Wednesday, June 19, 2013

শিৰোনামহীন এপিটাফ

কি ৰাখিম কবিতাটিৰ শিৰোনাম
সুখ নে দুখ
বিষাদ নে বঞ্ছনা।
বহুদিনৰ মূৰত লিখিবলৈ ওলাইছোঁ
তেনে এটি কবিতা
জীৱনৰ ৰসায়নগাৰত
বাষ্প হৈ উৰি যাব খোজা
সপোনবোৰৰ কথাৰে।

আচলতে কি বুলিনো কম
সুখৰ অৰ্থ আৰু সপোনৰ সংজ্ঞা
যিমানেই বিচাৰিছোঁ
সিমানেই ডুবি গৈ আছোঁ
অৰ্থহীনতাত অথবা মায়াময়তাত
ঠিক মনালিছাৰ দৰেই
এপল হাঁহি নতুবা এসোঁতা চকুলো
এবুকু প্ৰেম অথবা সীমাহীন বিষাদগ্ৰস্ততাত।
তথাপি ঠিক কৰিছোঁ
শিৰোনাম যিয়েই নহওঁক
দুখেৰেই কবিতা লিখিম।

সাগৰ বৰ ভাল পাইছিলোঁ
এচলু এচলু প্ৰেমৰ নীলাৰে
বুকুত সাজিছিলোঁ
নীলৰঙী এখন সপোনময় ঘৰ
সময়ৰ প্ৰতিপল যাত্ৰাত
উৰ্মিমিত আশাৰে ভাবিছিলোঁ,
সাতুৰিম তাত
বৰ হেঁপাহ আছিল সাগৰত সাতোৰাৰ
সাতুৰিলোঁ
বহুযোজন দূৰলৈ
আৰু সম্বন্ধৰ পাৰাপাৰহীন সমুদ্ৰৰ মাজ অংশত
হেৰাই থাকিল সকলো শকতি
এতিয়া সিপাৰি নাপাওঁ
ঘূৰিও আহিব নোৱাৰো ইপাৰলৈ।
এইসোপা বিষাদেৰে কেনেকৈনো ৰাখো কবিতাৰ শিৰোনাম !

অযুত হাঁহি আৰু
অভিমানী চকুলোৰ বন্যাত
উটি গৈছিল আকাশ
লাহে লাহে ৰসায়নগাৰত সোমাই গৈছিল
জীৱনপুষ্ট আকাশ
টাইট্ৰেচন হৈ গৈছিল সুখবোৰৰ
এটোপাল এটোপালকৈ
যিমানেই দ্ৰৱীভূত হৈ গৈছিল সপোনবোৰ
ভাঙি চিঙি মোৰ হৃদয়
শেষ হৈ গৈছিল সকলো
প্ৰতিটোপাল দ্ৰৱত
নিগৰি নিগৰি
নিশেষ হৈ গৈছিল আশাবোৰ।
এতিয়া ৰৈ যোৱা অৱশিষ্টখিনিৰে
নিজেই হেৰুৱাই পেলাইছোঁ
নিজৰ শিৰোনাম।
শিৰোনামহীন স্বকীয়তাৰে
কেনেকৈ লিখোঁ শিৰোমানহীন কবিতা?

No comments:

Post a Comment