অসম এখন বৈচিত্ৰময় ৰাজ্য। ইয়াৰ প্ৰাকৃতিক
বৈচিত্ৰ্যই দেশী বিদেশী বহুতো পৰ্য্যতক তথা বুদ্ধিজীৱিক সন্মোহিত কৰিছে। অসমৰ ইটো
মূৰৰ পৰা সিটো মূৰলৈ যদি চোৱা যায়, প্ৰতি দহ কিলোমিটাৰৰ
মূৰে মূৰে ভাষাৰ পৰিবৰ্তন দেখা যায়। উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ এই ভাষিক
পৰিৱৰ্তনো অসমৰ এক বৈচিত্ৰ্যৰেই নাম। জাতি-জনগোষ্ঠীৰ ফালৰ পৰাও একেই ঘটনা দেখা
যায়। অসময় ইতিহাস খুচৰিলে দেখা যাব ইয়াৰ বুৰঞ্জীৰ ধাৰা ক’ৰ পৰা কলৈ বৈ গৈছে। ইয়াতো
সেই একেই বৈচিত্ৰ্য দেখা যায়। ৱিকিপিডিয়া বা বিশ্বকোষত প্ৰতিখন জিলা বা মহকুমাৰ
ইতিহাস পঢ়িলে সেয়া সকলোৱে গম পাবই।
অসমৰ এই বৈচিত্ৰ্যসমূহ আমি কম বেছি পৰিমাণে
সকলোৱেই জানো। কিন্তু আজিৰ এই লেখাৰ উদ্দেশ্য ওপৰোক্ত বৈচিত্ৰ্যসমূহ নহয়। এক
সুকীয়া ক্ষেত্ৰত আমি এবাৰ অসমৰ বৈচিত্ৰ্যক বিচাৰি চাব খুজিছোঁ। সেয়া হৈছে-সংগ্ৰামী
সত্বাত অসমৰ বৈচিত্ৰ্য।
সংগ্ৰামী সত্বা বহু ধৰণৰ হব পাৰে। তাৰে ভিতৰত
আমাৰ মনলৈ যিটো প্ৰথমে আহে সেয়া হৈছে আজিৰ উগ্ৰপন্থা। সেই বিষয়টোকে আমি আজিৰ
আলোচনাৰ বিষয় হিচাপে লব খুজিছোঁ।
অসমত উগ্ৰপন্থা বা তেনে ধৰণৰ সংগ্ৰামৰ ইতিহাস
চালে আমি অখণ্ড অসমলৈ ঘূৰি যাব লাগিব। মৃণাল তালুকদাৰৰ ‘মৌতম’ আৰু মৃণাল তালুকদাৰ আৰু
কিশোৰ কুমাৰ কলিতাৰ ‘আলফা’ কিতাপ দুখন পঢ়িলে গম পোৱা যায় অসমত সংগ্ৰামী সত্বাৰ
সূতাডাল কিমান দীঘল। সাতভনী একেখন অসম হৈ থকাৰ পৰাই অসমত সংগ্ৰামী সত্বাৰ জন্ম
হৈছিল আৰু এই সংগ্ৰামৰ প্ৰধান কাৰণ আছিল শাসকসকলৰ অৱহেলা তথা শোষন। নগালেণ্ডৰ পৰা
মিজোৰামলৈ, মিজোৰামৰ পৰা ত্ৰিপুৰালৈ, ত্ৰিপুৰাৰ পৰা আজিৰ অসমলৈ, এনেদৰেই বৈ গৈছিল
এই সংগ্ৰামৰ সোঁত। এনেকৈয়েই উত্তৰ পূৰ্বাঞ্চল হৈ পৰিছিল ৰজাঘৰীয়াৰ ভাষাত ‘উগ্ৰপন্থী’
নামৰ সংগ্ৰামী সত্বাৰ ৰামৰাজ্য। ইয়াতো আছিল বৈচিত্ৰ্য। প্ৰতিটো অঞ্চলৰ বাবে
সুকীয়াকৈ সংগ্ৰামৰ বাবে একত্ৰিত হৈ গঠিত হৈছিল বহুতো সংগ্ৰামী দল বা প্ৰতিষ্ঠান।
প্ৰতিটো দলৰে ৰণসজ্জা আছিল সুকীয়া। ৰণনীতি আছিল ভিন্ন। কোনোবা দলে যদি স্বায়ত্ব
শাসনৰ বাবে হাতত অস্ত্ৰ তুলি লৈছিল, কোনোবাটো দলে আকৌ চৰকাৰৰ শোষনৰ বিৰুদ্ধে যুঁজ
দিবলৈ অংগীকাৰবদ্ধ হৈছিল। ইতিহাসৰ পম খেদি কোনোবা দলে যদি স্বাধীনতাৰ সপোন লৈ
চিৰদিন আৰণ্যক জীৱন কটাবলৈ কুণ্ঠাবোধ কৰা নাছিল, কোনোবা দলে আকৌ ধৰ্মৰ নামত,
