Wednesday, December 28, 2011

তোমাক বাৰু ভাল পাবলৈ কি কৰিব লাগিব

তোমাক বাৰু ভাল পাবলৈ
                    কি কৰিব লাগিব ?
যদি তুমি বিচাৰা তোমাৰ বাবে লিখি দিম বাৰু
                    এটি অখাদ্য কবিতা
যাৰ প্ৰতিটো চন্দতেই পাবা তোমাৰ
                     উদাসীনতাৰ ছাঁ |


তুমি বিচাৰিলেও দিব নোৱাৰিম
মোৰ হিয়াভৰা আশা
মোৰ এই আশাতেইযে বৈ আছে
প্ৰতাৰণাত মূৰ্চ্ছিত ভাষা |
তুমি বিচাৰিলেও দিব নোৱাৰিম
মোৰ হৃদয়ৰ বেশ-ভূষা
এই বেশতেইযে অঁকা আছে
উদাসীনতাৰ ৰেখা |


তোমাক বাৰু ভাল পাবলৈ
                     কি কৰিব লাগিব ?
যদি তুমি বিচাৰা তোমাৰ বাবে লিখিম বাৰু
                     প্ৰেমহীন প্ৰেমৰ কবিতা
যাৰ প্ৰতিষাৰ ভাষাই দিব তোমাক
                     জীৱন মহানুভৱতা |


মোৰ হৃদয় খুলি নিবিচাৰিবা
সপোনৰ বাজাজ পালচাৰ
অথবা প্ৰেমৰ ইণ্ডিগো মেৰিণাখন
দিব অৱশ্যে পাৰিম তোমাক
মোৰ পুৰণি হিৰোখনৰ ঠাইত
প্ৰেমৰ এখন নতুন ৰেলী-
মোৰ প্ৰাণভৰা ভালপোৱা |


আকৌ সুধিছো-
তোমাক ভাল পাবলৈ বাৰু
                    কি কৰিব লা্গিব ?




ৰচনাকাল : ১৬.১২.২০০৫ (ৰাণাৰ সান্নিধ্যত)

Monday, December 26, 2011

জননী

জননী
যিয়ে কোৱা নাছিল মোক
অসভ্য যুগৰ দলিত সভ্যতাৰ কথা
ঘৰপোৰা ভেঁটিত বিলাসী প্ৰাসাদৰ কথা
মোৰ জননী আছিল এক সভ্যতাৰ নাম
সততাৰ নিচাত আসক্ত
অশ্ৰুসিক্ত এজাক কোমল বতাহৰ নাম  | 

বতাহ বলিবলৈ লাগে এখন মুকলি আকাশ
নিজক দেখিবলৈ লাগে এখন নিকা সমাজ | 
জননী
যি কোৱা নাছিল মোক
নিৰ্মম মৰমেৰে লিখা বেদনাৰ সাঁচিপাটৰ কথা
গুলীত বীমাকৃত এটি জীৱনৰ কথা
মোৰ জননী
এক অনুভূতিৰ নাম
বেদনাৰে ভাৰাক্ৰান্ত
হাঁহিৰ সৌৰভেৰে সোনালী কপৌপাহিৰ নাম | 

সুখ পাবলৈ লাগে এখন দুখৰ আকাশ
বেদনা পাবলৈ লাগে বদনাহীন বতাহ | 

জননী
যি কোৱা নাছিল মোক
দুখৰ অশ্ৰুত প্ৰৱালমণি থকাৰ কথা
সমাজবিৰোধী বুলি হেয়ে থলুৱা সংস্কৃতিৰ কথা | 

আজি মোৰ জননী
এক বৰ্ণাঢ্য নিৰাশাৰ নাম
যাতনাৰ চোতালত অংকিত
কলিমাসনা "সাংস্কৃতিক সভ্যতা"ৰ নাম | 

জননী
এতিয়া মাথো এক প্ৰখৰ ৰ’দৰ নাম
দেই পুৰি যোৱা জোনাকত
সমাধিস্থ আশাৰ তজবজীয়া সাধুকথাৰ নাম | 



ধ্ৰুৱজ্যোতি শৰ্ম্মা
ৰচনাকাল : ১৭.০১.২০০৫

Friday, December 16, 2011

নিৰৱতাৰ ধুমুহাত লুটি খায় বেদনাৰ পৃষ্ঠা


তোমাৰ অবৰ্তমানত শূণ্য হৈ পৰিছে আকাশ
ৰক্তাভ হৈ পৰিছে আকাশ আৰু সাগৰৰ নীলা
তুমি নাই !
তুমি যে নাই !
লগতে নাই তোমাৰ আব্দাৰ-অভিমানবোৰো |
উজাগৰি নিশা সপোন ৰচিবলে’
নাই তোমাৰ অনুমতি | 
তুমিযে বন্দী আজি..!
লুণ্ঠিত আজি সভ্যতা-সংস্কৃতিৰ হাতত |

প্ৰতিটো আউসীৰ শেষত
নোলায় আজি কাঁচিজোন
যিদৰে প্ৰতিটো পূৰ্ণিমা হৈ পৰে আউসী |
প্ৰতিটো কোলাহল আজি ভৰি পৰে
তোমাৰ প্ৰেমত উত্‍সৰ্গিত শূণ্যতাবোৰেৰে |
তুমিয়েই দেখোন কৈছিলা...
"জোনাকতে উদ্ভৱ হয় প্ৰেমৰ বতৰা"
আৰু আজি..?
জোনাকতোও তুমি এৰি নগ’লা..!!
কিদৰে পূৰাম আজি জোনাকৰ পূৰ্ণতা...?
জোনাকৰ বুকুত যে আজি
তুমি এৰি যোৱা আউসীৰ শূণ্যতা
কি কৰিম কোৱা...?
তুমি দি যোৱা শূণ্যতাখিনিকেইতো আকোঁৱালি লৈছো....|
তাৰ বাহিৰে কৰিমনো কি..!!
আত্মহত্যা কৰিব নোৱাৰো,
জাহ যাব নোৱাৰো লুইতৰ বুকুত....
লিখিবও দেখোন নোৱাৰো আৱেগভৰা কবিতা...
পল শেনচোৱাৰ দৰে চিঞৰি চিঞৰি কবও নোৱাৰো
"তুমি দি যোৱা একাকাশ নীলাৰে কি কৰিম" বুলি
আৰু..
নোৱাৰো কান্দিবও |

মোৰ মৃত্যুত যদি শীতল হৈ ৰয়
আমাৰ মাজত অতীত হৈ যোৱা সময়বোৰ !
প্ৰতিটো কবিতাৰ ভাষাবোৰে যদি কাঢ়ি লয়
ম‍ই আলফুলে সাঁচি ৰখা সোঁৱৰণীবোৰ !
কলমৰ কাপেৰে যদি নিৰ্গত হয়
তোমাৰ সান্নিধ্যত সঞ্চয় হোৱা সুখ-দুখৰ শিহৰণবোৰ !!

উপলুঙা কৰিব নোৱাৰো,
আঘাতপ্ৰাপ্ত হৈ যদি ওফন্দি উঠে
আকাশনীলা প্ৰেৰণাৰ নৈখন 
আৰু যদি সেই প্ৰেৰণাবোৰ নামি আহে 
বেদনাৰ কলা এজাক বৰষুণ হৈ..!!

ম‍ই কান্দিলে যেনিবা
চকুলো হৈ বৈ আহে স্মৃতিৰ মণিকোঠাত 
সঞ্চিত গোপন মৰমবোৰ..!
মৰুভূমিত জাহ যায় যেনিবা 
আমাৰ প্ৰেমৰ ৰসাল সাধুবোৰ..!
আৰু..
নিথঁৰ বিদায়েৰে যদি চেঁচা হৈ যায়
মোৰ উমাল বেদনাবোৰ....!!!

নেজানো
কিমান বেছি হ’লে হাঁহিবোৰ বেদনা হয়
কিমান মৰম পালে সুখবোৰ চকুপানী হৈ বৈ আহে
কিমান শান্তিত
জোনাকলে’ চাই পাৰ কৰি দিব পাৰি উজাগৰি নিশা... |

তোমাক হেৰুৱাইতো ম‍ই মুঠেই সুখী নহয়
আৰু মোক হেৰুৱাই তুমি ?
মোক হেৰুওৱাৰ পিছত পাহৰিব পাৰিছানে তুমি
ধ্ৰুৱতৰাৰ লগত চিনাকি হোৱা নিশাটোৰ কথা !
ধ্ৰুৱ মানে স্থিৰ, আত্মকেন্দ্ৰিক, উজ্জ্বল
আৰু তৰা মানে অনুভূতি....
পাহৰিব পাৰিছানে এই সকলোবোৰ কথা...?


মোকতো এতিয়া সকলোৱে এৰিছে
হাঁহি, সপোন, শান্তি, আশা, পোহৰ-সকলোৱে
এৰিছে আনকি মোৰ ছাঁটোৱেও |
কিন্তু !
তোমাক জানো এৰিব পাৰিছে 
তোমাৰ স্মৃতিয়ে ?
ৰাতিপুৱাৰ সেই নিদ্ৰাশিক্ত কণ্ঠস্বৰ-
আৰু দিনটোৰ শুভকামনা....
এতিয়া কোনোৱা ৰাতিপুৱা
অপেক্ষা কৰিব লগা হয়নে তুমি
তোমাৰ হৃদয় ধুৱাবলৈ আহিবলগা
ফোন কলৰ বাবে ?


জানো, 
তথাপি বাট চাই ৰও
এষাৰ মাথো চিনাকি মাতৰ বাবে...
তুমি জোকোৱা মাতষাৰেৰে...
ম‍ইতো আৰু কেতিয়াও মাতিব নোৱাৰো তোমাক
তুমি বেয়া পোৱা নামটোৰে....|
জানো,
বৰ কষ্ট হৈছে তোমাৰ |
ঠিক মোৰ দৰেই..!
বাস্তৱৰ পটভূমিত সপোনবোৰক বিসৰ্জ্জন দিবলে’ বৰ কষ্ট হয়, নহয়নে ?
তথাপি ম‍ই অসহায়, দুৰ্বল
তোমাৰ স্মৃতিবোৰ ঘূৰাই লবলে’ |
যত্ন কৰিছো পাহৰিবলে’
মোৰ অতীত, বৰ্তমান, ভৱিষ্যত সকলো
নতুনকৈ হৈ পৰিছো ম‍ই অভ্যস্ত 
চকুলো আৰু বিৰাগেৰে..!
আজীৱন ভালপোৱাৰ প্ৰতিশ্ৰুতিযে কৰিছো ম‍ই |


আজি কৰযোৰে কৰিছো মিনতি
সকলো অতীত হৈ যাওক
অতীত হৈ যাওক সকলো
বৰ্তমান হৈ থাকা তুমি
কেৱল তুমি
আৰু তুমি বিচৰা সুখবোৰ !
ম‍ই পাৰ হৈ যাম সকলো
পাৰ হৈ যাম প্ৰেমৰ সেই নষ্টালজিয়া
পাৰ হৈ যাম নিশব্দতাৰ ক’লাজ
পাৰ হৈ যাম
পাৰ হৈ যাম-আকাশ, বতাহ....
আৰু শূন্যতাৰে ভৰা বাট-পথবোৰ
তুমিহীনতাত তোমাৰ স্মৃতিবোৰেই দিব মোক সংগ | 

সহ্য কৰি যাম সকলো

নিৰৱতাৰ ধুমুহাত লুটিয়াই লুটিয়াই
বেদনাৰ দস্তাবেজৰ মসৃণ পৃষ্ঠাবোৰ....





