Sunday, September 3, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি - ৪ (তৃতীয় আধ্যায়)

এদিন দুদিনকৈ এমাহ কাম কৰিলোঁ। কাম মানে চাকৰি। যিটো চাকৰিৰ বাবে ইমানদিনে অপেক্ষা কৰি আছিলোঁ। এটা সৰু অফিচ। মানুহৰ আহ-যোৱা তুলনামূলকভাৱে কম যদিও ব্যস্ততা বহুত। মোৰ কাম ভিন্ন। সকলো ধৰণৰ কামতেই মোক লগায়। ময়ো না নকৰোঁ। যদিও এতিয়ালৈকে বাহিৰত যাব লগা হোৱাগৈ নাই। মোৰ লগত নিয়মীয়াকৈ আৰু চাৰিজনমানক দেখোঁ। ৰত্না, সেইযে মোক ঠিকনা দেখুৱাই দিয়া ছোৱালীজনী! তাই ফ্ৰ’ণ্ট অফিচ চম্ভালে। মানুহৰ লগত, গ্ৰাহকৰ লগত, মিটিং, এপ’ইণ্টমেণ্ট সকলো। তাই কাম কৰা ডেক্সখন সন্মুখতে, অলপ পৰিপাটীকৈ সজোৱা। তাইৰ বাঁওফালে সৰু ফ’মৰ চোফা এখন। তাৰ ভিতৰফালে মোৰ আৰু ৰূপাৰ বহা ঠাই। আমাৰ সোঁফালে বচৰ অফিচ। বচৰ অফিচৰ পিছফালে প্ৰ’চেছিং ডেক্স, ৱৰ্কিং ডেক্স আৰু একেবাৰে কোণত ডিচকাশ্বন কৰ্ণাৰ।

ৰূপা একাউণ্টচৰ। বি কম পাছ কৰি এইটো চাকৰিত সোমাইছে তাই। দেখাত ধুনীয়া যদিও পোছাক পৰিচ্ছদ একেবাৰে খাপ নোখোৱা। তাৰ বাহিৰে অৰূপ, খাটনিয়াৰ, জোগো, বিপ্লৱ আদিবোৰৰ প্ৰকৃত কি কাম মই ভালকৈ গমেই পোৱা নাই। মাৰ্কেটিঙৰ কামো কৰে, বেংকৰ কামো কৰে, চাপ্লাই দিবলৈও যায়, মুঠতে খিচিৰি।

বচ বোলা প্ৰাণী প্ৰকৃততে কেইটা মই নিজেই নাজানো। প্ৰায়ে বেলেগ বেলেগ মানুহ আহি অফিচটোত সোমায় আৰু লগে লগে অফিচত প্ৰাণৰ সঞ্চাৰ হৈ যায়। তাৰে ভিতৰত দুজনক প্ৰায়ে দেখোঁ। সেই হিচাপে অনুমান কৰি লৈছোঁ, সেই দুজনেই হ’ব চাগৈ বচ।
-ৰত্না, চৰ্মাক পাঠাই দে । -ভিতৰৰ পৰা চমন আহিল।
-হিতেন, চাৰে মাতিছে। -অগত্যা মই উঠি গ’লোঁ। দুৱাৰত টোকৰাই সুধি সোমাই গ’লোঁ। টকলা মানুহ এজন। যৌৱন পাৰ হৈ আদহীয়া হবলৈ সাজু হোৱা এজন থূলন্তৰ মানুহ। দেখাত অনা-অসমীয়া যেন লাগিলেও সৰু কোঠাটো সকলো ধৰণৰ অসমীয়া গৌৰৱেৰে সজাই থৈছে। হয়তো অসমীয়া ৰুচিবোধ এটা আছে মানুহজনৰ।
-চৰ্মা। কেনে লাগিছে আপনাৰ? আজি এক মান্থ হৈ গ’ল, না?
-হয় চাৰ। ভালেই লাগিছে।
-এতিয়ালে আপনি কি কাম চিখিলে?
-চাৰ এগ্ৰীমেণ্ট, কৰেচপ’ণ্ডেন্স, মিডিয়া কৰ্ডিনেশ্বন আদিবোৰ কৰিলোঁ এটা দুটাকৈ।
-গুড। আপনাৰ কামটু ভাল হৈছে। আপনাৰ কাম আৰ’ আচ্চে। লাহে লাহে চিখি যাবো।
-হব চাৰ।
-যাক। কিবা অচুবিধা হ’লে আমাক বা আমাৰ বেটাক জনাবো।
-হব চাৰ। বুলি ওলাই আহিলোঁ। দৰমহাৰ কথা সুধিম বুলিও নুসুধিলোঁ। কি বা ভাৱে। বাকীবিলাকৰ পৰা কথাটোৰ গম লব লাগিব।

