Thursday, September 27, 2012

বৰষাৰ চকুলো

বৰষাই কান্দে
দুগালেৰে বৈ আহে ধল
শৰতৰ সুবাসী আদৰণিত বৰষা হৈ পৰে অস্থিৰ
বৰষাই কান্দে
ৰাউচি জুৰি কৰে হৃদয়ৰ আলাপ।

এপৰ দুপৰ দুখৰ সময়
এটোপ-দুটোপ খঙৰ চকুলো
বৰষাই কান্দে
পুত্ৰসকলকো কন্দুৱায় ।

শদিয়াত সপোন ধেমাজিত মায়া
লখীমপুৰত ভঙা-গঢ়াৰ মায়াময় খেলা
নগাঁওত প্ৰেম কাজিৰঙাত সেৱা
মাজুলীত গুৰুজনাৰ কাতৰ প্ৰাৰ্থনা
বৰষা কান্দে
হেৰুৱাৰ বেদনাত হৃদয় ওপচে।

বৰষাই কান্দে
বৰপুত্ৰৰ আঁতৰত হৃদয়ে ৰাউচি জুৰে
লুইতেও সোৱৰায়-বুঢ়া লুইত বোৱা কিয়
বৈ যায় ধলৰ চকুলো

বৰষাই কান্দে
ধলৰ চকুলো নিগৰে
পথাৰত ভাঙি যায় সপোন
উটি যায় গৰ্বৰ প্ৰাসাদ
পদূলিত মায়াই ভূৰ সাজে
বৰষাই দাত নিকটাই হাঁহে
শংকা, শংকা আৰু শংকা

বৰষাই কান্দে
মানৱৰ অত্যাচাৰত হিয়াখন ভাগে
খঙৰ জ্বালাত প্ৰলয় নামে
ভূ-পৃষ্ঠত পুত্ৰসকলে জীয়াতু ভুগে

শাৰদী আকাশত 
নিয়ৰ নামিব খোজে
বৰষাই দেখে
শেৱালীজোপা ভৰি ভৰি ফুলে
বৰষাৰ ঠেহ ভাগে
পৃথিৱীত ধলৰ জোৱাৰ কমে।

 

Wednesday, September 26, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৯

চিত্ৰঃ অসম আন্দোলনৰ এটা দৃশ্য [সংগ্ৰহঃ ইণ্টাৰনেট]
অসম আন্দোলন এটা সংগঠনে আৰম্ভ কৰা অন্দোলন নাছিল। সেই সময়ত প্ৰতিজন অসমীয়াই এই আন্দোলনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সেই বাবেই বিভিন্ন দল-সংগঠনৰ প্ৰচেষ্টাত এই আন্দোলনে এক নতুন দিশলৈ গতি কৰিছিল। কিন্তু বহুকেইটা সংগঠনৰ নেতৃত্বত এই আন্দোলনে ফলাফলৰ দেশে ধাৱমান নহব বুলি চিন্তা কৰিয়েই ১৯৭৯ চনৰ জুনমাহৰ প্ৰথম ভাগৰপৰা সদৌ অসম ছাত্ৰ সন্থাক আন্দোলনৰ কেন্দ্ৰীয় নেতৃত্ব হিচাপে স্বীকৃতি দিয়া হৈছিল।

আচলতে প্ৰথমতে আন্দোলনটোক এক 'অৰাজনৈতিক' আৰু 'সামাজিক' ৰেহৰূপ দিয়াৰ বাবেহে ছাত্ৰ সন্থাক নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল বুলি ভাবিব পাৰি। কিয়নো, আন্দোলনৰ সাংবিধানিক তাৎপৰ্য্য আৰু তাত্বিক কথাবোৰ পূৰ্ব্বঞ্চলীয় লোক পৰিষদ, জাতীয়তাবাদী দলেহে বাখ্যা কৰিছিল। অৰ্থাৎ অসম আন্দোলন যদিও প্ৰতিবাদৰ পৰাই আৰম্ভ হৈছিল, পিছৰ পৰ্যায়ত ইয়াৰ কাম-কাজ একে কূটনৈতিক তথা ৰাজনৈতিক উদ্দেশ্যৰে আগবাঢ়িছিল। ফলাফল যিয়েই নহওক, আন্দোলনৰ কাম-কাজ কেৱল যে আৱেগৰে চলা নাছিল এই কথাই তাক প্ৰমাণ কৰে।

অসমত নতুনকৈ যদি ৭৯ ৰ অসম আন্দোলনৰ ফলাফল বিচৰা নাযায়, তেন্তে সচেতন জ্যেষ্ঠ মহলে এই কথাবোৰ মন দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব।

[সমল পুথি: অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ট]

Tuesday, September 25, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৮

দেখা যায় যে অসম আন্দোলন যদিও ছাত্ৰ সংগঠন এটাই আগুৱাই নিয়া আন্দোনল আছিল, বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগো আছিল অবিস্মৰণীয়। সেই সময়ত প্ৰতিজন অসমীয়াক আন্দোলনৰ মূল ইছ্যুসমূহ বুজাবলৈ বহুতো সচেতন লোক আগবাঢ়ি আহিছিল আৰু অসমীয়া জনসমাজক এই আন্দোলনৰ প্ৰয়োজনীয়তা বুজাই দিবলৈ সক্ষমো হৈছিল। যদিও অসম আন্দোলনৰ গুৰি ধৰিছিল সদৌ অসম ছাত্ৰ সন্থাই, তথাপি ১৯৭৯ চনৰপৰা ৰাইজৰ মাজত এই সন্দৰ্ভত সচেতনতা আনিছিল পূৰ্ব্বঞ্চলীয় লোক পৰিষদ আৰু অসম জাতীয়তাবাদী দলেহে। বিভিন্ন মেল-মিটিং আৰু দৈনিক অসমৰ পৃষ্ঠাত এইবোৰ ছপা হোৱাৰ ফলত এনে সচেতনতা বৃদ্ধি পাইছিল। ১৯৭৯ চনত চৈ-খোৱা ঘাটত বহা অসম জাতীয় সংঘৰ মুকলি অধিৱেশনত অসমলৈ অহা দেশী-বিদেশী প্ৰব্ৰজন ৰোধ কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল। সভাৰ সভাপতি আছিল নিত্য হাজৰিকা আৰু সম্পাদক আছিল ভীমকান্ত বুঢ়াগোহাঞি। এওঁলোকে মাৰ্ঘেৰিটা অঞ্চলত সভা পাতি ৰাইজৰ সচেতনতা বৃদ্ধি কৰিছিল।

আজিৰ নতুনকৈ উকমুকনি উঠা অসম আন্দোলনৰ ক্ষেত্ৰতো জাতি-ধৰ্ম নিৰ্বিশেষে সকলো আগবাঢ়ি আহিলেহে অসমে সুফল পাব পাৰে বুলি আশা কৰিব পাৰি। আৰু এই ক্ষেত্ৰত হিহা-পৰামৰ্শ তথা বৌদ্ধিক দিশেৰে আগবঢ়াই নিব লাগিব অসমৰ জ্যেষ্ঠ বৌদ্ধিক ব্যক্তিসকলে। অন্যথাই আগৰবাৰৰ নিচিনাকৈ এইবাৰো উকমুকনি ঘটা আন্দোলনে দিশ হেৰুওৱাৰ আশংকা থাকি যাব। 

[সমল পুথি: অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ঞ]

Thursday, September 20, 2012

বন্ধ উৎসৱ



বন্ধ। এক গনতান্ত্ৰিক প্ৰতিবাদ প্ৰক্ৰিয়া। মহাত্মা গান্ধীয়ে বৃটিছ শাসন যন্ত্ৰৰ বিৰুদ্ধে এই গণতান্ত্ৰিক প্ৰতিবাদ প্ৰথমবাৰৰ বাবে অৱলম্বন কৰিছিল বুলি জনা যায়। সেই দিনৰেপৰা সমগ্ৰ ভাৰততে এই বন্ধৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া চলি আহিছে। আৰু এনে এটা পৰ্যায় পাইছেগৈ যে, এদিন আগতে কোনোৱাৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে জন্ম লোৱা সংগঠন এটাৰো দৃষ্টি আকৰ্ষণৰ মূল মাধ্যম হৈ পৰিছে বন্ধ।

বন্ধই আচলতে কি সমাধান দিয়ে ! বিশ্লেষণ কৰি চালে দেখা যায় যে বন্ধ হৈছে প্ৰতিবাদ কৰাৰ, নিজকে জহাই ফুৰাৰ এক অতি উজু পদ্ধতি। কেইবছৰমান আগলৈকে আমি (সৰ্বসাধাৰণ ৰাইজে) বন্ধৰ আগবতৰা পাইছিলো ৰিক্সাৰ পিছত, চিটিবাছৰ পিছত অথবা সৰু বৰ নগৰ বা গাঁওৰ লাইটপ'ষ্টত লগোৱা প'ষ্টাৰৰ পৰাহে। কিন্তু এই প্ৰক্ৰিয়া আৰু উজু হ'ল ক্ৰমবৰ্ধমান ই আৰু ছপামাধ্যমৰ সংখ্যাৰ পৰা। সৰু সংগঠন এটাৰ নামত দুজন ব্যক্তি লগ হৈ সংবাদ মেল এখন পাতিলেই খেল খতম। সংবাদ পিপাষু সংবাদ মাধ্যমৰতো এনে বাতৰি প্ৰকাশ কৰিবলৈ পালে একোৱেই নালাগে। আগতে এটা বাতৰি, বন্ধৰ পিছতো ডাঙৰ ডাঙৰ হৰফেৰে লিখিব "বন্ধ সৰ্বাত্মক"। কিন্তু এই বন্ধৰ ফলাফল কি হ'ল বা ইয়াৰ লাভালাভ কি হ'ল কেইদিনমান পিছত বন্ধ ঘোষনা কৰা বা আহ্বান কৰা দল, সংগঠনটোকো যদি আপুনি সোধে, তেওঁলোকেও চাগে' ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিব। অৰ্থাৎ বন্ধ নিজক প্ৰচাৰ মাধ্যমৰ আগত জহাবলৈ বা নিজৰ অৱস্থিতি সম্পৰ্কে বুজাবলৈ এক সহজ প্ৰচেষ্টা হিচাপে বেচ সফল।

বন্ধই বাৰু কিছুমান দল-সংগঠনৰ অস্তিত্ব বজোৱাত সহায় কৰিলে। কিন্তু ইয়াৰ ফলত চৰকাৰৰ কি লাভ বা লোকচান হ'ল? যিহেতু প্ৰায় এশ শতাংশ বন্ধই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধেহে ঘোষনা কৰা হয়, সেই বাবে চৰকাৰৰ কথাকেই ধৰা যাওক। এটা সৰ্বাত্মক বন্ধই এখন চৰকাৰৰ বিফলতাকে প্ৰতিপন্ন কৰে। বন্ধ ঘোষনা কৰা দল বা সংগঠনে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰে যে ৰাইজৰ হকে কাম কৰি ৰাইজক সন্তুষ্ট কৰাত চৰকাৰ ব্যৰ্থ। ইয়াক কেনেবাকৈ প্ৰতিপন্ন কৰিবলৈ পাৰিলেই সেই দল বা সংগঠনে নিজৰ পচন্দৰ ৰাজনৈতিক দলৰহৈ মাত মতাত সুবিধা হব বুলি ধৰি লোৱা হয়। অৰ্থাৎ বন্ধ কোনো দল-সংগঠনৰ অস্তিত্ব ৰক্ষাত সহায় কৰা এক "অনুষ্ঠান"ৰ বাহিৰেও ই তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰো এক বাট বুলি ভাবিব পাৰি। শাসনযন্ত্ৰত থকা এটা ৰাজনৈতিক দলৰ শাসনকাৰ্যত লোৱা এটা সিদ্ধান্তৰ প্ৰতিবাদত আন এটা দলৰ বন্ধৰ আহ্বান, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত পৰিবহন সংস্থাসমূহৰ বন্ধৰ আহ্বান ইয়াৰ প্ৰকৃত উদাহৰণ।

প্ৰায়ে দেখা যায় বন্ধ ঘোষনা কৰা দল-সংগঠনে এই বন্ধ জনসাধাৰণৰ হিতৰ বাবে বুলি প্ৰচাৰ কৰে আৰু তাক হেডলাইট হিচাপে ৰাখি বন্ধৰ কাৰ্যসূচী আগুৱাই নিয়ে। কিন্তু প্ৰকৃততে এই বন্ধ কাৰ্যাসূচী কিমান জনগনৰ হিতৰ বাবে লোৱা হয় অলপ গমি চালেই ধৰিব পাৰি।