ধ্ৰুৱজ্যোতি শৰ্ম্মা
০৯/০৮/২০০৭

Sunday, December 11, 2011

আঘোণৰ পূৰ্ণিমাত প্ৰচলিত মহ খেদা প্ৰথা আৰু নামনি অসমত (বজালী অঞ্চলত) প্ৰচলিত কিছুমান মহখেদা গান


যোৱাকালি আছিল আঘোণৰ পূৰ্ণিমা তিথি | নামনি অসমত(!) এই দিনটোত পালন কৰা হয় মহ খেদা দিন (আচলতে ৰাতিহে) হিচাপে | লোকবিশ্বাস যে, এই দিনটোত মহ খেদা গানেৰে মহবোৰক গাত বা হাবি-জংঘলৰ ভিতৰলৈ খেদি পঠোৱা হয় | লগতে কীট-পতংগৰো পৰিমাণ কমে |


আঘোণ নাহ | খেতিয়কসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ মাহ | এই মাহতো অসমৰ পথাৰৰ সোণালী মাহ | পথাৰত জিলিকি থাকে সোণগুটিবোৰ আৰু খেতিয়কসকলে এই পূৰ্ণিমাৰ পিছৰেপৰাই খেতি চপাবলৈ আৰম্ভ কৰে | সেয়েহে গাওঁৰ মানুহে গধূলি সময়ত মহখেদা গান গাই গাই ঘৰৰপৰা মহ, কীট-পতংগ খেদিবলৈ যায় লগতে গৃহস্থসকলক আশীৰ্ব্বাদ কৰে যাতে এইবাৰ তেওঁওকৰ খেতি নদন-বদন হয় |
মহখেদা উত্‍সৱক বৰপেটা জিলাত এক বিশেষ প্ৰথা হিচাপে মান্য কৰা হয় | এই উত্‍সৱ সকলো মানুহৰ ঘৰে ঘৰে গৈ মহখেদা গানৰ মাজেৰে পালন কৰা হয় | 


তলত আমাৰ গাওঁ(বনগাওঁ)ত প্ৰচলিত কেইটামান মহখেদা গান উল্লেখ কৰা হ’ল, যদিও ইয়াৰ সকলো শব্দৰে অৰ্থ ময়ো বিচাৰি নাপাও......


১/
আঘোণৰ পূৰ্ণিমা
চাকি-বাতি জ্বলোৰে
চন্দিকতো খুলোৰে
আমাক বিদায় দিয়োৰে.....


২/
অ’ হৰিৰ চৰণে
মালতী(মা লক্ষ্মী)ৰ শৰণে
মালতী(মা লক্ষ্মী) দিচেম্বৰ(দিছে বৰ)
ভাখ্ৰি (ভঁৰাল) ভৰি মাটিত পৰ
বাঁহৰ পাত চিকিমিকি
আমাক লাগে বগা সিকি


৩/
ওহোহো মোহোহো
মহ খেদ্বা জাউ যো
মহে বুলে হাউং হাউং
তেপৰ মূৰা খাউং খাউং
তেপৰত নহল নুনু
চাউল লাগে একু ডুন
সেই চাউলেদি মভ্ৰিল ডুনি
আইথেৰ ঘৰ লৰি চৰি
আইথেৰ ঘৰৰ বগা ভালুক
জাপ দি আহে আমাৰ ভালুক

Monday, December 5, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি-৫


ঘৰলৈ অহাৰ পিছৰেপৰা সপ্তাহজোৰা নেৰানেপেৰা বৰষুণ | অনুমান কৰিলো এয়াই হ’ব চাগে’ এই বাৰিষাৰ শেষ বৰষুণ | বৰষুণজাক বৰ টান নহয় যদিও গেলাই পেলাইছে কেঁচা ৰাস্তাবোৰ | বোকাৰে ভৰি পৰিছে মানুহৰ চোতালবোৰ | লগতে গজি উঠিছে শেলুৱৈ | বাহি চোতাল সৰাৰো কোনো সুৰুঙা নোহোৱা হৈছে | সাজ-গধূলি হবলৈ নৌ পাওতেই ৰাস্তাৰ কাষে-কাষে থকা নলাবোৰৰ পৰা বোপা-ককাৰ সজটো ৰাখিবলৈ বেং ককাইহঁতে টোৰটোৰোৱা আৰম্ভ কৰি দিছে | ওফন্দি আহিছে গভীৰ কালদিয়া নদী | ধাননি পথাৰতো পানী জমা হৈছে | পূৱৰ পানৰা পথাৰ ঠায়ে ঠায়ে টিহুনদীৰ পাৰ বাগৰি অহা পানীৰে ভৰি পৰিছে | গৰু-ছাগলী চৰাবলৈও জেগা নোহোৱা অৱস্থা হৈছে | তথাপি গৃহস্থসকলে গোহালিৰ ভিতৰতে সোমাই থকাৰ এলাহৰপৰা পৰিত্ৰাণ দিয়াবলৈ গৰু-ছাগলীবোৰ পদূলি মূৰতে এৰাল দিছেগৈ | খাবলৈ ৰাস্তাৰ দাঁতিত একো নাই | তথাপি মানুহৰ খোজ, গাড়ী-মটৰৰ চকাই মোহাৰি নিয়া বোকা মিশ্ৰিত ঘাঁহবোৰতে মুখ লগাইছে সিহঁতে | ঘাঁহ বুলিবলৈও পাত-চাট নথকা, ডং-ডংকৈ থিয় হৈ থকা ঘাঁহৰ পাতহীন ঠাৰিবোৰ | সিহঁতৰো এইকেইদিন খেৰ খাই খাই আমনি লাগি গৈছে | 

ঘৰত সোমাই সোমাই আমনি লাগি গৈছে | বাহিৰত ওলাব পৰা অৱস্থাই নাই | চৌদিশে বোকা আৰু শেলুৱৈ | ঘৰৰ বাহিৰ ওলালেই মাৰ চিঞঁৰ-বাখৰ -"বাবা, চাবি দে....চেলনি আছে | ভালকে খুপি খুপি যাবি | পৰবি নহলি |" তাৰ মাজতো নিতৌ এপাককৈ ওলাই গৈছো | ওচৰৰে ঘোনো খুৰাহঁতৰ ঘৰত কেৰম খেলিছোগৈ | যোৱা এসপ্তাহ ধৰি কাম বুলিবলৈ সেয়াই | আমনি লাগি গৈছে | একে খেলকে কিমান খেলিম আৰু !! তাতে সৰু চামৰ যিহে গছত গৰু উঠা কথা ! জিভাৰতো লেকামেই নাই | যেন কেৰমৰ নহয়, অশ্লীল কথা কোৱাৰহে প্ৰতিযোগিতা সেয়া ! মাত্ৰ এসপ্তাহৰ আগতে বাছত লগ পোৱা ল’ৰাহঁতক দেখিতো ভাৱিছিলোৱেই, ডেকাচাম বহুত ভদ্ৰ হ’ল | পাচে ওৰহীৰ ওৰ এতিয়াহে ওলাই পৰিছে | সিহঁতৰ বয়সত আমাৰ চামেও বেয়া কথা কৈছিল, অশ্লীল মাত মাতিছিল | কিন্তু আজিৰ ইহঁতৰ দৰে ৰাজহুৱা স্থানত ডাঙৰ-সৰুৰ বা-বিচাৰ নোহোৱাকৈ নহয় | বহুত শুনিলো | শুনি শুনি বেজাৰ লাগি গৈছে | মাত্ৰ কেইটামান বছৰ | আৰু কিমানযে পৰিৱৰ্তন ! সেইবোৰ ভাৱি ভাৱি ক্লান্ত হৈ পৰিছো | নোৱাৰি আৰু ! এই এসপ্তাহত বহুত চেষ্টা কৰিলো সিহঁতক বুজাবলৈ, শুধৰাবলৈ | পাচে কাৰো গায়েই নলৰিল | মাজে-মাজে দুই-এটাইতো ওলোটাইহে ধৰিব খোজে | পৰিয়ালকেন্দ্ৰিক সংস্কৃতি যেন আজিকালি নোহোৱা হৈ পৰিছে ! ডাঙৰক কেনেকৈ মানিব লাগে, সন্মান যাঁচিব লাগে, ৰাজহুৱা স্থানত কি কথা কব লাগে, কি কব নালাগে আজিকালিৰ চামে যেন একোৱেই নাজানে !
এসপ্তাহৰ বোকাৰ গেলা-গেলা গোন্ধ, শেলুৱৈ আৰু বোকাৰে আবৃত চৌদিশ, ঘৰৰ বাহিৰলৈ যোৱাৰ নামতো অসাংস্কৃতিক, অভদ্ৰ পৰিৱেশ এটাৰ মাজত কেৰম খেলি কৰা টাইম পাছ, ঘৰত থকা একমাত্ৰ গাইজনীক দিনটোৰ জোখাৰে হোৱাকৈ এবাৰতে সৰহকৈ খেৰ দিয়া...কামৰ ভিতৰত সেয়াই | পূৰামাত্ৰেই ব’ৰ হৈ গৈছো | সেয়েহে আজি ছাটিতো হাতত লৈ ওলাই গ’লো নখৰাৰ জেঠীহঁতৰ ঘৰৰ ফালে | যোৱা এসপ্তাহত দুদিনকৈ আহিও জেঠীৰ লগত কথা হ’ব পৰা নাই | নখৰাৰ জেঠী নৰীয়াত | মাত-বোলো ভালকৈ দিব পৰা নাই | 
-"অ’ নিৰেণ আতা, ঘৰত আছনা ? " - চোতালৰ পৰাই মাত লগালো | নিৰেণ আতা নহয়, গুডো খুৰাহে ওলাই আহিল | 
- " অ’ ভাইজ্জা, আহা | কুনদিনা আইহলা ? "
গুডো খুৰা মোতকৈ বয়সত সৰু যাদিও ককাৰ পুতেক হিচাপে সম্বন্ধত খুৰা হয় | সৰুৰেপৰা ধেমালিতে খুৰা বুলি মাতিছিলো যদিও অভ্যাসবশতঃ এতিয়াও খুৰায়েই হৈ ৰ’ল | তেওঁৰ আচল নাম ফুলেন যদিও গাঁওৰ খুব কমেইহে তেওঁক এই নামেৰে জানে | 
- " খুৰা, জেঠী ভালে আছেনা ? দুইদিনো আইহলু....তুমাক পাচে দেখা নাই যি ?"
-"এ কি কৰবা..জোন শৰ্ম্মাৰ লগত জেনেৰেটৰৰ কামত গেইছলু | পূজাও আহিলতো ! অলপ কাম-চাম উইলোবা পাল্লিও..!"
-"অ’, তাৰমানে তুমি আজিকালি ইলেক্ট্ৰিকৰ কাম কৰাত লাগ্‌ছ ?"
-"অ’ হে, কিবা এটা কৰি খাবা লাগবোতো !"
-"আউবে পাচে কেনে পাইছি আজি ?"
-"আজি অলপ ভাল পাইছি দে | ব‍ইভাও পাচ্ছি আৰু দুই-এক আষাৰ কথাও কৈছি | "
কথা পাতি পাতি আমি ইতিমেধ্যে নখৰাৰ জেঠী থকা বিচনাৰ ওচৰ পাইছিলোগৈ | জেঠী তেতিয়া কাষৰ বেৰখনত গাৰু এটা লৈ আওজি বহি আছিল | সন্মুখৰ বিচনাখনত বহি আছিল ওচৰৰে দুগৰাকীমান তিৰোতা | তেওঁলোকেও চাগে; জেঠীৰ খবৰ লবলৈয়ে আহিছিল | মোক দেখা পাই সকলোকে মাত লগাই তেওঁলোক ওলাই গ’ল | 
-"অ’ জেঠী, ভাল পাইছনা অলপ ? " থিয়ৈ থিয়ৈ ম‍ই মাত লগালো | 
-"কুন ?"-কেঁকাই কেঁকাই মাত দিলে জেঠীয়ে | যিজনী তিৰোতাৰ সুস্পষ্ট আৰু ৰহনসনা মাতত আমি ল’ৰালিৰ আজৰি সময়বোৰ সাধু শুনি শুনি পাৰ কৰিছিলো, সেইজনী তিৰোতাৰেই দুখ-বাৰ্ধক্য আৰু দৰিদ্ৰতাই জুৰুলা কৰা দুৰ্বল শৰীৰটোৰপৰা চেপি চেপি ওলাই অহা মাতষাৰ শুনি গাটো জিকাৰ খাই উঠিল | বেয়া লাগি গ’ল মনতো | বাৰে বাৰে মনতো উৰি গ’ল সাধু শুনিবলৈ স্কুলৰপৰা আহিয়েই লৰা-ঢপৰা লগোৱা সেই দিনবোৰলৈ | কিবা এক বেদনাই বুকুখন হেঁচা মাৰি ধৰিলেহি | তথাপি বুকু ডাঠ কৰি মাত লগালো-"জেঠী, চিনি পাৱ নাই ? ম‍ই হিতু | "
-"অ’ .. হিতু.. !! ব..হ... | এ..হ... মা..ই...চাহ একাপ দিয়ে...হিতুক | 
একেই আছে মনটো | ঘৰৰ অৱস্থা পৰি গৈছে | তথাপি একেই আছে মনটো | সাধু শুনিব আহোতেও আমি সদায় গাখীৰপানী খাব লগা হৈছিল | নোখোৱালৈকে তেওঁ আৰম্ভ কৰা নাছিল সধুকথাৰ মজলিছ | আৰু আজিও....মোৰ শিৰ নত হৈ গ’ল | মুখেৰে কথা কবলৈ কষ্ট হৈছে, তথাপি বেদনামিশ্ৰিত হৈ ওলাই আহিছে আফচোচ | দৰিদ্ৰতাই কাবু কৰিব নোৱাৰা অতিথিপৰায়ণতা দেখি তেওঁৰ প্ৰতি মনটো আগতকৈও অধিক শ্ৰদ্ধাৰে দো খাই পৰিল | 
-"কিত্তে আইছা বাপা ? "
-"এসপ্তাহে হ’ল | পাচে ইবাৰ যিহে সাউতা লাগছি, ক’তো ওলবা নৰা অৱস্থা | কি কৰবা আৰ ! ঘৰতে সুমে আছু | "
তেওঁ হয়তো আৰু কিবা ক’লেহেতেন | কিন্তু শৰীৰে নিদিলে | কিবা কব খোজোতেই গাঁঠি লাগিলত আমি তেওঁক জোৰকৈ শুৱাই থ’লো | নিৰেণ আতা ঘৰত নাছিল | আবাই লৈ অনা চাহকণ মুখত লৈ জেঠীৰ চিকিত্‍সা সম্বন্ধীয় দুই এটা কথা পাতি ম‍ই বাহিৰ ওলালো | মন তেতিয়া ভাৰাক্ৰান্ত | এটা ভাণ্ডাৰ যেন হেৰুৱাব গৈ আছো তেনে লাগিল | হঠাতে ফোনটো বাজি উঠিল | ঘৰত অহাৰ পাচত চাগে’ এইটোৱেই প্ৰথম কল | সেউজীয়া বুটামতো টিপি ফোনটো ততাতৈয়াকৈ কানত ললো | 
-"হেল্ল’.."
-"........."
-"অ’ কৈলাশ দা ? "
-"........."
-"এতেই আছু ৰ’ | গুডো আহাত্তাতে | যায়ে আছু ঘৰত | "
-"........."
-"অ’ ৰ | পাইছুৱে | "
-"........."
-"ঘৰত থাকপা লাগে দেখুন | পাচে আচৰা মাৰবা পাৰবান্নাই | খেতি নষ্ট হ’লি কাটপ’ বাচ্চা ! অলপ ৰহ | ম‍ই ঘৰত যাই ল‍উ | কিবা এটা কৰৰা  লাগব |"

