Tuesday, April 16, 2013

গোপাল আতাৰ তিথি


আজি বহাগৰ দুই তাৰিখ। বৰপেটা জিলাৰ ভৱানীপুৰৰ ওচৰৰ কালঝাৰ সত্ৰত আজিৰ দিনটোত এই সত্ৰৰ প্ৰতিষ্ঠাপক গোপাল আতাৰ তিথি বৰ ধূমধামেৰে পালন কৰা হয়।

১৫৪৭ ইং চনত গোপাল আতাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাৰ ওচৰত। কিশোৰ কালতেই তেওঁ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ কোচ সাম্ৰাজ্যৰ কেইগৰাকীমান কলা-কুশলীৰ সংস্পৰ্শত তেওঁ বৰপেটাৰ ভৱানীপুৰলৈ গুছি আহিছিল। পিছলৈ মহাপুৰুষ মাধৱদেৱৰ অগাধ পাণ্ডিতালি আৰু ব্যক্তিত্বত মুগ্ধ হৈ তেওঁ গুৰুজনাৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰে আৰু পিছপৰা ঠাইসমূহলৈ গৈ মহাপুৰুষজনাৰ লগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰুত্ব দিয়ে।

অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ গোপাল আতাৰ অৱদান অশেষ। তেওঁ এক অনন্য নাট ৰচনা কৰিছিল। সংলাপ আৰু সুৰেৰে সৈতে নৃত্য তেওঁৰ এই ৰচনাৰ অনন্য দিশ আছিল। তেওঁ ৰচনা কৰা "জন্মযাত্ৰা", "নন্দোৎসৱ"ই এই অনন্য দিশৰ প্ৰমাণ দাঙি ধৰে। শ্ৰীকৃষ্ণৰ জন্মোৎসৱত তেওঁৰ এই যাত্ৰাই গোটেই অঞ্চলতে জনপ্ৰিয়তা লাভ কৰিছিল। বৈষ্ণৱ ধৰ্মই মানুহক ভগোৱা চাৰি সম্পতি ব্ৰাহ্ম-সম্পতি, পুৰুসম্পতি, নিকাসম্পতি আৰু কলাসম্পতিৰ ভিতৰত গোপাল আতাই নিজকে কলাসম্পতিৰ শীৰ্ষত দেখিছিল। গোপাল আতাৰ দ্বিতীয় নাটক গোপী-উদ্ধৱ-সম্বাদ ভগৱতপুৰাণৰ ওপৰত আধাৰিত আছিল। মহাপুৰুষ মাধৱদেৱৰ এই প্ৰধান শিষ্যগৰাকীয়েই বৰপেটা জিলাৰ কালঝাৰৰ ওচৰত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ মৃত্যু হৈছিল ইং ১৬১১ চনত।

বৈষ্ণৱধৰ্মৰ ক্ষেত্ৰত একশৰণ নামধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখনীয় অৰিহনা যোগোৱা এই মহান ধৰ্মপ্ৰাণজনক আজি তেওঁৰ তিথিত শ্ৰদ্ধাৰে সুৱঁৰিছো।

(এই লেখাৰ আলম হৈছে "Encyclopaedia of Indian Literature: devraj to jyoti, Volume 2" ৰ পৃষ্ঠা ১৪৪৩-১৪৪৪। ভুল-ভ্ৰান্তি নিত্যান্তই কাকতলীয়া )

এই কালঝাৰ সত্ৰৰ কেইখনমান আলোকচিত্ৰ সংগ্ৰহ কৰিছে সঞ্জীৱ কুমাৰ বৰকাকাতি ডাঙৰীয়াই (http://sankaradeva.com/photo/useralbum/sanjib/84)।

No comments:

Post a Comment