Sunday, February 15, 2015

অলপ ৰাজনীতিঃ দিল্লীৰ আম, অসমৰ কঠাল


সকলোৱে বহুত ধৰণৰ মন্তব্য কৰি থাকিলে আমাৰো মন যায় দিয়কচোন। তাতে ৰাজনীতি বোলা বস্তুটো ৰজনীকান্তৰ চিনেমাতকৈ অধিক থ্ৰীলাৰযুক্ত। সেয়েহে কেইটামান অনুমানকেই লগাই দিলোঁ। যেনে ধৰক-

১। দিল্লীৰ ৰাজনীতিত প্ৰথমবাৰ আপে চৰকাৰ চলায়ো এৰিব লগা হোৱাৰ সকলোৱে বেয়া পাইছিল। ইচ্ছা কৰা হ'লে আপে চৰকাৰ ধৰি থাকিব পাৰিলেহেতেন, কিন্তু নাৰাখিলে। কিয়নো, আপক নিগাজি চকী এখনৰ বাবে এই চকীখন এৰাৰ প্ৰয়োজন আছিল। এইবাৰ আপে ভালকৈ চকীখন ধৰিলে। পাছে কিমানদিন বা বহে? এনেয়েও এই ৰাজনীতিবোলা বস্তুটোৰ পৰশ পালে সাধাৰণ মানুহো অসাধাৰণ হৈ পৰে নহয়। 
২। ফলাফল ওলোৱাৰ লগে লগে চৌদিশে হৈ চৈ লাগিল। পাছে দিল্লীৰ জনসাধাৰণে আপৰ প্ৰাৰ্থীক ইমানেই ভাল পায়নে?   নে আন কিবা ফেক্টৰ আছে? যেনে ধৰক হাৱাৰ দিশত হৰ্ষবৰ্ধনক ওফৰাই কিৰণ বাইদেৱে ডাঙৰ আসন খনৰ বাবে আগবঢ়াৰ বাবে ভিতৰি ভিতৰি পদুম মৰহি পৰাগৰেণুবোৰ সৰ্বসাধাৰণৰ গাত পৰিলেহি?
৩। দিল্লীৰ মানুহৰ মন বুজা বৰ টান দেই। দুবাৰমান গৈ দেখিছোঁ নহয়, য'ত কম পইচা খৰচ তাতে খুৱাব। কিন্তু বেপাৰ কৰিব ৫ ষ্টাৰ কেটেগৰীত। অৰ্থাত, সাম্য ধাৰণামতে আপে নিশ্চয় ৰাইজৰ খৰচ কমোৱাৰ প্ৰতি গুৰুত্ব দিব। অৰ্থাত খৰচ কমিব। অন্যহাতে এবছৰতে আমাৰ ডাঙৰজীয়েটো গোটেইখন কৰ্প'ৰেট কৰ্প'ৰেট লগাইছেই। অৰ্থাত বিনিয়োগ অধিক। মানে আয় অধিক। এতিয়া দিল্লীৱালাৰ হিচাপটো চিটফাণ্ড যেন লগা নাইনে?
৪। আগৰবাৰ আপতকৈ পদুমে অধিক চিট পইাছিল। পাছে চৰকাৰ হ'লে নকৰিলে। আৰে ভাই, অধিক ভোট দি আমি তহঁতক জিকলো আৰু তহঁতে চৰকাৰ গঢ়িবলৈ পথালি আপক। এই ভাবিও আম আদমিয়ে এইবাৰ খেলাটো দেখাব পাৰে দেই। 

পাছে যি নহলেও আমাৰ ইয়াত হ'লে বেছ গৰম। হ'লে কি হব? আমাৰ ইয়াৰ আম আদমিবোৰৰ গুটি অধিক। সেয়ে মাটিৰ মালিকে আম আদমীবোৰক লেপে কম্বলে চৰকাৰী মাতিবোৰত ৰোপন কৰোতে কৰোতে গছ ডাঙৰ হৈ কঠাল আদমী হৈ পৰিল। ৰইাজেই কওকচোন, কঠালৰ গছত আমনো লাগিব কেনেকৈ? আমাৰ ইয়াত বিবেক ভোটেনো ঠাই পাব কেনেকৈ?


Saturday, February 14, 2015

হিতেন শৰ্ম্মাৰ দিনলিপি -১৩ (২য় অধ্যায়)

সময়বোৰ চাওতে চাওতে পাৰ হৈ গৈছিল। সাহিত্য-চ'ৰাই নতুন ৰূপ পাইছিলগৈ। প্ৰতিখন 'দোকমোকালি'ৰ দেৱালাৰোহনৰ লগে লগে প্ৰতিজন বজালীয়ানৰ আৰম্ভ হৈ গৈছিল পিছৰখন দোকমোকালিলৈ উৎকন্ঠা। নতুন শিতানেৰে, নতুন উৎসাহেৰে প্ৰতিজন পোহৰকামী যুৱক-যুৱতী নামি পৰিছিল সাহিত্যৰ ৰূপাংকণত। কমেণ্ট বুক প্ৰতিবাৰে ডাঙৰ হৈ গৈ আছিল। বাঢ়ি গৈ আছিল মন্তব্যৰ সংখ্যা। লোকমোকালিত সূৰূযে আভা বিলোৱাৰ লেখিয়া আমাৰ মনতো বিলাই দিছিল এসোপামান উৎসাহ উদ্দীপনা আৰু সেই উদ্দীপনাবোৰ বুকুত বান্ধিয়েই আমি নামি গৈছিলোঁ শাৰদী সপোনৰ অন্বেষণত। সলনি হৈ গৈছিল আমাৰ সময়বোৰো। ভাল-বেয়া, বহুতো নতুন অধ্যায়ে মোৰ বুকুত বাহ সাজিছিল। সেই যে ঘৰত কাজিয়া কৰিছিলোঁ, দোকমোকালিয়ে পূৰাব পাৰিছিলনে ঘৰত বিচাৰি নোপোৱা সেই অভাৱবোৰ - মাজে মাজে ভাবিছিলোঁ। কিন্তু উত্তৰ বিচাৰি পোৱা নাছিলোঁ। কোনেও জনা নাছিল যে, পঢ়িবলৈ, হাত খৰচখিনি উলিয়াবলৈকে ৰাতিপুৱা ৫ বজাতে ঘৰৰ পৰা ওলাই ৰাতি ১০ বজাত ঘৰ সোমোৱা হিতেনে ঘৰুৱা শিক্ষকতা আৰম্ভ কৰিব লগা হৈছিল। অথচ সকলোৱে জানিছিল শিক্ষকতা দেউতাই শিক্ষকতা চাকৰি কৰে। দুটা টিউশ্যনৰ  মাজৰ সময়খিনি পাৰ কৰিছিলোঁ 'বুকলেণ্ড' অথবা 'কিতাপ ঘৰ'ত। দিনৰ খৰচ কৰি উঠি কিতাপ কিনিব পৰাকৈ সামৰ্থবান তেতিয়াও হোৱা নাছিলোঁ। কিন্তু পঢ়াৰ বাসনাও শেষ কৰিব পৰা নাছিলোঁ। সেই বাসনাক জীয়াই তুলিছিল 'কিতাপ ঘৰ' আৰু 'বুকলেণ্ডে'। আজৰি সময়ত দুই - তিনি পৃষ্ঠাকৈ পঢ়ি শেষ কৰি গৈছিলোঁ মোৰ প্ৰিয় লেখকৰ কিতাপবোৰ। কথাবোৰ গম পোৱা নাছিল কোনেও। আচলতে গম পাবলৈ সন্দেহ কৰাৰ অৱকাশেই দিয়া নাছোলোঁ। 

আগদিনা মায়ে ৰাতি কান্দি কান্দি কৈছিল - 'দুয়োৰে কি হৈছে কচোন। সেই ৰাতিপুৱাই একো এটা নাখকে ওলে যা, এই ৰাতি আহি ঘৰ সুমো। এখেন ঘৰ হৈ আছেনা? আৰো নিজোৰ চেহৰা চাইছানা? মোক মাৰি ফেলো দুয়ো লগ লাগি।"
মই একো এটা কব পৰা নাছিলোঁ। মই বোজা হৈ পৰা ঘৰখনৰ বাবে মই কিয়েই বা কৰিব পাৰোঁ! দেউতাৰ লagaত সেই দিন ধৰি মাত-বোলেই নাছিল। আৰু মায়ে কোৱাৰ পিছত বুকুৰ শিলচটা আৰু ডাঠ হৈ পৰিছিল। গোটেই ৰাতি টোপনি অহা নাছিল। সিপিনৰ ৰূমৰ পৰা মাই ঘনে ঘনে বাগৰ সলোৱা শব্দ শুনি আছিলোঁ। খুব ৰাতিপুৱাই সন্তৰ্পণে উঠি সাওৰাৰ ডাল এডাল লৈ নৈ পাৰলৈ ওলাই গৈছিলোঁ। নৈৰ পানীবোৰ মূৰ জোকাৰি জোকাৰি বৈ গৈছিল অনন্ত দিশলৈ। কালদিয়াৰ পানীৰ এই ৰূপেই মোক বহুদিন সংগ দিছিল। নিসংগ সময়ত হাতত ধৰি ধৰি পাৰ কৰি নিছিল বুকুৰ গভীৰৰ সেই স্থিৰ বিন্দুটোলৈ, য'ৰ পৰা মই শেষ সিদ্ধান্তলৈ অহাৰ সাহস পাইছিলোঁ। আহি আহি সাকোঁখনৰ মাজত বহিলোঁ। ফিৰফিৰীয়া বতাহ এজাক বৈ আছিল। পোহৰ তেতিয়াও ভালকৈ হোৱা নাছিল। পুৱতি নিশাৰ মায়াময়তাত আকৌ এবাৰ ডুবি মগ্ন হৈ পৰিছিলোঁ আত্মবিভোৰতাত। দৃষ্টি নিৱদ্ধ হৈ আছিল কঁপি কঁপি বৈ যোৱা পানীখিনিত, অথচ মন নিজে নিজে গৈ পাইছিলগৈ বজালী মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ দুৱাৰমুখত। আলোছায়াক শেষবাৰ দেখা পোৱাৰ দৃশ্যপটত। এবাৰতো তাই কব পাৰিলেহেঁতেন। হোষ্টেল এৰি গুছি যোৱাৰ আগে আগে এবাৰতো কব পাৰিলেহেঁতেন যে তাই মোৰ একো নহয়। 
হঠাতে পানীৰ ওপৰত গছৰ পাট এটি পৰি ওলোটা ঢৌ এটিৰ সৃষ্টি হ'ল। সেই ঢৌৰ লহৰত মনটোৱেও সুধিব ধৰিলে কোন আছিল আলোছায়া? মোৰ প্ৰেয়সী? বান্ধৱী? চিনাকি? নে কোন? যদি একোৱেই নাছিল, কিহৰ বাবে ইমানখিনিলৈ আগবাঢ়িছিল তাই? আগবাঢ়িছিল মানে, তাই আগবাঢ়িছিল জানো ! নে মইহে অধিককৈ ভাবিছিলোঁ? ভুলকৈ ভাবিছিলোঁ জানো? একোৱেই নাছিল নে তাইৰ আৰু মোৰ মাজত? সেই যে হিতেনৰ এক্সিডেণ্টৰ সময়ত? কিয় আহিছিল তেন্তে? 'তৰা' পঢ়ি কমেণ্ট বুকত কিয় লিখিছিল তেন্তে, "তোমাক পাই বহুত সুখী। সদায় তৰাৰ খনিকৰ হৈয়েই থাকা সদায়" প্ৰতিবাৰে মনৰ খেলিমেলিবোৰ বঢ়াই তোলা প্ৰশ্নবোৰে আকৌ এবাৰ খেলা কৰিব ধৰিলেহি। এবাৰ মাৰ মুখখন, এবাৰ আলোছায়াৰ মুখখন মনলৈ আহিবলৈ ধৰিলে। কি দোষ কৰিছিলোঁ? ক'ত ভুল কৰিছিলোঁ? কাৰ ভুলৰ বাবে মাই ৰাতি কান্দি কান্দি কাটিব লগা হৈছিল? কাৰ অৱহেলাৰ বাবে আলোছায়া গুছি যাব লগা হৈছিল? সিদ্ধান্ত এটা লম। লবই লাগিব। স্থায়ী সিদ্ধান্ত এটা লব লাগিব, অন্ততঃ মাক সকাহ দিবলৈ । আলোছায়াক লগ কৰিবই লাগিব। য'তেই নাথাকিলেও। তাইক সুধিবই লাগিব, তাই আৰু মোৰ স্ম্বন্ধটোৰ নাম কি আছিল?
-কি কৰি আছা এতে? - অনুপমৰ মাতত চক খাই উঠিলোঁ। কিবা উত্তৰ দিয়াৰ আগে আগে সি মোৰ কাষত বহি কান্ধত হাত এখন দি আকৌ সুধিলে-
-কি হৈছিনু তোৰ? আজিকালি বুলে ঘৰতো দিনটু নাথকা? মায়ে সিদনা লগ পাই কৈছি।
-নাই অপল ব্যস্ততা বাচ্ছি। প্ৰেক্টিকেল গেলাও চলি আছেতো?
-কেইটাকল'গিন?
-অলপ দেৰি হএ
-সেইবুলি আঠটাতো নাবাজে?
-তাৰ পিছত অলপ আড্ডা-চাড্ডা মাৰি আহোতে দেৰি হএ
-আৰো টিউশ্যনকেটা?
অৱশেষত ধৰা পৰি গ'লোঁ। অনুপমে কেনেকৈ গম পালে সেইটো গম পোৱাৰ আগতেই দি ক'লে-
-প্ৰব্লেম চবৰে থাকে। বয়স বাঢ়ি থাকাৰ লগে লগে প্ৰব্লেমগেলাও বাঢ়ি থাকে। সেইবুলি পলে থাকলি প্ৰব্লেম চলভ নহয়, তাক ফেচ কল্লিহে চলভ হএ। আৰো কিবা অসুবিধা হলি কুনবেক নহলিও কুনবেক কবা লাগে, নোহোলি মনটু পাতলা নহঐ। বুটচ? -কান্ধত হাতখন থপৰিয়াই থপৰিয়াই যেতিয়া কথাখিনি কৈছিল, তাক মোৰ দাদা দাদা যেন লাগিল। মই বিচাৰি থকা সিদ্ধান্তবোৰ পাই গৈছিলোঁ। মই তাক সকলোখিনি কথায়েই খুলি কৈছিলোঁ। সঁচাকৈয়ে পাতল পাতল লাগি গৈছিল মনটো। ঘৰলৈ যেতিয়া গৈছিলোঁ, তেতিয়া বতৰ ফৰকাল আছিল। ৰ'দে ডাঠ ৰশ্মিৰে জগৎ পোহৰাবলৈ আৰম্ভ কৰিছিল। মনটো ও ফৰকাল হৈ পৰিছিল। চোতাল পায়েই চিঞৰিলোঁ,
-মা, নিনহা ভাত অলপ বানো। মোৰ ক্লাছ আছে নটাত'