ফোনটো কাটি দি ঘৰলৈ চেং-চেঙাই বেগ দিলো | সম্বন্ধীয় দাদা এজন আহিছে | মাছ মৰাত বিৰাট চখ থকা দাদাজনে চোতালত ভৰি দেয়েই জালৰ খবৰ লৈছে | গতিকে তাৰ মতলব জলজল-পটপট হো পৰিছে |ময়ো অৱশ্যে বেয়া পোৱা নাই | বহুদিন মাছ মাৰিব যোৱা নাই | সেই চন্দ্ৰকাকা থাকোতেই তাৰ লগত যি গৈছিলো, তাৰ পাচত আৰু তেনেকৈ পথাৰলৈ মাছ মাৰিব যোৱা হোৱাই নাই | এইবাৰ ইমানদিন এনেয়ে ঘৰত সোমাই থাকিলো | আগতে মনত খেলোৱা হ’লে মাছ মাৰিব‍ই যাব পাৰিলোহেতেন | কমচে কম এসাজৰ হোৱাকৈতো আনিব পাৰিলোহেতেন ! কিয়যে পাহৰি আছিলো !

নখৰাৰ জেঠীৰ লগত কথা পাতি ওলাই আহিছো | মনত লৈ আহিছো এসোপা বিষাদ আৰু অনিশ্চয়তা | হেৰুওৱাৰ ভয় | এটা বিশাল ৰসৰ ভাণ্ডাৰ, জীৱন্ত এখন সাধুকথাৰ পুথি যেন আমি হেৰুৱাব ওলাইছো ! বোকাময় হৈ পৰিছে মোৰ সন্মুখৰ ভৱিষ্যতৰ পৃথিৱীখন | এটা এটা বেয়া ফলে কাঢ়ি লৈ গৈ আছে মোৰ মনৰ এটা এটা সপোন | ধূঁৱলি-কুঁৱলি দেখিছো চৌদিশ | কিন্তু হঠাতে কৰপৰা যে ফোনতো আহিল | আহিয়েই দি থৈ গ’ল এক পুৰণি নিচা-যি নিচাই মোৰ মনৰপৰা নিমিষতে কাঢ়ি লৈ গ’ল বিষাদত ডুব গৈ থকা সকলো ভাৱনা | পাহৰি গ’লো ম‍ই কি সপোন দেখিছিলো, কিহৰ মায়াই মোক বলীয়ান কৰি তুলিছিল ! এতিয়া মাথো এটাই নিচা..মাছ মাৰিব যোৱা, মোৰ পুৰণি নিচা এটাক আকৌ আকোঁৱালি লোৱা | ফোনটোক এবাৰ ধন্যবাদ জনালো |   

( ক্ৰমশঃ)

Wednesday, November 9, 2011

গ্ৰন্থালোচনাঃ কথা ৰত্নাকৰ



গ্ৰন্থঃ কথা ৰত্নাকৰ
উপন্যাসিকঃ ডঃ ধ্ৰুৱজ্যোতি বৰা
প্ৰকাশনঃ অন্বেষা, বাৰোৱাৰী, গুৱাহাটী
প্ৰথম প্ৰকাশঃ ২০০৭ ইং চন, মুদ্ৰণঃ ষষ্ঠ
মূল্যঃ ১৬৫.০০ টকা
বঁটাঃ সাহিত্য একাডেমী-২০০৯ চন