কোনোবা এটা সংগঠনে বন্ধ দিব, আপুনি যদি খাটি খোৱা বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য তেন্তে আপুনি বাহিৰলৈ ওলাব নোৱাৰিব। কিয়নো ৰাস্তাত গাড়ী মটৰ নাপাব। আপুনি আগদিনাখনেই আপোনাৰ প্ৰয়োজনীয় বস্তুখিনি বজাৰ কৰিব লাগিব, কিয়নো দোকান-পোহাৰো সিদিনা নুখুলিব। এতিয়া গাড়ী-মটৰ নচলা কাৰণ যদি বিচৰা যায় তেন্তে দেখা যায় যে, ৰাজহুৱা খণ্ডৰ গাড়ীসমূহ বন্ধৰ সমৰ্থকৰ "উৎপাতত" বা ইন্সিওৰেন্স কম্পেনীসমূহৰ মইমতালি বা গাড়ীৰ কৰ্মচাৰীসকলে মালিকৰ পৰা এদিনৰ বাবে হাত সৰাৰ বাবে বন্ধ ৰাখিব লগা হয়। প্ৰায়ে দেখা যায়, বন্ধৰ সমৰ্থকসকলে ভাৱে যে ৰাতিপুৱাৰ ভাগতেই যদি অলপ "উৎপাত" (তেওঁলোকৰ ভাষাত প্ৰতিবাদ) কৰি দিব পাৰি, টায়াৰ জ্বলাই, গাড়ীৰ গ্লাছ ভাঙি দিব পাৰি তেন্তে ইয়াৰ পিছৰ গাড়ীসমূহ নচলিব। গতিকে এই চেষ্টাতেই বহুত বন্ধৰ সময়ত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰিও পোৱা যায়। এবাৰ গ্লাছ ভঙা বা ক্ষতিগ্ৰস্ত হোৱা গাড়ীখন যদি বীমা ক্লেইম কৰিব যায়, বীমা কম্পেনীটোৱে বিভিন্ন ক্ল'জ দেখুৱাই বীমা ক্লেইম বন্ধৰ সময়ত নাখাটে বুলি প্ৰতিপন্ন কৰিব। অৰ্থাৎ বন্ধত গাড়ী চলোৱাৰ বাবে দাবী  ধমকি দি গাড়ী চলাবলৈ বিচৰা মালিকসকলেও "বাইচাঞ্চ" নিজৰ পকেটৰ পৰা টকা খৰচ হোৱাৰ ভয়ত ড্ৰাইভাৰ-কনডাক্তৰত বন্ধত গাড়ী চলোৱাৰ পৰা ৰেহাই দিয়ে। আনহাতে দোকান পোহাৰ বন্ধৰ কাৰণ যদি বিচাৰে দেখিব অধিক ব্যাৱসায়ীয়েই নিৰাপত্তাহীনতাৰ বাবেই নিজৰ ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লগা হয়। ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিবহনৰ অসুবিধাৰ বাবে, নিৰাপত্তহীনতাৰ বাবে আৰু "গাড়ী মটৰ নাই, গ্ৰাহকনো ক'ত পাম" ধাৰণাৰ বাবেই নিজৰ ব্যৱসায় বন্ধ কৰিব লগা হয়। ব্যক্তিগত খণ্ডৰ গাড়ী মটৰৰ কথা যাদি চায়, তেন্তে নিৰাপত্তাহীনতা, ইন্সিওৰেন্স কম্পেনীৰ মইমতালি আদিৰ বাহিৰেও চাকৰিৰ পৰা এদিন "ফকতত চুটী" পোৱা ধৰণৰ পলায়নবাদী মনোভাৱ, ব্যস্ততাৰ অজুহাতত পৰিয়ালৰ পৰা আঁতৰি থাকি বন্ধৰ দিনাই "ফেমিলিৰ সৈতে কটোৱা" মনোভাৱ, বন্ধৰ দিনা "কাম কৰাৰ" মানসিকতা আদিয়েও বহু পৰিমাণে ক্ৰিয়া কৰে।

এতিয়া আহো খাটি খোৱা সকলৰ মাধ্যেমেৰে বন্ধ উৎসৱৰ প্ৰকৃত লাভালাভৰ হিচাপলৈ। ৰিক্সাৱালাজনে ভাৰা নাপাই অনৈতিক ভাৱে চুৰি-ডকাইতি কামত লিপ্ত হোৱাৰ কাৰণ সম্পূৰ্ণকৈ নহ'লেও আংশিকভাৱে হ'লেও বন্ধৰ গাত পৰে। "ডেইলি ৱেইজ" বেচিচত চাকৰি কৰাসকলে এদিনৰ মঞ্জুৰি এৰিব লগা হয়। পৰীক্ষাৰ্থীসকল যিহকে পায়, তাতে উঠি পৰীক্ষা দিব গৈ দুৰ্ঘটনাত পতিত হয়, চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালসকল নহা বাবে কাম এটাৰ বাবে তিনিদিনৰ পৰা বাহৰ পাতি থকা গাঁৱৰ খটি খোৱা লোক এজনে এসপ্তাহৰ জোখাৰে অটাকৈ গাঁথিৰ ধন ভাঙিব লগা হয়। হাস্পতালত চিকিৎসাধীন ৰোগী এজনৰ পথ্য দিবলৈও কোনো যাব নোৱাৰা অৱস্থা হয়, গাড়ী মটৰ নচলে বুলি ওলাই অহা ধিতিঙিলীয়া ল'ৰাৰ বাইকৰ ষ্টানৰ সন্মুখত পৰি কোনো মহিলা, শিশু অথবা বৃদ্ধ হাস্পতালত ভৰ্তি হব লগা হয়। ব্যস্ততাপূৰ্ণ সময়খিনিৰ মাজতে এদিনৰ কামৰ ঘাটি মিলাব নোৱাৰি গালি খাব লগা হোৱা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, ওপৰৱালাৰ লগত বেয়া হব লগা হয়। এনে উদাহৰণ আৰু ইমানেই ওলাব যে ইয়াৰ হিচাপ কৰিবলৈ গ'লে বহুকলম চিঞাহি শেষ হব।

চৰকাৰৰ ঘৰৰপৰা যদি চাব যায়, এদিনৰ বন্ধই কিমান লোকচান কৰে, শ্বেয়াৰৰ উঠা-নমা চায়েই আপুনি অনুমান কৰিব পাৰিব। বিদেশৰ পৰা আমদানিকৃত কোনো সামগ্ৰী এদিনো যদি ৰাখিব লগা হয়, তেন্তে উন্নয়নত দেশ এদিন পিছপৰি গ'ল। ইপিনে ৰখাই থোৱাৰ নামতটো অতিৰিক্ত খৰচ বহন কৰিব লাগিলেই। কি ঠিক সেই এদিনৰ পিছপৰাৰ বাবেই দেশে বা কিমান ডাঙৰ লোকচান ভৰিব লগা হয় ! ব্যৱসায় মন্দা, গ'ল চৰকাৰৰ চেলচ টেক্স, কাষ্টম ডিউটি, এক্সাইজ ইত্যাদি ইত্যাদি নানানটা টেক্স, অৰ্থাৎ লোকচান। চৰকাৰী কাৰ্যালয়ত চাকৰিয়ালৰ সংখ্যা সেৰেঙা, অৰ্থাৎ অতি জৰুৰী মিটিংখনো গ'ল এদিন পিছুৱাই, এদিন আকৌ পিছুৱাই গ'ল দেশ। ইপিনে গতানুগতিক খৰচবোৰতো আছেই। অৰ্থাৎ এদিনৰ খৰচখিনিৰ লোকচান হোৱাৰ উপৰিও আন এদিনৰ কাম খতি কৰি সেই পেণ্ডিং কামখিনি কৰোতে গ'ল আৰু দুদিনৰ কাম। অৰ্থাৎ এদিনৰ বন্ধত তিনিদিনৰ লোকচান। আৰু সেই লোকচানৰ বোজা উঠাওক আপুনি। কেইদিনমান পিছত সেই বোজা সহিব নোৱাৰি চৰকাৰে পেট্ৰ'লৰ দাম বঢ়াওক, ডিজেলৰ দাম বঢ়াওক, এল.পি.জি.ৰ দাম বঢ়াওক, আৰু সেই মূল্যবৃদ্ধিৰ বোজা লওক আপুনি।

সেয়েহে আমি ভবাৰ সময় আহি  পৰিছে, বন্ধ আমাৰ বাবে কিমান লাভদায়ক। বন্ধই আজিলৈকে কি সমাধান আনিছে, সকলোৱে দেখিছেই। গতিকে এনে বন্ধ মনাৰ কিবা যুক্তি আছে বুলি ভবাৰ সলনি বন্ধ আহ্বায়কৰ বিৰুদ্ধে বন্ধ দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ সময়হে সমাগত হৈছে। আদালতৰ নিৰ্দেশ মানি বন্ধ অবৈধ বুলি ভাবি লোৱাৰ সময় এয়া, বন্ধৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত যান বাহনৰ বীমাৰ ক্ষেত্ৰত ঝামেলা দেখুৱালে সেই কম্পেনীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সময় এয়া। বন্ধ উৎসৱক ভুল বুলি প্ৰতিপন্ন কৰি দেশৰ আৰ্থিক অৱনতি ৰোধত হাত উজান দিয়াৰ সময় এয়া।

Monday, September 17, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৭

১৯১১ চনৰ লোকপিয়লমতে অসমত অসমীয়াভাষী লোক আছিল ৩৫.১১ শতাংশ আৰু বঙালীভাষী লোক আছিল ২৬.৯ শতাংশ। ১৯৭১ চনৰ লোকপিয়লত এই হাৰ ক্ৰমে ৬০.৮১ শতাংশ আৰু ১৯.৭১ শতাংশ। এই কথা প্ৰকাশ পাইছিল ১০ এপ্ৰিল ১৯৮০ চনৰ "নাগৰিক" কাকতত। 



[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.ঝ]

Sunday, September 16, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৬

অসম সাহিত্য সভাৰ শুৱালকউছি অধিৱেশনত বহিৰাগত আৰু ৰাজ্যভাষাৰ প্ৰশ্নত ৰাজ্য চৰকাৰে কাৰ্য্যকৰী ব্যৱস্থা লব লাগে বুলি দাবী কৰিছিল।

আন্দোলনৰ প্ৰাক‍ অৱস্থাত বিদেশী অনুপ্ৰৱেশ বিষয়টোৰ প্ৰতি বিভিন্ন বুদ্ধিজীৱি, সমাজ সচেতকৰ লেখনিৰ মাজেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল "নাগৰিক" আৰু "দৈনিক অসম" কাকত দুখনে। 

আনহাতে জনগণক বহিৰাগতৰ বিষয়টোৰ প্ৰতি ভালেখিনি প্ৰভাৱিত কৰিছিল নিবাৰণ বৰাৰ "ইছলামাবাদ বনাম ঢাকাঃ দিল্লী বনাম দিছপুৰ" শীৰ্ষক প্ৰবন্ধলানিয়ে।

হোমেন বৰগোহাঞিৰ "বহিৰাগত সমস্যা" প্ৰবন্ধলানিয়েও তেনে এক নিদৰ্শন। ১৯৭৮ চনৰ ২৭ জুলাইৰপৰা এইলানি প্ৰবন্ধ প্ৰকাশ পাইছিল।  

[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.গ, ঘ, চ]

Saturday, September 15, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৫

অসম আন্দোলনৰ আগৰ বিধানসভা নিৰ্বাচনত ১৯৭৮ চনত CPIM দলে এঘাৰখন, CPI এ পাঁচখন আৰু RCPI এ চাৰিখন আসন পাই জনতা দলৰ গোলাপ বৰবৰা চৰকাৰক সমৰ্থন আগবঢ়াইছিল। 

অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল আছিল পূৰ্ব্বঞ্চলীয় লোক পৰিষদ (PLP) যিয়ে ১৯৭৭ চনত নিবাৰন বৰাৰ নেতৃত্বত গঠন হৈছিল আৰু তাৰ পিছতেই ১৯৭৮ চনত নগেন হাজৰিকাৰ নেতৃত্বত অসম জাতীয়তাবাদী দল গঠন হৈছিল। 

গোলাপ বৰবৰা নম্ত্ৰীসভাই শপত গ্ৰহণ কৰিছিল ১৯৭৮ চনত। 



[উৎসঃ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ খ]

হিতেন শৰ্ম্মাৰ দিনলিপি-১৩

বহুদিনৰ মূৰত মূৰটো পাতল পাতল লাগিছিল। কিবা এক বুজাব নোৱাৰা আৱেশে মনতো আৱৰি ধৰিছিল। মাত্ৰ এঘণ্টা আগতে, ঘৰৰপৰা ওলোৱাৰ আগমূহুৰ্ততো অনুপমৰ লগত যুক্তি তৰ্কত অৱতীৰ্ণ হৈছিলো। সি বিচৰা নাছিল, হিতুৰ ভাৱমূৰ্ত্তি গাঁৱত বেয়া হৈ ৰওক, সেই বাবেই প্ৰায় চোঁচৰাই নিয়াৰ দৰেই, মোৰ মোক লৈ গৈছিল দয়ালকাৰ ওচৰলৈ। 