[ক্ৰমশঃ]



হিতেন শৰ্ম্মাৰ দিনলিপি - ১২ (২য় অধ্যায়)

বজালী মহাবিদ্যালয়ৰ ছাত্ৰাবাসত পূৰ্ণোদ্যমে চলি আছিল কামবোৰ। কোনোবাই যদি তুলিকাৰে আকাশ ঢালিছিল, কোনোবাই আকৌ অলংকাৰেৰে সজাই তুলিছিল আৰ্ট পেপাৰবোৰ। মনুজৰ কোঠাটো হৈ পৰিছিল আমাৰ গৱেষণাথলী, পৰীক্ষাগাৰ। কোঠাটো ভৰি পৰিছিল বহুকেইটা শৰৎ ভাল পোৱা হৃদয়েৰে। সকলোৰে কৰ্মত আছিল নতুন পৃথিৱী গঢ়াৰ সপোন। সেই সপোনবোৰ কিছুমান ৰং-বিৰঙী স্কেচ্ছপেনৰ ৰূপত সিঁচৰতি হৈ পৰি আছিল মনোজৰ কোঠাত। মনুজৰ এজনীয়া খাটত বহি কামবোৰ কেনেকৈ সুকলমে সমাধান কৰা যাব, কি ৰূপেৰে প্ৰকল্পটো নিয়াৰীকৈ সমাপন কৰা হব তাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাত ব্যস্ত আছিল পংকজদা আৰু সমৰে। নীম ব্লেড এখনেৰে থাৰ্ম’ক’লৰ ডিজাইন প্ৰস্তুত কৰাত ব্যস্ত আছিল। তাৰ প্ৰতিভাৰ সঁচবোৰ তেনেকৈয়ে সিঁচি গৈছিল থাৰ্ম’ক’লৰ বুকুত। কলাসমৃদ্ধ থাৰ্ম’ক’লৰ সেই টুকুৰাবোৰ লৈ ৰিদিপ আৰু মানস লাগি গৈছিল ব্লেকব’ৰ্ডখন সজোৱাত। পুতুল আৰু প্ৰাঞ্জল এজাপ কাগজৰ পাতত বন্দী শব্দবোৰক ভিন্নৰঙী স্কেচ্ছ পেনেৰে আৰ্টপেপাৰত আলফুলে বহুৱাই মুকুতি দিছিল।