-অ’ই। কিয় মাতিছিল ও? ওলাই অহাৰ লগে লগেই ৰূপাই ফুচফুচাই সুধিলে।
-আজি এমাহ হ’ল যে।
-পইচা দিলে নে কি?
-নাই। কাম কি কি শিকিলোঁ সুধিছে। আৰু কাম দিব বুলি কৈছে।
-তাকলুৰ কাম নাই আৰু!
-এইটুৱে নেকি বছ?
-অ’ আক’। তই এতিয়ালৈ নাজানৱেই?
-অ’ই ৰত্না, শুনিছনে ই কি কয়। -যদিও শান্ত মাজে মাজে ৰূপাৰ স্বভাৱটোৱে মোক আচৰিত কৰি তোলে। সকলো কথাতে হৈ-হাল্লা কৰা স্বভাৱ এই খাটনিয়াৰ বোলাজনৰহে। পিছে মাজে মাজে ৰূপাও এই ৰূপ লয়। ৰূপাৰ কথাত ৰত্না উঠি আহিল। নীলা কোট এটা পিন্ধি আহিছে তাই। বৰ ধুনীয়া দেখাইছে। তাইৰ ফালে চালোঁ। তায়ো মোৰ চকুলৈ চালে।
-কি কৱ – ৰত্নাই এইবাৰ ফুচফুচাই ৰূপাক সুধিলে।
-সি নাজানে। মোক সুধিছে।
-কৈ দে আক’।
-তয়ে কৈ নিদিয় কিয় আৰু যে এজন আছে। আমাৰ বিউটি বচ।
-পাই যাব। দেখিলেই পাই যাব।
-ইমানদিনে দেখিছেই চাগ’। তথাপি কৈ দে আক’। তোৰ মুখত বিউটি বচৰ কথা এনেও ভাল লাগে।
-যাহ ইডিয়ট। ত্যয়ো যে আৰ’! কিহোপা যে কৈ থাক।
-আৰে ভাই তই বেয়ানো পাৱ কেলেই। তই বিউটিবচৰ স্পেচিয়েল বাবেহে কৈছোঁ।
-এহ বাদ দে এইবোৰ। পিছে ৰহ। ই পাৰ্টী দিছেনে নাই? এইবাৰ মৈলৈ ইংগিত কৰি ৰত্নাই কথা ঘূৰালে।
-নাই দিয়া। মুখতেই লগা নাই তাৰ।
-শিখাত খামদেই কিন্তু হিতেন। পাৰ্টী নিদিয়াকৈ সাৰিব নিদিম তোক।

লাহে লাহে গতানুগতিক হবলৈ ধৰা কিছুমান নতুন সম্পৰ্ক। নতুনকৈ গঢ় লৈ উঠিব ধৰা এখন সমাজ। ভাল নে বেয়া, সহজ নে কঠিন এতিয়াও ঠাৱৰ কৰিব নোৱাৰা কিছুমান কাম। তাৰেই মাজতে গঢ়ি উঠিছে হাঁহি-তামচাৰ এক মেলা। ৰত্নাই বৰকৈ কথা কয়। বৰ খৰকৈ কয়। কথাবোৰ শুনিলে ধৰিব নোৱাৰি প্ৰকৃততে তাইৰ ঘৰ ক’ত। ৰূপাই লাহে লাহে কয় যদিও মাতটো ৰত্নাতকৈ ডাঙৰ। আৰু এজন আছে নিয়মীয়া সহকৰ্মী। অৰূপ। খুব কম কথা কয়। কমকৈ আড্ডাত যোগ দিয়ে। উপায়ন্তৰ নহ’লে কাকো মাত-বোল নকৰে। বহি বহি নিজৰ কামকেই কৰি থাকে। না হাঁহে, না কিবা কয়। মুঠতে এক অদ্ভূত আচৰণ তাৰ। বিশেষ কাকো একো সুধিবও পৰা নাই, তাৰ লগত কথাও পাতিব পৰা নাই। কেতিয়াবা জানিবৰ বৰ মন যায় এই মানুহবোৰক জানিবলৈ। তেওঁলোকৰ লগত অন্তৰংগ হবলৈ। কিন্তু সময় জানো ইমান গতিশীল! নহয়। সেই বাবে সময়ে সেই সুবিধাকণ নিদিয়ে। আৰু আমি ৰৈ থাকিব লগা হয় সেই নিৰ্দিষ্ট ক্ষণটিলৈ। বিশেষ কথা শিকিবলৈ, জানিবলৈ অথবা কবলৈ। মই ৰৈ থাকিলোঁ, যেতিয়া সুবিধা পাওঁ তেতিয়াই মানুহবোৰৰ কথা জানিবলৈ খাপ পিতি থাকোঁ।