ম‍ই প্ৰথমতে ভাবিছিলো, দয়ালকাৰ ওচৰলৈ গৈ ক্ষমা নুখুজিলে সেয়া মোৰ বাবে হব অতিকৈ অমানবীয় আচৰণ। ইতিহাসে কোনোদিনে মোক ক্ষমা নকৰিব। কিন্তু ঘৰলৈ অহাৰ পিছত মোৰ চিন্তা লাহে লাহে সলনি হৈ আহিব ধৰিছিল। কিয় জানো, ম‍ই ভাবিব ধৰিছিলো, দয়ালকাৰ ওচৰলৈ গ'লে গাঁৱৰ মানুহে মোক সেও মনা বুলি নাভাবেতো ! ঘটনাটো ঘটি যোৱাৰ পিছত ম‍ই দয়ালকাৰ মানসিক অৱস্থা কেনে হৈ থাকিব পাৰে, সেই বিষয়ে এবাৰো ভাবিবলৈও অৱকাশ পোৱা নাছিলো। আৰু যোৱা এসপ্তাহে স্মৃতিৰ কোঠাত আলোছায়াৰ লগত যুঁজি যুঁজি যেতিয়া অৱশ হৈ পৰিছিলো, এই চিন্তাবোৰে মোক জুমুৰি দি ধৰিছিল। কথাবোৰ কিবা উল্টাকৈ ভাবিবলৈ মন গৈছিল। বাৰে বাৰে মনলৈ আহি আছিল, দয়ালকাৰ ঘৰলৈ গ'লে যদি অপদস্ত হব লগা হয় ? আৰু তাকে ভাবি ম‍ই শংকিত হৈ পৰিছিলো। এই শংকাই মোৰ মনত দয়ালকাৰ বিপৰীতে ভাবিবলৈ বল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু কেতিয়াযে মোৰ যুক্তিবোৰে জেদৰ ৰূপ লৈ দয়ালকাৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছিল, গমেই পোৱা নাছিলো।

যোৱা এসপ্তাহে ঘৰৰ ভিতৰতে সোমাই থাকি থাকি আমনি লাগি গৈছিল। আলোছায়াৰ সৈতে তেনেকৈ হোৱা মুখামুখিক ম‍ই সহজভাৱে লব পৰা নাছিলো। মনতো বাৰে বাৰে উভতি যাব খুজিছিল বজালী কলেজৰ সুদীৰ্ঘ বাৰান্দাখনলৈ। উভতি যাব খুজিছিল তেৰ বছৰৰ আগতে আৰম্ভ কৰা দিনবোৰলৈ। আৰু সেইবোৰ চিন্তা কৰিয়েই আজিও সোমাই আছিলো কোঠাৰ ভিতৰত। তেনেতে অনুপম সোমাই আহিছিল। আহিয়েই চিৰাচৰিত ধঙেৰে সি আৰম্ভ কৰি দিছিলহি তাৰ হৈ-হাল্লা।
-অ'ই, তোক চাবাক ল'গি টিকেট কাটপা লাগা হৈছি যি? 
ম‍ই একো নামাতিলো।
-ইটা মুখোৰ মাত নাই যি? শ্যালা বিবিচি ওলচা? 
--
-কি হল তোৰ? গা বয়া না কি? হস্পিতেলৰ পৰা আহি বাহিৰ ওলোৱে নাই দেখুন?
-নাই অ'। গা বয়া নহে...
-তিত্তেহ'লি?
-...
-মন বয়া?
-নহে
-চা, এখনি ফেচ কৰবায়ে লাগবো। যদি ফেচ কৰবায়ে নৰা তিত্তেহ'লে এলাখেন আৰম্ভ কচ্চিলি কিয়ো? 
-মোৰ একো হনাই ও ।
-ক'লি মানিম নিকি? শ্যালা, নিজেতো একো নকবিয়ে, সুধলিও মুখেদি নামতিবি... মনে মনে থাকলি কি শান্তি পাই নিকি?
-এলাখেন একো নহে। বেলেগ এটা...
-বেলেগ এটা?... কি বেলেগ? কোচুন
-
-কবিনা.... কুত্তা, ত‍ই আমাক কিবা লেহেটি-পেহেটি বুলি ভাবা নিকি এ.... নুসুধলি একো এটা নক যি !
-কম। তোক চব কম। মোক মাত্ৰ অলপ সময় দি।
-সময়? কিমান সময়? ...... ঠিক আছে। এটা চৰ্তত দিম। ত^ই ওলো
-ক'ত?
-ওলোচুন
-আগতে ক
-কিয় দয়ালকাৰ তাতে নায?
-নাযং
-কিয়?
-....
-তয়ে কইছলি দেখুন
-ইটা ভাপচু, নাযং
-হু?
-কি ৰিক্স এলা মানহোৰ?
-অ'ই, তোৰ কি হৈছি কোচুন। আজি এনেহেন কথাগেলা কৈ আছা যি? তই গম পাইছানা তই কি কৈ আছা? 
-গম পাইছু কাৰণেতো নাযং বুলি কৈছু। 
কথাখিনি কওতে মোৰ মাতটো অস্বাভাৱিকভাৱে ডাঙৰ হৈ পৰিছিল।
-চা হিতু, আমাৰ লোগোত তোৰ ভাৱ-চিন্তা নিমলে কাৰণে আমি সবে তোক ভাল পাউং, গোটে গাউই তোক ভাল ছ'লি বুলি ক'এ। পৰিস্থিতিৰ বাধ্য হৈ তই কিবা এটা কচ্চিলি, সেইবুলি তই চবৰে নিচনা কথাগেলা ক'লি কিংকে হোবো, কোচুন। তয়ে দেখুন কইছলি,  বৰ্তমান শিক্ষিত সমাজত ওজালি কৰি দয়ালকাই ডাঙাৰ ৰিক্স ল বুলি। তিত্তেহ'লি, তাক এই কাম এইৰে বেলেগ কামত ধৰটু তোৰ দায়িত্ব নহে, আমাৰ দায়িত্ব নহে? 
-কিন্তু সি যি আমাৰ কথাগেলা মানবো, তাৰে কি মানে আছে? যদি উল্টাকে প্ৰতিশোধ লবাহে খুজে... যদি আমাক ঘৰ খেদি মাৰবা যাৱ বুলি বদনাম উইলৈ... তেনে নকৰিবো বুলিওতো কবা নৰা?
-তই বহুত চেঞ্জ হ'লি, ৰূমোৰ ভিতৰোত সুমে থাকি তোৰো মনটু থেক হৈ গেইছি। পাগলাৰ নিচনা কি বকচা তয়ো নাইজনা। এখেন সমাজক চেলেঞ্জ দি এটা মানহুক ভয় কচ্চা আজি? তাতে আৰ মাইৰ খাৱৰ ভয়? তই ক মতে সেনেহেন হোলি মই ৰিক্স লম বুল। 
-মই তোক বিপদত ফেলোবা খুজা নাই
-কিন্তু তই ইটা নল্লি, মইহে তোক বিপদত ফেলোম
-চা, মই ধৰবা পাৰা নাই যাই কি কৰিম
-মই যাম নহে, তই একো চিন্তা নকৰিবি। মাত্ৰ ওলো
-নাযং নিকি?
-ওলো বুলচু নহে । অগত্যা মই অনুপমৰ চাইকেলৰ পিছৰ কেৰিয়াৰত বহি এক কিলোমিটাৰমান দূৰত থকা দয়ালকাৰ ঘৰলৈ যাবলৈ বাধ্য হৈছিলো। বাটে-পথে লগ পোৱা কোনো মানুহৰ মুখলৈ মোৰ সাহস হোৱা নাছিল, কিজানিবা বেয়াকৈয়ে কয়, কিজানিবা ঠাট্টায়েই কৰে....ইপিনে অনুপমে গোটেই ৰাস্তাতেই মাইক বজাই বজাই গৈছিল। ঠিক ৰজাঘৰীয়া ঘোষকৰ দৰে। আমি যেতিয়া দয়াল কাৰ চোতাল পাইছিলো, দয়ালকা তেওঁৰ সৰু জুপুৰিটোৰ বাৰান্দাত বহি বাঁহবন কৰি আছিল। মই চাইকেলৰ পৰা নামি সংকোচেৰে থিয় দিছিলো। দয়াল কাৰ গাত আমাক ওভোতাই ধৰা লক্ষণ দেখাৰ বিপৰীতে এক আজৱ ব্যৱহাৰহে দেখা পাইছিলো। বাৰান্দাৰ সিটো মূৰে থকা মূঢ়া দুটা আনি আমালৈ আগবঢ়াই দিছিল তেওঁ। মই লুকাই লুকাই চাইছিলো দয়ালকাৰ হাতখনলৈ, যিখন হাতত তেওঁক মই প্ৰহাৰ কৰিছিলো। এখন গামোছাৰে মেৰিয়াই থোৱা আছিল পেশীখিনিত। মই মুখেৰে একো এটা কব পৰা নাছিলো। মুখৰ মাতখিনি যেন কিহবাই খামওচ মাৰি ধৰিছিল। মোৰ অৱস্থা দেখি অৱশেষত অনুপমেই মাত দিছিল-কেনে পাইছা ইটা কাকা?
-কেনে পাইছু মানে? মোৰতো একোৱে হ নাছিল। অ'... অলপ দুখ পাইছলু যদিও আঘাট একো হ নাছিলতো।
-ই, হিতুই তোক কিবা খুজে। সেইকাৰণে আজি তোৰ ওচৰোত আইছি। অ.. অৱশ্যে তই বান্ধবি বুলি ভয় খাই আছিল.... কথাখিনি কৈয়ে সি খেকখেক কৈ হাঁহিবলৈ ধৰিলে।
-সেটু নহে। আচলতে মইতো বান্ধবা লাগা কামে কচ্চু না.... অনুপমৰ হাঁহিত কিছু সহজ হৈ এইবাৰ মই মাত লগালো
-তই বান্ধ খাবা লাগা কাম কৰা নাই। কচ্চিলু মই। আৰ সেই বাবে ফলো পাবা ধচ্চিলু। সিদনা খুট্টি বা তুহাৰ পালাত নপৰি বেলেগৰ পলাত পল্লি মোৰ অৱস্থা কি হোলাক হৈ পাছত ভাবিহে মোৰ বুকখেন ধপধপইছি। পাছে ইটা তাৰ খবৰ কি হিতু?
-কাৰ? কৈলাশদাৰ?
-অ'
-ভাল পাইছি অলপ। হস্পিতেলৰ পৰা আনি ঘৰত আনছি। ৰেষ্টত আছে ইটা
-মোক একদিন লৈ যাবিনা তাৰ ওচৰত? ছ'লিটুক একবাৰ চাবা খুজছিলো। 
দয়ালকাৰ কথা শুনি মই তভক দিলো। এক অচিন আবেগে বুকুখন খামুচি ধৰিলেহি। যেন অলপ সুৰুঙা পালেই এসোপা চকুপানীয়ে হৃদয়ৰ পাৰ ভাগি ওলাই আহিব। অনুপমে মোৰ মুখলৈ চালে। সি ধৰিব পাৰিলে মোৰ অৱস্থা। সেয়ে পৰিস্থিতি সলনি কৰাৰ বাবে সি কৈ উঠিল- চাবি, তোৰ ৰাঙা মোনাখেন লবা নাপাহেৰবি আৰ'।
তাৰ কথাত দয়াল কা হাঁহি উঠিল। আমিও দয়ালকাক যোগ দিলো।

দয়াল কাৰ তলৈ যোৱাৰ আগে আগে দয়াল কাৰ মুখামুখি কেনেকৈ হম, কেনেকৈ কথা পাতিম ইত্যাদি কিমানযে কথা ভাবিছিলো। আৰু আজি মাত্ৰ এটা মূহুৰ্ততে সকলোবোৰ সলনি হৈ গৈছিল। দয়াল কা সলনি হব খুজিছিল। ভূতৰ ওজাৰ পৰা এজন খেতিয়কলৈ। ভৌতিক বস্তু এটাকলৈ জীৱিকা কৰি থাকিব খোজা অকামিলা এজনৰপৰা বাঁহ বন কৰি দুপইচা আৰ্জিব খোজা এজন সজ মানুহলৈ। আৰু তেওঁৰ এই পৰিৱৰ্তনত অৰিহনা যোগাইছিল মোৰ দেউতাই, মোক নজনোৱাকৈ। ঘটনাটো ঘটাৰ পিছদিনা খবৰ লবলৈ গৈ দুবিঘা দ মাটি এই বছৰৰ পৰা আধি খেতি কৰিবলৈ দেউতাই দয়াল কাক প্ৰস্তাৱ দিছিল, লগতে দিছিল বাঁহ বনৰ কাম আৰম্ভ কৰিবলৈ বিশটা বাঁহ। সেই কথা দয়াল কাৰ মুখৰ পৰা মই গম পাইছিলো আৰু গম পায়েই এক অভিমানে আহি মোক আগুৰি ধৰিছিল। মোক নজনোৱা বাবে অভিমান। দেউতাৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি বহুগুণে বাঢ়ি গৈছিল। মই নিৰ্বাক হৈ গৈছিলো। মাথোঁ  শুনি গৈছিলো সকলোবোৰ। 

কি ভাৱিছিলো, কি হ'ল; আজি অনুপম নহা হ'লে ! দয়াল কাৰ পদুলিমুখত আহিয়েই অনুপমক সাৱটি ধৰিলো। চকুৰ পৰা দুটোপাল গৰম লোটক সৰি পৰিল।

এই সময়খিনি হৃদয়খনেও অলপ জিৰণি পাইছিল। আলোছায়া নিশব্দে শউই আছিল মোৰ হৃদয়ৰ গভীৰ খাদত। আৰু যেতিয়া পুনৰ সেই খাদ খান্দিবলৈ লাগি গৈছিলো, তেতিয়া এন্ধাৰ নামিছিল। চোতালত ঢাৰি পাৰি দেউতা জিৰণি লৈছিল। মই আৰামী চকীখনত বহি অলপ দূৰত চকু দুটা মুদি সোমাই গৈছিল স্মৃতিৰ গভীৰৰ পৰা গভীৰতালৈ। আৰু সেই গভীৰতাৰ পৰা ক্ৰমে সাৰ পাই উঠিছিল বজালী কলেজে, উচ্চজিত, সুকুমাৰ, হিম, মানৱহঁতৰ কিৰিলিয়ে, সাহিত্য চ'ৰাৰ সেই আড্ডাবোৰে... মই ক্ৰমে পুনৰ বিলীন হবলৈ আৰম্ভ কৰিছিলো সেই দিনবোৰৰ সৈতে.....।

