Monday, October 10, 2011

পঘা

নিঃশব্দে বৈ আছে নৈৰ পানীখিনি | ওচৰৰ পথাৰখনত দুটিমান চৰণীয়া গৰু চৰি আছে | দুই-এজনকৈ মানুহ নৈৰ পাৰলৈ আহিবলৈ আৰম্ভ কৰিছে | তেওঁলোকৰ প্ৰতিজনৰে লগত দুই-এহালকৈ গৰু-ম’হ | নৈৰ পাৰত দুটিমান পোৱালি দামুৰিয়ে চেকুৰ দিছে আৰু তাক ধৰিবলৈ গৰখীয়াজন ইপিনৰপৰা সিপিনলৈ দৌৰাদৌৰি কৰিছে | মাকৰ হেম্বেলনিত দামুৰিবোৰে থিহ দি চাইছে কিজানি তাকেই মাতিছে মাকে | তাৰ পিছত আকৌ দৌৰিছে | অলপ সময় দামুৰি পোৱালিৰ লগত দৌৰাদৌৰি কৰি গৰখীয়াজন ভাগৰি পৰিছে আৰু দামুৰি ধুৱাবলৈ আশা বাদ দি খিৰতী গাইজনীকে নৈত নমাই নিছে | 


নৈৰ গৰু ধুউৱা ঘাটটোৰ অলপ আতঁৰতে থকা বাঁহৰ সাঁকোখনত বহি পূৰ্ণই এইবোৰ পৰিঘ্টনাকেই লক্ষ্য কৰিছে | বুজাব নোৱাৰা বেদনাই তাক ভাৰাক্ৰান্ত কৰি ৰাখিছে | ৰাতিপুৱা চাহকাপো নোখোৱাকৈ সি ওলাই আহিছিল তাৰ মালিকৰ ঘৰৰ পৰা | প্ৰথমতে মুকলি পথাৰখনলৈ, নৈৰ পাৰলৈ, ওচৰতে থকা বিলৰ পাৰলৈ, তাৰ গাতে থকা কাছকুৰি ৰিজাৰ্ভলৈ | ক’লৈ যে যোৱা নাই আজি সি | অৱশেষত ক’ব নোৱাৰাকৈয়ে উপস্থিত হৈছেহি নৈৰ ঘাটত | যিটো ঘাটত আজি গৰুবিহুৰ দিনাখন সি সদায়ে প্ৰথম উপস্থিত হৈছিলহি গৰু ধুৱাবলৈ | কাজলীক পাৰত থকা তামোল গছজোপাত বান্ধি কলীক নমাই নিছিলহি নৈলৈ | আৰু কলীক ধুৱাই লৈহে কাজলী আৰু তাইৰ দমৰা পোৱালী ’বুলেট’ক ধুৱাইছিল | আৰু আজি ! সি মাথো নিৰৱ দৰ্শক | যিটো ঘাটত এইখিনি সময়ত ’বুলেট’ৰ লগত দৌৰাদৌৰি কৰিব লাগিলহেঁতেন, সেই ঘাটতে সি আজি মাথো চাইছে আন মানুহবোৰলৈ | যি সময়ত সি দীঘলতী পাতেৰে গৰু তিনিটাক কোৱাই গালেহেঁতেন "মাৰ সৰু, বাপেৰ সৰু, ত‍ই হ’বি বৰ গৰু", সেই সময়ত আজি চাই থাকিব লগা হৈছে মাথো "লাওঁ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা" বুলি পানীত ডুব মাৰি আনবোৰে মালা সলোৱাৰ দৃশ্য | অসহ্য লাগি গৈছে তাৰ সকলো | ক’ৰবাৰ পৰা শোকে আহি হেঁচা মাৰি ধৰিছেহি| 


ৰবীন মাষ্টৰৰ ঘৰত থকা সি আজি পোন্ধৰ-ষোল্ল বছৰেই হ’ল | কাম বুলিলে গৰু তিনিটা চাব লাগে আৰু তামোল-পানৰ বাৰীখনত নজৰ দিব লাগে | যোৱা পোন্ধৰ বছৰত পূৰ্ণই চাৰি-পাঁচজনীমান গাই গৰু লগ পালে | কিন্তু কোনোজনী কাজলী, কলী আৰু কাজলীৰ দমৰা পোৱালি যাক সি নাম দিছিল ’বুলেট’; তাৰ নিছিনা পোৱা নাছিল | কাজলী আছিল ’পেটপোৰা’ স্বভাৱৰ | ভোক লাগিলে নতুন তৰাৰ পঘাও চিঙি তাই পলাইছিল আৰু পেত ভৰিলেই আহি নিজে নিজে হাজিৰ হৈছিলহি গোহালিত | কলী আছিল ঠাণ্ডা স্বভাৱৰ | সেয়েহে দুয়োজনী গাই গৰুৱে পূৰ্ণৰ অতি মৰমৰ আছিল | গাই দুজনীযে পূৰ্ণৰে মৰমৰ আছিল, তেনে নহয়, ৰবীন মাষ্টৰেও দিয়োজনীকে বৰ আদৰ-যত্নেৰে পালিছিল | বাৰিষা বানপানীৰ সময়ত পূৰ্ণৰ লগত পানীৰ মাজৰ পৰা দল ঘাঁহ পৰ্য্যন্ত কাটি আনিছিল তেওঁ | 


