Friday, February 15, 2013

হিতেন শৰ্ম্মাৰ দিনলিপি -৫ (দ্বিতীয় অধ্যায়)

বজাৰৰ ফালে গৈ আছিল সি। চাইকেলৰ কেৰিয়াৰত এখন মোনা। সিদিনা বজাৰ বাৰ আছিল পাঠশালাৰ। চাৰিআলিৰ ওচৰত খুব ভিৰ। সেই ভিৰৰ মাজেৰেই হিতেনে বাওঁফালে বজাৰলৈ বুলি চাইকেলখন খূৰাইছিলহে মাথো। তেনেতে কলেজ ৰোডৰ পৰা প্ৰচণ্ড জোৰে আহি মটৰ চাইকেল এখনে তাক খুন্দিয়াই কেইবাফুটো দূৰলৈ চিটিকাই পেলাইছিল। ইপিনে বজাৰৰ ভিৰ। কেউদিশে মানুহ আৰু মানুহ। দুৰ্ঘটনাটো ঘটাৰ লগে লগে সেইখিনিত হুৱাদুৱা লাগি গ'ল। হিতেন যাক মই সইখে বুলি মাতো, সি অজ্ঞান হৈ পৰি ৰ'ল। তাৰ মূৰৰ পৰা প্ৰচণ্ড ৰক্তক্ষৰণ হবলৈ ধৰিলে। তাত সমৱেত ৰাইজে লগ লাগি তাক চিভিল হাস্পটাললৈ বুলি লৈ গ'ল।

আমি যেতিয়া ঘটনাটো গম পাই হস্পিটেললৈ দৌৰিলো, তেতিয়া তাৰ চিকিৎসা আৰম্ভ হৈ গৈছিল। ডক্তৰে অভয় দিছিল, ইণ্টাৰনেল একো হোৱা নাই। কেৱল মূৰ ফাটিছে। পাঁচটামান চিলাই পৰিছে। চেন্সো এতিয়া আহিছে। আৰু কিছু সময়ৰ পিছত তাক 'ডিচ-চাৰ্জ' লব পৰা যাব। যাহওক, যিমান দুশ্চিন্তাৰে আমি হস্পিটেললৈ আহিছিলো, সেয়া নোহোৱা হ'ল। এবাৰ বেমাৰীক মাত লগাই আমি হস্পিটেলৰ বাহিৰলৈ ওলাই আহিলো। পাঠশালা আৰক্ষী চকীৰ এ.এছ.আই এজন, কনিষ্টবল এজন আৰু হিতেনৰ দোকান আৰু আৰক্ষী চকীৰ মাজতে থকা পান তামোলৰ দোকানী সঞ্জীৱ দা বাহিৰতে ৰৈ আছিলহি। যদিও পান-তামোলৰ দোকানী, সঞ্জীৱ দাৰ আন এটা কাম আছিল আৰক্ষী চকীলৈ অহা মানুহৰ দৰখাস্ত,  এজাহাৰ আদি লিখি দিয়া। মোক দেখি সঞ্জীৱ দাই মাত লগালে-
-কি হল এ তাৰ?
-এক্সিডেণ্ট।
-কিংকে হ'ল?
- ভালকে গমে পাৱ নাই। বাইক এখেনে মাচ্চি বুলি কুনবে কুনবে কৈ আছে দেখুন।
-কুনখিনি জাগাত?
-দত্ত দাৰ পাণ দোকানৰ ওচত্তে
-তাতে দেখুন পুলিচো ডিউটিত থাকে?-এই বুলি সঞ্জীৱ দাই অফিচাৰ জনৰ ফালে চালে
-অ'। তাতে ই আছিল। সি গটে দেখা পাইছি এ
-অ', হই নিকি? 
-পাচে ইটা সি কেনে পাইছি?-সঞ্জীৱ দাই এইবাৰ মোৰ ফালে ঘূৰি সুধিলে।
-অলপ ভাল পাইছি। ইণ্টাৰনেল একো হনাই বুলি দক্তৰে কৈছি। পাচে মূৰটুহে বয়াকে ফালচি। পাঁচটা চিলাই প'চ্চি। হাততো অলপ ছাল গেইছি।
-অ'ই তই দোকানীক খবৰটু দি আচুন। ফোন কল্লিও হোবো যা।-এইবাৰ হিতেনৰ ফালে চাই মই ক'লো। 
-এ, নহ'লি নালগে ৰ'। ময়ে যাউং। পাল্লি সইখেৰ ঘোৰোতো খবৰ এটা দিবা লাগছিল।-লগে লগে কিবা চিন্তা কৰি তাক পুলিচৰ ফৰ্মেলিটিখিনি কৰিব দি মই অলপ দূৰত থকা পিচিওৰ ফালে মুখ ঘূৰালো।
-সঞ্জীৱ দা, অলপ ৰোবোচুন। চাৰ, কি কি ফৰমেলিটি আছে সোনকালে কৰি দিয়ক। ই আপনালোকক সহায় কৰ্বো দিয়ক। এই বুলি এ.এছ.আই জনক কৈ মই পি.চি.অলৈ দৌৰিলো।

