Thursday, May 31, 2018

প্ৰেম আৰু এজাক পোহনীয়া ধুমুহা

উৰি উৰি শত গ্ৰহ নক্ষত্ৰ
পোহৰাই শ্যামলী ধৰিত্ৰী
মোৰ বুকুতেই সপোন ৰচিলেহি
প্ৰেম৷
মলয়াৰ দৰে,
মৌচুমীৰ দৰে,
অথবা বৰদৈচিলাৰ দৰে
প্ৰেম,
তুমিও এজাক পোহনীয়া ধুমুহা৷

মনত পৰেনে মলয়া
তোমাৰ জন্মদিনত মই যঁচা
তোমাৰ প্ৰিয় উপহাৰৰ কথা
আৰু তুমি দিয়া কবিতাৰ এটি মধুৰ ৰেখা৷
তোমাৰ দৰে কোমল তাৰ সুৰ,
তোমাৰ দৰে নীৰ্জু তাৰ চাৱনি৷
তোমাৰ জন্মদিনৰ উপহাৰেই
আজি মোৰ জীৱনৰ শ্ৰেষ্ঠ নষ্টালজিয়া৷

তুমি জানা! মৌচুমী,
কিমান মৰম পালে
হৃদয়ক  নতুনকৈ গঢ়িব পাৰি!
তুমি জানানে
কিমান আশাত
জীৱনক জীয়াই ৰখাৰ সপোন দেখুৱাব পাৰি
তুমিতো ভালকৈয়ে জানা
কিমান মৰমেৰে গাব পাৰি
বলীউডৰ শ্ৰেষ্ঠ প্ৰেমৰ গীত৷

তোমাৰ আব্দাৰ,
তোমাৰ অভিমান,
তোমাৰ খং-অনুৰাগ
আৰু তোমাৰ বোকোচাত বান্ধি লৈ অহা
এটি এটি স্মৃতিৰ পল
আজি মোৰ বুকুত বলা এজাক ধুমুহা
মৌচুমী, তুমি প্ৰেমৰ এজাক পোহনীয়া ধুমুহা৷

তোমাৰ সুখৰ সোঁতত ভৰ দি উটি যোৱা
মোৰ সেই অতীত প্ৰেমৰ মধুৰ যন্ত্ৰণা
কিয়?
কিয় বৰদৈচিলা
তাক সলনি কৰি কিয় দিলা চন্দহীনতা
তুমি কিয় বুজি নাপালা
তোমাৰ এষাৰ মাথোঁ মাততেই যে
নকৈ গজালি মেলিব পাৰে
অৰ্ধচেতন এটা জীৱনৰ হেপাঁহ৷
তোমাৰ এপল চাৱনিতযে
স্তব্ধ হৈ যাব পাৰে,
জীৱন-মৃত্যু, সকলো যন্ত্ৰণা৷
অথবা তোমাৰ হৃদয়ৰ প্ৰতি উচ্চাৰণতযে
সৃষ্টি হ'ব পাৰে এক অভিনৱ কবিতা৷
আৰু আজি !
তোমাৰ মুখৰ প্ৰতিষাৰ কথা
আজি মাথোঁ বৰদৈচিলা,
এজাক উৰণীয়া ধুমুহা
মোৰ হৃদয়ৰ এজাক পোহনীয়া ধুমুহা৷

তোমাৰ আগমনত থানবান আজি মোৰ
অতীত প্ৰেমৰ মধুৰ যন্ত্ৰণা
মৰহি যাব ধৰা
নকৈ গজালি মেলা জীৱনৰ হেঁপাহ৷
আৰু বিচ্ছেদৰ বেদনাত নিৰ্বাক
তোমাৰ উচ্চাৰণত মই লিখা
সেই অভিনৱ কবিতা৷

কি লিখিম কবিতা,
তুমিতো বুজিয়েই নোপোৱা কবিতাৰ ভাষা৷

প্ৰেম,
তুমি আজি এজাক ধুমুহা৷
জানো,
যুগ যুগ তুমি হৈ ৰবা পোহনীয়া
প্ৰেম বুলি হৈ থাকিবা তুমি এজাক পোহনীয়া ধুমুহা৷

【ৰচনাকালঃ ২৭ জুলাই, ২০০৭ - ১৪:৩০】

Wednesday, May 30, 2018

সোঁৱৰণীৰ এপিটাফ

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ,
তাতেই মেলি লম আমাৰ প্ৰেমৰ অধ্যায়বোৰ৷
আকৌ এবাৰ উভতি যাম
ইতিহাস হৈ ৰোৱা মসৃণ পথবোৰলৈ৷
জুকিয়াই চাম আমাৰ ভুলবোৰ৷

ভুল অৱশ্যে তোমাৰ নাছিল৷
মাত্ৰাধিক বিশ্বাসেৰে তোমাৰ শংকাবোৰত
বিচাৰি চলাথ কৰিছিলোঁ প্ৰেমৰ উপমা৷
অথচ,
সহানুভূতিত পুষ্ট তোমাৰ আত্মীয়তাত
ক'তো নাছিল সেই উপমা৷
তথাপি,
ভুল কৰিছিলোঁ ময়েই৷
পৱিত্ৰ আমাৰ সোঁৱৰণীৰ ঘাটত
স্থাপন কৰিছিলোঁ অনাত্মীয়তাৰ বীজ৷

