Sunday, June 3, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো (‍৬)


ৰাভাই অৰ্থদান কৰিছিল মানুহৰ পূজাতহে| সোণৰ চামুচ মুখত লৈ পৃথিৱীৰ পোহৰলৈ আহিছিল বিষ্ণু ৰাভা| পিতৃৰ অবিহনেও সমৃদ্ধিৰ মাজতে চলিব পৰাকৈ থৈ গৈছিল ২৫০০ বিঘা মাটিৰ বিৰাট জমিদাৰী, লগতে থৈ গৈছিল চৰকাৰৰ ঘৰত ভাল চাকৰি পোৱাৰ সুযোগ| চৰকাৰে মাতি নি পুলিচ বিভাগত ভাল চাকৰিও যাচিছিল যাক তেখেতে প্ৰত্যাখ্যান কৰিলে| শ্বৰ্গীয় অমিয় কুমাৰ দাসদেৱে শিক্ষা বভাগৰ মন্ত্ৰী হৈ থাকোঁতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভাল চাকৰি এটা দিয়াৰ বাবে ৰাভাৰ লগত এটা কথা কৈছিল| ল’বলৈ মান্তি হৈয়ো পাছত তেখেতে তাকো নলৈ কাগজতে এক বিবৃতি দি প্ৰত্যাখ্যান কৰিলে|

উত্‍সঃ চন্দ্ৰধৰ গোস্বামীৰ "জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন" | গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

Saturday, June 2, 2012

বিষ্ণুৰাভাৰ ইটো-সিটো(৫)

বহুগুণাকৰ ৰাভাদেৱে নগাপাহাৰ অসমৰ পৰা বিচ্ছিন্ন হওঁতে দুখ কৰি কৈছিল-"আগাই, মোক আজি অসম চৰকাৰে দায়িত্ব দিয়ক, ম‍ই ভূপেন হাজৰিকাহঁতক লৈ এটি প্ৰতিনিধি দল ৰূপে গৈ অসমৰ লগত নগা ৰাইজক একলগ কৰি ৰাখিবলৈ চেষ্টা চলাম|"

উত্‍সঃ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ "বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

হিতেন শৰ্ম্মাৰ দিনলিপি-৯


কৰপৰা যে কি হৈ গ’ল কথাবোৰ ! এটা মাত্ৰ ফোনকল, অলপমান হেঁপাহ.. তাৰেপৰাই আৰম্ভ হোৱা নাছিলনে কথাবোৰ? অথচ এতিয়া? সকলো যেন খেলিমেলি হৈ গ’ল| আলহী খাব অহা কৈলাশ দাক মূৰ্মুষ অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল| এডাল মাত্ৰ জোকে সৰ্বনাশ নমাই আনিছিল তাৰ জীৱনলৈ| এতিয়া মাথো প্ৰয়োজন তেজৰ| অথচ অন্ধবিশ্বাসী গঞা আগুৱাই যোৱা নাই ৰক্তদান কৰিবলৈ| ভূতে বাহ লোৱা শৰীৰ এটাক ৰক্তদান কৰি কোনেও নিজৰ আৰু গাঁওখনৰ অনিষ্ট কৰিব নোখোজে| আনফালে তেজ বিচাৰি চলাথ কৰিছে দেউতা আৰু খুড়াই| আলহী খাবলৈ অহা ল’ৰা এজনৰ এই দশাৰ বাবে নিজকে দায়ী বুলি ভাৱিছিল তেওঁলোকে| ইফালে গঞা ক্ষুন্ন হৈ পৰিছিল ৰাতিপুৱা মোৰ ব্যৱহাৰ আৰু আমাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়াহীনতাত| আমাৰ বিৰুদ্ধে ৰাইজমেল মতা হৈছিল আবেলি| অথচ কথাবোৰ মোক জনোৱা নাছিল কোনেও| আৰু বাহিৰত হোৱা কথা-বতৰাবোৰৰ ৰিণিকি-ৰিণিকি শুনা অংশৰপৰা যেতিয়া সকলোখিনি উলিয়াই ললো, আন এক অপৰাধবোধে হেঁচা মাৰি ধৰিলেহি মোক|

এক তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্বত ভূগি আছিলো ম‍ই| ৰাতিপুৱাৰ ঘটনাটোৱে মোক টুকুৰা-টুকুৰ কৰি পেলাইছিল| ভাল কৰিছোনে, বেয়া? ম‍ই যি কৰিছিলো উচিত আছিলনে সেয়া? নে মোৰ সকলো সিদ্ধান্ত‍ই আৱেগিকহে আছিল! এবাৰ এইফালে, এবাৰ সেইফালে মনটোৱে দৌৰি ফুৰিছিল| যিখিনি হৈ গৈছিল, সেইখিনিৰ বাবে অনুশুচনাত দগ্ধ হৈ পৰিছিলো ম‍ই| ম‍ই ভূত নামানিলো বুলিয়েই ভূত মিছানে? যদি মিছায়েই হয়, তেন্তে অতৃপ্ত আত্মাৰ কাহিনীবোৰ বিজ্ঞানে ইয়াৰ নিজস্ব দৃষ্টিভঙ্গীৰে মানুহক বুজাই মেলি, সৈমান কৰাব পৰা নাই কিয়? কিয় বিজাব পৰা নাই এই অলৌকিকতাৰ কাৰণ? আৰু দয়াল কা! মোকোতো ভূতৰ কবলত পৰা বুলি কব পাৰিলেহেতেন.. কিন্তু দুজনৰ মাজৰ পৰা কৈলাশদাকহে বাছি উলিয়ালে কিয়?

এশ একুৰি প্ৰশ্ন‍ই জুমুঠি মাৰি ধৰিছিল মগজটো| যথেষ্ট ভাগৰো লাগিছিল, অথচ শুব পৰা নাছিলো| বিচনাত উঠি চকু মুদিলেই ভাঁহি উঠিছিল গৈটেই ঘটনাটো| দূৰ কৰবাৰ পৰা প্ৰতিধ্ধনিত হৈ আহিছিল কৈলাশদাৰ মাত-"পাইছু ৰ’".. দয়াল কাই চিঞৰি চিঞৰি যেন এতিয়াও কৈ আছিল-"শ্যালা হাৰামজাদা... যাবিনা নাই এৰে পৰা..?" আৰু মাজে মাজে ভাবতে "জপং...জপং" শব্দ শুনি চক খাই উঠিছিলো| প্ৰচণ্ড ভোকত পেট খামোচ মাৰি ধৰিছিল, অথচ টেবুলৰ ওপৰত পৰি আছিল বাঢ়ি দিয়া দুসাজকৈ ভাত; একো এটায়েই খাবলৈ মন যোৱা নাছিল| মনত এটাৰ পিছত এটাকৈ উত্থাপিত প্ৰশ্ন‍ই মোক জুমুৰি দি ধৰিছিল আৰু উত্তৰ বিচাৰি নাপাই জৰ্জৰিত হৈ পৰিছিলো ম‍ই| 

হাস্পতালত তেতিয়া জীৱনৰ বাবে যুঁজি আছিল কৈলাশদা; বন্ধ কোঠাত নিজৰ সৈতে যুদ্ধ কৰি আছিলো ম‍ই নিজে| গাঁওৰ সুবিধাবাদী কিছুমানৰ বাবে সুবিধা ওলাইছিল আৰু তাৰ ফলস্বৰূপেই চোতালত বহিছিল ৰাইজমেল| কাৰণ, আমাৰ ভালৰ বাবে আমাৰ চোতালতেই গোট খোৱা গাঁওৰ অগ্ৰজসকলক ম‍ই কটু বাক্য শুনাইছিলো| ইমানখিনিৰ পিছতো দেউতা-খুৰাহঁতে মোক ’শাসন’ কৰা নাছিল| হঠাতে বাহিৰত কোনোবাই কোৱাকুই কৰা শুনিলো-"হিতুই এনে কৰবা নালগিছিল| আমি ৰাইজেতো ছলিটুক মৰি যাবা নেদলুহৈ|"
-"সি এলাখেন নামনে, জানেয়ে দেখুন"
-"সি নামনিলিএ হব না! আমি দয়ালক নাজনু নেকি?"
-"সি ক‍ই আছিল কৈলাশদাক কলজুকে ধৰি ঠিকচে খাৱ‍ইহে সেনেহেন কচ্চি বুলে|"
-" জুকে তেজ খালি মানহে ভ্ৰম বকে নেকি? আমাক কিত্তেও জুকে ধৰাএ নাই? আমি কলজুক দেখাএ নাই?
-"ভ্ৰম বকপা পাৰে| তাহুন পঢ়া-শুনা কৰা ছ’লি, নাইজে না!"
-"সেতুৱেটো আমাৰ দোষ| তাহুন পঢ়া-শুনা কৰা বুলি চব সিদ্ধান্ত আমি তাহাৰ উপৰোত এৰি দেউং|"
-"নহ’লি কি কৰবা লাগছিল? ম‍ই ভাবু হিতুই একো বয়া কৰা নাই|"
 বহুকেইজন মানুহৰ কথাৰ মাজত তল পৰি গোছিল কথাবোৰ| ধৰিব পাৰিছিলো|

ৰাতিপুৱাৰ কাহিনীয়েই সকলোবোৰ গৰম কৰি ৰাখিছিল| আনকি আমাৰ চোতালো| , ইতিমধ্যে দুটা ফৈদ হৈ গৈছিল ৰাইজসকল আৰু দুয়ো গোটৰ মাজত চলি আছিল যুক্তিযুদ্ধ| অথচ সেই কথাবোৰ শুনিও মোৰ খং উঠা নাছিল| এক অশিক্ষিত আৰু অল্পশিক্ষিত মানুহেৰে গ্ঠিত আমাৰ প্ৰৌঢ়সমাজ| নিজকেই সমাজৰ উচ্চস্তৰতেই দেখি আহিছে| আজিলৈ কোনেও তেওঁলোকৰ কথাত অমান্তি হোৱা নাই, মানিবলৈ অস্বীকাৰ কৰা নাই| অথচ আজি তেওঁলোকৰ সিদ্ধান্তমৰ্মেই মাতি অনা দয়াল ওজাক চোতালৰপৰাই খেদি পঠিওৱা হ’ল, অপমান কৰা হ’ল ৰাইজক- সেয়া তেওঁলোকে কেনেকৈ মানি লব? মানি লব‍ই বা কিয়? কিতাপৰ শিক্ষাই জানো আচল শিক্ষা? 
-" কেটামান দিন ইস্কুলত যাইয়ে লাটচাহেব হৈ গেইছি-ইহ..ৰাইজক কাটে..ইমান সাহ, বিচাৰ হবাই লাগবো..." ৰাইজৰ ওচৰত দাবী উত্থাপন কৰা হৈছিল আৰু সেইসকললৈ মোৰ পুতৌ জন্মিছিল| যিয়ে ঘ্হেনঘ্হেনীয়া পেনপেনীয়া সকলকে শিষ্টাচাৰ শিকাব নোৱাৰিলে, যাৰ নৱ প্ৰজন্মৰ প্ৰতি দায়িত্বজ্ঞান বুলি কোনো বস্তুৱেই নাই, তেওঁলোকে আমাৰ বিচাৰ কৰিব! কিন্তু এয়াই নিয়ম| আৰু এখন সমাজৰ বাসিন্দা হিচাপে সেইবোৰ শুনি যাব লগা হৈছিল| কথাবোৰ শুনি জেদটো বাঢ়ি আহিছিল, খংটো উঠি আহিছিল, কিন্তু ঘৰখনলৈ চাই এইবাৰ শান্ত হৈ ৰৈছিলো| উপলব্ধি কৰিছিলো, একমাত্ৰ মোৰ প্ৰতিক্ৰিয়াই ঘৰখনক শ’লঠেকত পেলাইছে-কোনেও কেতিয়াও আঙুলি টোৱাব নোৱাৰা ঘোৰখনলৈ বদনামৰ ধল নমাই আনিছে| ইমানখিনিৰ পিছতো আমাৰ পৰিয়ালৰ কোনোৱে কিন্তু মতামত দিয়া নাছিল| সেই কথাটোৱে মোক দোধোৰ-মোধোৰত পেলাইছিল| পৰিয়ালৰ আন সদস্যই কথাটোত গুৰুত্বই দিয়া নাছিল নে ৰাইজৰ সিদ্ধান্তকেই মূৰ মাতি লবলৈ সাজু হৈছিল ধৰিব পৰা নাছিলো| এইটো কথায়ো মোক আন এক অপৰাধবোধত ভোগাইছিল| কি কৰা উচিত আছিল, কি কৰিলো, কি কোৱা উচিত আছিল, কি কলো- সেইবোৰ কথাই মোক ভাৰাক্ৰান্ত কৰি তুলিছিল| 

