ,
ভুলৰ বোকোচাত বহি শুনি যাবলৈ তোমাৰ উক্তি
আৰু উপনীত হ'বলৈ সেই প্ৰান্তৰত৷
য'ত নাথাকিব তোমাৰ মন্ত্ৰমুগ্ধ লঙ্গৰ
অথবা মোৰ অশ্ৰুসিক্ত উপকূল৷
সোঁৱৰণীৰ মাজেৰেই বৈ যাব সোঁৱৰণীবোৰ,
প্ৰেমহীনতাৰ সুৰত উতলা হব প্ৰেমগীত,
তুমি হৈ থাকিবা তুমি আৰু মই মই৷

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
তাতেই সৎকাৰ কৰিম আমাৰ ভুলবোৰ
আৰু স্বকীয়তাৰে গঢ়ি তুলিম আমাৰ প্ৰেমঘৰ৷
সোঁৱৰণীৰ ফল্গুধাৰাৰে বৈ আহিবা
তুমি, মই আৰু আমাৰ সপোনবোৰ,
ভুলৰ শুধৰণি হৈ
এখন ভুলহীন স্বকীয় সোঁৱৰণী হৈ৷

【ৰচনাকালঃ ১৮ এপ্ৰিল, ২০০৯ - ০০:০৯】

জোনাক ৰাতি

হঠাৎ কেতিয়াবা
হঠাৎ কেতিয়াবা মনত পৰে তোমালৈ৷

আঁউসীৰ শেষত আকাশৰ এচুকত
কাঁচিজোনৰ বুকুত দেখো তোমাৰ উদ্দীপ্ত চকুযুৰি৷
হঠাৎ মনত পৰি যায়,
জোনৰ বুকুৰে আমি উটাই নিয়া নৈখনৰ কথা,
সোঁত হৈ বৈ যোৱা আমাৰ গভীৰ আস্থাবোৰৰ কথা৷

জোনৰ বুকুত ক'ত আজি সেই ঘাট!
য'ৰ পৰা তুলি নিছিলা তুমি মোৰ আস্থাবোৰ,
আৰু মই বুটলিছিলোঁ তোমাৰ হাঁহিবোৰ৷

তোমাৰ মনত পৰেনে আলোছায়া?
মনত পৰেনে
জোনাকৰ বুকুত মই সজা বালিঘৰৰ কথা!
সেই ঘৰৰ অতিথি হৈ তুমিয়েই দিছিলা মোক
প্ৰেমৰ আদিপাঠ৷
কিয় নিজ হাতে ভাঙি পেলালা সেই বালিঘৰ?
তুমি দিয়া আদিপাঠৰ ফলাবোৰ কিন্তু
আজিও বন্দী মোৰ হিয়াৰ আঁচলত৷
তুমি ৰাখিব পাৰিছানে আস্থাবোৰ?
ঠিক মোৰ দৰে!

আলোছায়া!
আচিয়ানাৰ চাদত এতিয়া নামি আহেনে তোমালৈ
আশাভৰা এমুঠি জোনাকী আভা?
নে জোনাকে তোমালৈও কঢ়িয়াই আনে
মোক দি যোৱা একেই নিসংগতা?
বিশ্বাস কৰিবা!
খিৰিকিৰে সোমাই অহা জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা
কঢ়িয়াই লৈ আহিছে তোমাৰ বতৰা৷

চিন্তা নকৰিবা,
জোনাক আজিও মোৰ আগৰ দৰেই প্ৰিয়,
মাথোঁ সহিব নোৱাৰোঁ তাৰ উজ্জ্বলতা৷
প্ৰিয় হুৰমূৰীয়া বৰষুণজাকো,
কিন্তু ভয় হয় তিতিবলৈ৷
জানোচা টোপাটোপে বৈ আহে
তাহানিৰ সেই নষ্টালজিয়াবোৰ৷

ভাবোঁ!
তোমাক লৈ আৰু নিলিখো কবিতা৷
কিন্তু কি কৰিবা!
হাতৰ আঙুলিবোৰে যে
এতিয়াও বেয়া পাব পৰা নাই তোমাক৷
পাহৰিব পৰা নাই
তোমাৰ সান্নিধ্যত
কবিতা হৈ পৰা শব্দবোৰ৷
মানি লব ব্চৰা নাই সিহঁতেও
তোমাৰ অবৰ্তমানত শূন্য হৈ পৰা
সৃষ্টিৰ আঁচলখন৷

