স্বাধীন
ভাৰতত বহুদিন ধৰি পৰাধীনৰ দৰেই কটালোঁ৷ 2008 ত গুৱাহাটী চাৰখাৰ কৰি, বহুতো
ঘৰ নিথৰুৱা কৰি উগ্ৰপন্থীয়ে যি ধুমুহা নমাইছিল, তাক আলোচনাৰ নাম দি
কংগ্ৰেছ শাসনাধীস্থ চৰকাৰখনে আঁকোৱালি ললে৷ কিন্তু সেই সৰ্বহাৰাক এবাৰলৈও
সুধিলেনে, এই উগ্ৰপন্থীসকলৰ নেতৃত্বক কি কৰা উচিত? নুসুধিলে৷ কিয়নো,
তেওঁলোকে জানে, ৰাইজৰ মতৰ দৰ দামেৰে, সজাই লোৱা কিছুমান ভোটেৰে আৰু এইসকল
উগ্ৰপন্থীৰ সহায়েৰে তেওঁলোকে নিজৰ স্থিতি মজবুত কৰিব
পাৰে৷ বিপিএফৰ কথা কাকো কব লগা নাই৷ নিৰ্বাচনৰ আগে আগে গৈ বিলাবলৈ
তেওঁলোকৰ হাতত অলেখ টকা৷ টকাৰে তেওঁলোকে কিনি লৈছে গণতন্ত্ৰ৷ আৰু এই
গণতন্ত্ৰ বিক্ৰী কৰিছে আপুনি, মই, আমি, আমাৰ এটা এটা ভোটেৰে৷ ভাৰতীয়
গণতন্ত্ৰ যেন একপক্ষীয় ৰূপ লৈ লৈছে৷ অথচ আমি নিজকে সচেতন বুলি কৈওঁ
বাৰম্বাৰ একেটা ভুলেই কৰি আছোঁ৷ ৰাইজ, আহক, ভাৰতীয় গণতন্ত্ৰক এই দানৱসকলৰ
পৰা ৰক্ষা কৰোঁহক৷ নিৰ্ণায়ক সংক্ষক যুৱসমাজৰ ভোটেই একে লগ হৈ তচনচ কৰি দিব
পাৰে এই একনায়কত্ববাদ৷ তেন্তে আহক, আমিও দেখুৱাই দিওঁ, আমি ভাৰত গঠনৰ
ক্ষেত্ৰত চকু মুদা কুলি নহওঁ৷
[ৰচনাকালঃ ৬ এপ্ৰিল, ২০১৪]
No comments:
Post a Comment