Friday, June 27, 2014

নাটক বহুত হ'ল


নাটক বহুত হ'ল৷
জনগণৰ আবেগক লৈ বহুত সংলাপ লিখা হ'ল৷
উন্নয়নৰ গইনা লৈ বহুতো দৃশ্যায়ন হ'ল৷
জনতা পৰিতৃপ্তও হ'ল
তথাপিও কিন্তু নাটক শেষ নহ'ল৷

নাটক এখনত বিভিন্ন চৰিত্ৰ থাকে,
নায়ক অথবা খলনায়ক৷
কাহিনী থাকে,
থাকে গতিশীলতা
অথচ অপশক্তিৰ আৱহ সংগীতত
একাকাৰ হৈ পৰিছে নায়ক-খলনায়ক,
কাহিনী হৈ পৰিছে সানমিহলি,
দৰ্শকেই হৈ পৰিছে ভেবা,
আচলতে নাটকখনৰ দৰ্শকেই হৈ পৰিছে
আন এখন নাটকৰ অংশ৷

নাটকখন নকৰা হ'লেই ভাল আছিল
জনতাৰ আৱেগেৰে হয়তো লিখা গ'লহেঁতেন
জনচেতনাৰ গান৷
এতিয়া দৰ্শকেই নাজানে
কি আছিল নাটকৰ নাম

পৰিৱৰ্তন নে ভ্ৰষ্টাচাৰ নে জনলোকপাল
নাটকখন যেন ৰাজনীতিৰেই অন্য এক নাম৷


[ৰচনাকালঃ ২১ মে', ২০১৪]

বিদায় ! গণেশগুৰি...

গুৱাহাটীলৈ অহাৰে পৰাই গণেশগুৰিখন নিজৰ হৈ পৰিছিল৷ ইয়াৰ আনন্দত যিদৰে অংশীদাৰ হবলৈ পাইছিলোঁ, প্ৰতিটো দুখত মনোকষ্টও পাইছিলোঁ৷ প্ৰতিসন্ধ্যা আড্ডাই হয়তো অধিক একাত্ম কৰি তুলিছিল গনেশগুৰিৰ ঘটনাৰাজিক৷ ৰাতিপুৱা বাছষ্টেণ্ডলৈ ওলাই যাওঁতে ৰাষ্টাৰ কাষত খোৱা টেকেলী পিঠা চাহ, গোপাল বড়ো ফিল্ডত উপভোগ কৰা ভ্ৰাম্যমানৰ নাটকসমূহ, আড্ডাৰ সময়ত খুব উপভোগ কৰা ট্ৰেফিক পইণ্টৰ ঘটনাসমূহ, ক'লা ৩০ অক্টোবৰৰ গনেশগুৰিৰ দৃশ্য, প্ৰতিটো ব'ম্ব ব্লাষ্টত হোৱা পৰিবেশ, পূজা, লখিমীৰ পুৰি, সন্তোষ পাণ ভাণ্ডাৰৰ পাণৰ ৰহস্য, সুহুৰী ৰিক্সাৰ সুৰৰ সমলয়, বাবলি পিজি, আমাৰ আচিয়ানা, চিআইটিচিৰ তলত মৰা আড্ডা, বেলতলা কাণ্ডৰ অভিজ্ঞতা, চিপ এণ্ড মাঞ্চ আৰু তেনে হাজাৰটা কাহিনী পাহৰিব খুজিলেও হয়তো পাহৰিব নোৱাৰিম৷ এই কাহিনীবোৰ লগত লৈয়ে জীৱন পৰিক্ৰমাৰ আন এঢাপ আগুৱাবলৈ ওলাইছোঁ, অন্য এঠাইলৈ৷ এৰিবলৈ ওলাইছোঁ গণেশগুৰি৷ এতিয়াৰ পিছত গণেশগুৰিক নিজৰ বুলি তৰ্কত ভাগ লব নোৱাৰিম৷ আহিম৷ আলহী হৈ আহিম৷ তথাপিও যেন হেৰুৱাম বহু কিবাকিবি৷ ধন্যবাদ গণেশগুৰি৷ বিদায় বেলাত মাথোঁ কম "গণেশগুৰিক সদায় মনত ৰাখিম৷"

[ৰচনাকালঃ ৩১ মে', ২০১৪]

অসমীয়া ৱিকিপেডিয়াৰ বাৰ বছৰ

ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া অসমীয়া ৱিকিপেডিয়াৰ বাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমূহ ৱিকি কৰ্মকৰ্তা, ৱিকিলেখক তথা ৱিকিসম্পাদকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ যদিও অসমীয়া ৱিকিপেডিয়া ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আঞ্চলিক ভাষাৰ ৱিকিপেডিয়া, ইয়াৰ কলেবৰ কিন্তু ইমান শকত নহয়৷ ইয়াৰ কাৰণ অসমীয়া তথ্যসূত্ৰযুক্ত প্ৰবন্ধৰ প্ৰতি আৰু অসমীয়া ভাষাৰ প্ৰতি গুৰুত্বহীনতা৷ আহক, এই বদনাম আমি নোহোৱা কৰি অামাৰ চৌপাশে সিঁচৰতিহৈ থকা সামগ্ৰী, অনুষ্ঠান, প্ৰতিষ্ঠানসমূহৰ তথ্যসহকাৰে বৰ্ণনা কৰি অসমীয়া ই-ভৰাল চহকী কৰাত সহায় কৰোঁহক৷ চিন্তা নকৰিব, প্ৰতিজন ৱিকিকৰ্মী আপোনাক সহায় কৰিবলৈ হাঁহিমুখে ৰৈ আছে৷ বিশেষ অসুবিধা হ'লে আপোনাৰ লেখা তথ্যসূত্ৰসহ আমালৈ পঠিয়াওক, আমি ইয়াক ৱিকিপেডিয়াত উঠোৱাৰ ব্যৱস্থা কৰিম৷ মনত ৰাখিব, আপোনাৰ সন্তানৰ ই-শিক্ষাৰ দায়িত্ব প্ৰতিপালনত এয়াও হব এক আদৰণীয় পদক্ষেপ৷

[ৰচনাকালঃ ২ জুন, ২০১৪]

বিহুসম্ৰাট খগেন মহন্ত আৰু নাই ....

 
পাৰৰ পাখিত গাঁঠি দিবলৈ চিঠিখন আৰু নাই। নাই সেই ফুলাম চিঠিৰ লেখক। জগতক বিহুৰ ওলগণি জনাবলৈ তেওঁ অহা ব'হাগলৈ নৰ'ল। অসমৰ বহু প্ৰাণপৰশা সংগীত উপহাৰ দি অসুস্থ দেহাৰেই এই পৃথিৱীৰ পৰা মেলানি মাগিলে 'বিহু সম্ৰাট' খগেন মহন্ত। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

[ৰচনাকালঃ ১২ জুন, ২০১৪]

নাট্যালোচনাঃ টোপনিয়ে তোৰে কলাতলত ঘৰ

শংকৰজ্যোতি কাকতত প্ৰকাশিত মোৰ লেখা নাট্যালোচনাঃ টোপনিয়ে তোৰে কলাতলত ঘৰ।
দিনাংকঃ ১৩ জুন, ২০১৪

লিংকসমূহঃ 

বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি

বিষ্ণু ৰাভা আজি নোসোধো
এতিয়া কিমান ৰাতি
তুমি এতিয়াও সাৰে আছা?
লালকাল দি পৰি আছোঁ মই
আৰু প্ৰীতি।
চিফুং বাঁহীৰ সুৰ তুলিবলৈ নাই কোনো অসমীয়া
পথাৰত হালোৱা ককাইৰ ভাগৰ
নাই প্ৰতিবাদী কণ্ঠস্বৰৰ গৰিমা।
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা?

ফেৰেংগাদাওৰ মাতত নুপুৱায় ৰাতি।
অ',
বহুৰূপ ধৰি চলে এতিয়া হিচাপ;
পোৱাৰ হিচাপ,
লোৱাৰ হিচাপ,
অট্টালিকাৰ হিচাপ।
কৃষক ককাইৰ হাতত জবকাৰ্ড
আৰু দুবিঘা চনমাটি।
বিষ্ণুৰাভা, মই এতিয়া গভীৰ টোপনিত
টোপনিত আছে প্ৰীতি,
তুমি কেনেকৈ সাৰে আছা?

সুৰে সুৰ তুলি
কণ্ঠ লহৰিত কৰি
বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা
তোমাৰ জীৱন নাটৰ শেষ ৰাগিনীত
খৰমান শুনিবলৈ নাই কোনো
তথাপিও তুমি সাৰে আছা?


[ৰচনাকালঃ ২০ জুন, ২০১৪]

কবি দেৱকান্ত বৰুৱালৈ শ্ৰদ্ধাঞ্জলি


"সাগৰ দেখিছা"ৰ কবি দেৱকান্ত বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যাঁচিছো গভীৰ শ্ৰদ্ধাঞ্জলি।

Friday, March 14, 2014

দ্বিতীয় প্ৰকাশিত গ্ৰন্থঃ অন্তৰীপ





শিৰোনামঃ অন্তৰীপ
প্ৰকাৰঃ গল্প সংকলন
প্ৰকাশকঃ আখৰ প্ৰকাশন, গুৱাহাটী
সম্পাদনাঃ বিজয় বেজবৰুৱা
লেখকৰ প্ৰকাশিত গল্প- 'বিধান'
মুঠ গল্প সংখ্যা-৫৭
মূল্য-৩৫০ টকা

ধপাত বিৰোধী আইন আৰু "পণ্ডিতৰ পাণদোকান"

সকলোতে জৰ্দা বন্ধ৷ অথচ পণ্ডিতৰ দোকানত খোলাখুলিকৈ অধিক হাৰত বিক্ৰী হৈ আছে জৰ্দাপাণ৷ শুনিবলৈ পাইছোঁ, অন্য দোকানত হেনো অকস্মাৎ ৰেইড কৰা হৈছে ৷ অথচ বাছি গৈছে পাণৰ এই সম্ভ্ৰান্ত ব্ৰেণ্ডটো৷ সৰু সুৰা দোকানসমূহক টাৰ্গেট কৰি লোৱা মিডিয়ায়ো এওঁলোকক নজৰত পেলাব পৰা নাইনে! প্ৰশাসন নিৰপেক্ষ হব পৰা নাই নেকি বাৰু! নে পাণৰ যাদুৰে সকলোকে পণ্ডিতে ভোলাই ৰাখিছে? মোৰ সন্দেহে সঁচা ৰূপ নল'লেই হল আৰু! !!
 
ৰচনাকালঃ ১৫ ফেব্ৰুৱাৰী, ২০১৪

অথঃ বহুবল্কী দেউ সম্বাদ-১


লোডীয়ে অসমীয়াৰ মগজুত লোড দি যোৱাৰ পিছত তেওঁ নিমাতেই আছিল৷ শ্যাল্লা, অসমৰ মাটিতে অসমীয়াক জাৰি থৈ গল, অসমক লৈ ইমান তাচ্ছিল্য কৰিলে আৰু আমাৰ নিলাজসকলে বাহ বাহ কৈ হাত চাপৰি বজালে়়় এই কথা তেওঁ কেনেকৈনো পাহৰে? সেয়েহে বহুবল্কী দেউই এটা বুদ্ধি পাঙিছে৷ অসমীয়া মানুহৰ পৰিশ্ৰম এইবাৰ কামত খটুৱাব লাগিব৷ সেই ভাবিয়েই তেওঁ বুৰঞ্জী মেলি দেখিলে ধোদৰ আলিৰ উপাখ্যান৷ বহুবল্কী দেউৰ মুখত মিচিকিয়া হাঁহি এটা ওলাই গল৷ চিকচিকীয়া তালুত তৰ্জনী আঙুলিৰে লাহেকৈ খজুৱাই তেওঁ মাষ্টাৰপ্লেন তৈয়াৰ কৰাি পেলালে যে এইবাৰ ধোদৰ আলি নহয়, লোডৰ পাইপহে তৈয়াৰ কৰিব৷ পানী যোগান ধৰিবলৈ ব্যৱহাৰৰ নামত লোডীৰ ট্ৰাক দৌৰাব তাস মাজেৰে৷ লোডীৰ পাইপেৰে হাঁহি ককাই মাৰুতিত গৈ থাকোতে বহুবল্কী পাইপেৰে লোডীৰ ট্ৰাকেৰে পাৰ কৰিব পাৰিব দুই এপদ কম্বলজাতীয় সম্পদো৷ লোডীৰ লোড কমোৱাও হব, অসমীয়ামখাৰ আন্দোলনো কমিব, নামত পানীৰ পাইপো হব, ৰাইজে উন্নয়নো দেখিব, খোৱা পানী নোৱাৰিলেও বানপানীয়ে পঠাব পৰা যাব লগতে পাইপৰ মাজেৰে ট্ৰাকত ধুবুৰীৰ ফাললৈ কিছু কম্বলো চাপ্লায়ো দিব পৰা যাব৷ বহুবল্কী দেউৰ এই সম্বাদে অসমৰ অ কাটিব নে নাকাটে সেয়াহে গুৰুত্বপূৰ্ণ হব৷

ৰচনাকালঃ ১৭ ফেব্ৰুৱাৰী, ২০১৪

সংবাদসেৱাত আজিৰ দিনত আটাইতকৈ অধিক ব্যৱহৃত শব্দ (!)