সম্প্ৰদায়ৰ নামত ধৰ্মযুদ্ধৰ অৱতাৰণা কৰিবলৈ বিচাৰিছিল। ইয়াতো আছিল বৈচিত্ৰ্য।
কিন্তু এই বৈচিত্ৰ্যৰ মাজতো যেন আছিল সহযোগিতাৰ এডাল সৰলৰেখা। উত্তৰ পূৰ্বাঞ্চলৰ
পাহাৰীয়া অৰণ্যৰে ভৰা পৰিৱেশত অগ্ৰজ সংগ্ৰামী দল এটাই প্ৰাৰম্ভিক প্ৰশিক্ষণ দিছিল
নতুনকৈ জন্ম লাভ কৰা দল এটাক; লাগিলে দুয়োটা দলৰ উদ্দেশ্য ভিন্নয়েই নহওক কিয়। ‘মৌতম’
কিতাপখন পঢ়িলেই এই কথা ভালদৰে বুজিব পাৰি।
সংগ্ৰামৰ এনেকুৱা পথত কোনোবা দলে যদি কিছুদূৰলৈ
সাৱধানে আগুৱায়ো গৈছে, কিছুমানে বা প্ৰথম খোজতে মুখ থেকেচা খাইছে। কোনোবা দলে আকৌ
ৰাজ বিদ্ৰোহৰ অপৰাধত লাভ কৰিছে ‘নিষিদ্ধ’ আখ্যা। কোনোবাটো সংগঠন আকৌ জন্মিয়েই
মৃত্যুবৰণ কৰিব লগা হৈছে। মৃত্যু-জৰা সকলোবোৰ যেন এই সংগ্ৰামী সকলৰ জীৱনৰ এক অংগ
হৈ পৰিছে। তথাপি বুকুত তেওঁলোকৰ আশা, সপোন জানোচা সোনকালে দিঠক হয়েই। এই সংগ্ৰামৰ
পথ কণ্টকপূৰ্ণ বুলি জানিও মৰণত শৰণ দি এই সংগ্ৰামীসকলে ঢাপলি মেলিছে দেশ আৰু সমাজৰ
স্বাৰ্থত। তথাপি যেন তেওঁলোক ‘সংগ্ৰামী’ নহয়। আমাৰ বাবে তেওঁলোকৰ পৰিচয়
এটাই-আতংকবাদী তেওঁলোক। তেওঁলোকৰ বাবে আমাৰ জিভায়ো উচ্চাৰণ কৰিব নোখোজে ‘সংগ্ৰামী’
শব্দ।
এনে সংগ্ৰামীবোৰৰ প্ৰায় প্ৰতিটো কামেই বিতৰ্কিত
হয়। তেওঁলোকক ‘বিষয়’ হিচাপে লৈ লিখা নহয় কোনো লেখা। সংগ্ৰামীসকল মাথোঁ হৈ পৰে
‘সংগ্ৰাম’ক লৈ লিখা লেখাৰ ‘ভিলেইন’। মানৱীয় দৃষ্টি এই সংগ্ৰামীবোৰৰ ওপৰত কেতিয়াও
নপৰে। এনেদৰে কেইটামান দিন বা মাহ বা বৰ্ষ পাৰ হৈ গৈ থাকোতে কোনোবাৰ মৃত্যু হয়
ৰোগ-ব্যাধিত, কোনোবা আকৌ শেষ নিশ্বাস ত্যাগ কৰে খাবলৈ নাপাই আৰু বেছিভাগৰে মৃত্যু
হয় গুলীত-কেতিয়াবা পুলিছ-মিলিটেৰীৰ গুলীত, কেতিয়াবা আন কোনো সংগ্ৰামীৰ গুলীত অথবা
শত্ৰুৰ গুলীত। তাৰ পিছতো তেওঁলোকক বিচাৰ কৰা নহয় মনৱীয় বিচাৰধাৰাৰে। তেওঁলোক একেই
হৈ থাকে-সংগ্ৰামক বিষয় হিচাপে লৈ লিখা বা প্ৰস্তুত কৰা লেখা-চিনেমাৰ ‘ভিলেইন’।
আলফাৰ স্বাধীনতা ফুকনৰ কথাকেই ধৰো বাৰু।
কবিৰঞ্জনৰ নামত থকা কেবাটাও কালজয়ী কবিতা পঢ়ি আপ্লুত হৈছিলো। কিন্তু গম পোৱা
নাছিলো, স্বাধীনতা ফুকনেই যে আছিল সেই কবিৰঞ্জন। আৰু যিদিনা গম পাইছিলো, সিদিনা
কবিৰঞ্জন মাথোঁ আছিল পেপাৰৰ হেডলাইনত-“পুলিছৰ গুলীত নিহত স্বাধীনতা’। তাৰ পিছত
বিভিন্ন কাগজে পত্ৰই মাজে মধ্যে পঢ়িবলৈ পাইছিলো তেওঁৰ কথা, শুনিবলৈ পাইছিলো।
