তোমাৰ মেঘালী চুলিটাৰি
এবুকু আশাৰ দাপোন
তোমাৰ উন্মনা চকুযুৰি
শান্ত পুৱাৰ পূৱালী পোহৰ।
সুবিধা পালে আকাশ লুকাব তোমাৰ চকুত
কিজানি চুৰি কৰিব পাৰেই তাৰে অধানি নীলা
জোনৰ ভয়ত আউসী লুকাব তোমাৰ চুলিত
‘মোৰ অস্তিত্ব জোনাকতো নহয় নীৰৱ’
কিয় জানো
তোমাক দেখিলে প্ৰেমত পৰিবলৈ মন যায়
কিন্তু সপোন জানো ভাল পাব পাৰি?
যৌৱনৰ কুলুকুলু নিজৰাত তোমাৰ যোগ্য অনামী
গাম্ভীৰ্যতা
কিয় সাজা তাত সন্দেহৰ কৃত্ৰিম পাৰহাট।
[ৰচনাকালঃ ২০০৫, কোনোবা এটা শুক্ৰবাৰ, ৩১৫-৪০০
আবেলি]
No comments:
Post a Comment