"এই যি নলা আছিলে, তাতে যি পানী আছিলে, আৰু তাতে যি পেট্ৰলজাতীয় সামগ্ৰী পৰাৰ ফলত যি শব্দ হৈছিলে আৰু যি শব্দ হৈছিলে সেই শব্দৰ ফলত ওচৰতে যি গছ আছিলে, সেই গছৰ ওপৰ পৰ্যন্ত জুই বিয়পিছিলে আৰু যি স্থানীয় ৰাইজৰ মতে, বহু দূৰ পৰ্যন্ত যি নলা আছিলে, তাৰে জুই বিয়পি গৈছিল, অনন্যা৷" যি বুজিছোঁ "যি" আৰু "এই" শব্দ দুটা সবাতোকৈ অধিক ব্যৱহাৰ হোৱা শব্দ হবলৈ আৰু বেছি দিন নাই৷

ৰচনাকালঃ ২২ ফেব্ৰুৱাৰী, ২০১৪

মানৱীয়তাৰ খাটিৰত আটাইলৈ এটি অনুৰোধ


ইয়াৰ পিছতো কোনখন গণতন্ত্ৰই কব যে খাদ্য বস্ত্ৰ বাসস্থান আমাৰ মৌলিক অধিকাৰ? কিমানখিনি বেদনা আৰু বিৰক্তিত এজন মানুহে জ্বলন্ত অগ্নি লৈ নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আগুৱাই যাব পাৰে, আমি কেতিয়া বুজিম? নে সকলো বুজিও চকু মুদা কুলিৰ ভাও দি থাকিম?

ৰাজনীতি আজি কি পৰ্যায়লৈ নামিছে, ইমানৰ পিছতো আমি নুবুজাকৈয়ে থাকিমনে? এতিয়া কেউদিশে চলিছে বোকা ছটিওৱাৰ খেল৷ আমি কৈছোঁ আমাৰ সাৱধানবাণীক আপোনালোকে গুৰুত্বই নিদিলে৷ কথাবোৰ ইমানেই কেজুৱেলী ল'লে যে, আমাৰ মাজৰে কোনোবা এজনে অগ্নিদগ্ধ হৈ দাবী আদায় কৰিম বুলি দিয়া হুমকিক বুঢ়া আঙুলি দেখাই হাঁহি হাঁহি পাট্টা প্ৰদান কৰিলে৷

ইয়াতোকৈ নিকৃষ্ট ৰাজনীতি আছে বুলি মই নাভাৱো৷ মোৰ দৃষ্টিত চৰকাৰ যিমানেই দোষী, সিমানেই দোষী প্ৰতিবাদকাৰীসযলৰ নেতৃত্বও
আৰু তাৰে ভুক্তভোগী হল এজন নীৰিহ জনতা৷

আমাক লৈ অনুগ্ৰহ কৰি আৰু ৰাজনীতি নকৰিব৷
ক্ষমতা আপোনালোকক লাগে, লওঁক, আমাক মাথোঁ জীয়াই থাকিবলৈ দিয়ক৷ ক্ষমতাৰ এই খেলখনত আমাক অন্ততঃ পাশাখেল বুলি গণ্য নকৰিব৷

প্ৰয়াত শ্বহীদজনাৰ (প্ৰণৱ বড়ো)ৰ আত্মজাহৰ আজিৰ এই ঘটনাৰাজিৰ প্ৰতিবাদস্বৰূপে আহক, আমি সকলোৱে এদিনৰ বাবে হলেও মানৱীয়তাৰ চিনস্বৰূপে ক'লা ফোটো প্ৰফাইল ফোটো হিচাপে লগাই শ্ৰদ্ধা নিবেদন কৰোঁ আহক৷

ৰচনাকালঃ ২৫ ফেব্ৰুৱাৰী, ২০১৪

প্ৰসংগঃ অখিল গগৈক গ্ৰেপ্তাৰ

যোৱা কেইদিনমানৰ অসমৰ ঘটনাৱলীয়ে পুৰণি কিছুমান কথালৈ মনত পেলাই দিছে৷ তেতিয়া ৰাজনীতি বুজি পোৱা নাছিলোঁ৷ টিভিত দেওবাৰ এটাত "আৰু এটা সূৰ্য" নামৰ চিনেমা এখন চাবলৈ পাইছিলোঁ৷ তাৰে কেইদিনমান পিছতে ওচৰৰে দাদা এজনৰ পৰা আৰু তেওঁলোকৰ হোষ্টেলৰ পৰা পৰাগ দাসৰ কিতাপসমূহ বাজেয়াপ্ত কৰা হৈছিল৷ বুধবাৰ নামৰ কাকতখনৰ নাম শুনিছিলোঁ যদিও পঢ়াৰ সৌভাগ্য হোৱা নাছিল৷ কিয়নো, কাকতৰ গাড়ীয়ে পেলাই থৈ যোৱাৰ পিছত বিক্ৰেতাৰ ওচৰ পোৱাৰ আগতেই টোপোলাৰে সৈতে বুধবাৰ নোহোৱা হৈ যায়৷ ফলত বিক্ৰেতায়ো বুধবাৰ ৰখা বন্ধ কৰি দিয়ে৷ কিন্তু বুধবাৰ কিয় ইমান জনপ্ৰিয় আছিল, বুজা নাছিলোঁ৷ পৰাগ দাস আৰু অজিত ভূঞা আমাৰ বাবে জনপ্ৰিয় সাংবাদিক৷ তাৰ পিছত শুনিলোঁ প্ৰতিদিনৰ আৰু সাদিনৰ নাম৷ দেশৰ ৰাজনীতিৰ ফলাফলত সংবাদ মাধ্যমে কিদৰে ভূমিকা গ্ৰহণ কৰিব পাৰে, সেইসময়ত দেখিছিলোঁ৷ কিন্তু হঠাৎ এদিন খবৰটো পাইছিলোঁ, স্কুটাৰত পুত্ৰক স্কুলত থবলৈ যাওঁতে পৰাগ দাসক আততায়ীয়ে গুলিয়াই মাৰিলে৷ হয়তো ইয়াৰ ক্ষতি সেই সময়ত অনুধাৱন কৰিব পৰা নাছিলোঁ৷ আমাৰ গাঁওলৈ ৰেডিওৰ আঞ্চলিক বাতৰিৰ বাহিৰে গাঁওৰেই প্ৰজনিকাই আনিলে প্ৰতিদিন৷ ফলত কাকতৰ মুখ দেখা পোৱা হলোঁ৷ কিন্তু অশান্ত অসমৰ খবৰ দিবলৈ আহি প্ৰতিদিন নিজেই খবৰ হৈ পৰিল৷ ৰাতিপুৱা স্কুলত যোৱাৰ আগতে প্ৰজনিকাৰ সন্মুখত হোৱা আলোচনাৰ সাৰমৰ্ম হিচাপে গম পালোঁ যে চৰকাৰ বিৰোধী কাৰ্যকলাপৰ বাবেই টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে অজিত ভূঞাক৷ মনটো বেয়া লাগিছিল৷ বুজি পাইছিলোঁ যে এই দুজন অসমৰ উন্নতি সাধন কৰিব বিচৰা সাংবাদিক৷ সেয়ে হয়তো প্ৰতিদিনৰ সম্পাদকীয়ত ওলমি থকা হেণ্ডকাফৰ ছবিয়ে নিজকে সাংবাদিক হবলৈ উৎসাহ যোগাইছিল৷ এইবোৰ কথাৰ দিন বাৰ মনত নাই৷ কথাবোৰ কোনটো আগত কোনটো পিছত, তাকো মনত নাই৷ মনত কেৱল দুৰ্নীতিৰ বিৰূদ্ধে মাত মাতি অহা ব্যক্তিসকলক সমৰ্থন কৰিবলৈ সাহস পাইছিলোঁ৷ তেনেকুৱা মানুহ বহুতো পালোঁ৷ কিছুমানে দুৰ্নীতিৰ হেঁচাত প্ৰতিবাদ বাদ দিলে৷ কিছুমানক আকৌ অমুৱালে৷ আন কিছুমানে প্ৰতিবাদৰ ভাষাৰেই দালানৰ বাসিন্দা হল৷ কিন্তু একাগ্ৰতাৰে এই বিষয়ত লাগি থকা মানুহ পোৱা নাছিলোঁ৷ হঠাতে ভুমুকি মাৰিলে অখিল গগৈ৷ যিকোনো সংগ্ৰাম বা আন্দোলনৰ আগতেও অখিল গগৈক জানিছিলোঁ, এজন আৰ টি আই কৰ্মী হিচাপেহে৷ চি আই চি ৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত পোৱা সন্মানৰ পিছত এটা কথাই ভাবিছিলোঁ যে এইবাৰ নৈৰাজ্যবাদৰ বিপক্ষে সংগ্ৰামখন চলাই নিব তেৱেই৷ সেয়েহে চাগৈ অখিল গগৈৰ ওপৰতো শণিদৃষ্টি পৰিল৷ এটাৰ পিছত এটা বিতৰ্কই তেওঁত অৱশেষত পোৱালেহি আৰক্ষী জিন্মা৷ তাতে ১২০ (বি) ধাৰা৷ টাডা নহলেও আইনৰ জ্ঞান থকা বন্ধুসকলে এই ধাৰাক দাদা বুলিয়েই কয়৷ নাজানো, কোন সঁচা, কোন মিছা৷ কোন অপৰাধী, কোন নিৰ্দোষী৷ কাৰ ষড়যন্ত্ৰত কোনে ভৰি দিছে৷ কিন্তু এটা কথাই জানো, অসংগঠিত অসমীয়াক অন্যায়ৰ বিপক্ষে সংগঠিত কৰিবলৈ অসমক অখিল গগৈক লাগে৷ লাগে এতিয়াতকৈ স্থিৰ, সংযত, আৰু চিন্তাশীল ৰূপত৷ পাৰিবনে তেওঁ উভতি আহিবলৈ, নে তেওঁৰো কণ্ঠ ৰূদ্ধ হৈ যাব?


ৰচনাকালঃ ০৪ মাৰ্চ, ২০১৪

স্বাধীনতাৰ উপায় (!)


আজিৰ তাৰিখত অসমত বিভিন্ন দল-সংগঠনে স্বায়ত্ত শাসন বিচৰা অথবা সাৰ্বভৌমত্ত বিচৰাৰ পৰিপ্ৰেক্ষিতত অসম স্বাধীন হোৱাৰ কেইটামান উপায় আমি ভাবি উলিয়াইছোঁ। সেইকেইটা হব পাৰে-

১/ য'তে-ত'তে মাৰি কাটি, অপহৰণ কৰি কেন্দ্ৰীয় চৰকাৰক জনোৱা যে, আমি লাগি আছোঁ। ফলত হাৰ মানি সেই দল-সংগঠনে তেওঁলোকে দাবী কৰা এলেকাক সাৰ্বভৌমত্ত প্ৰদান কৰিব। এই প্ৰচেষ্টা বহুকেইটা সশস্ত্ৰ সংগঠনে বহু বছৰ ধৰি কৰি আহিছে যদিও কিমান ফলপ্ৰসূ সেয়া আমাৰ সন্দেহ আছে। তথাপি ইয়াক এক উপায় হিচাপে সেই সংগঠনসমূহৰ পন্থাৰ প্ৰতি লক্ষ্য কৰিয়েই ৰখা হৈছে ।

২/ স্বাধীনতাৰ অৰ্থ হৈছে স্ব-অধীনতা। গতিকে দাবী কৰা সংগঠনসমূহৰ বিষয়মূৰীয়াহঁতক ৰাজনীতিৰ আসন, টকা-পইচাৰে স্ব অধীন হবলৈ এৰি দিলেই সেই এলেকাটো স্বাধীন (স্ব-অধীন) হৈ পৰিব। দিতেশ্বৰ শইকীয়াই এই পন্থাৰে বহুতকে ইতিমধ্যে স্বাধীনতা দিছেই। বাকীখিনিৰো আধাক দিছে আমাৰ তৰুণ গগৈদেৱে।

৩/ ঘৰতেই যি পৰাধীন, তেওঁ দেশৰ স্বাধীনতা কেনেকৈ আনিব? গতিকে ঘৰতেই আগতে স্বাধীনতা আনি লব লাগিব। গতিকে ঘৰৰ পৰিয়াল-পৰিজনক মাৰি কাটি শেষ কৰি ল'লেই কাম শেষ। গতিকে ওপৰোক্ত দুটা পন্থাৰে স্বাধীনতা নোপোৱাসকলৰ কিছুমানৰ ক্ষেত্ৰত এই পন্থাটো ব্যৱহাৰযোগ্য হব পাৰে। দহ বাৰ বছৰ আগেয়ে এই পন্থাৰে বহুতে ইতিমধ্যে স্বাধীনতা পাইছেই।