"ম‍ইনা কৈৱৰ্ত সমাজত জন্মগ্ৰহণ কৰা এজন শিশু | শিশুকালতে দুশ্ৰেণীমানলৈ পঢ়া-শুনা কৰা ম‍ইনাৰ আছিল ’মানুহ’ হোৱাৰ আকাংক্ষা | কিন্তু সমাজৰ ইটো-সিটো সৰু-বৰ ঘটনাৰ পৰা যেতিয়া সমাজ বুলিবলৈ কিবা এটা বুজিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই আহি পৰিছিল বাধা | জাতি-ভেদৰ এক অভেদ্য প্ৰাচীৰ | ’ডোম’ সম্প্ৰদায়ৰ বুলি মানুহে তাক আৰু সিহঁতৰ সমাজখনক অৱহেলা কৰিছিল | কৈৱৰ্তসকলৰ প্ৰতি আন মানুহবোৰৰ ঘিণাবোৰ তাৰ সন্মুখত যিমানেই প্ৰকট হৈ পৰিছিল, সিমানেই তাৰ শিশু মনটোও বিদ্ৰোহী হৈ উঠিছিল | তথাপিও সি একো কৰিব পৰা অৱস্থাত নাছিল | সহপাঠীৰ ঘৰত, স্কুলত আৰু আন আন সামাজিক অনুষ্ঠানবোৰত একমাত্ৰ ’ডোম’ সম্প্ৰদায়ৰ হোৱাৰ বাবেই সি অপমানিত হ’ব লগা হৈছিল যদিও তাৰ স্কুলীয়া শিক্ষাৰ ইতি পৰিছিল ডাবল নিমুনিয়া হোৱাৰ পিছৰপৰাই | লাহে লাহে সিও সিহঁতৰ কৈৱৰ্ত সম্প্ৰদায়ৰ পিছপৰা সমাজ জীৱনৰ এটা অংশ হোৱাৰ পথত আগবাঢ়িছিল | আৰ্থিক দুৰাৱস্থা আছিল সিহঁতৰ সম্প্ৰদায়ৰ লগ এৰা নিদিয়া সমস্যা | একমাত্ৰ টকাৰ বাবেই সিহঁতে নানান ধৰণৰ অসামাজিক কামত লিপ্ত হৈ পৰিব লগা হৈছিল | সেয়েহে চুৰি-ডকাইতি বুলি ক’লে সকলোৰে দৃষ্টি সদায় সিহঁতৰ গাঁওখনৰ ওপৰতে পৰিছিল | আৰু সৰু-সুৰা সুবিধা পালেই আনে সিহঁতক নানা ককৰ্থনা কৰিছিল, জাতত ধৰি গালি পাৰিছিল | এইবোৰ অপমানৰ পৰাই তাৰ মন বিদ্ৰোহী হৈ উঠিছিল | কালৰ পাকচক্ৰত পৰি এদিন ম‍ইনাও চুৰিবিদ্যা শিকিছিল | অৱশ্যে তেতিয়াও সি পূৰ্ণাংগ চোৰ হোৱাগৈ নাছিল | তথাপিও তাৰ খৰচখিনি সি উলিয়াই লব পাৰিছিল | ইতিমধ্যে সৰু-সুৰা চুৰি কাৰ্য্যত জড়িত বুলি তাৰ বিৰুদ্ধে পুলিচৰ ওচৰতো অভিযোগ গৈছিল | সুযোগ এদিন তাৰ ওচৰলৈ আহিছিল-ভাল মানুহ হোৱাৰ | বন্ধুৰ পৰামৰ্শমতে সি মিলিটেৰীত যোগদান কৰাৰ বাবে ইণ্টাৰভিউ দিবলৈ গৈছিল | কিন্তু ভাগ্যৰ লিখন-সি মিলিটেৰীত সোমাব সুবিধা নাপালে | প্ৰথমবাৰ হাৰ্ণিয়াৰ বাবে আৰু তাৰ পাছত চুৰি কাৰ্য্যত অপৰাধী হিচাপে পুলিচে দিয়া ৰিপ’ৰ্টৰ বাবে সি খালী হাতে ঘূৰি আহিব লগা হৈছিল | তাৰ পৰিৱৰ্ত্তে স্থানীয় পুলিচৰ অনুসন্ধানৰ নামত হাৰাশাস্তি খোৱাৰ ভয়ত পলাবলগীয়াহে হ’ল | অৱশ্যে বেছিদিনৰ বাবে নহয় | গাঁওৰ মানুহৰ সহযোগত এবাৰলৈ সি বাচি আহিল | এনেদৰে চলি গ’ল ম‍ইনাৰ জীৱন | আৰু প্ৰতি  খোজতেই সি আহৰণ কৰি গ’ল অভিজ্ঞতা | ঘৰৰ দায়িত্বও তাৰ ওপৰলৈ আহিল | সেয়ে চুৰি কাৰ্য্যত সি ঘনাই যাব লগা হ’ল | আত্মদহনত দহি দহি বাদ দিম বুলিও চুৰি বিদ্যাকেই সি পেছা হিচাপে ল’ব লগাত পৰিল | এখন পিছপৰা সমাজ | এটি পিছপৰা সম্প্ৰদায় | সিহঁতৰ যেন উপভোগ কৰিবলৈ, আনন্দ কৰিবলৈ অধিকাৰেই নাই ! স্বাধীনতা দিৱসৰ দিনাখন গোটেই ভাৰতবৰ্ষ যি সময়ত আনন্দৰ লহৰত উত্‍সৱত মত্ত আছিল, সেই সময়ত সিহঁতে মাথোন পদূলি মুখলৈ আহি ডিঙি মেলি মেলি চাইছিল সেই আনন্দৰ মেলালৈ অহা-যোৱা কৰা মানুহবোৰলৈ | স্বাধীনতা সম্পৰ্কে এটাই মাথো ধাৰণা আছিল যে, স্বাধীনতাই সিহঁতৰ জীৱনলৈ অলপ হ’লেও উন্নতি আনিব | কিন্তু একেই আছিল সিহঁতৰ অৱস্থা |  একেই আছিল দন্দ-খৰিয়াল, একেই আছিল খাম-খেয়ালিবোৰ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক ম‍ইনা জড়িত হৈ পৰিছিল | পুলিচৰ দৃষ্টিত আৰু দাগী হৈ গৈ আছিল ম‍ইনা |  তেনেকুৱা এটা ঘ্টনাৰ পকচক্ৰত ম‍ইনা সোমাই গৈছিল | এইবাৰৰ কেচটো কিন্তু আগৰবাৰৰ নিচিনা সহজ নাছিল | হত্যাৰ পৰিকল্পনাকাৰী আৰু হত্যাকাৰী হিচাপে পুলিচে এইবাৰ ম‍ইনাক বিচাৰি ফুৰিছিল | দুটা সম্প্ৰদায়ৰ জাত্যাভিমানক লৈ গৰম হৈ আছিল দুখন সমাজ | এফালে তাৰেই বাল্যবন্ধু নৰেশ্বৰে লাগিছিল তাৰ সমাজখনৰ আত্মসন্মান ৰক্ষা কৰিবলৈ | আৰু আনফালে আছিল ম‍ইনা নিজেই | ’ডোম’ সম্প্ৰদায়ক আৰু সেহঁতৰ সমাজখনক অপমৰ্য্যদাৰ পৰা মুক্ত কৰিবলৈ ম‍ইনা লাগি গৈছিল | সেইবোৰে সিহঁতৰ সমাজখনৰ দৃষ্টিত তাক আৰু সহযোগীসকলক বীৰ সজাইছিল | তথাপি মইনা পলাবলগীয়া হৈছিল | ঠায়ে ঠায়ে ছ’ছিয়েলিষ্ট সকলৰ লগত থাকি, জ্ঞানী মানুহৰ সংস্পৰ্শলৈ আহি সি বুজি উঠিছিল এই হাই-কাজিয়া, সাম্প্ৰদায়িকতা সকলো মিছা | শি যিখিনি টকা গোটাইছিল সেইখিনিৰেই পিছৰ জীৱনকাল কটাই দিব পাৰিব | কিন্তু পাপৰ  এই চক্ৰব্যুহৰপৰা ওলাই অহাৰ ৰাস্তা সি বিচাৰি পোৱা নাছিল | দেউতাকৰ কথা মনত পৰিছিল তাৰ | দেউতাকৰ দৰে তাৰো ধৰ্ম-কৰ্ম্মৰ প্ৰতি মন গৈছিল | সেয়েহে ভকতীয়া ধৰ্মত ব্ৰতী হৈছিল ম‍ইনা | মনৰ ভিতৰত তেতিয়া চলি আছিল এখন যুদ্ধ | ঘৰৰ কথাই, পৰিয়ালৰ চিন্তাই, বানে জুৰুলা কৰা গাঁওখনৰ মানুহৰ বাবে কিবা এটা কৰাৰ চিন্তাই তাক খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল | কেতিয়াবা যদি ঘৰলৈ উভতি গৈ ভালকৈ সংসাৰ কৰাৰ চিন্তা কৰিছিল, কেতিয়াবা আকৌ সমাজবাদী সকলৰ লগ লাগি গাঁওখনৰ উন্নতিৰ হকে ভাৱিছিল | কেতিয়াবা যদি ধৰ্ম-কৰ্মক আকোঁৱালি লোৱাৰ কথা ভাৱিছিল, সহযোগীসকলৰ একান্ত স্বাৰ্থত তাৰ পেছাকো সি বাদ দিয়াৰ কথা ভাৱিব পৰা নাছিল | তাৰ পাছতো গাঁওখনৰ বানে জুৰুলা কৰা পৰিয়ালকেইটিৰ বাবে চন মাটি দখল কৰাৰ নেতৃত্ব দিছিল | বহুকেইটা পৰিয়াল বাছি গৈছিল | পেটে-ভাতে খাব পৰা অৱস্থালৈ উভতি আহিছিল | এই সকলোবোৰ ভাৱি-গুণি ম‍ইনাৰ ভাগৰ লাগি আহিছিল | পৰিয়ালৰ প্ৰতি সেই সময়ত এক অবুজ টানে টানিছিল তাক | সেয়েহে যৌৱন কালতে ভাল লগা তিলেশ্বৰী আৰু আন আন সহযোগী সকলৰ লগত আলোচনা কৰি উকীল লগাই পুলিচক সি ধৰা দিছিল | জেল হৈছিল ম‍ইনাৰ | নিজৰ দৃষ্টিতেই সি দাগী হৈ পৰিছিল | অনুশোচনাত ভুগিছিল সি | তাৰ আত্মহননৰ ডায়েৰীখন কেতিয়াবা সি মেলি লৈছিল আৰু শৈশৱ কালৰে তাৰ গুৰুস্বৰূপ ককাকৰ মুখখন ভাঁহি আহিছিল | ককাকে যেন তাক খং কৰি আছিল | মোহভংগ হৈছিল তাৰ | সকলোবোৰ শূণ্য শূণ্য যেন লাগিছিল | সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল ম‍ইনা | সেই অঞ্চলটোৱে বৰ আমনি দিছিল তাক | তাৰ শৈশবৰ খেল-ধেমালিবোৰে, যৌৱনৰ প্ৰেম আৰু কাম-কাজৰ মাদকতাবোৰে, প্ৰাপ্তবয়সত হোৱা অভিজ্ঞতাবোৰে তাক বাৰে বাৰে টানি লৈ গৈছিল | সামাজিক কন্দলৰ পৰিণতিবোৰে, যিবোৰে কোনো সুফল দিব পৰা নাছিল, সেইবোৰেও আমনি কৰিছিলহি | এইবোৰৰ লগত লাগি থাকোতে কেতিয়াবা যে সি ঘৰখনৰ কথা পাহৰিয়েই গৈছিল, সেই কথাটো পিছত ভাৱি সি কষ্ট পাইছিল | সেয়েহে এখন নতুন ঠাইত নতুনত্ব বিচাৰি জাত-পাতৰ উৰ্দ্ধত গৈ থকাৰ মানসেৰে দৈয়াঙৰ ফালে মাটি ধৰিছিলগৈ | লাহে লাহে সি দৈয়াঙৰ নতুন ঘৰখনতেই থাকি ভাল পোৱা হৈছিল | তাতে খেতি-বাতি কৰি ঘৰ দুখন সি চলাই নিছিল | আনফালে সি নথকা তাৰ মূল ঘৰখনৰ দায়িত্ব লৈছিল তাৰ একো-এটা প্ৰতিবাদ কৰিব নজনা ঘৈনীয়েকে | ল’ৰা-ছোৱালী তিনিটাৰ পঢ়া-শুনাৰ পৰা মাক-দেউতাকৰ আলপৈচান ধৰালৈ, বাহী ন্বনৰ পৰা খেতি-বাতিৰ কাম-কাজতো সহায় কৰালৈ সকলোখিনি নিৰৱে কৰি গৈছিল তেওঁ | ঘৈনীয়েক আৰু ল’ৰা-ছোৱালীকেইটাক দৈয়াঙলৈ একেবাৰে লৈ যাম বুলিয়েই ম‍ইনাই আটাইকেইজনকে এবাৰ তালৈ নিছিল | কিন্তু ঘৈনীয়েকৰ তাতে একেবাৰে মন বহা নাছিল | সেয়েহে দৈয়াঙত অকলে থকাৰ সিদ্ধান্ত লৈয়ে সি সিহঁতকেইটাক মূল ঘৰত থৈ আহিছিলহি | অকলশৰীয়া ভাৱে কটাই গৈছিল এটা জীৱন | হঠাতে তাৰ বন্ধু এজনৰ যোগেদি ম‍ইনাৰ ঘৈনীয়েকে এক অভিনৱ প্ৰস্তাৱ দিছিল-ম‍ইনাৰ দ্বিতীয় বিবাহৰ প্ৰস্তাৱ | ম‍ইনাৰ কষ্ট ঘৈনীয়েকৰ সহ্য হোৱা নাছিল | অৱশেষত ম‍ইনাই দ্বিতীয় বিবাহ পাতিছিল | এজন মানুহ, দুখন ঘৰ | তথাপিও তাৰ কষ্ট হোৱা নাছিল | তাৰ প্ৰথমা পত্নীয়ে সুকলমে চলাই নিব পাৰিছিল তাৰ মূল ঘৰখন | আৰু ম‍ইনা দৈয়াঙৰ ওচৰত য’ত আছিল, পুৰণি সমাজখনৰ একঘেমীয়াবোৰ তাত নাছিল | কিন্তু চলি থকা কিংবদন্তীবোৰ চলিয়েই আছিল | আনকি বাঢ়িহে গৈছিল তাৰ পৰিসৰ | হাই-কাজিয়াবোৰে সংঘৰ্ষৰ ৰূপ লৈছিল | সমাজবাদ, ৰাজনীতিয়ে ইয়াক আৰু অধিক জীপাল কৰি তুলিছিল, যিয়ে জন্ম দিছিল ন-ন কিংবদন্তীৰ | তেনেকৈয়ে চলি গৈছিল সমাজখন | "