( প্ৰথম অধ্যায় সমাপ্ত)

    

 

Friday, September 14, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৪

বিদেশী বহইষ্কৰণৰ প্ৰশ্নত আন্দোলনকাৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত কেবালানিও আলোচনা চলিছিল ১৯৮০ চনৰপৰা। কিন্তু বাৰে বাৰে এই আলোচনা বিফল হৈছিল। এই বিফলতাত বিৰাগ হৈ কেন্দ্ৰীয় চৰকাৰে অসম আন্দোলনৰ বিৰুদ্ধাচৰণ কৰিছিল। এই বিৰুদ্ধাচৰণৰ উদাহৰণস্বৰূপেই আন্দোলনকাৰীসকলৰ ওপৰত বহুতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। ফলস্বৰূপে ১৯৮১ চনৰপৰা ১৯৮২ চনলৈ আন্দোলনৰ কাম-কাজ স্তীমিত হৈ পৰিছিল।

উৎসঃ 1979 to 1985: The Anti Foreigner's Movement in Assam-A news

Thursday, September 13, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-৩

যি অনুপ্ৰৱেশৰ আলম লৈ অসম আন্দোনল আৰম্ভ হৈছিল, সেই অনুপ্ৰৱেশকাৰীসকলৰ অধিকাংশই আছিল বাংলাদেশ আৰু পূৱ পাকিস্তানৰ পৰা অহা। সেই বাবে এই আন্দোলনক "বিদেশী বহিষ্কৰণ আন্দোলন" বুলিও কোৱা হৈছিল। বিদেশী বহিষ্কৰণৰ ওপৰত উত্থাপিত দাবীসমূহ অৱশেষত আন্দোলনৰ ৰূপ পাইছিলগৈ আৰু ১৯৭৯ চনৰ শেষ ভাগৰপৰা এই আন্দোলনৰ কাম-কাজ সক্ৰিয় হৈ উঠিছিল। 

আন্দোলনকাৰীসকলে দাবী কৰিছিল ১৯৫১ চনৰ পিছত অসমলৈ অহা বিদেশীসকলক বহিষ্কাৰ কৰিব লাগে, যিসময়ত চৰকাৰে এই সীমা ১৯৭১ হিচাপে ঠিৰাং কৰিছিল। 

১৯৭৯ চনৰ ৮ জুন তাৰিখে ঘোষনা কৰা ১২ ঘণ্টীয়া বন্ধৰপৰাই অসম আন্দোলনৰ কাৰ্যসূচী সণ্ঢালনিকৈ চলিবলৈ ধৰে।


[উৎসঃ ১/ ৱিকিপিডিয়া
          ২/ 1979 to 1985: The Anti Foreigners Movement in Assam-a news
          ৩/ অসম আন্দোলনঃ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, পৃ.খ]

Wednesday, September 12, 2012

৭৯ লৈ ওভোতনি যাত্ৰা-২

অসম আন্দোলন চলিছিল ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ। ইয়াৰ গুৰি ধৰিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে। এই আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশকাৰীক অতিশীঘ্ৰে চিনাক্তকৰণ কৰি বহিষ্কৰণৰ বাবে চৰকাৰক বাধ্য কৰোৱা। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে ছবছৰীয়া এই আন্দোলনৰ সমাপ্তি ঘটিছিল। 

যদিও অসম আন্দোলন এক অহিংস আন্দোলন আছিল, নেলী হত্যাকাণ্ডৰ দৰে হিংসাত্মক ঘটনাও এই আন্দোলনৰ সময়ছোৱাত ঘটিছিল। 

অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অসম আন্দোলনৰ নেতাসৱে লগ হৈ "অসম গণ পৰিষদ" নামেৰে ৰাজনৈতিক দল গঠন কৰিছিল আৰু ইয়েই ১৯৮৫ চনত ৰাজ্য চৰকাৰ গঠন কৰিছিল।

[উৎসঃ ৱিকিপিডিয়া]

Tuesday, September 11, 2012

৭৯ লৈ ওভোতনি যাত্ৰা

[১৯৭৯ চন। অসমৰ বাবে এক উল্লেখযোগ্য সময়। এই বৰ্ষতে অসমৰ এক ঐতিহাসিক ঘটনা "অসম আন্দোলন"ৰ উকমুকনি উঠিছিল। সময়ে অসম আন্দোনল আৰু ইয়াৰ ফলাফলক বিফল আখ্যা দিলেও এই সময়ছোৱা অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। সেই অসম আন্দোলনৰ সময়ছোৱাৰেই কিছুমান বিক্ষিপ্ত ঘটনাৱলীৰ সমাহাৰ "৭৯ লৈ ওভোতনি যাত্ৰা"। ৰাইজে জনা এনে ঘটনাৰ কথা কলে আমি উপকৃত হম।]


প্ৰথম খণ্ডঃ
১৯৭৮ চনত দৰং জিলাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুত সমষ্টিটোৰ উপ-নিৰ্ব্বাচন অৱশ্যাম্ভাৱী হৈ পৰিছিল। উপ-নিৰ্ব্বাচনৰ প্ৰস্তুতিৰ সময়ত দেখা গৈছিল যে নাগৰিকৰ সংখ্যা অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে। সেই সময়ত আছুৱে বিদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকপঞ্জীৰ পৰা বিতাড়ন কৰি নাগৰিকৰ ক্ষমতাৰ পৰা বহিষ্কাৰ নকৰালৈকে নিৰ্বাচন স্থগিত ৰখাৰ বাবে দাবী জনাইছিল। তাৰ ফলস্বৰূপেই "অসম আন্দোলন"ৰ জন্ম হৈছিল।
[সংগ্ৰহঃ ৱিকিপিডিয়া]

Friday, August 31, 2012

ধৰি ল’লোঁ আজি শনিবাৰ



ধৰি ল’লোঁ আজি শনিবাৰ
শনিবাৰে ইয়াত হঁহা বন্ধ
শনিবাৰে ইয়াত হাহাকাৰ কৰা বন্ধ
আনকি শনিবাৰে বন্ধ দেওলীয়াৰ স্বৰ্গযাত্ৰাও।
আজি শনিবাৰ;
ঠিক দেওবাৰৰ আগৰ দিনটো।
আজি ইয়াত পালন কৰা হ’ব নিস্তব্ধতাৰ দিৱস।
ধৰি ল’লোঁ আজি শনিবাৰ
কেই মুহূৰ্তমানৰ বাবে কাৰ্ফিউ আঁতৰাই দিয়া হ’ব
জোৰ কৰি বজাৰ পতা হ’ব
য’ত থাকিব তেজৰ ডোঙাত লেৰেলি যোৱা পাচলি
শিবিৰৰ সন্মুখত দম খাব
চৰকাৰী ভেটা ৰখীয়াৰ দল!
আজি শনিবাৰ
প্ৰত্যাশিত দেওবাৰটোৰ আগৰ শনিবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ,
কাইলৈ দেওবাৰে
ইয়াত ৰজাৰ মেল পতা হ’ব
লাখ লাখ শৰণাৰ্থীক সাধুকথা শুনোৱা হ’ব
দেখুওৱা হ’ব বহু ডাইমেনশ্বনেল ছৱি
সপোন আৰু জীয়াই থকাৰ।
চিকুণাই ৰখা শিবিৰত বিলোৱা হ’ব
এক কেজি চাউল, এপোৱা দাইল
মৃত্যুও থাকিব কাইলৈ বহু দূৰৈত
কিয়নো কাইলৈ শনিবাৰ
ৰজাৰ হাটবাৰ।
ধৰি ল’লোঁ আজি শনিবাৰ
কাইলৈ দেওবাৰ
কালিৰ পিছত ইয়াত সপোন নাথাকিব
থাকিব কেৱল বাস্তৱ আৰু জীৱনৰ সংগ্ৰাম
চিকিৎসা শিবিৰত শাৰী পাতিব লাগিব
এটা লেমোফেন অথবা পেৰাচিটামলৰ বাবে
এপোৱা দাইলৰ ভাত হ’ব মহাৰ্ঘ্য
কাৰোবাৰ মৃত্যুত কান্দিবলৈ ইয়াত সময় নাথাকিব
কেকনি-জেকনিও হ’ব জীৱনৰে এক অংশ।
সেই সময়ত ইয়াত কেৱল মনত পেলাব পাৰিব
ৰজাই শুনোৱা সাধুকথাবোৰ।
ধৰি ল’লোঁ ৰজাৰ হাটবাৰক আদৰিবলৈ
আজিয়েই সেই আপদীয়া শনিবাৰ !!

Tuesday, August 7, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-১২

যোৱা এমাহতে বহুত ঘটনা ঘটি গৈছিল| মাছ মৰাৰ পৰা আৰম্ভ হৈছিল খেলিমেলিবোৰ| আৰু যি এবাৰ খেলিমেলি লাগিছিল, সি সমাধা হোৱাৰ নামেই লব খোজা নাছিল| কেতিয়াবা যদি এটা সমস্যাই মূৰ-সোলোকা দিছিল, আন এটাই আহি গবা মাৰি ধৰিছিল-ঠিক কাবাদী খেলৰ নিচিনাই| আৰু এতিয়া যিটো সমস্যাই লগ দিছেহি সিয়েই মোক খুলি খুলি খাবলৈ যথেষ্ট| দুৰ্বিসহ সেই যাতনা | .... দহ বছৰ... পূৰাপুৰি দহ বছৰ কবৰস্থিত হৈ আছিল যন্ত্ৰণাবোৰ... আৰু হঠাত্‍ আজি মাম্মী হৈ ওলাই আহিল হাস্পতালৰ বাটচ’ৰাত|

বৰ ভাগৰ লাগি গৈছিল| সমাজৰ এটা মাত্ৰ অন্ধবিশ্বাসৰ বিপৰীতে মাত মাতি ম‍ই থকাসৰকা হৈ গৈছিলো| বহুদিনৰ মূৰত ঘৰলৈ আহিছিলো| ভাৱিছিলো, অলপ জিৰণি লম| অন্ততঃ কেইদিনমান শান্তিত কটাম| আৰু ইয়ালৈ আহি যিখিনি হৈ গ’ল, সেইখিনিয়েই মোক ভাগৰুৱা কৰি তুলিলে| ম‍ই জিকি গ’লো, কোনোৱা হাৰি গ’ল| কিন্তু এই জয়লাভে মোক কি দিলে ম‍ই গমকেই নাপালো| 
 
হাস্পতালৰ পৰা অহাৰ পিছত দুদিন ধৰি ঘৰতে সোমাই থাকিলো| কলৈকো ওলাই যাবৰ মনেই নগ’ল| তিনিসপ্তাহ হাস্পতালত ভূত আঁতৰোৱাৰ বাবে কৰা নেৰানেপেৰা চেষ্টাত কৈলাশ দা সুস্থ হৈ আহিছিল| আৰু তাৰ লগত লাগি থাকোতে পাহৰিয়েই গৈছিলো ঘৰ আৰু ঘৰৰ খবৰ| কৈলাশদাক হাস্পতাললৈ অনাৰ পিছত যিদিনা খবৰ লবলৈ আহিছিলো, সিদিনাই ভাৱিছিলো, দয়াল কাৰ ওচৰলৈ যাম| কিন্তু এই ভাগৰটোৱে মোক সেইটো‍ও পাহৰাই পেলালে| কাৰো লগতেই কথা পাতিবলৈ মন নগ’ল| অগত্যা নকলে নোহোৱা দুই-এষাৰ কথাৰ বাহিৰে অৱহেলা কৰি গ’লো সকলোকে| নিকুৱে আহি মাজে মাজে আমনি দিছিলহি যদিও মোৰ পৰা পাট্টা নোপোৱাত সিও লাহে লাহে পৰা আঁতৰি থাকিল| সকলোৰে পৰা আঁতৰত, সকলোকে নিলগত ৰখাই ম‍ই যেন মোৰ বাবে সময় উলিয়াই ল’লো| কবৰ খান্দিবলৈ| হৃদয়ৰ কবৰত সমাধিস্থ সময়বোৰ চাবলৈ বৰ মন গৈছিল মোৰ| চাবলৈ মন গৈছিল, সেই সমাধিত শুই থকা আলসুৱা সেই আত্মা আজিও আছেনে ! আলোছায়াই খেদি ফুৰিব ধৰিছিল মোক| শুব পৰা নাছিলো, খাব পৰা নাছিলো, কেৱল সেই অৱয়বেই বেৰি ৰাখিছিল মোক.. হাস্পতালৰ সন্মুখত যি অৱয়ব দেখি কিছুসময়ৰ বাবে স্তব্ধ হৈ গৈছিল মোৰ হৃদ্‍স্পন্দন..|