বিশ্বাস কৰিবা,
খোলা খিৰিকিৰে সোমাই অহা
জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা৷
হঠাতে মনত পেলাই দিছে তোমালৈ৷
জোনাকৰ বুকুতে গঢ়ি তুলিছে
তোমাৰ দেশ,
তোমাৰ দেশ
আলোছায়াৰ দেশ৷

【ৰচনাকালঃ ২৩ এপ্ৰিল, ২০০৯ - ২৩৪৫】

Monday, May 28, 2018

কবিবোৰ কবি নহয়

কবিবোৰ কবি নহয়
কবিতাৰ অবৰ্তমানত
নহয় সম্পূৰ্ণ
চন্দহীন কবিতাৰ খোজত।

কবিয়ে ভাল পায় কবিতা
কিয়নো
কবিতাৰ বুকুত মুখ গুজি
কান্দিব পাৰে কবি।
কবিতাৰ আচলত লুকাই ৰাখি
এজোলোঙা হুমুনিয়াহ
কবিয়ে বোৱাব পাৰে
চন্দৰ সুঁতি।

অথচ,
কবিতাই ভাল নাপায় কবি
কবিতাৰ গৰ্ভত সিঁচি দি দুখৰ বীজ
কবিয়ে হেনো পাহৰি যায়
হৃদয় গীত। 
চন্দে চন্দে ঢালি দি 
আবেগৰ উতলা বিষ
কবিয়ে পাহৰি যায়
কবিতাৰ ঋণ। 

কবিতা ধৰুৱা নহয়
কবিৰ দৰে
কবিৰ দৰে খালী নহয়
কবিতাৰ বুকু। 

কবিৰ এবুকু হুমুনিয়াহ লৈ
স্ৰজিব পাৰে কবিতাই
চন্দময় পংক্তি।

কবি মাথোঁ সেইজনেই
যাৰ বুকুত বাহ বান্ধি
লিহিৰে খোজেৰে
কবিতাই গচকিব পাৰে
বকুল তলৰ গধূলি। 
কবিৰ বুকুৰ অগনিৰে
উতলাই তুলিব পাৰে
নিৰ্য্যাতিতৰ অনুভূতি।

গুপুতে সাঁচি এবুকু মৰম,
যন্ত্ৰণাদগ্ধ হিয়াৰ দৰদ,
আৰু এখন আশাৰ নৈবদ্য
কবিবোৰ কবিতাৰ
নিৰন্তৰ প্ৰেমিক।  

[ৰচনাকালঃ ৩ আগষ্ট, ২০০৯  - ২৩:১৫]

Sunday, September 17, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি (তৃতীয় অধ্যায়) – ৫



জুনিয়ৰে কামুৰি আছে, এদিন ৰেষ্টুৰেণ্টত গৈ খাব। মোৰ চাকৰি পোৱাটো ইমান সৰু কথা নহয় যে সি তাক স্মৰণীয় কৰি ৰখাৰ সুবিধাটো এৰিব। সেইমতেই সিদ্ধান্ত কমদামী দোকান এখনত এসাঁজ খাম দুয়ো। গুৱাহাটীত থকা বহু বছৰেই হ’ল। তথাপি আজিলৈ বাহিৰত খোৱাৰ সুবিধা হোৱা নাছিল। প্ৰয়োজনবোধো নাছিল। সেই বাবেই হওঁক বা ইণ্টাৰেষ্ট নথকা বাবেই হওঁক, কি ৰেষ্টুৰেণ্ট ভাল, কি বেয়া সেয়া মই নাজানিছিলোঁৱেই। প্ৰকাশ্যে ৰেষ্টুৰেণ্ট বাচনি কৰাৰ দায়িত্ব পৰিল জুনিয়ৰৰ ওপৰতেই। প্ৰথম মাহৰ দৰমহা। অলপমান টকা, কিন্তু কৰণীয় বহুত। প্ৰথম মাহৰ দৰমহাৰে মা-দেউতাৰ বাবে এসাজ কাপোৰ, জুনিয়ৰৰ বাবে সৰুকৈ হ’লেও কিবা এটা, ধাৰৰ টকাখিনিতো আছেই। মাহটো চলিব পৰাকৈ হাতত কেইটামান মজুতো ৰাখিব লাগিব। মুঠতে বহুত কৰণীয়। তথাপি জুনিয়ৰৰ কথা পেলাব পৰা শক্তি মোৰ নাই। মোৰ অতি দুখৰ সময়ত জানি-নাজানি সিয়েইতো মোৰ ছাঁ হৈ আছিল। 

