Wednesday, November 7, 2012

ভ্ৰাম্যমানৰ পূৰ্ব্বকথা আৰু ইয়াৰ জয়যাত্ৰাঃএটি আলোকপাত

ভ্ৰাম্যমানৰ পূৰ্ব্বকথা আৰু ইয়াৰ জয়যাত্ৰাঃ এটি আলোকপাত
বিজু শৰ্ম্মা

ভ্ৰাম্যমান থিয়েটাৰ-অসমৰ এক ব্যতিক্ৰমী নাট্যকলা। নানান উত্থান-পতনেৰে বহুতো ভ্ৰাম্যমান নাট্যদলে মনোনিৱেশ কৰিছে আৰু অসমত ভ্ৰাম্যমানৰ জয়যাত্ৰা যোৱা পঞ্চাশ বছৰ ধৰি অব্যাহত ৰাখিছে যদিও ভ্ৰাম্যমানৰ আবিৰ্ভাৱৰ আগতে অসমৰ নাট্যকলাইনো কিমান প্ৰসাৰতা লাভ কৰিছিল, কেনেকৈনো ভ্ৰাম্যমানৰ আবিৰ্ভাৱ হ'ল, আৰু ভ্ৰাম্যমানৰ সৃষ্টিৰ পিছত কি গতিৰে ভ্ৰাম্যমান থিয়েটাৰে পঞ্চাশ বছৰ সম্পূৰ্ণ কৰিলে, সেই বিষয়ে এই লেখাটিত এক আলোকপাত আগবঢ়াবলৈ চেষ্টা কৰা হৈছে।

প্ৰাক-শংকৰী যুগৰ অসমৰ নাট্যকলাঃ
ভ্ৰাম্যমান থিয়েটাৰৰ জন্মকথা আৰম্ভ কৰাৰ আগে আগে আমি আগুৱাই যাব লাগিব ইয়াৰ পটভূমিলৈ আৰু অসমৰ সামাজিক জীৱনত নাট্যকলাৰ ভূমিকালৈ। প্ৰাক-শংকৰী দিনৰে পৰা অসমত ওজাপালি, ঢুলীয়া, পুতলা নাচ, পচতি, নাম ভাওনা, চড়ক পূজা আদি লোকনাট্য পৰম্পৰাই গুৰুত্ব লাভ কৰি আহিছিল। এই লোকনাট্যসমূহে সমাজত সমাদৰ লাভ কৰিছিল। এই লোকনাট্যসমূহে বিভিন্ন ধৰ্মীয় উপাদানক সমাজ আৰু জনগণৰ মাজলৈ লৈ গৈছিল। প্ৰাক শংকৰী যুগৰ লোকনাট্যসমূহ যদিও ধৰ্মীয় উপাদানেৰে পৰিপুষ্ট আছিল, তথাপি দৰ্শকৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ উপাদান ইয়াত সন্নিবিষ্ট কৰা হৈছিল। এইদৰে লোকনাট্যকলাই অসমৰ জাতি-জনগোষ্ঠীৰ মনৰ মাজত একপ্ৰকাৰ স্থায়ী আসনেই দখল কৰি লৈছিল। শকৰদেৱৰ নাটকসমূহৰ বিভিন্ন উপাদানো এই লোকনাট্যসমূহৰ পৰাই লোৱা বুলি অনুধাৱন কৰিব পাৰি।

শংকৰী যুগৰ নাটকঃ
মহাপুৰুষ শংকৰদেৱে অসমৰ বিভিন্ন ঠাই ভ্ৰমি অনুধাৱন কৰিছিল যে লোকনাট্যকলাই ৰাইজৰ মাজত এক শক্তিশালী আসন গ্ৰহণ কৰি আছে। মহাপুৰুষজনাই সেয়েহে পৰিবেশ্য এই শিল্পৰ জৰিয়তেই মানুহক আকৰ্ষণ কৰি তেওঁলোকৰ মাজত ধৰ্মপ্ৰচাৰ কৰাৰ এক নতুন ব্যৱস্থা হিচাপে নাটক ৰচনা কৰিবলৈ মন মেলিছিল। তাৰ ফলস্বৰূপেই মহাপুৰুষজনাৰদ্বাৰা 'চিহ্নযাত্ৰা' নাটক ৰচিত হৈছিল। মনোৰঞ্জনৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজৰ আগত ধৰ্মৰ তত্ব আৰু ঈশ্বৰৰ স্বৰূপ তুলি ধৰাৰ বাবে মহাপুৰুষজনাৰ এই প্ৰচেষ্টা সফল বুলি বিবেচিত হৈছিল, 'চিহ্নযাত্ৰা' একেৰাহে সাতদিন সাতৰাতি অভিনীত হৈছিল। তেনে ক্ষেত্ৰত কব পাৰি যে 'চিহ্নযাত্ৰা'য়েই প্ৰথম অসমীয়া নাটক আৰু ইয়াৰ অভিনয়ে আছিল প্ৰথম অসমীয়া নাট্যাভিনয়। মহাপুৰুষজনে এই নাটকত অভিনয় কৰাৰ লগতে তুলাপাতত সাত বৈকুণ্ঠৰ চিত্ৰৰে পট অঁকা, কপিলীমুখৰ কুমাৰৰ দ্বাৰা খোল তৈয়াৰ কৰা, মুখা ব্যৱহাৰ কৰা, অভিনয়থলী পোহৰাবলৈ মহতা তৈয়াৰ কৰি জ্বলোৱা আদি পদ্ধতি ব্যৱহাৰ কৰি প্ৰাক শংকৰী যুগৰ লোকনাট্য পৰম্পৰাসমূৰ পৰা এক পৃথক আৰু পূৰ্ণাঙ্গ নাটকৰ সৃষ্টি কৰিছিল। মন কৰিলে দেখা যায় যে শংকৰদেৱে নাটকসমূহ ৰচনা কৰোতে পৰম্পৰাগত লোকনাট্য তথা শিল্পবোৰৰ পৰা উপাদান সন্নিবিষ্ট কৰাৰ লগতে সংস্কৃত নাটকৰ পৰা সমল গ্ৰহণ কৰিছিল। 'চিহ্নযাত্ৰা' নাটকৰ সফল ৰূপায়ণৰ পিছৰে পৰা শংকৰদেৱে কেবাখনো নাট ৰচনা কৰে আৰু এটা অংকৰ হোৱা বাবে এই নাটকসমূহে 'অংকীয়া নাট' আখ্যা পায়। শংকৰদেৱেৰ পিছতো তেওঁৰ ভক্তসকলে অংকীয়া নাট ৰচনাৰ কাম অক্ষুন্ন ৰাখে আৰু ব্যাপক প্ৰসাৰ লাভ কৰে। কিন্তু নামনি অসমত ওজাপালি আৰু ঢুলীয়াই ইমানেই প্ৰসাৰতা লাভ কৰিছিল যে অংকীয়া নাটে এক বিকল্প হিচাপে এই অঞ্চলত খোপনি পুতিব পৰা নাছিল। তদুপৰি উনৈশ শতিকাত ঘটা বিভিন্ন ৰাজনৈতিক পৰিঘটনাই ৰাইজক বঙ্গদেশীয় যাত্ৰা অভিনয়ৰ প্ৰতিহে আকৃষ্ট কৰিবলৈ আৰম্ভ কৰিছিল।

বঙ্গদেশীয় যাত্ৰা অভিনয়ৰ প্ৰভাৱঃ
ইয়াণ্ডাবু সন্ধিৰ পিছৰে পৰা ইংৰাজসকলে ঔপনিৱেশিক উদ্যোগ আৰু সাম্ৰাজ্যবাদ সম্প্ৰসাৰণৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা বহুতো শিক্ষিত আৰু সস্তীয়া বঙ্গভাষী লোক আনি অসমত সুমুৱায়। পৰৱৰ্তী সময়ত বিভিন্ন উৎসৱ-পাৰ্বণত অথবা ইংৰাজসকলৰ মনোৰঞ্জনৰ বাবে এই লোকসকলে বঙ্গভাষীয় যাত্ৰাভিনয় তথা অস্থায়ী ৰঙ্গমঞ্চ সাজি নাট্যাভিনৰ ব্যৱস্থা কৰিছিল।পাছলৈ লাহে লাহে পশ্চিমীয়া 'থিয়েটাৰ'ৰ আৰ্হিৰ এই ৰঙ্গমঞ্চসমূহে ব্যাপক প্ৰসাৰতা লাভ কৰে আৰু ইয়াৰেই ফলস্বৰূপে পেছাদাৰী নাট্যদলসমূহে অসমত অভিনয়ৰ বাবে আহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত পৰ্যায়ক্ৰমে অসমত বহুকেইখন ৰঙ্গমঞ্চ নিৰ্মাণ কৰা হয়।