৪/ আজিকালি অসমৰ সৰু বৰ সকলো জাতি-জনগোষ্ঠীয়েই সাৰ্বভৌমত্ত বিচাৰিবলৈ আৰম্ভ কৰিছে। এইটোও অস্ম স্বাধীন হোৱাৰ এক ফলপ্ৰসূ উপায় হব পাৰে। যিয়ে য'ত, যেনেকৈ স্বাধীনতা বিচাৰে তাকে স্বাধীনতা দি দিলে অসমৰ বাকী যিখিনি ঠাই থাকিব, সেইখিনি নিজে নিজেই স্বাধীন হৈ পৰিব। এই পন্থা বাকীবোৰ আন্দোলনৰ ওপৰত নিৰ্ভৰশীন যদিও একেবাৰে কম খৰচী আৰু সুবিধাজনক পন্থা হব পাৰে।

৫/ আমাৰ মূৰত খেলোৱা শেষ পন্থাটো ক'লে হয়তো বহুতে আমি ভ্ৰম বকা বুলি কব। তথাপি ভবা হৈছেই যেতিয়া কৈয়েই দিয়া যাওঁক। আমাৰ মগজুৱি ঢুকি পোৱা শেষ পন্থাটো হৈছে আত্মনিৰ্ভৰশীলতা। আমি অসমীয়াসকল হৈছোঁ বাকপটু। কথা আগত, কাম পাছত। আমি যিসকলে আজি স্বাধীনতা বিচাৰিছোঁ, সেইসকলৰ এই দাবীৰ মূল কাৰণ কি বাৰু? অনুন্নয়ন, অৱহেলা নহয়নে? অনুন্নয়নৰ কথা আহোতে আমি উন্নয়ণৰ ছবিখনো উলিয়াই লোৱা ভাল। অলপ মাত্ৰ অধিক শ্ৰম কৰিয়েই আমি ফল পাব পাৰোঁ। উদাহৰণস্বৰূপে কৃষিৰ কথাই কওঁ। বছৰত এটা খেতি কৰাৰ পৰিৱৰ্তে যদি আমি দুটা বা তিনিটা খেতিৰ বাবে ব্যৱস্থা কৰোঁ, তেন্তে উপাৰ্জনৰ আন এটা উপায় আমি পাব পাৰো। অধিক উপাৰ্জনক্ষমতাৰে আমাৰ সমাজখনক অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰদান কৰিব পাৰোঁ। এই স্বাৱলম্বীতাই সমাজখনৰ সুস্থিৰ কৰিব। সুস্থিৰতা আহিলে উন্নয়ন আহিব। উন্নয়নে চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিব। ঠিক তেনেকৈ ঔদ্যোগিক ক্ষেত্ৰত, সমাজ কল্যাণ, স্বাস্থ্য, শিক্ষা, শক্তি আদি ক্ষেত্ৰতো স্ব-নিৰ্ভৰশীল হব পাৰিলে আমাৰ বাবে অৱহেলা, অনুন্নয়ণ আদি শব্দবোৰৰ কোনো মূল্য নাথাকিব আৰু পৃথক স্বাধীনতাৰ প্ৰয়োজন নহব। স্ব-নিৰ্ভৰশীলতাই হব আমাৰ বাবে ডাঙৰ স্বাধীনতা।

আহক আমি স্বাধীনতা বিচৰাৰ পৰিৱৰ্তে জাতি-জনগোষ্ঠী নিৰ্বিশেষে স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিওঁ।

(এই লেখাৰ কোনো অন্তৰ্নিহিত উদ্দেশ্য নাই। লেখাত বহুখিনি কথা ইতিকিংসূচক। লেখাৰ বিষয় আৰু পদ্ধতি লেখকৰ নিজস্ব আৰু কল্পনাগত। গঠনমূলক আলোচনা আমাৰ কাম্য)

ৰচনাকাল- ০৬ মাৰ্চ, ২০১৪

ফাগুণৰ অনুভৱ..........


এয়া ফাগুন.... বতাহেও কয় এয়া ফাগুন..... চোতালত মূৰৰ শালিকীযুৰিয়ে চাই ৰয় ফাগুনৰ ৰং.... বতাহৰ সোঁ-সোঁৱনিত ভাহি আহে কোনো গৰখীয়া বাঁহীৰ মাত... নৈপৰীয়া বালিত উৰি ৰয় ৰঙীন চিলা....আৰু এইবোৰৰ আঁতৰত উৰি ৰয় বতাহে কঁপোৱা মোৰ হিয়া..





ৰচনাকালঃ-০৬ মাৰ্চ, ২০১২

Wednesday, February 5, 2014

ড° নবীনচন্দ্র শর্মা দেৱৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

(অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্রখনৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত ড° নবীনচন্দ্র শর্মাৰ নাম লেখত ল’বলগীয়া। ১৯৩৮ চনত মঙলদৈ জিলাত জন্ম গ্রহণ কৰা ড° শর্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফ’কল’ৰ (Folklore) ৰিছার্চ বিভাগৰ বিভাগীয় মূৰব্বী হিচাপে অৱসৰ গ্রহণ কৰে। তেখেতৰ তত্বাৱধানত অর্দ্ধশতকতকৈয়ো অধিক গৱেষকে ডক্টৰেট ডিগ্রী লাভ কৰিছে। লোক-সংস্কৃতিৰ পথ সুচল কৰাত ড° শর্মাৰ “অসমীয়া লোক-সংস্কৃতিৰ আভাস”, “আইৰ মুখৰ সাধু”, “ডাক-প্রবচন”, “ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ লোক-সংস্কৃতি”, অসমৰ পৰিৱেশ্য কলা ওজাপালি” আদি গ্রন্থৰ ভূমিকা অপৰিহার্য।)

 