এটি আটোমটোকাৰিকৈ সজোৱা ঘৰ, য’ত পৰিয়াল বুলিবলৈ ঘৈনীয়েক, পূৰ্ণ আৰু তেওঁ | একমাত্ৰ জীয়েক নিতা | তায়ো চহৰতে পঢ়া-শুনা কৰে | বিহু-পূজা বুলিহে ঘৰলৈ আহে | পিছপিনে থকা তামোলবাৰী, সন্মুখত থকা পাচলিবাৰী, চোতালৰ পূৱপিনে ভঁড়াল আৰু পশ্চিমপিনে থকা চাং গোহালি | ফুৰা-চকা নকৰি ইয়াতেই সৰহভাগ সময় অতিবাহিত কৰিছিল মাষ্টৰে | ওচৰৰ গাওঁত কিবা এটা সকামত যাওঁতে বাটতে পাইছিল পূৰ্ণক | ঘৰ-বাৰী নোহোৱা ঘাটমাউৰা ল’ৰা | তেতিয়াৰ পৰাই তাক তেওঁৰ ঘৰলৈয়ে লৈ আহিছিল আৰু তাৰ ওপৰত জাপি দিছিল গোহালি আৰু তাৰ আৱাসীসকলৰ দায়িত্ব | সেই দিনটো ধৰি পূৰ্ণই সিহঁতৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল আৰু ৰবীন মাষ্টৰে ঘৰখনৰ | সিও হৈ পৰিছিল সেইখন ঘৰৰে এজন সদস্য |


চাৰি বছৰ আগতে ৰবীন মাষ্টৰ অৱসৰ লোৱাৰ সময়ত ওচৰৰ গাওঁখনৰে স্নাতনে এজনী কাঢ়লী উপহাৰ দিছিল তেওঁক | কজলা বৰণৰ নোমেৰে আৱৰা, কপালত এটি বগা ফোঁট | তলপেটত বগা নোম | দেখাত সুৱনসুৰীয়া, ফাটমুঠীয়া সেইজনীয়েই আছিল কাজলী |


কলী কাজলীতকৈ তিনি বছৰমান ডাঙৰ আছিল | স্বভাৱত শান্ত আছিল কলী | দেহৰ বৰণ আছিল কিচ্‌কিচীয়া কলা | কুকুৰ-মেকুৰী বা আন প্ৰাণীয়ে যেতিয়া সিহঁতৰ পৰিয়ালৰ আন সদস্যক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল সিহঁতক তেতিয়া ৰক্ষণাবেক্ষণ দিছিল কলীয়ে | ৰবীন মাষ্টৰৰ ঘৰত খুৱ কমেই হোৱা দুখ-বেজাৰত কলীয়েও গাঁথিছিল চকুলোৰ মালা | আৰু ৰবীন মাষ্টৰৰ মূৰৰ বিষৰ কাৰণ ’ফিকাচাহ’ তাৰো পৰা তেওঁক প্ৰায়ভাগ সময়েই পৰিত্ৰাণ দিয়াইছিল কলীয়েই | মুঠতে এখন ঘৰ সম্পূৰ্ণ হোৱাত অজান প্ৰাণীটিৰ অৰিহনাও আছিল অতুলনীয় |