নৈ যেনেকৈ বৈ যায়, গতিশীলতাত বৈ গৈছে ’কথা ৰত্নাকৰ’ উপন্যাসখনৰ কাহিনীভাগ | নৈখনৰ গৰাত লাগি থকা বিৰিণাবোৰে কৈ গৈছে চৰিত্ৰবোৰৰ বৰ্ণনা | সাৱলীল ধাৰাৰে বৈ আছে উপন্যাসখন | যেন ৰ’বলৈ সময়েই নাই ; অলপ ৰ’লেই চন্দহীন হৈ পৰিব সকলোবোৰ | উপন্যাসখনৰ পটভূমি বিস্তৃত | এখন সমাজৰ সৰু-বৰ সকলো দিশেই সামৰি সৰু-বৰ কাহিনীবোৰক কাহিনীৰ ৰূপ দি ’কথা ৰত্নাকৰ’ যেন এক আধুনিক আখ্যানহে | গ্ৰাম্য জীৱনত পৰিপূৰ্ণ সুখ-দুখ, হিংসা-অসূয়া বৰ্ণনাত সম্পূৰ্ণৰূপে সফল উপন্যাসিক | প্ৰেম-ভালপোৱা, সহায়-সহানুভূতিৰ এক বহুল মিলনভূমি ’কথা-ৰত্নাকৰ’ | মানৱীয় প্ৰবৃত্তিও জলজল-পটপটকৈ পৰিষ্ফুট হৈছে উপন্যাসখনত | শিক্ষাহীন, জাতিভেদ, সাম্প্ৰদায়িকতাত জৰ্জৰ পিছপৰা এখন সমাজৰ কিযে এক সুন্দৰ বিশ্লেষণ | ক্ষুধা আৰু অৰ্থনৈতিক দৈন্যতাই কেনেকৈ মানুহৰ প্ৰবৃত্তিত হিংসাৰ প্ৰলেপ সানিব পাৰে তাকো উপন্যাসখনত সুন্দৰভাৱে অংকন কৰা হৈছে | মানুহ মাত্ৰেই থাকে স্বাভিমান, আত্মমৰ্য্যদা | আত্মসন্মানত আঘাত হানিব পৰা যিকোনো ঘটনাই মানুহক কিমান প্ৰতিশোধপৰায়ণ কৰি তুলিব পাৰে এটা এটা সৰু-বৰ ঘটনাই তাকে প্ৰমাণ কৰিছে | আৰু এই সকলোখিনিয়েই আৱৰ্তিত হৈ আছে এধানি মাত্ৰ স্বীকৃতিৰ স্বাৰ্থতেই | প্ৰতি মূহুৰ্তৰ অন্তৰ্বেদনাবোৰ, সপোনবোৰ কিমান সজল ৰূপত তুলি ধৰা হৈছে তাক ভাষাৰে বুজোৱা টান |


২০০৯ ইং চনত সাহিত্য একাডেমী বঁটাৰে পুৰষ্কৃত উপন্যাসখনৰ চাৰিত্ৰিক বিশ্লষণ অতি সবল | এটি ঋণাত্মক গুণধৰ্মী চৰিত্ৰক মূখ্য চৰিত্ৰ হিচাপে লোৱা হৈছে উপন্যাসখনত | ’বেয়া মানুহ’ এজনৰ গাত থাকিব পৰা বেয়া গুঅসমূহৰ বিশ্লেষণ নিখুঁট | তাৰ মাজতো প্ৰতিফলিত হৈছে ’ভাল মানুহ’ হোৱাৰ বাসনা | উপন্যাসখনত প্ৰতিটো চৰিত্ৰ‍ই কঢ়িয়াই লৈ ফুৰিছে গতিশীলতা | উপন্যাসখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰকাশ্য ৰূপত অৱতৰণ কৰিছে মনৱীয় স্পৃহাৰ বন্দনা-যিয়ে উপন্যাসখনক প্ৰদান কৰিছে এক অন্য ধৰণৰ বৈচিত্ৰ্তা | ল’ৰালিৰপৰা কিশোৰ কাললৈ, কিশোৰৰ পৰা যৌৱনলৈ, শেষত বৃদ্ধাৱস্থালৈ কোনটো পটৰ জৰিয়তে পৰিৱৰ্তিত হ’ল, সেয়া বিচাৰি উলিওৱা টান | এয়াই উপন্যাসখনৰ গতিশীলতাৰ পৰিচয় দিছে | ঠায়ে-ঠায়ে বিশেষ কায়দা-কৌশলবোৰ গৱেষনামূলক হিচাপে ভৱাৰ বাহিৰে অন্য ভাৱ অনাৰ থল নাই | চুৰি কৰাৰ কৌশল, পলোৱাৰ কৌশল...ইত্যাদিৰ বিৱৰণ কলাত্মক আৰু অগতানুগতিক | এই অগতানুগতিকতাই উপন্যাসখনৰ লগত পাঠকক একাত্ম হ’বলৈ সহায় কৰিছে | অন্য এটা সবল দিশে উপন্যাসখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে | সেয়া হ’ল চৰিত্ৰ এটাক কাহিনীভাগত অন্তৰ্ভুক্তিৰ সুনিৰ্দিষ্ট সময় | 


বুৰঞ্জীমূলক বিশ্লেষনখিনিয়ে পাঠকৰ মনত ঠাইখনৰ এক ভৌগলিক মানচিত্ৰ প্ৰস্তুত কৰাৰ লগতে জ্ঞান প্ৰদানতো সহায় কৰিছে | সমাজতন্ত্ৰ, ৰাজনীতি, মহাপুৰুষীয়া ৰীতি-নীতিবোৰে উপন্যাসখনৰ বিস্তৃতিৰ প্ৰমাণ দিছে | এইবোৰে অনা পৰিৱৰ্তনৰ ধাৰাই পট পৰিৱৰ্তনতো উল্লেখনীয় অৰিহণা যোগাইছে | 


অৱশ্যে পট পৰিৱৰ্তনৰ ধাৰা মাজে মাজে ইমানেই খৰতকীয়া হৈছে যে, তাক ভালকৈ বুজি পাবলৈ দুই-তিনিবাৰকৈ পঢ়িব লগাও হৈছে | 


আমাৰ সমাজৰ কিছুমানে জাতি-ধৰ্ম, সাম্প্ৰদায়িকতাৰ নামত অৱহেলাৰ জৰিয়তে এটা চামক ৰত্নাকৰ হ’বলৈ থেলি দিছে যদিও সেই ৰত্নাকৰ কাণ্ড‍ই মীপিড়িত সম্প্ৰদয়ক বীৰৰ দৰ্শন দিয়াইছে | ইয়েই প্ৰমাণ কৰে উপন্যাসিকৰ মহানুভৱতা | উপন্যাসখনৰ শেষত এটি শুভ ৰূপান্তৰৰে উপন্যাসিকে সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে | ইয়েই আধুনিক যুগৰ কিংবদন্তী হিচাপে খ্যাত হ’ব বুলি আশা পালি তেওঁ উপন্যাসখনৰ যৱনিকা পেলাইছে | 


উপন্যাসখন পঢ়ি তাৰ প্ৰতি এটা টান অনুভৱ কৰা বাবেই টোকাতো লিখিবলৈ বহিছিলো | কোনটো কথা লিখিম, কোনটো নিলিখিম, কোনটো ঘটনাৰ বৰ্ননা বিস্তৃতভাৱে দিম, কোনটোক বাদ দিম সেই বিষয়ে ভাৱি বৰ দোমোজাত পৰিছিলো কিয়নো বাদ দিব বিষয় উপনূআসখনত একোৱেই নাছিল | তাৰ মাজতো কিছুমান কথা এশাৰী-দুশাৰীৰ মাজতে সীমাৱদ্ধ কৰিবলৈ চেষ্টা কৰিছো, য’ত ত্ৰুটি ৰৈ যোৱাতো স্বাভাৱিক | উপন্যাসখন পঢ়ি মোৰ মানসপটত সৃষ্টি হোৱা ছৱিখনক কেন্দ্ৰ কৰিয়েই টোকাতো লোখিবলৈ চেষ্টা কৰিছো | ঠায়ে-ঠায়ে কথাবোৰ ওলট-পালট হোৱাও অস্বাভাৱিক নহয় | তেনেবোৰ ভুল-আসোঁৱাহ নিত্যান্ত‍ই মাৰ্জনীয় | সেয়েহে পাঠকসকললৈ অনুৰোধ কিতাপখন পঢ়ি তেওঁলোকে যেন তাক উপলব্ধি কৰিব চেষ্টা কৰে (যিখিনি কথা উপলব্ধি কৰিহে ম‍ই এই টোকাতো লিখিব পাৰিছো), ইহে আমাক প্ৰকৃত মানৱতা প্ৰবৃত্তিৰে গুণগত মনুষ্য জাতিলৈ ৰূপান্তৰ কৰিব পাৰিব | 


[ এই টোকাতো অ.ক.ব. ৰ বাবে যুগুতাইছিলো অক্টোবৰৰ শেষৰফালে | কিন্তু টাইপিঙৰ এলাহখিনিৰ বাবেই ৰাইজলৈ মুকলি কৰি দিব পৰা নাছিলো | তাৰ পিছত আহিল শতিকাৰ আটাইতকৈ মৰ্মান্তিক খবৰতো | আজি সেই মহাপুৰুষজনাৰ স্পন্দনহীন দেহ পঞ্চভূতত বিলীন হৈ যোৱাৰ পিছৰে পৰা তেওঁৰেই গান শুনি শুনি টাইপিঙত লাগিছিলো | মনটো বেয়া বাবেই চাগে’ ক’তো যাবলৈও ইচ্ছা যোৱা নাছিল | তেনেকৈ একেলেথাৰিয়ে কামখিনি শেষ কৰি পেলালো | এই লেখাটো ম‍ই সেইজন যুগস্ৰষ্টা মহানয়ক, লুইতৰ আজন্ম প্ৰহৰী সুধাশিল্পী ডঃ ভূপেন হাজৰিকাৰ নামত উছৰ্গা কৰিছো | ]

Saturday, October 22, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি-৪

বাছৰপৰা নামি যিমানেই ঘৰলৈ বুলি ওচৰ চাপিছোঁ মনটোও সিমানে উত্‍কণ্ঠিত হৈ গৈ থাকিল। গাঁওৰ বাট-পথৰ ভালেখিনি পৰিৱৰ্ত্তন লক্ষ্য কৰিলোঁ। অৱশ্যে তাত উন্নয়নৰ ছবি দেখাৰ পৰিৱৰ্ত্তে তাৰ এক ওলোটা ছবিহে দেখিলোঁ। আগতে স্কুলৰপৰা আহি আমি যিখিনি ঠাইত মাৰ্বল খেলিছিলোঁ, চিক্‌চিকীয়া চাফা আৰু চোতালৰ দৰে সমান সেই কেঁচা ৰাস্তাত এতিয়া বোকাৰ জয়জয়-ময়ময়। ৰাস্তাৰ গুৰিতে থকা থানে খুৰাহঁতৰ বাঁহেৰে ৰাস্তাৰ ফালে দিয়া বেৰখন এহাতমান আগুৱাই আহি ৰাস্তাৰ পৰিসৰ কমাই নিছে। ৰাস্তাৰ বাঁওফালে থকা বাঁহনিখনে অটব্য অৰণ্যৰ ৰূপ লৈ ৰাস্তাৰ ওপৰেৰে পাখি মেলি ৰাস্তাটোক সূৰ্য্যদেৱৰ পোহৰৰ পৰা বচোৱাৰ দিহা কৰিছে। সেইবোৰ কাটিবলৈও গাঁওত যেন কোনো নাই। অথচ সেই বাঁহনিডৰাক লৈয়ে কমখন গণ্ডগোল লাগিছিলনে। হাতত দা লৈ ৰাইজক কাটিবলৈ অহা সিটো চুপাৰ অপূৰ্ব্বৰ সন্মুখতে দেখোন আমি বাঁহবোৰৰ শিৰচ্ছেদ কৰিছিলোঁ। আজি ক’ত গ’ল ৰাইজৰ সেই শক্তি!