সাহিত্য ডট অর্গ: নমস্কাৰ ছাৰ, আপুনি অসমৰ লোক-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনত এগৰাকী পুৰোধা ব্যক্তি ৷ আপুনি গৱেষণাৰ মূল বিষয়বস্তু হিচাপে “লোক-সংস্কৃতি”কে কিয় বাচনি কৰি ল’লে অথবা “লোক-সংস্কৃতি”ক মূল বিষয় হিচাপে বাচনি কৰি ল’বলৈ কিহে আপোনাক অনুপ্ৰেৰণা দিছিল?
° নবীনচন্দ্র শর্মা: এটা প্রসংগৰে কথাখিনি আৰম্ভ কৰিব বিচাৰিম। তোমালোক শিৱসাগৰৰ নাজিৰালৈ যোৱা বা যোৰহাটৰ এখন গাঁৱলৈ যোৱা বা টীয়কলৈ যোৱা অসমৰ মানুহবিলাক বেছিভাগ কৃষিজীৱী আছিল। তাত ৰজা-মহাৰজা ইত্যাদি থাকিলেও তেওঁলোকৰ যিটো সম্ভ্রান্ত জীৱন-নির্বাহ প্রণালী তাৰ প্রভাৱ আমাৰ গাঁৱৰ সমাজত পৰা নাছিল। ৰজা-মহাৰজাসকলো লোক-সংস্কৃতিৰে পৃষ্ঠপোষক আছিল। তেতিয়াৰ যিবিলাক প্রধানমন্ত্রী আছিল যেনে বৰগোহাঁই আছিল, বুঢ়াগোহাঁই আছিল, এইসকলে চিধা-চিধিকৈ কৈছিল যে আমি আৰু নিজৰটো এৰি বিদেশীধৰণৰ কাপোৰ পিন্ধিম কিয় (বুৰঞ্জীত লিখা আছে)! তেনেকুৱা এটা মনোবৃত্তিৰ এখন সমাজতে আমাৰ জন্ম! সৰুৰে পৰা আমাৰ আইহঁতৰ বা আমাৰ খুড়ীহঁতৰ, বাইদেউহঁতৰ ওচৰ-চুবুৰীয়াৰ কিছুমান কথা দেখিয়ে থাকোঁ। এই ধৰা ৰাতিপুৱা চোতাল সৰাৰ পৰা জুই ধৰালৈকে , গা ধোৱাৰ পৰা গোসাঁই সেৱা কৰালৈকে, তুলসীৰ গুৰি মচালৈকে বা মহিলাই মহিলাৰ লগত কাজিয়া কৰা, কাজিয়া লাগোতে কেনেকৈ হাতৰ মুদ্রা দিয়ে বা সেইসময়ত তেওঁলোকৰ চাল-চলন কেনেকুৱা হয় বা গাঁৱৰ ছোৱালীবিলাকে কেনেকৈ মাছ মাৰিবলৈ যায় বা ঢেঁকী কেনেকৈ দিয়ে, ঢেঁকী দিওঁতে কেনেকৈ সাধু কথা কয় বা মৰণা কেনেকৈ মাৰে বা পিঠা-পনা কেনেকৈ সাজে এইবিলাক কথা সদায় দেখি আছিলোঁ। কিন্তু এইবিলাক কথা যে লিখবলগীয়া সেই কথাটোৰ ধাৰণাটো ভালকৈ মনলৈ অহা নাছিল; “এ, লিখিবলগীয়া কথা নেকি”— এনেকুৱা এটা ভাৱ আৰু! দেখিয়ে আছোঁ সেইবাবে ইমান গুৰুত্বও নাই। ওজাপালিও দেখি আছোঁ। বিভিন্ন ওজা আছে, দেখি আছোঁ। কিন্তু মই যেতিয়া আছুতীয়া ধৰণৰ কিতাপ পঢ়িবলৈ লৈছিলোঁ ক্লাচ নাইনৰ পৰা তেতিয়া দেখিলোঁ যে বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰৰ “অসমৰ লোক-সংস্কৃতি” নামেৰে কিতাপ এখন ওলাইছে। কিতাপ কিছুমান কিনিও পঢ়িছিলোঁ। পিচে আমাৰ আর্থিক অৱস্থাটো সিমান ভাল নাছিল। পাঠ্য কিতাপখিনি কিনি পঢ়াটো অলপ অসুবিধা আছিল। তথাপি আমাৰ লাইব্রেৰী আছিল, কমিউনিটি চেণ্টাৰ আছিল। তাৰ পৰা বিৰিঞ্চি কুমাৰ বৰুৱা ছাৰৰ কিতাপখন নি মই পঢ়িলোঁ। পঢ়ি দেখিলোঁ এইবিলাকতো মই জনা কথা। এইবিলাক ছাৰে লিখিছে ময়ো লিখিব পাৰোঁ দেখোন! তেতিয়াৰ পৰা লেখাৰ কামটো আৰম্ভ কৰিলোঁ। মানে সৰুৰ পৰাই। আমি সাধুকথাৰ পুথি পঢ়িছোঁ, “বুঢ়ী আইৰ সাধু”ও পঢ়িছোঁ। কিন্তু এইবিলাক সাধুকথাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে এইবোৰ বিভিন্ন ঠাইৰ পৰা গোট খুৱাই সংকলন কৰা হৈছে। আমাৰ আইহঁতে কোৱা সাধুবোৰো কপি কৰিছিলোঁ দুই চাৰিটা। কৈ থাকোঁতে মই লিখিছিলোঁ বা বিয়াৰ গীতো ক’ৰবাত ক’ৰবাত লিখিছিলোঁ। তাৰপাচত মই যেতিয়া স্কুলত চাকৰি কৰি আর্যবিদ্যাপীঠত পঢ়োঁ আৰ তেনেকৈয়ে এম.এ. পাচ কৰোঁ তেতিয়া মই আৰু এজন মানুহ লগ পাইছিলোঁ আমাৰ মঙলদৈৰ ছিপাঝাৰৰে, অতুল বৰুৱা। তেওঁ মোক ক’লে যে তুমি ওজাপালিৰ ওপৰত গৱেষণা কৰা। তেতিয়া ভাবিছোঁ যে ওজাপালি কেৱল দৰঙতহে আছে আৰু বেলেগ ক’তো নাই। কিন্তু মই দেখিলোঁ যে ই গোটেই অসমতে আছে। তেতিয়া এই বিষয়টোত গৱেষণা কৰাৰ কথা মোৰ শিক্ষাগুৰুসকলোকো সুধিছিলোঁ। তেতিয়া দুই-এজন ছাৰে ক’লে যে ওজাপালি এটা chapterহে হ’ব, থেছিছ এখন নহ’ব। নহ’ব বুলি কোৱাত, মানে মোৰ শিক্ষাগুৰু এজনে যেতিয়া তেনেকৈ কৈছে তেতিয়া তেখেতৰ মন্তব্যটো হেয় কৰি মোৰ মন্তব্য এটা প্রতিষ্ঠা কৰাটো বৰ টান হৈ পৰে। তেওঁলোক ইতিমধ্যে সুপ্রতিষ্ঠিত শিক্ষক। তেওঁলোকৰ তলত বহুতে ডক্টৰেট পাইছে তেনেকুৱা এজন মানুহৰ কথাটো বিৰুদ্ধে কোৱাটো অলপ অসুবিধা। গতিকে মই মনে মনে থাকিলোঁ আৰু! সেইটো বিষয়ত কাম কৰিবলৈ আগ নাবাঢ়িলোঁ। নাবাঢ়ি মই কৰিলোঁ এজন কবিৰ ওপৰত; অনন্ত কন্দলিৰ ওপৰত। প্রাগজ্যোতিষ মহাবিদ্যালয়ত থাকোঁতে মই “অসমীয়া লোক-সংস্কৃতিৰ আভাস” বুলি এখন কিতাপ লিখিছিলোঁ। সেইখনত অ’ত-ত’ত প্রকাশিত বাৰ-তেৰটামান লেখা ছপা হৈছিল। আমাৰ প্রফুল্ল দত্তগোস্বামী ছাৰৰ লগত সিমান চিনাকি হোৱা নাছিল তেতিয়ালৈকে। তেওঁক কিতাপখনত মন্তব্য এটা লিখি দিয়ক বুলি ক’বলৈ অলপ টান পালোঁ। কিতাপখনত অতুল হাজৰিকা ছাৰে এটা পাতনি লিখিছে। হাজৰিকা ছাৰ খোলা মনৰ মানুহ; তেওঁক মেলে-মিটিঙে পাই থাকোঁ আৰু মোৰ প্রবন্ধও তেওঁ পঢ়িছে। সেইসময়ত দেবেন্দ্রনাথ শর্মাৰ সম্পাদনাত ‘শান্তিদূত’ নামৰ এখন সাদিনীয়া বাতৰি কাকত প্রকাশ হৈছিল।  তাত কেতিয়াবা কিবা-কিবি বিশেষ সংখ্যাবিলাক আহে। যেনেকৈ ধৰা বিহু আহিল, দুর্গাপূজা আহিল বা সাহিত্য সভা আহিল— তেতিয়া তাত একোটা একোটা প্রবন্ধ লিখিবলৈ দিয়ে। অতুল হাজৰিকা ছাৰে মোৰ প্রবন্ধবিলাক পঢ়ে। পঢ়ি পঢ়ি তেওঁ মোৰ বিষয়ে অলপ জানিছিল। সেই কিতাপখন মই অতুল হাজৰিকা ছাৰক দেখুৱালোঁ। তেওঁ লিখিলে যে নল মৰে গঁজালি ওলায়। নবীন চন্দ্র এটা নলৰ গঁজালি। ভবিষ্যত তেওঁৰ উজ্জ্বল যদি তেওঁ লেখা-পঢ়া কৰি থাকে। মাজে মাজে তেওঁৰ ওচৰলৈ যাওঁ। গ’লে মুড়িৰ লাড়ু এটা চাহকাপৰে সৈতে খাবলৈ দিয়ে। আন্তৰিকতাৰে কথা-বার্তা পাতে। এনেকৈ মই আগবাঢ়ি গ’লোঁ, যথেষ্ট উৎসাহ পালোঁ। এনেকৈ এদিন মই ইউনিভাৰচিটিত চাকৰি পালোঁ, ফ’কল’ৰ ৰিচার্ছ ডিপার্টমেণ্টত। চাকৰিটো পালোঁহে, কিন্তু মইতো ফ’কল’ৰ সম্পর্কে ক্রিটিকেল কথাবিলাকটো নাজানো। গতিকে মই লাইব্রেৰীৰ পৰা এই সংক্রান্তীয় কিতাপবোৰ টানি আনিলোঁ, আনি পঢ়িলোঁ। পঢ়ি কিতাপো লিখিলোঁ। আগতে লিখা লোক-সংস্কৃতিৰ কিতাপখনৰ বেচ আছিল মাত্র ১০টকা, আসাম বুক ডিপোই ছপা কৰিছিল। সেইখনে মই ৰিভাইচ কৰি কৰি প্রায় চাৰিটামান সংস্কৰণ উলিয়ালোঁ। সেইখন এতিয়া পাঠ্যপুথি হিচাপে চলে। তাৰ পাচত আৰু পঢ়া-শুনা কৰি কৰি মই গৱেষণা তত্বাবধায়কো হ’লোঁ। তেতিয়া এজনে গৱেষকে ওজাপালিৰ ওপৰত কাম কৰিবলৈ আহিলে। তেওঁ বেলেগ বেলেগ ঠাইলৈ গ’ল। পোনপ্রথমতে গ’ল মহেশ্বৰ নেওগ ছাৰৰ ওচৰলৈ “এ সৰু বস্তু এটা নহ’ব।” কিন্তু ওজাপালি অকল দৰঙতে নহয় গোটেই অসমতে আছে লগতে ট্রাইবেল মানুহবিলাকৰ মাজতো ওজাপালি আছে। বড়োৰ মাজত আছে, হাজংবিলাকৰ মাজত আছে। এনেকৈ ওজাপালি বহুত ঠাইতে, উজনিৰ ফালেও আছে। গাৰো, যিবিলাক হিন্দু গাৰো আছে তেওঁলোকৰ মাজতো আছে। সত্রতো ওজাপালি আছে। নগাঁৱত নগঞা ওজাপালি আছে। আমাৰ তাতো বিভিন্নধৰণৰ ওজাপালি আছে। গতিকে চাই দেখিলোঁ যে এইটো এটা ভালকৈ অধ্যয়ন কৰিবলগীয়া বিষয়। কামটো গৱেষকগৰাকীক দি ক’লোঁ যে আপুনি আৰম্ভ কৰক। লগতে ময়ো অধ্যয়ন কৰি থাকিলোঁ। গৱেষকগৰাকীক ইংৰাজীত লিখিবলৈ দিলোঁ। গৈ গৈ বিৰাট ডাঙৰ থেছিছ এখন হৈ গ’ল। সময়ত ড° ভৃগুমোহন গোস্বামীৰ থেচিছখন ছপা হ’ল আৰু মোৰ অসমীয়া কিতাপখনো ছপা হৈছে “অসমৰ পৰিবেশ্য কলা ওজাপালি” নামেৰে। এই কিতাপখনৰ বাবে সাহিত্য সভা আৰু অন্যান্য প্রতিষ্ঠানৰ পৰাও তিনিটামান পুৰস্কাৰ পাইছোঁ। সেইখনৰ পাচতে ওজাপালি সম্পর্কীয় ধ্যান-ধাৰণাটো আহিল। তাৰপাচত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা চলাই চলাই মোৰ অধীনত ৫৬ জনে ডক্টৰেট ডিগ্রী পালে আৰু দুজনৰ অনতিপলমে মৌখিক সাক্ষাৎকাৰ হ’ব।
সাহিত্য ডট অর্গ: ছাৰ, এইবাৰ যিহেতু “লোক-গাথা”ক আমাৰ ই-আলোচনী “সাহিত্য ডট অৰ্গ”ৰ মূল বিষয় হিচাপে লোৱা হৈছে, লোক-গাথাৰ বিষয়ে আপোনাৰ পৰা জানিব পাৰিলে আমি নথৈ সুখী হ’ম ৷
° নবীনচন্দ্র শর্মা: শুনা শুনা, মই লোক-গাথাৰ বিষয়ে কওঁ শুনা। লোক-সংস্কৃতিক চাৰিটা ভাগত ভাগ কৰা যায়। মৌখিক সাহিত্য, লোকাচাৰ বা সামাজিক লোক প্রথা, ভৌতিক সংস্কৃতি আৰু লোক পৰিবেশ্য কলা। মৌখিক সাহিত্যৰ ভিতৰত লোক কাহিনী, বর্ণনাত্মক লোক কবিতা, লোক মহাকাব্য, সাঁথৰ, যোজনা-পটন্তৰ, প্রবচন, লোকোক্তি, লোক ভাষা আদি পৰে। ভৌতিক সংস্কৃতিৰ ভিতৰত পৰে লোক শিল্প, লোক কলা, লোক স্থপতিবিদ্যা, লোক আভৰণ আৰু লোক ৰন্ধন প্রণালী। সামাজিক লোক প্রথা বা লোকাচাৰৰ ভিতৰত উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ(জৰা-ফুঁকা, বেজালি), লোক বিশ্বাস, লোক ধর্মক পৰে। আকৌ লোক পৰিৱেশ্য কলাৰ ভিতৰত লোক নাট্য, লোক সংগীত, লোক নৃত্য, অভিনয়ক অন্তৰ্ভুক্ত কৰা হৈছে।