সেই সময়ত অসমীয়া নাট্যসাহিত্যই ইতিমধ্যে আত্মপ্ৰকাশ কৰিছিলেই। বঙ্গদেশীয় ৰঙ্গমঞ্চৰ জনপ্ৰিয়তাৰ ফলতেই ১৯৬০ চনত তিথিৰাম বায়নে অসমীয়া কলা-কুশলীৰে গঠিত প্ৰথমটো ব্যৱসায়িক যাত্ৰাদল গঠন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্যাভিনয় কৰি ফুৰে। বাঙালী নাট্যদলসমূহক প্ৰত্যাহ্বান জনাই গঠন কৰা এই নাট্যদলটিয়ে কিন্তু আঠ বছৰতে প্ৰত্যাহ্বান সামৰিব লগা হয়। ইয়াৰ সমসাময়িকভাৱে অথবা কেইবছৰমানৰ ইফাল-সিফালকৈ কেবাটাও নাট্যদল গঠন হয়।

১৯২১ চনত ব্ৰজ শৰ্মাই বৰপেটাত 'শিলা কালিকা অপেৰা পাৰ্টী' গঠন কৰি নিজে অনুবাদ কৰা নাটকৰ অভিনয় কৰায়। এই নাট্যদলটিকেই অনূদিত অসমীয়া নাট অভিনয়ৰ পথ প্ৰদৰ্শক আখ্যা দিব পাৰি। এনেদৰে অংকীয়া নাটকৰ পৰা বঙ্গদেশীয় নাটকৰ মাধ্যমেৰে অসমীয়া সমাজত পৰিচিত হয় যাত্ৰা অভিনয়।

যাত্ৰাদলৰ পৰা থিয়েটাৰ পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাকমূহুৰ্তঃ
ভাৰতৰ স্বাধীনতাৰ পাছত যিকেইটা নাট্যদলে অসমীয়া নাট্যকলালৈ অমূল পৰিৱৰ্তন আনিছিল, তাৰে ভিতৰত অন্যতম আছিল পাঠশালাৰ সদানন্দ লহকৰৰ প্ৰযোজনাত গঠন হোৱা 'নটৰাজ অপেৰা'। এই নাট্যদলটিয়ে অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি ফুৰিছিল আৰু দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনত গঠন হোৱা এই নাট্যদলটিয়ে ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ পূৰ্ণ পৰ্যায়ৰ ভ্ৰাম্যমানলৈ ৰূপান্তৰিত হয়। পৰিৱৰ্তিত সামাজিক প্ৰেক্ষাপটত যাত্ৰাৰ লগত সম্পৰ্ক চিন্ন হৈ পৰা নতুন নগৰীয়া সমাজখনত এক মনোৰঞ্জনৰ সুকীয়া ক্ষেত্ৰৰ প্ৰয়োজন হৈছিল আৰু এই অভাৱ পূৰাইছিল 'নটৰাজ অপেৰা'ই। এই 'নটৰাজ অপেৰা'কেই মূল হিচাপে লৈ ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হৈছিল।