বুধবাৰ আছিল সিদিনা| বৰষুণ ইতিমধ্যে কমি ফটফটীয়া হৈ আছিল আকাশ | জোন নাছিল যদিও তৰাবোৰে আনন্দত মতলীয়া হৈ আছিল|  চোতালত ঢাৰি এখন পাৰি গাৰু এটা লৈ দেউতা শুই আছিল| ভাত ৰন্ধাৰ মাজতে সময় পালে ঢাৰিখনৰ একাষে মুঢ়া এটাত বহি মায়ে বিচনী চলাই আছিল| কাষত বাজি আছিল আমাৰ সাতামপুৰুষীয়া সেই ফিলিপছ ৰেডিঅ’টো| কিবা এখন নাটক চলি আছিল| নীলু চক্ৰৱৰ্তীৰ গলগলীয়া কণ্ঠই যেন গোমা কৰি পেলাইছিল পৰিৱেশ| ম‍ই কাপোৰৰ আৰামী চকীখনত বহি আকাশলৈ চাই আছিলো| মোৰ প্ৰিয় আকাশ| যিয়ে মোক বিশালতা কি শিকাইছিল| আৰু আজি ! ক’লৈ গ’ল সেই বিশালতা উপলব্ধি কৰিব পৰা সময়বোৰ, সাহসবোৰ! আকাশৰ গভীৰতালৈ দৃষ্টি নিক্ষেপ কৰিছিলো আৰু যিমানে গভীৰতালৈ সোমাই গৈ আছিল সেই দৃষ্টি, স্মৃতিয়েও খুলি দি গৈছিল প্ৰতিটো মূহুৰ্তৰ কথাবোৰ| ক’ত লগ পাইছিলো..ক’ত লগ পাইছিলো? কলেজত? বজাৰত.. নে ক’ত? নে অ’ডিটৰিয়ামত? অ’ডিট’ৰিয়ামত| হয় অ’ডিট’ৰিয়ামতেই| বজালী কলেজ অ’ডিট’ৰিয়ামত| ফেছমেন ছ’ছিয়েল আছিল সিদিনা..... সেই দিনৰ পৰাই আলোছায়া মোৰ বাবে হৈ পৰিছিল "আলোছায়া" আৰু...
-"অ’ হিতু দা, মোক ত‍ই ব’য়া পাইছা?" সকলো ভাৱনাৰ অন্ত পেলাই থতমত খাই মোৰ ওচৰতে থিয় দি থকা নি্কুলৈ চালো| অপৰাধী অপৰাধী ভাৱেৰে মোৰ ওচৰতে সেমেনা সেমেনিকৈ থিয় হৈ আছিল সি| ম‍ই তাক কোলাত উঠাই ল’লো|
-"আকাশত কি চাই আছ্‌লি?"
-"সেই তাৰাকেটা|" মিচিকিয়াই হাঁহি তাক সপ্তৰ্ষিমণ্ডললৈ বুলি দেখুৱাই ক’লো| 
-"সেই তাৰাকেটাৰ কি নাম ক’চুন|"

এৰা! কি নাম আছিল জানো! আগবাঢ়ি থকা তিনিটা তৰাৰ মাজৰটোৰ লগত থকাটোৰ নামহে মনত পৰিল| "অৰুন্ধতী"| সদায় তেওঁ দেৱজ্ঞান কৰা মুনিবৰৰ লগতহে আছিল অৰুন্ধতী| অৰুন্ধতী বৰ আদৰ্শৰ আছিল আলোছায়াৰ| অৰুন্ধতীক লৈ কিমান কথাযে কৈছিল তাই...
-"কি হ’লনু| ইমান ডাঙাৰ হৱৰ পাছতো ইমান ভাৱবা লাগে?" 
-"পাৰহিয়ে গেইছু ৰ’|"
-"ম‍ই ক‍উ?"
-"ক’|"- নিকুৱে হয়তো কব সপ্তৰ্ষিমণ্ডলৰ নামবোৰ| কিন্তু সি কব পাৰিবনে অৰুন্ধতীৰ কথা? এবাৰ আকাশলৈ চালো| অৰুন্ধতীয়ে মোলৈ চাই হাঁহি আছিল| ঠিক আলোছায়াৰ দৰেই.... মোক জোকাই, মোৰ খং উঠাই যিদৰে আলোছায়াই হাঁহি উঠিছিল, ঠিক তেনেদৰে..... 


(ক্ৰমশঃ)

Tuesday, July 31, 2012

এৰা, বৰ গৰম পৰিছে...


শাওনৰ মাহ
ওন্দোলি উঠিছে জান-জুৰি
ঠিক সিমানেই গঙাটোপতো হৈ
গৰ্জ্জি উঠিছে সূৰুয|
ৰ’দত বাউলি হৈ নামি আহিছে গৰম
এৰা, বৰ গৰম পৰিছে|

সৌ সিদিনা কৰিমগঞ্জত
খবৰ পালো
প্ৰহৃত হ’ল হেনো ৰাজনীতিৰ কাণ্ডাৰী,
তাৰ পিছত দিছপুৰত লংকাকাণ্ড....
এগৰাকীয়ে ক’লে
হিংসাৰ জুই হেনো সেয়া
অপপ্ৰচাৰত তাপ সেয়া |
নে মাইনাছ ডিগ্ৰীধাৰীসকলক উতলাই তোলা
মাটিৰ মানুহৰ হৃদ্‍স্পন্দন সেয়া ?
সঁচাকৈ বৰ গৰম পৰিছে
গেলি যাবলৈ ধৰিছে চিন্তাশক্তি..|

ডিমৌত ঘামত উটি গৈছে সেনাৰ লেকাম
আৰু সিয়েই নাম পাইছে "নিৰ্যাতন"
উগ্ৰ গৰম
আৰু গৰমৰ ঘাম লৈ নামি আহিছে ২২ সংগঠন
অৰ্ধ উলংগ - উলংগ প্ৰতিবাদে চাগে’ কমায়েই গৰমৰ তীব্ৰতা
গেলা গৰম পৰিছে
মতিভ্ৰমৰ কৱলত পৰিছে এই আকাশ
বৰ গৰম পৰিছে
গেলা গৰমত উটি ফুৰিছে
সংস্কৃতি আৰু যশস্যা|

জি.এছ ৰোড
৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডত ব্ৰেকিং নিউজ
এফালে দৌৰিছে সুৰামত্ত যুৱতী
আনফালে ব্ৰেকিং নিউজৰ আয়োজন
অহাই আহিছে, যোৱাই গৈছে
চলি আছে বস্ত্ৰহৰণ
আৰু ৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডত চলি আছে ব্ৰেকিং নিউজ
সকলোৱে গম পাইছে
বৰ গৰম পৰিছে,
গেলা গৰমত ,মানুহবোৰৰ মগজুৱে অলপ জিৰণি লৈছে|

শাওনৰ মাহ
সূৰুযৰো গৰম লাগিছে
সেয়ে নামি আহিছে বড়োভূমিলৈ
জ্বলি উঠিছে বড়োভূমি
সূৰুযৰ গৰমত মেলি গৈছে সকলো ৰং
সকলো ৰঙেই হৈ পৰিছে তেজৰঙী ৰঙা
খহি গৈছে ঘৰবোৰ
ছাইৰ ৰূপত বৈ আহিছে বতাহ
বুলেটবোৰে সো-সোৱাই যেন টানি আনিছে
গৰমৰ পৰা পলৰীয়া জীৱনবোৰ
বৰ গৰম পৰিছে,
উত্তল হৈছে চৌদিশ
আকাশ ওন্দোলি উঠিছে
বতাহ গলিছে
নাছি উঠিছে অগ্নিশিখাবোৰ
সঁচাকৈয়ে মাটিৰ মানুহৰ বাবে
বৰ গৰম পৰিছে|


শাওনৰ মাহ
সোৱনশিৰি গাভৰু হৈছে
নৰীয়াত পৰিছে এন.এ‍ই.পি.চি
কৃষক নেতাৰ হুংকাৰত নিহপালি দিছে টাৰ্বাইন
চাহাবৰ ঘৰত বগা পোহৰ বিলাবলৈ

সৰ্বসাধাৰণৰ চন্দুক খুলি ওলাই আহিছে বিদ্যুত্‍
এচি অবিহনে লেৰেলি গৈছে আভিজাত্যৰ প্ৰসাধন
এৰা বৰ গৰম পৰিছে
বিদ্যুতেও এচিৰ হাৱাত দেহা শাঁত পেলাবলৈ গৈছে ||

(ৰচনাকালঃ ৩১/০৭/২০১২)

Monday, July 9, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি (১১)

মাজৰাতিলৈকে ঠিকেই গৈ আছিল| এটাৰ পিছত এটাকৈ চেলাইন লগাই থোৱা আছিল| আৰু আমি বাৰান্দাতে বেডৰ কাষত এখন কাপোৰ পাৰি পৰ দিছিলো| অনুপমে ফোনটো লৈ ইফালে-সিফালে ঘূৰি আছিল| ম‍ইনাক শুবলৈ কৈ থকাৰ পিছতো শুৱ পৰা নাছিল| বাৰে বাৰে "জপং-জপং" শব্দ শুনা যেন পাই ম‍ই চক খাই উঠিছিলো| খুড়া আহি পিছদিনা ৰাতিপুৱা তেজ দিবলৈ মানুহ এজন লৈ আহিব বুলি কৈ গৈছিল| আৰু অজ্ঞান অৱস্থাত পৰি আছিল কৈলাশদা| মাজে মাজে সি ভ্ৰম বকিছিল| ৯ টা মানতে এবাৰ ডাক্তৰ আহি চাই গৈছিল আৰু মাজৰাতিলৈকে কোনো খবৰ নাছিল| আচল সময়খিনি আৰম্ভ হৈছিল ১ মান বজাৰ পৰা| কৈলাশদা হঠাতে চক খাই চক খাই উঠিছিল আৰু হাত-ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হৈ আহিছিল| আমাৰ দৌৰা-দোৰি লগাই দিছিলো... কিন্তু কতো ডাক্তৰ-নাৰ্চক বিচাৰি পোৱা নাছিলো| আমাৰ অৱস্থা দেখি ৱাৰ্ডবয় এজন কৰবাৰ পৰা দৌৰি আহি কৈলাশদাৰ ওচৰ পাইছিল| অনুপমে কৰবালৈ ফোন লগোৱা আৰম্ভ কৰি দিছিল| ডাক্তৰ-নাৰ্চ কাকো বিচাৰি নাপাই ঘৰলৈ ফোন এটা লগাও বুলি পেণ্টৰ পকেটত হাত ভৰাই চাও, নাই ফোনটোও পাহৰি আহিলো| কি কৰো, কি নকৰোকৈ মহিলা ৱাৰ্ডলৈ গৈ মোৰ চকু কপালত উঠিল| এজন ডাক্তৰ আৰু দুগৰাকী নাৰ্চে ৫ টাকৈ ডেলিভাৰী কৰাই আছে| ডাক্তৰক মাতিব খুজিও প্ৰসৱ বেদনাত চিঞৰি থকা মানুহ কেইৰাকীৰ অৱস্থালৈ চাই ম‍ই ৰৈ গ’লো| কি কৰো এতিয়া, ইমান স্বাৰ্থপৰ কেনেকৈ হও... কিদৰে এই অৱস্থাত এৰি ডাক্তৰ বা নাৰ্চগৰাকীক মাতো! তেনেতে ডাক্তৰজনে মোৰ চকুলৈ চালে| 
-চাৰ, বাহিৰত যে পেচেণ্টটো... হাত-ভৰিবোৰ লৰাব নোৱাৰা হৈ গৈছে|
-হু ! সেই যে ব্লিডিং হৈ থকা পেচেণ্টটো?
-অ
-ঐ যমুনা, এইৰ এটেন্ডেণ্ট কোনোবা আছেনে নাই? মাইকী মানুহ আছে যদি মাত..... ম‍ই পত্‍কৈ আহি আছো| নাৰ্চ এগৰাকীক পৰামৰ্শ দি তেওঁ মোৰ কাষেৰেই সোঁ-সোৱাই বাৰান্দাৰ চুকটোলৈ আগবাঢ়ি গ’ল| যাওতে ৰেষ্টৰূমত থকা জাগ এটাৰ পানীৰে হাতখিনি এনেকৈ ধুলে যেন কেই ছেকেণ্ডমান দেৰি হ’লেই বহুত ডাঙৰ ঘটনা ঘটি যাব| কৈলাশদাৰ হাতৰ ৰগত হাত দিয়েই ডাক্তৰ চিঞৰি উঠিল-ও মাই গড ! 
-আৰু কোন আছে আপোনালোকৰ লগত? ব্লাড দিব লাগিব| এতিয়াই| আপোনালোকে মানুহ বিচাৰক| অতি সোনকালে তেজ যোগাৰ কৰিব নোৱাৰিলে পেচেণ্টৰ কণ্ডিচন কব নোৱাৰি| এতিয়া ম‍ই হেমাক্সিল দিয়াৰ বাহিৰে বেলেগ উপায় দেখা নাই| গতিকে এঘণ্টামানৰ ভিতৰতে ব্লাড যোগাৰ কৰাৰ ব্যৱস্থা কৰক|
ইপিনে অনুপম দৌৰি আহি ওচৰ পাইছিলেই| সি তপৰাই মাত লগালে- চাৰ, ম‍ই আছো| আপুনি কি কৰিব লাগে আৰম্ভ কৰক|
-চাওক, আমাৰ এইখন স্বাস্থ্যকেন্দ্ৰহে| ইয়াত ব্লাড লব পৰা ব্যৱস্থা নাথাকে| যদি চিভিলৰ পৰা আপোনালোকে তেজ আনি দিব পাৰে, তেন্তে দিব পৰা যাব| ৰোগীৰ অৱস্থা এতিয়া ইমানেই বেয়া যে, চিভিললৈকে নিবলৈও অনুমতি দিব পৰা নাযাব| সেয়েহে আপোনালোকে পাৰে যদি কিবা উপায়েৰে ব্লাড অনাৰ ব্যৱস্থা কৰক| ম‍ই এখন লিখি দিম বাৰু|
-কিন্তু চাৰ, ইয়াত দেখোন ব্লাড বেংক নে কি লিখা থকা ৰূম এটা দেখা যেন পাইছিলো|
-সেইটো ব্লাড কালেকচন চেণ্টাৰহে| লেব’ৰেট’ৰী টেষ্টৰ বাবে|


