Saturday, October 22, 2011

হিতেন শৰ্ম্মাৰ দিনলিপি-৪

বাছৰপৰা নামি যিমানেই ঘৰলৈ বুলি ওচৰ চাপিছোঁ মনটোও সিমানে উত্‍কণ্ঠিত হৈ গৈ থাকিল। গাঁওৰ বাট-পথৰ ভালেখিনি পৰিৱৰ্ত্তন লক্ষ্য কৰিলোঁ। অৱশ্যে তাত উন্নয়নৰ ছবি দেখাৰ পৰিৱৰ্ত্তে তাৰ এক ওলোটা ছবিহে দেখিলোঁ। আগতে স্কুলৰপৰা আহি আমি যিখিনি ঠাইত মাৰ্বল খেলিছিলোঁ, চিক্‌চিকীয়া চাফা আৰু চোতালৰ দৰে সমান সেই কেঁচা ৰাস্তাত এতিয়া বোকাৰ জয়জয়-ময়ময়। ৰাস্তাৰ গুৰিতে থকা থানে খুৰাহঁতৰ বাঁহেৰে ৰাস্তাৰ ফালে দিয়া বেৰখন এহাতমান আগুৱাই আহি ৰাস্তাৰ পৰিসৰ কমাই নিছে। ৰাস্তাৰ বাঁওফালে থকা বাঁহনিখনে অটব্য অৰণ্যৰ ৰূপ লৈ ৰাস্তাৰ ওপৰেৰে পাখি মেলি ৰাস্তাটোক সূৰ্য্যদেৱৰ পোহৰৰ পৰা বচোৱাৰ দিহা কৰিছে। সেইবোৰ কাটিবলৈও গাঁওত যেন কোনো নাই। অথচ সেই বাঁহনিডৰাক লৈয়ে কমখন গণ্ডগোল লাগিছিলনে। হাতত দা লৈ ৰাইজক কাটিবলৈ অহা সিটো চুপাৰ অপূৰ্ব্বৰ সন্মুখতে দেখোন আমি বাঁহবোৰৰ শিৰচ্ছেদ কৰিছিলোঁ। আজি ক’ত গ’ল ৰাইজৰ সেই শক্তি!

-"অ’ হিতু, কিত্তে আইহলি? অহিহে আছ যেন পাওঁ? পাচে পোটেই মানহুটো পোতাইদি লুটুৰ-পুটুৰ হৈ আইছা যি?"- ঘৰৰপৰা গৰু এৰাল দিবলৈ ওলাই আহি পদূলিমুখতে মোৰ মুখামুখি হোৱা নিৰেণ আতাই মোৰ অৱস্থা দেখি সুধিলে।
-"অ’ ও আতা। গাড়ী ফাঁচিছিল, ঠেইলে থাকাতে চাকাই মাচ্ছি।"
-"হয় দে, কিযে হৈছি ৰাস্তাটোৰ অৱস্থা! পাচে ত‍ই কেইদিনমান থাকবি নহে?"
-"চাওচোন। অফিচৰ পৰা ফোন আইহলি যাবা লাগবো।" পিছপিনৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল।
-"যা তেনেহ’লি। কাপোৰ-কানি সালে ল’নি। আইহবি আমাৰ ফালে।"
-"হ’ব দে, আহিম।" সংক্ষিপ্তভাৱে কথাখিনিৰ সমাপ্তি পেলাই ম‍ই আগলৈ খোজ ল’লো। 

এইজন নিৰেণ আতাৰ মাক ’নখৰাৰ জেঠী’ৰপৰা সৰুতে কম সাধু শুনিছিলোনে! পাছে জেঠী হেনো এতিয়া নৰীয়াত। আবেলিলৈ এবাৰ খবৰ লোৱাৰ পৰিকল্পনা কৰি বোকাৰ মাজে মাজে ঘৰলৈ বুলি আগবাঢ়িলোঁ। বোকাময় এই ৰাস্তাৰ কেতিয়াও নেদেখা এই ৰূপে মোক বিষন্ন কৰি তুলিছে। কিয় বাৰু বাৰে বাৰে পুৰণি কথাবোৰ মনলৈ আহি আছে। সেই বাট-পথ, যিটোৰে এন্ধাৰ ৰাতি পোহৰ অবিহনেই আমি অনায়াসেই আহ-য়োৱা কৰিছিলোঁ, জোনাক ৰাতি খোজ কাঢ়ি থাকোঁতে ৰাস্তাত পাৰি থোৱা আছিল এক শুকুলা চাদৰ, তৰাময় গধূলি মূৰৰ ওপৰেৰে বৈ আছিল এখন তৰাৰ নৈ! কেনি গ’ল সেই পথ, ক’ত হেৰাই থাকিল সেই শুকুলা চাদৰ, ক’ত লুকাই থাকিল সেই তৰাৰ নৈ! মনটো গধূৰ হৈ আহিল। 