-"অ’ হিতু, কিত্তে আইহলি? অহিহে আছ যেন পাওঁ? পাচে পোটেই মানহুটো পোতাইদি লুটুৰ-পুটুৰ হৈ আইছা যি?"- ঘৰৰপৰা গৰু এৰাল দিবলৈ ওলাই আহি পদূলিমুখতে মোৰ মুখামুখি হোৱা নিৰেণ আতাই মোৰ অৱস্থা দেখি সুধিলে।
-"অ’ ও আতা। গাড়ী ফাঁচিছিল, ঠেইলে থাকাতে চাকাই মাচ্ছি।"
-"হয় দে, কিযে হৈছি ৰাস্তাটোৰ অৱস্থা! পাচে ত‍ই কেইদিনমান থাকবি নহে?"
-"চাওচোন। অফিচৰ পৰা ফোন আইহলি যাবা লাগবো।" পিছপিনৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল।
-"যা তেনেহ’লি। কাপোৰ-কানি সালে ল’নি। আইহবি আমাৰ ফালে।"
-"হ’ব দে, আহিম।" সংক্ষিপ্তভাৱে কথাখিনিৰ সমাপ্তি পেলাই ম‍ই আগলৈ খোজ ল’লো। 

এইজন নিৰেণ আতাৰ মাক ’নখৰাৰ জেঠী’ৰপৰা সৰুতে কম সাধু শুনিছিলোনে! পাছে জেঠী হেনো এতিয়া নৰীয়াত। আবেলিলৈ এবাৰ খবৰ লোৱাৰ পৰিকল্পনা কৰি বোকাৰ মাজে মাজে ঘৰলৈ বুলি আগবাঢ়িলোঁ। বোকাময় এই ৰাস্তাৰ কেতিয়াও নেদেখা এই ৰূপে মোক বিষন্ন কৰি তুলিছে। কিয় বাৰু বাৰে বাৰে পুৰণি কথাবোৰ মনলৈ আহি আছে। সেই বাট-পথ, যিটোৰে এন্ধাৰ ৰাতি পোহৰ অবিহনেই আমি অনায়াসেই আহ-য়োৱা কৰিছিলোঁ, জোনাক ৰাতি খোজ কাঢ়ি থাকোঁতে ৰাস্তাত পাৰি থোৱা আছিল এক শুকুলা চাদৰ, তৰাময় গধূলি মূৰৰ ওপৰেৰে বৈ আছিল এখন তৰাৰ নৈ! কেনি গ’ল সেই পথ, ক’ত হেৰাই থাকিল সেই শুকুলা চাদৰ, ক’ত লুকাই থাকিল সেই তৰাৰ নৈ! মনটো গধূৰ হৈ আহিল। 

ৰাস্তাৰ দাঁতিত থকা ’ডাক্তৰ দাদি’ৰ প্ৰকাণ্ড অমৰাজোপাও নাই। অমৰা পাৰিব গৈ কম গালি খাইছিলোনে আমি। সেই গালিৰো এক নিজস্বতা আছিল, এক সুকীয়া আমেজ আছিল। সেই বাবেই চাগে’ আমি চেঙেলীয়াসোপাই অমৰা দফিওৱাৰ চলেৰে গাঁওৰ একমাত্ৰ টিঙৰ ঘৰটিলৈ চপৰা দলিয়াইছিলোঁ আৰু ডাক্তৰ দাদিয়ে ঘৰৰ ভিতৰৰপৰাই চিঞৰিছিল-"ঐ মৰঙেমাৰাহত, গাছডেলত ভালকে ফলকেটাও লাগবা নেদানা? বোলো কথাতেই আছে ৰাক্ষসৰ আগত ধুৱা চাউল। এই কুৱালা আমৰাকেইটাও তুহাৰপৰা ৰক্ষা নাপয়না? ভিঠাত জুই লাগব তুহাৰ...যমে সুদা ভাত খাব...ডেকা গাড়ীত জুই লাগব......." আৰুযে কিমান গালি পাৰিছিল..আৰু গালি-শপনিলৈ কেৰেপ নকৰি আমি ঘৰৰ বেৰৰ ফুটাৰে চাই আছিলোঁ দাদিৰ কাম-কাজলৈ। মুখেৰে ফৰিংফুটা দিলেও বিচনাত বহি তেওঁ কিন্তু একান্ত মনে চাধা মোহাৰিহে আছিল। তেওঁৰ শাওবোৰ আন্তৰিক নাছিল, গাঁওৰ কাৰোবাৰ বেয়া হোৱাটো তেওঁৰ কাম্য নাছিল। বৰঞ্চ ডাক্তৰী চিকিত্‍সাৰপৰা বঞ্চিত গাঁওখনত কবিৰাজী চিকিত্‍সাৰে মানুহক শুশ্ৰূষা কৰাটোহে আছিল তেওঁৰ প্ৰধান কৰ্ত্তব্য।

-"ঈশ্বৰ দিয়া ঘৰত ধান চাউল আছে। আঞ্জা-তৰকাৰীওনো কিমান লাগে। এটাই মানহু। সেইখিনিও ইঘৰ-সিঘৰ মিলি দিয়েই দেখুন। তেল-নিমখৰ বাবদ যেখিনি টকা-সিকি লাগে, কেইডেলমান বাঁহ বেচিলিয়েই ওলে যাএ।"-চিকিত্‍সাৰ নামত কোনোবাই টকা যাঁচিলে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ। অকলশৰীয়া আছিল ডাক্তৰ দাদি। সেই বাবেই নেকি স্বভাৱত অলপ এলেহুৱা আছিল দাদি। আৰু তেওঁ এলেহুৱা হোৱাৰ সুবিধা আমি চেঙেলীয়াসোপাই লৈছিলোঁ। গধূলি সোনকালে বিচনাত উঠাটো দাদিৰ নিয়ম আছিল। আৰু তাৰ পাচত আমি গৈ দুৱাৰত ঢকিয়াই ঢকিয়াই মাত লগাইছিলোঁ-"দাদি, তামুল ক’ত?"-তিনি-চাৰিবাৰমান মতাৰ পাচত উত্তৰ আহিছিল-"গাছত।"
-"দাদি পাণ ক’ত?"
-"বাৰীত।"
-"দাদি চূণ ক’ত?"
-" অধঃপাতে যাৱহঁত, উঠবা লাগা কল্লি!"-এই বুলি উঠি আহি দুৱাৰমুখত ইতিমধ্যে পলাই-পত্ৰং দিয়া আমাৰ এজনকো নেদেখি তেওঁ গালিৰ অভিধানখনকেই মেলি লৈছিলহি। নঙলা মাৰিৰ কাষত ঢকুৱা বেৰখনৰ আঁৰৰপৰা আমি ফিচিক্‌-ফাচাককৈ হাঁহিছিলোঁ। তেওঁৰ সান্নিধ্যই আমাৰ চেঙেলীয়া জীৱনতো ৰঙীয়াল কৰি তুলিছিল। সৰু-বৰ সকলোৱে দাদি বুলি সম্বোধন কৰা ডাক্তৰ দাদিৰ আচল নাম জনাৰ প্ৰয়োজনীয়তা আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ। সকলোৱে দাদি বুলি মাতে বাবে আমিও সেই বুলিয়েই মাতিছিলোঁ। 

সেইজন ডাক্তৰ দাদিও কেইবছৰমান আগতে ঢুকাল। কোনো বেমাৰ-আজাৰত নপৰাকৈ হঠাত্‍ শোৱাপাটীতেই তেওঁক মৃত অৱস্থাত পোৱা গ’ল। তেতিয়াৰপৰাই তেওঁৰ সেই ঘৰ, সেই বস্তি সকলোবোৰ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল। আজিকালি অমৰা পাৰিবলৈ গৈ দাদিৰ মৰমৰ গালিখিনিও নোপোৱা হ’ল বাবে চেঙেলীয়ামখায়ো অমৰা পাৰিবলৈ যোৱাটোৱেই বাদ দিলে। তথাপি একেই ঠাইতেই থিয় হৈ আছিল অমৰাজোপা। যোৱাবছৰলৈকে আছিল। কিন্তু আজি দেখিছোঁ অমৰাজোপা থকা ঠাইখিনি খালী। একেবাৰে খালী খালী লাগিছে ঠাইখিনি। অজানিতে দীঘল হুমুনিয়াহ এটা ওলাই গ’ল। 

ডাক্তৰ দাদিৰ বস্তিৰপিনে চাই কিমান সময় তেনেকৈ ৰৈ আছিলোঁ গমেই নাপালো। ওচৰত কুকুৰ এটাই ভুকাতহে মোৰ গাত তত আহিল। তাৰো অচিনাকী লাগিছে বোকা-পানীৰে লুটুৰি-পুটুৰি এই আচহুৱা প্ৰাণীটিক। পাচে পাচে প্ৰতীমা পেহীহঁত আহি আছে। মুখামুখি হ’লে মোৰ বিপদ-এই বুলি ঘৰলৈ বেগ ধৰিলোঁ। 

ঘৰৰ নঙলা মাৰিৰ ওচৰত গৈ এখন্তেক ৰৈ গ’লোঁ। ঘৰখনৰো পৰিৱৰ্ত্তন হৈছে। কেবাবছৰো হ’ল বেৰত চূণ-তেল নসনা। কাম কৰোঁতাৰ অভাৱত চোতালতো ঠায়ে ঠায়ে দূৱৰি বন গজিছে। চোতালৰ অৱস্থা দেখিয়েই ধৰিব পৰা হৈছে ঘৰলৈ মানুহৰ অহাযোৱা যে একেবাৰেই কম। আজিকালিৰ মানুহৰ কাৰো ঘৰত ফুৰিব যোৱা সময়েই নোহোৱা হৈ আহিছে। তাতে বেমাৰী দেউতা, কাম-কাজ অলপো কৰিব নোৱাৰে। ভাবি থাকোতে মা ওলাই আহিল। 

গা-পা ধুই আহি যেতিয়া চোতালত চকী পাৰি বহিছোঁ, তেতিয়া আকাশত গধূলি নামিছে। চোতালৰ একোণত থকা গোহালিত মায়ে জ্বলাই থৈ অহা থূপাৰ ধোঁৱাই চৌদিশে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে। আকাশ ফট্‌ফটীয়া। নীড়মুখী চৰাইবোৰে কিৰিলি পাৰি সোঁ-সোৱাই উৰি গৈছে। আকাশত দুই-এটি তৰাই ভূমুকি মাৰিছেহি। ওচৰৰে নামঘৰৰপৰা ভাঁহি আহিছে শংখ-ঘণ্টা, ডবা-বৰকাঁহৰ শব্দ, ঠিক আগৰ দৰেই।

