"ৰৌ-বৰালি সাৰি যায়,
পুথি-খলিহা ৰৈ যায়"-কোনোবা ছাত্ৰ সংগঠনৰ নেতাৰ সাহস আছেনে
হিমাংশুৰ দৰে পুলিচৰ উদ্যত বন্দুকৰ সন্মুখত বুকু পাতিবলৈ? প্ৰতিবাদী
কাৰ্য্যসূচীত যদি শিশুৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰেই, তেওঁলোকক
কিয় টানি আনে এইবোৰলৈ? হিমাংশুৰ মাক এতিয়া কাক লৈ জীয়াই
থাকিব? আজিৰ টিহুৰ ঘটনা কেৱল মৰ্মান্তিকেই নহয়, সমাজৰ এক শিক্ষাও৷ সকলোৱে এই নেতাগিৰিৰে উচতাই জোল খোৱা সকলক এৰিবৰ হল৷
প্ৰশাসনেও অনুমতিৰ সময়ত স্পষ্ট কৰি দিয়া উচিত যেন এনেকুৱা কাৰ্য্যসূচীত শিশু
অংশগ্ৰহণ কৰিব নোৱাৰে৷ লগতে মাৰনাস্ত্ৰ লৈ কোনো সুৰক্ষা কৰ্মী যাতে গণতান্ত্ৰিক
প্ৰতিবাদথলীত নাহে, তাকো নিশ্চিত কৰা উচিত৷ অন্যথাই, আজিৰ দৰে বহুতো হিমাংশু তামুলী আমাৰ মাজৰ পৰা হেৰাই যাব৷ টিহুত চিআৰপিৰ
গুলীত নিহত হিমাংশু তামুলীলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷
[লিখনকালঃ ১৭ জুলাই, ২০১৫]
No comments:
Post a Comment