এতিয়া তুমি যে কৈছা গাথাৰ কথা, গাথা মৌখিক সাহিত্যৰ এটা ভাগ। মৌখিক সাহিত্যক কেইবাটাও ভাগৰ কথা ইতিমধ্যে মই ক’লোঁ; লোক কাহিনী, বর্ণনাত্মক লোক কবিতা, লোক মহাকাব্য, সাঁথৰ, যোজনা-পটন্তৰ, প্রবচন, লোকোক্তি, লোক ভাষা। মৌখিক সাহিত্য গদ্য আৰু পদ্য দুয়োটা ৰূপতে আমাৰ মাজত প্রচলিত। পদ্যৰূপত থকা মৌখিক সাহিত্যৰ কথা ক’লে আমি পূজা-পাতল বা অন্য ধর্মীয় অনুষ্ঠান বা বিয়া আদিত গোৱা অনুষ্ঠানমূলক গীত, ল’ৰা-ছোৱালী টোপনি নিওৱা গীত, গৰখীয়াৰ গীত, নাও খেলৰ গীত আদিৰ দৰে বিবিধ বিষয়ক গীত আদিৰ কথা ক’ব পাৰোঁ। গদ্যত বর্ণনা কৰা লোক-সাহিত্যৰ ভিতৰত আমি সাধুকথা, পৌৰাণিক কাহিনী বা আখ্যানবিলাকক বুজোঁ। এতিয়া তুমি যে ক’লা গাথা, গাথা শব্দটো সংস্কৃততো আছে। এটা মণিৰ লগত আন এটা মণি লগ লগাই আমি মালা গুঠোঁ। ঠিক তেনেকৈ এটা কাহিনী স্তৰে স্তৰে পদ্যত বর্ণনা কৰে কাৰণে তাক গাথা বোলে আৰু ই মুখে মুখে চলি অহা বাবে ইয়াক লোক-গাথা বুলি কয়। সেই একে কাৰণতে লোক-গাথাৰ আন নাম মালিতা (কবিতাৰ মালা) বা কাহিনী গীত। আৰু লোক-গাথা হ’বলৈ পদ্যত এটা কাহিনী থকাটো অপৰিহার্য। অন্তর্নিহিত কাহিনী নাথাকিলে মুখে মুখে চলি অহা গীত এটা লোক-গাথাত নপৰে। সেই কাৰণে আইনাম জাতীয় গীতবোৰ লোক-গাথাত নপৰে। কিন্তু তেজীমলাৰ গীত, জনাগাভৰুৰ গীত, বদন বৰফুকনৰ গীত, বেউলা-লখিন্দাৰৰ গীত, তাৰা পটেশ্বৰীৰ গীত আদিত এটা কাহিনী আছে বাবে এইবোৰ লোক-গাথাত পৰে। গতিকে আমি ক’ব পাৰোঁ যে কবিতাৰ জড়িয়তে বর্ণনা কৰা মুখে মুখে চলি অহা কাহিনী এটাকে লোক-গাথা বুলি কোৱা হয়। আৰু সেই একেটা কাহিনীকে যদি গদ্যত কোৱা হয় তেতিয়া সি সাধুকথাৰ ৰূপ লয়। গতিকে সাধুকথা আৰু লোক-গাথাৰ পার্থক্য বুজাবলৈ মই কওঁ যে A Tale is told but a Ballad is sung. সাধুকথা কোৱা হয় কিন্তু লোক-গাথা গোৱা হয়। লোক-গাথা গাবলৈ সংগীত, বাদ্যযন্ত্র আৰু নৃত্যৰো সহায় লোৱা হয়। আমাৰ ওজাপালিৰ যিসকল ওজা তেওঁলোক হ’ল Ballad Singer (লোক-গাথা শিল্পী)। তেওঁলোকে বিভিন্ন লোক কাহিনীসমূহ নৃত্য আৰু সংগীতৰ সহায়ত সুৰ লগাই গায়। Ballad Singerসকলৰ গাথা পৰিৱেশন কৰিবলৈ পিন্ধিবলৈ নির্দিষ্ট সাজ-পোচাকো থাকে। লোক-গাথা দীঘলো হ’ব পাৰে নাইবা চুটিও হ’ব পাৰে। আৰু এই লোক-গাথাৰ পৰাই কাব্য-মহাকাব্যৰ সৃষ্টি হয়। উদাহৰস্বৰূপে, আমাৰ ৰামায়ণ, মহাভাৰতৰ কাহিনীসমূহো লোক-গাথাত পৰে আৰু এইবোৰক দীঘল মালিতা (long ballad) বুলি কোৱা হয়। আনহাতে চিকণ সৰিয়হৰ গীত, তেজীমলাৰ গীত, বেউলা-লখিন্দাৰৰ গীত, বদন বৰফুকনৰ গীত আদি চমু মালিতা।
সাহিত্য ডট অর্গ: ছাৰ, এইখিনিতে এটা প্রশ্ন সুধিব বিচাৰিছোঁ। কমলা কুঁৱৰীৰ কাহিনীটো আমি সাধু আৰু গাথা দুয়োটা ৰূপতে পাইছোঁ। এই বিষয়ে আপুনি অলপ বহলাই ক’ব নেকি?
° নবীনচন্দ্র শর্মা: হয় হয়, এইটো হয়। এনেকুৱা বহুতো উদাহৰণ আছে য’ত একেটা কাহিনীকে গদ্য আৰু পদ্য দুয়োটা ৰূপতে পোৱা যায়। কেতিয়াবা সাধু হিচাপে কোৱা হয় আৰু কেতিয়াবা গাথা হিচাপে গোৱা হয়।
সাহিত্য ডট অর্গ: অসমৰ লোক-সংস্কৃতিৰ যথেষ্টখিনি আলোচনা ইতিমধ্যে পণ্ডিত-গৱেষকসকলে কৰিছে ৷ কিন্তু লোক-সংস্কৃতিৰ বিভিন্ন দিশৰ আলোচনা কৰাৰ পাচতো “লোক-গাথা”ৰ বিষয়ে এতিয়াও বহুখিনি আলোচনা কৰিবলগীয়া আছে ৷ এই বিষয়ে আপুনি কি কয়?
° নবীনচন্দ্র শর্মা: অসমত লোক-গাথাৰ গৱেষণাৰ বাটকটীয়া বুলি ক’লে আমি ড° প্রফুল্ল দত্তগোস্বামী ছাৰৰ নাম ল’ব লাগিব। তেখেতৰ গৱেষণা পত্র Ballads and Tales of Assam-এ এই ক্ষেত্রত প্রথম, তাৰ আগতে একো গৱেষণা হোৱা দেখা নাই। তেওঁ অনুপ্রেৰণা আৰু আদর্শ লাভ কৰিছিল আমেৰিকাৰ মহান গৱেষক-পণ্ডিত Stith Thompson। তেখেতে The Folktale নামেৰে এখন কিতাপ লিখিছিল। তাত তেখেতে Motif Index-ৰ বিষয়ে উল্লেখ কৰে। এই মত অনুসৰি প্রতিটো বেলাড আৰু সাধুকথাৰ কাহিনীৰ এটা Motif Index বা উদ্দেশ্যধর্মিতা থাকে। একোটা মালিতা, সাধুকথা এটা বিশেষ উদ্দেশ্যতে ৰচিত হয় আৰু আটাইতকৈ আকর্ষণীয় কথাটো হ’ল এই উদ্দেশ্যধর্মী চৰিত্রৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লোক-গাথা, সাধুকথাৰ মাজত মিল দেখা যায়। একেটা পৰিস্থিতি বা উদ্দেশ্যক লৈ সৃষ্টি হোৱা বিভিন্ন অঞ্চল, ৰাজ্য বা দেশৰ সাধুকথাবোৰ বা মালিতাবোৰ একেধৰণৰ হোৱা দেখা যায়। যেনে; খৰাং মানে বৰষুণৰ অভাৱত সাধাৰণ মানুহে জল দেৱতাক পানীৰ বাবে পূজা কৰা প্রথাটো বহু অঞ্চলতে আছে আৰু জল দেৱতাক পূজাত সন্তুষ্ট কৰিবলৈ বলিদান বা sacrifice-ৰ প্রয়োজন হয়। গতিকে ৰজাই কমলা কুঁৱৰীক জনহিতৰ কাৰণে জলত বিসর্জন দিয়ে অর্থাৎ sacrifice কৰে, অর্থাৎ অতি মৰমৰ কাৰোবাক জনহিতৰ বাবে ত্যাগ কৰিব লাগে।। এই কাহিনীটো বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পোৱা যায়। কিন্তু ইয়াৰ মূল উদ্দেশ্য বা motif একেটাই। ভাৰতবর্ষৰ বিভিন্ন অঞ্চলত এই কাহিনীটো বেলেগ বেলেগ ৰূপত পোৱা যায়। আনকি আফ্রিকাৰ ফালেও এইদৰে জল দেৱতাৰ নামত বলিদান দিয়াৰ কাহিনী পোৱা যায়। ঠিক তেনেকৈ মাহী মাকৰ অত্যাচাৰৰ বিষয়টো পৃথিৱীৰ সকলোতে কম-বেছি পৰিমাণে আছে। সেইকাৰণে আমাৰ তেজীমলাৰ কাহিনী আৰু জার্মানীৰ Cenerentola (Cinderella) কাহিনীত মাহীমাকৰ অনাদৰ-অত্যাচাৰৰ বিৱৰণ পোৱা যায়। এনেকুৱা মিল থকা বাবে বহুতে আকৌ সাধুকথা আৰু মালিতাবোৰে এখন দেশৰ পৰা আন এখন দেশলৈ প্রবজন কৰা বুলিও মত পোষণ কৰে। এই প্রবজন তত্বটোক পৌৰাণৈতিহাসিক তত্ব (Historical & Mythological Theory) বুলিও কোৱা হয়। এই তত্ব অনুসৰি এটা বিশেষ সময়ত এখন ঠাইৰ পৌৰাণিক আৰু ঐতিহাসিক কাহিনীবোৰ এক বিশেষ ভৌগোলিক পথেৰে আন ঠাইলৈ মানুহৰ লগত একেলগে প্রবজন কৰে। পণ্ডিত-গৱেষকসকলে ভাৰতবর্ষত জীৱ-জন্তুক লৈ সৃষ্টি হোৱা কাহিনীবোৰ আৰৱৰ মাজেৰে গৈ ইউৰোপৰ মৌখিক সাহিত্যত স্থান পাইছে বুলি ক’ব খোজে। সেইকাৰনে ইউৰোপৰ বহুতো জীৱ-জন্তুমূলক কাহিনীৰ ভাৰতীয় কাহিনীৰ লগত মিল থকা দেখা যায়। এই মতটো অৱশ্যে পৌৰবাদী নৃতত্ববিদসকলেহে পোষণ কৰে। কিন্তু আধুনিক নৃতত্ববিদসকলে পৃথিৱীৰ বিভিন্ন দেশ-মহাদেশ, অঞ্চল আদি ভ্রমণ কৰি, বিভিন্ন ঠাইৰ মানুহৰ লগত পৰিচিত হৈ তেওঁলোকৰ লগত অধ্যয়ন কৰি অইন এটা মতহে পোষণ কৰে। তেওঁলোকৰ মতে যিকোনো অঞ্চলৰ মানুহে প্রায় একেধৰণে চিন্তা কৰে। Human thoughts are similar। আৰু এই চিন্তা-ধাৰাৰ মিলৰ কাৰণে বিভিন্ন অঞ্চলৰ সাধুকথা বা মালিতাৰ মাজত মিল থকা দেখা যায়।  মানুহৰ জীৱন যুদ্ধ আৰু অস্তিত্বৰ সংগ্রামৰ মাজে মাজে হৃদয় আৰু মগজুত কর্ষণ কৰি সৃষ্টি হোৱা কাহিনীবোৰে কালক্রমত সাধুকথা আৰু মালিতাৰ ৰূপ লয়। উদাহৰণস্বৰূপে, শিয়াল আৰু শহাৰ সাধুটো এটা প্রতীকধর্মী সাধু। ইয়াত শহাটো বগা মানুহৰ প্রতিনিধি। সাধুকথা আৰু মালিতাত এনেধৰণৰ আওপকীয়া প্রতীক বহুতো দেখা যায়।

আকৌ গাথাৰ কথালৈ আহোঁ। গাথাবোৰকো বিভিন্ন ভাগত ভগাব পাৰি। যেনে: ১/ অলৌকিক গাথা: তেজীমলাৰ গীত, জনা গাভৰুৰ গীত— এনেবোৰ গাথাত কিছুমান অবাস্তৱ আৰু আশ্চর্যজনক ঘটনাৰ বর্ণনা পোৱা যায়। ২/ বাস্তৱধর্মী/ঐতিহাসিক গাথা: বানপানী বা চীনৰ আক্রমণক লৈ সৃষ্টি হোৱা মালিতাবোৰ বাস্তৱধর্মী গাথা। মোৰ মতে ড° ভূপেন হাজৰিকাৰ “কত জোৱানৰ মৃত্যু হ’ল” গীতটো বাস্তৱধর্মী মালিতা বুলি ক’ব পাৰি। কাৰণ, সেই গীতটো গালে চীনা আক্রমণৰ কথা মনলৈ আহে। ভূপেন হাজৰিকাৰ কিছুমান অমৰ সৃষ্টি অদূৰ ভবিষ্যতত মৌখিক লোক-সাহিত্যৰ অন্তর্গত হৈ পৰিব।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিৰ গৱেষক হিচাপে আপুনি বহু সময়ত ক্ষেত্ৰ অধ্যয়নৰ বাবে বহু ঠাইলৈ যাবলগীয়া হৈছে ৷ বিভিন্ন জাতি-জনজাতি, বিভিন্ন মানুহৰ স’তে আপোনাৰ ভাবৰ আদান-প্ৰদান হৈছে ৷ আপোনাৰ ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতাৰ বিষয়ে আমাক অলপ জনাওকচোন!
° নবীনচন্দ্র শর্মা: অ’ অ’… এনেকুৱা অভিজ্ঞতা আছে দুই-এটা। এবাৰ গৱেষণাৰ কামত মই আমেৰিকালৈ গৈছিলোঁ, মোৰ সহধর্মিনীক লগত লৈ। তাত মই সদায় পিন্ধাৰ দৰে ধুতি-চোলা পিন্ধিছিলোঁ আৰু মোৰ সহধর্মিনীয়েও মেখেলা-চাদৰ পিন্ধিছিল। আমাক এই সাজ-পোচাকত দেখি দুই-এগৰাকী স্থানীয় পুৰুষ-মহিলাই সুধিছিল, “What is this dress called?” তেতিয়া মই কওঁ, “এয়া পাঞ্জাবী চোলা আৰু এয়া ধুতি। এয়া চাদৰ, এয়া মেখেলা।” বহুতে আচৰিত হৈ আমাক কয়, “How fine your dress is! Sometimes we will definitely buy these dresses from India/ Assam.” ঠিক তেনেকৈ মই লাছ্‌ ভেগাচৰ এটা কেচিনোত এগৰাকী ইটালীয়ান গায়িকাৰ গান ভাল পাই তেওঁৰ লগত কথা পাতিছিলোঁ। তেওঁ লতা মংগেশকাৰৰ গীত শুনে, তেওঁৰ বিষয়ে জানে আনকি ভাৰতীয় ৰাগ-ৰাগিনীৰ বিষয়েও জানে। ইয়াৰ পৰা সংগীতৰ বিশ্বজনীনতাৰ উমান পাব পাৰি। সংগীতৰ এক নিজা লয় থাকে; যিয়ে ভাষাক অতিক্রমি আমাৰ হৃদয় স্পর্শ কৰে। ধৰা, নিচুকনি গীত— এই গীতত কোমল শব্দৰ সমাহাৰ ঘটে আৰু সদায় দীঘলীয়া সুৰত কোমলকৈ গোৱা হয়। গতিকে অসমীয়া নিচুকনি গীত শুনাই আমেৰিকাৰ কেঁচুৱা এটাকো শুৱাই থ’ব পাৰি। ঠিক তেনেকৈ দেশ-বিদেশে লোক-গাথাবোৰো একেধৰণৰে হয়। এইবিলাক হৃদয়ৰ সাহিত্য।