[ক্ৰমশঃ]

Monday, October 10, 2011

পঘা

নিঃশব্দে বৈ আছে নৈৰ পানীখিনি | ওচৰৰ পথাৰখনত দুটিমান চৰণীয়া গৰু চৰি আছে | দুই-এজনকৈ মানুহ নৈৰ পাৰলৈ আহিবলৈ আৰম্ভ কৰিছে | তেওঁলোকৰ প্ৰতিজনৰে লগত দুই-এহালকৈ গৰু-ম’হ | নৈৰ পাৰত দুটিমান পোৱালি দামুৰিয়ে চেকুৰ দিছে আৰু তাক ধৰিবলৈ গৰখীয়াজন ইপিনৰপৰা সিপিনলৈ দৌৰাদৌৰি কৰিছে | মাকৰ হেম্বেলনিত দামুৰিবোৰে থিহ দি চাইছে কিজানি তাকেই মাতিছে মাকে | তাৰ পিছত আকৌ দৌৰিছে | অলপ সময় দামুৰি পোৱালিৰ লগত দৌৰাদৌৰি কৰি গৰখীয়াজন ভাগৰি পৰিছে আৰু দামুৰি ধুৱাবলৈ আশা বাদ দি খিৰতী গাইজনীকে নৈত নমাই নিছে | 


নৈৰ গৰু ধুউৱা ঘাটটোৰ অলপ আতঁৰতে থকা বাঁহৰ সাঁকোখনত বহি পূৰ্ণই এইবোৰ পৰিঘ্টনাকেই লক্ষ্য কৰিছে | বুজাব নোৱাৰা বেদনাই তাক ভাৰাক্ৰান্ত কৰি ৰাখিছে | ৰাতিপুৱা চাহকাপো নোখোৱাকৈ সি ওলাই আহিছিল তাৰ মালিকৰ ঘৰৰ পৰা | প্ৰথমতে মুকলি পথাৰখনলৈ, নৈৰ পাৰলৈ, ওচৰতে থকা বিলৰ পাৰলৈ, তাৰ গাতে থকা কাছকুৰি ৰিজাৰ্ভলৈ | ক’লৈ যে যোৱা নাই আজি সি | অৱশেষত ক’ব নোৱাৰাকৈয়ে উপস্থিত হৈছেহি নৈৰ ঘাটত | যিটো ঘাটত আজি গৰুবিহুৰ দিনাখন সি সদায়ে প্ৰথম উপস্থিত হৈছিলহি গৰু ধুৱাবলৈ | কাজলীক পাৰত থকা তামোল গছজোপাত বান্ধি কলীক নমাই নিছিলহি নৈলৈ | আৰু কলীক ধুৱাই লৈহে কাজলী আৰু তাইৰ দমৰা পোৱালী ’বুলেট’ক ধুৱাইছিল | আৰু আজি ! সি মাথো নিৰৱ দৰ্শক | যিটো ঘাটত এইখিনি সময়ত ’বুলেট’ৰ লগত দৌৰাদৌৰি কৰিব লাগিলহেঁতেন, সেই ঘাটতে সি আজি মাথো চাইছে আন মানুহবোৰলৈ | যি সময়ত সি দীঘলতী পাতেৰে গৰু তিনিটাক কোৱাই গালেহেঁতেন "মাৰ সৰু, বাপেৰ সৰু, ত‍ই হ’বি বৰ গৰু", সেই সময়ত আজি চাই থাকিব লগা হৈছে মাথো "লাওঁ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা" বুলি পানীত ডুব মাৰি আনবোৰে মালা সলোৱাৰ দৃশ্য | অসহ্য লাগি গৈছে তাৰ সকলো | ক’ৰবাৰ পৰা শোকে আহি হেঁচা মাৰি ধৰিছেহি| 


ৰবীন মাষ্টৰৰ ঘৰত থকা সি আজি পোন্ধৰ-ষোল্ল বছৰেই হ’ল | কাম বুলিলে গৰু তিনিটা চাব লাগে আৰু তামোল-পানৰ বাৰীখনত নজৰ দিব লাগে | যোৱা পোন্ধৰ বছৰত পূৰ্ণই চাৰি-পাঁচজনীমান গাই গৰু লগ পালে | কিন্তু কোনোজনী কাজলী, কলী আৰু কাজলীৰ দমৰা পোৱালি যাক সি নাম দিছিল ’বুলেট’; তাৰ নিছিনা পোৱা নাছিল | কাজলী আছিল ’পেটপোৰা’ স্বভাৱৰ | ভোক লাগিলে নতুন তৰাৰ পঘাও চিঙি তাই পলাইছিল আৰু পেত ভৰিলেই আহি নিজে নিজে হাজিৰ হৈছিলহি গোহালিত | কলী আছিল ঠাণ্ডা স্বভাৱৰ | সেয়েহে দুয়োজনী গাই গৰুৱে পূৰ্ণৰ অতি মৰমৰ আছিল | গাই দুজনীযে পূৰ্ণৰে মৰমৰ আছিল, তেনে নহয়, ৰবীন মাষ্টৰেও দিয়োজনীকে বৰ আদৰ-যত্নেৰে পালিছিল | বাৰিষা বানপানীৰ সময়ত পূৰ্ণৰ লগত পানীৰ মাজৰ পৰা দল ঘাঁহ পৰ্য্যন্ত কাটি আনিছিল তেওঁ | 


এটি আটোমটোকাৰিকৈ সজোৱা ঘৰ, য’ত পৰিয়াল বুলিবলৈ ঘৈনীয়েক, পূৰ্ণ আৰু তেওঁ | একমাত্ৰ জীয়েক নিতা | তায়ো চহৰতে পঢ়া-শুনা কৰে | বিহু-পূজা বুলিহে ঘৰলৈ আহে | পিছপিনে থকা তামোলবাৰী, সন্মুখত থকা পাচলিবাৰী, চোতালৰ পূৱপিনে ভঁড়াল আৰু পশ্চিমপিনে থকা চাং গোহালি | ফুৰা-চকা নকৰি ইয়াতেই সৰহভাগ সময় অতিবাহিত কৰিছিল মাষ্টৰে | ওচৰৰ গাওঁত কিবা এটা সকামত যাওঁতে বাটতে পাইছিল পূৰ্ণক | ঘৰ-বাৰী নোহোৱা ঘাটমাউৰা ল’ৰা | তেতিয়াৰ পৰাই তাক তেওঁৰ ঘৰলৈয়ে লৈ আহিছিল আৰু তাৰ ওপৰত জাপি দিছিল গোহালি আৰু তাৰ আৱাসীসকলৰ দায়িত্ব | সেই দিনটো ধৰি পূৰ্ণই সিহঁতৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল আৰু ৰবীন মাষ্টৰে ঘৰখনৰ | সিও হৈ পৰিছিল সেইখন ঘৰৰে এজন সদস্য |


চাৰি বছৰ আগতে ৰবীন মাষ্টৰ অৱসৰ লোৱাৰ সময়ত ওচৰৰ গাওঁখনৰে স্নাতনে এজনী কাঢ়লী উপহাৰ দিছিল তেওঁক | কজলা বৰণৰ নোমেৰে আৱৰা, কপালত এটি বগা ফোঁট | তলপেটত বগা নোম | দেখাত সুৱনসুৰীয়া, ফাটমুঠীয়া সেইজনীয়েই আছিল কাজলী |


কলী কাজলীতকৈ তিনি বছৰমান ডাঙৰ আছিল | স্বভাৱত শান্ত আছিল কলী | দেহৰ বৰণ আছিল কিচ্‌কিচীয়া কলা | কুকুৰ-মেকুৰী বা আন প্ৰাণীয়ে যেতিয়া সিহঁতৰ পৰিয়ালৰ আন সদস্যক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সিহঁতক তেতিয়া ৰক্ষণাবেক্ষণ দিছিল কলীয়ে | ৰবীন মাষ্টৰৰ ঘৰত খুৱ কমেই হোৱা দুখ-বেজাৰত কলীয়েও গাঁথিছিল চকুলোৰ মালা | আৰু ৰবীন মাষ্টৰৰ মূৰৰ বিষৰ কাৰণ ’ফিকাচাহ’ তাৰো পৰা তেওঁক প্ৰায়ভাগ সময়েই পৰিত্ৰাণ দিয়াইছিল কলীয়েই | মুঠতে এখন ঘৰ সম্পূৰ্ণ হোৱাত অজান প্ৰাণীটিৰ অৰিহনাও আছিল অতুলনীয় |


মাঘ মাহৰ পিছৰেপৰা ৰবীন মাষ্টৰৰ গা বেয়া | বয়সৰ লগে লগে সৰু-সুৰা বেমাৰবোৰ প্ৰায়েই লগ দি থকা হৈছে | বেমাৰ যদিও নিজৰ কৰ্মোদ্যমৰ বাবে তেওঁ এইবোৰ অৱজ্ঞা কৰি চলিব পাৰিছিল | তথাপি চহৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা একমাত্ৰ জীয়েক আৰু পৰিবাৰৰ কথা পেলাব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গৈছিল কেইদিনমানৰ বাবে | ৰবীন মাষ্টৰৰ  অনুপস্থিতিত পূৰ্ণৰ ওপৰত দায়িত্ব বাঢ়িছিল | বজাৰ কৰা, ঘৰৰ ইটো-সিটো কাম কৰা সকলোবোৰ সিয়েই চম্ভালিব লগা হৈছিল | যোৱাৰ আগতে মাষ্টৰে দোহাৰি দোহাৰি তাক কৈছিল, "পূৰ্ণ, ম‍ই কেইদিনৰ বাবে ওলাইছো নিজেই নাজানো | ব’হাগ বিহুৰ কেইদিনমান আগতেহে আহি পাম চাগে’ | গৰুকেইটাৰ লগতে ঘৰখনৰ দায়িত্বও তোৰ ওপৰত দিয়ে যাবলৈ ওলাইছো | ভালকৈ চাবি | তোৰ বুলেটৰ ওপৰত নজৰ ৰাখিবি | বেলেগৰ পাচলিৰ বাৰীত যাতে কেতিয়াও নোসোমায় | খুৰীয়েৰক দোকান-পোহাৰৰ পৰা বজাৰখিনি কৰি দিবি | আৰু সময় পালে তৰাৰ পঘাকেইডাল বনাবি | কাজলীৰ পঘাডাল অলপ দীঘলকৈ বনাবি | বুলেটো ডাঙৰ হ’ল | তাকো এইবাৰ এডাল ভালকৈয়ে দিব লাগিব | গোহালিটো ভাল কৰাৰ বাবে নৈৰ সিপাৰৰ দুজন মানুহ অহা কথা | আহিলে বাৰীৰ মূৰৰ ভলুকা বাঁহজোপাৰ পৰা বাঁহ কাটিব দিবি আৰু ম’ৰা তামোল কেইজোপাৰ পৰা পাটকেইচটা বদলাই দিবি |"