ভ্ৰাম্যমান থিয়েটাৰৰ আদিপৰ্বঃ
১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা এক আধুনিক আৰু ব্যতিক্ৰমী যাত্ৰাপাৰ্টী নটৰাজ অপেৰাৰ ভ্ৰাম্যমান যাত্ৰাক ৰাইজে আকোঁৱালি লোৱা দেখি দেখি সদানন্দ লহকৰৰ ভ্ৰাতৃ অচ্যুত লহকৰে যাত্ৰাপাৰ্টীৰ এই ভ্ৰাম্যমান ৰূপটো আৰু কলিকতা, বোম্বে আদি চহৰৰ থিয়েটাৰৰ ৰূপটো মিহলাই ভ্ৰাম্যমান থিয়েটাৰৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিলে। সেয়েহে চুইচ টিপিয়েই ষ্টেজত মাইক, ৰঙা-নীলা লাইট আদি জ্বলাই তেওঁ চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্য শিল্পক আধুলিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে ১৯৬৩ চনত 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি অচ্যুত লহকৰ আৰু সদা লহকৰৰ প্ৰযোজনাত 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে। সেয়েহে নটৰাজ অপেৰাক ভ্ৰাম্যমান থিয়েটাৰৰ আদিপৰ্ব আখ্যা দিব পাৰি। সেই সময়ত পশ্চিমীয়া প্ৰচেনিয়াম মঞ্চ (ৰঙ্গমঞ্চ) আৰু দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ সমাহাৰত ভ্ৰাম্যমান থিয়েটাৰৰ কল্পনা কৰা হৈছিল, যিয়ে বিভিন্ন অঞ্চললৈ গৈ অস্থায়ী প্ৰেক্ষাগৃহ আৰু মঞ্চ সাজি নাট মঞ্চস্থ কৰি ফুৰিব। কল্পনা কৰা হৈছিল ইয়াৰ নাটক যাত্ৰাদলৰ অভিনয়তকৈ উন্নীত হব আৰু থাকিব নিজা পোহৰ উৎপাদন যন্ত্ৰ, মঞ্চ, প্ৰেক্ষাগৃহ, শব্দ যন্ত্ৰ, মাইক-ছেট, বাদ্যযন্ত্ৰ, অভিনয় সা-সামগ্ৰী ইত্যাদি। সেইমতেই ১৯৬৩ চনত নটৰাজ থিয়েটাৰ গঠন হয়।

নটৰাজ থিয়েটাৰৰ কাৰ্য ক্ৰমণিকাঃ
নটৰাজ থিয়েটাৰে ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত নাট মঞ্চস্থ কৰাৰ লগে লগেই অসমৰ ইতিহাসত এক সোণালী আখৰেৰে লিপিৱদ্ধ হ'ল ভ্ৰাম্যমান থিয়েটাৰৰ নাম। সিদিনা তাত নাট নিবেদন কৰা হৈছিল ফণী শৰ্মাৰ 'ভোগজৰা'। কিন্তু প্ৰথম দুটামান দৃশ্য নিবেদনৰ পিছতেই মঞ্চৰ কাৰুকাৰ্যত হোৱা বিজুতিৰ ফলত নাট বন্ধ কৰি দিব লগা পৰ্যন্ত হৈছিল।

প্ৰথম বৰ্ষত ভ্ৰাম্যমানৰ ৰঙ্গমঞ্চখন চলন্ত (ট্ৰলী) আছিল। ঠেলি দিয়া ষ্টেজ বা ৰিভলভিং ষ্টেজৰ বিশেষত্ব আছিল এয়ে যে এখন মঞ্চত নাট চলি থকা সময়ত আনখন ষ্টেজত ছেটটো সজোৱা থাকে। ড্ৰপ পৰিলেই পূৰ্বৰ ষ্টেজখনক ঠেলা মাৰি আঁতৰাই আনখন ষ্টেজক আগৰখনৰ ঠাইত ৰখা হয়। আনহাতে প্ৰক্ষাগৃহৰ ক্ষেত্ৰতো নটৰাজৰ আয়োজন আছিল অনবদ্য। প্ৰথম বৰ্ষৰ ভ্ৰাম্যমান থিয়েটাৰৰ হলটো আজিৰ তুলনাত V আকৃতিৰ আছিল। যিহেতু প্ৰথম বৰ্ষত ষ্টেজ এখনহে আছিল, সেয়েহে হলটোৰ সমুখ ভাগটো ৪০ ফুটমান বহল আছিল আৰু পিছলৈ ই V আকৃতিত সম্প্ৰসাৰিত হৈছিল। সেই হিচাপত একেবাৰে পিছমূৰটো দীঘলে ৯০ ৰপৰা ১০০ ফুটমান হৈছিলগৈ। একেদৰে চকীৰ ক্ষেত্ৰতো টিনৰ বা প্লাষ্টিকৰ চকী নাছিল। তাৰ পৰিৱৰ্তে কাঠৰ ফ'ল্ডিং চকীৰ ব্যৱস্থা কৰা হৈছিল।