গৱেষণাৰ কামতে হওক বা আন ক্ষেত্রতে হওক বেয়া লগা অভিজ্ঞতা তেনেকৈ বিশেষ নাই। মই কেতিয়াও বিপদতো পৰা নাই। সমল সংগ্রহৰ বাবে গাঁৱে-ভূঁইয়ে ঘূৰি ফুৰোঁতে কিছুমান মানুহে মোক প্রশ্ন কৰে যে আপোনাৰ উদ্দেশ্য কি? তেতিয়া মই কওঁ যে মই বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ, মোৰ লগত গৱেষকসকলো আহিছে। আপোনালোকৰ মাজত যিবোৰ কথা পৰি আছে সেইবোৰ হয়তো এসময়ত এটা প্রজন্মৰ লগতে বিলোপ হৈ যাব। যদি আপোনালোকে জনা কথাবোৰ আমি আপোনালোকৰ নামসহ লিপিবদ্ধ কৰোঁ তেতিয়া আপোনালোকৰ কথাবোৰ সকলোৱে পঢ়িবলৈ পাব, আলোচনা কৰিব, গৱেষকসকলে আপোনালোকৰ সহায়-সহযোগৰ স্বীকৃতি দিব, আপোনালোকক পোহৰলৈ আনিব। আৰু কেতিয়াবা কিছুমানে কয়, “এহ এনেকৈ দিব নোৱাৰি, কিবা এটা খাব লাগিব।” তেতিয়া তেওঁলোকক কিবা এটা মাননি দিও সমলখিনি সংগ্রহ কৰা হয়।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিখিনিয়ে সমাজখনত সকলোকে একেটা বান্ধেৰে বান্ধি ৰাখিছে। কিন্তু দেখা যায় নৱ-প্ৰজন্মৰ বহুতে আমাৰ কৃষ্টিৰ লগত জড়িত আচাৰ-অনুষ্ঠান, গীত-মাতবোৰ নাজানে? তাৰ কাৰণ কি হ’ব পাৰে।
° নবীনচন্দ্র শর্মা: নজনা হৈ আহিছে, বেছিভাগে ইংৰাজী পঢ়িবলৈ ল’লে। মানুহবিলাকে লাহে লাহে আমাৰ অসমীয়া সংস্কৃতিৰ প্রতি বীতশ্রদ্ধ হৈ পৰিছে। ইংৰাজী পঢ়াৰ প্রতি প্রৱণতা বঢ়াৰ বাবে অসমীয়া পঢ়াৰ প্রতি আগ্রহ কমি যাবলৈ ধৰিলে। বহুতো ইংৰাজী মাধ্যমৰ পাঠ্যক্রমত অসমীয়াৰ আৰু অসমৰ ইতিহাসেই নাই। আমি এল.পি স্কুলত নৰনাৰায়ণৰ সাধু, ৰুদ্রসিংহৰ সাধু, চিলাৰায়ৰ সাধু পঢ়িছিলোঁ। কথাবোৰ শৈশৱতে আমি সাধুৰূপে পঢ়িছিলোঁ। পৰৱর্তী সময়ত আমি উচ্চশিক্ষা লাভ কৰাৰ বেলিকা কথাবোৰ বিতংকৈ জানিছিলোঁ। আজি সাধুকথা পোৱা নে ক’ৰবাত? নাই। সাধুকথাৰ কিতাপ নাই, অসমৰ বুৰঞ্জীৰ কথা নাই। সাধুকথাটোও যে শিক্ষা লাভৰ এটা মূল অংগ সেই কথাটো এতিয়া বহুতে অনুধাৱন কৰিব নোৱাৰে। এটা বিহুগীত বহুতে নাচায়, আজি ছোৱালীয়ে বিহুগীত, বিয়ানাম নাজানে, যোজনা-পটন্তৰ নাজানে, সাধুকথা নাজানে, ইংৰাজীতহে কথা কয়। গতিকে আমাৰ অসমীয়া মানুহ আৰু ক’ত থাকিব? আমি খেতি-বাতি কৰোঁতে পথাৰবোৰত বিহুগীত গাইছিলোঁ কিন্তু এতিয়া বাণিজ্যিকৰণৰ বাবে বিহুগীতো বিহুগীত হৈ থকা নাই। পাশ্চাত্যৰ অনুকৰণত বিহুগীততো বাজানা ব্যৱহাৰ কৰি থলুৱা বাদ্য ঢোল, তাল, পেঁপা, গগণা আদি নবজালে বিহুগীতৰ প্রকৃত মাধুৰী কেনেকৈ বুজা যাব? কোনোৱে যদি এখন ঠাইৰ ইতিহাস নাজানে, ভূগোল নাজানে সংস্কৃতি ক’ৰ পৰা জানিব? বিভিন্ন ৰীতি-নীতিয়ে সংস্কৃতিৰ লগত আমাৰ জীৱনটোক একীভূত কৰি তুলিছে।
সাহিত্য ডট অর্গ: ছাৰ, সাধুকথাবোৰ এতিয়াও আমাৰ মাজত প্রচলিত হৈ আছে। কিন্তু মালিতাবোৰ নাইকিয়া হৈছে। এতিয়া ওজাপালি বা ঢুলীয়াই হওক সেইবোৰো লাহে লাহে কমি আহিছে। এইবোৰো আমাৰ মাজৰ পৰা হেৰাই যাব নেকি?
° নবীনচন্দ্র শর্মা: আগতে বৈৰাগীসকলে টোকাৰী বজাই গীত গোৱা দেখা গৈছিল। আমাৰ সমাজৰ পৰা বৈৰাগীবোৰ নোহোৱা হ’ল আৰু লগে লগে টোকাৰী বজোৱা মানুহো নোহোৱা হ’ল। আমাৰ সমাজৰ পৰা মনসা পূজাও লাহে লাহে নাইকিয়া হৈ গৈ আছে। বাসুদেৱ পূজাত ব্যাস গোৱা ওজাপালিয়ে বিয়াহৰ গীত গাব লাগে। আগতে নিয়ম আছিল যে লগুণদিয়নীত বাসুদেৱ পূজা পাতিব লাগে। এই বাসুদেৱ পূজাৰ ৰাতি হয় ব্যাস ওজাপালি উঠিব নহয় খুলীয়া ভাৱৰীয়া উঠিব। এইবোৰৰ পৃষ্ঠপোষকতা সেই সময়ৰ সমাজত আছিল। পৃষ্ঠপোষকতা থাকিলে এতিয়াৰ সমাজতো হ’ব, কিন্তু পৃষ্ঠপোষকতাই নাই। সেইবিলাক গীত শাস্ত্রীয় ৰাগযুক্ত হয়। সেইবোৰ পৰিৱেশন কৰোঁতে যথেষ্ট কষ্ট হয়। ফলত শৰীৰ ৰুগীয়া হৈ পৰে।

সাহিত্য ডট অর্গ: ছাৰ, সম্প্ৰতি দেখা যায় অসমৰ থলুৱা সংগীতক প্ৰতিষ্ঠিত শিল্পীয়ে থলুৱা বাদ্য আৰু আধুনিক বাদ্যৰ সংগমেৰে অসমৰ বাহিৰৰ অৰ্থাৎ অনা-অসমীয়া ৰাইজৰ ওচৰলৈ নিবলৈ প্ৰয়াস কৰিছে ৷ ইয়াক অসমৰ থলুৱা সংগীতৰ বাবে শুভ লক্ষণ বুলি ক’ব পাৰি নে? নে অসমীয়া থলুৱা সংগীতে থলুৱা আৰু আধুনিক বাদ্যৰ সংগমত নিজস্বতা হেৰুৱাইছে? আপুনি কি ভাবে ছাৰ?
° নবীনচন্দ্র শর্মা: নাই নাই বাহিৰলৈ যোৱাত একো বেয়া কথা নাই। তাৰ যিটো পৰম্পৰাগত ব্যৱহাৰ সেইটো যদি অক্ষুণ্ণ ৰাখি কৰে তেন্তে তাত একো অসুবিধা নাই। কিন্তু যদি আধা আধাকৈ খণ্ড-বিখণ্ড কৰি দিয়ে সেইটো বেয়া কথা হ’ব। বিহুগীতত ঢোল, পেঁপা, গগণা আদিৰ উপৰি আধুনিক বাদ্য ব্যৱহাৰ কৰাৰ বাবে বিহুগীতে তাৰ সৌন্দর্য আৰু মাদকতা হেৰুবাইছে।
সাহিত্য ডট অর্গ: অসম “লোক-পৰিবেশ্য কলা”ৰ দিশত ইমান চহকী হোৱা সত্বেও ওজাপালি, ঢুলীয়া, খুলীয়াৰ দৰে লোক-পৰিবেশ্য কলাই পাবলগীয়া মান এতিয়াও পোৱা নাই ৷ এনে হোৱাৰ কাৰণ কি বুলি ভাবে আৰু এইবোৰ আমাৰ কৃষ্টিত জীয়াই ৰাখিবৰ বাবে আমাৰ কৰণীয় কি হোৱা উচিত?
° নবীনচন্দ্র শর্মা: মানুহৰ ৰসাস্বাদনবোধৰ বাবে শ্রোতা-দর্শক লাগে। পছৰীয়াৰ মনসা পূজাৰ আবেলি দেউধাই নাচে, ঢুলীয়াই ঢোল বজায় আৰু তাত চার্কাচৰ দৰে বলিকটা দাখনৰ ওপৰত দেওধায়ে জপিয়াই যিবোৰ অদ্ভূত ক্রিয়াকলাপ প্রদর্শন কৰে সেইবোৰ তাৰ স্থানীয় ল’ৰা-ছোৱালীবোৰে নাচায়। তাৰ পৰিৱর্তে তেওঁলোকে দোকানৰ পৰা চি. ডি. লৈ গৈ ওচৰৰ মানুহঘৰত হিন্দী চিনেমা চায়। এইবোৰ কথাই বহুত প্রভাব পেলায়। আন নহ’লেও বছৰেকত পাঁচদিনৰ বাবে টকা-পইচাৰ যা-যোগাৰ কৰি তোমালোকে মনসা পূজা পাতিছা; গতিকে সেই পাঁচদিন অন্ততঃ সেই ঠাইখনৰে হৈ থাকাচোন! খৃষ্টানধর্মী মানুহবোৰ যিমানে অত্যাধুনিক নহওক কিয় তেওঁলোকে কিন্তু বৰদিনটো খুব সুন্দৰভাবে উদ্‌যাপন কৰে।
এই লোক-পৰিৱেশ্য কলা পৰিৱেশন কৰা শিল্পীসকলক চৰকাৰে সহায়-সহযোগ কৰিব লাগে। নায্য অনুদান দিব লাগে।
সাহিত্য ডট অর্গ: ছাৰ, লোক-সংস্কৃতিৰ শিক্ষক হিচাপে আপুনি এতিয়ালৈ বহুতো ছাত্ৰ-ছাত্ৰী, গৱেষক পাইছে ৷ বহুতো ছাত্ৰ-ছাত্ৰীয়ে আপোনাৰ পৰা লোক-সংস্কৃতিৰ পাঠ লাভ কৰি উত্তীৰ্ণ হৈ গৈছে, বহুতো গৱেষকে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ৷ গুৰু-শিষ্যৰ মাজত হোৱা কিবা অভিজ্ঞতাৰ ভাগ আমাক দিব নেকি? কাৰণ আমি জানো, আপুনি শিক্ষাৰ্থী সমাজত যথেষ্ট জনপ্ৰিয় ৷
° নবীনচন্দ্র শর্মা: মোৰ সকলোৰে লগত ভাল সম্পর্কয়ে। বিশেষ মনত পৰা নাই একো। আগতে উল্লেখ কৰিছোঁ যে ৫৬জন গৱেষকে মোৰ তত্বাৱধানত গৱেষণা কৰি ওলাইছে।
সাহিত্য ডট অর্গ: ছাৰ, আপোনাৰ জীৱন যাত্রাৰ বিষয়ে অলপ জনাওকচোন!
° নবীনচন্দ্র শর্মা : আর্থিকভাবে আমাৰ পৰিয়ালটো ইমান টনকিয়াল নাছিল; অৱশ্যে লোঘোণ পৰিবলগীয়া অৱস্থাও হোৱা নাছিল। মই মোৰ মা-দেউতাৰ ৫ম সন্তান। মোৰ জন্ম ১৯৩৮ চনত। আমাৰ ঘৰ মঙলদৈত। সৰুতে মই দুষ্টয়ে আছিলোঁ। তাতে সেইসময়ত আমাৰ গাঁওবিলাকত পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীৰ সংখ্যা অলপ কম। খেতি-বাতি, গৰু-ম’হৰ লগত লাগি থাকোঁতে সময় যায়। পঢ়া-শুনাত বৰকৈ মন যোৱা নাছিল, ঠিক বেজবৰুৱাৰ “মুক্তি” গল্পটোত কোৱাৰ দৰে। অৱশ্যে সেইসময়ত সকলোৰে প্রায় তেনেকুৱাই হৈছিল। ক-শ্রেণী উত্তীর্ণ হোৱাৰ পাচত পঢ়াত মন বহিবলৈ আৰম্ভ কৰে। আইয়েও প্রায়ে বুজাইছিল যে আমি দুখীয়া মানুহ, পঢ়া-শুনা কৰি কিবা এটা কৰিব পাৰিলেহে অৱস্থা ভাললৈ আহিব। তাৰমাজতে আমি গাঁৱৰ বিয়া-সবাহতো লাগি-ভাগি সহায় কৰি দি ভাল পাইছিলোঁ। তেনেকৈয়ে এল.পি. পাছ কৰিলোঁ, বৃত্তিও পালোঁ। পিতাই মোক সংস্কৃত টোলতো পঢ়িবলৈ উপদেশ দিছিল, কিন্তু মই হাইস্কুলত নাম লগালোঁ। মই নাইনত থাকোঁতে ছাৰ এজনে মোক “নর্মাল” পৰীক্ষা দিবলৈ ক’লে। নর্মাল পাছ কৰি গ’লে গুৱাহাটীত চাকৰি পায়। গতিকে মেট্রিক নিদি মই নর্মাল দি ভালকৈ পাছ কৰিলোঁ আৰু পোনেপোনে মই ডেৰ মাহমান এল.পি. স্কুলত শিক্ষকতা কৰোঁ। ১৯৫৯ চনৰ ২৫ অক্টোবৰত জালুকবাৰী হাইস্কুলত চাকৰিত জইন কৰোঁ আৰু নতুনকৈ হোৱা আর্য বিদ্যাপীঠ নাইট কলেজতো নাম লগাওঁ। আর্য বিদ্যাপীঠৰ ওচৰতে হোষ্টেলৰ ৰুম এটাত থাকিবলৈ লওঁ। দিনত পঢ়াওঁ আৰু ৰাতি পঢ়োঁ। তেনেকৈয়ে অসমীয়াত অনার্চসহ ১ম শ্রেণীৰ ১ম স্থান লাভ কৰি বি. এ. পাছ কৰোঁ। দীন শর্মা ছাৰে মোক বৰ সহায় কৰিছিল। তেখেতে মোক শ্বিলঙলৈ নি শিক্ষামন্ত্রী দেৱপ্রসাদ বৰুৱা ছাৰক লগ কৰাই দিয়ে। শিক্ষামন্ত্রীয়ে মোক এটা জলপানিৰ ব্যৱস্থাও কৰি দিয়ে। সেই জলপানিৰ সহায়তে মই এম. এ. পাছ কৰোঁ। মাজতে কেইবছৰমান প্রাগজ্যোতিষ মহাবিদ্যালয়ত কাম কৰোঁ আৰু ১৯৮১চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফ’কল’ৰ ৰিচার্ছ ডিপার্টমেণ্টত জইন কৰোঁ। সেইসময়ত প্রফুল্ল দত্তগোস্বামী ছাৰে অৱসৰ লৈছে মাত্র। মই আহি লগ পাওঁ বীৰেন দত্ত ছাৰক। তাৰ পাচত মই সেই বিভাগত ৰীডাৰ হওঁ, তাৰ পাচত মই অধ্যাপক পদ লাভ কৰোঁ আৰু বিভাগীয় প্রধান হিচাপে অৱসৰ গ্রহণ কৰোঁ। অৱসৰৰ পাচতো চাৰি বছৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে থাকোঁ। অৱসৰৰ পাচতো সর্বমুঠ ১০বছৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ থাকোঁ।
সাহিত্য ডট অর্গ: বাল্য বন্ধু বা সহপাঠী কাৰোবাৰ লগত এতিয়াও যোগাযোগ আছেনে?
° নবীনচন্দ্র শর্মা: আছে আছে, বহুতৰ লগতে আছে। এই ধৰা গুণেন শর্মা, শশী দাস… বহুতৰ লগত আছে। আমাৰ লগৰ কিছুমান প্রফেচাৰ হৈছিল। কিছুমান অৱশ্যে ইতিমধ্যে ঢুকাল।
সাহিত্য ডট অর্গ: অৱসৰৰ পাচত আজৰি সময়খিনি আপুনি কেনেকৈ কটায়?
° নবীনচন্দ্র শর্মা: আজৰি সময় মোৰ নায়েই। ৰাতিপুৱা শুই উঠিয়ে মই নিজৰ কামত ব্যস্ত হৈ যাওঁ। প্রাগজ্যোতিষত দুই-এটা এম.এ-ৰ ক্লাচ কৰি দিওঁ। ছাত্র-ছাত্রীবিলাকে বিচাৰে। বিশেষকৈ সংস্কৃত বা পুৰণি অসমীয়া পঢ়াবলৈ মোক বিচাৰে। তাৰ বাহিৰেও অসম তীর্থ, অখিল ভাৰতীয় সাহিত্য পৰিষদ আদিৰ লগতো মই জড়িত। দৰং জনকৃষ্টি সমাজ, ডিব্রুগড় বিশ্ববিদ্যালয়, অৰুণাচল বিশ্ববিদ্যালয় আদিৰ লগত বিভিন্নধৰণে জড়িত। গতিকে মোৰ আজৰি সময় তেনেকৈ নাই।
সাহিত্য ডট অর্গ: ছাৰ, আপোনাক যদি পাঁচখন কিতাপ আপোনাৰ লগত ৰাখিবলৈ কোৱা হয়, তেন্তে সেইকেইখন কি কি হ’ব পাৰে?
° নবীনচন্দ্র শর্মা: অ… ১/ “ৰাছিয়ান ফ’কল’ৰ”—তাত ৰাছিয়াৰ বিপ্লৱৰ কথাবিলাক কেনেকৈ লিখা আছে আৰু ৰাছিয়াৰ বিপ্লবী নেতাসকলে লোক-সংস্কৃতিক কেনেদৰে গ্রহণ কৰিছিল বা বিপ্লৱত কেনেধৰণে ব্যৱহাৰ কৰিছিল সেই বিষয়ে জানিবলৈ।
২/ আমেৰিকান ফ’কল’ৰ
৩/ হিষ্ট্রী অফ ৰেড ইণ্ডিয়ানচ অৱ ইণ্ডিয়া/ ফ’কল’ৰ অৱ ৰেড ইণ্ডিয়ানচ
৪/ ৰবীন্দ্রনাথ ঠাকুৰৰ “সঞ্চয়িতা”
অসমীয়া কিতাপৰ ভিতৰত চৈয়দ আব্দুল মালিকৰ উপন্যাস, হোমেন বৰগোহাঞিৰ গল্পৰ কিতাপ,নীলিম কুমাৰৰ কবিতা
সাহিত্য ডট অর্গ: ছাৰ, দিনটোৰ ভিতৰত আপোনাৰ প্ৰিয় সময় কোনখিনি?
° নবীনচন্দ্র শর্মা: ৰাতিপুৱাৰ সময়খিনি ভাল লাগে। মানুহ নাহিলে মই ৬টাৰ পৰা ৬:৩০লট শুই থাকোঁ। কাম কৰা ছোৱালীজনী আহে। মই তিনি কাপ চাহ কৰোঁ। একাপ মোৰ, একাপ ছোৱালীজনীক দিওঁ আৰু একাপ আমাৰ এওঁৰ। আৰু মই দুই-এখন কিতাপো লিখি থাকোঁ, প্রবন্ধ প্রায়ে লিখিব লাগে আৰু এতিয়া গল্পও লিখোঁ।