যেতিয়া হিতেনলৈ ফোন কৰি খবৰটো দিছিলো, তেতিয়ালৈকে ইতিমধ্যে সি সইখেৰ ঘৰত খবৰটো পঠাইছিলেই। তথাপি মই আস্বস্ত হব পৰা নাছিলো। ঘৰলৈ তাক পঠাই দিব নোৱাৰা লৈকে যেন শান্তি নাই! গোটেইখিনি কথা খৰচি মাৰি যেতিয়া ফোনটো ৰাখিব ওলাইছিলো, মোলৈ ৰৈ আছিল এক আশ্বৰ্য্য।

সইখেৰ ঘৰৰ মানুহ আহি পোৱালৈকে বাকী সকলোবোৰ কাম হৈ গৈছিল। তাৰ ইচ্ছামতে আৰু ডক্তৰৰ পৰামৰ্শমতে সইখেক একাপ ৰঙাচাহ আৰু গুড ডে বিস্কুট দুখন খাবলৈ দিছিলো। প্ৰয়োজনীয় ষ্টেটমেণ্ট লৈ এ.এচ.আই জন আৰু কনিষ্টবলজনো গৈছিলগৈ। সঞ্জীৱ দা, আৰু হিতেনে বেমাৰীৰ লগত বহি কথা পাতি আছিল। তেনেতেই পাঠশালা চিভিল হস্পিটেলৰ পুৰুষৰ সাধাৰণ শ্ৰেণী কোঠাৰ দুৱাৰমুখৰ আউলী-বাউলী হৈ হাজিৰ হৈছিলহি পূৱালী আৰু আলোছায়া। চিন্তাক্লিষ্ট দুয়োৰে মুখাৱয়ব। অপৰিপাটি সাজ-সজ্জা। দুয়োৰে ভাগৰুৱা মুখমণ্ডল। অলপ অলপ ঘাম ফুটি ওলাইছে। চকুত ঔৎসুকতা। হঠাতে বাহিৰত দেখি মই দুৱাৰমুখৰ পিনে ওলাই আহিবলৈ ওলালো। কিন্তু তেতিয়ালৈকে সিহঁত বেডৰ ওচৰেই পালেগৈ।
-তই ইয়াত?-পূৱালীয়ে মোলৈ চাই সুধিলে।
-অ'
-তোৰ বুলে এক্সিডেণ্ট হৈছিল? চিৰিয়াচ বুলি শুনচিলো
-মোৰ? কুনি কৈছি?
-কুনি কৈছি মানে ! কলেজত চবে জানে। সুধি সুধি পি.চি.অ' ত যাওতে তাতে থাকা চ'লিটুয়ো কৈছি, হিতেনৰ এক্সিডেণ্ট হ বুলি
-অও....ইটাহে বুটচু। ইয়াৰ নামো হিতেন। সিকাৰণে তুহুন কনফিউচড হৈছা কিজানি।

