Thursday, June 28, 2018

আইৰ অসুখ

অজস্ৰ দানৱৰ বেহু ভাঙি
তই সাজিছিলি শিল্পৰ প্ৰতিমা
তই আছিলি নিপীড়িতৰ গান
কাইটি, আমি ভালেই আছোঁ দে৷

তই যে কৈছিলি
আমি আগবাঢ়ি যাওঁ ব'ল,
গ'লোঁ৷ গৈ গৈ বহুদূৰ পালোঁগৈ৷
কাইটি মই এতিয়া ক'ত!
ঘূৰি চাই দেখোন মোৰ আইকেই নেদেখো৷

কাইটি, আমি ভালেই আছোঁ দে
যি সম্প্ৰীতিৰ বাবে তই ফেৰেংগাডাও হৈছিলি,
সেই সম্প্ৰীতি এতিয়া মজবুত৷
আমি চিনি পাওঁ,
আমি বড়ো নে ৰাভা
কাৰ্বি নে ডিমাচা
আহোম নে কলিতা,
ভৈয়ামৰ নে পাহাৰীয়া৷
মোৰ আই হেৰাল অ' কাইটি৷
অসমীয়া বুলিবলৈ আমি এতিয়া এঠেঙীয়া৷

জান কাইটি!
তই খালী ভৰিৰে ঘূৰি পোহৰ বিলোৱা ঠাইত
এতিয়া বুটৰ খোজত ৰক্তপাত হয়
আমাৰ মাজতেই৷
তই গান গোৱা চোতালবোৰত
এতিয়া চলে জাতিৰ বিৰুদ্ধে অভিসন্ধি৷
মোৰ আই নৰীয়াত পৰিল অ' কাইটি
কেনেকৈনো সুশ্ৰূষা কৰোঁ এতিয়া!

তোৰ শেষ ৰাগিণীলৈ বৰকৈ মনত পৰিছে আজি
আইয়ো অকলশৰীয়া হৈ পৰি আছে সভ্যতাৰ বাৰান্দাত
তোৰ দৰে গাইছে,
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনীত
কল্যাণ খৰমান
কি কৰোঁ কচোন!
আইক এনেকৈ চাব পৰা নাই৷

তই অহা কথা আছিল
ফুটবল খেলাৰ কথা আছিল সমন্বয়ৰ
জ্যোতি কাইৰ বাণীৰে ভঙা কথা আছিল
কুসংস্কাৰ আৰু মনৰ ভেদভাব৷
নালাগে দে আহিব
ভয় লাগে,
তোক যদি পুনৰ সজোৱা হয় বামপন্থী
তোক যদি পুনৰ সজোৱা হয় জাতিদ্ৰোহী
পুনৰ যদি কৰা হয় ক্ৰুছবিদ্ধ!
আই মৰি থাকিবও কাইটি
আপোন পুত্ৰৰ ওপৰত
সতীয়া পুত্ৰৰ এই অত্যাচাৰ
কেনেকৈনো সহিব আয়ে৷

নালাগে পুনৰ আহিব
তই তাতেই থাক৷
২০ জুন আছে নহয়
সিদিনা তোক চিঞৰি চিঞৰি মাতিম
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি৷
তই মাথোঁ আওৰাবি তোৰ সেই প্ৰিয় গান
পৰজনমৰ শুভলগনত
যদিহে হয় আমাৰ দেখা...৷৷

【ৰচনাকালঃ ২০ জুন, ২০১৮】

Friday, June 15, 2018

বন্ধু, প্ৰেম, মৃত্যু ইত্যাদি

বন্ধু প্ৰাণত
শান্ত সাগৰৰ
কোবাল হাৰিকেন মাথোঁ৷
বন্ধু কৌতুকত
নিষ্প্ৰাণ শৰীৰৰ
এটি হৃদস্পন্দন মাথোঁ৷

প্ৰেম আকাশৰ
প্ৰেম পথাৰৰ
এবুকু কল্পনা মাথোঁ
প্ৰেম দুচকুত
প্ৰেম দুবাহুত
অশান্ত যন্ত্ৰণা মাথোঁ৷

মৃত্যু ছাঁৰ
মৃত্যু জীৱনৰ
এটি অৱসাদ মাথোঁ৷
মৃত্যু হৃদয়ৰ
মৃত্যু অন্তৰৰ
ক্ষন্তেক জিৰণি মাথোঁ৷

【ৰচনাকালঃ ০৬/০৩/২০০৩ - ২২:০০】

Wednesday, June 13, 2018

অনুভৱ মোৰ

বৰষুণত তিতাৰ দিনা মই অনুভৱ কৰিছিলোঁ
ইতিহাস মোৰ পিছত আছিল
তেতিয়া মই বৰষুণ ভাল পাইছিলোঁ
গোটেই পৃথিৱীৰ ৰং দেখিছিলোঁ সেউজীয়া
প্ৰেমৰ ৰং সেউজীয়া বাবেই
গোটেই জীৱন বৰষুণত তিতি
অপেক্ষা কৰিছিলোঁ এজাক প্ৰেমৰ বৰষুণ৷

আৰু আজি!
যেতিয়া পৰিপূৰ্ণতাৰ পথত
সাগৰ দেখিছোঁ বৰষুণৰ বোকোচাত
আৰু তাৰেই ঢৌবোৰৰ বুকুত উটি অহা এটি ভঙা পঁজা
বাৰে বাৰে মনলৈ আহিছে
উৰুঙা হোৱা মোৰ প্ৰেমৰ পঁজা৷

আজি উভতি চাইছোঁ
ইতিহাস মোৰ পিছত নাই
আছে মাথোঁ বিষাদ বিষন্নতাৰে ভৰপূৰ
এখন অনুভৱৰ শৰাই৷

【ৰচনাকালঃ ২৮/০১/২০০৮ - ১৫:০১】

Monday, June 11, 2018

আন্ধাৰ

বতাহজাক ঠিকেই বলিছিল
বেলিও ঠিকেই উদয় হৈছিল
কেনা লাগিছিল মাথোঁ আন্ধাৰত৷

মুখৰ হাঁহিত যুগমীয়া হৈছিল সুখ
অথচ বাঢ়ি গৈছিল ৰক্তচাপ
জাউৰিয়ে জাউৰিয়ে উকিয়াইছিল সপোনে
কেনা লাগিছিল মাথোঁ টোপনিত৷

সুখৰ দৌৰত দৌৰাৰ ভয়ত
পাহৰি গৈছিল দুখ
বাস্তৱৰ পাকচক্ৰৰ হেঁচাত
লহপহকৈ বাঢ়ি আছিল নিচা৷

সময়বোৰ ঠিকেই গৈ আছিল
ছেকেণ্ডৰ পৰা মিনিট, মিনিটৰ পৰা ঘণ্টা
অথচ কেনা লাগিছিল তাতেই৷

নৈবোৰ বৈ আছিল
সলনি হৈছিল মাথোঁ পানীৰ বৰণ
পথাৰবোৰ ঠিকেই আছিল
সলনি হৈছিল মাথোঁ তাত গজা শস্যবোৰ
ধানৰ ঠাইত ক্যাকটাছ গজিছিল৷

বতাহজাক ঠিকেই বলিছিল
অথচ উৰি ফুৰিছিল কৃত্ৰিমতাবোৰ
বেলিও ঠিকেই উদয় হৈছিল
অথচ তাৰ তাপত পুৰি শেষ হৈছিল সভ্যতা
সংস্কৃতিৰ প্ৰতি আলস্যই
কঢ়িয়াই আনিছিল মাথোঁ আন্ধাৰ,
উৎকট,
ভয়াবহ
পৰিধিহীন
আন্ধাৰ৷

【ৰচনাকালঃ ০৩ ফেব্ৰুৱাৰী, ২০১০】

Monday, June 4, 2018

অনন্যাৰ চাকৰি হ'ল

অনন্যাৰ চাকৰি হ'ল।
জীৱন বীমাত কাম কৰা
অনন্যাৰ চাকৰি হ'ল।
মানুহৰ দুৱাৰে দুৱাৰে
মাহৰ মূৰত প্ৰিমিয়াম বুটলি ফুৰা
অনন্যাৰ চাকৰি হ'ল।

চৰকাৰী বিভাগৰ সৰু কেৰাণী পদত
অনন্যাৰ চাকৰি হ'ল।
ঘৰৰ নামত উৱলি যোৱা চাৰিখন বেৰ
শয্যাগত মাতৃ,
আৰু দৰৱভৰ্তি মেজত
নিদ্ৰামগ্ন অনন্যাৰ উচ্চশিক্ষাৰ প্ৰমানপত্ৰ।
শংকিত নহয়
গৰ্হিত নহয়
সত্তৰ টকীয়া ডায়েৰীত
প্ৰতিপল কষ্টই যাক বিচাৰি ফুৰে গান্ধীপৰশ,
কাৰোবাৰ অনুগ্ৰহত সেই অনন্যাৰেই
চাকৰি হ'ল।
চৰকাৰী বিভাগৰ এটা সৰু পদত।

আনৰ জীৱন বীমাৰ নামত
নিজৰ জীৱন বন্ধকত থৈছিল,
আনৰ সপোন বাস্তৱায়িত কৰিবলৈ
নিজৰ সপোন বিসৰ্জন দিছিল,
আনৰ যৌৱনস্পৃহা পূৰাবলৈ
নিজৰ সতীত্বক বিসৰ্জন দিছিল।
কোনে  জানে এইবোৰ কথা?
জানে মাথোঁ তাই
জীৱন বীমাৰ এজেণ্ট অনন্যা
ঘৰ বুলিবলৈ
উৱলি যোৱা চাৰিখন বেৰ
আৰু ভঙা বিচনাখনত
শয্যাগত মাতৃ।

ঘৰখনৰ বাবে যিটো প্ৰয়োজন,
প্ৰয়োজন নিজৰ বাবে
আৰু শয্যাগত মাতৃৰ বাবে,
সেই অনন্যাৰে চাকৰি হ'ল।
চৰকাৰী বিভাগ এটাৰ সৰু পদত
শিক্ষা প্ৰমানপত্ৰৰ তলেৰে
হিতাকাংক্ষীৰ অনুগ্ৰহেৰে।
নিজৰ যৌৱনৰ বিনিময়ত হ'লেও
অনন্যা আজি চৰকাৰী চাকৰিয়াল।।

[ৰচনাকালঃ ১২ নৱেম্বৰ, ২০০৯- ২২:৪৫]

Sunday, June 3, 2018

জোনাকৰ বতৰা

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
একেই আছে মোৰ অনুভূতিবোৰ
মাজে মাজে মাথোঁ
অনুভৱ হ'লে মোৰ নিসংগতাৰ মুহূৰ্তবোৰ
জ্বলি উঠে বুকুখন৷
অৱশ্যে মনত পেলাও তেতিয়া
জোনজনীলৈ৷

ধৰিব পাৰিছেনে কাৰ কথা কৈছোঁ
সেই যে,
যাৰ শুভ্ৰ আঁচলত
আপুনি আৰু মই
কথা পাতিছিলোঁ প্ৰতিনিশাই
যাৰ আভাই পুলকিত কৰিছিল
বিলাই দি
আচিয়ানাত সিচঁৰতি হৈ পৰা
আপোনাৰ অনুৰাগবোৰ!

জানেনে?
আপোনাক হেৰুওৱাৰ পিছত মই
বহুদিন কথা পতা নাছিলোঁ
জোনজনীৰ সৈতে
অতীতত বিলীন হোৱাৰ ভয়ত৷
অাজি জোনজনীয়েই দিলেহি মোক
এক আজৱ ঠিকনা
জোনাকেৰে ভৰা অন্য এক আচিয়ানা,
যাৰ প্ৰভাত মই বিলীন কৰি দিব পাৰিছোঁ মোক৷
চিনিব পাৰিছোঁ নিজক৷

আপোনাৰ কৃপাত মই কুশলেই আছোঁ
কুশলেই আছে মোৰ জোনজনীও
আৰু কুশলে আছে
জোনাকে ঠিকনা দিয়া জোনৰ নতুন ঠিকনা৷৷

【ৰচনাকালঃ ১৭ ছেপ্তেম্বৰ, ২০০৯ - ৮:৪৫】

Saturday, June 2, 2018

গুড বাই বুলি কব নোৱাৰোঁ

আকাশৰ প্ৰতিপল নীলাত আজি উৰি ফুৰিছে
নিৰ্মেঘ গৰ্জন
বতাহৰ প্ৰতিক্ষণ সোঁতত নাচি উঠিছে
বতাহৰ ক্ৰন্দন
প্ৰতিক্ষণ সময়ে মন আকাশত বিলাই দিছে
বেদনাৰ ঘন্টাধ্বনি৷
তাৰ পিছতো
মণিকোঠাৰ যিখন আসনলৈ এদিন
জনাইছিলোঁ আদৰণি
কোনো হাতোৰাৰে উভালিব নোৱাৰো সেই ধ্বনি৷

বিদায় নামাগিবা
আজি গুডবাই কব নোৱাৰোঁ তোমাক৷

【ৰচনাকালঃ ২৭ জুলাই ২০০৭, ২০:৩০】