ৰাস্তাৰ দাঁতিত থকা ’ডাক্তৰ দাদি’ৰ প্ৰকাণ্ড অমৰাজোপাও নাই। অমৰা পাৰিব গৈ কম গালি খাইছিলোনে আমি। সেই গালিৰো এক নিজস্বতা আছিল, এক সুকীয়া আমেজ আছিল। সেই বাবেই চাগে’ আমি চেঙেলীয়াসোপাই অমৰা দফিওৱাৰ চলেৰে গাঁওৰ একমাত্ৰ টিঙৰ ঘৰটিলৈ চপৰা দলিয়াইছিলোঁ আৰু ডাক্তৰ দাদিয়ে ঘৰৰ ভিতৰৰপৰাই চিঞৰিছিল-"ঐ মৰঙেমাৰাহত, গাছডেলত ভালকে ফলকেটাও লাগবা নেদানা? বোলো কথাতেই আছে ৰাক্ষসৰ আগত ধুৱা চাউল। এই কুৱালা আমৰাকেইটাও তুহাৰপৰা ৰক্ষা নাপয়না? ভিঠাত জুই লাগব তুহাৰ...যমে সুদা ভাত খাব...ডেকা গাড়ীত জুই লাগব......." আৰুযে কিমান গালি পাৰিছিল..আৰু গালি-শপনিলৈ কেৰেপ নকৰি আমি ঘৰৰ বেৰৰ ফুটাৰে চাই আছিলোঁ দাদিৰ কাম-কাজলৈ। মুখেৰে ফৰিংফুটা দিলেও বিচনাত বহি তেওঁ কিন্তু একান্ত মনে চাধা মোহাৰিহে আছিল। তেওঁৰ শাওবোৰ আন্তৰিক নাছিল, গাঁওৰ কাৰোবাৰ বেয়া হোৱাটো তেওঁৰ কাম্য নাছিল। বৰঞ্চ ডাক্তৰী চিকিত্‍সাৰপৰা বঞ্চিত গাঁওখনত কবিৰাজী চিকিত্‍সাৰে মানুহক শুশ্ৰূষা কৰাটোহে আছিল তেওঁৰ প্ৰধান কৰ্ত্তব্য।

-"ঈশ্বৰ দিয়া ঘৰত ধান চাউল আছে। আঞ্জা-তৰকাৰীওনো কিমান লাগে। এটাই মানহু। সেইখিনিও ইঘৰ-সিঘৰ মিলি দিয়েই দেখুন। তেল-নিমখৰ বাবদ যেখিনি টকা-সিকি লাগে, কেইডেলমান বাঁহ বেচিলিয়েই ওলে যাএ।"-চিকিত্‍সাৰ নামত কোনোবাই টকা যাঁচিলে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ। অকলশৰীয়া আছিল ডাক্তৰ দাদি। সেই বাবেই নেকি স্বভাৱত অলপ এলেহুৱা আছিল দাদি। আৰু তেওঁ এলেহুৱা হোৱাৰ সুবিধা আমি চেঙেলীয়াসোপাই লৈছিলোঁ। গধূলি সোনকালে বিচনাত উঠাটো দাদিৰ নিয়ম আছিল। আৰু তাৰ পাচত আমি গৈ দুৱাৰত ঢকিয়াই ঢকিয়াই মাত লগাইছিলোঁ-"দাদি, তামুল ক’ত?"-তিনি-চাৰিবাৰমান মতাৰ পাচত উত্তৰ আহিছিল-"গাছত।"
-"দাদি পাণ ক’ত?"
-"বাৰীত।"
-"দাদি চূণ ক’ত?"
-" অধঃপাতে যাৱহঁত, উঠবা লাগা কল্লি!"-এই বুলি উঠি আহি দুৱাৰমুখত ইতিমধ্যে পলাই-পত্ৰং দিয়া আমাৰ এজনকো নেদেখি তেওঁ গালিৰ অভিধানখনকেই মেলি লৈছিলহি। নঙলা মাৰিৰ কাষত ঢকুৱা বেৰখনৰ আঁৰৰপৰা আমি ফিচিক্‌-ফাচাককৈ হাঁহিছিলোঁ। তেওঁৰ সান্নিধ্যই আমাৰ চেঙেলীয়া জীৱনতো ৰঙীয়াল কৰি তুলিছিল। সৰু-বৰ সকলোৱে দাদি বুলি সম্বোধন কৰা ডাক্তৰ দাদিৰ আচল নাম জনাৰ প্ৰয়োজনীয়তা আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ। সকলোৱে দাদি বুলি মাতে বাবে আমিও সেই বুলিয়েই মাতিছিলোঁ। 