কেতিয়াবা আকৌ দয়ালকাৰ বাবেও বেয়া লাগে| এজন অতি সাধাৰনভাৱে জীৱন-যাপন কৰা গঞা দয়ালকা| তন্ত্ৰ-মন্ত্ৰ জানক বা নাজানক, ভূত-প্ৰেত থাকক বা নাথাকক, এইটোৱেতো তেওঁৰ পেছা| আমি ওজালি বিশ্বাস কৰাৰ বাবেইতো তেওঁ ওজা হব পাৰিছে| ভুতে নধৰিলে তেওঁ খাব কি.কেনেকৈ চলিব তেওঁৰ পৰিয়াল ! তেওঁৰ তন্ত্ৰ-মন্ত্ৰৰ ব্যৱহাৰৰ একমাত্ৰ মাধ্যম ভূতেই লোৱা নাই জানো তাৰ পৰিয়ালৰ ভৰণ-পোষনৰ দায়িত্ব? এজন ওজা হোৱাৰ বাহিৰেও তেৱোতো এজন মানুহ| শিক্ষাই সংকুচিত কৰি অনা ভূতৰ এই ক্ষেত্ৰকে জীৱিকাৰ বাবে খটুওৱাতো কম ৰিক্সৰ কথানে ! অথচ সেই পথকেই লৈ চলি আছে তেওঁ| তেওঁহে জীৱন যুজৰ প্ৰকৃত যুজাৰু| অথচ এন এজন মানুহকে নগা দাৰে কাটিব খেদি গৈছিলো ম‍ই| তাকো ওজালিৰ সময়ৰ বাহিৰে নম্ৰ, অমায়িক এইজন দয়ালকাক| কিমানযে ভুল কৰিছিলো ম‍ই ! ভালকৈওতো বুজাব পাৰিলোহেতেন| ভালকৈ কলে তেওঁ নুশুনিলেহেতেননে? আৰু এতিয়া আত্মদহনত দহি দহি বহি আছো এটা কোঠালীত| খবৰ লবলৈ কোনো অহা নাই| কেৱল ৰাতিপুৱা এসাজ, দুপৰীয়া এসাজ ভাত দি গৈছে প্ৰতীমা পেহীয়ে| সিও তেনেদৰি পৰি আছে|| খাব পৰা নাই| দেহৰ পাচন যন্ত্ৰয়ো মোক মানি লব পৰা নাই| মানি লব খোজা নাই পৰিয়ালেও| সকলোৱে যেন নিঃসংগভাৱে থাকিবলৈ দি মোক শাস্তি দিছে| নিঃসংগতাবোধে খুলি খুলি খাই আছে মোৰ বিবেকক|

-"ম‍ই ভাবু হিতুই একো ভুল কৰা নাই| কৈলাশ ভুতৰ পালাত নপৰা বুলি সি প্ৰমাণ দিবা পাচ্চি| তাৰে পাচতো এই মাইৰ-ধৰগেলা কিয়ো সহ্য কৰবো সি? সেটুদৃষ্টিত সি কৰা প্ৰতিক্ৰিয়াত ম‍ই মুঠেই অসন্তুষ্ট নহে| লজ্জিত হবা লাগাও মোৰ নাই| বৰং গোৰৱান্বিতহে যে মোৰ ছলি আজি শিক্ষাৰ মূল্য ৰাখপা পাচ্চি আৰু আমাক সবকে এটা ৰাস্তা দেইখে দিবা পাচ্চি| এইখিনি অৱশ্যে মোৰ মতামতহে| ৰাইজে যদি ভাৱে, আমি ভুল কচ্চু, তিত্তেহ’লি ৰাইজে যি সিদ্ধান্ত লএ তাকে নানবা ৰেডি আছু|" প্ৰথমবাৰৰ বাবে ৰাইজৰ হেচাঁত দেউতাই মতামত দিলে আৰু ভাঁহি অহা প্ৰতিটো শব্দ‍ই মোৰ বুকুখনত আহি হেচা মাৰি ধৰিলেহি| হুকহুকাই কান্দি পেলালো ম‍ই| সেই চকুপানীখিনিৰ ওজন কিমান আছিল, কান্দি উঠিহে অনুমান কৰিব পাৰিলো| আজি দেউতাৰ পৰা আকৌ এটা নতুন শিক্ষা পালো| এটা পথৰ সন্ধান পালো| সেইটো হৈছে শান্ত-শিষ্টভাৱে লোৱা সত্যৰ পথ-যাক ম‍ই ক্ৰোধেৰে সাৱটি লৈছিলো| ক্ষমা হব সেই সত্য পথত মোৰ সহযাত্ৰী| ম‍ই ঠিক কৰি পেলালো-ম‍ই দয়াল কাৰ ওচৰলৈ যাম|
-"হিতু দা, অনুপম দা আইছি|"-নিকুৱে চিঞৰিলে| লগে লগে অনুপম এনেয়ে বন্ধ কৰি ৰখা দুৱাৰখন খুলি সোমাই আহিল|
-"ঐ, বুল ফুৰি আহু"
-"ক’ত যা? ইচ্ছা যাৱ নাই |"
-"নালগে আ ইচ্ছা যাবা..ওলো| আৰে, ত৬ই ভাত খাৱৱেই নাই?"
-"নাই ৰ...ইচ্ছায়েই যাৱ নাই দেখুন|"
-"ইচ্ছা নায‍ই তোৰ? পাগলা হৈছা নেকি? খা ফটাফট| ডাঙাৰ কাম এটা আছে|"
-"কি?"
-"তিত্তে খুৰাই কৈ আইছিল, কৈলাসদাক তেজ দিবা লাগা হৈছি বুলে|"
-"অ"
-"ম‍ই তিত্তেয়েই আহিম বুলছিলু| পাছে মাই গম পাই আইভা নেদা হ’ল|"
-"ইতা পাছে?"
-"মনে মনে যাম| বিলৰ ভিঠাত যাম বুলি কৈ আইছু| জানে তাতে গেলি মোৰ আহোতে দেৰি হএ|"
-"এতিয়া তাৰমানে ত‍ই ফাঁকি দি হোলিও তেজ দিবি?"
-"অ..নহ’লি কি?
-"অনুপম !!!" কিযে এক শিহৰণে মোক জোকাৰি দিলেহি গম নাপালো| আনন্দতে ম‍ই অনুপমক সাৱটি ধৰিলোহি| 
-"বুল বুল....দেৰি নকৰবি|"
-"ৰহ| মোৰো এটা ডাঙাৰ কাম আছে|"
-"ডাঙাৰ কাম? ৰহ.. ম‍ই অলপ চাইডত যাউ...কভে দাৱ-চাৱ ওচ্ৰে-পাজ্ৰে থাকপাও পাৰে.... হাহাহা..." স্বতঃস্ফুৰ্তভাৱে মোৰ মুখৰপৰাও হাঁহি ওলাই গ’ল|

(ক্ৰমশঃ)



বিষ্ণুৰাভাৰ ইটো-সিটো (৪)

প্ৰায়েই ৰাইজৰ মাজত, ৰাইজৰে এক অংশ হৈ থকা বিষ্ণুৰাভাক বহুতেই "বিষ্টু ৰাভা" বুলিহে মাতিছিল| বহুতৰ কাৰণে তেওঁ আকৌ বড়ো ভাষাত "আদা ৰাভা"(ৰাভা ককাইদেউ)হে আছিল| সেই সকলক ৰাভাদেৱে আগৌই (মোৰ ভাইটি) বুলি সম্বোধন কৰিছিল|

উত্‍সঃ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ "বিষ্ণু ৰাভাৰ সান্নিধ্যৰ ৰূপৰেখা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

চাৰু গোহাঁইলৈ শ্ৰদ্ধাঞ্জলি


“ব’হাগতে আহিবি চেনাই ঐ... খোপাতে এপাহি কপৌ ফুল দিবলৈ”.. ব’হাগ তেওঁৰ প্ৰিয় আছিল, অথচ ব’হাগক আদৰিবলৈ পোৱাৰ আগতেই গুছি গ’ল তেওঁ|

অসমীয়া সংগীত জগতক ৰোমাণ্টিক গীতৰ শৰাইৰে সজাই তোলা এই গৰাকী কণ্ঠশিল্পী-সংগীতকাৰ-সুৰকাৰ চাৰু গোহাঁই অসমৰ সংগীতপ্ৰেমীক অকলশৰীয়া কৰি যোৱা ৭ এপ্ৰিল, ২০১২ ইং চন শণিবাৰে দিনৰ ১০.৪৫ বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় আৰু চিকিত্‍সালয়ত ইহ সংসাৰৰ পৰা মেলানি মাগিলে| দীৰ্ঘ দিন ধৰি অসুস্থতাত ভুগি থকা এই গণশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে থমকি ৰ’ল মাটিৰ গোন্ধ থকা ৰোমাণ্টিক গীতৰ যাত্ৰা|

