Sunday, July 1, 2018

তোমাক দেখিলেই…

কিয় জানো আজিকালি
তোমাক দেখিলেই বুকুখন কঁপে৷

ইপাৰৰ সৌৰভ সিপাৰত বিলাই
কিয় জানো আজিকালি
তোমাৰ হুমুনিয়াহে সপোন কাঢ়ে
তুমিও জানা, ময়ো
হেপাহৰ ৰং বেদনা নহয়
কিয় জানো আজিকালি
তোমাৰ দৃষ্টিয়ে বৰদৈচিলা আনে৷

তুমিও ভাবা, ময়ো
মোৰ কল্পনা তোমাৰ অতীত নহয়
তথাপি কিয় জানো
কিয় জানো বাৰে বাৰে মনলৈ আহে
পাখিলগা অতীতৰ সপোনমধুৰ আশাবোৰ
কিয় জানো বাৰে বাৰে লুকাই যায়
সত্বাৰ সুৰভিপূৰ্ণ প্ৰেমকেতেকীৰ বসন্তবোৰ
মৰহি যায় নিয়ৰৰ গছকত দূৱৰিৰ পাতবোৰ
সেয়াই হবলা প্ৰেম, তাতেই বৈচিত্ৰ৷

কিয় জানো আজিকালি
তোমাৰ শিৰত জোনাক দেখিলে
চকুৰে নিয়ৰ সৰে৷
নিলীম প্ৰেমেৰে অলকানন্দা নমাই
কিয় জানো আজিকালি
তোমাৰ দৃষ্টিত পৰিপূৰ্ণ নিৰাশা দেখিলে
অভিমানবোৰ ভাপ হৈ উৰে৷
তুমিও কান্দিবা, ময়ো
তোমাৰ বেদনা আনন্দ নহয়
কিয় জানো আজিকালি
তোমাৰ হাঁহিত উজ্জীৱিত বেদনা দেখিলে
হৃদয়ে নিহপালি দিব খোজে৷
তুমিও দেখিবা, ময়ো
হৃদয়বীণৰ সুৰ লয়হীন নহয়৷
তথাপি কিয় জানো
কিয় জানো বাৰে বাৰে মনলৈ আহে
সোঁৱৰণীৰ কোঠাত লিপিৱদ্ধ বেদনাবোৰ
কিয় বাৰু বাৰে বাৰে বিবৰ্ণ হৈ যায়
মধুময় প্ৰেমৰ শ্যামল দলিচাখন
হেৰাই যায়,
আশাভৰা তাঁতৰ ৰঙীন আঁতবোৰ৷

তাতেই হবলা প্ৰেম
তাতেই বৈচিত্ৰ
য'ত,
তোমাক দেখিলেই
মাথোঁ তামাক দেখিলেই
বুকুখনি কঁপে৷

【ৰচনাকালঃ ২৪/১২/২০০৫, ২২:০৫】