সাহিত্য ডট অর্গ: ছাৰ আপোনাৰ প্রিয় ৰং?
° নবীনচন্দ্র শর্মা: প্রিয় ৰং… বগা।
সাহিত্য ডট অর্গ: প্রিয় শব্দ?
° নবীনচন্দ্র শর্মা: কোমল শব্দবোৰ যেনে মলয়, মাধৱী ইত্যাদি।
সাহিত্য ডট অর্গ: আপোনাৰ প্রিয় ব্যঞ্জন?
° নবীনচন্দ্র শর্মা: খুতুৰা শাক, চকলা গুচোৱা মগুৰ গোটাকৈ ৰন্ধা দাইল, মাছৰ ভিতৰত শোল মাছ, টেঙাৰ ভিতৰত থেকেৰা টেঙা মোৰ প্রিয়, ঢেঁকীয়া শাক আৰু সেই ধৰণৰ পৰম্পৰাগত থলুৱা খাদ্যবোৰ খাই মই ভাল পাওঁ। মাংসৰ ভিতৰত পাৰৰ মাংস খাই ভাল পাইছিলোঁ, কিন্তু এতিয়া স্বাস্থ্যজনিত কাৰণত নাখাওঁ।
সাহিত্য ডট অর্গ: ছাৰ, আকাশ আৰু সাগৰ দুয়োটা শব্দই আমাৰ মনলৈ বিশালতাৰ অনুভূতি আনি দিয়ে। এই দুয়োটাৰে ভিতৰত আপোনাৰ কোনটো প্রিয়?
° নবীনচন্দ্র শর্মা: মই সাগৰ ভাল পাওঁ। আকাশখনতো দেখিয়ে থাকোঁ। সাগৰৰ গভীৰতা উপলব্ধি কৰিবলৈ আৰু ভিতৰলৈ সাগৰখন চাবলৈ মন যায়, যিটো সম্ভৱ নহয়। সাগৰৰ ঢৌত মই মিলনৰ বিভিন্ন চিত্র দেখোঁ। আৰু সাগৰে গোটেই মহাদেশকেইখনক আৱৰি আছে।
সাহিত্য ডট অর্গ: আপোনাৰ বর্তমান পৰিয়ালৰ কথা কওক।
° নবীনচন্দ্র শর্মা: মই, শ্রীমতী, ডাঙৰ ল’ৰা কন্দর্প কুমাৰ শর্মা (গু.বি.ৰ ইলেকট্রনিকচ বিভাগৰ সহযোগী অধ্যাপক), সৰু ল’ৰা উদয়ন শর্মা (কেলিফ’র্নিয়াৰ ব্যক্তিগত খণ্ডৰ ইঞ্জিনীয়াৰ)।
সাহিত্য ডট অর্গ: ছাৰ, আমাৰ শেষ প্রশ্ন প্ৰতিগৰাকী সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়৷ এই কথাষাৰ আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য নে?
° নবীনচন্দ্র শর্মা: অ.. মোৰ ক্ষেত্রত মোৰ আই। এতিয়াও মই সপোনত তেখেতক লগ পাওঁ। তেখেতৰ মুখত শুনা সাধুকধা, বিয়াগীত আদিয়ে মোক লোক-সংস্কৃতিৰ দিশত আগবাঢ়িবলৈ অনুপ্রেৰণা দিছিল। তেখেতৰ কাৰণে মই জীৱ-জন্তু, চৰাই-চিৰিকতি ভাল পাবলৈ শিকিলোঁ।
সাহিত্য ডট অর্গ: আপোনাৰ পৰা আজি আমি ভালেমান কথা শুনিলোঁ আৰু উপকৃতও হ’লোঁ। আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় আমাৰ লগত অতিবাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যাচিলোঁ ছাৰ। আপোনাৰ সুস্থ-সবল, নিৰোগী দীর্ঘ জীৱনৰ কামনা কৰিলোঁ।

সাক্ষাৎকাৰৰ বাণীৱদ্ধ ৰূপঃ

শুভেচ্ছাবাণীঃ 

 

[সাক্ষাৎ গ্ৰহণঃ ২৮/০৫/২০১৩, ধ্ৰুৱজ্যোতি শৰ্ম্মা, দেৱব্ৰত গগৈ - সাহিত্য ডট অৰ্গৰ সহযোগত]

প্ৰসংগঃ সৰস্বতী পূজা, অসমীয়া ভেলেণ্টাইন দে', সৌন্দৰ্য প্ৰতিযোগিতা ইত্যাদি

সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবেই বৰ গুৰুত্বপূৰ্ণ এই পূজা। মাক-দেউতাকৰ আশা, সৰস্বতী পূজাত শুদ্ধভাৱে আৰু পৱিত্ৰ চিত্তেৰে অঞ্জলি দিব পাৰিলেই সন্তানটোৱে বিদ্যা লাভত সুফল লাভ কৰিব পাৰিব। কোনো বৈজ্ঞানিক ভিত্তি আছে বা নাই, সেয়া জনাৰ আগতেও এয়া এক ধৰ্মীয় আধ্যাত্মিক অনুভূতি। ছাত্ৰ-ছাত্ৰীৰ হৃদয়ত শিক্ষাৰ প্ৰতি আগ্ৰহ, দায়িত্ববোধ তথা একাগ্ৰতা বঢ়োৱাত সৰস্বতী পূজাৰ ভূমিকা কি, সেয়া নিশ্চয় নকৈ কব নালাগিব। বৰ বেছি দিন হোৱা নাই, ৰাতিপুৱাই আমি দেখিছিলোঁ যে ছাত্ৰ-ছাত্ৰীসকলে গা-মূৰ ঘুই উঠি হাতত থগি-শৰাই আদি লৈ নিজ নিজ বিদ্যালয়লত উপস্থিত হৈছেগৈ। উদ্দেশ্য আই সৰস্বতীৰ কৰকমলত নৈবদ্য যঁচা। পূজা আৰম্ভ হোৱাৰ আগেয়ে এই নৈবদ্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলে অঞ্জলি প্ৰদানৰ বাবে পৱিত্ৰ সাজ-পোছাক পৰিচ্ছদ কৰি আহি পূজাথলীত উপস্থিত হয়হি। পূজাথলী সেই সময়ত ছাত্ৰ-ছাত্ৰীৰে ৰজনজনাই থাকে। মুঠৰ ওপৰত পূজা বুলি ক'লে চৌদিশে যি এক ধৰ্মীয় পৱিত্ৰতা বিৰাজ কৰিব লাগে, সেয়া সৰস্বতী পূজাত দৃশ্যমান হয়। অঞ্জলি প্ৰদানৰ সময়ত পূজাথলী ভক্তগণৰ মন্ত্ৰোচ্চাৰণেৰে উদ্ভাসিত হৈ উঠে। শান্তিজল লবলৈ, হোমৰ ফোঁট লবলৈ অথবা নিৰ্মালি লবলৈ ঠেলা-হেঁচা লাগে। অৱশ্যে এইবোৰ আজিৰ কথা নহয়। মাত্ৰ কেইবছৰমানৰ আগলৈকে অসমৰ সৰস্বতী পূজাৰ সহজে দেখা পোৱা দৃশ্যহে এয়া।

কালৰ গতিত সময়ে আজি বহুকেইটা ঢাপ ওপৰলৈ উঠিল। অসম বহুখিনি উন্নত হল। অসমৰ সমাজ জীৱনলৈ পাশ্চাত্য ধং আহিল। পোছাক-পৰিচ্ছদত অসমীয়া ডেকা-গাভৰু, পুৰুষ-মহিলা আটায়ে ৰুচিবোধৰ দৌৰত নামি পৰিল। সচৰাচৰ কৰা পৰিচ্ছদৰ ঠাই ল'লে "জেংগো গেট-আপ"এ। ল'ৰাৰ কাণত কাণফুলি ওলমিল, ছোৱালীয়ে জিন্স পিন্ধি ঘূৰা আৰম্ভ হ'ল। তথাপি কিন্তু সৰস্বতী পূজা আগৰ দৰে সাধাৰণ, মাৰ্জিত আৰু সংস্কৃতিবান সমাজৰেই পৰিচায়ক হৈ থাকিল। কেতিয়াও শাৰী, চাদৰ-মেখেলা পিন্ধিব নজনা ছোৱালীজনীয়েও আনৰ সহায় হৈ হ'লেও সিদিনা থলুৱা বসন পৰিধান কৰাতেই অটল থাকিল। কানফুলি পিন্ধা ল'ৰাই, কেতিয়াও পিৰন আদি পিন্ধি নোপোৱা ল'ৰায়ো সিদিনাৰ দিনটোৰ বাবেই সাহ-পোছাকেৰে "অসমীয়া" হৈ থাকিল।

