বিষ্ণুৰাভাই প্ৰায় সদায় পুৱা গাইছিল-শৃন্বন্তু বিশ্ব অমৃতস্য পুত্ৰাঃ অৰ্থাত্ শুনা বিশ্বজন তোমালোক অমৃতৰ সন্তান| কলাৰ প্ৰায়বোৰ দিশতেই বষ্ণুৰাভাৰ দক্ষতা আছিল| কিন্তু তেওঁৰ খেয়ালি মনে যেতিয়াই যিটোত মন যায়, তাতেহে লাগি পৰিছিল| সেয়ে কলাৰ কোনো এটা দিশতেই তেওঁ একাণপটীয়াকৈ লাগি থাকিব নোৱাৰিছিল| তেজপুৰৰ বাহিৰত দিহিঙে-দিপাঙে ঘূৰি হিয়া বিচাৰি ফুৰা বাবেই বাণ থিয়েটাৰৰ লগত জড়িত হৈয়ো বৰ বেছি অৱদান যোগাব পৰা নাছিল| বাণ থিয়েটাৰত তেওঁ বিশেষ গুৰুত্ব দিয়া দিশটো আছিল সংগীত|
১৯৩৫ চনৰ সপ্তমী পূজাৰ নিশা মঞ্চস্থ হোৱা ’কাৰেঙৰ লিগিৰী’ নাটকত সুদৰ্শনৰ চৰিত্ৰটোৰ যোগেদি তেওঁ অভিনয় প্ৰতিভাৰ প্ৰমাণ দিছিল| সুন্দৰ অভিনয় আৰু "মোৰে জীৱনৰে সখা কৃষ্ণ" গীতটোৰে তেখেতে দৰ্শকৰ মনত এক গভীৰ ৰেখাপাত কৰিছিল|
ঐতিহাসিক বা পুৰাণিক নাটকৰ চৰিত্ৰ ৰূপায়িত কৰাত তেখেত আছিল সুনিপুণ| ’দিগ্বিজয়’ নাটকত ’নাদিৰ শ্বাহৰ’ চৰিত্ৰৰ অভিনয়ৰে ফুটাই তুলিছিল মানিৰ শ্বাহৰ দেশ জয়ৰ উন্মাদনা| সেইদৰে ’কংস’ নাটকত ’কংস’ চৰিত্ৰৰ নিষ্ঠুৰতা আৰু দুৰ্দান্ততা সুন্দৰভাৱে প্ৰকাশ কৰিছিল|
উত্সঃ
চন্দ্ৰধৰ গোস্বামীৰ "জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন" | গ্ৰন্থঃ সৈনিক
শিল্পী বিষ্ণুৰাভা|
No comments:
Post a Comment