আমাৰ জীৱনত অন্য এক ব্যস্ততা উপহাৰ দিছিল সাহিত্য-চ’ৰাই; এনেকৈয়ে। আমি বিচাৰি থকা ব্যস্ততা। কিবা এটা কৰাৰ বাসনাৰে শৰতৰ সৈতে মিতিৰালি পাতিব খোজা আমিবোৰৰ বাবে এক ভাল লগা ব্যস্ততা। আৰম্ভ হৈ গৈছিল সাহিত্য-চ’ৰাৰ বাস্তৱিক কাম। আমাৰ আশাবোৰে সাহিত্য-চ’ৰাৰ হাতত ধৰি এখনি প্ৰাচীৰ পত্ৰিকাৰ মাধ্যমেৰে পদাৰ্পণ কৰিছিলহি। বজালী মহাবিদ্যালয়ৰ বাকৰিত এটি ৰাঙলী বেলিয়ে লহিয়াইছিল। সেই বেলিৰ আভাত চকু মোহাৰি মোহাৰি আমি যেতিয়া থিয় হৈছিলোঁ, দেখিছিলোঁ, এক দোকমোকালি। নৱসূৰুযৰ আভাৰে উদ্ভাসিত শৰতৰ এক নতুন দোকমোকালি। আমাৰ প্ৰাচীৰ-পত্ৰিকা ‘দোকমোকালি’য়েও লহিয়াবলৈ আৰম্ভ কৰিছিলহি।
প্ৰস্তাৱনাতেই ‘দোকমোকালি’ক এক সুকীয়া ৰূপত উজলাই তুলিবলৈ ‘সাহিত্য-চ’ৰা’ই যত্ন কৰিছিল। ‘দোকমোকালি’ কেৱল সাহিত্য-চ’ৰাৰে অনুষ্ঠান হৈ নাথাকি সমূহ বজালীয়াৰ অনুষ্ঠানrঊপে গঢ়ি তুলিবলৈ আমি সকলোৱে চেষ্টা কৰিছিলোঁ। সেইমৰ্মে চেমনীয়াই ভালপোৱা প্ৰায়ভাগ শিতানকেই ইয়াৰ গণ্ডীৰ ভিতৰত সোমাবলৈ চেষ্টা কৰা হৈছিল। ছুটিগল্পৰ বাবে যিদৰে ঠাই ৰখা হৈছিল, কবিতাৰ বাবেও সমানে গৰুত্ব দিয়া হৈছিল। প্ৰবন্ধক যদি মৰ্যদাপূৰ্ণ স্থানত উপবিষ্ট  কৰাৰ কথা ভবা হৈছিল, চিত্ৰশিল্প বা কুইজ আদিও পিছত নাছিল। ৰং আৰু থাৰ্ম’ক’লৰ অপূৰ্ব ৰূপসজ্জাৰে প্ৰতিটো শিতানকে দোকমোকালিয়ে মহীয়ান কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। সেই ব্ৰতত ব্ৰতী হৈয়েই আটাইকেইজন সদস্যই লাগি আছিল মনুজৰ কোঠাত। ময়ো আছিলোঁ তাৰ মাজতে। ভালকৈ কবিতা বুজি নোপোৱা, গল্প-প্ৰবন্ধ পঢ়িবলৈ বিৰক্ত হোৱা এজন সাহিত্যৰ প্ৰেমিক। যদিও সম্পাদনাত প্ৰত্যক্ষভাৱে একো সহায় কৰিব পৰা নাছিলোঁ, ইখন-সিখন কৰি, ধৰাধৰি কৰি মোৰ বেয়া লগা নাছিল। একাকীত্বৰে ভৰি থকা প্ৰতিডোখৰ হীৰাক সহায় কৰিবলৈ মই আনন্দ পাইছিলোঁ।
-প্ৰাচীৰ পত্ৰিকা হবাক ল’গি এটা আকৰ্ষণ লাগব’এ। ‘দোকমোকালি’ক কি ৰূপেৰে সাজে আকৰ্ষিত কৰা ভাল? কুনি কি ভাবা? মোৰ ভাৱনাক, মনৰ জুঁকিয়নিক যতি পেলাই সমৰে মাত লগাইছিল।
-শব্দ শৃংখল। কাগজ আঠা লগাই থকাৰ পৰাই মনুজে মাত দিছিল।
-কুনি লেখপ’ শব্দ শৃংখল?
-উচ্চ আৰু সুকুমাৰে পাৰব’।
-আৰ’ কিবা?
-দীঘলাকে একো দিবা ন’ৰা।–ৰিদিপে মাত লগালে।
– দীঘলাকে নহে, কিন্তু খাটা খাটাকেই যোদি কেটামান শিতান আমি লুগে দিবা পাৰু ভাল হোবো নিকি?
-কি দিবি আৰো?
-ছুটি কবিতা দিবা পাৰি নিকি ! – পংকজদাই মাত লগালে
-কবিতা আছেই দেখুন? কবিতাৰ কাৰোণেই দুটা শিতান ভাল হোবো জানু?
-সেতুও হোই অৱিশ্যে।
-চিঠিপত্ৰ শিতান দিবা পাৰি নিকি? – মনুজে ক’লে
– পাৰি। কিন্তু চিঠিগেলা ক’ত আইভ’? কুনি ৰাখপ’? আৰো যদি বহুতখেন চিঠি আহে তিত্তে কাক ৰাখপি, কাক নাৰেখপি? – প্ৰাঞ্জলে কৈ উঠিল।
-সেটুও পাৰা যাবো। আমি ‘দোকমোকালি’ৰ লোগোত কমেণ্ট বুক এটা ৰাখি দিম। তাতে কমেণ্ট হিচাপে আহা ভাল প্ৰশ্নগেলাৰ উত্তৰ নেক্সট সংখ্যাত প্ৰকাশ কৰিম। – সমস্যা সমাধানত পুতুল দা অদ্বিতীয় কথাষাৰি পুনৰাই প্ৰমাণ কৰি পুতুল দাই সমাধানসূত্ৰ দি দিলে।
-চোবগেলা প্ৰশ্নৰ উত্তৰ দিয়াতকে চিৰিয়াচ প্ৰশ্নগেলাৰ ধেমেইলা উত্তৰ দি দিবা পাৰি। -সমৰ দাই আৰু অলপ সৰলীকৰণ কৰি ক’লে
-কিন্তু এই উত্তৰগেলা দিবো কুনি?
-আমিএ দিবা লাগবো। – ৰিদিপে ক’লে
– হিতেনক কি দায়িত্ব দিছা?-পুতুল দাই এইবাৰ মোৰ পিনে আঙুলি টোঁৱালে। মোৰ বুকুখন চিৰিংকৈ উঠিল। নাৰ্ভাচনেছ এটাই হেঁচি ধৰিলেহি।
-নাই দিয়া আকো। – সমৰে টপৰাই মাত দিলে
-তিত্তেহ’লি তাকে দি দি। বাকী আমিতো আছুৱে।
-মোক নালগে নেকি ! দুৰ্বলভাৱে মই আপত্তি দৰ্শালোঁ।
-আকো নাই। ভয় নাখোবা। চব আমি লগ হৈয়ে কৰিম। মাত্ৰ কামৰ খটিয়ান ল’ৰ কাৰণেহে দিছু। -পুতুল দাৰ অভয়বাণীত অগত্যা মই মনে মনে থাকিলোঁ।
-আৰ’ এটা শিতান দিবা পাৰি। আলেবিলে হৈ ম’ৰা মানহু এটাৰ সৰু সৰু কাহিনী। ধাৰাবাহিকভাৱে দিম। – মনুজে কৈ উঠিল।
-কেনেহেনকে ভাবচা? – নীমে নিৰৱতা ভাঙি এইবাৰ মাত দিলে।
– জমনি কাহিনী।
-পাৰি। তিত্তেহ’লি সেটুৰ দায়িত্ব মনুজ আৰো নীমে ল’। – অমৰে দায়িত্ব দিয়েই দিলে।
-অ’ই। আপীগেলাক কাম নেদা নেকি?
-তাহাক আকো দিয়া নাই নেকি?
-ছৱি কেটামান নিছি।
-কবিতা দি পোঠোচুন তিত্তহ’লি।
-হিতু, এই কেটা গাৰ্লচ হোষ্টেলত দি থৈ আহচুন।
-কাক দিম। পূৱালী আহাক নাই কিজানি?
-আলোছায়াক দিবি তিত্তেহ’লি। -কাট মাৰাৰ চলেৰে মনুজে মোৰপিনে চালে।
-নাই। তায়ো নাই। থাকলি হিতেনক এতে পা নিকি? – মোক জ্বলাই আটাইকেইজনে হাঁহিবলৈ ধৰিলে।
-আছে যা। মই দেখচু। – প্ৰাঞ্জলে মাত লগালে।
কবিতা লিখা কাগজ কেইখিলা লৈ মই ওলাই গ’লোঁ। বহুত দিনৰ মূৰত আজি আলোছায়াক দেখাৰ সুবিধা পাইছোঁ। সেই বিশ্বকৰ্মা পূজাৰ দিনৰে পৰা সিহঁতৰ ছাঁটোকে দেখা নাই। কৰবীক সুধোতেও পাকলগা উত্তৰ এটাহে দি থৈছিল। কি কাৰণত সিহঁত এনেকৈ লুকাই পৰিছিল গম পাইছিলোঁ যদিও সমীৰৰ আশ্বাসবাণী পাই নিৰ্ভয়ে আছিলোঁ। কিন্তু আলোছায়াহঁতেটো কথাটো গম পোৱা নাছিল। সাঁথৰে মনটো হেন্দোলনি তোলাৰ সময়তে ভিজিটিং ৰূমলৈ কৰবী, পূৱালী আৰু পিছে পিছে আলোছায়া ওলাই আহিছিল। কৰবী গতানুগতিকভাৱেই ব্যৱহাৰ কৰি গৈছিল যদিও পূৱালী বৰ চিৰিয়াচ হৈ আছিল। আৰু আলোছায়া? তাই নিৰ্বাক হৈ আছিল। তাইৰ চকুৱে কিন্তু বহু কথাই কব খুজিছিল। তাইৰ চকুত দেখিছিলোঁ ভালকৈ শুব নোৱাৰাৰ চিন। আউলী-বাউলী চুলিৰে নিজকে যেন অৱহেলা কৰিব বিচাৰিছিল তাই। এনে ৰূপত তাইক কেতিয়াও দেখা নাছিলোঁ। তাইৰ দুচকুলৈ চালোঁ। মোৰ পিনে ৰ’ লাগি চাই আছিল তাই। নিষ্পলক দৃষ্টিৰে। কি আছিল সেই দৃষ্টিত? আকুলতা ! সহানুভুতি বিচাৰিছিল নেকি তাই মোৰ পৰা? নে মোৰ কিবা কথালৈ ব্যগ্ৰ হৈ ৰৈ থকাৰ উমান আছিল সেই দৃষ্টিত? একো এটা ধৰিব পৰা নাছিলোঁ। মাথোঁ ময়ো কিছুসময় তাইলৈ চাই ৰৈছিলোঁ। অসহায়ভাৱে। অবুজ মনে তেতিয়াও ভালকৈ ধৰিব পৰা নাছিল আলোছায়াৰ দুখৰ কাৰণ। দুখ? দুখেই আছিল নে সেয়া? নে অভিমান? মোক বেয়া পাইছিল নেকি? আৰু পূৱালী? তায়োতো সলনি হৈছিল। কিয়? কেৱল অৰুণৰ কথাৰ বাবেইনে?
বহুত কথাই মনটোক উদ্বেলিত কৰি তুলিছিল। বহু কথাই সুধিব খুজিছিল অজলা মনটোৱে। কিন্তু ৰৈ গৈছিলোঁ। ভাগি পৰা সিহঁতৰ মন দুটাক অলপ জগাই তুলিবলৈ মন গৈছিল। সেই ভাৱেৰে কৰৱীৰ লগত ধেমালি কৰাত লাগি গৈছিলোঁ। মাজে মাজে পূৱালীকো টানি আনিছিলোঁ। কৰবীয়েও কথাটো ধৰিব পাৰি মোক পূৰ্ণ সহযোগ কৰিছিল। দহ মিনিটমান তেনেকৈ থাকি, পৰিস্থিতিটো অলপ পাতলাই মই ওলাই আহিছিলোঁ। তেতিয়া মোৰ মন ডুবি আছিল এশ এবুৰি প্ৰশ্নৰ মায়াজালত।
ঘৰুৱা সমস্যাৰ বাবে তিনিদিন কলেজলৈ আহিব পৰা নাছিলোঁ। তিনিদিন পিছত যেতিয়া কলেজৰ চৌহদত ভৰি দিছিলোঁ, মোৰ বাবে ৰৈ আছিল এক আশ্বৰ্য। ইউকেলিপ্টাছজোপাত চাইকেলখন আওজাই থোৱাৰ সময়তে বুৰঞ্জী বিভাগৰ লিপিকাই  ‘হিতেন, কি খবৰ? তুমাৰটো টাম্মাম হৈছি দে” বুলি কৈছিল। নোটিচ ব’ৰ্ডৰ কাষত যেতিয়া গৈ পাইছিলোঁ, দেখিছিলোঁ ‘দোকমোকালি’য়ে দেৱালাৰোহণ কৰিছে। ভিৰ ফালি ফালি দোকমোকালিৰ ওচৰ পালোঁগৈ। বৰ ধুনীয়া দেখাইছে প্ৰাচীৰ পত্ৰিকাখন। লাহে লাহে প্ৰতিটি শিতান চাই যাবলৈ ধৰিলোঁ। হঠাতে এটা কবিতাত মোৰ চকু থৰ হৈ ৰ’ল।
‘তৰা
সাজঁলি-কাঁচলি ৰ’দে একাজলি
হিয়াৰ দাপোনত তৰাৰ খেলা।
——-‘
‘দোকমোকালি’ৰ সোঁমাজত দগমগীয়া হৈ জিলিকি আছে। ‘তৰা’। মোৰ ‘তৰা’। ইমনত ভাৱনাৰ আঁক-বাঁকত সৃষ্টি হোৱা ‘তৰা’। মই থৰ লাগি ৰৈ থাকিলোঁ। বুকুত তেতিয়া পুনঃসম্প্ৰচাৰ হৈ থাকিল ইমনত কটোৱা সেই মুহূৰ্তটোৰ ছবি। ইখনৰ পিছত সিখনকৈ।
[ক্ৰমশঃ]


Tuesday, January 6, 2015

অস্তগামী আভা


বেলি লহিয়াইছে
অথচ কমা নাই পোহৰ
সময় দৌৰিছে
অথচ সকলোবোৰ ৰৈ আছে একেই ঠাইতে

অৰণ্যই চাগৈ খবৰেই পোৱা নাই
তেওঁলোকক কঢ়িয়াই লৈ ফুৰা বোকোচাখন যে ভাগি গৈছে
অনাথ নাগসমূহে বিচাৰি পোৱা নাই বুকুৰ উম
গজৰাজে প্ৰেমিকক বিচাৰি হাবাথুৰি খোৱা নাই
চৰাইবোৰেও বন্ধ কৰা নাই মৰমৰ কিৰিলি

তেওঁ আহিব
এখন উমাল বুকুত স্নেহ সিঁচি তেওঁ চৰি ফুৰিব
সিহঁতৰ মাজত।
অথচ
কোনেও নাজানে কি হব অহা দুদিনত।

চেমিনাৰখনৰ যোগাৰবোৰ বাৰু হৈ আছে,
কিন্তু অৰণ্যৰ কিতাপখন !
সেইজীয়া বতৰাবোৰ !
প্ৰেমিকাকো জানো কবলৈ নাছে
ইমান বছৰে সাঁচি ৰখা গোপন বতৰাবোৰ !

সকলোবোৰ গৈ আছে
অথচ স্তব্ধ হৈ আছে সময়।
গজৰাজে ঘাঁহনিলৈ যোৱা নাই,
বনৰজাই কৰা নাই চিকাৰ,
মৰহি যোৱা পাতখিলাও সৰি পৰা নাই,
পৰিভ্ৰমী চৰাইটোৱে এখন্তেক ৰৈ চাইছে
তেওঁ আহিব
আগৰ খোলা হাঁহিটো মাৰি কবহি
"তুহুন ইটাকলোগিন কিয়ো ৰৈ আছা"।

প্ৰকৃতিয়ে জানো নিবিচাৰে নিজৰ কবচ?
বুকুৰ ঢপধপনিটো সেইবাবেই এতিয়াও আছে
যদিও ভাগৰুৱা মগজটোৱে যুঁজি আছে ভাগৰৰ সৈতে
কোষবোৰেই চলাই আছে ৰথখন।
তেওঁ আহিব,
আহিয়েই কৰি যাব আধৰুৱা কামবোৰ।
চেমিনাৰখন,
কাজিৰঙাৰ কেম্প
অৰণ্যৰ কিতাপখন
আৰু বহুতো সেউজীয়া সপোন।
তেওঁৰ কৰ্মোদ্যমত পুনৰ জাগ্ৰত হব
অস্তগামী আভা।

(ৰাকেশ সাউদৰ আশু আৰোগ্য কামনাৰে)


অসমীয়া সাহিত্য-সংস্কৃতিৰ ভোটাতৰাসকললৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অন্য এক সন্মান


অসমীয়া সাহিত্য-সংস্কৃতিৰ ভোটাতৰাসকললৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অন্য এক সন্মানঃ প্ৰতিষ্ঠানটোৰ পুথিভঁৰালটোৰ নাম অসমীয়া ভাষা-সাহিত্যৰ খনিকৰ, অসমীয়াৰ হিয়াৰ আমঠু, শ্ৰদ্ধেয় লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ চূড়ান্ত সমিতিয়ে৷ সেইমৰ্মে এতিয়াৰ পৰা পুথিভঁৰালটোৰ নাম লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল নামেৰে জনাজাত হব৷ ৰসৰাজৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থাপন কৰা এই প্ৰস্তাৱৰ কাৰ্যকৰীকৰণৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ প্ৰতিজন কৰ্মকৰ্তা, সদস্যই কৃপাবৰ বৰুৱালৈ যাঁচিছো গভীৰ শ্ৰদ্ধা আৰু লৈছোঁ মহীয়সীগৰাকীক জিলিকাই ৰখাৰ পণ৷ এতিয়া অপেক্ষা পৰৱৰ্তী সিদ্ধান্তলৈ়- নবীনচন্দ্ৰ বৰদলৈ, আনন্দৰাম বৰুৱা অথবা আন কোনো ভোটাতৰালৈ৷