পালোঁ। এদিন সেই সুবিধা পালোঁ। খাটনিয়াৰে লগ ধৰিলে দুপৰীয়া একেলগে খাবলৈ যাব। এনেয়ে মই দুপৰীয়া অকলেই খাবলৈ যাওঁ। বাকীবোৰৰ কিছুমানে টিফিন লৈ আহে, কিছুমানে কামত ওলাই যায়। মুঠতে বিচিত্ৰ সময়লিপি, আটাইৰে। সিদিনা খাটনিয়াৰ যাম বুলি কোৱাত ভালেই পালোঁ। দুয়ো ওলাই গ’লোঁ পাণ্ডু ৰোডৰ ফালে। খাটনিয়াৰ এনেয়ে অলপ ভলভলীয়া টাইপৰ ল’ৰা। পেটত একো ৰাখিব নোৱাৰে। ফূৰ্তিবাজ ল’ৰা। সি থকা সময়খিনি বৰ সুন্দৰকৈ জমাই থাকে অফিচটো।
-তোৰ মাল-চাল আছে নে নাই? – চিধাই আহি সি মোৰ জাগাতেই ধৰিলে।
-নাই। মই চিধাকৈ উত্তৰ দিলোঁ যদিও বুকুখন কৰবাত যেন খুন্দা খাই ধৰিলে।
-ৰত্নাকেই পতাই ল’ তেন্তে। এনেও তাই তোক চাল মাৰিয়েই থাকে। - আকৌ আচৰিত হোৱাৰ পাল পৰিল। কি কয় সি। ৰত্নাই মোক চাল মাৰি থাকে! ক’তা! মইতো অনুভৱ কৰা নাই।
-ধেই। তয়ো যে কি কৈ থাক! ধুনীয়া ছোৱালী খালি থাকে নেকি?
-ধেই গুলী মাৰ খালি থকাতো। তই হা কৱ, দেখিবি নদী তোলৈ বৈছে।
-নালাগে ভাই। এনে নদী কোনফালে কেতিয়া বয় ঠিকনা নাই। চম্ভালা মস্কিল হব। এইবোৰ পগলা নদী।
-পাগলাদিয়াৰ দৰে? খাটনিয়াৰে মোৰ মুখৰ পৰা কাঢ়ি নি ক’লে।
-ও। ঠিক কৈছে। কেতিয়া গৰা খহে গেৰান্টী নাই। তাতে যিহে ইংৰাজীত অসমীয়া কয়, মোক নতুনকৈ অভিধান লাগিব ভাই।
-হাহাহা। কি কৱ বে! ইংৰাজীত অসমীয়া কয়? তাৰমানে?
-কথাবোৰ শুনা নাই? এটা বাক্যত এটামানহে অসমীয়া থাকে। খাইচ্চিল্লোঁ, গৈচ্চিল্লোঁ ধৰণৰ কথা। একদম বিদেশী আত্মা।
-ঠিক কৈছ। ভাল নাম এটা পালোঁ। বিদেশী আত্মা। হাহাহা। -খাটনিয়াৰ হাঁহিত ৰব নোৱাৰা হৈ গ’ল।
-ৰহচুন! কথা এটা সোধোঁ। - মই অলপ চিৰিয়াচ সুৰত ক’লোঁ।
-কি? হাঁহি ৰখাই খাটনিয়াৰ অলপ মুডত আহিল।
-অৰূপৰ কি হৈছে। সি এনেকৈ থাকে কিয়?
এটা হুমুনিয়াহ ওলাই গ’ল খাটনিয়াৰৰ বুকুৰ পৰা।
-সেইবোৰ বহুত কথা ডোষ্ট। অৰূপৰ এটায়েই নহয়, বহুত ঘটনা। ঘৰৰেই কাহিনী শুনিবি নে প্ৰেমৰেই কাহিনী শুনিবি, ফাইনেঞ্চিয়েল প্ৰ’ব্লেমৰ কথাই শুনিবি নে পঢ়াৰ কথাই শুনিবি। মুঠতে সকলো ভাৰে অৰূপক কুঁজা কৰি পেলাইছে।
-কৱচুন অলপ।
-আজি থাকক দে। কোৱাৰ আগতে তোক এদিন তাৰ ৰূমলৈ লৈ যাব লাগিব। এতিয়া দোকানো পালোঁ। কবলৈ ল’লে বহুত সময় যাব। ওলাবি এদিন দেওবাৰ লৈ। তাৰ ৰূমলৈ লৈ যাম। সকলো গম পাবি তেতিয়া। 

মই শলাগি ৰৈ গ’লোঁ। এসোপা বিষাদৰ ভাগ লবলৈ উদ্গ্ৰীৱ হৈ ৰৈ থাকিলোঁ সেই বিশেষ দিনটোলৈ। অৰূপক মোৰ এক যুদ্ধৰ সৈনিক যেন লাগিল। খাটনিয়াৰৰ কথাতেই অনুমান কৰিলোঁ, অৰূপৰ বুকুত বহুকেইটা শিলে ইতিমধ্যে বাহ পাতিছে। দুখে আৱৰি আছে তাৰ বুকু। আৰু সেই আৱৰণেই তাক কৰি পেলাইছে আন্ধাৰ। অমাতা। নীৰৱ। কি বা চলি আছে তাৰ বুকুত। কি বা আহি আছে আকৌ তাৰ জীৱনলৈ। জানিব লাগিব। পাৰিলে ভগাই লব লাগিব তাৰ দুখবোৰ। মোৰোতো দুখ আছে। একেলগে কৰি যাব লাগিব দুখ নিৰাময়ৰ আখৰা। ইয়াৰ পৰাই।

[ক্ৰমশঃ]

ৰচনাকালঃ ১৫ আগষ্ট, ২০১৭