নটৰাজ থিয়েটাৰে প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল সঁচা, কিন্তু ৰাইজে ইয়াক সেই দৃষ্টিৰে চাব বিচৰা নাছিল। ১৯৬৩-৬৪ বৰ্ষত গুৱাহাটীৰ জজ খেলপথাৰত গুৱাহাটী টাউন ক্লাৱৰ সাহায্যাৰ্থে নাট মঞ্চস্থ কৰিবলৈ অহা নটৰাজে পৰিৱেশন কৰা নাট উপভোগ কৰি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে নটৰাজক 'নটৰাজ ভ্ৰাম্যমান থিয়েটাৰ' হিচাপে আখ্যা দিছিল।

বজালীৰ সন্তান হৰেণ দাসৰ "ডায়মণ্ড চাৰ্কাচ'ৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে ভ্ৰাম্যমান থিয়েটাৰতো গেলাৰীৰ পৰিকল্পনা কৰে আৰু তৃতীয় নাট্যবৰ্ষৰ পৰা নটৰাজ থিয়েটাৰত গেলাৰীৰ প্ৰৱৰ্তন কৰে। ১৯৬৩ চনৰ পৰা ২০০৩ চনলৈ সুদীৰ্ঘ চল্লিশ বছৰ কাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰে বহুকেইখন নাট নিবেদন কৰিছিল। এই নাটসমূহৰ কিছুমান ধৰ্মমূলক আৰু কিছুমান সামাজিক আছিল। ১৯৬৮-৬৯ বৰ্ষত নটৰাজ থিয়েটাৰে নটৰাজ চিনে থিয়েটাৰ পদ্ধতি আৰম্ভ কৰিছিল আৰু কিছুমান দৃশ্য পৰ্দাত দেখুওৱাৰ ব্যৱস্থা কৰিছিল। ১৯৭৭-৭৮ বৰ্ষত নটৰাজ থিয়েটাৰে বিহাৰ, মধ্যপ্ৰেদেশ আদিলৈও নাট মঞ্চস্থ কৰিবলৈ ওলাই গৈছিল। কিন্তু ২০১২ চনত সোমোৱা পঞ্চাশ বছৰীয়া পৰিক্ৰমাত ভ্ৰাম্যমানে বহুত ৰঙ সলালে।