এখন যুদ্ধৰ মাজেৰে মই গুৱাহাটী পাইছিলোঁহি। সেই যুদ্ধ আনৰ সৈতে যিমান হৈছিল, নিজৰ লগত তাতোকৈ বহুত বেছি কৰিব লগা হৈছিল। জীৱন যাপনৰ বাবে, ভাঙি পৰা মনটোৰ মেৰামতিৰ বাবে, আশাবোৰ পুনৰাই জীপাল কৰিবলৈ, কিহৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা নাছিল! কৰি গৈছিলোঁ। সংগ্ৰামত শিৰনত কৰা নাছিলোঁ বাবেই আজি ইয়াত থিয় দি আছোঁ। জুনিয়ৰে হয়তো ভালকৈ নাজানে কথাবোৰ। নজনাৰেই কথা। মইতো কেতিয়াও মুখ খুলি একো কোৱা নাই তাক। হয়তো কিছু কিছু জানে। কিন্তু মনৰ উমান পায় জানো! পাবতো নালাগে। প্ৰতিক্ৰিয়াশীল নোহোৱা বাবেই বহুকথা স্পষ্ট নোহোৱাকৈ থাকি গ’ল। সিদ্ধান্তবোৰ আধৰুৱা হৈ গ’ল। বহু ক্ষেত্ৰত আধৰুৱা বাটৰেই লগৰী হৈ কটালোঁ। আৰুবা কিমান আছে আগলৈ! দেওবাৰৰ কৰণীয় কামবোৰ কৰি দুপৰীয়াৰ সাঁজ খাওঁতে দেৰিয়েই হৈছিল। খাই বৈ বিচনাত পৰি পৰি ভাবি থাকিলোঁ কথাবোৰ। ভাবিলোঁ বুলি ক’লে হয়তো ভুল কৰা হব। ভাৱনাই নতুনকৈ পোখা মেলিলে। বহুদিন উভতি যোৱা নাছিলোঁ অতীতলৈ। হঠাত দুমাহৰ আগৰ ঘটনাই মূৰৰ ওপৰত অতীতৰ ত্ৰিপাল টানি ধৰিলেহি। এতিয়া কেনেকৈ পলাম সেই অতীতৰ পৰা! 

বিচনাৰ পৰা উঠি মুখখন ধুলোঁ। এপাক গণেশগুৰিৰ পৰাই আহোঁগৈ। বহুদিন আড্ডালৈ যোৱা নাই। লগৰবোৰক বহুদিন লগো পোৱা নাই। ক’ত বা আছে সিহঁতবোৰ! 

সন্তোষ পাণ ভাণ্ডাৰৰ সন্মুখত ফুটপাথৰ ৰেলিঙত ধৰি ৰাস্তাৰ ফালে চালোঁ। বৰ বিচিত্ৰ লাগিছে গধূলিৰ এই মহানগৰী। মোৰ পিছপিনে ফুটপাথেৰে অজস্ৰ মানুহৰ আহ-যোৱা চলি থাকিল। সন্মুখৰ ৰাস্তাৰে অসংখ্য গাড়ী। গাড়ীবোৰ ইমানযে বাঢ়িল আজিকালি। সৌ সিদিনালৈকে কেইখনমান মাৰুটি কম্পেনীৰ গাড়ীৰ বাহিৰে প্ৰায় বেলেগ কম্পেনীৰ গড়ী নচলিছিলেই এই পথেৰে। তাৰ মাজতে অলপ দামী বা বেলেগ কম্পেনীৰ গাড়ী থাকিলেও সেয়া সকলোৰে চিনাকি আছিল। আৰু এতিয়া! মিনিটত কিমানযে গাড়ী পাৰ হৈ গৈছে! কিমান যে ব্ৰেণ্ডৰ গাড়ী। কত ধৰণৰ। আৰু কেৱল গড়ীয়েইনে! বাইক, চাইকেল, ৰিক্সা, অট’ৰিক্সা, চিটিবাছ, ঠেলা কিনো বঢ়া নাই। চিটিবাছৰ উৎপাতত মানুহ আজিকালি ৰাস্তাৰে যাব নোৱাৰা হৈ গৈছে। মুঠতে এক হুলস্থূলীয়া পৰিস্থিতি। গড়ী-বাইকৰ হৰ্ণ, চাইকেল-ৰিক্সাৰ টিলিঙা কিহৰ যে মিশ্ৰণ নাই! 