১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ চৰাইদেউ চাহ বাগিছাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ কণ্ঠত আছিল কোমলতা, সুৰ আছিল মোহনীয়, সংগীত আছিল মৌ-মিঠা| আপোন দেশৰ মাটি আৰু মানুহৰ প্ৰতি আছিল তেওঁৰ এক বিশেষ টান| সেয়েহে চাগে’ তেওঁৰ গানবোৰৰ মাজেৰে বৈ আহিছিল আপোন দেশৰ কথা| ১৯৭০ চনৰ আৰম্ভণিতে জে.পি. দাসৰ “কোনে বাঁহী বাই ৰাতি মোক কন্দুৱায়”  গানৰ জৰিয়তে আত্মপ্ৰকাশ কৰা এই মহান শিল্পীগৰাকীৰ ৰোমাণ্টিক তথা মাৰ্জিত সুৰে অসমীয়া সংগীত জগতক দিছিল এক অনন্য দিশ| ১৯৭২ চনত সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰত গান গাবলৈ সুযোগ পোৱা চাৰু গোহাইদেৱ সৰুৰে পৰাই সংগীতৰ বাবে আছিল বলিয়া| এই গৰাকী শিল্পীয়ে ২০ কি:মি: খোজ কাঢ়ি গৈও সৰুতেই তাঁৰবাদ্য বজাবলৈ শিকিছিল| এনে অধ্যাৱসায়ৰ ফলতেই তেওঁৰ গানে জীৱনৰ ভিন্ন খোজৰ প্ৰতিনিধিত্ব কৰিব পাৰিছিল| সংগীত আছিল তেওঁৰ প্ৰাণ, তেওঁৰ ভালপোৱা| অথচ জে.পি দাসে কোৱাৰ দৰে-“তেওঁ নিজে আছিল এজন প্ৰচাৰবিমুখ মানুহ, যি প্ৰচাৰবিমুখতাই হয়তো তেওঁৰপৰা কাঢ়ি লৈ গৈছিল বহুকেইটা পুৰস্কাৰ|”  “জোন জ্বলে কপালত”, “মোৰ সমাধিত...” আছিল তেওঁৰ অনবদ্য সৃষ্টি| ১৯৮৮ চনত নতুন নিঞঁৰ এলবামখন আছিল তেওঁৰ প্ৰথম সংগীত এলবাম| তাৰোপৰি “সুৰভি”, “জোন জ্বলে কপালত” আৰু “চাৰু গোহাইৰ গীত (Vol.I আৰু Vol.II)” আছিল তেওঁৰ আন কেইখনমান এলবাম| মৃত্যুৰ আগমূহুৰ্তলৈ সংগীত সাধনা কৰি থকা এই শিল্পীগৰাকীৰ উদিত নাৰায়ণে কণ্ঠদান কৰা “ষোল্ল বছৰীয়া তোমাৰ দেহা....” গানেই তেওঁৰ সংগীতৰ ৰোমাণ্টিকতাৰ পৰিচয় বহন কৰে| মানুহৰ লগত মিলিব পৰাটো আছিল তেওঁৰ এক কলা| বাপ্পী লাহিড়ী, জলী মুখাৰ্জী, উদিত নাৰায়ণেও তেওঁৰ লগত সংগীতৰ কাম কৰি আপ্লুত হৈছিল| জীৱনৰ পিছৰচোৱা সময় গুৱাহাটীৰ নৱগ্ৰহত স্থায়ীভাৱে থকা এইগৰাকী শিল্পীয়ে মৃত্যুৰ সময়ত দুগৰাকী বিবাহিতা জীয়ৰী আৰু পত্নীক এৰি থৈ গৈছে |
নিজৰ অনুভৱেৰে দেশৰ মানুহক দেশৰ মাটিৰ বাৰ্তা দি যোৱা এই ৰোমাণ্টিক আৰু সৰল শিল্পীজনৰ মৃত্যুত অসমৰ শিল্পজগত যেন শূণ্য হৈ পৰিল, সংগীতপ্ৰেমীসকলৰ বাবে হৈ পৰিল এক অভাৱনীয় ক্ষতি| এই মহান শিল্পীগৰাকীৰ মৃত্যুত জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি|

বিষ্ণুৰাভাৰ ইটো-সিটো (৩)

চেঁচামুখত অনুষ্ঠিত সভা এখনৰ কথা| সভা আৰম্ভ হোৱাৰ আগতে এঘৰ মানুহৰ চোতালত গঞা-ৰাইজৰ সমাগম হৈছে| ৰাভাক অনুৰোধ কৰা হ’ল-স্বৰচিত গান শুনাব লাগে| হাৰমণিয়ামটো আগত লৈ তেওঁ গান জুৰিলে-"মোৰ কবিতাৰ চন্দ লাগি মোৰ সোণৰ সপোন ভাঙেনে?" হিয়া উজাৰি গোৱা ৰাভা ৰ কণ্ঠ‍ই উপস্থিত গঞাৰ কলিজা স্পৰ্শ কৰিলে| সকলোৱে নিস্তব্ধ হৈ গান শুনি তাৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সভাস্থলীত গৈ ঠাই  ল’লে| 

উত্‍সঃ কমলা মজুমদাৰৰ "মোৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা|

বিষ্ণুৰাভাৰ ইটো-সিটো (২)


"১৯৬২ চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিছে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰূদ্ধ কৰি ৰাইজৰ সেৱাৰপৰা বঞইত কৰিব বিচাৰিছিল| কিন্তু বিচলিত হোৱা নাছিলোঁ| পাইছিলোঁ নতুন বল|"-মৃত্যুৰ এমাহমান আগতে ১৫ মে’ তাৰিখে বিষ্ণুৰাভাই কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে লিখা শুভেচ্ছাবাণীত এনেদৰে লিখিছিল|

উত্‍সঃ মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা

বিষ্ণু ৰাভাৰ ইটো-সিটো (১)



স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হাহাকাৰ লাগি গ’ল-বিষ্ণু ৰাভা সপত্নীক গ্ৰেপ্তাৰ হৈছে|দতমা অঞ্চলৰঘিলাগুৰি গাঁৱত| এদিন খবৰ ওলাল ধুবুৰী-বঙ্গাইগাঁও চাটল ট্ৰেইনেৰে তেওঁক ধুবুৰীলৈ চালান দিয়া হব| কোকৰাঝাৰ ষ্টেচন মানুহেৰে ঠাহ খাই পৰিছে| চন্তৰীবাহিনীৰ পহৰাৰে দুয়োৰে হাতত এডাল ৰছীৰে হেণ্ডকাফ লগাই মধ্যম শ্ৰেণীৰ দবা এটাত তুলি দিয়া হ’ল|গাড়ীৰ খিৰিকিয়েদি মুখখন উলিয়া...ই ৰাভাদেৱে ৰাইজক সম্বোধিলে-"ম‍ই খুনী নহয়, ডকাইতো নহয়| ম‍ই বিপ্লৱী, ম‍ই শিল্পী| ম‍ই ৰাইজৰ সেৱক| মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ|" মানুহৰ মাজত গুণগুণনি উঠিল-"এৱেঁই নেকি বিষ্ণুৰাভা! এই দুন্দৰ-সুঠাম দেহা, সদা হাস্য মুখ, মনোমহা মাত কথাৰে এইজন খুনী-ডকাইত হব পাৰেনে বাৰু? এৰা!! এইজনা মেধী ডাঙৰীয়াৰ দিনত আৰু কত যে সঁচাই-মিছাই শুনিম!!" ইপিনে ৰাভাদেৱে কৈ গ’ল-"ম‍ই কোনো অপৰাধ কৰা নাই| ময়োএই সমাজৰে মানুহ| সমাজ জীৱনৰ স্বাভাৱিক নিয়মমতে ম‍ই বিদ্ৰোহ কৰিছোঁ মাথোন|" গাড়ী প্লেটফৰ্ম এৰি গুছি গ’ল| মানুহবোৰে অতি আপোনজনক বিদায় দিয়াৰ দৰে ব্যথা-বেদনাহত দৃষ্টিৰে চাই ৰ’ল| 

উত্‍স: "সৈনিক শিল্পী বিষ্ণু ৰাভা" ত
মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"|

Friday, April 27, 2012

"আধাৰশিলা"ৰ উদ্যোগত ছুটিগল্পৰ কৰ্মশালা

অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠিত মঞ্চ "আধাৰশিলা"ৰ উদ্যোগত যোৱা ইং ৩১ মাৰ্চ আৰু ১ এপ্ৰিল ২০১২, শণিবাৰে আৰু দেওবাৰে গুৱাহাটীৰ চানমাৰিষ্ঠ কাৰ্যালয়ত এখনি ছুটিগল্পৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়| এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য আছিল নতুন প্ৰজন্মৰ মাজত গল্প লেখাৰ প্ৰাৰম্ভিক কামখিনিৰ ধাৰণা দিয়া| লগতে অসমৰ জ্বলন্ত সমস্যাসমূহক মূল বিষয়বস্তু হিচাপে লৈ গল্প লিখিবলৈ লেখকসকলক উদ্বুদ্ধ কৰা| উক্ত কৰ্মশালাত উপস্থিত থাকি প্ৰবক্তা তথা কৰ্মশালাৰ সমল ব্যক্তি ডঃ গৰিমা কলিতাই গল্পৰ প্ৰকাৰ, লেখনশৈলীৰ বিষয়ে বহলাই মন্তব্য আগবঢ়োৱাৰ লগতে বিশ্বমানৰ গল্পসমূহক উদাহৰণস্বৰূপে লৈ নতুন লেখকসকলে সন্মুখীন হোৱা অসুবিধা সমূহৰো সমাধান দিবলৈ চেষ্টা কৰে| একেবাৰে অনানুস্থানিকতাৰে অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত নতুন প্ৰজন্মৰ প্ৰতিষ্ঠিত গল্প লেখক ইমৰাণ হুচেইন, অতনু ভট্টাচাৰ্য, মৌচুমী কন্দলী আৰু অপূৰ্ব শ‍ইকীয়াৰ উপৰিও মনালিছা শ‍ইকীয়া, গিতালী বৰায়ো মত বিনিময় কৰে| নিজৰ অভিজ্ঞতাসমূহ গল্প এটাত কেনেকৈ খাজি দিব পাৰি সেই বিষয়েও তেওঁলোকে সুন্দৰভাৱে নিজৰ মতামত পোষন কৰে| এক অন্তৰংগ অনুষ্ঠানৰ দৰে আগবাঢ়ি যোৱা এই দুদিনীয়া কৰ্মশালাখনত প্ৰতিষ্ঠিত লেখিকা ৰীতা চৌধুৰীয়েও তেখেতৰ অভিজ্ঞতাপুষ্ট লেখাসমূহ লেখিবৰ সময়ত পোৱা সুবিধা-অসুবিধাসমূহৰ বৰ্ণনাৰে কৰ্মশালাখন পৰিপুষ্ট কৰি তোলে| প্ৰথমবাৰৰ বাবে কোনো ছুটিগল্পৰ কৰ্মশালাত সৃষ্টিমূলক সাহিত্যত মনস্তত্বৰ প্ৰভাৱ আৰু ক্ৰিয়াৰ ওপৰত মত বিনিময় কৰে মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে| লগতে তেখেতে উপস্থিত সদস্যসকলে গল্প বা লেখা এটা লিখাৰ সময়ত সন্মুখীন হোৱা মনস্তাত্বিক জটিলতাসমূহৰ কাৰণ সমূহো বিশ্লেষণ কৰে| উক্ত কৰ্মশালাৰ আটাইতকৈ সবল বুলি ভাৱিব পৰা দিশটো আছিল "জেনেৰেচন গেপ" নাইকীয়া কৰা| এই কৰ্মশালাতেই অসমৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন সমস্যা-বিষয়ক লৈ লিখা ৪০ টা গল্পৰ এখন সংকলন উলিয়াই তাক বিভিন্ন ভাষালৈ অনুবাদ কৰাৰো ইচ্ছা প্ৰকাশ কৰে মুখ্য সমন্বয়ৰক্ষী ৰীতা চৌধুৰীয়ে| তেখেতে লগতে ইয়াকো প্ৰকাশ কৰে যে এয়া "আধাৰশিলা"ৰ প্ৰথম পদক্ষেপহে| ইয়াৰ পিছতো পৰ্যায়ক্ৰমে সৃজনীমূলক লেখাসমূহ উলিয়াই অনাৰ বাবে "আধাৰশিলা"ই এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে কাৰ্যপন্থা হাতত লব| 

এনেধৰণৰ অনুষ্ঠানে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাত বহু পৰিমাণে অৰিহনা যোগাব বুলি আশা কৰিব পাৰি|   



গ্ৰন্থালোচনা : আতৈ



উপন্যাস : আতৈ
লেখক : গোবিন কুমাৰ খাউণ্ড
 প্ৰকাশক : গ্ৰন্থ-সংস্কৃতি
  ঠিকনা : এ.টি ৰোড, তৰাজান, যোৰহাট
মূল্য :   এশ টকা মাত্ৰ

গোবিন কুমাৰ খাউণ্ডৰ “আতৈ” | “উদাসীনতাক বুকুত সাৱটি ধোঁৱাই ধোঁৱাই জ্বলি থকা জীৱনবোধৰ বিশালতা অংকন কৰাটো একেবাৰে সম্ভৱ নহয়” বুলিও সদায় দেখি থকা সত্ৰ আৰু আতৈসকলৰ জীৱনৰ ওপৰত সৱল আলোকপাত কৰিছে ঔপন্যাসিকে |