মাজৰাতি| ক্ৰিটিকেল কণ্ডিচনত ৬-৭ জন ৰোগী| এজন ডাক্তৰ, দুগৰাকী নাৰ্চ| কোনোৱে আহৰি পোৱা নাই| অভিজ্ঞতাই কাম শিকাই তোলা ৱাৰ্ডবয় কেইজন কোনো ৰোগীৰ ওচৰলৈ গ’লেও এটেণ্ডেণ্টে সৰগ ঢুকি পোৱা যেন পাইছে| তাৰ পিছতো ডাক্তৰে কৈলাশদাৰ কেচটো গুৰুত্বসহকাৰে লৈছে| মাজৰাতি ব্লাড দিয়াৰ কথা ভাৱিছে| অথচ আমি... আমি যেন প্ৰথম খোজতেই ৰৈ গ’লো| আমি কোনেও নাজানো চিভিলত ব্লাড পোৱা যাবনে নাযায়, আৰু নাজানো কেনেকৈ যাম| কৈলাশদাৰ গা শেঁতা পৰি গৈছে| মুখেৰে অনৰ্গল বিৰবিৰাই কিবাকিবি বকিয়েই আছে, অস্পষ্টকৈ|

হঠাতে মোৰ মনত পৰিল...হেমন্তৰ কথা| লেব’ৰট’ৰী টেকনিচিয়ান পঢ়ি আহি কৰবাত লেব’ৰেট’ৰী খুলিব বুলি শুনিছিলো কেইদিনমান আগতে|  সি কিবা সহায় কৰিব পাৰেই বা !
-অনুপম, হেমন্ত ক’ত আছে? তাক ফোন নম্বৰ আছেনা? আছে যদি ফোন এটা কৰচুন| কিজানি কিবা সহায় কৰ্বা পাৰেই|
-অ’, ভাল মনত ফেলৈছা | হেমন্ত আছে দেখুন... ৰহ|

কেবাবাৰো ফোন কাটি যোৱাৰ পিছত অৱশেষত হেমন্ত‍ই ফোন উঠালে| অনুপমে তাৰ সুন্দৰ কথনভংগীৰে হেমন্তক বুজালে পৰিস্থিতিৰ গভীৰতাৰ কথা|
-হা! ইমান ঘটনা ঘটছি, অথচ মোক ইটাহে কৈছা? ৰহ... ম‍ই নলবাৰী চিভিলৰ পৰা লৈ যাই আছু| মোক ডিটেইলখেনি দিছুন| মোৰ পৰা বেছি দূৰ নহৈ যিত্তে প্ৰোব্লেম নাই|
আমাৰ মুখলৈ অলপ পানী আহিল|

ভাল-বেয়া, ভাল-বেয়া, এনেকৈ উঠা নমা হৈ আছিল আমাৰ ভাগ্যৰ ৰেখা| সেই মাছ মৰাৰ আৰম্ভণিৰপৰাই| জালখন নিগনিয়ে কূটাৰ পিছতো আমি জোৰা কাটিবলৈ টায়াৰ বিচাৰি পাইছিলো,ইমান পানীৰ পিছতো আমি সঠিক দিশতেই আগবাঢ়িছিলো, মাছ নাপায়ো শেষত আমি ফাঁচীলেঙীৰ মাছ সৰকাব পাৰিছিলো, মাজ পথাৰত বাট হেৰুওৱাৰ পিছতো অৱশেষত আমি বাট বিচাৰি পাইছিলো, সঠিক ভাৱেই ভূতৰূপী ভেকুলী বিচাৰি পাবলৈ সক্ষম হৈছিলো, আৰু বেজৰ হাতৰপৰা ৰক্তক্ষৰণত লেবেজান হৈ পৰা কৈলাশদাক হাস্পতাল পোৱাবলৈ সক্ষম হৈছিলো| আৰু এতিয়া, যেতিয়া তেজৰ প্ৰয়োজন হৈছে, অনুপম আহি হাজিৰ হৈছে, মাজৰাতি টোপনিৰ পৰা উঠি হেমন্ত‍ই কৈছে "ম‍ই লৈ আহি আছু ৰহ"| এবাৰ আকাশলৈ চালো, যিখন আকাশে মোক সাহস দি আহিছে, যিখন আকাশলৈ চাই ম‍ই বহুতো সিদ্ধান্ত লবলৈ সহায় পাইছিলো... আজিও সহায় কৰা হ’লে আকাশখনে|

ডাক্তৰে ব্যক্তিগত প্ৰচেষ্টাৰে ’হেমাক্সিল’ যোগাৰ কৰি ৰোগীক দিয়া আৰম্ভ কৰি দিলে| ম‍ইনাই কাষত চকুপানী টুকি টুকি বহি আছে| ম‍ই ইপিনৰ পৰা সিপিনলৈ ঘূৰি আছো| অতি ঘনকৈ ডাক্তৰে এবাৰ এইফালে এবাৰ মহিলা ৱাৰ্ডৰ পাক মাৰি আছে| তাতো কেবাটাও ক্ৰিটিকেল কেচ| সময় গৈ আছে| লাহে লাহে কৈলাশদাৰ দেহৰ উত্তাপ বাঢ়ি আছে| সফলভাৱে মহিলা ৱাৰ্ডত সন্তান জন্ম হৈ আছে... লাহে লাহে চিঞৰ-বাখৰবোৰ কমি আহিব ধৰিছে| তেনে সময়তে তেজ লৈ হেমন্ত হাজিৰ হ’লহি| ব্যক্তিগত চিনাকিসূত্ৰে হেমন্ত‍ই আনিবলৈ সক্ষম হোৱা তেজখিনি লৈ ডাক্তৰৰ তত্‍পৰতা যেন দুগুণে বাঢ়ি গ’ল|  তেওঁ অতি কম সময়ৰ ভিতৰতে তেজ দিয়া কাম আৰম্ভ কৰি দিলে|

হেমন্ত| নলবাৰী চিভিলৰ কাষতে নতুনকৈ আৰম্ভ কৰিছে তাৰ লেব’ৰেট’ৰী | আজি যেন ভগৱানৰ ৰূপতহে আমাৰ সন্মুখত দেখা দিলেহি ! ধন্যবাদ জ্ঞাপন কৰিবলৈ তাক মোৰ ওচৰত ভাষা নাছিল| যিজন হেমন্তক অলপমান কথাৰ বাবে মাতিবলৈ বাদ দিছিলো, কাজিয়া কৰিছিলো, সেই হেমন্ত‍ই আহি ইমান ডাঙৰ সহায় কৰি দিছিল যে ধন্যবাদ দিবলৈ অথবা আগৰ কৃত কামৰ বাবে ক্ষমা খুজিবলৈও ম‍ই লাজ পাইছিলো| অনুপমৰ ইচ্ছা পূৰণ হোৱাৰ পথত আগবাঢ়িছিল| নলবাৰী চিভিলত গৈ তেজ দান কৰাৰ বাবে সি যাবলৈ বুলি সাজু হৈছিল| ভূতে ধৰা কৈলাশদাক তেজ দি সুস্থ কৰিবলৈ নিজৰ দেহৰপৰা এটোপ এটোপ তেজক সঞ্জীৱনীৰ ৰূপ দিবলৈ সি ব্যগ্ৰ হৈ পৰিছিল| আৰু ডাক্তৰ ! অবিৰামভাৱে লাগি আছিল কৈলাশদাৰ লগত|

পুৱতি নিশা যেতিয়া ডাক্তৰে মাতিছিল তেতিয়া প্ৰায় ৪ বাজিছিল| আধাঘণ্টামান আগতে ৰাতিপুৱাই অহাৰ প্ৰতিশ্ৰুতি দি হেমন্ত তাৰ ভাৰাঘৰলৈ উভতি গৈছিল| লগত লৈ গৈছিল অনুপমকো| ম‍ইনা চকুৰ পলক নমৰাকৈ সুশ্ৰুষা কৰি আছিল কৈলাশদাক| বিচনীখনেৰে অহৰহ বিচিয়েই আছিল তাই| একেবাৰে টান সময়খিনিত তাইৰ চকুৰ পিনে চাই এক ক’লা ডাৱৰ দেখিছিলো, এতিয়া সেই ভয় আৰু নাই| ম‍ই বাৰান্দাতে থকা খুটা এটাত আউজি অলপ জিৰণি লৈছিলো| জিৰণি লোৱা মানে বহিহে আছিলো| ৱাৰ্ডবয়জনে আহি ডাক্তৰে মতা বুলি কোৱাত ম‍ই  বহি থকাৰ পৰা উঠি বহিলো|

-ম‍ইনা, ত‍ই অলপ থাকচুন| ম‍ই ডাক্তৰক লগ ধৰি আহু|
-আছু যা
ম‍ই উঠি ডাক্তৰৰ ৰেষ্টৰূমলৈ আগবাঢ়িলো| হঠাতে কানৰ কাষত বাজি উঠিল অনুপমৰ লগত হোৱা কথাখিনি-
-তোৰতো ঘোৰোত চিন্তা কৰি আছে কিজানি?
-নাই| ম‍ই জানৈছু|
- কি বুলি?
-তেজ দিবা আহা বুলি
-একো কোনাই মাএ?
-কৈছিল
-পাছে?
-কৈ দিলু... তুহুন অকৰ্মণ্য এটা পুহি ৰাখা বুলি গালি পাৰি থাকা, আজি কিবা এটা কৰ্বা চাঞ্চ পাইছু, কৰবাতো দি
-কি কৈছি তিত্তে?
-একো মাতা নাই... হয়তো ফোনটু ৰাখি কান্দছি

ৰেষ্টৰূমৰ বাহিৰত গৈ পোৱাৰ লগে লগে ডাক্তৰজনে এনেভাৱে মাতিলে যেন তেওঁ মোলৈহে বাট চাই আছিল|
-কৈলাশ শৰ্মা আপোনালোকৰ ঘৰৰে?
-হয় চাৰ, মোৰ দাদা
-কেনেকৈ কি হৈছিল?
ম‍ই মাছ মাৰিব যোৱাৰ পৰা সকলোখিনি আদ্যোপান্ত ভাঙি ক’লো| শুনাৰ পিছত তেওঁ কৈ উঠিল-
-ভাল কাম কৰিছে, সেইখিনি সচেতনতা আজি আমাৰ সকলোকে লাগে|
-ভাল নে বেয়া হ’ল নাজানু চাৰ, পাছে গাঁৱত হ’লে হাহাকাৰ হৈ আছে
-হব দিয়ক| এনে কাম কৰিবলৈ কোনোৱা নহয় কোনোবাই ইনিচিয়েটিভতো লব‍ই লাগিব| আপুনি সেই ইনিচিয়েটিভ লৈছে.... গতিকে অলপ প্ৰেচাৰ আহিব‍ই| পাচে ম‍ই আপোনাক মাতি আনিছু আন এটা কথা কবৰ বাবেহে| ম‍ই ডক্তৰলৈ চালো|
-এই যে ম‍ই হেমাক্সিল ইউজ কৰিছো, তেজ বাহিৰৰ পৰা আনিছো সেয়া আচলতে আমাৰ নীতিবিৰুদ্ধ| কিন্তু ৰোগীজনৰ অৱস্থা চাই ম‍ই অলপ নীতিবিৰুদ্ধ কাম কৰিলো| তাৰ বাবে আপোনালোকৰ সহায় লাগে
-কেনেকুৱা সহায়, কওক ম‍ই সাজু আছো
-কাৰো আগত কব নালাগে যে অনুমোদন অবিহনে আপোনালোকে তেজ লৈ আহিছে|
-হব চাৰ|
-ধন্যবাদ| বাকী ৰোগী এতিয়া আউট অৱ ডেঞ্জাৰ| কিন্তু আৰু তেজ দিব লাগিব| গতিকে আপোনালোকে তেজৰ বিচাৰ-খোচাৰ কৰি থাকক|
-হব চাৰ| আৰু কেতিয়ালৈকে তেজ দিব লাগিব|
-পাৰিলে আজি আবেলিলৈকে দিব লাগিব|

