"১৯৬২ চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিছে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰূদ্ধ কৰি ৰাইজৰ সেৱাৰপৰা বঞইত কৰিব বিচাৰিছিল| কিন্তু বিচলিত হোৱা নাছিলোঁ| পাইছিলোঁ নতুন বল|"-মৃত্যুৰ এমাহমান আগতে ১৫ মে’ তাৰিখে বিষ্ণুৰাভাই কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে লিখা শুভেচ্ছাবাণীত এনেদৰে লিখিছিল|
উত্সঃ মণি ভৌমিকৰ "কমৰেড বিষ্ণুৰাভা অমৰ ৰহে"| গ্ৰন্থঃ সৈনিক শিল্পী বিষ্ণুৰাভা
No comments:
Post a Comment