এজনী হোষ্টেলৰ ছোৱালী তাই
শাসনৰ এনাজৰী নেওচি
সফল অভিযানেৰে
এতিয়া হোষ্টেলৰ ছোৱালী তাই| য’ত নাই বিষাদ, বিষন্নতা
আছে মাথোঁ পৰিপূৰ্ণতা
প্ৰেম-বিশ্বাসৰ আকাশ
তৰা ভৰা !!
সেই যে
হাৱাই লেকেচিয়াই লেকেচিয়াই
গাঁওৰ ধূলিময় পদূলিত কঢ়া খোজ,
ঘনাই ঘনাই ভাঙি যোৱা
ঘাটলৈ নিয়া কলহ;
স্কুললৈ নিয়া ৰঙাপাৰিৰ চাদৰ মেখেলাযোৰ
আৰু
তামোল পিকাই পিকাই
স্কুলৰ বেৰত অঁকা অনামী ফুলবোৰ !
ধ্যেত্ ,
আছে নেকি তাত কিবা পৰিপূৰ্ণতা ?
এতিয়া তিনিজনীকৈ সোমাই থকা
সৰু ঠেক কোঠালীটোতে তাই পৰিপূৰ্ণা |
এতিয়া হোষ্টেলৰ ছোৱালী যে তাই !
হোষ্টেল !
এনে এক কাৰখানায’ত আঁকিব পাৰি হাটিপতিৰ ছৱি
অলেখ প্ৰেমিক তৰাৰে-প্ৰেমৰ হাটিপতিৰ|
য’ত হৃদয়হীনা হৈয়ো কৰিব পাৰি অলেখ প্ৰেম
কোনোবাই বিশ্বাসেৰে ঢালি দিয়া বিষাদ বাণীৰে
গৰম কৰিব পাৰি আবেলিৰ আড্ডা
যুগুত কৰিব পাৰি আশাৰ ফান্দা|
এতিয়া তেনে এখন হোষ্টেলৰে ছোৱালী তাই ||
ঠিক তেনে এখন হোষ্টেলৰে ছোৱালী আছিল অৰুন্ধতী
যি জোনাকী দেশত জোনবাইৰে ওমলিবলৈ আহি
ভৰি দিছিলহি পপীয়া তৰাৰ দেশত|
নাহৰ কলি যেন দুচকুত পিন্ধি লৈছিলহি
স্বাৰ্থসিদ্ধিৰ বাবে চলনাৰ বিতচকু|
কবিতাৰ কুঁহিপাতত মচি পেলাইছিল তাই
নিঞৰৰ নাম
নাছিল হৃদয়ত বসন্তই গোৱা
প্ৰেমৰ মধুৰ ৰাগ
ফালি পেলাইছিল
আশাৰ বদ্বীপলৈ যোৱা বিশ্বাসৰ নাওৰ পাল |
অৰুন্ধতীও হৈ পৰিছিল অজনী হোষ্টেলৰে ছোৱালী|
আৰু এতিয়া !
এতিয়া কানিমুনি সন্ধিয়াত
চৰণীয়া মহৰ ওভোতনি যাত্ৰাত
তাইৰ মনত এবুকু অৱসাদ-
হোষ্টেলৰ ছোৱালী যদি নহ’লেহেঁতেন কোনোদিনো !
পাতিলেহেঁতেন যদি জাক
ৰঙীয়াল বেলিৰ বুকুত জাহ যোৱা
জাকৈয়া ছোৱালীবোৰৰ দৰে !
বৈ নগ’লহেঁতেন অশ্ৰুৰ বন্যা,
কলংকিত নহ’লহেঁতেন মধুৰ ইতিহাস
আৰু
ৰোমন্থিত অতীতৰে সপোন দিঠকৰ চাকনৈয়াত
যৌৱনৰ বোৱাৰী পুৱাতেই কপালত উদয় নহ’লহেঁতেন
দগ্মগীয়া ৰঙা প্ৰভাতী সূৰ্য্য
অথবা তাক আদৰণি জনাবলৈ
সেওতাৰে বৈ নগ’লহেঁতেন
হৃদয়ৰ তেজেৰে ৰঙীয়াল কুলুকুলু নিজৰা|
কান্দিও নুঠিলহেঁতেন ইতিহাস,
কান্দি নুঠিলহেঁতেন স্মৃতিৰ মায়াজাল,
সময়ৰ কোৱাল যাত্ৰাত
কলংকিত নহ’লহেঁতেন
সেই আড্ডা, সেই তামচা-
য’ত এদিন তাই বিচাৰি পাইছিল
পূৰ্ণতাৰ সঁফুৰা|
তাইৰ প্ৰেমৰ বাটকতীয়া
প্ৰতাৰিত প্ৰেমিকজনে কৈ নুঠিলহেঁতেন কোনোদিনো-
:শ্যাল্লা,
প্ৰেমহীনতাৰেই অন্য এক নাম
হোষ্টেলৰ ছোৱালী|"
দিনাংক ১৯/০১/২০০৭
No comments:
Post a Comment