[প্ৰকাশঃ ৬ ডিচেম্বৰ, ২০১৪]


Sunday, July 6, 2014

হিতেন শৰ্ম্মাৰ দিনলিপি-১১ (২য় অধ্যায়)


সপোন সপোন যেন লগা দুঘণ্টা সময় ইমনত কটাই আমি যেতিয়া পূজাথলী পাইছিলোঁহি, তেতিয়া মনবোৰ পুলকিত হৈ আছিল। পূজাথলীত তেতিয়া প্ৰায়ভাগ ল’ৰা-ছোৱালীয়েই আহি উপস্থিত হৈছিলহি। আমাৰ লগত আলোছায়া অহা নাছিল, কিন্তু অহাৰ প্ৰতিশ্ৰুতি দিছিল। পূৱালীয়ে হয়তো কিবা কব বিচাৰিছিল, কিন্তু ইমনত সুন্দৰভাৱে পাৰ কৰা সময়খিনি নষ্ট হওঁক বুলিয়েই একো কোৱা নাছিল।

-অ’ই  হিতেন, পুষ্পাঞ্জলি দিয়াৰ সময় হৈছি। চবকে মাতি দিয়াচুন। -প্ৰাঞ্জল দাই পূজাথলীৰ পৰা ওলাই আহি ক’লে।
মই ৯ নং কোঠাত বহি থকাসকলক খবৰটো দি কমন ৰূম পালোঁগৈ। চাৰসকল তেতিয়া বেচ কথাৰ মহলাত ব্যস্ত আছিল। চাৰসকলক পূজাথলীলৈ আহিবলৈ কৈ লেবত অভ্যৰ্থনাথলীত ব্যস্ত থকাসকলক ক’লোঁগৈ। লেবৰ পৰা মই চিধাই গৈ অস্থায়ীভাৱে সজোৱা পাকঘৰ পালোঁগৈ। জানো, ৰান্ধনিয়ে পুষ্পাঞ্জলি দিবলৈ যাব নোৱাৰিব। তথাপি গ’লোঁ। পুষ্পাঞ্জলি দিয়াৰ ইচ্ছা নাছিল বাবেই হয়তো অলপ লুকাবলৈ চেষ্টা কৰিছিলোঁ। সেয়ে গৈ ৰান্ধনিৰ লগত কথাৰ মহলা মৰাত লাগি গৈছিলোঁ। কিছুপৰ কথা পাতি বাহিৰলৈ ওলাই যাওঁ বুলি দুৱাৰমুখ পাইছিলোঁগৈহে, কৰবাৰ পৰা আহিল নহয় পূৱালী। ওচৰ পাইয়েই তাই চিঞৰ-বাখৰ আৰম্ভ কৰি দিলেহি-
-অ’ই কুকুৰ, চবকে তাতে পথে তই ক’ত পলে ফুচ্চা?
-পুষ্পাঞ্জলি শেষ হ’লনা?
-হোনাই। অলপ ৰোবা কৈ আইচু।
-কিয়ো?
-চবগেলাখেন আহক।
-চব মানে? চব গেইছিয়ে দেখুন।
-চব গেইছি যি, তয়ে যাৱ নাই দেখুন।
-এহ….হে, মই এলাখেন ভাল নাপং এ।
-কিয়ো?
-এনেই।
-হিতু! তই বামুনোৰ চ’লি কিংকে হ’লি কোচুন? নাস্তিক শ্যালা !
-ভুলতে- হাঁহি হাঁহি ময়ো উত্তৰ দিলোঁ।
-ভুলতেতো হৈছা বুলি গম পাইচুএ। পাছে ক’চুন-এই দুইদিন তিত্তেহ’লি গৰু খাটা দিলি কিয়ো?
-কাৰণ, কাৰণ মে এক চ’চিএল মানহু হু। আউৰ সমাজ মই ভাল পাতা হু।–ধেমেলীয়াকৈ কথাখিনি কৈ মই কথাৰ গুৰুত্ব কমাবলৈ চেষ্টা কৰিলোঁ।
-জানু। চব মানহুএ চ’চিয়েল। আৰো এলাখেন অনুষ্ঠান-ও চ’চিয়েই অনুষ্ঠান এ। ইতা পুষ্পাঞ্জলিও আকলা-আকলিকে নেদে। সকলোকে একেলগে সামাজিকভাৱেই দিবো।
-জানু। কিন্তু এলাখেন চব অৰ্থহীন বুলি ভাবু।
-ভাবা ভাবা আহ। ইটা লেকচাৰ বন্ধ কৰ আৰো আহ।
-মই এলাখেন ভাল নাপোং বুলি কৈছুৱে দেখুন। তই যা।
-হিতু! কি হৈছিনু তোৰ?
-আকো হোনাই।
-ভাল নাপো নাই। মোৰ কাৰণেতো বুল। -অনুনয়ৰ সুৰত এইবাৰ পূৱালীয়ে অস্ত্ৰপাট পঠালে।
-??
-মানে মই নহোলি আকলা-আকলি বইভা লাগে যি, সিকাৰণে কৈছু।– কথাৰ সুৰ বেলেগ যেন হোৱাত তাই এইবাৰ কথা ঘূৰাবলৈ ক’লে।
-কৰবী আহুন?
-আছে। চোব থৰা-থৰিকে বহি আছে। মই কাৱাব মে হাড্ডি হোবা নাযং।
-!!
-না ডাৰ্কলাইট নাহা কাৰণে নায?
-নাঃ। তই যিমান জকে থাকা, আমাৰ মাজত সিমান আকো নাইতো। পাৰা যদি তয়ে লুগে দিচুল।
-হোবো নিকিন!! যাবি না ইতা? ডাৰ্কলাইট লাগে যদি বুল। তই নেগোলি ময়ো নাযং কিন্তু, মোনোত ৰাখপি।
-ধই! পাগলা নেকি?
-নহে। পাগলা নহে কাৰণে মাতচু, বুল। আৰো ভগৱান নামনিলি বুলিয়ে……. পূৱালীৰ লেকচাৰ শুনাৰ শাস্তিখিনি খোৱাতকৈ যোৱাই ভাল হব বুলি তাইক আধাতে ৰখাই যাবলৈ ওলালোঁ।
-ৰহ, ৰহ। আৰো আকো বুজোবা নালগে। পাছে তোৰ কাষত বইহলি পূজাত মন নবইভোএ নহে।–গৈ গৈ তাইক অলপ জোকাবলৈ চেষ্টা কৰিলোঁ।
-কিয়ো? ডাৰ্কলাইটক লুগে দিম বুলি ইমান আশা কৰিও লাভ নহোবো। আৰো তাইৰ কথায়েই অনবৰতে ভাবি থাকা যে, আমাৰ কথাও মাজে মাজে ভাববিচুন।
-ডাৰ্কলাইটৰ কথা কোনাই। তোৰ কথায়েই কৈছু। তাতে আজি ইমান ধুনীয়া লাগচি তোক যে……
-যে? চাইট্টা চ’লিৰ মাক?
-নহে।
-তিত্তেহ’লি?
-চাইকেলখেনত পাছৰ কেৰিয়াৰ নাই ন’হে।
-আগতে উঠিম দে।
-তোক নাটপো নহে। অলপ বহলাতু কমে ঠেক হোচুন।
-মই বহলা হৈ থাকলি তোৰ কি প্ৰ’ব্লেম?
-কলুৱে দেখুন। তাতে চেকেণ্ড হেণ্ড চাইকেল। -ধেমালীৰ মাজতে দুয়ো দুয়োকে জোকাই জোকাই পূজাথলী পইছিলোঁগৈ। শেষৰ সময়ছোৱা পূৱালীয়ে একো কোৱা নাছিল। মোৰ চকুলৈ অৰ্থবহ ভাৱে মাথোঁ চাইছিল। এনেকুৱা এটা চাৱনি, যাৰ অৰ্থ বুজিবলৈ এই চক্ৰেটিচৰ হয়তো আৰু বহুত দিন লাগিব।

পূজাৰ আমেজ, নৱাগত আদৰণিৰ ধেমালিবোৰে সকলোকে বুৰাই ৰাখিছিল। দিনটো সকলোৰে বাবে হৈ পৰিছিল এক বিশেষ দিন। মোৰ বাবেও। ঘৰুৱা সমস্যাৰে জৰ্জৰিত হৈ থকা সময়তো আজিৰ দিনটোৰ কাৰ্য্যক্ৰমণিকাই গোটেই দিনটো মোক এই সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছিল। দেৱীকা বাই বৰ পৰিপাটীকৈ আৰম্ভ কৰিছিল আমাৰ পৰিচয়পৰ্ব। আৰু পৰিচয়পৰ্বৰ লগতে সকলোকে সহজ কৰি তুলিবলৈ কৰিবলৈ দিছিল কিছুমান অভিনয়, আবৃত্তি ইত্যাদি। অৱশ্যে কবিতা সকলোৰে বাবে বাধ্যতামূলক আছিল। কোনোবাই কবিতা নাজানিলে ‘লাও পুলি ল’ৰাই ৰুলোঁ’ হ’লেও মাতিব লগাত পৰিছিল। আৰু এই নিয়মে মোৰ টেনচন বঢ়াই তুলিছিল। সকলোৱে হাঁহিছিল, ফূৰ্তি কৰিছিল। মাৰ্জিতভাৱে জমাইছিল। পূৱালীয়ে মাজে মাজে মোলৈ চাইছিল। সেই অৰ্থবহ চাৱনিটোৰে। আৰু তাই যিহে ভয়ানক, মোক কিহবাত ফচাব বুলি তলমূৱা হৈছিলোঁ। কিন্তু তথাপিও মোৰ পাল আহিছিল। পূৱালীয়ে মোক ফচোৱা নাছিল। কিবা সহায় কৰিব লাগে বুলি ৰিদিপ দাই মোক উঠাই নিছিল। আৰু তাৰ পিছতেই আৰম্ভ হৈছিল মোৰ পাব্লিক ইনচাল্ট। আতিশয্যাৰ ভৰত ময়ো কবিতা মাতিছিলোঁ, আৰু কবিতাবোৰ গহ্বৰ সিঙৰ ডায়লগৰ দৰে হৈ সকলোকে আমেজ দিছিল। যেতিয়া গাইছিলোঁ, সৰুতে ছৱি আঁকি তলত কিহৰ ছৱি আঁকিছোঁ লিখি দিয়াৰ নিচিনাকৈ ‘অমুক গানটো গাম’ বুলি কৈ দিব লগা হৈছিল। আৰু “ই ইটো জানে, সিটো জানে” বুলি উচতাই জোল খাইছিল কৰবীহঁতে। আনহাতে মোৰ এই পাবলিক ইনচাল্ট সকলোৰে বাবে হৈ পৰিছিল পাবলিক এণ্টাৰটেইনমেন্ট। হঠাতে দেখিছিলোঁ, আলোছায়াও কোনোবা তলকত আহি বহিছেহি। দেখিলোঁহে মাত্ৰ, তাইও দিলে নহয় জিলেপী ডেঞ্চৰ তলব। মোৰ দৰে আন কিছুমানৰো বেণ্ড বাজিছিল। সকলোৰে সন্মুখত হোৱা এই পাবলিক ইনচাল্টবোৰে কিন্তু মোক আৰু সকলোকে সহজ হোৱাত বহুতখিনি সহায় কৰিছিল।