কিন্তু সেই আলোচনাত তেওঁৰ মৃত্যুত ভংগ হোৱা মানৱ অধিকাৰে ঠাই পোৱা নাছিল। ঠাই পোৱা
নাছিল তেওঁৰ হৃদয়ৰ সৌন্দৰ্য্যখিনিয়ে। আমি আজিও তেওঁক সংগ্ৰামী বুলি কবলৈ সংকোচ
কৰো। এজন বন্দুক-পিষ্টল লৈ ফুৰা ‘মানুহ মাৰি ফুৰা’ উগ্ৰপন্থীয়েই হৈ ৰ’ল তেওঁ।
কবিৰঞ্জন এটা উদাহৰণ মাত্ৰ। সংগ্ৰামীসকলক বিষয় হিচাপে লিখিবলৈ গৈ তথ্য বিচাৰি গ’লে
এনেকুৱা কিমান যে সংগ্ৰামীৰ নাম ওলাব, তাৰ হিচাপ নোলাব।
‘গনমঞ্চ’। সৰুতে পঢ়ি থাকোতেই শুনিছিলো। পাঠশালাত
এটা পৰিচিত নাম আছিল। ইয়াৰ বিষয়ে বিশেষ একো জনা নাছিলো। মাথোঁ শুনিছিলো ইয়াৰ
প্ৰধানজনৰ নাম। তেওঁ আছিল লাচিত ৰয়। মই পঢ়া বিদ্যালয়ৰ পৰাই হেনো এটা সময়ত কোনোবা
এটা স্থান লৈ মেট্ৰিক পাছ কৰিছিল। সকলোৱে কোৱা শুনিছিলো, বৰ অমায়িক আছিল হেনো
তেওঁ। বৰ ধুনীয়া বাঁহী বজাইছিল। বাঁহৰ কাম কৰি সকলোকে চক খুৱাই দিছিল। মাজে মধ্যে
ডাঙৰসকলৰ মুখত ইটো-সিটো শুনি ধাৰণা কৰিছিলো, গণমঞ্চও আছিল এটা সংগ্ৰামী সংগঠনেই।
আজিও ইমানখিনিয়েই জানো। হঠাতে এদিন শুনিলো, লাচিত ৰয় পুলিছৰ গুলীত ঢ়ুকাল। তাৰ পিছত
শৱদেহ চাবলৈ লৱৰি গৈছিলো তিনি কিঃমিঃ আঁতৰত থকা তেওঁলোকৰ ঘৰলৈ। কিন্তু তাতো যি
শুনিছিলো, সেয়াও আছিল মানৱীয়তাৰ অৱক্ষয়ৰেই এক উদাহৰণ আছিল মাথো। মৃত্যুৰ পিছতো
হেনো অত্যাচাৰ কৰা হৈছিল তেওঁৰ শৱদেহৰ ওপৰত। আৰু তেনেকুৱা বহুতো।
উগ্ৰপন্থী বুলি ক’লেও মানৱীয়তাৰ পৰা জানো
তেওঁলোকক আঁতৰাই ৰখাটো উচিত হব? মানৱীয় চিন্তাধাৰাৰ পৰা তেওঁলোকৰ উগ্ৰপন্থাক বাদ
দিও আমি বিবেচনা কৰিব নোৱাৰোনে সংগ্ৰামী জীৱনটোক। ইয়াকে কৰিবলৈ আমিতো বহুত একো
কৰিব নালাগে। তেওঁলোকৰ বাবে একলমতো লিখিব পাৰো, গাব পাৰো তেওঁলোকে লিখা গান। অন্য
কবিতাৰ দৰে আমি কিয় পঢ়িব নোৱাৰো তেওঁলোকে লিখা কবিতা, অথবা অন্য ৰোগীৰ দৰে কিয়
পৰিচৰ্য্যা কৰিব নোৱাৰো তেওঁলোকৰ ৰুগীয়া শৰীৰক। সংগ্ৰামী আদৰ্শ নজনাকৈও বা তাৰে
লগত সংগত নোহোৱাকৈও কেৱল মানৱীয় দৃষ্টিভংগীৰে সমাধা কৰিব নোৱাৰোনে তেওঁলোকৰ
কিছুমানৰ ক্ষেত্ৰত ঘটা স্খলন? সকলো ক্ষেত্ৰতে বৈচিত্ৰ্যপূৰ্ণ আমাৰ অসমীয়া সভ্যতা
সেই সময়ত ক’লৈ যায়, যেতিয়া সংগ্ৰামী সত্বাসমূহৰ বৈচিত্ৰ্যখিনি আমি বিবেচনা কৰিবা
লগা হয় ? মানৱীয় দৃষ্টিভংগীৰ আলমত কিহৰ বাবে সংগ্ৰামী বৈচিত্ৰ্যৰ দৌৰ ইয়াতেই
স্তব্ধ হৈ পৰে?
No comments:
Post a Comment