সময় আগবাঢ়িছিল| আগবাঢ়িছিল মানুহৰ চেতনাবোধৰ যাত্ৰাও| গাঁওৰ যিসকল মানুহে আমাক বাধা দিছিল, প্ৰতিৰোধ কৰিব নোৱাৰি লাহে লাহে দুৰ্বল হৈ আহিছিল| মানুহবোৰৰ কেইজনমানে বুজি পাইছিল কথাবোৰ আৰু তেওঁৰ অনুগামীসকলো প্ৰিতোৰোধ নকৰা হৈছিল| তিনিসপ্তাহ হাস্পতালত পৰি থকাৰ পিছত কৈলাশদাক ঘৰলৈ আহিবলৈ অনুমতি দিছিল ডক্তৰে| তেৰ বটল তেজ দিব লগা হৈছিল| অৱশ্যে দ্বিতীয় দিনাৰপৰা তেজৰ বাবে হাহাকাৰ কৰিব লগা হোৱা নাছিল| অনুপমৰ কথামতে "বানৰ সেনা" জঁপিয়াই পৰিছিল ৰক্তদান যুঁজত| এজন-দুজনকৈ ডেকাসকল আগবাঢ়ি আহিছিল তেজ দিবলৈ, আৰু সকলোকে নলবাৰী চিভিল হাস্পতালত কেনেকৈ কি কৰিব লাগিব, সুন্দৰভাৱে বুজাই দিছিল হেমন্ত‍ই| ৰোগীৰ লগত অহৰহ লাগি আছিলো ম‍ই, এৰা দিলেই কিজানি কৰবাত কেনা লাগি যায়! তৃতীয় দিনাখন ডক্তৰজনাৰ অনুগ্ৰহত আমি ৰোগীৰ বাবে জেনেৰেল ৱাৰ্ডত বেড পাইছিলো| তাৰ পিছত যেন সকলোখিনি ঠিকেই গৈছিল|

সকলো বস্তু-বাহানি ঠিক ঠাক কৰি ম‍ই বেডৰ আশে-পাশে এবাৰ শেষ নজৰ দি ওলাই আহিলো হাস্পতালৰ পৰা| কৈলাশদাক লৈ ইতিমধ্যে খুৰাহঁত আগতেই ওলাই গৈছে| সকলোখিনি ঠিকে-ঠাকে হৈ যোৱাৰ বাবে অজানা কোনোৱাৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ যেতিয়া হাস্পতালৰপৰা ওলাই আহিছিলো, হাস্পতালৰ গেটত মোলৈ বাট চাই আছিল আন এক আশ্বৰ্য| এক ইতিহাস| মোৰ চকু থৰ হৈ ৰৈছিল| মোৰ সন্মুখত থিয় হৈ আছিল .. আলোছায়া| আজি প্ৰায় দহ বছৰ আগতেই পাহৰণিত কবৰস্থিত কৰিব খোজা....আলোছায়া|

(ক্ৰমশঃ)

Wednesday, June 27, 2012

হোষ্টেলৰ উৰণীয়া ছোৱালী

এজনী হোষ্টেলৰ ছোৱালী তাই
শাসনৰ এনাজৰী নেওচি
সফল অভিযানেৰে
এতিয়া হোষ্টেলৰ ছোৱালী তাই| য’ত নাই বিষাদ, বিষন্নতা
আছে মাথোঁ পৰিপূৰ্ণতা
প্ৰেম-বিশ্বাসৰ আকাশ
তৰা ভৰা !!

সেই যে
হাৱাই লেকেচিয়াই লেকেচিয়াই
গাঁওৰ ধূলিময় পদূলিত কঢ়া খোজ,
ঘনাই ঘনাই ভাঙি যোৱা
ঘাটলৈ নিয়া কলহ;
স্কুললৈ নিয়া ৰঙাপাৰিৰ চাদৰ মেখেলাযোৰ
আৰু 
তামোল পিকাই পিকাই
স্কুলৰ বেৰত অঁকা অনামী ফুলবোৰ !
ধ্যেত্‍ ,
আছে নেকি তাত কিবা পৰিপূৰ্ণতা ?
এতিয়া তিনিজনীকৈ সোমাই থকা
সৰু ঠেক কোঠালীটোতে তাই পৰিপূৰ্ণা | 
এতিয়া হোষ্টেলৰ ছোৱালী যে তাই !

হোষ্টেল !
এনে এক কাৰখানায’ত আঁকিব পাৰি হাটিপতিৰ ছৱি
অলেখ প্ৰেমিক তৰাৰে-প্ৰেমৰ হাটিপতিৰ|
য’ত হৃদয়হীনা হৈয়ো কৰিব পাৰি অলেখ প্ৰেম
কোনোবাই বিশ্বাসেৰে ঢালি দিয়া বিষাদ বাণীৰে 
গৰম কৰিব পাৰি আবেলিৰ আড্ডা
যুগুত কৰিব পাৰি আশাৰ ফান্দা|
এতিয়া তেনে এখন হোষ্টেলৰে ছোৱালী তাই ||

ঠিক তেনে এখন হোষ্টেলৰে ছোৱালী আছিল অৰুন্ধতী
যি জোনাকী দেশত জোনবাইৰে ওমলিবলৈ আহি
ভৰি দিছিলহি পপীয়া তৰাৰ দেশত|
নাহৰ কলি যেন দুচকুত পিন্ধি লৈছিলহি
স্বাৰ্থসিদ্ধিৰ বাবে চলনাৰ বিতচকু|
কবিতাৰ কুঁহিপাতত মচি পেলাইছিল তাই
নিঞৰৰ নাম
নাছিল হৃদয়ত বসন্ত‍ই গোৱা
প্ৰেমৰ মধুৰ ৰাগ
ফালি পেলাইছিল 
আশাৰ বদ্বীপলৈ যোৱা বিশ্বাসৰ নাওৰ পাল | 

অৰুন্ধতীও হৈ পৰিছিল অজনী হোষ্টেলৰে ছোৱালী|

আৰু এতিয়া !
এতিয়া কানিমুনি সন্ধিয়াত
চৰণীয়া মহৰ ওভোতনি যাত্ৰাত
তাইৰ মনত এবুকু অৱসাদ-
হোষ্টেলৰ ছোৱালী যদি নহ’লেহেঁতেন কোনোদিনো !

পাতিলেহেঁতেন যদি জাক
ৰঙীয়াল বেলিৰ বুকুত জাহ যোৱা
জাকৈয়া ছোৱালীবোৰৰ দৰে !
বৈ নগ’লহেঁতেন অশ্ৰুৰ বন্যা, 
কলংকিত নহ’লহেঁতেন মধুৰ ইতিহাস
আৰু
ৰোমন্থিত অতীতৰে সপোন দিঠকৰ চাকনৈয়াত
যৌৱনৰ বোৱাৰী পুৱাতেই কপালত উদয় নহ’লহেঁতেন 
দগ্‌মগীয়া ৰঙা প্ৰভাতী সূৰ্য্য
অথবা তাক আদৰণি জনাবলৈ
সেওতাৰে বৈ নগ’লহেঁতেন 
হৃদয়ৰ তেজেৰে ৰঙীয়াল কুলুকুলু নিজৰা|
কান্দিও নুঠিলহেঁতেন ইতিহাস, 
কান্দি নুঠিলহেঁতেন স্মৃতিৰ মায়াজাল,
সময়ৰ কোৱাল যাত্ৰাত
কলংকিত নহ’লহেঁতেন
সেই আড্ডা, সেই তামচা-
য’ত এদিন তাই বিচাৰি পাইছিল
পূৰ্ণতাৰ সঁফুৰা|
তাইৰ প্ৰেমৰ বাটকতীয়া
প্ৰতাৰিত প্ৰেমিকজনে কৈ নুঠিলহেঁতেন কোনোদিনো-
:শ্যাল্লা,
প্ৰেমহীনতাৰেই অন্য এক নাম
হোষ্টেলৰ ছোৱালী|"



[ হোষ্টেলত থাকি আধুনিকতাৰ বা লাগি যৌৱনৰ মধুৰ ক্ষণবোৰ অবাবতে ধ্বংস কৰি পিছত অনুসুচনাত ভোগা সুহৃদ সতীৰ্থসকলৰ সোঁৱৰণত...]

দিনাংক ১৯/০১/২০০৭

Monday, June 25, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১৩)

জন্ম ১৯০৯ চনত ঢাকাত| দেউতাক ইষ্টাৰ্ণ ৰাইফলৰ চুবেদাৰ মেজৰ; তেতিয়াৰ পূৰ্ববঙ্গ আৰু অসমৰ গবৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা| তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ ছেণ্ট পলছ কলিজত নাম লগালেগৈ ৰাভাই| তাৰপৰা আই,এছ,ছি পাছ কৰি ৰিপন কলিজলৈ গ’ল| কিন্তু কিছুদিন পিছত ৰিপন কলেজ এৰি থৈ কোচবেহাৰৰ  ভিক্টোৰিয়া কলেজলৈ আহিল আৰ্টছ পঢ়িবলৈ| কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলোৱাৰ| কোচবেহাৰত থাকোঁতেই ৰাভা আকৃষ্ট হ’ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ উঠিল, সেই সময়ত কোচবেহাৰত দুজন বিষয়াৰ বিৰুদ্ধে জন-বিক্ষোভৰ সৃষ্টি হৈছিল| এজন আছিল হাকিন্সন আৰু আনজন আছিল ৰাজদেৱান খাস্তগীৰ হঠাত্‍ এদিন পুৱা ৰাজপ্ৰাসাদৰ প্ৰধান দুৱাৰত দেখা গ’ল আঠা মাৰি থোৱা এখন কাগজ| লিখা আছিল-

ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাওঁ||

এজন অসমীয়া ছাত্ৰই বঙালীত এনে সুন্দৰ ছড়া লিখি প্ৰহৰীৰ চকুত ধূলি মাৰি একেবাৰে যে ৰাজদুৱাৰত লগাই থৈ আহিব পাৰে তেনে কথা কোনে ভাৱিব পাৰে? যিয়েই নহওক কোচবেহাৰৰ পৰা ৰাভা বিতাড়িত হব লগা হ’ল| 


উত্‍স: সৈনিক শিল্পী বিষ্ণুৰাভা, অসমৰ শিল্পী সৈনিক: বিষ্ণু প্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস

Saturday, June 23, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (১২)

১৯৪৮-৫১ চনৰ কথা| এজন পলাতকক লৈ অসম চৰকাৰ ব্যতিব্যস্ত| তেওঁক ধৰি দিব পাৰিলে পুৰস্কাৰৰ টকাৰে এজন মানুহ নিশাটোৰ ভিতৰতে ধনী হৈ উঠিব পাৰে| গাঁৱে গাঁৱে ঘাইকৈ উপজাতি অধ্যুষিত অঞ্চলসমূহত  পাইকাৰী হাৰত নিৰ্মম অত্যাচাৰ চলিল -ৰাভাৰ সন্ধান উলিয়াবৰ কাৰণে| তেতিয়া সমগ্ৰ অসমতেই কমিউনিজমৰ ওপৰত নিৰ্যাতনৰ ষ্টীম ৰোলাৰ চলিছে| 

পাঁচ বছৰ কাল গৰিব কৃষকৰ ঘৰে ঘৰে আত্মগোপন কৰি থাকি অৱশেষত সামান্য অসতৰ্কতাৰ বাবে ৰাভা ধৰা পৰিল|  পুলিচ মহলে স্বস্তিৰ নিশ্বাস পেলালে| কিন্তু মস্কিল হ’ল -পুলিচৰ গুডামত যিমানবিলাক হাতকেৰেয়া আছিল তাৰ এডালেৰেও ৰাভাক বান্ধিব নোৱাৰি -ইমানেই আছিল ৰাভাৰ হাজৰ কব্জি| শেষত উপায় নাপাই কঁকালত পঘাৰে বন্দুক বেয়নেটেৰে, ঘেৰি ধৰি জেললৈ নিয়া হ’ল ৰাভাক| এইজনেই আছিল বিষ্ণুৰাভা| Artist in arms.

(উত্‍স:  সৈনিক শিল্পী বিষ্ণুৰাভা নামৰ কিতাপখনৰ হেমাংগ বিশ্বাসৰ "অসমৰ শিল্পী সৈনিকঃ বিষ্ণু প্ৰসাদ ৰাভা")

Friday, June 22, 2012

প্ৰধানমন্ত্ৰী মহোদয়, অনুগ্ৰহ কৰি আপুনি অসমলৈ নাহিব…


আজি ২০ এপ্ৰিল, ২০১২ চন| এফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনফালে আলফাৰ ১২ ঘণ্টীয়া অসম বন্ধ লগতে ৰাইজলৈ সাৱধান হোৱাৰ বাবে সকিয়নী|

প্ৰথম দৃশ্যঃ
দিনাংক ১৯ এপ্ৰিল| স্থান পল্টনবজাৰ| সময় সন্ধিয়া ৮.৩০ বজাত| কাপোৰৰ ডাঙৰ দোকান এখনত সোমাইছো| উদ্দেশ্য লগৰজনে ভাল কাপোৰ এযোৰ লব| সি চাই আছে যদিও পচন্দ হোৱা নাই আৰু মইফ মেনেজাৰৰ কাষৰ টেবুলখনত ভেজা দি থিয় হৈ আছো| এনেতে ভদ্ৰলোক দুজন আগুৱাই আহি সুধিলে –“দাদা, কালি দোকান খুলিবনে?” মেনেজাৰে বুধিদীপ্তভাৱে কলে-“চাওচোন| উলফাৰ বন্ধ আছে নহয়| তথাপি ওচৰৰ দোকানকেইখন খুলিলে খুলিম|”

-“শুনক, দোকান খুলিব, বুজিছে| নহলে পাচত দিগদাৰিও পাব পাৰে|” এৰা, কাইলৈ অসম বন্ধ| কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী আহিব| এফালে আগতেই কৈ থৈছে, অসম বন্ধত বাহিৰলৈ নোলাব, দিগদাৰি পাব পাৰে| এতিয়া এজনে আহি কৈছে, দোকান খুলিব, নহ’লে পাচত দিগদাৰিও পাব পাৰে|

