নাটক বহুত হ'ল৷
জনগণৰ আবেগক লৈ বহুত সংলাপ লিখা হ'ল৷
উন্নয়নৰ গইনা লৈ বহুতো দৃশ্যায়ন হ'ল৷
জনতা পৰিতৃপ্তও হ'ল
তথাপিও কিন্তু নাটক শেষ নহ'ল৷
নাটক এখনত বিভিন্ন চৰিত্ৰ থাকে,
নায়ক অথবা খলনায়ক৷
কাহিনী থাকে,
থাকে গতিশীলতা
অথচ অপশক্তিৰ আৱহ সংগীতত
একাকাৰ হৈ পৰিছে নায়ক-খলনায়ক,
কাহিনী হৈ পৰিছে সানমিহলি,
দৰ্শকেই হৈ পৰিছে ভেবা,
আচলতে নাটকখনৰ দৰ্শকেই হৈ পৰিছে
আন এখন নাটকৰ অংশ৷
নাটকখন নকৰা হ'লেই ভাল আছিল
জনতাৰ আৱেগেৰে হয়তো লিখা গ'লহেঁতেন
জনচেতনাৰ গান৷
এতিয়া দৰ্শকেই নাজানে
কি আছিল নাটকৰ নাম
পৰিৱৰ্তন নে ভ্ৰষ্টাচাৰ নে জনলোকপাল
নাটকখন যেন ৰাজনীতিৰেই অন্য এক নাম৷
[ৰচনাকালঃ ২১ মে', ২০১৪]
No comments:
Post a Comment