এনেকৈয়ে ভাঙি যায় সপোনবোৰ
যেনেকৈ...নামি আহে অমানিশা
এনেকৈয়ে সৰি পৰে ..... যন্ত্ৰণাবোৰ
যেনেকৈ বিলীন হৈ যায়...ৰ’দালী আভা |
সন্ধিয়াৰ হেঙুলী আকাশত
সুধিবৰ মন যায়....ভটিয়নী চৰাইজনীক
তাইৰ পাখিৰ ৰঙেৰে
ইমান নিলীম হয় কিয় আকাশখনি
তাই কয়,
স্নিগ্ধা আকাশৰ পূৱালী ৰূপত
লুণ্ঠিতা তাই এজনী আহত পক্ষী |
তুমি জানানে ৰ’দালী ?
কেনেকৈ সৰি পৰে সৰাপাটবোৰ |
ৰাতিৰ পিছত দিন.....
দিনৰ পিছত আকৌ ৰাতি.....
অথচ,
প্ৰতিটো ভাৰাক্ৰান্ত দিনে
কঢ়িয়াই আনে কিয়
এটি এটি বিনিদ্ৰ ৰজনী !
তোমাৰ অবৰ্তমানত ফেঁকুৰি উঠে কতিয়াবা
মৰম আকলুৱা সপ্ৰতিভ হিয়া |
তুমিতো নাজানা....?
আৰু যে পি পি নিৰৱতাৰ মদিৰা
মাতাল হৈ পৰে
অপূৰ্ণতাৰ ৰাগীত মোৰ মতলীয়া কলিজা ,
শূণ্য হৈ পৰে স্মৃতিৰ বোজাৰে আৱদ্ধ
এখনি জুৰুলা হিয়া..
যেনেকৈ...
নামি আহে অমানিশা..||
এনেকৈয়ে ভাঙি যায় সপোনবোৰ...
সৰি পৰে যন্ত্ৰণা......||
ৰচনাকাল : ১৪.০৭.২০১১
No comments:
Post a Comment