Friday, April 27, 2012

গ্ৰন্থালোচনা : আতৈ



উপন্যাস : আতৈ
লেখক : গোবিন কুমাৰ খাউণ্ড
 প্ৰকাশক : গ্ৰন্থ-সংস্কৃতি
  ঠিকনা : এ.টি ৰোড, তৰাজান, যোৰহাট
মূল্য :   এশ টকা মাত্ৰ

গোবিন কুমাৰ খাউণ্ডৰ “আতৈ” | “উদাসীনতাক বুকুত সাৱটি ধোঁৱাই ধোঁৱাই জ্বলি থকা জীৱনবোধৰ বিশালতা অংকন কৰাটো একেবাৰে সম্ভৱ নহয়” বুলিও সদায় দেখি থকা সত্ৰ আৰু আতৈসকলৰ জীৱনৰ ওপৰত সৱল আলোকপাত কৰিছে ঔপন্যাসিকে |

সত্ৰলৈ আগবঢ়োৱা এটি বালকৰ সত্ৰত প্ৰৱেশ কৰা প্ৰথম দিনটোৰ পৰাই আগুৱাই লৈ যোৱা হৈছে সত্ৰ আৰু বহাত ঘটি থকা কাহিনীভাগ | কেনেকৈ দেহক অস্বীকাৰ কৰি আৰোপিত ৰীতি-নীতিকেই ৰক্ষাকৱচ হিচাপে লৈ লোভ-মোহ, কাম-ক্ৰোধৰপৰা নিলগত ৰাখি এজন বালকক পূৰ্ণাংগ ভকতৰূপে গঢ় দিব পাৰি, তাৰ এক সুন্দৰ বিশ্লেষণ তুলি ধৰা হৈছে উপন্যাসখনত | “কান্ত”ৰ পৰা সত্ৰৰ খাটাত লিপিৱদ্ধ কৰা “চন্দ্ৰকান্ত” নামৰ বালকজনৰ জীৱনৰ জৰিয়তেই উপস্থাপন কৰা হৈছে সত্ৰীয়াসকলৰ জীৱন ধাৰণৰ প্ৰণালী |  এই জীৱন ধাৰণৰ পৰিক্ৰমাতেই পৰিস্ফুত হৈ পৰিছে সত্ৰৰ নীতি-নিয়ম, আদব-কায়দা সকলো |

ভকতসকল সদায় লোভ-মোহ, কাম-ক্ৰোধৰ উৰ্দ্ধত | মায়া-মোহৰ বান্ধে ভকতসকলক বান্ধিব নোৱাৰে | তথাপি তেওঁলোকো মানুহ | দুখ-শোকে তেওঁলোককো বিচলিত কৰে, দায়িত্বৰ গৰাহত তেওঁলোকো পাকঘূৰণি খায় | মায়া-মমতাৰ জৰীডালে কেতিয়াবা তেওঁলোকক টানি নিব বিচাৰে | তথাপি তেওঁলোকে জানে সেইবোৰ তেওঁলোকৰ বাবে নহয়, তেওঁলোকৰ বাবে সেইবোৰ মহাপাপ | সংযমক সাৰথি কৰি, জীৱনবোধৰ দীক্ষাৰে দীক্ষিত হৈ পৰৰ হিতৰ বাবে তেওঁলোকে নিজকে অৰ্পন কৰে | অথচ তাৰ মাজতো তেওঁলোকে পালন কৰি যাব লগা হয় সত্ৰৰ প্ৰতি, সমাজৰ প্ৰতি, বহাৰ প্ৰতি, এৰি থৈ অহা ঘৰখনৰ প্ৰতি থকা দায়িত্ব | এই সকলোবোৰ কথাকেই সন্নিবিষ্ট কৰি ভকতীয়া জীৱনৰ এক সুন্দৰ ছৱি তুলি ধৰা হৈছে “আতৈ” ৰ যোগেদি | উপন্যাসখনত সম্পূৰ্ণ ৰূপত ভকতীয়া সমাজ ব্যৱস্থাৰ ছৱি ডাঙি ধৰাত ঔপন্যাসিক সফল হৈছে | একাদিক্ৰমে বৰ্ননা কৰি যোৱা হৈছে সত্ৰ আৰু বহাৰ কাম-কাজসমূহৰ বিষদ বিবৰণ |