মাঘ মাহৰ পিছৰেপৰা ৰবীন মাষ্টৰৰ গা বেয়া | বয়সৰ লগে লগে সৰু-সুৰা বেমাৰবোৰ প্ৰায়েই লগ দি থকা হৈছে | বেমাৰ যদিও নিজৰ কৰ্মোদ্যমৰ বাবে তেওঁ এইবোৰ অৱজ্ঞা কৰি চলিব পাৰিছিল | তথাপি চহৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা একমাত্ৰ জীয়েক আৰু পৰিবাৰৰ কথা পেলাব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গৈছিল কেইদিনমানৰ বাবে | ৰবীন মাষ্টৰৰ  অনুপস্থিতিত পূৰ্ণৰ ওপৰত দায়িত্ব বাঢ়িছিল | বজাৰ কৰা, ঘৰৰ ইটো-সিটো কাম কৰা সকলোবোৰ সিয়েই চম্ভালিব লগা হৈছিল | যোৱাৰ আগতে মাষ্টৰে দোহাৰি দোহাৰি তাক কৈছিল, "পূৰ্ণ, ম‍ই কেইদিনৰ বাবে ওলাইছো নিজেই নাজানো | ব’হাগ বিহুৰ কেইদিনমান আগতেহে আহি পাম চাগে’ | গৰুকেইটাৰ লগতে ঘৰখনৰ দায়িত্বও তোৰ ওপৰত দিয়ে যাবলৈ ওলাইছো | ভালকৈ চাবি | তোৰ বুলেটৰ ওপৰত নজৰ ৰাখিবি | বেলেগৰ পাচলিৰ বাৰীত যাতে কেতিয়াও নোসোমায় | খুৰীয়েৰক দোকান-পোহাৰৰ পৰা বজাৰখিনি কৰি দিবি | আৰু সময় পালে তৰাৰ পঘাকেইডাল বনাবি | কাজলীৰ পঘাডাল অলপ দীঘলকৈ বনাবি | বুলেটো ডাঙৰ হ’ল | তাকো এইবাৰ এডাল ভালকৈয়ে দিব লাগিব | গোহালিটো ভাল কৰাৰ বাবে নৈৰ সিপাৰৰ দুজন মানুহ অহা কথা | আহিলে বাৰীৰ মূৰৰ ভলুকা বাঁহজোপাৰ পৰা বাঁহ কাটিব দিবি আৰু ম’ৰা তামোল কেইজোপাৰ পৰা পাটকেইচটা বদলাই দিবি |"


যেন সৰুতে পঢ়া অ-মানে অমৰা, আ-মানে আমহে শিকাই আছে | মাষ্টৰৰ কথাখিনি মনযোগেৰে শুনি এনেকুৱা নাগে পূৰ্ণৰ | ইমান বিশ্বাসেৰে এখন ঘৰৰ দায়িত্ব দি যায় তাৰ ওপৰত | অথচ বাটৰ কাষৰ পৰা বুটলি অনা ল’ৰা সি | সেইখন ঘৰৰ গৰখীয়া | আনে তেনেকৈয়ে ভাৱে | আনে ভাৱিলেও মাষ্টৰে  তেনেকৈ নাভাৱে | তেনেকৈ ভাৱিলে তাৰ ওপৰত ইমান দায়িত্ব দি, কেতিয়াও ওলাই যাব নোৱাৰিলহেঁতেন মাষ্টৰ | 


কেইদিনমানৰ পৰা বতৰ বৰ বেয়া | সৰু-সুৰা দুই-এজাককৈ বৰষুণ দিয়েই আছে | তাতে আকৌ চ’তমহীয়া বতাহ, শিলাবৃষ্টি | নিত্ত-নৈমত্তিক কামখিনিৰ বাহিৰেও এই কেইদিনত পূৰ্ণই পঘাকেইডাল বনাই শেষ কৰিছে | খুৰীয়েকে বিহুৱান দিবলৈ তাঁতৰ গামোছাবোৰ ব‍ই শেষ কৰিব পৰা নাই বাবে অলপ সময় উলিয়াই দিবলৈ খুৰীয়েকে কৰা চাফ-চিকুণৰ কামখিনি সিয়েই কৰিছে | বৰষুণ দি থকা বাবে গোহালি মেৰামতিৰ বাবে আহিব লগা মানুহ দুজনো কাম কৰিবলৈ আহিব পৰা নাই | বৰষুণ অলপ কমিলেই তেওঁলোকে সেইখিনি কৰি অঁতাবহি | এসপ্তাহ আগতে আহি পাবলগা ৰবীন মাষ্টৰৰ কিবা-কিবি পৰীক্ষাৰ ৰিপ’ৰ্ট নিদিয়া বাবে আহিব পৰা নাই | গৰু বিহুৰ ৰাতিপুৱাহে হেনো তেওঁ আহি পাবহি | গতিকে গৰুকেইটিৰ বাবে বিহুত দৰকাৰ হোৱা আটাইকেইপদ বস্তু সিয়েই যোগাৰ কৰিব লাগিব | 