অনুষ্ঠান শেষ হৈ যেতিয়া খোৱা-বোৱাৰ যোগাৰ কৰিবলৈ আহিছিলোঁ, তেতিয়া ৩ মান বাজিছিলেই। সকলোৱে মিলি প্ৰথম বৰ্ষৰ কেইজনক আৰু চাৰসকলক বহুৱাই দিবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ, এনেতে বাহিৰত ৰণদ্বীপ আহি মাতিলহি – ঐ হিতেন, ইফালে আহচুন।
-ইতা যাবা পাৰবান্নাই। কি ক’চুন।
-নহে বে, চিৰিয়াচ কথা।–অগত্যা মই আগবাঢ়ি গ’লোঁ।
-পূৱাক মাতি দেনা
-সেতুহে চিৰিয়াচ কথা তোৰ?
-মাতি দিনা
-কি কথা কচুন।
-কম যা পাছোত। ইতা তাইক মাতি দি। -বেছি সময় মুখ নুখজুৱাই মই পূৱালীক মাতি দি পুনৰ কামত লাগি গ’লোঁ।
দুই  মিনিটমান পিছতেই পূৱালী ধূৰি অহা দেখিলোঁ যদিও মুখৰ অভিব্যক্তিত একো ধৰিব নোৱাৰিলোঁ, ৰণদ্বীপে কি কথা ক’লে।

সকলোৰে অভ্যৰ্থনা শেষ কৰি মই, পূৱালী, জয়, অৰূপ, ৰিদিপ, কুমাৰ, উচ্চ, আলোছায়া, কৰবী, দেৱীকা বা সকলোৱে একেলগে খাবলৈ বহিছো। সকলোৰে মুখেৰে আনন্দৰ নিজৰা বইছে। সকলোৱে যেন ধেমেলীয়া কথাৰ প্ৰতিযোগিতাহে পাতিছে। সকলোবোৰ ব্যঞ্জন আকৰ্ষণীয় হৈ পৰিছে। আনন্দ মিহলি ব্যঞনসমূহ পেটলৈয়ে নহয়, হৃদয়লৈও সোমাই গৈছিল। আত্মা তৃপ্ত হৈ পৰিছিল। ইজনে সিজনক জোকোৱা, কাট মৰা আদিবোৰে মনক এক এক অনুভূতিৰে আপ্লিত কৰি তুলিছিল। যোৱা এমাহত যিমান হঁহা নাছিলোঁ, ইমানখিনি আজিয়েই হাঁহি লৈছিলোঁ। আনন্দমধুৰ হৈ পৰিছিল দিনটো। সকলোৰে। মোৰো।

কাৰো ভাল লগা নাছিল যেতিয়া সন্ধিয়া নামিছিল। হাস্যমধুৰ এটা দিনৰ শেষ হোৱাতো কোনেও বিচৰা নাছিল। তথাপি আমি যাবলৈ সাজু হৈছিলোঁ। সাজু হব লগা হৈছিল। আৰু এজন দুজনকৈ সকলোৱে ওলাই গৈছিল। মই আৰু জয় যেতিয়া ওলাইছিলোঁ, তেতিয়ালৈকে সকলোৱে ডিপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল। আমিও ইটো-সিটো কথা পাতি পাতি নতুন বিজ্ঞান ভৱনৰ পৰা নামি আহিছিলোঁ। বাৰান্দাত ভৰি দিয়েই দেখিছিলোঁ, পূৱালী আৰু আলোছায়াই কিবা ভোৰভোৰাই সোঁ-সোঁৱাই হোষ্টেলৰ ফালে গৈ আছিল।
-ইহঁতৰ আকৌ কি হ’ল। -জয় আৰু মই কিবা এটা ভবাৰ আগতেই জয়ে দেখুৱাই দিলে অৰূপ মোৰ পিনে আগবাঢ়ি আহিছে।
-অ’ই চুৱৰ। প্ৰেম কৰবা আপি নাপোলি? আলোছায়াৰ পৰা চাইড হো। আজিৰ পিছোত তাইৰ আশে পাশেও দেখু যদি কথা বোয়া হোবো। তাইকো কৈ দিছু। -খুব অশ্লীলতাৰে কথাখিনি কৈ অৰূপ আঁতৰি গ’ল। তাৰ কথাখিনিৰ উৱাদিহ পোৱাৰ আগতেই সি বহুদূৰ পালেগৈ। মই হতভম্বহৈ পৰিলোঁ। ক’ৰ পৰা কি হ’ল একো ধৰিব নোৱাৰিলোঁ। এইজনেইতো সেইজন অৰূপ আছিল, যিয়ে মোৰ লগত চিনাকি হৈছিলহি, উপযাচি। খং উঠি আহিছিল। ৰঙা পৰিছিলোঁ। কাণ-মূৰ গৰম হৈ আহিছিল। এনেকুৱা লাগিছিল, যেন সেই ডেৰফুটীয়াক ইয়াতেই দুটামান কেঁচা গোৰ সোধাম। কিন্তু তেতিয়ালৈকে সি মূল গেট পাৰ হৈ গৈছিল। কি কৰিম, কি নকৰিম একো ভাৱি পোৱা নাছিলোঁ। পূৱালীহঁতক লগ কৰাৰো কোনো উপায় আৰু নাছিল। উশাহ দীঘলীয়া হৈ পৰিছিল। চকু দুটা অলপ সময়ৰ কাৰণে জপাই চিন্তা কৰিলোঁ, এতিয়া কি কৰিম। চকু যেতিয়া মেলিছোঁ, তেতিয়া দেখিলোঁ কান্ধত এখন আশ্বাসৰ হাত। সমীৰ দাৰ। পাঠশালাৰ স্থানীয়, সকলোৰে দাদা, সমীৰ দা। সমীৰ দাই মোৰ ফালে চাই আশ্বাস ভৰা চাৱনিৰে লাহেকৈ চকু দুটা মুদি লাহেকৈ মূৰ দুপিয়ালে যেন ক’লেহে যে “মই আছোঁ, চিন্তা নকৰিবি।“

(ক্ৰমশঃ)    


Saturday, June 28, 2014

তোমাৰ মেঘালী চুলিটাৰি

তোমাৰ মেঘালী চুলিটাৰি
এবুকু আশাৰ দাপোন
তোমাৰ উন্মনা চকুযুৰি
শান্ত পুৱাৰ পূৱালী পোহৰ।

সুবিধা পালে আকাশ লুকাব তোমাৰ চকুত
কিজানি চুৰি কৰিব পাৰেই তাৰে অধানি নীলা
জোনৰ ভয়ত আউসী লুকাব তোমাৰ চুলিত
‘মোৰ অস্তিত্ব জোনাকতো নহয় নীৰৱ’

কিয় জানো
তোমাক দেখিলে প্ৰেমত পৰিবলৈ মন যায়
কিন্তু সপোন জানো ভাল পাব পাৰি?
যৌৱনৰ কুলুকুলু নিজৰাত তোমাৰ যোগ্য অনামী গাম্ভীৰ্যতা
কিয় সাজা তাত সন্দেহৰ কৃত্ৰিম পাৰহাট।


[ৰচনাকালঃ ২০০৫, কোনোবা এটা শুক্ৰবাৰ, ৩১৫-৪০০ আবেলি]

দেৱলোকৰ ৰজা

নিৰপেক্ষতাৰ আলোকেৰে তই দেৱলোকৰ ৰজা
মোকহে সজালি তই অশ্বমেধৰ ঘোঁৰা !

ঈশ্বৰ হেনো তই আশাৰ প্ৰতিমাৰ
ক’তা ! স্বপ্নৰ ৰ’দালিৰে পুলকিত আভাতো নাই !
ত্ৰাণকৰ্তা হেনো তই
ত্ৰাণকৰ্তা হেনো বানে ধুৱাই নিয়া মুক্তিহীনতাৰ?
মুক্তিহীনতাৰ নে যুক্তিহীনতাৰ?
মুক্তিহীনতাৰ পৰিত্ৰাণ বিচাৰি মই যুক্তিহীনহে হ’লো।
মুক্তিৰ অন্বেষণত সত্যৰ সমিধান বিচাৰি
আশাহত জটায়ু পক্ষীহে হ’লো
তেনেহ’লে কিহৰ বাবে তই ত্ৰাণকৰ্তা?
কিহৰ বাবে পৰমেশ্বৰ পৰমাত্মা?

তোৰ প্ৰেৰণাত জীৱন নদীত প্ৰেমৰ নাও বোৱা
আমি এক বিদ্যুতপ্ৰৱাহ নাৱৰীয়া
তোৰ ইতিহাসেই আমাৰ গতিশীলতা
তোৰ প্ৰতিফলনেই আমাৰ প্ৰাৰ্থনা
সহস্য গোপিনী নালাগে
মাত্ৰ এজনীয়েই মোৰ মেনকা
তাকো উটাই নিয় – ভাঙি চিঙি মোৰ অৰ্চনা
খুন্দি খুন্দি চূড়মাৰ কৰ –
বাজি থকা জীৱনসুৰৰ মূৰ্চনা
আৰু হামিয়াই হেকেটিয়াই
উচুপি উচুপি উদ্বাউল হৃদয়েৰে
চিঞৰি চিঞৰি তোলৈ কৰো প্ৰাৰ্থনা
হুৰ হুৰ বতা চৰাই; মোৰ প্ৰেম নিনিবি তোক দিম গোটেই কৰাই
তোক দিম গোটেই কৰাই।

তোৰ বাবেই মোৰ হৃদয়ত বাজে আজি ফটা ঢোলৰ চেৱ
তোৰ বাবেই মোৰ চকুত আজি অশ্ৰুসিক্ত নিৰাশাৰ ৰাৱ
তোৰ বাবেই আজি
তোৰ বাবেই আজি বিশ্বাসৰ সমভূমিত সন্দেহৰ খাদ
বেছিতো নালাগে
যদি মাথোঁ দিলিহেঁতেন
নল দময়ন্তীৰ প্ৰেমৰ সফল উপাখ্যান
তাকো নিদিলি !
তাকো নিদিলি ! যে মই মুখ মেলি কান্দিম
আৰু বন্যাম বিষাদ বোৱা এখন ধূসৰ নদী
অথবা বুজাই দিম পৃথিৱীক
বতা চৰাইজাকে হুৰহুৰকৈ
হৃদয়ৰ জনজননি তুলি লই গ’ল মোৰ প্ৰেমৰ সুৰভি
দি থৈ গ’লি মাথোঁ
স্বাৰ্থন্বেষী এক অভিনৱ পৃথিৱী
আৰু ভাৰসাম্যহীন ন্যায়ৰ এক তুলাচনী।

জান ঈশ্বৰ !
তোৰ বন্দনাত মুখৰিত মোৰ আজি নিন্দাৰ বাণী
তোৰ ন্যায়পৰায়ণতাত লজ্জিত আজি অনন্য পৃথিৱী
আৰু তোৰ প্ৰেমহীনতাতেই
অস্তগামী বিশ্বাস ৰাধা-ৰাণী
তোৰ প্ৰেমহীনতাতেই নিৰ্বাসিত উপাখ্যান নল-দময়ন্তী।


[ৰচনাকালঃ ০৮/০১/২০০৭, সোমবাৰ; বিয়লি ৮১১-৯১৭]

সময়

সময় এতিয়া বৰ ব্যস্ত !
মৃত্যু উপত্যকাত।
হৃদয়ৰ জয়যাত্ৰা কৰিবলৈ
সময়ৰ অভাৱ সময়ৰ !