সত্ৰলৈ আগবঢ়োৱা এটি বালকৰ সত্ৰত প্ৰৱেশ কৰা প্ৰথম দিনটোৰ পৰাই আগুৱাই লৈ যোৱা হৈছে সত্ৰ আৰু বহাত ঘটি থকা কাহিনীভাগ | কেনেকৈ দেহক অস্বীকাৰ কৰি আৰোপিত ৰীতি-নীতিকেই ৰক্ষাকৱচ হিচাপে লৈ লোভ-মোহ, কাম-ক্ৰোধৰপৰা নিলগত ৰাখি এজন বালকক পূৰ্ণাংগ ভকতৰূপে গঢ় দিব পাৰি, তাৰ এক সুন্দৰ বিশ্লেষণ তুলি ধৰা হৈছে উপন্যাসখনত | “কান্ত”ৰ পৰা সত্ৰৰ খাটাত লিপিৱদ্ধ কৰা “চন্দ্ৰকান্ত” নামৰ বালকজনৰ জীৱনৰ জৰিয়তেই উপস্থাপন কৰা হৈছে সত্ৰীয়াসকলৰ জীৱন ধাৰণৰ প্ৰণালী |  এই জীৱন ধাৰণৰ পৰিক্ৰমাতেই পৰিস্ফুত হৈ পৰিছে সত্ৰৰ নীতি-নিয়ম, আদব-কায়দা সকলো |

ভকতসকল সদায় লোভ-মোহ, কাম-ক্ৰোধৰ উৰ্দ্ধত | মায়া-মোহৰ বান্ধে ভকতসকলক বান্ধিব নোৱাৰে | তথাপি তেওঁলোকো মানুহ | দুখ-শোকে তেওঁলোককো বিচলিত কৰে, দায়িত্বৰ গৰাহত তেওঁলোকো পাকঘূৰণি খায় | মায়া-মমতাৰ জৰীডালে কেতিয়াবা তেওঁলোকক টানি নিব বিচাৰে | তথাপি তেওঁলোকে জানে সেইবোৰ তেওঁলোকৰ বাবে নহয়, তেওঁলোকৰ বাবে সেইবোৰ মহাপাপ | সংযমক সাৰথি কৰি, জীৱনবোধৰ দীক্ষাৰে দীক্ষিত হৈ পৰৰ হিতৰ বাবে তেওঁলোকে নিজকে অৰ্পন কৰে | অথচ তাৰ মাজতো তেওঁলোকে পালন কৰি যাব লগা হয় সত্ৰৰ প্ৰতি, সমাজৰ প্ৰতি, বহাৰ প্ৰতি, এৰি থৈ অহা ঘৰখনৰ প্ৰতি থকা দায়িত্ব | এই সকলোবোৰ কথাকেই সন্নিবিষ্ট কৰি ভকতীয়া জীৱনৰ এক সুন্দৰ ছৱি তুলি ধৰা হৈছে “আতৈ” ৰ যোগেদি | উপন্যাসখনত সম্পূৰ্ণ ৰূপত ভকতীয়া সমাজ ব্যৱস্থাৰ ছৱি ডাঙি ধৰাত ঔপন্যাসিক সফল হৈছে | একাদিক্ৰমে বৰ্ননা কৰি যোৱা হৈছে সত্ৰ আৰু বহাৰ কাম-কাজসমূহৰ বিষদ বিবৰণ |

সত্ৰলৈ নতুনকৈ অহা কান্ত‍ই নাজানে বায়নৰ বহাত আহি সত্ৰৰ কি কি নিয়ম সি মানি চলিব লাগিব; অথচ পদে পদে হাতৰ লাখুটিৰূপে থাকি বায়নে তাক “কান্ত”ৰ পৰা “চন্দ্ৰকান্ত”লৈ পৰিণত হোৱাত সহায় কৰিছে | সকলো ভকতৰ নজৰত পৰিব পৰাকৈ কীৰ্তিমান | অথচ সেই সুখ্যাতিকো তল পেলাবলৈ আন ভকতে চেষ্টা চলায় | চেষ্টা চলায় বায়নৰ বহাৰপৰা আন বহালৈ নিয়াৰ বাবে | তেনে এক পৰিণতিতেই পিছলি পৰিব খোজা একে বহাৰেই বাসিন্দা বলোৰামৰ লগত সংঘাত হয় কান্তৰ | এক আদৰ্শগত সংঘাত | আৰু সেই সংঘাতত শেষলৈ কান্তয়েই জয়ী হয় | উদাসীনতাক বুকুত বান্ধি সংসাৰৰ মায়াজালৰ পৰা নিলগত ৰাখি দুকুৰি বয়সত একমাত্ৰ পুতেকক হেৰুওৱাৰ ভয়ত কেৱলীয়া হবলৈ আগবঢ়াই দিয়া তাৰ মাককো অকলশৰীয়াকৈ এৰি আহিবলগীয়া হয় কান্ত | আৰু নিসংগতাক সাৰথি কৰিয়েই ইহ-সংসাৰ ত্যাগ কৰে তাৰ মাকে | সংযমী গুণে কান্তক আতঁৰাই আনিব পাৰিছিল কনমাইৰ ওচৰৰ পৰা, সংসাৰী হোৱাৰ বাসনাৰ পৰা, কিন্তু সেই কনমাইৰ পুতেকক নিজৰ বহাত আলধৰা হিচাপে ৰাখিব লগা হোৱা দায়িত্বৰ পৰা আতঁৰাই আনিব পৰা নাছিল | সত্ৰাধিকাৰৰ মৃত্যুৰপৰা পিতৃসদৃশ বায়নৰ মৃত্যুলৈ, আন আন অগ্ৰজসকলৰ মৃত্যুৰপৰা নিজৰ স্বৰ্গাগমনলৈ কিমানযে দুখলগা ঘটনা প্ৰত্যক্ষ কৰিব লগা নহৈছিল কান্ত‍ই ! অপবাদ মূৰ পাতি লৈ সত্ৰ ত্যাগ কৰিব লগা হোৱা বলোৰামৰ জীৱনৰ পিছৰছোৱাক লৈও কম পৰিতাপ কৰিব লগা হৈছিলনে, কনমাইক কৰা ব্যৱহাৰৰ কথা ভাৱি মাজে মাজে কম অনুতাপ কৰিছিলনে, দেউতাকৰ মৃত্যুৰ পিছত মাকক অকলশৰীয়াকৈ এৰি থব লগা হোৱা বাবে কম দোষবোধত ভুগিব লগা হৈছিলনে সি ! অথচ পৰিৱৰ্তনৰ গ্ৰাসৰপৰা সত্ৰক বচাবলৈ নিজৰ পথৰপৰা পিছলি নপৰাকৈ সকলো সহি গৈছিল কান্ত‍ই | আবেগ-অনুভূতিয়ে কান্তক দুৰ্বল কৰিব পৰা নাছিল | এই সকলোবোৰ কথাৰেই যুক্তিসংগত উপস্থাপন, সুন্দৰ বিশ্লেষন আৰু কাব্যিক সংযোজনে উপন্যাসখনক অন্য এক মাত্ৰা প্ৰদান কৰিছে | জীৱনবোধৰ সময়োপযোগী ধাৰণাৰ সঠিক দিশত কৰা অৱলোকনে পাঠক সমাজলৈ কঢ়িয়াই নিছে ভকতীয়া আমোঘ বাণী |

এক মননশীল লেখনিশৈলীৰে ঔপন্যাসিকে কৰি যোৱা প্ৰ্তিটো সৰু সুৰা ঘটনাৰ বৰ্ননাই উপন্যাসখনৰ সৱল দিশটোক উন্মোচন কৰিছে | অৱশ্যে ঠায়ে ঠায়ে ঘটনা এটাৰ খণ্ডাকৃতিত কৰা উপস্থাপনে পাঠকক উজুতিও খুৱাইছে | ইয়াৰ বাহিৰেও প্ৰতিটো সৰু-সুৰা ঘটনাৰ আংগিক বিশ্লেষণ উপন্যাসখনৰ এক যোগাত্মক দিশ | ইয়েই উপন্যাসখনক সাৱলীলিকৰণত মুখ্য ভূমিকা গ্ৰহন কৰিছে | ইয়াৰোপৰি উপন্যাসখনে পাঠক সমাজলৈ আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ন অংশটো হৈছে প্ৰতিটো ঘটনাৰ আঁৰত থকা বাৰ্তা, প্ৰতিটো নিয়মৰ আঁৰত থকা যুক্তি | উপন্যাসখনৰ কোনোটো পৃষ্ঠাই যদি ভকতীয়া সমাজৰ, ভকতীয়া জীৱনবোধৰ, ভকতীয়া মহত্‍ কৰ্মৰাজিৰ চৰ্চা কৰিছে; কোনোটো পৃষ্ঠাত আকৌ দোষ-ত্ৰুটি, বেয়াবোৰো তেনেকৈ লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰা হৈছে | কোনোটো পৃষ্ঠাই যদি দিছে মিলনৰ মধুৰ আনন্দ; কোনোটোৱে দিছে বিচ্ছেদৰ দুখ | কোনোটো পৃষ্ঠাই যদি বিলাই দিছে নতুনকৈ অহা আতৈসকলৰ কিৰিলি; কোনোটোৰে আকৌ গুৰু-গম্ভীৰ তত্বগধূৰ আলোচনাৰে গুমগুমীয়া কৰি ৰাখিছে পৰিৱেশ | মুঠৰ ওপৰত পাঠকৰ মনোজগতত ঔপন্যাসিকে সৃষ্টি কৰিবলৈ সক্ষম হৈছে এখন সত্ৰ হাটী | সফল হৈছে নিয়ম-কানুনৰ সঠিক দিশত পৰ্যালোচনা কৰাত | দেখুওৱাবলৈ সফল হৈছে সত্ৰৰ কৰাপাটত আহি পৰা পৰিৱৰ্তিত সময়ৰ ছাপ | সক্ষম হৈছে অনুন্নত অসমীয়া সমাজক বিদ্যা-শিক্ষাৰে ব্ৰতী হৈ আগবাঢ়ি যোৱাৰ পথ দেখুওৱাত  | আনকি পৰিৱৰ্তনৰ ঢৌৰ কৱলত সত্ৰৰ ভৱিষ্যতক লৈও পাঠকক সচেতন কৰিবলৈ সক্ষম হৈছে |

সত্ৰৰ কাহিনীভাগৰ মাজৰে আনুসংগিকভাৱে বৰ্ননা কৰা মাজুলীৰ বানৰ তাণ্ডৱ, সত্ৰবাসীৰ চহৰমুখী মনোভাৱ, সত্ৰবিৰোধী চামৰ সত্ৰক হেয় প্ৰতিপন্ন কৰিবলৈ চলোৱা চেষ্টাৰ উদাহৰণ ইত্যাদিয়ে কাহিনীৰ সময় আৰু পৰিৱেশৰ লগত খাপ খোৱাত পাঠকক সহায় কৰিছে | সত্ৰীয়া চৰিত্ৰসমূহৰ ভিন্নতা ফুতাই তোলা হৈছে ফুলতুলীয়া, দামোদৰ, ৰাম, দিবাকৰ আদি আতৈৰ মাজেৰে |

ঔপন্যাসিকে কৈছে “সকলো মানুহেই ভকত হব নোৱাৰাৰ দৰে সকলো ভকতেই আতৈ হব নোৱাৰে | তাৰ বাবে লাগিব দেহক অস্বীকাৰ কৰি আগুৱাই অহাৰ সংকল্প, যাৰ পথ কণ্টকাকীৰ্ণ | সাজু হব লাগিব এনে এক পৰিস্থিতিৰ বাবে য’ত জীৱন জ্বলি জ্বলি শেষ হয় মাথোঁ এডাল সুগন্ধি ধূপৰ দৰে |”

এনেকুৱা জটিল গৱেষনাকৃত লেখনি সঁচাকৈ অসমীয়া সাহিত্যৰ বাবে অমূল্য সম্পদ |

Thursday, April 12, 2012

শ্ৰদ্ধাঞ্জলি হে মহানায়ক !!