পঞ্চাশ বছৰীয়া ভ্ৰাম্যমান এতিয়া কোন দিশে
১৯৬৩ চনত অচ্যুত লহকৰে জন্ম দিয়া নটৰাজ থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰে পঞ্চাশ বছৰত ভৰি দিলেহি। এই সুদীৰ্ঘ সময়ছোৱাত ভ্ৰাম্যমান বহুত সলনি হ'ল। শতাধিক নাট্যদল গঠন হ'ল। তাৰে কিছুমান সগৌৰৱে নাট নিবেদন কৰি আগুৱাই গৈ থাকিল, কিছুমান আকৌ দুই তিনিবছৰ পিছতেই সমাপ্ত কৰিব লগা হ'ল। প্ৰথম অৱস্থাৰপৰা প্ৰায় আশীৰ দশকলৈকে সংবাদ মাধ্যমেও ভ্ৰাম্যমান থিয়েটাৰক বিশেষ গুৰুত্ব নিদিলে। ভ্ৰাম্যমান থিয়েটাৰৰ বিজ্ঞাপনৰ বাহিৰে সংবাদ মাধ্যমত ভ্ৰাম্যমানৰ বিষয়ে এটা আলোচনায়ো গুৰুত্ব নাপালে। ইয়াৰ মাজতো কিন্তু ভ্ৰাম্যমানে অসমীয়া সমাজলৈ বহু কিবা-কিবিয়েই দি থৈ গ'ল। কালজয়ী ধ্ৰুপদী নাটকৰ মাজেৰে সমাজলৈ যোগাত্মক বাৰ্তা পঠোৱাত ভ্ৰাম্যমানে বিশেষ ভূমিকা গ্ৰহণ কৰি গ'ল। একো একোটা নাট্যদলে শতাধিক নিবনুৱাক সংস্থাপন দিলে। বহুতো নাট্যপ্ৰেমী শিল্পী ইয়াৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰে সংস্থাপিত হ'ল। তাৰ পিছতো কিন্তু চৰকাৰ বা সংবাদ মাধ্যমৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ গুৰুত্ব দিবলগীয়া বিষয় হৈ নপৰিল। ভ্ৰাম্যমানেও ৰঙ সলালে। ধৰ্মমূলক নাটকৰ পৰা সামাজিক নাট আহিল। ৰূপালী পৰ্দাৰপৰা অভিনেতা-অভিনেত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰ দুৱাৰমুখত ভিৰ লগালেহি। লাহে লাহে সংবাদ মাধ্যম সচকিত হ'ল। কৰবাত দুই-এটাকৈ সৰু আলোচনা আহিবলৈ আৰম্ভ কৰিল। ভ্ৰাম্যমানৰ এখন মঞ্চৰপৰা দুখন, পৰীক্ষামূলকভাৱে দুখনৰপৰা তিনিখন আহিল। বাদ্যত, পোহৰত, গীত-মাতত আধুনিকতাৰ পৰশ লাগিল। প'ষ্টাৰসমূহো হাতেৰে অঁকাৰ পৰা প্ৰিণ্টিং হবলৈ ধৰিলে। মঞ্চত জীৱিত কুকুৰে অভিনয় কৰিলে, হেলিকপ্তাৰ উৰিল, সুবৃহৎ টাইটানিকৰ ধ্বংসযজ্ঞ খুব পৰিকল্পিতভাৱে সুদক্ষ কাৰিকৰী যাদুৰে দেখুওৱা হ'ল। নাটকৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিল। পৰ্দাৰ ষ্টাইলত নাটকৰ মাজতো গান আহিল, নৃত্য আহিল। আধুনিক সা-সামগ্ৰীৰ পয়োভৰ ঘটিল নাটকত। কৰবাত যদি দুই-তিনি মহলীয়া ঘৰৰ পৰা সংলাপ মাতি মাতি নায়ক-নায়িকা নামি আহিছে, কৰবাত আকৌ গছৰ ওপৰৰ পৰা ৰচীৰে নামি আহিছে গভাইত চোৰ। কৰবাত যদি পানীৰ তলত পৰি অভিনেতাজন ককবকাই আছে, কৰবাত আকৌ চিপজৰী লৈ ওলমি আছে নায়িকা। বচনবোৰেও আধুনিকতাৰ কৱলত পৰি হিন্দী-ইংৰাজী মিহলাই নগৰীয়া সমাজ জীৱনক ফুটাই তুলিছে, গুণ্ডাৰ মুখত গুণ্ডাগিৰিৰ সংলাপ, মদাপীৰ মুখত অবাইচ মাত-কথা ইত্যাদি ভ্ৰাম্যমানৰ পৃথিৱীখনক সমাজ জীৱনৰ লগত মিলাই গভীৰৰ পৰা গভীৰতালৈ লৈ গৈ থাকিল। কিন্তু ব্যৱসায়িক মনোবৃত্তিৰ বাবেই হওক বা অমনযোগিতাৰ বাবেই হওক, ভ্ৰাম্যমানৰ এই আধুনিকতাক আকোৱাঁলি লোৱা কাৰ্য-কৰ্মক বহুতেই যেন সহজভাৱে লব নোৱাৰিলে।

