উজনিৰ ওখ টিলাৰপৰা
বৈ অহা ভাষাৰে লিখিম
নামনিৰ এটি কবিতা |
কবিতাটিৰ নাম ৰাখিম অসমী |
বুঢ়ালুইতৰ গতিৰ দৰে
গতিশীল হব মোৰ এই কবিতা
নীলাচলৰ দৰেই আচল পাতিব যাৰ ভাৱনাই
চন্দময় হব দিখৌ অথবা মানাহৰ দৰে
বুঢ়ীদিহিঙৰ সৰলতাৰ দৰে সৰল হব গঠন
বেঁকীৰ দৰে বিশাল তাৰ বিশালতা |
বৰাক আৰু ৰহ্মপুত্ৰৰ চাপৰিৰে সজাম
মোৰ কবিতাৰ ভেঁটি |
মই এটি কবিতা লিখিম
যাৰ কৃষ্টি বৈ থাকিব
মাজুলীৰ পৰা উমানন্দলৈ
কমলাবাৰীৰ পৰা বৰপেটালৈ
ভৰুণ গাভৰুৰ উঠন বুকুৰ দৰে
স্বচ্ছল হব মোৰ কবিতা
আৰু শিপীনিৰ তাতৰ
বুটবছা ৰিহাৰ দৰে কলাসমৃদ্ধ |
কবিতা এদিন গাভৰু হব
কুলিৰ মাতত ৰঙালীৰ বা লাগিব
ঢোল-পেপাৰ মাতত
থৌকি-বাথৌ হব কবিতাৰ মন |
ভোমোকাফুলীয়া মুগাৰ সাজেৰে
পৰিহিতা হব কবিতা
ককালৰ ভাঁজে ভাঁজে
নামি আহিব কবিতাৰ পংক্তিবোৰ
খোপাত কপৌ পিন্ধি
কবিতাই বিহু নাচিব |
চন্দৰ সোঁতে সোঁতে উটি যাব
মোৰ এই দেৱদাসী কবিতা
দেৱদাসীসকলৰ জুনুকাৰ শব্দৰ দৰে
খোল-তালৰ শব্দেৰে মুখৰিত হব
কবিতাৰ ভক্তিৰ চিতাল |
শিৰত লৈ বুঢ়ালুইতৰ সোঁত
উজনিৰ ভাষাৰে বৈ থাকিব
নামনিৰ কবিতা |
【ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯ - ২৩:৩০】
【ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯ - ২৩:৩০】
No comments:
Post a Comment