সময় আগবাঢ়িছে
এটি সশব্দ প্ৰেমৰ উন্মাদনাত
য’ত আন এটি নিশব্দ সপোন
ধূলিস্যাত কল্পনা
সময়ে বিচাৰিছে
প্ৰয়োজনীয়তাবোধৰ এক অভেদ্য দূৰ্গ
যি ম্লান মুখৰ উজ্জ্বল হাঁহিৰ
প্ৰজ্জ্বলিত চকুলোৰে আবৃত।

সময় এতিয়া নিমগ্ন !
আবেগ নিষ্পেষণত।
স্মৃতিৰ চাকি নুমুৱাবলৈ
সময়ৰ অভাৱ, সময়ৰ !

সময় কলুষিত
অতীত, প্ৰেমৰ এটি মোক্ষম আঘাতত
যাৰ ভবিষ্যতেই দাহ্য ধূসৰিত বৰ্তমানত

সময় এতিয়া বিকল্প !
সময়ৰ পৰিত্ৰাণৰ।
মান-অভিমানৰ পুখুৰী সিঁচিবলৈ
সময়ৰ অভাৱ সময়ৰ !
অভাৱ সময়ৰ !!!
এটি প্ৰস্ফুতিত ৰাঙলী সময়ৰ।।


[ৰচনাকালঃ ০৯/১০/২০০৪]

Friday, June 27, 2014

নিষিদ্ধ কিতাপ আৰু এটি প্ৰশ্ন

কিতাপ নিষিদ্ধকৰণ সম্বন্ধত আমি প্ৰায়ে কিছুমান কথা নাজানো। যেনে ধৰক-
১/ এতিয়ালৈ কিমানখন অসমীয়া কিতাপ নিষিদ্ধ কৰা হৈছে, তাৰে কিবা তথ্য কাৰোবাৰ ওচৰত আছে নেকি? মই ক'তো বিচাৰি নাপালোঁ।
২/ ধৰি লোৱা হওঁক, এখন কিতাপৰ তথ্যসূত্ৰ দি মই কিবা এটা লিখিলোঁ। মই নাজানো যে কিতাপখন মই কিনাৰ পিছত কেতিয়াবা নিষিদ্ধ কৰা হৈছিল। তেনে ক্ষেত্ৰত মই কিতাপখনৰ তথ্যসূত্ৰ দিয়াত কি আপত্তি থাকিব পাৰে?
৩/ মোৰ লেখা এটাত সেই কিতাপখনৰ তথ্যসূত্ৰ দি লিখাৰ পিছত কেনে ধৰণৰ অসুবিধা আহিব পাৰে?
৪/ কেতিয়াবা এনেকুৱাও হব পাৰে যে, কিতাপ এখনৰ প্ৰথম প্ৰকাশত থকা তথ্যসমূহৰ ভিত্তিত কিতাপখন নিষিদ্ধ নহয়। কিন্তু কেবাটাও প্ৰকাশৰ পিছত আৰু সমহযোজনৰ পিছত কিতাপখনত নতুনকৈ সংযোজন কৰা তথ্যৰ ভিত্তিত কিতাপখন নিষিদ্ধ কৰা হ'ল। এতিয়া প্ৰথম প্ৰকাশখন মই নিষিদ্ধ বুলি ধৰিম নে নিষিদ্ধ নহয় বুলি ধৰিম?
৫/ কিতাপ এখন নিষিদ্ধকৰণত ISBN ৰ ভূমিকা কি?
৬/ কিতাপ এখন সাধাৰণতে নিষিদ্ধ কৰা হয় নে বাজেয়াপ্ত কৰা হয়?
৭/ যদি বাজেয়াপ্ত কৰা হয়, তেন্তে সেই কিতাপখনৰ তথ্যসূত্ৰ দিয়াত আপত্তি কি?
-বিজ্ঞজনৰ পৰা এই বিষয়ে পৰামৰ্শ বিচাৰিছোঁ।

[ৰচনাকালঃ ২৫ এপ্ৰিল, ২০১৪]

ড৹ আকাশীতৰালৈ মুকলি প্ৰশ্ন



বাইদেউ, ব্যক্তিগত সংবাদ চেনেল এটাত অতিথি হৈ আহি আপুনি যিখিনি মত পোষণ কৰিলে, সেইখিনিৰ ওপৰত আমাৰ কব লগা আছে৷ গুৱাহাটীত ফাকুৱাৰ নামত যিখিনি ব্যাভিচাৰ আজিৰ দিনটোত হৈছে, সেইখিনিক কি যুক্তিত পশ্চিমীয়া সংস্কৃতিৰ দোহাই দি আপুনি সমৰ্থন কৰিছে, আমাৰ বোধগম্য হোৱা নাই৷ আমি সময়ে সময়ে দেখিছোঁ, অসমত মুক্ত যৌৱনৰ আপুনি সমৰ্থন জনাই আহিছে৷ আপোনাৰ উপন্যাসসমূহতো এনেকুৱা কিছুমান কথা আমি দেখা পাওঁ৷ যিসময়ত ফাকুৱাৰ পৱিত্ৰ উৎসৱত অসম মতলীয়া হৈ আছিল, সেই সময়ত টমাটিনা অনুষ্ঠানত দেহত লিপিট খোৱা নামমাত্ৰ বস্ত্ৰ পৰিধান কৰা যুৱতী অথবা অৰ্ধ উলংগ যুৱকৰ অশালীন নৃত্য অথবা ৰেইন ডেঞ্চৰ নামত কৃত্ৰিম পুখুৰীত দেখুওৱা কাণ্ড কাৰখানাই অসমীয়া সাংস্কৃতিক পৰম্পৰাত কিমান ক্ষতি কৰিলে আপুনি অনুমান কৰিব পৰা যেন নালাগিল৷ আপুনি বাৰম্বাৰ কৈছে, আমি আধুনিক হব নোৱাৰিম নেকি? আপোনালৈ মোৰ পোনপোটীয়া প্ৰশ্ন যিমানেই শালীনতা নোহোৱা হয়, সিমানেই মানুহ আধুনিক হয় বুলি আপুনি ভাবে নেকি? সামাজিক অনুষ্ঠানত এনেকুৱা প্ৰদৰ্শন মানে অসম আধুনিক নেকি? আপোনাৰ উত্তৰ পালে ভাল পাম৷

[ৰচনাকালঃ ১৬ মাৰ্চ, ২০১৪]

ড° ভূপেন হাজৰিকালৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ মৰণোত্তৰ সন্মান



ভাৰতীয় প্ৰয়ুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ প্ৰেক্ষাগৃহৰ নামকৰণ প্ৰয়াত বিশ্বশিল্পী ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ৰাখিবলৈ প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে এতিয়াৰ পৰা এই প্ৰেক্ষাগৃহৰ নাম "ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ" হিচাপে জনাজাত হব। এই ক্ষণতে প্ৰয়াত শিল্পীগৰাকীলৈ আমি নিবেদিছোঁ পৰম শ্ৰদ্ধা।

[ৰচনাকালঃ ২৭ মাৰ্চ, ২০১৪]

চিন্তা-অচিন্তা

অসমীয়া হৈও অসমীয়া ভাষা কব নজনা, লিখিব নজনা অথবা পঢ়িব নজনাটো অসমীয়া ভাষাৰ বাবে ভয়ংকৰ৷ কিন্তু তাতোকৈ ভয়ংকৰ অসমীয়া ভাষা শুদ্ধকৈ পঢ়িব, লিখিব আৰু কব জানিও পাশ্চাত্য ঢঙত অসমীয়া কোৱাসকল৷

প্ৰথম ধৰণৰ লোকক শিকালে, বুজালে হয়তো অসমীয়া ভাষা কব পাৰিব, দ্বিতীয় ধৰণৰ লোকসকলে কিন্তু বিদ্ৰূপহে কৰিব৷

[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৪]

পৰাধীন ভাৰতৰ স্বাধীন চিন্তা

স্বাধীন ভাৰতত বহুদিন ধৰি পৰাধীনৰ দৰেই কটালোঁ৷ 2008 ত গুৱাহাটী চাৰখাৰ কৰি, বহুতো ঘৰ নিথৰুৱা কৰি উগ্ৰপন্থীয়ে যি ধুমুহা নমাইছিল, তাক আলোচনাৰ নাম দি কংগ্ৰেছ শাসনাধীস্থ চৰকাৰখনে আঁকোৱালি ললে৷ কিন্তু সেই সৰ্বহাৰাক এবাৰলৈও সুধিলেনে, এই উগ্ৰপন্থীসকলৰ নেতৃত্বক কি কৰা উচিত? নুসুধিলে৷ কিয়নো, তেওঁলোকে জানে, ৰাইজৰ মতৰ দৰ দামেৰে, সজাই লোৱা কিছুমান ভোটেৰে আৰু এইসকল উগ্ৰপন্থীৰ সহায়েৰে তেওঁলোকে নিজৰ স্থিতি মজবুত কৰিব পাৰে৷ বিপিএফৰ কথা কাকো কব লগা নাই৷ নিৰ্বাচনৰ আগে আগে গৈ বিলাবলৈ তেওঁলোকৰ হাতত অলেখ টকা৷ টকাৰে তেওঁলোকে কিনি লৈছে গণতন্ত্ৰ৷ আৰু এই গণতন্ত্ৰ বিক্ৰী কৰিছে আপুনি, মই, আমি, আমাৰ এটা এটা ভোটেৰে৷ ভাৰতীয় গণতন্ত্ৰ যেন একপক্ষীয় ৰূপ লৈ লৈছে৷ অথচ আমি নিজকে সচেতন বুলি কৈওঁ বাৰম্বাৰ একেটা ভুলেই কৰি আছোঁ৷ ৰাইজ, আহক, ভাৰতীয় গণতন্ত্ৰক এই দানৱসকলৰ পৰা ৰক্ষা কৰোঁহক৷ নিৰ্ণায়ক সংক্ষক যুৱসমাজৰ ভোটেই একে লগ হৈ তচনচ কৰি দিব পাৰে এই একনায়কত্ববাদ৷ তেন্তে আহক, আমিও দেখুৱাই দিওঁ, আমি ভাৰত গঠনৰ ক্ষেত্ৰত চকু মুদা কুলি নহওঁ৷

[ৰচনাকালঃ ৬ এপ্ৰিল, ২০১৪]

বিহুৰ বৰ বিহ

চহৰক দেখি, গাঁওসমূহতো বিহু মঞ্চলৈ আহিল৷ ফলত ধন সংগ্ৰহৰ নামত গাঁওৰ ঘৰে ঘৰে গৈ চান্দা তোলা আৰম্ভ হ'ল৷ ৰাস্তাই ৰাস্তাই ৰচী টানি, ৰাস্তাৰ মাজত বেঞ্চ ৰাখি জোৰ জবৰদস্তি "বৰঙণি" দিয়াৰ ব্যৱস্থা আৰম্ভ হ'ল৷ এটা ক্ষেত্ৰত ভালেই হ'ল, ব্যস্ততাৰ মাজতো গঞা একত্ৰিত হোৱাৰ সুবিধাকণ পালে৷ পাছে, ভাবি চালে সেয়া সতিনীৰ নাক কাটি নিজৰ যাত্ৰা ভংগ কৰা যেনহে হ'ল৷ ঘৰে ঘৰে বিহু নোহোৱা হ'ল৷ বিহুক কিছুমানে নিজৰ স্বাৰ্থত বিহ সজালে৷ আগতে ঘৰে ঘৰে গোৱা হুচৰি দলসমূহ ৰিহাৰ্চেলত ব্যস্ত হৈ পৰিল৷ ফলত ঘৰৰ চোতালত আশীৰ্বাদ লোৱা প্ৰথাও অন্ত পৰিল বা অন্তৰ গৰাহত পৰিল৷ তথাপি এয়া বিহু৷ যিমান বেয়া নহ'লেও নিজৰ জন্মস্থানেই যেনেকৈ শ্ৰেষ্ঠ, নিজৰ সংস্কৃতিও তেনেকৈ শ্ৰেষ্ঠ৷ সেয়েহে বিহুৰ পণ্যকৰণত বিৰোধ কৰি সকলো যুৱক যুৱতীলৈ আবেদন- মঞ্চত বিহু পাতি সংস্কৃতিৰ বিনাশ মাতি অনাতকৈ সেইখিনি প্ৰচেষ্টাৰে ঘৰে ঘৰে বিহুক প্ৰাচুৰ্য্য বঢ়োৱাতহে গুৰুত্ব প্ৰদান কৰক লগতে ৰাস্তাই ঘাটে চান্দা দিয়া বন্ধ দিয়ত৷ আহক, আমি সকলোৱে মিলি আমাৰ সংস্কৃতিক আৰু এঢাপ ওপৰলৈ নিয়াৰ সংকল্প লওঁহক৷ সদৌ অসমবাসীলৈ বিহুৰ শুভেচ্ছা যাঁচিছো৷
 