বৰদৈচিলানে.....
সৰদৈচিলানে....
অসমৰ আকাশত বৰ বৰ চিলা......

সঁচাকৈয়ে অসমৰ আকাশত আজি বৰদৈচিলা নামিল | কেবা সহস্ৰাধিক গুশমুগ্ধক সহযাত্ৰী হিচাপে লৈ ভূপেন দা আকাশ মাৰ্গৰপৰা নামি আহিল আই অসমীৰ বুকুলৈ | সকলোৰে চকুত তেওঁলৈ সজতনে সাঁচি ৰখা আছিল অশ্ৰুধাৰা | গোটেই পথতেই হৈ গ’ল পুষ্পবৃষ্টি | নামি আহিল ভূপেন্দ্ৰ সংগীতৰ ধাৰা |

আহ আহ ওলাই আহ
সজাগ জনতা
আহ আহ ওলাই আহ
পোহৰ আনোতা........

এটি মাত্ৰ বাতৰিতেই সকলো যেন সজাগ হৈ গ’ল | হিলডোল ভাঙি ওলাই আহিল সজাগ জনতা | হৃদয়ৰ সকৰুণ অশ্ৰুখিনিক ভেঁটা দি ৰাখিবলৈ কাৰো যেন সাহস নহ’ল | এন্ধাৰৰ মাজতো যেন জিলিকাই তুলিলে তেওঁৰ নশ্বৰ শৰীৰৰ কেউফাল |

বুকু হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই
পুত্ৰ হৈ ম‍ই কিমতে তৰো
আই তোৰে হৈ মৰো..................

মটৰচাইকেলেৰে আগবাঢ়িছে সমদল | কণ্ঠত ভূপেন্দ্ৰ সংগীতৰ কলি | শৃঙ্খলাৱদ্ধ শ্লোগান...."ভূপেন দা...অমৰ হওক...ভূপেন দা...অমৰ হওক" | শুনি শিয়ঁৰি উঠিছিল অপেক্ষাৰত তেওঁৰ সন্তানসকল | বাক্‌হীন হৈ পৰিছিল সকলো | অসমী আইৰ চিন্তাত গোটেই জীৱন নিদ্ৰাহীনভাৱে কটোৱা ভূপেন দা একান্তমনে কফিনটোৰ ভিতৰত শুই গৈছে....তেওঁৰ পুত্ৰসকলৰ ওপৰতে যেন এতিয়া তেওঁক তৰাৰ দায়িত্ব |

বোলো ও মিছিং ডেকাটি
বজালিযে পেঁপাটি...বজালিযে পেঁপাটি
সুৰেৰে সজালি দেখোন
দিচাং মুখৰ নিশাটি......................

কোন আছিল তেওঁ ? মিছিং নে ৰাভা ? নে আন কিবা ? হে অসমীয়াৰ পিতৃ, কি লৈ বজাম আজি পেঁপাটি..... কিহেৰে সজাম আজি দিচাং মুখৰ নিশাটি ? তোমাৰ কণ্ঠৰে সজাম আজিৰ নিশাটি...গাম তোমাৰেই গান....ব্ৰহ্মপুত্ৰৰ বৰপুত্ৰ হিচাপে তোমাকেই কম ব্ৰহ্মপুত্ৰৰ দুখৰ কাহিনী....তোমাৰ গানৰ কথাৰেই....|

ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে
মানুহৰ মনলৈ চেনেহ দলং বোৰ নিবলে’

হে মহীয়ান, আজি আমি ওলাই আহিছো - মানুহৰ কথা ভাৱিবলৈ | ওলাই আহিছো তোমাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ....ভয় নকৰিবা, আমি তুমি কৈ যোৱা লাচিতৰ দেশৰ ডেকাদল | চন্দ্ৰৰ বুকুলৈ যেনেকৈ মানুহ যাব ওলাইছে, তোমাৰ সপোনবোৰলৈও আমি দিঠক হৈ যাম....আৰু তাৰ পৰাই গাম..মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ....তোমাৰ সপোনৰ নেদেখা দেশখনত ফুলিব এদিন এপাহ শেৱালী.........

.......................................এয়া তোমাৰ নিথৰ শৰীৰৰ সন্মুখত আমাৰ সংকল্প |

Thursday, March 22, 2012

কবিতা


উজনিৰ ওখ টিলাৰপৰা
বৈ অহা ভাষাৰে লিখিম
নামনিৰ এটি কবিতা | 
কবিতাটিৰ নাম ৰাখিম অসমী |

বুঢ়ালুইতৰ গতিৰ দৰে
গতিশীল হব মোৰ এই কবিতা
নীলাচলৰ দৰেই আচল পাতিব যাৰ ভাৱনাই
চন্দময় হব দিখৌ অথবা মানাহৰ দৰে
বুঢ়ীদিহিঙৰ সৰলতাৰ দৰে সৰল হব গঠন
বেঁকীৰ দৰে বিশাল তাৰ বিশালতা |
বৰাক আৰু ৰহ্মপুত্ৰৰ চাপৰিৰে সজাম
মোৰ কবিতাৰ ভেঁটি |

ম‍ই এটি কবিতা লিখিম
যাৰ কৃষ্টি বৈ থাকিব
মাজুলীৰ পৰা উমানন্দলৈ
কমলাবাৰীৰ পৰা বৰপেটালৈ
ভৰুণ গাভৰুৰ উঠন বুকুৰ দৰে
স্বচ্ছল হব মোৰ কবিতা
আৰু শিপীনিৰ তাতৰ
বুটবছা ৰিহাৰ দৰে কলাসমৃদ্ধ |
কবিতা এদিন গাভৰু হব
কুলিৰ মাতত ৰঙালীৰ বা লাগিব
ঢোল-পেপাৰ মাতত
থৌকি-বাথৌ হব কবিতাৰ মন |
ভোমোকাফুলীয়া মুগাৰ সাজেৰে
পৰিহিতা হব কবিতা
ককালৰ ভাঁজে ভাঁজে
নামি আহিব কবিতাৰ পংক্তিবোৰ
খোপাত কপৌ পিন্ধি
কবিতাই বিহু নাচিব |

চন্দৰ সোঁতে সোঁতে উটি যাব
মোৰ এই দেৱদাসী কবিতা
দেৱদাসীসকলৰ জুনুকাৰ শব্দৰ দৰে
খোল-তালৰ শব্দেৰে মুখৰিত হব
কবিতাৰ ভক্তিৰ চিতাল |
শিৰত লৈ বুঢ়ালুইতৰ সোঁত
উজনিৰ ভাষাৰে বৈ থাকিব
নামনিৰ কবিতা |

【ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯ - ২৩:৩০】

Tuesday, March 13, 2012

গ্ৰন্থালোচনা : এলুমিনিয়ামৰ আঙুলি

গ্ৰন্থালোচনা

গল্প সংকলন: এলুমিনিয়ামৰ আঙুলি
গল্পকাৰ : মনোজ কুমাৰ গোস্বামী
প্ৰকাশক: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০১০
মূল্য: ২৪০.০০ মাত্ৰ
ISBN: ৯৭৮-৯৩-৮০৩৯০-৯১-৮

সাংবাদিকতাক সাৰথি কৰি গোটোৱা অভিজ্ঞতাৰে কাগজৰ বুকুত নীলা খোচ মাৰি বাস্তৱৰ সৈতে পাঠকক মুখামুখি কৰোৱাটো যিজন সাংবাদিক গল্পকাৰৰ বাহাদুৰি, তেৱেই হৈছে মনোজ কুমাৰ গোস্বামী | যিসময়ত অসমীয়া গল্পৰ জগতত গল্পকাৰৰ প্ৰভাৱ প্ৰায় নাইকীয়া হৈ গৈছিল, সেই সময়তে গল্পৰ পৃথিৱীত পদাৰ্পন কৰিছিল মনোজ কুমাৰ গোস্বামীয়ে | ৰূঢ় বাস্তৱৰ একো-একোখন উপস্থাপনেৰে তেওঁ পাঠক সমাজলৈ আগবঢ়াই দিছিল চিন্তাৰ বিতচকু | 

সকলো স্তৰৰ মানুহৰ জীৱনৰ ছৱি অঁকাত নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে গল্পকাৰ | বিশেষকৈ মধ্যবিত্ত নগৰীয়া সমাজৰ | সৰু সৰু মনস্তাত্বিক দিশৰপৰা খুব স্পৰ্শকাতৰ সামাজিক দিশকো আৱৰি পাঠক সমাজলৈ প্ৰতিটো গল্পৰ মাজেৰে লৈ গৈছে একো-একোটা যোগাত্মক বাৰ্তা | তাকো পাঠকে বিচৰা শৈলীৰে | 

যি সময়ত অসমীয়াৰ সাহিত্যৰ অৱক্ষয় হবলৈ আৰম্ভ কৰিছিল, সেই সময়তেই চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ ভাষাত "সংবাদেই হব গল্প" আখ্যানকেই সাৱটি লৈ মনোজ কুমাৰ গোস্বামীয়ে এক স্বকীয় ধাৰাৰে গঢ়ি তুলিছিল তেওঁৰ গল্পৰ পৃথিৱীখন | য’ত আছিল সমাজৰ কদৰ্য ৰূপৰ বিপৰীতে যোগাত্মক দৃষ্টিভংগী | কিন্তু হঠাতে যেন কৰবাত কেৰোণ লাগিছিল | মাজতে স্তব্ধ হৈ গৈছিল মনোজ কুমাৰ গোস্বামীৰ গল্পৰ কলম | তাতো আছিল হতাশা, ক্ষোভ | পাঠকৰ উদাসীনতা, সমালোচকৰ অৱজ্ঞা ইত্যাদি আছিল এই ক্ষোভৰ  কাৰণ | 

হঠাতে যেন ন-চেতনাৰে জাগি উঠিছিল তেওঁ | বুজি উঠিছিল, প্ৰশংসা হ’লেও, নিন্দা হ’লেও সংবাদেই হব লাগিব গল্প | আৰু তাৰেই ফলস্বৰূপে আমাৰ হাতত আজি ডেৰকুৰিৰো অধিক গল্প সম্ভাৰেৰে পৰিপুষ্ট "এলুমিনিয়ামৰ পৃথিৱী" | এক আত্মদ্বন্দক আন্ত:মনস্তাত্বিক দৃষ্টিৰে সুন্দৰভাৱে অংকন কৰা তেওঁৰ শেহতীয়া গল্প "অন্তহীন"ক আৰম্ভনিৰূপে লৈ আয়োজন কৰা গল্প সংকলনটিৰ প্ৰতিটো গল্পতেই আছে তীক্ষ্ন মনস্তাত্বিক বিৱৰণ | আৰু তাৰ পৰা পাঠকে পাইছে এক নতুন সোৱাদ | বাহুল্যবিহীন তেওঁৰ ভাষা প্ৰয়োগ, অথচ সংবেদনশীল তেওঁৰ বিষয় -যেন এক বৈচিত্ৰহে | পূৰ্ব্বানুমান (প্ৰেদিক্টেবিলিটি) গল্পকাৰৰ এক অন্য বশিষ্ট্য | কোনোটো গল্পত যদি গল্পকাৰ ক্ষমাহীন আৰু নৃষংস হৈছে, তাৰ মাজতো বিজুলীৰ নিচিনা চমকিবল তেওঁ পাহৰা নাই | আৰু সেই চমকনিয়েই পাঠকলৈ কঢ়িয়াই নিছে গল্পটিৰ উদ্দেশ্য আৰু মূলভাৱ, য’ত নিহিত হৈ থাকে বাস্তৱতাই উন্মোচন কৰা উপলব্ধি | তেওঁৰ গল্প‍ই পাঠকক দিয়ে নিজকে নিজে জুঁকিয়াই চোৱাৰ সমল | এয়াই সংকলটিৰ প্ৰতিটো গল্পত গল্পকাৰৰ চমত্‍কাৰিতা | 

