চহৰক
দেখি, গাঁওসমূহতো বিহু মঞ্চলৈ আহিল৷ ফলত ধন সংগ্ৰহৰ নামত গাঁওৰ ঘৰে ঘৰে গৈ
চান্দা তোলা আৰম্ভ হ'ল৷ ৰাস্তাই ৰাস্তাই ৰচী টানি, ৰাস্তাৰ মাজত বেঞ্চ
ৰাখি জোৰ জবৰদস্তি "বৰঙণি" দিয়াৰ ব্যৱস্থা আৰম্ভ হ'ল৷ এটা ক্ষেত্ৰত ভালেই
হ'ল, ব্যস্ততাৰ মাজতো গঞা একত্ৰিত হোৱাৰ সুবিধাকণ পালে৷ পাছে, ভাবি চালে
সেয়া সতিনীৰ নাক কাটি নিজৰ যাত্ৰা ভংগ কৰা যেনহে হ'ল৷ ঘৰে ঘৰে বিহু নোহোৱা
হ'ল৷ বিহুক কিছুমানে নিজৰ স্বাৰ্থত বিহ সজালে৷
আগতে ঘৰে ঘৰে গোৱা হুচৰি দলসমূহ ৰিহাৰ্চেলত ব্যস্ত হৈ পৰিল৷ ফলত ঘৰৰ
চোতালত আশীৰ্বাদ লোৱা প্ৰথাও অন্ত পৰিল বা অন্তৰ গৰাহত পৰিল৷ তথাপি এয়া
বিহু৷ যিমান বেয়া নহ'লেও নিজৰ জন্মস্থানেই যেনেকৈ শ্ৰেষ্ঠ, নিজৰ সংস্কৃতিও
তেনেকৈ শ্ৰেষ্ঠ৷ সেয়েহে বিহুৰ পণ্যকৰণত বিৰোধ কৰি সকলো যুৱক যুৱতীলৈ আবেদন-
মঞ্চত বিহু পাতি সংস্কৃতিৰ বিনাশ মাতি অনাতকৈ সেইখিনি প্ৰচেষ্টাৰে ঘৰে ঘৰে
বিহুক প্ৰাচুৰ্য্য বঢ়োৱাতহে গুৰুত্ব প্ৰদান কৰক লগতে ৰাস্তাই ঘাটে চান্দা
দিয়া বন্ধ দিয়ত৷ আহক, আমি সকলোৱে মিলি আমাৰ সংস্কৃতিক আৰু এঢাপ ওপৰলৈ
নিয়াৰ সংকল্প লওঁহক৷ সদৌ অসমবাসীলৈ বিহুৰ শুভেচ্ছা যাঁচিছো৷
[ৰচনাকালঃ ১৫ এপ্ৰিল, ২০১৪]
No comments:
Post a Comment