যেন সৰুতে পঢ়া অ-মানে অমৰা, আ-মানে আমহে শিকাই আছে | মাষ্টৰৰ কথাখিনি মনযোগেৰে শুনি এনেকুৱা নাগে পূৰ্ণৰ | ইমান বিশ্বাসেৰে এখন ঘৰৰ দায়িত্ব দি যায় তাৰ ওপৰত | অথচ বাটৰ কাষৰ পৰা বুটলি অনা ল’ৰা সি | সেইখন ঘৰৰ গৰখীয়া | আনে তেনেকৈয়ে ভাৱে | আনে ভাৱিলেও মাষ্টৰে  তেনেকৈ নাভাৱে | তেনেকৈ ভাৱিলে তাৰ ওপৰত ইমান দায়িত্ব দি, কেতিয়াও ওলাই যাব নোৱাৰিলহেঁতেন মাষ্টৰ | 


কেইদিনমানৰ পৰা বতৰ বৰ বেয়া | সৰু-সুৰা দুই-এজাককৈ বৰষুণ দিয়েই আছে | তাতে আকৌ চ’তমহীয়া বতাহ, শিলাবৃষ্টি | নিত্ত-নৈমত্তিক কামখিনিৰ বাহিৰেও এই কেইদিনত পূৰ্ণই পঘাকেইডাল বনাই শেষ কৰিছে | খুৰীয়েকে বিহুৱান দিবলৈ তাঁতৰ গামোছাবোৰ ব‍ই শেষ কৰিব পৰা নাই বাবে অলপ সময় উলিয়াই দিবলৈ খুৰীয়েকে কৰা চাফ-চিকুণৰ কামখিনি সিয়েই কৰিছে | বৰষুণ দি থকা বাবে গোহালি মেৰামতিৰ বাবে আহিব লগা মানুহ দুজনো কাম কৰিবলৈ আহিব পৰা নাই | বৰষুণ অলপ কমিলেই তেওঁলোকে সেইখিনি কৰি অঁতাবহি | এসপ্তাহ আগতে আহি পাবলগা ৰবীন মাষ্টৰৰ কিবা-কিবি পৰীক্ষাৰ ৰিপ’ৰ্ট নিদিয়া বাবে আহিব পৰা নাই | গৰু বিহুৰ ৰাতিপুৱাহে হেনো তেওঁ আহি পাবহি | গতিকে গৰুকেইটিৰ বাবে বিহুত দৰকাৰ হোৱা আটাইকেইপদ বস্তু সিয়েই যোগাৰ কৰিব লাগিব | 


পাচলি বাৰীৰ পৰা বাৰমহীয়া বেঙেনা কেইটামান, জাতিলাও এটা আনি সাজু কৰি থৈ পিছপিনৰ দিঘলতী পাতৰ গছৰ পৰা সৰু আল দুটা আনি সাজু কৰি ৰাখিছিল সি | অহকালি গৰু বিহু | মালিক আহি বিহুৰ প্ৰস্তুতি সম্পূৰ্ণকৈ দেখিব লাগিব | তেখেতে ইমান দূৰৰ পৰা আহিব | আহিয়েই যাতে একো এটা কৰিব লগাত নপৰে.... সেইটো ভাৱিয়েই সি সকলোবোৰ যোগাৰ আগতীয়াকৈ কৰি ৰাখিছে | যোগাৰ সকলো হৈ গৈছে | খুৰীয়েকেও তাঁতৰ কাপোৰ ব‍ই শেষ কৰিছে | আবেলি গৰুকেইটিৰ সন্মুখত খেৰকেইডালমান দি অলপ সময় মহ-মাখিবিলাক খেদি দি তাতেই থাকিল | অহাকালিৰ পিছত সি আৰু এনেকৈ মহ=মাখি খেদিব নালাগে | থূপা দেলেই হৈ যাব | গৰু বিহু নোযোৱাকৈ থূপা দিব নাপায় বাবে কেইদিনমান এইকণ কষ্ট সি কৰিব লগা হৈছে | সকলো ঠিক-ঠাক হোৱাৰ পিছত এতিয়া মাথো প্ৰতীক্ষা ৰাতিপুৱালৈ | এটি বিহুক আকোঁৱালি ল’বলৈ |


কেনা তাতেই লাগিল | ভাত খাই উঠাৰ অলপ পিছতেই আকাশখনলৈ চাই পূৰ্ণৰ ভয় লাগি গ’ল | আকাশখন ওন্দোলি আহিছে | ক’লা মেঘে আৱৰি ধৰিছে | বতাহো আৰম্ভ হৈছে | প্ৰথমতে বতাহৰ প্ৰকোপ অলপ কম আছিল যদিও পিছলৈ সি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে | দুৱাৰ মেলি ৰাখিব নোৱাৰা অৱস্থা হ’ল | পূৰ্ণই গৈ বিচনাত দীঘল দিলে | বাহিৰত প্ৰচণ্ড বতাহ-বৰষুণ | শিলাবৃষ্টিও হৈছে অলপ-অচৰপ | বতাহ-বৰষুণজাক কমিলেই ওলাই গৈ ক’ত কি হৈছে চাব লাগিব | মালিক থাকিলে তেখেতেই এইখিনি কাম কৰিলেহেঁতেনে | তেখেতে নাই যেতিয়া সিয়েই এইটো দায়িত্ব পালন কৰিব লাগিব | গৰুকেইটাও চাগে’ তিতিলে | হঠাতে সি শুনিলে প্ৰচণ্ড এক শব্দ | বতাহ-বৰষুণৰ শব্দ‍ই তীব্ৰতা কমাই দিয়া শব্দটো শুনি উচপ খাই উঠিল সি | কাৰ ঘৰৰ বা কি ভাগি পৰিল ! এবাৰ ভাৱিলে, উঠি যোৱাই ভাল হ’ব নেকি ? কিন্তু সেইটোও অসম্ভৱ | বাহিৰত প্ৰচণ্ড ধুমুহা | শব্দটো কৰবাত গছ ভাগি পৰা শব্দও হ’ব পাৰে | আকাশ-পাতাল ভাৱি থাকোতেই কেতিয়ানো তাৰ টোপনি আহিল গমেই নাপালে | যেতিয়া সাৰ পালে, তেতিয়া ঘৰৰ মূধচেৰে অলপ অলপ পোহৰ ওলাইছে |  সি খক্‌মককৈ উঠি পিছপিনলৈ গ’ল | ক’ত বা কি ভাগিছে ! বাৰীত সৰু-বৰ তামোল গছ, বাঁহ আদি ভাগিছে | তাৰ বাহিৰে বিশেষ একো হোৱা নাই | তাৰপৰা আগচোতালৰ ফালে আহি তাৰ মূৰ ঘূৰাই গ’ল | চকুৰে সি ধোঁৱা-কোঁৱা দেখিলে | সন্মুখৰ গোহালি ঘৰটো উবুৰি খাই পৰি আছে | ওচৰে-পাজৰে কলী, কাজলী, বুলেট এজনীও নাই | ওপৰৰ চালখনে ঘৰটো হেঁচা মাৰি ধৰি আছেগৈ | সি "খুৰী ঐ, সৰ্বনাশ হ’ল " বুলি চিঞ্ৰ এটি মাৰি দৌৰি গৈ চালখন আতঁৰাব চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে | তাৰ পিছত তামোলৰ পাতবিলাক টানি টানি গুচাব ধৰিলে | অলপ পিছত সি যি দেখিলে, তাৰ ংউৰ আচন্দ্ৰাই কৰি উঠিল | গোহালিৰ শালৰ বাটামৰ তলত পৰিআছিল কলী আৰু বুলেটৰ মৃতদেহ | আৰু দুটি খুটাই ডিঙিত চেপি ধৰা অৱস্থাত পৰি আছিল কাজলীৰ মৃতদেহ | সকলো শেষ হৈ গ’ল | ইমান প্ৰস্তুতি, ইমান খেয়াল.... সকলো | তাৰ চকুৰ পৰা গিৰগিৰাই চকুপানী বাগৰি পৰিল | মুখেৰে মাত নোলোৱা হ’ল | ওচৰত মাটিতে সি বহি পৰিল আৰু হুক্‌হুকাই কান্দিব ধৰিলে |


ৰাতিপুৱা গাড়ীত উঠিব ধৰোতেই উজুতি খাই ৰবীন মাষ্টৰে ভাৱিলে আজি দিনটো চাগে’ ভালে নাযাব | তাৰ পাচত যেতিয়া ঘৰ পালে, ঘৰত তেওঁলৈ ৰৈ আছিল এক নিৰ্মম আঘাত | আগচোতালতে তেওঁ মুখমুখি হ’ব লগা হ’ল মৃত্যুৰ দৰে নিৰ্মম সত্যৰ | আগনিশা নিঃশেষ হৈ যোৱা বুকুৰ কোনোৱা এটি কোণত ঠাই লোৱা অবাক তিনিটি প্ৰাণীৰ | ঘৈণীয়েকৰ পৰা গম পাইছিল যে, পূৰ্ণই একো এটা নোখোৱাকৈ ওলাই গৈছে | তাৰ পাচত তেওঁৰ হাত-ভৰিখনো ধুৱলৈ বল নোহোৱা হৈ গৈছিল | ঘৰৰ বাৰান্দাত চালনী এখনৰ ওপৰত সাজু কৰি ৰখা আছিল গৰু বিহুৰ লাও, বেঙেনা, দিঘলতী | ওচৰতে খুটাটোত আঁৰি থোৱা আছিল তৰাৰ নতুন পঘাকেইডাল | ৰবীন মাষ্টৰৰ চকুৰ পৰা এটোপাল গৰম লোটক বৈ আহিল | 


উদাস চকুৰে পূৰ্ণ যেতিয়া ঘূৰি আহিছিল ৰবীন মাষ্টৰে চুবুৰীয়াৰ সহায়ত ইতিমধ্যে শৱ তিনিটা উলিয়াই থৈছিলেই | মাষ্টৰৰ পৰামৰ্শমতে সি এটা এটাকৈ ঠেলা দিখনত উঠালে | তাৰ পিছত সিহঁতৰ বাবে সাজু কৰা লাও-বেঙেনা, দিঘলতী, তৰাৰ পঘা সকলোবোৰ লৈ নৈ পাৰলৈ গ’ল | তাত তিনিটা দীঘলকৈ গাত খান্দি প্ৰতিটোতে একোডালকৈ পঘা দি শৱ তিনিটা থ’লে | তাৰ পাচত লাও-বেঙেনাবোৰ অলপ অলপকৈ পেলাই দি গাবলৈ ধৰিলে, "লাও খা...., বেঙেনা খা...., বছৰে বছৰে.... |" তাৰ উচুপনিত গানটো শেষ নহ’ল | অলপ অলপকৈ মাটিখিনি জাপি দি সি সেৱা এটি কৰিলে |


মৰমৰ পোহনীয়া জন্তু তিনিটাৰ মৃতদেহ সত্‍কাৰ কৰি যেতিয়া পূৰ্ণ ঘৰ পালেহি তেতিয়া গধূলিয়েই হ’ল | গাওঁৰ ডেকা-গাভৰুসকলে ঘৰে ঘৰে হুঁচৰি আৰম্ভ কৰিলে |




সমাপ্ত

 ( গল্পটি ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থান গুৱাহাটীৰ বহাগী উত্‍সৱৰ স্মৃতিগ্ৰন্থ ’বিহুৱান-২০১০’ত প্ৰকাশিত | 
ৰচনাকালঃ জানুৱাৰী, ২০১০ )