লাহে লাহে এনে ভাৱ মনলৈ আহিব ধৰিল, ভ্ৰাম্যমান যেন কাৰোৱাৰ ক'লা ধনক বগা কৰাৰ মাধ্যম হৈ পৰিল। অন্য কাৰোৱাৰ বাবে আকৌ ব্যৱসায়ৰ নতুন মাধ্যম। এই সকলৰ বাবে ভ্ৰাম্যমান হৈ পৰিল বিতৰ্কিত পদ্ধতিৰেই হওক বা চমক দিয়াৰ প্ৰচেষ্টাৰেই হওক, প্ৰেক্ষাগৃহলৈ দৰ্শকৰ সোঁত বোৱাই টকা ঘটাৰ এক নতুন দিহা। আৰু ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ল ৰাইজ। সামাজিক অৱক্ষয়ৰ বলি হৈ পৰিল ভ্ৰাম্যমান থিয়েটাৰ। ভ্ৰাম্যমান থিয়েটাৰ পৰিয়ালৰ আটাইয়ে একেলগে উপভোগ কৰিব পৰা হৈ নাথাকিল। অসংযত পৰিচ্ছদে, অমাৰ্জিত সংলাপে, অপ্ৰয়োজনীয়ভাৱে যোগ কৰা অনৈতিক কিছুমান দৃশ্যাৱলীয়ে পুতেকক মাক-বাপেকৰ পৰা, ভনীয়েকক ভায়েকৰ পৰা আঁতৰি গৈ নাট উপভোগ কৰিবলৈ বাধ্য কৰালে। অথচ ইমানৰ পিছতো চৰকাৰ একেই থাকিল। ভ্ৰাম্যমানৰ ওপৰত চৰকাৰৰ আগৰ সেই মনোভাৱ সলনি নহ'ল। চৰকাৰৰ ঘৰত ভ্ৰাম্যমান একেই অৱহেলিত হৈয়ে থাকিল। আৰু সেই অৱহেলাৰ ফলতেই লেকামহীন ভাৱে কিছুমান প্ৰযোজকে চলাই গৈ থাকিল 'নাটকৰ বেহা' আৰু ৰাইজ ইয়াৰ কৱলত পৰি উকমুকায়েই থাকিল।

পৰিৱৰ্তন উন্নতিৰ মাপকাঠী। কিন্তু কিছুমান ভ্ৰাম্যমান নাট্যদলৰ এই অনৈতিক আৰু পৰিচৰ্চিত আপত্তিজনক কাণ্ড-কাৰখানাই ভ্ৰাম্যমানক প্ৰকৃতাৰ্থত উন্নতিৰ দিশলৈয়ে লৈ গৈ আছেনে? আজিৰ তাৰিখত সেয়া এক ডাঙৰ প্ৰশ্ন। সেয়েহে চৰকাৰে বিশেষ পদক্ষেপ লৈ পৰিকল্পিতভাৱে কিছুমান নীতি-নিয়মৰ মাজেৰে ভ্ৰাম্যমানক পৰিচালন প্ৰক্ৰিয়াটোত দিশ নিৰ্ধাৰণ কৰি নিদিলে বিশ বছৰমান পাছৰ ভ্ৰাম্যমান আৰু পঞ্চাশ বছৰ আগৰ সেই ভ্ৰাম্যমানৰ কোনো সামঞ্জস্য নোহোৱা হৈ পৰিব আৰু ই নষ্ট কৰি গৈ থাকিব আমাৰ সাতামপুৰুষীয়া সাংস্কৃতিক ঐতিহ্যক।

সমলপুঠিঃ
১। ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাস, প্ৰথম খণ্ড, কিশোৰ কুমাৰ কলিতা
২। পাঠশালা, কিশোৰ কুমাৰ কলিতা
৩। অসমীয়া ৱিকিপিডিয়া (http://as.wikipedia.org)
৪। আমি অসমীয়া ই-আলোচনী (www.amiasomiya.org)

প্ৰকাশঃ
১/ www.7sisters.in

২/ প্ৰতিবিম্ব, ২৮/০৮/২০১৩, সম্পাদকীয় পৃষ্ঠা