পাচলি বাৰীৰ পৰা বাৰমহীয়া বেঙেনা কেইটামান, জাতিলাও এটা আনি সাজু কৰি থৈ পিছপিনৰ দিঘলতী পাতৰ গছৰ পৰা সৰু আল দুটা আনি সাজু কৰি ৰাখিছিল সি | অহকালি গৰু বিহু | মালিক আহি বিহুৰ প্ৰস্তুতি সম্পূৰ্ণকৈ দেখিব লাগিব | তেখেতে ইমান দূৰৰ পৰা আহিব | আহিয়েই যাতে একো এটা কৰিব লগাত নপৰে.... সেইটো ভাৱিয়েই সি সকলোবোৰ যোগাৰ আগতীয়াকৈ কৰি ৰাখিছে | যোগাৰ সকলো হৈ গৈছে | খুৰীয়েকেও তাঁতৰ কাপোৰ ব‍ই শেষ কৰিছে | আবেলি গৰুকেইটিৰ সন্মুখত খেৰকেইডালমান দি অলপ সময় মহ-মাখিবিলাক খেদি দি তাতেই থাকিল | অহাকালিৰ পিছত সি আৰু এনেকৈ মহ=মাখি খেদিব নালাগে | থূপা দেলেই হৈ যাব | গৰু বিহু নোযোৱাকৈ থূপা দিব নাপায় বাবে কেইদিনমান এইকণ কষ্ট সি কৰিব লগা হৈছে | সকলো ঠিক-ঠাক হোৱাৰ পিছত এতিয়া মাথো প্ৰতীক্ষা ৰাতিপুৱালৈ | এটি বিহুক আকোঁৱালি ল’বলৈ |


কেনা তাতেই লাগিল | ভাত খাই উঠাৰ অলপ পিছতেই আকাশখনলৈ চাই পূৰ্ণৰ ভয় লাগি গ’ল | আকাশখন ওন্দোলি আহিছে | ক’লা মেঘে আৱৰি ধৰিছে | বতাহো আৰম্ভ হৈছে | প্ৰথমতে বতাহৰ প্ৰকোপ অলপ কম আছিল যদিও পিছলৈ সি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে | দুৱাৰ মেলি ৰাখিব নোৱাৰা অৱস্থা হ’ল | পূৰ্ণই গৈ বিচনাত দীঘল দিলে | বাহিৰত প্ৰচণ্ড বতাহ-বৰষুণ | শিলাবৃষ্টিও হৈছে অলপ-অচৰপ | বতাহ-বৰষুণজাক কমিলেই ওলাই গৈ ক’ত কি হৈছে চাব লাগিব | মালিক থাকিলে তেখেতেই এইখিনি কাম কৰিলেহেঁতেনে | তেখেতে নাই যেতিয়া সিয়েই এইটো দায়িত্ব পালন কৰিব লাগিব | গৰুকেইটাও চাগে’ তিতিলে | হঠাতে সি শুনিলে প্ৰচণ্ড এক শব্দ | বতাহ-বৰষুণৰ শব্দ‍ই তীব্ৰতা কমাই দিয়া শব্দটো শুনি উচপ খাই উঠিল সি | কাৰ ঘৰৰ বা কি ভাগি পৰিল ! এবাৰ ভাৱিলে, উঠি যোৱাই ভাল হ’ব নেকি ? কিন্তু সেইটোও অসম্ভৱ | বাহিৰত প্ৰচণ্ড ধুমুহা | শব্দটো কৰবাত গছ ভাগি পৰা শব্দও হ’ব পাৰে | আকাশ-পাতাল ভাৱি থাকোতেই কেতিয়ানো তাৰ টোপনি আহিল গমেই নাপালে | যেতিয়া সাৰ পালে, তেতিয়া ঘৰৰ মূধচেৰে অলপ অলপ পোহৰ ওলাইছে |  সি খক্‌মককৈ উঠি পিছপিনলৈ গ’ল | ক’ত বা কি ভাগিছে ! বাৰীত সৰু-বৰ তামোল গছ, বাঁহ আদি ভাগিছে | তাৰ বাহিৰে বিশেষ একো হোৱা নাই | তাৰপৰা আগচোতালৰ ফালে আহি তাৰ মূৰ ঘূৰাই গ’ল | চকুৰে সি ধোঁৱা-কোঁৱা দেখিলে | সন্মুখৰ গোহালি ঘৰটো উবুৰি খাই পৰি আছে | ওচৰে-পাজৰে কলী, কাজলী, বুলেট এজনীও নাই | ওপৰৰ চালখনে ঘৰটো হেঁচা মাৰি ধৰি আছেগৈ | সি "খুৰী ঐ, সৰ্বনাশ হ’ল " বুলি চিঞ্ৰ এটি মাৰি দৌৰি গৈ চালখন আতঁৰাব চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে | তাৰ পিছত তামোলৰ পাতবিলাক টানি টানি গুচাব ধৰিলে | অলপ পিছত সি যি দেখিলে, তাৰ ংউৰ আচন্দ্ৰাই কৰি উঠিল | গোহালিৰ শালৰ বাটামৰ তলত পৰিআছিল কলী আৰু বুলেটৰ মৃতদেহ | আৰু দুটি খুটাই ডিঙিত চেপি ধৰা অৱস্থাত পৰি আছিল কাজলীৰ মৃতদেহ | সকলো শেষ হৈ গ’ল | ইমান প্ৰস্তুতি, ইমান খেয়াল.... সকলো | তাৰ চকুৰ পৰা গিৰগিৰাই চকুপানী বাগৰি পৰিল | মুখেৰে মাত নোলোৱা হ’ল | ওচৰত মাটিতে সি বহি পৰিল আৰু হুক্‌হুকাই কান্দিব ধৰিলে |


ৰাতিপুৱা গাড়ীত উঠিব ধৰোতেই উজুতি খাই ৰবীন মাষ্টৰে ভাৱিলে আজি দিনটো চাগে’ ভালে নাযাব | তাৰ পাচত যেতিয়া ঘৰ পালে, ঘৰত তেওঁলৈ ৰৈ আছিল এক নিৰ্মম আঘাত | আগচোতালতে তেওঁ মুখমুখি হ’ব লগা হ’ল মৃত্যুৰ দৰে নিৰ্মম সত্যৰ | আগনিশা নিঃশেষ হৈ যোৱা বুকুৰ কোনোৱা এটি কোণত ঠাই লোৱা অবাক তিনিটি প্ৰাণীৰ | ঘৈণীয়েকৰ পৰা গম পাইছিল যে, পূৰ্ণই একো এটা নোখোৱাকৈ ওলাই গৈছে | তাৰ পাচত তেওঁৰ হাত-ভৰিখনো ধুৱলৈ বল নোহোৱা হৈ গৈছিল | ঘৰৰ বাৰান্দাত চালনী এখনৰ ওপৰত সাজু কৰি ৰখা আছিল গৰু বিহুৰ লাও, বেঙেনা, দিঘলতী | ওচৰতে খুটাটোত আঁৰি থোৱা আছিল তৰাৰ নতুন পঘাকেইডাল | ৰবীন মাষ্টৰৰ চকুৰ পৰা এটোপাল গৰম লোটক বৈ আহিল | 


উদাস চকুৰে পূৰ্ণ যেতিয়া ঘূৰি আহিছিল ৰবীন মাষ্টৰে চুবুৰীয়াৰ সহায়ত ইতিমধ্যে শৱ তিনিটা উলিয়াই থৈছিলেই | মাষ্টৰৰ পৰামৰ্শমতে সি এটা এটাকৈ ঠেলা দিখনত উঠালে | তাৰ পিছত সিহঁতৰ বাবে সাজু কৰা লাও-বেঙেনা, দিঘলতী, তৰাৰ পঘা সকলোবোৰ লৈ নৈ পাৰলৈ গ’ল | তাত তিনিটা দীঘলকৈ গাত খান্দি প্ৰতিটোতে একোডালকৈ পঘা দি শৱ তিনিটা থ’লে | তাৰ পাচত লাও-বেঙেনাবোৰ অলপ অলপকৈ পেলাই দি গাবলৈ ধৰিলে, "লাও খা...., বেঙেনা খা...., বছৰে বছৰে.... |" তাৰ উচুপনিত গানটো শেষ নহ’ল | অলপ অলপকৈ মাটিখিনি জাপি দি সি সেৱা এটি কৰিলে |


মৰমৰ পোহনীয়া জন্তু তিনিটাৰ মৃতদেহ সত্‍কাৰ কৰি যেতিয়া পূৰ্ণ ঘৰ পালেহি তেতিয়া গধূলিয়েই হ’ল | গাওঁৰ ডেকা-গাভৰুসকলে ঘৰে ঘৰে হুঁচৰি আৰম্ভ কৰিলে |




সমাপ্ত

 ( গল্পটি ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থান গুৱাহাটীৰ বহাগী উত্‍সৱৰ স্মৃতিগ্ৰন্থ ’বিহুৱান-২০১০’ত প্ৰকাশিত | 
ৰচনাকালঃ জানুৱাৰী, ২০১০ )

No comments:

Post a Comment