-অ’ই কুকুঅ পোৱালি, কথা কবলে আইছ’? আঅম্ভ হবলেই পোৱাগে নাই, ভাআ বৰালিয়েই? – মোৰ প্ৰায় সন্মুখতে ৰাস্তাৰ কাষত ট্ৰেকাৰ এখন ৰ’লহি আৰু লগে লগে ভাঁহি আহিল আজিকালি প্ৰায়ে চলি থকা ভাওনা এখন।
-নাই নাই। পইচা দিবা ন’ল্লি উথপায়ে নালগে। ভাৰা সেয়ে আগোৰেপৰা।
-অ’ই। তহঁতি ইনেই মাৱ নাখাৱ। ঘূআ, ঘূআ দুটকা ঘূআ।
-যাবাদিয়া – হেণ্ডিমেনৰ কথামতে ট্ৰেকাৰ গুছি গ’ল।
-অ’ই (অশ্লীল) পুতেক, যা যা মোৰ দুটকাৰে ৰজা হবিগৈ যা। - মানুহজনে ভোৰভোৰাই গুছি গ’ল। কথা বাৰ্তাতেই গম পোৱা গ’ল মানুজহন উজনিৰ ফালৰ। আৰু হেন্দিমেনজন নামনিৰ। 

কিমান যে মানুহ গোট খালে গুৱাহাটীখনত। হয়তো কামৰ সন্ধানত। হয়তো প্ৰতিষ্ঠাৰ বাবে, হয়তো অন্য কাৰণত। ইমান মানুহ। কাৰণো সেইধৰণে অজস্ৰ। কিছুমানে যদি সৰু সুৰা চাকৰিৰ বাবে দিনৰ দিনটো ঘূৰি ফুৰিছে, কিছুমানে আকৌ ফুটপাথতে চবজীয়েই হওঁক বা পাণ-তামোলৰ দোকান দিয়েই হওঁক, দুপইচা ঘটাৰ আচিলা উলিয়াইছে। সেই বাবেই ফুটপাথবোৰ কেৱল মানুহৰ পদপথেই হৈ থকা নাই, ই এতিয়া সৰু সৰু ব্যৱসায়িক স্থানো হৈ পৰিছেহি। নতুন যেন লাগিছে গুৱাহাটীখন। নতুন যেন লাগিছে পৰিৱেশটো। ৰাস্তাৰ সিটো পাৰত গঢ়ি উঠা নতুন কেবামহলীয়া ঘৰটোৰ প্ৰথম মহলাত নীলা-ৰঙা লাইটেৰে চমকি উঠা নতুন বাৰখনৰ দৰে ৰহস্যময় লাগিছে পৰিৱেশটো।