সত্ৰলৈ নতুনকৈ অহা কান্ত‍ই নাজানে বায়নৰ বহাত আহি সত্ৰৰ কি কি নিয়ম সি মানি চলিব লাগিব; অথচ পদে পদে হাতৰ লাখুটিৰূপে থাকি বায়নে তাক “কান্ত”ৰ পৰা “চন্দ্ৰকান্ত”লৈ পৰিণত হোৱাত সহায় কৰিছে | সকলো ভকতৰ নজৰত পৰিব পৰাকৈ কীৰ্তিমান | অথচ সেই সুখ্যাতিকো তল পেলাবলৈ আন ভকতে চেষ্টা চলায় | চেষ্টা চলায় বায়নৰ বহাৰপৰা আন বহালৈ নিয়াৰ বাবে | তেনে এক পৰিণতিতেই পিছলি পৰিব খোজা একে বহাৰেই বাসিন্দা বলোৰামৰ লগত সংঘাত হয় কান্তৰ | এক আদৰ্শগত সংঘাত | আৰু সেই সংঘাতত শেষলৈ কান্তয়েই জয়ী হয় | উদাসীনতাক বুকুত বান্ধি সংসাৰৰ মায়াজালৰ পৰা নিলগত ৰাখি দুকুৰি বয়সত একমাত্ৰ পুতেকক হেৰুওৱাৰ ভয়ত কেৱলীয়া হবলৈ আগবঢ়াই দিয়া তাৰ মাককো অকলশৰীয়াকৈ এৰি আহিবলগীয়া হয় কান্ত | আৰু নিসংগতাক সাৰথি কৰিয়েই ইহ-সংসাৰ ত্যাগ কৰে তাৰ মাকে | সংযমী গুণে কান্তক আতঁৰাই আনিব পাৰিছিল কনমাইৰ ওচৰৰ পৰা, সংসাৰী হোৱাৰ বাসনাৰ পৰা, কিন্তু সেই কনমাইৰ পুতেকক নিজৰ বহাত আলধৰা হিচাপে ৰাখিব লগা হোৱা দায়িত্বৰ পৰা আতঁৰাই আনিব পৰা নাছিল | সত্ৰাধিকাৰৰ মৃত্যুৰপৰা পিতৃসদৃশ বায়নৰ মৃত্যুলৈ, আন আন অগ্ৰজসকলৰ মৃত্যুৰপৰা নিজৰ স্বৰ্গাগমনলৈ কিমানযে দুখলগা ঘটনা প্ৰত্যক্ষ কৰিব লগা নহৈছিল কান্ত‍ই ! অপবাদ মূৰ পাতি লৈ সত্ৰ ত্যাগ কৰিব লগা হোৱা বলোৰামৰ জীৱনৰ পিছৰছোৱাক লৈও কম পৰিতাপ কৰিব লগা হৈছিলনে, কনমাইক কৰা ব্যৱহাৰৰ কথা ভাৱি মাজে মাজে কম অনুতাপ কৰিছিলনে, দেউতাকৰ মৃত্যুৰ পিছত মাকক অকলশৰীয়াকৈ এৰি থব লগা হোৱা বাবে কম দোষবোধত ভুগিব লগা হৈছিলনে সি ! অথচ পৰিৱৰ্তনৰ গ্ৰাসৰপৰা সত্ৰক বচাবলৈ নিজৰ পথৰপৰা পিছলি নপৰাকৈ সকলো সহি গৈছিল কান্ত‍ই | আবেগ-অনুভূতিয়ে কান্তক দুৰ্বল কৰিব পৰা নাছিল | এই সকলোবোৰ কথাৰেই যুক্তিসংগত উপস্থাপন, সুন্দৰ বিশ্লেষন আৰু কাব্যিক সংযোজনে উপন্যাসখনক অন্য এক মাত্ৰা প্ৰদান কৰিছে | জীৱনবোধৰ সময়োপযোগী ধাৰণাৰ সঠিক দিশত কৰা অৱলোকনে পাঠক সমাজলৈ কঢ়িয়াই নিছে ভকতীয়া আমোঘ বাণী |