সংকলনটিৰ প্ৰায়কেইটা গল্প‍ই অসমৰ কঠিন পৰিস্থিতিৰ সমসাময়িক কালৰ প্ৰতিচ্ছৱি দাঙি ধৰিছে | এজন বিদ্ৰোহী নেতাৰ নি:সংগতাক যিদৰে দেখুওৱা হৈছে, তাৰ লগে লগে এচামৰ স্বপ্নভংগৰ ভয়ে সৃষ্টি কৰা বিমূঢ় অৱস্থাকো প্ৰতিফলিত কৰা হৈছে | সেয়ে হয়তো "সমীৰণ বৰুৱা আহি আছে" গল্পটি বহুলভাৱে চৰ্চিত হৈছে | কোনোৱাটো গল্পত যদি দেখুওৱা হৈছে ঔত্‍সুকতা, কোনোৱা ক্ষণত আকৌ সেই ঔত্‍সুকতাক থানবান কৰি জ্বলন্ত বাস্তৱমিশ্ৰিত অশান্ত পৰিস্থিতিয়ে কঢ়িয়াই লৈ আহিছে দু:সংবাদ | কোনোৱাটো গল্পতঅকৌ দেখুৱাব খোজা হৈছে মানুহৰ গভীৰৰপৰা গভীৰতম কোনো স্থানত লুপ্ত একান্ত ব্যক্তিগত কিছুমান অনুভূতি আৰু স্পৃহা যিয়ে এবাৰলৈও আমাক ভৱাই তুলিছে বিশ্বাসৰ আঁৰত অবিশ্বাস, সত্যৰ আঁৰৰ মিছাবোৰ | হতা্শা আৰু আত্মসন্মানবোধৰ লগত জীৱিকাৰ তাড়নাৰ সংঘাতৰ ফলশ্ৰুতিত গল্পৰ নায়কে কেতিয়াবা বিচাৰি লৈছে তেওঁ  কেতিয়াও  বিশ্বাস নকৰা ঈশ্বৰ আৰাধনাৰ পথ - সেয়াও বাস্তৱ | চৰম সত্য | সেই চৰম সত্যকেই ফু্টাই  তুলিবলৈ গল্পকাৰৰ যেন কোনো ধৰনৰ কষ্টয়েই হোৱা নাই | কোনোবাতো গল্পত আকৌ দৃশ্যমান হৈছে নিৰ্য্যাতিতৰ ওপৰত সুবিধাবাদীসকলৰ দৃষ্টি, কোনোবাটোত বা উন্মোচিত হৈছে স্বপ্নভংগৰ বেদনা, গতিময় পৰিৱৰ্তনৰ ঢৌত টিকিব নোৱাৰা বিধ্বস্ত, নগৰীয়া মধ্যজীৱিৰ যন্ত্ৰনা | “ব্যক্তিগত আৰু নৈৰ্বক্তিক” আৰু “সূৰ্য্যৰ পোহৰত এজন আততায়ী” গল্প‍ই মুখমুখি কৰি দিছে জান্তৱ বাস্তৱৰ বিভত্‍সতাৰ লগত | মুঠৰ ওপৰত প্ৰতিটো পৰিস্থিতিতেই মানুহৰ প্ৰতিক্ৰিয়া আৰু ঠিক তাৰ পাচৰ অধ্যায়ৰ উপস্থাপন সঁচাকৈয়ে বিস্ময়কৰ | 


নগৰীয়া মধ্যবিত্তৰ জীৱন আৰু চেতনাৰ ছৱি অংকন কৰাত যে গল্পকাৰ সুনিপুণ, তেওঁৰ প্ৰায়ভাগ গল্প‍ই তাৰেই ছৱি তুলি ধৰে | বিশিষ্ট ঔপন্যাসিক ধ্ৰুৱজ্যোতি বৰাৰ ভাষাত “খেদ আৰু অপ্ৰাপ্তিৰ অতৃপ্তিৰে ভৰা পৃথিৱীখনত মনোজৰ চৰিত্ৰবোৰত আমি বিচৰণ কৰিছো অৰ্থ আৰু অৰ্থহীনতাৰ মাজত| সমকালীন সমাজৰ এনে বাংময় আৰু বিশ্বস্ত চিত্ৰায়ণ সঁচাই দুৰ্লভ|” 


সংকলনটিৰ নিৰ্মানশৈলীৰ ক্ষেত্ৰত ব্যৱহাৰৰ গাথঁনি সঁচাকৈয়ে অভিনৱ| কেতিয়াবা এনেকুৱা লাগে, আমাৰ যেন ভাষা-গাথঁনিৰ মেৰপাকত উকমুকনি লাগিছে. অথচ  সেই উকমুকনিয়েই বান্ধি ৰাখিছে পাঠকক| মনোজ কুমাৰ গোস্বামীৰ গল্পৰ এই স্বকীয়তা, এনে ভিন্নসুৰী লেখনিশৈলীয়েই তেওঁৰ গল্পসমূহক যোৱা দুটা দশকৰ শ্ৰেষ্ঠতম গল্পসমূহৰ ভিতৰত স্থান দিছে | লগতে “এলুমিনিয়ামৰ আঙুলি”ক স্থান দিছে মোৰ প্ৰিয় এখন গল্প সংকলনৰ শাৰীত |



Monday, March 5, 2012

হিতেন শৰ্ম্মাৰ দিনলিপি-৮

আমি যেতিয়া পানৰা পথাৰ আৰু পানৰা বিলৰ মাজৰ আলিটো উঠিছিলোগৈ, তেতিয়া পূৱৰ আকাশখনে সেন্দুৰৰ দগমগীয়া ফোঁট এটি লৈ ওলাই আহিছিল | ৰাস্তাত উঠিয়েই কৈলাশ দা বহি পৰিল | শেঁতা হৈ পৰিছে তাৰ শৰীৰ | ৰক্তক্ষৰণৰ ফলত লেবেজান হৈ পৰিছে সি | প্ৰায় অৰ্দ্ধচেতন অৱস্থাৰেই মোৰ এখন হাতক সাৰথি কৰি এধানি মাথো মাটিৰ সন্ধানত প্ৰায় আধাঘণ্টা সময় খোজকাঢ়িছিল সি | দেহ লাহে লাহে অচেতন হৈ আহিছিল | হাতৰ দাখনো কেতিয়াবা কৰবাত কব নোৱাৰাকৈয়ে সুলকি পৰিছিল | তথাপি পেলায়েই আছিল তাৰ খোজ | আৰু এতিয়া অকনমান মাটিৰ স্পৰ্শত সকলো ভাগৰে তাক আগুৰি ধৰিলেহি | সি বহি থাকিব নোৱাৰিলে | ক্লান্ত শৰীৰটোক ৰাস্তাটোৰ ওপৰতে এৰি দিলে | ৰাস্তাৰ ওপৰতে অচেতন হৈ পৰিল কৈলাশ দা | ইপিনে ভাগৰে মোকো আহি হেঁচা মাৰি ধৰিছেহি | এখোজো আগলৈ যাবলৈ মন যোৱা নাই | ধূপজোপাৰ ফালে চালো | এতিয়াও বহু দূৰত | ৰিণিকি ৰিণিকি দেখা গৈছে মাত্ৰ | তালৈকে লৈ যাব পৰা হ’লেও ! অন্ততঃ মাছ মাৰিব অহা কোনোৱা নহয় কোনোৱা এজনক পালোহেতেন | কিন্তু ইমানদূৰ কেনেকৈ লৈ যোৱা যায় ! ডাঙি নিয়াও সম্ভৱ নহয় | এইখিনিলৈকে মানুহ অহাৰ কোনো চাঞ্চো নাই | তেন্তে ? মোৰ মূৰৰ ওপৰৰ পৃথিৱীখন ঘূৰিব ধৰিলে | সন্মুখৰ গোটেই দৃশ্য ধূৱলি-কুঁৱলি দেখিবলৈ ধৰিলো | চিন্তাৰ পাৰ নোপোৱা হ’লো | কি কৰো, কি কৰো এতিয়া !!
-"ঐ কৈলাশদা, কৈলাশদা....... ঐ কৈলাশদা, কৈলাশদা.... |" নাই ! তাৰ কোনো সাৰি-সুৰায়েই নাই | 
-"এই কৈলাশদা, উঠচুন..... কৈলাশদা..... বুল যাবালাগে..... |" কি কৰো এতিয়া ! তাক ইয়াতেই এৰি কোনোৱা এজনক মাতি আনো নেকি ! কিন্তু.... এই অৱস্থাত.... তাক এনেকৈ এৰি যোৱা উচিত হব জানো !! চৌদিশে পানী | পথাৰৰ বিষাক্ত পৰুৱাবোৰ, সাপ-বেং সকলো লিকলিকাই আছে.... নহ’ল, কিবা অঘটন হ’লে !! নাই | এনেকৈ এৰি থৈ যাব নোৱাৰি | তেন্তে ?

