Saturday, May 14, 2016

বনগাঁওক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ দাবী



বোকাপানী নথকা গাঁওলৈ যোৱাৰ মাদকতা ক'ত? এয়া একবিংশ শতিকাৰ AIUDF ৰ অধীনৰ বৰপেটা লোকসভা তথা BJP ৰ অধীনত থকা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছয় কিঃমিঃ অাঁতৰৰ পথৰ অৱস্থা৷ মোডীৰ উন্নত ভাৰত আৰু তৰুণ গগৈৰ সোণৰ অসমৰ অন্তৰ্গত আমাৰ এই গাঁওৰ দুৰ্লভ বোকা-পানী সংৰক্ষণ কৰি এক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ আমি সজোৰ দাবী উত্থাপন কৰিছোঁ৷

 

[লিখনকালঃ ২৩ জুন, ২০১৫]

টিহুত ছাত্ৰ হিমাংশু তামুলীলৈ শ্ৰদ্ধাঞ্জলি



"ৰৌ-বৰালি সাৰি যায়, পুথি-খলিহা ৰৈ যায়"-কোনোবা ছাত্ৰ সংগঠনৰ নেতাৰ সাহস আছেনে হিমাংশুৰ দৰে পুলিচৰ উদ্যত বন্দুকৰ সন্মুখত বুকু পাতিবলৈ? প্ৰতিবাদী কাৰ্য্যসূচীত যদি শিশুৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰেই, তেওঁলোকক কিয় টানি আনে এইবোৰলৈ? হিমাংশুৰ মাক এতিয়া কাক লৈ জীয়াই থাকিব? আজিৰ টিহুৰ ঘটনা কেৱল মৰ্মান্তিকেই নহয়, সমাজৰ এক শিক্ষাও৷ সকলোৱে এই নেতাগিৰিৰে উচতাই জোল খোৱা সকলক এৰিবৰ হল৷ প্ৰশাসনেও অনুমতিৰ সময়ত স্পষ্ট কৰি দিয়া উচিত যেন এনেকুৱা কাৰ্য্যসূচীত শিশু অংশগ্ৰহণ কৰিব নোৱাৰে৷ লগতে মাৰনাস্ত্ৰ লৈ কোনো সুৰক্ষা কৰ্মী যাতে গণতান্ত্ৰিক প্ৰতিবাদথলীত নাহে, তাকো নিশ্চিত কৰা উচিত৷ অন্যথাই, আজিৰ দৰে বহুতো হিমাংশু তামুলী আমাৰ মাজৰ পৰা হেৰাই যাব৷ টিহুত চিআৰপিৰ গুলীত নিহত হিমাংশু তামুলীলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷

[লিখনকালঃ ১৭ জুলাই, ২০১৫] 

অখিল গগৈ আৰু ব্ৰাহ্মণ্যবাদ

হিমন্ত বিশ্ব শৰ্মাক ব্ৰাহ্মন্যবাদী নেতা হিচাপে আখ্যা দি আপুনি কি বুজাব বিচাৰিছে অখিল গগৈ ডাঙৰীয়া? আজি আপুনি পাকে-প্ৰকাৰে ব্ৰাহ্মণবিৰোধী বুলি প্ৰকাশ নকৰিলেনে? ধন্যবাদ৷ আমি আগতে গম পোৱা কথাষাৰ স্বীকাৰ কৰা বাবে৷ ব্ৰাহ্মিণ সম্প্ৰদায়ৰ বিৰুদ্ধে এই মন্তব্যৰে আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰা নাইনে Akhil Gogoi?

[লিখনকালঃ ২৩ আগষ্ট, ২০১৫]