দ্বিতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৩৫| স্থান হেঙেৰাবাৰী হাউচিং কলনি| কান্ধত মোনাখন লৈ অফিচলৈ বুলি ওলাই আহিছো| এজন বৃদ্ধ ৰৈ আছে; ৰিক্সাৰ বাবে| হাতত তেওঁৰ এটা টিফিন বক্স| যোৱা কেবাবছৰৰপৰা থকা হেতুকে দেখিলে হাই-হেলো ধৰণৰ চিনাকি আছে| এজন পংগু মাতৃহীন সন্তানৰ পিতৃ তেওঁ| হাউচিং কলনিতেই থাকে| দেখি সুধিলো-”বৰতা, ইমান ৰাতিপুৱাই কলৈনো ওলাইছে?” তেওঁ হতাশভাৱে উত্তৰ দিলে-”দিছপুৰ হাস্পতাললৈ| মোৰ ভতিজা ল’ৰাটো যোৱাকালি এক্সিডেণ্ট হৈ ইয়াতে আছেহি| দালি-ভাত অলপ লৈ যাম বুলি ভাৱিছিলো..পাছে ৰিক্সায়েই নাই দেখোন|” কিছুমান মানুহৰ বাবে ৰিক্সা এখনযে কিমান দৰকাৰী, সেয়া পৰিস্থিতিতহে গম পোৱা যায়| হাউলি হাউলি তেওঁ খোজ কাঢ়ে, গতিকে দহ মিনিটৰ ৰাস্তাটো‍ওযে তেওঁৰ বাবে বহু দূৰ সেই কথা উপলব্ধি কৰিও তেওঁক সহায় কৰিব নোৱাৰিলো| ওচৰত ৰিক্সা নাই, অটোৰিক্সাও নাই, আৰু ময়ো খোজ কাঢ়িহে আহি আছো| শান্ত্বনাসূচক কিবা এষাৰ কৈ আগবঢ়াৰ বাহিৰে মোৰ ওচৰত কবলৈ একো নাথাকিল|

তৃতীয় দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪০| প্ৰথম দৃশ্যৰ ৫ মিনিট পিছত| বৰ্মন উপাধিৰ ৰিক্সাৱালাজনক চিনি পাও| মোৰ ভাৰাঘৰৰ ওচৰতে থাকে| তেওঁক ৰাস্তাতে পাই সুধিলো-”বৰ্মন দা, আজি ৰিক্সা উলিওৱা নাই?”

তেওঁ উত্তৰ দিলে-”পুলিচে বন্ধ কৰিছে নহয়| মেইন ৰাস্তাত ওলালেই পাম এৰি দিয়ে|”
“অলপ আগত বুঢ়া মানুহ এজন ৰৈ আছে| খোজ কাঢ়িব নোৱাৰে| দিছপুৰ হস্পিতাললৈ যাব| পাৰে যদি তেখেতক লৈ যাওকচোন.. পুলিচক বুজাই কলে বুজিব যাওক|”-জানো, যে ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত বৰমতা অসম আৰক্ষীয়ে কেতিয়াও বুঢ়াজনৰ পৰিস্থিতি বা এদিন ৰিক্সা নচলালেই লঘোনে থাকিব লগা ৰিক্সাৱালাজনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে, কৰিব নোৱাৰে| কাৰণ আজি তেওঁলোকৰ স্পেচিয়েল ডিউটি| কিবা আধাৰশিলা স্থাপন কৰিবলৈ পি.এম. আহিব|

চতুৰ্থ দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪২| দ্বিতীয় দৃশ্যৰ মাত্ৰ ২ মিনিট পিছত| স্থান হেঙেৰাবাৰী-গণেশগুৰি ৰোড| সাদায় এইখিনি সময়ত ৰিক্সা-ঠেলা, অট’ৰিক্সাৰে গিজগিজাই থকা এই ব্যস্ত ৰাস্তাটোত এখনো ৰিক্সা নাই, এখনো অট’ৰিক্সা নাই| দুই-এখন প্ৰাইভেট গাড়ী ভয়ে ভয়ে চলি আছে| ৰাস্তাৰ দাঁতিত পুলিচৰ জুম| ইমান পুলিচ যে, কোনোৱা কোনোৱা আৰক্ষী চকীতো ইমান পুলিচ নাথাকে| সকলোৰে ওপৰত তেওঁলোকৰ শেন দৃষ্টি| এজন সদায় দেখি থকা ট্ৰেফিক পুলিচৰ ওচৰলৈ গৈ সুধিলো-“কি আছে হে আজি? ৰাস্তাত ইমান পহৰা যে? ৩০ অক্টোবৰৰ ঘটনাৰ পাছত ইমান পুলিচ একেলগে দেখিছো|”

তেওঁৰ উত্তৰ –“ কি কৰিব, ৰজা আহিব| তাতে আৰু বৰডেকাহতেও অসমলৈ মনত পেলাইছে| গতিকে ৰাতিপুৱাই এই দশা|” কথাখিনি শুনি এনে লাগিন যেন তেওঁলোকো অতৃপ্ত| কেৱল ওপৰৱালাৰ গালিৰপৰা বাচিবলৈ আহি থিয় দিছে| বেচেৰা ! প্ৰধানমন্ত্ৰী আহিব| তাতো ওপৰৱালাই তেওঁলোকক নগুৰ-নাগতি কৰি মাৰিছে|

পঞ্চম দৃশ্যঃ
সময় ৰাতিপুৱা ৭.৪৫| প্ৰায় গণেশগুৰি পাও পাও হৈছো| হঠাতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰপৰা কনমানি দুজন দৌৰি ওলাই আহিল| কান্ধত তেওঁলোকৰ স্কুলবেগ| পিন্ধনত চিভিল| তেওঁলোকে নাজানে ৰাজনীতি কি, চিকিউৰিটি কি, অসম বন্ধ কি| দেওবাৰৰ বাহিৰে আনদিনাখন সদায় স্কুললৈ যাব লাগে-মাথো সেয়াহে জানে| সেয়েহে চাগে’ আজিও মাকে উলিয়াই নিদিয়াৰ বাবে চিভিল ড্ৰেচতেই দৌৰিলে| পাচে পাচে মাক| দৌৰি দৌৰি পোৱালি দুটাক ধৰিব পৰা নাই| মাকে পিছপিনৰ পৰা চিঞৰি আছে –“বাবা, আজি স্কুল নাই নহয়|” পোৱালি দুটাৰ মাজৰ পৰা এজনে ওলোটাই ধৰিছে –“ কিয় হব? আজিতো চানদে নহয়|” হেৰা ! সিতো নাজানে, সি য’ত জন্ম লৈছে. তাত যেতিয়াই তেতিয়াই চানদে হৈ যায়| প্ৰধানমন্ত্ৰীৰ আগমনতো চানদে হৈ যোৱা কথাটো সি বাৰু কেনেকৈ মানি লব?

ষষ্ঠ দৃশ্যঃ
সময় ৰাতিপুৱা ৮.৩৫| স্থান আদাবাৰী বাছ আস্থান| ৰাস্তাৰ কাষত যাত্ৰীৰ ভিৰ| কিন্তু গাড়ী নাই| আনকি ট্ৰেকাৰো চলা নাই| যিওবা দুই-এখন চিটিবাছ চলিছে, তাতো পুলিচহে আছে| ৰিজাৰ্ভ| কাৰণ, আজি প্ৰধানমন্ত্ৰী আহিব| এগৰাকী মহিলা যাত্ৰী আউলী-বাউলী হৈ গাড়ীৰ আগত আহি হাত ডাঙিলেহি| আমাৰ গাড়ীৰ সন্মুখত ডাঙৰকৈ লিখা আছে “ON IIT DUTY” বুলি| তাৰ পাচতো হাত ডঙা মানে কথা কিবা গুৰুতৰেই চাগে’| সাজ-সজ্জায়ো চাগে’ গাড়ীচালকক কিবা ভৱাই তুলিলে| গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল| “ৰঙিয়ালৈ যাব পাৰিম?” হেন্দিমেনজনৰ লগত তেওঁৰ কিবা কথা হ’ল আৰু গাড়ীখন গুছি আহিল| পাচতহে হেন্দিমেনজনৰপৰা গম পালো, মানুহগৰাকীৰ হেনো দেউতাক ঢুকাইছে| ট্ৰেইন ৰখি ৰখি বাতিল হোৱা বুলি জানি শেষত তেওঁ এইখিনি পালেহি| হায় ! দেউতাকৰ শৱদেহটো‍ও তেওঁ শেষবাৰলৈ চাব নোৱাৰিব| কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব| আধাৰশিলা স্থাপন কৰিবলৈ(কিহৰ নাজানো)|

শেষ দৃশ্যঃ
স্থান গনেশগুৰি ফ্লাই অভাৰৰ কাষ| সময় ৮.০০| চানমাৰীৰ ফালৰপৰা অহা সকলো গাড়ী সচিবালয়ৰ ফাললৈ অহাত বাধা দি গাড়ীবোৰ হেঙেৰাবাৰীৰ মাজেৰে ঘূৰাই পঠোৱা হৈছে| কাৰণ জানিব বিচৰাত পহৰাৰত চিপাহী এজনে কলে- প্ৰধানমন্ত্ৰী আহিব| সেয়েহে সেইটো ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| চহৰৰ এক ব্যস্ত অঞ্চলৰ এক অতি ব্যস্ত ৰাস্তা ৰিজাৰ্ভ কৰা হৈছে| তাকো এক অভিনৱ কাৰণত| প্ৰধানমন্ত্ৰী আহিব| আৰু প্ৰধানমন্ত্ৰী যেতিয়ালৈকে থাকে, তেতিয়ালৈকে ৰিজাৰ্ভ কৰা থাকিব সেইটো ৰাস্তা| এইখিনি সময়ৰ ভিতৰত যিমান গাড়ী নাবাৰ্ড বা চুপাৰ মাৰ্কেটলৈ যাব বিচাৰে, ৩ মাইল অধিক গাড়ী চলাই চহৰৰ সৰু গলি কিছুমানেৰে তেওঁলোক গন্তব্যস্থানলৈ যাব পাৰিব| সেয়া তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বনাচ| কাৰণ… কাৰণ আজি প্ৰধানমন্ত্ৰী আহিব|

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়,
এটা মাত্ৰ আধাৰশিলা স্থাপন কৰিবলৈ (আপোনাৰ আগমনৰ উদ্দেশ্য ভালকৈ নাজানো) আপুনি অসমলৈ অহাৰনো কি প্ৰয়োজন? আপুনিতো নাজানেই যে আপোনাৰ সৰুমটৰীয়া বাসভৱনলৈ যোৱা ৰাস্তাত গধূলি সময়ত উদণ্ড ল’ৰাৰ মদ-ভাঙৰ অবাধ আড্ডা| ৰাস্তাটোৰ কথা নকোৱেইবা, বিদ্যুতৰ যোগানো নিয়মীয়া নহয়| তেনে স্থলত এদিন মাত্ৰ দেখা দি আমি সমস্যাৰ লগত ফেপেৰি পাতি বসবাস কৰাসকলৰ স্থিৰ হবলৈ ধৰা জনজীৱনটোক কিয়নো আৰু অস্থিৰ কৰি তুলিব লাগে? আপুনিতো চৰকাৰী খৰচত বিলাসী যাত্ৰাৰে আহি এক কন্নী মছলা পেলাই আধাঘণ্টাৰ ভাষন এটাৰে দায়িত্ব শেষ কৰি গুছি যাবগৈ| কিন্তু সেই বুঢ়াজনৰ, যিয়ে ৰাতিপুৱাই উঠি দালি-ভাত বনাই বেমাৰীৰ পথ্য লৈ ওলাই আহি ৰিক্সা এখনৰ বাবে বেমাৰীৰ ওচৰত যাব নোৱাৰিলে, তেওঁৰ আৰু সেই বেমাৰীজনৰ কি হব আপুনি ভাৱিছেনে? ভাৱিছেনে এদিন ৰিক্সা নচলালে এমুঠি ভাত খাব নোপোৱা ৰিক্সাৱালাজনৰ কি হব, যাক আপোনাৰ সুৰক্ষাৰ বাবে মূল ৰাস্তালৈ অহাত নিশেধাজ্ঞা আৰোপ কৰা হৈছে| দুই ফালে ভাবুকি শুনি ব্যৱসায়ীজনে কি সিদ্ধান্ত লব অথবা স্কুললৈ বুলি দৌৰা লৰাহতক মাকে কি বুলি বুজাব আপুনি কব পাৰিবনে? আপুনি কেতিয়াবা অনুভৱ কৰিব পাৰিবনে পিতৃবিয়োগত শেষ বাৰৰ বাবে দেউতাকৰ মুখ চাব নোৱাৰা মহিলাগৰাকীয়ে গোটেই জীৱনজুৰি পাই থকা ব্যথা? কোনে বন্ধ দিছে, সেয়া ডাঙৰ কথা নহয়| কিয় বন্ধ দিছে, সেয়াহে ডাঙৰ কথা| তাতে যদি এগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনে সৰ্বসাধাৰণৰ জীৱনযাত্ৰা ব্যাহত কৰে, তেন্তে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, যিকোনো সংগঠনৰেই এই বন্ধ উত্সৱ বন্ধ কৰিব নোৱাৰালৈকে আপুনি অন্ততঃ অসমলৈ নাহিব|