গোটেই ৰাতি পানীৰ মাজত কটাই ভাগৰুৱা শৰীৰ, ৰাস্তা বিচাৰোতে বিচাৰোতে মগজুও ক্লান্ত হৈ পৰিছিল | তাতে আকৌ ভূতৰ ওপৰত দাহন পৰাদি ধৰিলেহি কলজোকে | তেজ শুহি শুহি এক বৃহদাকৃতি ধাৰণ কৰিছিল জোকডালে | ঠিক যেন আমাৰ হাতখনৰ সমান | ককাহঁতে কোৱা শুনিছিলো, কলজোকে হেনো কল গছ এজোপাৰ সমান ডাঙৰ হোৱালৈকে তেজ শুহিব পাৰে | কলজোকে জীৱৰ শৰীৰৰপৰা অতি দ্ৰুত গতিত তেজ শুহি লব পাৰে বাবে সেই জীৱ বাচি থকা আশা খুব খীন হৈ পৰে | কথাবোৰ মনত পৰি গা জিকাৰ খাই উঠিল | তাৰমানে এতিয়া কৈলাশদাও.....? নাই, এইবোৰ কথা নভবাই ভাল | ককালৰপৰা খাৱৈটো খুলি ৰাস্তাৰ ওপৰত থলো | কাষত কৈলাশদা, অচেতন অৱস্থাত শুই আছে | তাৰ ওচৰতেই ভাৱালেশহীনভাৱে ম‍ই বহি পৰিলো |  ভাগৰে হেঁচা মাৰি ধৰিছেহি | আৰু মাত্ৰ কেইটামান মিনিট ভালকৈ যোৱাহেতেন..! এতিয়া আমি জনসমাগমহীন ঠাই এটুকুৰাত এনেদৰে পৰি আছো যে চিঞঁৰি চিঞঁৰি ডিঙি ফালি পেলালেও মাত শুনোতা কোনো নাই | প্ৰতিটো মূহুৰ্ততেই যেন বিফলতাই আমাক খেদি ফুৰিছেহি | ঘৰৰপৰা জালখন উলিওৱাৰ সময়ৰপৰা এই মূহুৰ্তলৈ যেন সকলোখিনিতে বিফলতাহে বিপ্কলতা | আৰু এতিয়া !! এক অনিশ্চয়তাত বহি আছো পথাৰৰ মাজৰ খালী ৰাস্তা এটাত | ভোকে হেঁচা মাৰি ধৰিছেহি , অথচ খাবলৈ একো নাই | ডিঙি শুকাই গৈছে, অথচ পিবলৈ পানী নাই | ছয়ফুটীয়া ৰাস্তাটোক বাদ দিলে দুয়োপাৰে পাৰাপাৰহীন পানী, অথচ পিয়াহত শুকাই গৈছে ডিঙি | অৱসাদে হেঁচা মাৰি ধৰিছেহি | চকুৰ পতা মেলি ৰাখিবলৈও কষ্ট হৈছে | পূৱ আকাশত বেলিটোৱে লহিয়াইছে | উদিত বেলিৰ প্ৰতিচ্ছৱি পানীৰ ঢৌত সাতুৰি সাতুৰি মিলি গৈছে দূৰ-দিগন্তত | দুই এটা মত্‍স্যভোজী চৰায়ে বাহৰপৰা ওলাই উৰা মাৰিছে পথাৰৰ ফালে | অথচ কোনো মানুহ অহা নাই পথাৰৰ ফালে | এৰা, পথাৰলৈনো কি কাৰণে আহিব ! "সাউজা ধৰা" শ‍ইচ আজি এসপ্তাহে পানীৰ তলত  হতাশাই ছানি ধৰিছেহি খেতিয়কসকলকো | এনেয়ে আজিকালি কঠীয়া পাবলৈ টান, তাতে আৰু সাউজা ধৰা খেতি নষ্ট হৈ গ’লে ইমান কঠিয়ানো ক’ত পাব ! কিমানযে ভয়াবহ হব পাৰে পানীৰ এই ৰূপ !! কোনো আকাৰ নাই, অথচ সেই নিৰাকাৰ পানীয়েই....... পানীয়েই...এৰা, পানী...অসংলগ্ন কথাবোৰৰ মাজত যেন গুৰুত্বপূৰ্ণ কথা এটি মনত পৰি গ’ল | হাত দুখনত ভেজা দি থিয় হব চেষ্টা কৰিলো | হঠাতে চকু গ’ল চোলাৰ কাপোৰেৰে বান্ধি থোৱা কৈলাশদাৰ ক্ষত ভৰিখনলৈ | ৰঙা হৈ পৰিছে পাতলীয়া বৰণৰ কাপোৰটুকুৰা | তাৰমানে তেজ এতিয়াও বন্ধ হোৱা নাই !! গাত থকা সকলো শক্তি থূপ খুৱাই যিমান বেগেৰে পাৰো সিমান বেগেৰে কৈলাশদাৰ ভৰিৰ ওচৰ পালো | ভৰিত কাপোৰৰ গাঁথিটো খুলি দি আকৈ এইবাৰ মেৰিয়াই মেৰিয়াই টানকৈ বান্ধি দিলো | তাৰ পিছত এখন্তেকো নোৰোৱাকৈ পথাৰৰ পিনে লৰ দিলো | যুঁৱলিৰ অকনমান পানী নিজৰ মুখখনত ছটিয়াই হাতৰ আচলুৰে কৈলাশদাৰ ওচৰলৈ লৈ আহিলো | কিন্তু আচলুৰ পানীহে সেয়া ! কৈলাশদাৰ ওচৰ পোৱালৈকে আচলুত কেইটোপালমানহে পানী বাচিছিলগৈ | আকৌ আনিলো, আকৌ কেইটোপালমান....আকৌ গ’লো, আকৌ সেই একেই..কেইটোপালমানহে পানী... মুঠৰ ওপৰত বহু কষ্ট কৰিও কৈলাশদাৰ মুখৰ ওপৰত ছটিয়াই দিবলৈ পানী আনিব নোৱাৰিলো | হঠাতে এটি বুদ্ধি খেলি গ’ল | চোলাটো গাৰপৰা খুলি পানীত ডুবাই দিলো, আৰু তাক পানীত তিয়াই কৈলাশদাৰ ওচৰলৈ লৈ আহিলো | পথাৰত বোকা মিহলি পানী | অথচ তাকেই ছটিয়াইছো এজন অচেতন ব্যক্তিৰ চকু-মূৰত | তিয়াই দিছো মুখমণ্ডল | ভালেই কৰিছোনে, ভুলেই কৰিছো নাজানো | তথাপি কৈলাশদাক বচোৱাৰ শেষ চেষ্টা এটা চলালো | কেবাবাৰো তেনেদৰে পানীৰে চকু-মুখবোৰ ধুৱাই দিয়াৰ পিছত কৈলাশদাই মূৰটো জোকাৰি দিলে | মুখেৰে তাৰ অস্পষ্টভাৱে ওলাই আহিল. ".... পানী..পানী..." | কি কৰো এতিয়া ? নাই, যি হয় হব | দৌৰি গৈ চোলাটোৰে আকৌ এবাৰ পানী আনিলোগৈ | এইবাৰ কৈলাশদাৰ অলপমান মেল খাই থকা মুখখনত অলপ অলপকৈ সেই পানীকেই বাকি দিলো | আকৌ এবাৰ আৰু অলপমান | কৈলাশদাৰ চেতনা ঘূৰাই আনিবলৈ সেই দূষিত লেতেৰা পানীখিনিয়ে বৰ সহায় কৰিলে | কৈলাশদাই যেন এবাৰলৈ জীৱন ঘূৰাই পালে, আৰু ম‍ই ঘূৰাই পালো উশাহ | 


হঠাতে যেন সূৰুযটোৱে আমাক দেখিছিল | ৰঙীন চঞ্চল সূৰুযটো গহীন হৈ আহিব ধৰিছিল | চৰাইবোৰে আকাশৰপৰা আমাকেই লক্ষ্য কৰি যেন বিয়পাই দিছিল আমাৰ খবৰ আৰু সেই খবৰ পায়েই চাগে’ প্ৰকৃতিও সচেতন হৈ পৰিছিল | মেঘবোৰে বেলিটোক আগৰ কেইদিনৰ দৰে আগুৰি ধৰা নাছিলহি | আৰু মেঘে এই দিয়া সেই বাটেৰেই সূৰুযটোৱে আমালৈ ঠেলি পঠিয়াইছিল দুৰ্বল অথচ লাহী ৰশ্মি | হেঙুল বৰণীয়া সেই ৰশ্মিয়ে উদ্ভাষিত কৰি তুলিছিল মোক | মোক বিলাই দিছিল এসোপা প্ৰেৰণা | সেই ৰশ্মিখিনিয়ে যেন কঢিয়াই লৈ আহিছিল সূৰুযৰ বতৰা | যোৱা এসপ্তাহ মেঘৰ মাজত পথ বিচাৰি উকমুকাই লেবেজান হৈ পৰা সূৰুযৰ বতৰা | হঠাতে মনটোত কিবা এটা জোৰ পাই গ’লো | 
-"কৈলাশদা...এই কৈলাশদা | এইবাৰ গাত ধৰি ধৰি তাক মাতিলো | 
- "হু...."
- ’অলপ ভাল পাইছানা ? "
- "হু ? "
- "কি হৈছি তোৰ ?"
- "হু ? ..নাই...একো হনাই"
- "উঠ তিত্তেহ’লি | ৰাস্তা কিত্তোৱাএ পালু.. অলপ গেলি ঘৰে যাই পাম"
অলপ সময় তেনেকৈ থাকি সি উঠিব চেষ্টা কৰিলে | কিন্তু গাত শকতি নাই | হাতত ভেজা দি উঠিব চেষ্টা কৰিলে, অথচ হাত দুখনৰো যেন দেহৰ ভৰ ধৰি ৰাখিবলৈ বল নাই | 


টোপনিৰ পৰা সাৰ পোৱাৰ মানুহৰ নিচিনা সি কৈ উঠিল-"অ..., বেলাএ হ’ল দেখুনে |"
- "উম.,,,,উথপা পাৰবি না ? " 
- "পাৰিম ৰহ.... |" কুচিয়াৰ বাহিৰে আন মাছ নাকাটো বুলি ডাংকোপ মাৰি দপদপাই কথা কোৱা সেইজন কৈলাশদায়েনে এইজন ? ক’ত তাৰ সেই মাত, ক’ত গ’ল সেই প্ৰত্যয় ? 
- "ৰহ... ম‍ই ধৰি দেউ ৰহ..লাহে লাহে উথপি |"
- "মোৰ দাওখেন ক’ত ? "
- "বাদ দি দাও | কভে পচ্চি য’ |"
কষ্টেৰে যেতিয়া তাক থিয় কৰাইছিলো অদূৰৰ পৰা তেতিয়া ভাঁহি আহিছিল মানুহৰ মাত | মূৰ তুলি অনুধাৱন কৰিব চেষ্টা কৰিলো কোনফালৰপৰা আহিছে মানুহৰ মাতবোৰ | হয়.. এইফালেই আহি আছে | দীঘলকৈ এটি হুমুনিয়াহ ওলাই গ’ল | এটা বোজা যেন পিঠিৰপৰা খহি পৰিল | থিক ঘৰত মাৰ দৰে | আমাক বিচাৰি যোৱা দ্বিতীয়টো দলে যেতিয়া আমাক চোতালত থিয় কৰাইছিল, মাৰো পিঠিৰপৰা তেনে এটি বিশাল বোজা খহি পৰিছিল | কিন্তু আমাৰ বাবে চোতালত ৰৈ আছিল আন এক আশ্বৰ্য্য -দয়াল কা | ভূতৰ ওজা দয়াল কা | পিন্ধনত ৰঙা চুৰিয়া, ডিঙিত ৰঙা কাপোৰ | 


