সাধাৰণ ঘৰৰ লৰা আছিল তেওঁ৷ কিন্তু নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত ভোটাতৰা
হৈছিলগৈ এদিন৷ তেওঁৰ পৰা অসম আৰু অসমীয়াই লাভ কৰিছিল অসমৰ আটাইতকৈ জনপ্ৰিয়
নাট্যসংস্কৃতিৰ ৰূপ ভ্ৰাম্যমান থিয়েটাৰ৷ সেই ভ্ৰাম্যমান থিয়েটাৰৰ জনক
অচ্যুত লহকৰ আৰু নাই৷ ৮৫ বছৰ বয়সত তেওঁ ইহ সংসাৰ ত্যাগ কৰে৷ তেওঁৰ বিদেহী
আত্মাৰ সদ্গতি কামনা কৰিছোঁ৷
অসমৰ বাবে গোটেই জীৱন কটোৱা এই মহান
ব্যক্তিগৰাকীৰ মৃত্যুত চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা কিন্তু লোৱা হোৱা
নাই৷ জীৱিত কালতো চৰকাৰীভাৱে সকলো সন্মান, সা-সুবিধাৰ পৰা বঞ্চিত এই মহান
ব্যক্তিগৰাকীক মৰোনত্তৰভাৱে নাট্যকলাৰ সৰ্বোচ্চ সন্মান যাঁচিবলৈ আমি চৰকাৰৰ
ওচৰত নিবেদন কৰিছোঁ৷
[ ৰচনাকালঃ ১২ জুন, ২০১৬]
No comments:
Post a Comment