-এবে। এইজন আজি আকৌ ক’ৰপৰা ওলালহি! – পিচপিনৰ পৰা অহা মাতত ঘূৰি চালোঁ। মমিন। মমিনুৰ। আমাৰ আড্ডাৰ লগৰী।
-কি খবৰ বছ?
-তুমাৰহে কোৱা।
-বঢ়িয়া। টাম্মাম একদম। -সচৰাচৰ কোৱাৰ দৰে মই উত্তৰ দিলোঁ।
-আজিকালি ক’ত থাকাবে?
-আগৰ ঠাইতে আছোঁতো
-ইমানদিন দেখা নাই যে?
-অলপ ব্যস্ত আছিলোঁ।
-আড্ডাতো নাহা আজিকালি!
-সময়েই নাপাওঁ দেখোন।
-কিয় বে? আগতেতো পাইছিলা। কিবা চাকৰিত সোমালা নেকি?
-নাই। ক’ত চাকৰি পাবাহে। - কিয় জানো, চাকৰি পোৱা খবৰটো মমিনক জনাবলৈ মোৰ ইচ্ছা নগ’ল। আৰু কাউৰীটোৱে অজ্ঞাত স্থানৰ পৰাই কা-কা কৰি উঠিল।
-নহ’লে টাইম কিয় নোপোৱা।
-আমি হ’লোঁ গোবৰ খুচৰা পোক। এলডা খুচৰি এটা পৰুৱা পাওঁ। তাতে দেখিছাই নহয়, আজিকালি গৰুৱেই নাই, গতিকে গোৱৰো নাই। বহু সময় নিবিচাৰিলেই গোৱৰেই নাপাওঁ।
-হ’লনে আৰম্ভ?
-সঁচা কৈছোঁ আকৌ।
-ব’লা, চাপ একাপ খাওঁগৈ। 

চাহ একাপৰ প্ৰয়োজন অনুভৱ নকৰা নহয়, সেই বাবেই দুয়ো আগুৱাই গ’লোঁ লখিমীৰ ফালে। ফুটপাথেৰে। হঠাতে ‘ধম’কৈ শব্দ এটা ৰাস্তাৰ পৰা ভাঁহি আহিল। তাৰ পিছত এজন মানুহৰ বিকট শব্দ। ৰাস্তালৈ ঘূৰি চাই দেখিলোঁ এজন মানুহ আমি থিয় হোৱা ঠাই টুকুৰাৰ পোনে পোনে ৰাস্তাৰ মাজত পৰি আছে। আৰু তেওঁক খুন্দা মৰা প্ৰচণ্ড গতিশীল চেঙেলীয়া বাইকখন আহি ফুটপাথত খুন্দা মাৰি ৰৈ গৈছেহি। এক মূহুৰ্তত কি কৰিম ভাবি আমি দুয়ো থিয় হৈ ৰ’লোঁ। চিধাই ৰাস্তালৈ নামি যাবলৈ ফুটপাথত ৰেলিং। মানুহবোৰ গতানুগতিকভাৱে আগুৱাই থাকিল। ৰাস্তাৰ কাষত পৰি থকা মানুহজনৰ কাষেৰেই কেবাখনো গাড়ী-বাইক পাৰ হৈ গ’ল। অলপ কাষত থকা ডিভাইডাৰৰ সুৰুঙাৰে মানুহৰ ৰাস্তা পাৰ হোৱাৰ পৰিক্ৰমা চলিয়েই থাকিল। তাৰ পিছত কোন মূহুৰ্তত গাড়ী মটৰৰ আগেৰে দৌৰি গৈ মানুহজনৰ কাষ পালোঁগৈ গমকেই নাপালোঁ। বহুত চেষ্টা কৰিও মানুহজনক উঠাব নোৱাৰিলোঁ। এজন মদাপী। তেওঁৰ মুখৰ পৰা ভাঁহি আহিছে দেশীয় সুৰাৰ তীব্ৰ গোন্ধ। হয়তো মানুহজনৰ থিৰ হৈ থকাৰ শক্তি নাছিলেই অথবা দুৰ্ঘটনাটোৱে মানুহজনক সংজ্ঞাহীন কৰি পেলালে। যি নহ’লেও মানুহজনক উঠাবলৈ মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। লগে লগে আৰু দুজন মানুহ দৌৰি আহিল। এজন ওচৰৰে ফাৰ্মাচীখনৰ ল’ৰাজন আৰু এজন সিটো পাৰত ফুটপাথত বহা চাহদোকানী। আমি তিনিও ধৰি মানুহজনক উঠাবলৈ চেষ্টা কৰিলোঁ। কিন্তু সংজ্ঞাহীন মানুহজনক উঠাব নোৱাৰি দাঙি ৰাস্তাৰ কাষলৈ আনিলোঁ। তেতিয়ালৈকে মমিন কলৈ গৈছিল খেয়াল ৰখা নাছিলোঁ। হঠাতে মমিনে অট’ এখন আনি কাষত থিয় কৰালেহি। আমি মানুহজনক ধৰি মেলি অট’ত উঠাই দিলোঁ।