[ৰচনাকালঃ ১৫ এপ্ৰিল, ২০১৪]

আইআইটি গুৱাহাটীৰ কৃতিত্ব

প্ৰতিষ্ঠাৰ পঞ্চাশ বছৰৰ ভিতৰত বিশ্বৰ ভিতৰতে ৮৭ নং স্থান পোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ এজন সদস্য হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ৷ জনাবলৈ পাই সুখী হৈছোঁ যে এশখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ এই তালিতাত স্থানপোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়েই একমাত্ৰ ভাৰতীয় প্ৰতিষ্ঠান৷ অসম চুক্তিৰ ফল এই প্ৰতিষ্ঠানৰ গৌৰৱত সমূহ অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ৷


http://timesofindia.indiatimes.com/home/education/news/IIT-Guwahati-among-top-100-young-varsities/articleshow/34447425.cms


http://www.timeshighereducation.co.uk/world-university-rankings/2014/one-hundred-under-fifty


[ৰচনাকালঃ ১ মে', ২০১৪]

নাট্যালোচনাঃ টোপনি এ তোৰে কলাতলত ঘৰ


দিনাংক ২৬ মাৰ্চ, ২০১৪। স্থান-ৰবীন্দ্ৰ ভৱন, গুৱাহাটী। কণ-কণ কেইজনমান ল’ৰা-ছোৱালী। ইজনে সিজনৰ ককালত ধৰি ঘূৰণীয়াকৈ ঘূৰি ঘূৰি গাইছে-
 
“ইৰিকটি মিৰিকটি বাঁহৰ শলা
মোমাই পদূলিত বান্ধিলোঁ ঘোঁৰা।“

এবিধ প্ৰাচীন খেল। কোমোৰা খেল। এই কোমোৰা খেলকেই প্ৰথমতে দৃশ্য-শ্ৰাব্য ৰূপত তুলি ধৰি আৰম্ভ কৰা হৈছে নাটখনি।

ঠিক নাট বুলি ক’লে যি নাটকৰ কথা আমাৰ মনলৈ আহে, তাৰ ঠিক ব্যতিক্ৰমী এখন নাট। এন্ধাৰ পশ্চাদপটত জ্বলি আছে এটি উজ্জ্বল জোন। ৰাজকুমাৰ হামিয়াই হামিয়াই খিৰিকীৰ মুখত কাৰোবাৰ অধীৰ অপেক্ষাত অপেক্ষাৰত। প্ৰথম দৃশ্যয়েই কৈ গৈছে নাটকখনিৰ মূল উদ্দেশ্যৰ কথা। ন-পুৰণিৰ সমন্বয়ত, এন্ধাৰ-পোহৰৰ মিশ্ৰণত যেন গতিপ্ৰাপ্ত হৈ গৈ আছে কিছুমান জীয়া স্কেচ্ছ। চলমান জীয়া এই স্কেচ্ছসমূহৰ সমষ্টিয়েই “টোপনি এ তোৰে কলাতলত ঘৰ”।

এটা সৰু কাহিনী। সখিয়তীয়ে সম্ভেদ দিয়া ৰাজকুঁৱৰীক পাবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰে এপষেক কাল ৰ’দ-বৰষুণ, বাধা-বিধিনীক হেলাৰঙে মূৰ পাতি শেষ লক্ষ্যত উপনীত হোৱা ৰাজকুমাৰৰ কাহিনীক লৈয়ে নাটখনিৰ মূল কাহিনীভাগ ৰচিত। কিন্তু এখন নাটকৰ সকলো উপাদান মজুত ‘টোপনি এ তোৰে কলাতলত ঘৰ’ত। ৰাজকুমাৰে ৰাজকুমাৰীক লগ ধৰিবলৈ যাত্ৰা আৰম্ভ কৰাৰ পৰাই ঔৎসুকতা আৰম্ভ হৈছে নাটকৰ। আৰু শেষ দৃশ্যলৈ বিৰাজমান সেই ঔৎসুকতা। কিন্তু শেষত ৰাজকুমাৰে ৰাজকুমাৰীক লগ পালেনে? এই প্ৰশ্নৰ উত্তৰেই ‘টোপনি এ তোৰে কলাতলত ঘৰ’। পাহৰণিৰ গৰ্ভত জাহ যোৱাৰ উপক্ৰম হোৱা কিছুমান লোককথাৰ খণ্ড কাহিনীক লৈয়ে সমুদ্ৰ কাজল শইকীয়াই ৰচনা কৰিছে নাটখনিৰ মূল কাহিনীভাগ। আৰু একেই ধৰণেৰে সেই খণ্ড কাহিনীসমূহক খণ্ড চিত্ৰ কিছুমানেৰে একো একোটা দৃশ্য আৰু খণ্ডদৃশ্যসমূহেৰে গোটেই নাটখনিক সজাইছে মৃণালজ্যোতি গোস্বামীয়ে। নাটখনিৰ প্ৰধান বৈশিষ্ট্য বহন কৰিছে দৰ্শক আৰু অভিনয়ৰ মাজত সমন্বয়ৰক্ষী হিচাপে থকা সংলাপ আৰু সংকেতধৰ্মী অভিনয়ে। কোনো বিশেষ মঞ্চসজ্জা ব্যৱহাৰ নকৰাকৈয়ে খালী মঞ্চত সাতোঁৰাৰ সঠিক অভিনয়ৰ জৰিয়তে অথবা ঘোঁৰাত উঠি যোৱাৰ অভিনয়ৰ জৰিয়তে, কেতিয়াবা যদি দৌৰাৰ অভিনয়েৰে, কেতিয়াবা আকৌ কাছৰ বা উটৰ পিঠিত উঠি যোৱাৰ অভিনয়েৰে দৰ্শকক এক সম্পূৰ্ণ পৰিৱেশৰ বৰ্ণনা দিবলৈ সক্ষম হৈছে পৰিচালক মৃণাল জ্যোতি গোস্বামীয়ে। ইয়াতেই প্ৰকাশ পাইছে তেওঁৰ পৰিচালন দক্ষতা। ৰূপসজ্জাৰ ক্ষেত্ৰতো সম্পূৰ্ণতাৰ পৰিচয় দিছে মানৱ অভিনীত ঘোঁৰা, উট, কাছ আদিয়ে। মুঠৰ ওপৰত এবাৰ বহিলে উঠি যাব নোৱাৰা এখন নাটক। কিছুমান ক্লিপ। বহুকেইখন চলমান স্কেচ্ছৰ সমষ্টি।

অসমৰ নাটকৰ ইতিহাস চালে দেখা যায়, ইয়াৰ অভ্যুত্থান অতি অশাব্যঞ্জক। যাত্ৰাভিনয়ৰ পৰা ভ্ৰাম্যমান যাত্ৰাদললৈ, একাংকিকা নাটকৰ পৰা মুকাভিনয়লৈ, একক অভিনয়ৰ পৰা এমেচাৰলৈ আৰু শেহতীয়াভাৱে ‘সমকালীন নাট্যচৰ্চা’ ৰ উত্তৰণ অতি লেখত লবলগীয়া। মৃণালজ্যোতি গোস্বামীৰ প্ৰথম নাটক ইমান ইমান পানীত অসমৰ দৰ্শকে পৰিচিত হৈছিল সমকালীন নাট্যচৰ্চাৰ লগত। ইমান ইমান পানীত থকা জটিলতাখিনিক আঁতৰাই এইবাৰ অধিক উন্নত আৰু মনোগ্ৰাহী ৰূপত মঞ্চস্থ কৰাৰ বাবে তেওঁ সাজু কৰি তুলিছিল ‘টোপনি এ তোৰে কলাতলত ঘৰ’ক আৰু সফলো হৈছে। এই সমকালীন নাট্যচৰ্চাৰ নতুন ধাৰাৰ জৰিয়তে দৰ্শকক জনাব বিচৰা হৈছিল, ভাষা অভিনয় জগত খনৰ বাবে অন্তৰায় নহয়। সেয়েহে হয়তো একেই স্ক্ৰীপ্টেৰেই ভাষা সাহিত্য সন্মিলনীয়ে একেইখন নাটক ‘ইমান ইমান পানী’ক অসমৰ পৰা নতুন দিল্লীলৈ অভিনয় কৰি যাব পাৰিছিল। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ উপভোগ কৰিও আমি তেনেকুৱা ধাৰণাই কৰিব পাৰোঁ। চাৰিটা ভাষা ব্যৱহাৰ কৰা নাটখনিৰ যৱনিকাও বাৰ্তাবাহী। সফলতা আৰু প্ৰাপ্তিৰ দুৱাৰমুখত অলপ মাত্ৰ অৱসাদ আৰু আত্মসন্তুষ্টিয়ে কঢ়িয়াই আনিব পাৰে বিফলতা। একেই পৰিঘটনা ঘটি আছে অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰতো। উদ্দামভাৱে নৃত্যৰত বিহু নৃত্য এটি আৰু তাৰ আৱৰি ৰখা বিপদসংকুল শক্তি কিছুমানেৰে হয়তো সেয়াই বুজাব বিচৰা হৈছে। মুঠৰ ওপৰত অতি দৰকাৰী ঠাইতহে ব্যৱহৃত সংলাপ আৰু চলমান জীয়া স্কেচ্ছ কিছুমানৰ সমষ্টিৰে ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিক কনটেম্প’ৰাৰী ড্ৰামাৰ ইতিহাসত সফলতাৰে অৱতাৰণ কৰিবলৈ সক্ষম হৈছে।

নাটক এখনৰ সামাজিক দায়ৱদ্ধতা আহি পৰে ই সমাজলৈ কঢ়িয়াই অনা বাৰ্তাৰ জৰিয়তে। ‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে এই দিশত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ক্ষমতাৰ ভাৰসাম্যতা জীৱনৰ উন্নতিৰ এক প্ৰধান সম্পদ। আত্মসন্তুষ্টিও ভাল যদিহে ই অন্য কাৰকসমূহৰ লগত সহবাস কৰি গতিপ্ৰাপ্ত হৈ থাকে। আত্মসন্তুষ্টিয়ে মাত্ৰা চেৰাই গ’লে বিপদো ওচৰ চাপে যিয়ে বহুক্ষেত্ৰত আমাক হয়তো নিশ্চিত সফলতাৰ পৰা একেকোবে বিফলতাৰ গৰাহত পেলায়গৈ। এই বাৰ্তাকেই মূল হিচাপে লৈ আন বহুকেইটা বাৰ্তা দিয়াত সফল হৈছে টোপনি এ তোৰে কলাতলত ঘৰ।

নাটক এখনৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে অভিনয়ৰ ওপৰত। টোপনি এ তোৰে কলাতলত ঘৰত অভিনীত শিল্পীসকলৰ অভিনয় লেখত লবলগীয়া। নাটখনিত পৰিশ্ৰম আৰু একাগ্ৰতাৰে অভিনয় শিল্পীসকলে নাটখনিকেই সম্পূৰ্ণ ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। শশাংক সমীৰ গগৈৰ মূল চৰিত্ৰ অভিনয়ত সম্পূৰ্ণ ৰূপত সহযোগ কৰিছে সহঃশিল্পীসকলে। অৱশ্যে ঠায়ে ঠায়ে সহঃশিল্পীসকল ভাৰসাম্যতা ৰক্ষাৰ নামত উজুটিও খান নলগা নহয়। তথাপি বিভিন্ন ধৰণৰ অভিনয়ে দৰ্শকক অভিনয়ৰ অন্য এক দিশ দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে শিশু শিল্পীসকলক অধিক সময় প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলি অনুভৱ হয়।

