স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হাহাকাৰ লাগি গ’ল-বিষ্ণু ৰাভা সপত্নীক গ্ৰেপ্তাৰ হৈছে|দতমা অঞ্চলৰঘিলাগুৰি গাঁৱত| এদিন খবৰ ওলাল ধুবুৰী-বঙ্গাইগাঁও চাটল ট্ৰেইনেৰে তেওঁক ধুবুৰীলৈ চালান দিয়া হব| কোকৰাঝাৰ ষ্টেচন মানুহেৰে ঠাহ খাই পৰিছে| চন্তৰীবাহিনীৰ পহৰাৰে দুয়োৰে হাতত এডাল ৰছীৰে হেণ্ডকাফ লগাই মধ্যম শ্ৰেণীৰ দবা এটাত তুলি দিয়া হ’ল|গাড়ীৰ খিৰিকিয়েদি মুখখন উলিয়া...ই ৰাভাদেৱে ৰাইজক সম্বোধিলে-"মই খুনী নহয়, ডকাইতো নহয়| মই বিপ্লৱী, মই শিল্পী| মই ৰাইজৰ সেৱক| মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ|" মানুহৰ মাজত গুণগুণনি উঠিল-"এৱেঁই নেকি বিষ্ণুৰাভা! এই দুন্দৰ-সুঠাম দেহা, সদা হাস্য মুখ, মনোমহা মাত কথাৰে এইজন খুনী-ডকাইত হব পাৰেনে বাৰু? এৰা!! এইজনা মেধী ডাঙৰীয়াৰ দিনত আৰু কত যে সঁচাই-মিছাই শুনিম!!" ইপিনে ৰাভাদেৱে কৈ গ’ল-"মই কোনো অপৰাধ কৰা নাই| ময়োএই সমাজৰে মানুহ| সমাজ জীৱনৰ স্বাভাৱিক নিয়মমতে মই বিদ্ৰোহ কৰিছোঁ মাথোন|" গাড়ী প্লেটফৰ্ম এৰি গুছি গ’ল| মানুহবোৰে অতি আপোনজনক বিদায় দিয়াৰ দৰে ব্যথা-বেদনাহত দৃষ্টিৰে চাই ৰ’ল|
উত্স: "সৈনিক শিল্পী বিষ্ণু ৰাভা" ত মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"|
No comments:
Post a Comment