-অ’ই, তই উঠ। - মমিনে এইবাৰ এজন ল’ৰাক হাতত ধৰি টানি আনিলে। এতিয়াহে বুজিলোঁ মমিনে ল’ৰাদুজনক ধৰিলেহি।
-দাদা, চাবিপাত দিয়ক। আমি বাইকেৰে যাম।
-চাবি নাপাৱ এতিয়া। মানুহজনক হাস্পতালত নি ভাল কৰি আন, তেতিয়াহে চাবি পাবি।
-দাদা, আমাৰ লগত পইচা একেবাৰে নাই।
-পকেটত পইচা নাথাকে আৰু দামী বাইকেৰে ৰাস্তাত স্পাইডাৰমেনেগিৰি কৰি যাকে তাকে খুন্দিয়াই ফুৰিবি! পকেটত টকা নাই যদি বাইক বেচি চিকিৎসা কৰিব লাগিব।
-অ’ই তোৰ বাপেৰৰ নম্বৰ দি – অন্য এজনেও এইবাৰ ধৰিলে।

অগত্যা দেউতাকৰ ফোন নং দি ল’ৰাজন অটোত উঠিল। এজনে দেউতাকক ফোন কৰি আহিবলৈ ক’লে। লগতে ক’লে যে ল’ৰাজনৰে দোষ আৰু মানুহজনৰ চিকিৎসাৰ দায়িত্ব তেওঁৱেই লব লাগিব।

মানুহজনক লৈ অটোৱালা দিশপুৰ পলিক্লিনিক অভিমুখে গুছি গ’ল। বাইকৰ চাবিপাত সন্তোষ পাণ ভাণ্ডাৰত দি আমিও হাস্পতালা অভিমুখে আগবাঢ়িলোঁ। তেতিয়ালৈ ঘটনাস্থলীত এজন ট্ৰেফিক পুলিচ উপস্থিত হ’লহি। 

আমি ইমানেই যান্ত্ৰিক হৈ গ’লোঁনে! এজন মানুহ ৰাস্তাৰ মাজত দুৰ্ঘটনাত পতিত হৈ পৰি থাকিল, আৰু আমি জীৱনৰ নিগনি দৌৰতে ব্যস্ত থাকিলোঁ। ইমানেই ব্যস্ত নে মানুহবোৰ। এইখিনি মানৱীয়তাও নাইনে। নে হৃদয়খন এটা চোলাৰ দৰে খুলি থব পৰা হ’লগৈ! ক’তা! বিকলাংগক সহায় কৰিবলৈ, দুখীয়াক সহায় কৰিবলৈ বিভিন্ন সামাজিক কামত সহানুভূতি দেখুৱাবলৈ ওলাই অহা মানুহৰ উৎপাতত দেখোন আজিকালি ৰাস্তালৈ ওলাবই নোৱাৰি। অমুক সাহাৰ্য্য, তমুক সাহাৰ্য্য। ক’লৈ গ’ল তেওঁলোক। নে এই সকলোবোৰ এতিয়া একো একোখন ফান্দহে মাথোঁ। এক ডাঙৰ প্ৰশ্নবোধকে মনটোক হেঁচি ধৰিলেহি। কিয় এনে হ’ল মানুহবোৰ। অসমীয়া বুলিলে যি মমতাৰ পৰিচয় আছিল, যি সামাজিক দায়ৱদ্ধতা আছিল, ক’লৈ গ’ল সেইবোৰ! 

মমিন আৰু মই দুয়ো দুয়োৰে মুখলৈ চালোঁ। তাৰ মনতো হয়তো একেই ভাৱেই আহিছে। কিন্তু আমিযে একোৱেই কৰিব নোৱাৰোঁ। অসহায় এটি প্ৰশ্নৰে দুয়ো মানুহজনৰ কায়িক সহায়ৰ বাবে আগবাঢ়িলোঁ হাস্পতাললৈ।  

[ক্ৰমশঃ]

[ৰচনাকালঃ ১৭/০৯/২০১৭]