তেতিয়ালৈকে ঠিকে আছিল। কিন্তু হঠাৎ দেখোন সময়ে বাগৰ সলালে। আজিৰ ল'ৰা-ছোৱালীৰ মনবোৰ ৰঙীন হ'ল। সৰস্বতী পূজাত কেনেকৈ বিপৰীত লিংগৰ আকৰ্ষক হৈ পৰিব পাৰি, এতিয়া যেন তাৰহে এক অনামী প্ৰতিযোগিতা চলে। পূজাৰ আগদিনাখন আগতে বাগিছাৰ ফুল চিঙা সময়খিনি ল'লে পাৰ্লাৰ, সৌন্দ্ৰয চৰ্চা কেন্দ্ৰসমূহে। আজিৰ এই প্ৰতিযোগিতাত দলে দলে আহি যোগদান কৰেহি আমাৰ ডেকাদল। কিন্তু সেই প্ৰতিযোগিতাতকৈও অধিক ভয়ংকৰ হৈ দেখা দিছে আন এটা কথাইহে। সাজ-পৰিচ্ছদৰ মোহত, লেতেৰা হোৱাৰ ভয়ত যিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আঠু কাঢ়ি সেৱা জনাবলৈ টান পায়, মেকা-আপ বেয়া হোৱাৰ ভয়ত পূজাথলীত অঞ্জলি প্ৰদান নকৰে, নিৰ্মালি নলয়, সেইজন ছাত্ৰ-ছাত্ৰীয়েই কিন্তু পূজাথলীত প'জ দিয়েহি কেমেৰাৰ সন্মুখত। এবাৰ কেমেৰাত ওলাব পাৰিলেই আৰম্ভ হয় সৰস্বতী পূজাৰ আচল অভিসন্ধি। ফলত চহৰ-নগৰৰ নামী-দামী ৰেষ্টুৰেণ্টসমূহ, পাৰ্কসমূহ, প্ৰাকৃতিক পৰিৱেশয়ুক্ত ঠাইসমূহ ঠাহ খাই পৰে যুটি বন্ধা ডেকা-গাভৰুৰে। তাৰ পিছৰ ক্লাইমেক্স যেনিবা ৰাইজলৈকে এৰিলোঁ।

অন্যহাতে সংবাদ মাধ্যমকো অমূল পৰিৱৰ্তন সাজি অসমত পদাৰ্পণ ঘটিল কেবাটাও নিউজ চেনেল। বাতৰিৰ ক্ষুধা আৰম্ভ হ'ল। TRP ৰ চকা দৌৰিব ধৰিলে। সৰস্বতী পূজাতো চকু পৰিল এই চৈদ্যুতিন মাধ্যমসমূহৰ। আৰম্ভ হ'ল পূজাৰ থলীয়ে থলীয়ে ঘূৰিব ধৰিলে বাতৰিৰ ক্ষুধাৰ্ত কেমেৰাই। কিন্তু পূজাৰ বাতৰি জানো কিবা বাতৰি। গতিকে আৰম্ভ হ'ল আচল নাটকখন। সৰস্বতী পূজাৰ নামত আৰম্ভ কৰি দিয়া হ'ল এক প্ৰতিযোগিতা। সুন্দৰীৰ প্ৰতিযোগিতা। সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই আজি ইমানেই ব্যাপক ৰূপ ধাৰণ কৰিলে যে, কেৱল মাত্ৰ সৰস্বতী পূজাত ধুনীয়া হৈ দেখা দিয়াৰ বাবেই বহু যুৱক-যুৱতীয়ে হাজাৰটকীয়া বজাৰো আৰম্ভ কৰিব লগা হ'ল। তাকো, পূজাৰ নামত নহয়, পূজাৰ নামত চলা সৌন্দৰ্য প্ৰতিযোগিতাৰ নামতহে। সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ঠাইত যেন সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱীহে হ'লগৈ!

কিন্তু ওপৰোক্ত সকলোবোৰ হৈ থকাৰ পিছতো সংশ্লিষ্ট বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ কোনেও মাত মতা পৰিলক্ষিত নহ'ল। কোৱা বাহুল্য যে, এই সকলো অভিসন্ধিৰ গুৰি ধৰোঁতা হ'ল মাত্ৰ একাংশ ছাত্ৰ-ছাত্ৰী নতুবা সংবাদ কৰ্মী। কিন্তু এইসকলৰ এনেবোৰ কৰ্মৰ সমালোচনা কৰিবলৈও অসমত বুদ্ধিজীৱি নোহোৱা হ'ল। কোনে কব পাৰে যে পাঁচ-ছয় বছৰ পিছলৈ এই চাদৰ-মেখেলা, শাৰী আদিৰ ঠাই মিনিস্কাৰ্ট অথবা পশ্চিমীয়া সাজ-পোছাকে নলব? তেতিয়াও আমাৰ সচেতন মহল আহিৰ দৰেই নিমাত হৈ ৰবনে?

[ৰচনাকালঃ ৫ ফেব্ৰুৱাৰী, ২০১৪]

সংবাদ মাধ্যমলৈ এটি নিৱেদন

অসমৰ সকলো সংবাদ কৰ্মীলৈ কাইলৈ সৰস্বতী পূজাৰ প্ৰাকক্ষণত এটি অনুৰোধ জনাব বিচাৰিছোঁ।

যোৱা কেইবছৰমানৰ পৰা দেখি আহিছোঁ যে সৰস্বতী পূজাৰ দিনাখন অসমৰ ই-মিডিয়াই বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত উপস্থিত থকা সুন্দৰীসকলৰ সৌন্দৰ্য বিচাৰত নিমগ্ন হয়। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে সৰস্বতী পূজা বুলিলে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ নামত পূজা চলিছিল আৰু সকলোৱে ভক্তিভাৱেৰে বীণাপাণিক পুষ্পাঞ্জলি অৰ্পন কৰিছিল। সৰস্বতী পূজাৰ দিনাখন লঘোণে থাকি দেৱীমাতৃক পুজা-অৰ্চনা কৰি শান্তি নোলোৱালৈকে আগন্তুক বৰ্ষত বিদ্যা লাভ নহব বুলি সকলোৱে মনে মনে বিশ্বাস কৰিছিল। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছিল সৰস্বতী পূজা।

কিন্তু সংবাদ মাধ্যম, মুলতঃ বৈদ্যুতিন মাধ্যমে এই সৰস্বতী পূজাক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূহাৰ পৰিৱৰ্তে সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা হিচাপে পৰিৱৰ্তন কৰাৰ ধাৰাতহে যেন ব্ৰতী হৈছে। ফলস্বৰূপে পূজৰ্ত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে ট্ৰেডিশ্যনেল ফেশ্যন শ্বো' ত আৰু ছাত্ৰসকল ব্যস্ত হৈ পৰিছে এই ছাত্ৰীসকলক আকৰ্ষণ কৰাত। ফলস্বৰূপে পূজাৰ থলী খালী হৈ বিদ্যালয়-মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হোৱা কেমেৰাৰ ওচৰতহে ভিৰ পৰিলক্ষিত হৈছে। এই প্ৰক্ৰিয়াই এটা পৱিত্ৰ দিনৰ পৱিত্ৰ মনক কিছুমান অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰে মষিমূৰ কৰিব বিচৰিছে বুলি বৌদ্ধিক মহলে শংকা প্ৰকাশ কৰিছে।

সেয়েহে সকলো সংবাদ কৰ্মীলৈ আমাৰ এটাই নিৱেদন, তেওঁলোকে যেন সৰস্বতী পূজাৰ দৰে অনুষ্ঠান এটাৰ পৱিত্ৰতাক সৌন্দৰ্য প্ৰতিযোগিতাৰে ম্লান পৰি যাবলৈ নিদিয়ে। অসমৰ সাংস্কৃতিক ভাৱাবেগক গুৰুত্ব দি সংবাদ কৰ্মীসকলে তেওঁলোকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।

(ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৪)

ডলাই লামা আৰু এটি বেলা

বৰ হেঁপাহ আছিল তেওঁক সোঁশৰীৰে চোৱাৰ...... উদ্বাউল হৈ আছিলোঁ তেওঁক এবাৰ চুই চাবলৈ.... মানুহে কয় তেওঁৰ দেহৰ জ্যোতিয়ে হেনো প্লাবিত কৰি ৰাখে তেওঁৰ চৌপাশ....মন আছিল, তেওঁৰ সেই জ্যোতিত এটা সন্ধ্যা ডুবি যাবলৈ...কিন্তু নহ'ল। নিষ্ঠুৰ বাস্তৱে মনৰ আশা মনতে থাপি ৰাখিবলৈ বাধ্য কৰালে। যি সময়ত ডলাই লামাই তেওঁৰ স্বভাৱসিদ্ধ হাঁহিৰে, জ্যোতিৰে গোটেই অসমক আলোকময় কৰি ৰাখিছিল, সেই সময়ত ব্যস্ত হৈ ৰব লগা হ'ল পৰিস্থিতি চম্ভালা এক বাস্তৱ খেলত। সঁচাকৈয়ে, বিশাস গঢ়া আৰু ভঙাৰ এই খেলখন বৰ বেয়া খেল.... ই কেতিয়াও আপোনাৰ হেঁপাহ পূৰ হবলৈ নিদিয়ে। তথাপি চাগে' ডলাই লামাৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি তথা ভালপোৱাৰ বাবেই তেওঁৰ সন্মুখত থাকিব নোৱাৰিও লাভ কৰিলোঁ দায়িত্বৰ এক ভাৰ। বৰ ওজন যদিও মধুৰ এই ভাৰ, যাক লাভ কৰি মই আনন্দিত। তেওঁ যেন নিজে নিজেই দায়িত্ব হৈ আহি মোৰ শৰীৰত সোমালহি। ধন্যবাদ হে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মগুৰু। আপোনালৈ অশেষ ধন্যবাদ।
 
(ৰচনাকালঃ ৩ ফেব্ৰুৱাৰী, ২০১৪)

ৰাজ্যসভাৰ নিৰ্বাচন আৰু বহিৰাগত প্ৰাৰ্থী

কোনফালে গৈ আছে সময়? কোনফালে বলি আছে বতাহ? নাজানো, কাৰণ আমি সৰ্বসাধাৰণ৷ আমাৰ হৈ মাত মতাৰ বাবে আমাক জনপ্ৰতিনিধি লাগে আৰু সেই জনপ্ৰতিনিধিসকলেই আমাক ভুকুৱাই পকাব যায়৷ কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই, গাদী ৰক্ষাৰ বাবেই আমাৰ অচিন, আমাক চিনি নোপোৱা কৰবাৰ হত্যাৰ অভিযোগত অভিযুক্ত এজনক আনি বৰপীৰাত বহালেহি৷ ছিঃ, নিৰ্লজ কাৰবাৰ৷ আজিৰ বাহিৰে কাইলৈ তেওঁ ভুলতেও অসমলৈ নাহিব, সমস্যা সমাধান কৰাতো দূৰৈৰে কথা৷ অথচ আমাৰ কাৰোৰে মাত নাই৷ আমি ব্যস্ত ৰাজকুমাৰৰ সাক্ষাতকাৰক ৰোমন্থন কৰাত৷ কি কৰিব, পৰিস্থিতিয়ে আমাক তাকেই শিকাইছে৷ আজি ৰাজ্যসভাত প্ৰাৰ্থী বাহিৰৰ পৰা আমদানি কৰা হৈছে, কাইলৈ লোকসভাতো আনিব, আৰু আমি চকু মুদি তেওঁক বৰ আসন পাৰি দিম৷ তাৰ বাহিৰে আমি কিবা কৰিব পাৰিম জানো! এনেকৈয়ে এদিন বিলীন হব আমাৰ অধিকাৰ, কাৰণ আমাৰ এই মৌলিক অধিকাৰক ৰাজনীতিৰ দালালসকলে আৰামেৰে ব্যৱহাৰ কৰি যাব তেওঁলোকৰ স্বাৰ্থত৷ হে অসমীয়াসকল, এতিয়াও সময় শেষ হোৱাগৈ নাই৷ সকলোৱে নিজৰ নিজৰ ধৰণেৰে প্ৰতিবাদ কৰা৷ নহলে আমাৰ জালেৰে আমাৰে পুখুৰীত থকা মাছক লৈ আনে ব্যৱসায় কৰিব৷

(ৰচনাকালঃ ২৯ জানুৱাৰী, ২০১৪)