অভিনয়ৰ দৰে সংলাপ প্ৰক্ষেপনৰ দিশেও নাটক এখনক পূৰ্ণতা প্ৰদান কৰে। সখিয়তীৰ “সখি, অ’ সখি…সখি” সংলাপৰ সুৰ লয় আৰু মাত্ৰাই সঁচাকৈ এগৰাকী পৰীৰ আগমনৰ দৃশ্যায়ন কৰিছে। কণমানি ছোৱালী এগৰাকীৰ এই সংলাপ প্ৰক্ষেপনৰ মাধুৰ্য্যই বহন কৰিছে গোটেই দলটি সংলাপ প্ৰক্ষেপনৰ ক্ষেত্ৰত কিমান সজাগ। যিমান ভাগৰুৱা নহ’লেও সংলাপত যেন ভাগৰৰ নামমাত্ৰও প্ৰভাৱ পৰিবলৈ দিয়া নাই অভিনয় শিল্পীসকলে।

সংগীত নাটকৰ এক অবিচ্ছেদ্য অংগ। পশ্চাদপটত খাপ খোৱাকৈ সংগীতসমূহ সজাইছে অৰূপজ্যোতি ৰাভাই। চাৰিটা ভাষাত দিয়া গানৰ কলিসমূহে সমন্বয়ৰ এক সুন্দৰ চিত্ৰ চিত্ৰায়ণ কৰিছে। সেইদৰে কষ্টুম ডিজাইনত নিজৰ সৃষ্টিশীলতাক সুন্দৰভাৱে পদৰ্শন কৰিছে সীমা বৰুৱাই। কাছৰ চলং, উটৰ মুখা, ঘোঁৰাৰ মুখা আদিক যিভাৱে প্ৰদৰ্শন কৰা হৈছে, তাক নশলাগি উপায় নাই। পোহৰ মৃণালজ্যোতি গোস্বামীৰ। ছাঁ-পোহৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা মায়াময়তা, মঞ্চৰ পশ্চাদাংশত বিভিন্ন সময়ত বৰণ সলনি হোৱা ঘূৰণীয়া ফলি আদিয়ে পোহৰৰ প্ৰাচুৰ্য্যৰ কথা পতীয়মান কৰিছে। এই প্ৰাচুৰ্য্য শিল্পীয়ে সফুঁৰাত বোলোৱা তুলিকাতকৈ কোনোগুণে কম নহয়।

ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত টোপনি এ তোৰে কলাতলত ঘৰৰ মাধ্যমেৰে ভাষা সাহিত্য সন্মিলনী অসমে অসমৰ ঐশ্বৰ্যশালী পটভূমিক পুনৰ এবাৰ সবল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

সকলোখিনি মূল বিভাগতে সূচাৰুৰূপে পৰিকল্পনা কৰাৰ পিছতো যেন কিছুমান বিষয়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলে গুৰুত্ব দিব লগা আছে। যেনে মূল নাটকৰ অংশ নহ’লেও, শিল্পীসকলক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত পৰিকল্পিত ঘোষনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। ঠিক তেনেদৰে কিছুমান দৃশ্যত যেনে তিনিজন ব্যক্তি জড়িত নাওঁ বাই গৈ থকা এটা দৃশ্যত নাওঁৰীয়াজনৰ আগবাঢ়ি যোৱাৰ লগত নাওঁ হৈ গৈ থকা ব্যক্তি দুজনৰ গতিও যদি একেলগে নহয়, তেন্তে তেনেকুৱা দৃশ্যসমূহ দৃষ্টিকটু হব। মঞ্চসজ্জাৰ ক্ষেত্ৰতো মৰুভূমিৰ মাজত হোৱা যুদ্ধ, কাছৰ চালচলনত মুখাৰ পৰিচলন আদি দৃশ্যসমূহত তেনেকুৱা সূক্ষ্ম দৃষ্টিৰ আৰু একাদিক্ৰমে ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি ভাৱ হয়।

‘টোপনি এ তোৰে কলাতলত ঘৰ’ নাটখনিয়ে কেৱল ৰাজ্যিক পৰ্য্যায়তে নহয়, সম্পূৰ্ণ ৰাষ্ট্ৰীয় পৰ্য্যায়ত ই সফলতা বুটলিবলৈ সক্ষম হব বুলি আশা কৰিছোঁ।

[ৰচনাকালঃ ৯ মে', ২০১৪]

বাকলি নথকা গছ


সাৰুৱা উপত্যকাটিত পৰি আছে
অসংখ্য গছ৷
যদিওবা কুঁহিপাতবোৰ সেউজীয়া
অৰণ্যখন ৰং-বিৰঙী৷
প্ৰতিজোপা গছৰে আছে
একো একোটা নিজা সপোন৷

গোলকীয় আধুনিকতাৰ প্ৰভাৱ
অৰণ্যখনতো পৰিছে
সেইবাবেই চাগে'
কুঁহিপাতৰ পৰাই গছবোৰে সলাইছে
পাতৰ বৰণ
কোনোজোপাই যদি সানি লৈছে ৰঙা
কোনোজোপাই আকৌ কৰি লৈছে জেতুকা বৰণীয়া
ডালবোৰেও পিন্ধি লৈছে
আধুনিক অলংকাৰ
যদিও সেইবোৰ পৰজীৱি ৰঘুমলা
ফেশ্বনৰ বাবেই চেক্ৰিফাইচ কৰি লৈছে গছবোৰে
উপায়তো নাই
যুগৰ লগত চলিবই লাগিব৷

গা-গছবোৰ বগা, ঢকঢকীয়া
গোলকীয় উত্তাপত
কমি আহিছে সহন ক্ষমতা
সেয়েহে খুলি থৈছে বাকলিবোৰ
যদিও বাকলিবোৰ খুলি
গছবোৰ হৈ পৰিছে লঠঙা
গৰমৰ নামতেই এইখিনি চেক্ৰিফাইচ
আৰু অলপ ফেশ্বনৰ বাবে
সেয়েহে খুলি লৈছে আৱৰণবোৰ
কলিতে ফুলবোৰৰ গুছাই লৈছে
পাহিৰ আচ্ছাদনবোৰ
কিন্তু সেয়াই আকৰ্ষণীয় কৰি
উত্ৰাৱল কৰি তুলিছে
গাভৰু গছবোৰক৷

গছবোৰে যিয়েই নকৰক,
অৰণ্য কিন্তু এতিয়াও জীয়াই আছে৷
যদিও,
মানুহৰ দৰে গছৰ নাই লাজ
শ্ৰদ্ধা ভক্তিৰ ভৰত দো নাখায় গছবোৰ
অত্যুৎসাহী হৈ পৰিবলৈ
গছৰ নাই বিবেক,
তথাপি ই হৈ পৰা নাই অপতৃণ
স্থিৰ হৈয়েই আছে গছ
স্থিৰ হৈয়েই আছে অৰণ্য৷
কদাপি বগুৱা বাই ঘূৰি ফুৰা নাই গছ
সৰীসৃপ হৈ হোৱা নাই আলিংগণৰত৷

মহানগৰীৰ মহাৰণ্য কিন্তু হৈ পৰিছে
বৰণ সলোৱা অৰণ্যতকৈও অধিক ঘন, ভয়লগা
পাহাৰ ভৈয়াম বগাই
যেনিয়ে তেনিয়ে ঘূৰি ফুৰিছে অপতৃণবোৰ
ৰাজপথেৰে সৰীসৃপৰ দৰে একা-বেঁকা গতিৰে
আলিংগণৰত হৈ বগুৱা বাই গৈছে অৰণ্যবোৰ
আধুনিকতাৰ ভৰত
ফেশ্বনৰ নামত
কামনা বাসনাত মত্ত হৈ
দুঠেঙীয়া গছবোৰ ক্ৰমান্বয়ে হৈ পৰিছে
বাকলি নথকা গছ৷


[ৰচনাকালঃ ১২ মে', ২০১৪]

শ্বহীদ পৰাগ দাসলৈ সুৱঁৰিছোঁ...



মিডিয়াই কৰিব নোৱাৰা কাম একোৱেই হেনো নাই৷ বুদ্ধিজীৱিয়ে বিশ্লেষণেৰেই হেনো বাহিৰ কৰি দিব পাৰে দোষীৰ সন্ধান৷ অথচ এজন সাংবাদিকৰ হত্যাত একোৱেই নকৰিলে সংবাদ মাধ্যমে, সাংবাদিকসকলে৷ বুদ্ধিজীৱিসকলেও কোনো চেষ্টায়েই নকৰিলে৷ আৰু তাৰ পৰিণতিত ১৭ মে'ৰ দিনাখন ৰাতিপুৱা ৯ বজাত যোৱা ডেৰটা দশক ধৰি চকুলো টুকি গ'ল, তেওঁ লগেই নোপোৱা কিছুমান লোক তেওঁৰ আপোনসকলৰ পৰা আঁতৰত৷ হয়৷ পৰাগ দাৰ কথায়েই কৈছোঁ৷ আজি মৃত্যুদিৱসত এই মহান অসমীয়াগৰাকীক প্ৰণাম কৰিছোঁ (মনত পেলোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ আমাৰ মনৰ মাজত সদায় আছে)৷ আজিও যাম সেই বিশেষ ঠাইটুকুৰালৈ৷ আকৌ এবাৰ কম যে "পৰাগদা আমাক ক্ষমা কৰা৷ ভয় আৰু লোভত আমি ইমানেই অন্ধ যে নিজৰ আদৰ্শবোৰেই কেতিয়া পাহৰিলোঁ গমকেই নাপাওঁ৷ চিন্তা নকৰিবা, আমি আকৌ আহিম অহা বছৰ একেই দিনাখনেই৷ তোমাৰ সান্নিধ্যৰ কথা কম, অকণমান চকুলো টুকিম আকৌ পাহৰি যাম৷ "

[ৰচনাকালঃ ১৬ মে', ২০১৪]

নাটক বহুত হ'ল


নাটক বহুত হ'ল৷
জনগণৰ আবেগক লৈ বহুত সংলাপ লিখা হ'ল৷
উন্নয়নৰ গইনা লৈ বহুতো দৃশ্যায়ন হ'ল৷
জনতা পৰিতৃপ্তও হ'ল
তথাপিও কিন্তু নাটক শেষ নহ'ল৷

নাটক এখনত বিভিন্ন চৰিত্ৰ থাকে,
নায়ক অথবা খলনায়ক৷
কাহিনী থাকে,
থাকে গতিশীলতা
অথচ অপশক্তিৰ আৱহ সংগীতত
একাকাৰ হৈ পৰিছে নায়ক-খলনায়ক,
কাহিনী হৈ পৰিছে সানমিহলি,
দৰ্শকেই হৈ পৰিছে ভেবা,
আচলতে নাটকখনৰ দৰ্শকেই হৈ পৰিছে
আন এখন নাটকৰ অংশ৷

নাটকখন নকৰা হ'লেই ভাল আছিল
জনতাৰ আৱেগেৰে হয়তো লিখা গ'লহেঁতেন
জনচেতনাৰ গান৷
এতিয়া দৰ্শকেই নাজানে
কি আছিল নাটকৰ নাম

পৰিৱৰ্তন নে ভ্ৰষ্টাচাৰ নে জনলোকপাল
নাটকখন যেন ৰাজনীতিৰেই অন্য এক নাম৷


[ৰচনাকালঃ ২১ মে', ২০১৪]