এক মননশীল লেখনিশৈলীৰে ঔপন্যাসিকে কৰি যোৱা প্ৰ্তিটো সৰু সুৰা ঘটনাৰ বৰ্ননাই উপন্যাসখনৰ সৱল দিশটোক উন্মোচন কৰিছে | অৱশ্যে ঠায়ে ঠায়ে ঘটনা এটাৰ খণ্ডাকৃতিত কৰা উপস্থাপনে পাঠকক উজুতিও খুৱাইছে | ইয়াৰ বাহিৰেও প্ৰতিটো সৰু-সুৰা ঘটনাৰ আংগিক বিশ্লেষণ উপন্যাসখনৰ এক যোগাত্মক দিশ | ইয়েই উপন্যাসখনক সাৱলীলিকৰণত মুখ্য ভূমিকা গ্ৰহন কৰিছে | ইয়াৰোপৰি উপন্যাসখনে পাঠক সমাজলৈ আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ন অংশটো হৈছে প্ৰতিটো ঘটনাৰ আঁৰত থকা বাৰ্তা, প্ৰতিটো নিয়মৰ আঁৰত থকা যুক্তি | উপন্যাসখনৰ কোনোটো পৃষ্ঠাই যদি ভকতীয়া সমাজৰ, ভকতীয়া জীৱনবোধৰ, ভকতীয়া মহত্‍ কৰ্মৰাজিৰ চৰ্চা কৰিছে; কোনোটো পৃষ্ঠাত আকৌ দোষ-ত্ৰুটি, বেয়াবোৰো তেনেকৈ লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰা হৈছে | কোনোটো পৃষ্ঠাই যদি দিছে মিলনৰ মধুৰ আনন্দ; কোনোটোৱে দিছে বিচ্ছেদৰ দুখ | কোনোটো পৃষ্ঠাই যদি বিলাই দিছে নতুনকৈ অহা আতৈসকলৰ কিৰিলি; কোনোটোৰে আকৌ গুৰু-গম্ভীৰ তত্বগধূৰ আলোচনাৰে গুমগুমীয়া কৰি ৰাখিছে পৰিৱেশ | মুঠৰ ওপৰত পাঠকৰ মনোজগতত ঔপন্যাসিকে সৃষ্টি কৰিবলৈ সক্ষম হৈছে এখন সত্ৰ হাটী | সফল হৈছে নিয়ম-কানুনৰ সঠিক দিশত পৰ্যালোচনা কৰাত | দেখুওৱাবলৈ সফল হৈছে সত্ৰৰ কৰাপাটত আহি পৰা পৰিৱৰ্তিত সময়ৰ ছাপ | সক্ষম হৈছে অনুন্নত অসমীয়া সমাজক বিদ্যা-শিক্ষাৰে ব্ৰতী হৈ আগবাঢ়ি যোৱাৰ পথ দেখুওৱাত  | আনকি পৰিৱৰ্তনৰ ঢৌৰ কৱলত সত্ৰৰ ভৱিষ্যতক লৈও পাঠকক সচেতন কৰিবলৈ সক্ষম হৈছে |

সত্ৰৰ কাহিনীভাগৰ মাজৰে আনুসংগিকভাৱে বৰ্ননা কৰা মাজুলীৰ বানৰ তাণ্ডৱ, সত্ৰবাসীৰ চহৰমুখী মনোভাৱ, সত্ৰবিৰোধী চামৰ সত্ৰক হেয় প্ৰতিপন্ন কৰিবলৈ চলোৱা চেষ্টাৰ উদাহৰণ ইত্যাদিয়ে কাহিনীৰ সময় আৰু পৰিৱেশৰ লগত খাপ খোৱাত পাঠকক সহায় কৰিছে | সত্ৰীয়া চৰিত্ৰসমূহৰ ভিন্নতা ফুতাই তোলা হৈছে ফুলতুলীয়া, দামোদৰ, ৰাম, দিবাকৰ আদি আতৈৰ মাজেৰে |

ঔপন্যাসিকে কৈছে “সকলো মানুহেই ভকত হব নোৱাৰাৰ দৰে সকলো ভকতেই আতৈ হব নোৱাৰে | তাৰ বাবে লাগিব দেহক অস্বীকাৰ কৰি আগুৱাই অহাৰ সংকল্প, যাৰ পথ কণ্টকাকীৰ্ণ | সাজু হব লাগিব এনে এক পৰিস্থিতিৰ বাবে য’ত জীৱন জ্বলি জ্বলি শেষ হয় মাথোঁ এডাল সুগন্ধি ধূপৰ দৰে |”

এনেকুৱা জটিল গৱেষনাকৃত লেখনি সঁচাকৈ অসমীয়া সাহিত্যৰ বাবে অমূল্য সম্পদ |

No comments:

Post a Comment