- "ঐ ৰহ | তাতে ৰহ | "
দয়াল কাৰ মাতত ঘূৰি চালো | নিৰেন আতা আৰু ঘোনো খুৰাৰ হাতত ওলমি থকা অৱশপ্ৰায় কৈলাশদায়ো আধা মুদখোৱা চকুযুৰিৰে ঘূৰি চালে | 
- "ক’ৰ বস্তু তোই ? "
- "ক’ৰ পৰা আইছা ? "
আমি থতমাত খাই ৰৈ দিলো | নিৰ্বাক হৈ ৰ’ল ভূত খেদা চাবলৈ চোতালত থূপ খোৱা গঞা | এক ভয়লগা নিৰৱতাই বিৰাজ কৰিলে চোতালখন | 
-"ক’ত লগ দিছা ত‍ই ? " দয়াল কাই ভূতক প্ৰশ্নবান কৰিয়েই থাকিল | 
কৈলাশদাৰ দৰে মোৰো ক্লান্তিত অৱশ হৈ যোৱাৰ উপক্ৰম হৈছে শৰীৰ | কৈলাশদাৰ গাৰ উষ্ণতা বাঢ়ি আহিছে | জ্বৰে-দাহে আগুৰি ধৰিছে তাৰ দেহ | আধা মেলখোৱা চকুযুৰিৰেই চাই আছে সি | মুখেৰে ভোৰভোৰাই কিবা বকি আছে | একেবাৰে অস্পষ্টকৈ | হয়তো ভিতৰত গৈ বিচনাত শুৱাই দিবলৈ ককাকূটি কৰিছে | অথচ ক্লান্তিত কথাও ওলাই অহা নাই | আৰু তাকে এক সুযোগ হিচাপে লৈ ভূতে ধৰা কথাটো প্ৰমাণ কৰাত উঠিপৰি লাগিছে দয়ালকা - "ভালকে ক’ | ফুচফুচে কৈ থাকলি নহব "
- "দয়াল কা, কি এলাখেন ? কাক কি সুধি আছা ত‍ই ? -লাহে লাহে বাঢ়ি অহা খঙটো দমাই ৰাখিব নোৱাৰি মোৰ মুখৰপৰা ওলাই গ’ল |
-" চু....প.... ভ্ৰূম...ভ্ৰূম...ভ্ৰূম... | হাতত থকা বিহ ঢেঁকীয়াৰ পাতেৰে চোতালত কোবাই কোবাই দয়াল কা মাৰ ফালে আগুৱাই আহি থাকিল | এতিয়াহে যেন অলপ অলপকৈ বুজি উঠিছো | আমাৰ মাজৰ কোনোৱা এজনৰ গাত লম্ভা ভূত খেদিবলৈয়ে এই ব্যৱস্থা | দয়াল কা যিমানে আগুৱাই আহি থাকিল, গঁঞা সিমানে পিছুৱাই থাকিল | পেন্দুকণাবোৰ ভয়ত পেপুৱা লাগিল | থিয় হৈ থাকিব নোৱাৰা কৈলাশদাক ধৰি থকা নিৰেন আতা আৰু ঘোনো খুৰাও কৈলাশদাক এৰি দি পিছুৱাই গ’ল | সচকিত হৈ ম‍ই আগুৱাই গৈ ভাৰসাম্য ৰাখিব নোৱাৰা কৈলাশদাক খকমককৈ ধৰিলো | 
-"পাগলা হৈছা নেকি তুহুন ? কি হৈছি এলাখেন ? "- এইবাৰ মোৰ ধৈৰ্য্যৰ সীমা ভাগি গ’ল | চিঞঁৰি উঠিলো ম‍ই | কিন্তু মোৰ চিঞঁৰৰ প্ৰতি কোনো গুৰুত্ব‍ই নিদিয়াকৈ দয়ালকাৰ হাতৰ ঢেঁকীয়া আমাৰ নাকে-মুখে ঘূৰাত লাগিল আৰু এটা সময়ত স্থিৰ হৈ ৰ’ল কৈলাশদাৰ মূৰৰ ওপৰত | সকলো নিচিন্ত হৈ গ’ল, কৈলাশদাক ভূতে ধৰিছে | 
- "এতে...এতে....এতে আহি ব‍ইহলি ত‍ই...শ্যালা হাৰামজাদা... যাবিনা নায এৰে পৰা..? "

খঙত থৰথৰকৈ কঁপিছো ম‍ই | পেটত ভোক, কণ্ঠত তৃষ্ণা, শৰীৰ প্ৰায় অচেতন..তাতে আৰু এইবোৰ ভেকোঁভাওনা !!
-"মা, তুহুন কি কৰবা দিছা এলাখেন ? কৈলাশদাক কলজুকে ধৰি তেজ প্ৰায় চেচ কৰি দিছি...ইতাও তেজ জাই আছে....তাৰ পিছতো....." কথা শেষ হোৱাৰ আগতে দেখিলো কৈলাশদাৰ গালত এটা ৰামচৰ পৰিল | অনৰ্গলভাৱে ভূতক প্ৰশ্ন কৰি কৰি কোনো সঁহাৰি নাপাই শেষত দ্বিতীয় ডিগ্ৰীলৈ নামিলে দয়ালকা | শাৰীৰিক উত্‍পীড়ন আৰম্ভ কৰি দিলে | বহুত চেষ্টা কৰিও ম‍ই কৈলাশদাক বচাব নোৱাৰিলো | আৰু অৰ্ধচেতন অৱস্থাৰেই কৈলাশদাই এটা সময়লৈ সহি গ’ল কৈলাশ দাই | আৰু এটা সময়ত ম‍ই যেতিয়া মোৰ হাতৰ ওপৰত সি ঢলি পৰিল, তেতিয়া নিশ্চিত হ’লো, সি পুনৰ অচেতন হ’ল | যি হওক, ভালেই হ’ল | এতিয়া অন্ততঃ অলপ সময়ৰ বাবে হ’লেও এই উত্‍পীড়নবোৰৰ পৰা সি মুক্তি পাব -মনতে ভাৱিলো | কিন্তু ক’তা ? সেই অচেতন দেহৰ ওপৰতেই চলি গ’ল উত্‍পীড়ন আৰু আমি শিক্ষিত সমাজ, ভদ্ৰ সমাজে চাই থাকিলো সেই দৃশ্য | 
- "শ্যালা চোঁৱৰৰ বাচ্চা, ইটা চেঞ্চলেচ হ ভৱ ধচ্চা.... ত‍ই যিমান চালাক..তোতকে এই বাপে চাইৰগুণে চালাক...ৰহ বাপ্পেকে..." এই বুলি দয়াল কাই ভ্ৰূম...ভ্ৰূম কৈ এসোপা কিবা মাতি কলপাত এখনৰ থোৱা গাহৰিৰ দাতেৰে কৈলাশদাক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিল...আৰু লগে লগে........কব নোৱাৰাকৈয়ে মোৰ হাতৰ দাখন গৰ্জ্জি উঠিল | নগাদাৰ গাদীৰ কোৱ খাই চিটভঙলা খাই পৰিল দয়ালকা | এখন অন্ধ সমাজক অন্ধবিশ্বাসৰ পৰা চকু মেল খুৱাবলৈ ৰাস্তা বিচাৰি নাপায় এক কালৰাত্ৰিত আমাৰ লগে লগে থাকি আমাক সাহস দিয়া দাখনকেই হাতত তুলি ললো | খঙৰ ভমকত কেতিয়া যে দাখন হাতত তুলি লৈছিলো গমকেই নাপালো | আৰু যিটোহে ঘাপ মাৰিছিলো...., সৌভাগ্যবশতঃ চকীখনত দাখনৰ ঘাপটো লাগি গৈহে দয়াল কাৰ গাত গাদীটো লাগিল | কিন্তু সেই ঘাপটোৱে যথেষ্ট আছিল সেই অধ্যায়ৰ পৰিসমাপ্তিৰ বাবে | 
- "আহ কুন আহা...কাটি দুই ছেৱ কৰিম... অন্ধ মানহু বাছি থাকপা নালগে কুনো | কলজুকে খাই প্ৰায় আধামৰা কৰা মানহুটুক এলাখেনে বেমেজালি কৰবা ধচ্চা ?.... কুনবাই চাইছানা তাৰ ভৰিৰ ফালে... তেজ ইতাও বন্ধ হনাই.... ডাক্তৰ আনবা লাগে, তাৰে ঠাইত আনচা ওজা ? চব পাগল হৈছা তুহুন... চবৰে মাথা নষ্ট হৈছি......|" কিমান সময় তেনেদৰে চিঞঁৰিছিলো গম পোৱা নাছিলো | পাহৰি গৈছিলো মই ’হিতু’ | সকলোৰে মৰমৰ, অমায়িক, ভদ্ৰ, শান্ত ’হিতু’ | অথচ খঙৰ জুইত দহি গৈছিলো ম‍ই | কব নোৱাৰাকৈয়ে কৈ পেলাইছিলো কথাবোৰ | কৰপৰা শক্তি পাইছিলো, নাজানো | কিন্তু বকি বকিয়েই মোৰ হাতৰপৰা কোনোৱাই কাঢ়ি লৈ যোৱা দাখন বহু সময়লৈ বিচাৰিয়েই আছিলো | সেইখন পালে যেন চবকে কাটি-কুটি চাৰখাৰ কৰি দিম ! চোতালৰপৰা কোনোৱাই দাঙি নি কৈলাশদাক ভিতৰৰ বিচনাত শুৱাই দিছিলহি | আৰু মোৰ হাতত আহি ধৰিছিলহি এখনি কনমানি হাতে- আমাৰ পৰিয়ালৰ কনিষ্ঠ সদস্য নিকুৰ | দয়াল কা কোন তলকত পলাইছিল গমেই পোৱা নাছিলো | মানুহবোৰো ঘৰাঘৰি যাবলৈ ধৰিছিল | ঠিক তেতিয়াই ফাৰ্মাচিষ্ট চুৰেন খুৰাক লগত লৈ হাজিৰ হৈছিলহি দেউতা | ইমান সময় দেউতাক যে দেখা নাছিলো, এতিয়াহে খেয়াল কৰিলো | চুৰেন খুৰা যেতিয়া কৈলাশদাৰ ওচৰ পাইছিলগৈ, মোৰ খং তেতিয়ালৈ বহুখিনি জামৰিছিল | 

তেতিয়া পূৱ চোতালৰ ডালিমজোপাত ঘৰচিৰিকা দুটাই ৰমলিয়াই আছিল | নাৰিকলৰ পাতৰ মাজেৰে জুমি চাইছিলহি সূৰুটোৱে | আৰু এক অভৱনীয় ঘটনাৰ সাক্ষী হৈ ৰৈছিল সকলো | 


( ক্ৰমশঃ )

Saturday, March 3, 2012

কেনেকৈ আদৰি লও তোমাক বসন্ত...

তুমি আহা নতুন আশা লৈ.....
তুমি আহ ন-প্ৰভাতৰ ৰেঙনি হৈ...
অথচ,
গাপ দি ৰাখিব নোৱাৰো ম‍ই
নিৰাশাৰ অগ্নিপিণ্ডবোৰ |
উজলাই তুলিব নোৱাৰো
জ্যোতিষ্মান হব খোজা মোৰ চেতনাবোৰ |


তোমাৰ আগমণিত নাচি উঠে প্ৰকৃতি....
উৰি ফুৰে বৰদৈচিলাজনী...
তথাপি,
উৰাই নিব নোৱাৰে মোৰ স্মৃতিৰ সৰাপাটবোৰ |


কুলি-কেতেকীৰ মাতত থৌকি-বাথৌ হয়
অসমীৰ পদুলিমুখ..
পিৰালিত বহি জননীয়ে পাৰি দিয়ে সেউজ দলিচা..
তাৰ পিছতো,
মনৰ কৰাপাটত মোৰ
ৰৈ থাকেহি এখন অদৃশ্য হালধীয়া আৱৰণ |
তোমাৰ উৰ্ব্বৰা বুকুত গজা নতুন কুঁহিপাটবোৰে
গজালি নেমেলেহি মোৰ ভাৱনাৰ ঠাল-ঠেঙুলিবোৰত |


বসন্ত !
তুমি আহিব নোৱাৰানে 
নীল বৰণীয়া এখন আকাশ হৈ ?
প্ৰতিষ্ঠা কৰিব নোৱাৰানে 
মোৰ পূৰ্ব্বাশাৰ জ্যোতিষ্কবোৰ ?
কুলিৰ মাত হৈ গাব নোৱাৰানে
মোৰ হৃদয় জুৰাব পৰা অবিৰত প্ৰেৰণাৰ গান ?
বৰদৈচিলা হৈ বুৰাই পেলাব নোৱাৰানে
মোৰ হালধীয়া মৰুভূমিখন ?
সেউজীয়া বসনেৰে আঁতৰাব নোৱাৰানে সৰাপাটবোৰ ?
অথবা
কপৌপাহিৰ দৰে ফুলি উঠিব নোৱাৰানে
প্ৰেম কাননত এপাহ পুষ্পগন্ধা হৈ ?


কেনেকৈ আদৰি লও তোমাৰ এই অবিৰত যাত্ৰা !
তোমাৰ এই যাত্ৰাত নাচি উঠে উৰনীয়া মনবোৰ
অথচ,
তোমাৰ এই যাত্ৰায়েই যে ভাঙি-চিঙি থৈ যায়
মোৰ পহনীয়া মনটো...!!