Saturday, March 3, 2012

কেনেকৈ আদৰি লও তোমাক বসন্ত...

তুমি আহা নতুন আশা লৈ.....
তুমি আহ ন-প্ৰভাতৰ ৰেঙনি হৈ...
অথচ,
গাপ দি ৰাখিব নোৱাৰো ম‍ই
নিৰাশাৰ অগ্নিপিণ্ডবোৰ |
উজলাই তুলিব নোৱাৰো
জ্যোতিষ্মান হব খোজা মোৰ চেতনাবোৰ |


তোমাৰ আগমণিত নাচি উঠে প্ৰকৃতি....
উৰি ফুৰে বৰদৈচিলাজনী...
তথাপি,
উৰাই নিব নোৱাৰে মোৰ স্মৃতিৰ সৰাপাটবোৰ |


কুলি-কেতেকীৰ মাতত থৌকি-বাথৌ হয়
অসমীৰ পদুলিমুখ..
পিৰালিত বহি জননীয়ে পাৰি দিয়ে সেউজ দলিচা..
তাৰ পিছতো,
মনৰ কৰাপাটত মোৰ
ৰৈ থাকেহি এখন অদৃশ্য হালধীয়া আৱৰণ |
তোমাৰ উৰ্ব্বৰা বুকুত গজা নতুন কুঁহিপাটবোৰে
গজালি নেমেলেহি মোৰ ভাৱনাৰ ঠাল-ঠেঙুলিবোৰত |


বসন্ত !
তুমি আহিব নোৱাৰানে 
নীল বৰণীয়া এখন আকাশ হৈ ?
প্ৰতিষ্ঠা কৰিব নোৱাৰানে 
মোৰ পূৰ্ব্বাশাৰ জ্যোতিষ্কবোৰ ?
কুলিৰ মাত হৈ গাব নোৱাৰানে
মোৰ হৃদয় জুৰাব পৰা অবিৰত প্ৰেৰণাৰ গান ?
বৰদৈচিলা হৈ বুৰাই পেলাব নোৱাৰানে
মোৰ হালধীয়া মৰুভূমিখন ?
সেউজীয়া বসনেৰে আঁতৰাব নোৱাৰানে সৰাপাটবোৰ ?
অথবা
কপৌপাহিৰ দৰে ফুলি উঠিব নোৱাৰানে
প্ৰেম কাননত এপাহ পুষ্পগন্ধা হৈ ?


কেনেকৈ আদৰি লও তোমাৰ এই অবিৰত যাত্ৰা !
তোমাৰ এই যাত্ৰাত নাচি উঠে উৰনীয়া মনবোৰ
অথচ,
তোমাৰ এই যাত্ৰায়েই যে ভাঙি-চিঙি থৈ যায়
মোৰ পহনীয়া মনটো...!!







No comments:

Post a Comment