থাকক দিয়া ভুলবোৰ!
এদিন আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
ভুলবোৰ বাদ দি তাতেই কথা পাতিম আমি,
তাহানিৰ সেই ৰগৰসনা ডিঙৰাত বহি৷
তোমাৰ সান্নিধ্যত আকৌ কলৰৱ কৰি উঠিব
মোৰ হৃদয়ে৷
সৃষ্টিৰ অমিয়া সুৰত হৃদয়েৰে বৈ আহিব
অখাদ্য সেই কবিতাবোৰ৷

এইবাৰ কিন্তু গুছি নাযাবা তুমি
ঠিক আগৰ দৰে৷
পাৰাপাৰহীন অনিশ্চয়তাত বুৰাই থৈ
মোৰ প্ৰেমৰ ডিঙৰা৷
নহ'লে আকৌ ভুল হৈ যাব৷

ভুল অৱশ্যে তোমাৰ নহয়৷
আৱেগৰ গুৰিব'ঠা ধৰি পাৰাপাৰহীন ভৱিষ্যতত
কোনে মেলি দিব পাৰে জীৱনৰ ডিঙৰা৷
ভটিয়াই গৈ ময়েই পাম আকৌ সেই উপকূল
য'ত বলুকাৰ বুকুত চকুপানীৰে অংকিত হ'ব
মোৰ ভুলৰ ছবি৷
আগৰ সেই একেই ভুল!

এইবাৰ আহিবা আমাৰ সোঁৱৰণীৰ সেই ঘাটলৈ,
য'ত স্তুপীকৃত হৈছিল তোমাৰ প্ৰেৰণাবোৰ৷
আৰু বান্ধ খাই পৰা মোৰ আশাৰ টোপালবোৰ৷
আহিবা সেই ঘাটলৈ,
য'ত লঙ্গৰ পেলাইছিল তোমাৰ শব্দ অনুভূতিয়ে৷
অথচ, দিশহাৰা হৈ পৰিছিল
আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰা
মোৰ নিসংগ প্ৰেমৰ কণিকাবোৰে৷
পুনৰাই ভুল নহয় এইবাৰ,
কথা দিছোঁ৷
পুনৰাই নহয় ভুল৷
কিয়নো, সোঁৱৰণীতেই সৎকাৰ কৰিছোঁ
মোৰ অপত্য সেই স্নেহবোৰ৷
ঠিক তোমাৰ দৰেই,
হয়তো তাতোকৈ পটুতাৰে৷
ত্ৰুটীহীনভাৱে লিখি যাবলৈ সংকল্প কৰিছোঁ
সোঁৱৰণীৰ পাতবোৰ৷

ঠিক কৰিছোঁ,
ভুলৰ বোকোচাত বহি শুনি যাবলৈ তোমাৰ উক্তি
আৰু উপনীত হ'বলৈ সেই প্ৰান্তৰত৷
য'ত নাথাকিব তোমাৰ মন্ত্ৰমুগ্ধ লঙ্গৰ
অথবা মোৰ অশ্ৰুসিক্ত উপকূল৷
সোঁৱৰণীৰ মাজেৰেই বৈ যাব সোঁৱৰণীবোৰ,
প্ৰেমহীনতাৰ সুৰত উতলা হব প্ৰেমগীত,
তুমি হৈ থাকিবা তুমি আৰু মই মই৷

কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ৷
তাতেই সৎকাৰ কৰিম আমাৰ ভুলবোৰ
আৰু স্বকীয়তাৰে গঢ়ি তুলিম আমাৰ প্ৰেমঘৰ৷
সোঁৱৰণীৰ ফল্গুধাৰাৰে বৈ আহিবা
তুমি, মই আৰু আমাৰ সপোনবোৰ,
ভুলৰ শুধৰণি হৈ
এখন ভুলহীন স্বকীয় সোঁৱৰণী হৈ৷

【ৰচনাকালঃ ১৮ এপ্ৰিল, ২০০৯ - ০০:০৯】

জোনাক ৰাতি

হঠাৎ কেতিয়াবা
হঠাৎ কেতিয়াবা মনত পৰে তোমালৈ৷

আঁউসীৰ শেষত আকাশৰ এচুকত
কাঁচিজোনৰ বুকুত দেখো তোমাৰ উদ্দীপ্ত চকুযুৰি৷
হঠাৎ মনত পৰি যায়,
জোনৰ বুকুৰে আমি উটাই নিয়া নৈখনৰ কথা,
সোঁত হৈ বৈ যোৱা আমাৰ গভীৰ আস্থাবোৰৰ কথা৷

জোনৰ বুকুত ক'ত আজি সেই ঘাট!
য'ৰ পৰা তুলি নিছিলা তুমি মোৰ আস্থাবোৰ,
আৰু মই বুটলিছিলোঁ তোমাৰ হাঁহিবোৰ৷

তোমাৰ মনত পৰেনে আলোছায়া?
মনত পৰেনে
জোনাকৰ বুকুত মই সজা বালিঘৰৰ কথা!
সেই ঘৰৰ অতিথি হৈ তুমিয়েই দিছিলা মোক
প্ৰেমৰ আদিপাঠ৷
কিয় নিজ হাতে ভাঙি পেলালা সেই বালিঘৰ?
তুমি দিয়া আদিপাঠৰ ফলাবোৰ কিন্তু
আজিও বন্দী মোৰ হিয়াৰ আঁচলত৷
তুমি ৰাখিব পাৰিছানে আস্থাবোৰ?
ঠিক মোৰ দৰে!

আলোছায়া!
আচিয়ানাৰ চাদত এতিয়া নামি আহেনে তোমালৈ
আশাভৰা এমুঠি জোনাকী আভা?
নে জোনাকে তোমালৈও কঢ়িয়াই আনে
মোক দি যোৱা একেই নিসংগতা?
বিশ্বাস কৰিবা!
খিৰিকিৰে সোমাই অহা জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা
কঢ়িয়াই লৈ আহিছে তোমাৰ বতৰা৷

চিন্তা নকৰিবা,
জোনাক আজিও মোৰ আগৰ দৰেই প্ৰিয়,
মাথোঁ সহিব নোৱাৰোঁ তাৰ উজ্জ্বলতা৷
প্ৰিয় হুৰমূৰীয়া বৰষুণজাকো,
কিন্তু ভয় হয় তিতিবলৈ৷
জানোচা টোপাটোপে বৈ আহে
তাহানিৰ সেই নষ্টালজিয়াবোৰ৷

ভাবোঁ!
তোমাক লৈ আৰু নিলিখো কবিতা৷
কিন্তু কি কৰিবা!
হাতৰ আঙুলিবোৰে যে
এতিয়াও বেয়া পাব পৰা নাই তোমাক৷
পাহৰিব পৰা নাই
তোমাৰ সান্নিধ্যত
কবিতা হৈ পৰা শব্দবোৰ৷
মানি লব ব্চৰা নাই সিহঁতেও
তোমাৰ অবৰ্তমানত শূন্য হৈ পৰা
সৃষ্টিৰ আঁচলখন৷

বিশ্বাস কৰিবা,
খোলা খিৰিকিৰে সোমাই অহা
জোনাকৰ আভাখিনিয়ে
সোঁৱৰাই দিছে তোমাৰ কথা৷
হঠাতে মনত পেলাই দিছে তোমালৈ৷
জোনাকৰ বুকুতে গঢ়ি তুলিছে
তোমাৰ দেশ,
তোমাৰ দেশ
আলোছায়াৰ দেশ৷

【ৰচনাকালঃ ২৩ এপ্ৰিল, ২০০৯ - ২৩৪৫】

Monday, May 28, 2018

কবিবোৰ কবি নহয়

কবিবোৰ কবি নহয়
কবিতাৰ অবৰ্তমানত
নহয় সম্পূৰ্ণ
চন্দহীন কবিতাৰ খোজত।

কবিয়ে ভাল পায় কবিতা
কিয়নো
কবিতাৰ বুকুত মুখ গুজি
কান্দিব পাৰে কবি।
কবিতাৰ আচলত লুকাই ৰাখি
এজোলোঙা হুমুনিয়াহ
কবিয়ে বোৱাব পাৰে
চন্দৰ সুঁতি।

অথচ,
কবিতাই ভাল নাপায় কবি
কবিতাৰ গৰ্ভত সিঁচি দি দুখৰ বীজ
কবিয়ে হেনো পাহৰি যায়
হৃদয় গীত। 
চন্দে চন্দে ঢালি দি 
আবেগৰ উতলা বিষ
কবিয়ে পাহৰি যায়
কবিতাৰ ঋণ। 

কবিতা ধৰুৱা নহয়
কবিৰ দৰে
কবিৰ দৰে খালী নহয়
কবিতাৰ বুকু। 

কবিৰ এবুকু হুমুনিয়াহ লৈ
স্ৰজিব পাৰে কবিতাই
চন্দময় পংক্তি।

কবি মাথোঁ সেইজনেই
যাৰ বুকুত বাহ বান্ধি
লিহিৰে খোজেৰে
কবিতাই গচকিব পাৰে
বকুল তলৰ গধূলি। 
কবিৰ বুকুৰ অগনিৰে
উতলাই তুলিব পাৰে
নিৰ্য্যাতিতৰ অনুভূতি।

গুপুতে সাঁচি এবুকু মৰম,
যন্ত্ৰণাদগ্ধ হিয়াৰ দৰদ,
আৰু এখন আশাৰ নৈবদ্য
কবিবোৰ কবিতাৰ
নিৰন্তৰ প্ৰেমিক।  

[ৰচনাকালঃ ৩ আগষ্ট, ২০০৯  - ২৩:১৫]