Tuesday, February 14, 2012

নষ্ট হবলৈ বহু বাকী

নষ্ট হবলৈ বহু বাকী
মোৰ সাধুকথাৰ পুথিখন
উটি যাবলৈ বহু বাকী
বুঢ়ী আইৰ উমাল সপোনবোৰ |

তুমি আছানে নিয়তি ?
আছেনে তোমাৰ
আগমনি দিনৰ সুহৃদ সহযাত্ৰীবোৰ ?

আগৰদৰে এতিয়াও
ফেঁচাৰ কুৰুলীতেই জীপাল হয় নিশাবোৰ |
অথচ,
মৌনতাৰ কোলাহলত বন্দী কিয় তুমি ?
কিয় বুজি নোপোৱা তুমি...
দোলা দি যোৱা মনৰ কথা ?
যি এদিন পূৰ্ণতা পাইছিল
তোমাৰ আশাৰ গভীৰ সাগৰত |

আৰু !!
তুমিয়েই আজি পলাতকী ??
ওভোতাই দিব পাৰিবানে
মোৰ চোতালখন.....!!
য’ত বহি চাইছিলো এদিন
শাৰদী আকাশৰ ৰং.... |
তুমিহীনভাৱেই আকিছোঁ আজি তাত
তৰাফুলৰ ছৱি |

আজিও নষ্ট হবলৈ বহু বাকী
শাৰদী আকাশখন |

তুমি নাহিলেও
আকাশী চন্দ্ৰমাতে ফুলি উঠে
মোৰ আশাৰ তৰাফুলবোৰ |
সেউজীয়া ৈ ৰয়
মানসী সেই সপোনবোৰ..... ||


ৰচনাকাল : ২২.০৬.২০০৮ ইং

2 comments: