Friday, April 27, 2012

"আধাৰশিলা"ৰ উদ্যোগত ছুটিগল্পৰ কৰ্মশালা

অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠিত মঞ্চ "আধাৰশিলা"ৰ উদ্যোগত যোৱা ইং ৩১ মাৰ্চ আৰু ১ এপ্ৰিল ২০১২, শণিবাৰে আৰু দেওবাৰে গুৱাহাটীৰ চানমাৰিষ্ঠ কাৰ্যালয়ত এখনি ছুটিগল্পৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়| এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য আছিল নতুন প্ৰজন্মৰ মাজত গল্প লেখাৰ প্ৰাৰম্ভিক কামখিনিৰ ধাৰণা দিয়া| লগতে অসমৰ জ্বলন্ত সমস্যাসমূহক মূল বিষয়বস্তু হিচাপে লৈ গল্প লিখিবলৈ লেখকসকলক উদ্বুদ্ধ কৰা| উক্ত কৰ্মশালাত উপস্থিত থাকি প্ৰক্তা তথা কৰ্মশালাৰ সমল ব্যক্তি ডঃ গৰিমা কলিতাই গল্পৰ প্ৰকাৰ, লেখনশৈলীৰ বিষয়ে বহলাই মন্তব্য আগবঢ়োৱাৰ লগতে বিশ্বমানৰ গল্পসমূহক উদাহৰণস্বৰূপে লৈ নতুন লেখকসকলে সন্মুখীন হোৱা অসুবিধা সমূহৰো সমাধান দিবলৈ চেষ্টা কৰে| একেবাৰে অনানুস্থানিকতাৰে অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত নতুন প্ৰজন্মৰ প্ৰতিষ্ঠিত গল্প লেখক ইমৰাণ হুচেইন, অতনু ভট্টাচাৰ্য, মৌচুমী কন্দলী আৰু অপূৰ্ব শ‍ইকীয়াৰ উপৰিও মনালিছা শ‍ইকীয়া, গিতালী বৰায়ো মত বিনিময় কৰে| নিজৰ অভিজ্ঞতাসমূহ গল্প এটাত কেনেকৈ খাজি দিব পাৰি সেই বিষয়েও তেওঁলোকে সুন্দৰভাৱে নিজৰ মতামত পোষন কৰে| এক অন্তৰংগ অনুষ্ঠানৰ দৰে আগবাঢ়ি যোৱা এই দুদিনীয়া কৰ্মশালাখনত প্ৰতিষ্ঠিত লেখিকা ৰীতা চৌধুৰীয়েও তেখেতৰ অভিজ্ঞতাপুষ্ট লেখাসমূহ লেখিবৰ সময়ত পোৱা সুবিধা-অসুবিধাসমূহৰ বৰ্ণনাৰে কৰ্মশালাখন পৰিপুষ্ট কৰি তোলে| প্ৰথমবাৰৰ বাবে কোনো ছুটিগল্পৰ কৰ্মশালাত সৃষ্টিমূলক সাহিত্যত মনস্তত্বৰ প্ৰভাৱ আৰু ক্ৰিয়াৰ ওপৰত মত বিনিময় কৰে মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে| লগতে তেখেতে উপস্থিত সদস্যসকলে গল্প বা লেখা এটা লিখাৰ সময়ত সন্মুখীন হোৱা মনস্তাত্বিক জটিলতাসমূহৰ কাৰণ সমূহো বিশ্লেষণ কৰে| উক্ত কৰ্মশালাৰ আটাইতকৈ সবল বুলি ভাৱিব পৰা দিশটো আছিল "জেনেৰেচন গেপ" নাইকীয়া কৰা| এই কৰ্মশালাতেই অসমৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন সমস্যা-বিষয়ক লৈ লিখা ৪০ টা গল্পৰ এখন সংকলন উলিয়াই তাক বিভিন্ন ভাষালৈ অনুবাদ কৰাৰো ইচ্ছা প্ৰকাশ কৰে মুখ্য সমন্বয়ৰক্ষী ৰীতা চৌধুৰীয়ে| তেখেতে লগতে ইয়াকো প্ৰকাশ কৰে যে এয়া "আধাৰশিলা"ৰ প্ৰথম পদক্ষেপহে| ইয়াৰ পিছতো পৰ্যায়ক্ৰমে সৃজনীমূলক লেখাসমূহ উলিয়াই অনাৰ বাবে "আধাৰশিলা"ই এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে কাৰ্যপন্থা হাতত লব| 

এনেধৰণৰ অনুষ্ঠানে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাত বহু পৰিমাণে অৰিহনা যোগাব বুলি আশা কৰিব পাৰি|   



No comments:

Post a Comment