সেইজন ডাক্তৰ দাদিও কেইবছৰমান আগতে ঢুকাল। কোনো বেমাৰ-আজাৰত নপৰাকৈ হঠাত্‍ শোৱাপাটীতেই তেওঁক মৃত অৱস্থাত পোৱা গ’ল। তেতিয়াৰপৰাই তেওঁৰ সেই ঘৰ, সেই বস্তি সকলোবোৰ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল। আজিকালি অমৰা পাৰিবলৈ গৈ দাদিৰ মৰমৰ গালিখিনিও নোপোৱা হ’ল বাবে চেঙেলীয়ামখায়ো অমৰা পাৰিবলৈ যোৱাটোৱেই বাদ দিলে। তথাপি একেই ঠাইতেই থিয় হৈ আছিল অমৰাজোপা। যোৱাবছৰলৈকে আছিল। কিন্তু আজি দেখিছোঁ অমৰাজোপা থকা ঠাইখিনি খালী। একেবাৰে খালী খালী লাগিছে ঠাইখিনি। অজানিতে দীঘল হুমুনিয়াহ এটা ওলাই গ’ল। 

ডাক্তৰ দাদিৰ বস্তিৰপিনে চাই কিমান সময় তেনেকৈ ৰৈ আছিলোঁ গমেই নাপালো। ওচৰত কুকুৰ এটাই ভুকাতহে মোৰ গাত তত আহিল। তাৰো অচিনাকী লাগিছে বোকা-পানীৰে লুটুৰি-পুটুৰি এই আচহুৱা প্ৰাণীটিক। পাচে পাচে প্ৰতীমা পেহীহঁত আহি আছে। মুখামুখি হ’লে মোৰ বিপদ-এই বুলি ঘৰলৈ বেগ ধৰিলোঁ। 

ঘৰৰ নঙলা মাৰিৰ ওচৰত গৈ এখন্তেক ৰৈ গ’লোঁ। ঘৰখনৰো পৰিৱৰ্ত্তন হৈছে। কেবাবছৰো হ’ল বেৰত চূণ-তেল নসনা। কাম কৰোঁতাৰ অভাৱত চোতালতো ঠায়ে ঠায়ে দূৱৰি বন গজিছে। চোতালৰ অৱস্থা দেখিয়েই ধৰিব পৰা হৈছে ঘৰলৈ মানুহৰ অহাযোৱা যে একেবাৰেই কম। আজিকালিৰ মানুহৰ কাৰো ঘৰত ফুৰিব যোৱা সময়েই নোহোৱা হৈ আহিছে। তাতে বেমাৰী দেউতা, কাম-কাজ অলপো কৰিব নোৱাৰে। ভাবি থাকোতে মা ওলাই আহিল। 

গা-পা ধুই আহি যেতিয়া চোতালত চকী পাৰি বহিছোঁ, তেতিয়া আকাশত গধূলি নামিছে। চোতালৰ একোণত থকা গোহালিত মায়ে জ্বলাই থৈ অহা থূপাৰ ধোঁৱাই চৌদিশে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে। আকাশ ফট্‌ফটীয়া। নীড়মুখী চৰাইবোৰে কিৰিলি পাৰি সোঁ-সোৱাই উৰি গৈছে। আকাশত দুই-এটি তৰাই ভূমুকি মাৰিছেহি। ওচৰৰে নামঘৰৰপৰা ভাঁহি আহিছে শংখ-ঘণ্টা, ডবা-বৰকাঁহৰ শব্দ, ঠিক আগৰ দৰেই।

[ক্ৰমশঃ]

No comments:

Post a Comment