ভুল ভাঙি পূৱালী মোৰ সৈতে সহজ হৈ পৰিছিল। সইখে আৰু হিতেনৰ লগত সিহঁতৰ চিনাকী কৰি দিয়াৰ পিছত ভালকৈ খবৰ বাৰ্তা লৈ কেনেকৈ কি গ'ল, পূৱালীয়ে তাইৰ স্বাভাৱগত ধৰণেৰে সুধি গৈছিল। অতি কম সময়ৰ ভিতৰতে পূৱালী আটাইৰে লগত সহজ হৈ পৰিছিল। হস্পিটেলত সোমোৱাৰ সময়ত যি চিন্তাৰ ৰেখা তাইৰ মুখত দেখিছিলো, সেই চিন তেতিয়া আৰু নাছিল। কিন্তু আলোছায়া সহজ হব পৰা নাছিল। তাইৰ মুখমণ্ডলৰ ৰেহ-ৰূপ চাই একো ধৰিব পৰা নাছিলো, তাই কি ভাবিছে। কিন্তু মনে মনে কিবা এটা বেয়া পাই থকা বুলি অনুমান কৰিছিলো।
-আহ, বাহিতৰ অলপ চাহ খাই আহু আ।-কিছুসময় পিছত মই পূৱালীৰ ফালে চাই কৈছিলো
-বুল
সঞ্জীৱ দা আৰু হিতেনক তাতে থৈ আমি কোঠাটোৰ পৰা ওলাই আহিলো। আগে আগে মই, পিছে পিছে পূৱালী আৰু আলোছায়া। ভবা নাছিলো, সিহঁত এইখিনি পাবহি। কিন্তু দুয়ো আহি ওলাইছিল। সিহঁতে ভাবিছিল মোৰ এক্সিডেণ্ট হৈছে। নামৰ সামঞ্জস্যৰ বাবে এই খেলিমেলিখন হোৱা বুলি পূৱালীয়ে মানি লৈছিল। কিন্তু আলোছায়াই তেতিয়াও ওন্দোলায়ে আছিল। কিন্তু মোৰ মনে জেদ তেতিয়াও এৰি দিয়া নাছিল। মোৰ এক্সিডেণ্ট বুলি ভাবি সিহঁত অহা বুলি জনাৰ পিছত মনত অলপ ভাল ভাৱ আহিলেও, মাত্ৰ মেইদিনমান আগত শ্বহীদ ভৱনত ঘটি যোৱা ঘটনাৰ দাগ তেতিয়াও মোৰ মনৰ পৰা যোৱাগৈ নাছিল। মই সিহঁতক সহজভাৱে মানিব পৰা নাছিলো। স্বাভাৱসিদ্ধভাৱে পূৱালীয়ে মোক কিবাকিবি সুধি গৈছিল যদিও আলোছায়া মাথো নিৰৱ দৰ্শক হৈয়ে ৰৈছিল। বাহিৰৰ তৰ্জাৰে সজোৱা চাহ দোকানত চাই খোৱা হলত পূৱালীয়ে হঠাতে কৈ উঠিছিল-
-হিতেন, মানহোৰ প্ৰতি অলপ কৃতজ্ঞ হবা চেষ্টা কৰবিচুন।
মই হতবাক হৈ তাইৰ ফালে চাই ৰলো।
-কিয়? কি হলনু?
-তোৰ সামান্য জ্ঞানো নাইনা যি এক্সিডেণ্ট তোৰ নহে তোৰ লগৰ এটাৰহে হৈছি বুলি আমাক খবৰ এটা দিবা নালগে। এইৰ আজি ভেশচন আছিল। তোৰ নাম শুনি দাউৰি ওলে আইচি। কিয়ো জান?
- চা পূৱালী। মই আপোনভোলা মানুহ। বেলেগৰ মনত কি হৈ থাকে সেই বিষয়ে মই ইমান আগ্ৰহী নহে। তাতে মোৰ নাম শুনি ভেশচন এৰি আইভা লাগা হল কি?
- এৰা, মই আহিব নালাগিছিল। আহিবতো কিয় ভাবিবই নালাগিছিল। কিন্তু পাগলী যে মই। সেই বাবে ভাবিলো। তোমাক ডিষ্টাৰ্ব কৰিলো। চ'ৰী। অ'ই পূৱা, বুল।
-এক মিনিট ৰ।
-ওই চুৱৰ, কি ক'লি? তই আপোনভোলা মানহু? তই কাৰো কথা নাভাবা? তিত্তেহ'লি সিদনাৰ পিছত কলেজ আহা নাই কিয়ো? পৰিস্থিতিৰ পৰা কিমান পলে ফুৰবি? তাতকে তাৰ চামনা কৰবা শিখ। মই জানু, তোক কথাগেলা নকে বহুত ভুল কচ্চিলু। কিন্তু ইটা ভাবচু, নককে থালিয়ে ভাল কচ্চিলু। সিদনাৰ পিচত তাই হষ্টেলত কিমান কান্দচি তই কিংকে গম পাবি! তইতো এটা শিলোৰ ডখৰা। ...
পূৱালীৰ এটা এটা কথাই মোৰ বুকুলৈ শেল হৈ সোমাই গৈছিল। কিন্তু তাতকৈও আলোছায়াৰ চলচলীয়া চকুৱে মোক বেছি আঘাট দিছিল। মই একো মাতিব পৰা নাছিলো। একৰ গালি পাৰি পাৰি পূৱালী তলমূৰ হৈ বহি ৰৈছিল। আলোছায়াও বাহিৰলৈ কৰবালৈ চাই আছিল। সেই দৃষ্টিত আছিল অনমন্যস্কৰ জোখ। প্লাষ্টিকৰ টেবুলখনত থকা আঁচ কেইটাত আঙুলিৰে চুই চুই ময়ো তললৈ চাই ৰৈছিলো।
কিছুপৰ পিছত তাই অলপ নৰমভাৱে মাত লগালে--চা হিতেন। গোটেই বেটচৰ ভিতৰত তোৰ লগতেই মই খোলা। ভাবিছিলো বাকীবোৰৰ দৰে তই ৰিজাৰ্ভ নহে। ডিগ্ৰীত আহি যি যান্ত্ৰিকতা, সেইটুৰ পৰা তই অলপ বেলেগ। কিন্তু মই চাগে' ভুল ভাৱিছিলো, না? বেয়া নাপাবি। মই ভুল কৰিছিলো। আৰু তাৰ ফলত বেচেৰী ভুগবা লাগা হল। ৰেগিঙত লগ পায়ে তোক তাই পচন্দ কচ্চিল। আৰু তোৰ ৰিক্স লৈছিলো মই। আন এটা ভুল কচ্চিলু। যাহক, আমাক বয়া পাই কলেজক নাহাকে নাইভি। ভালকে ক্লাছ হৈ আছে। এটা ক্লাছ নকল্লি পাচৰকেটা একো বুজি নাপবি। বৰ টান পাবি। চাৰ আহুনো বয়া পাবো। পাৰা যদি আলোছায়াকো ক্ষমা কৰি দিবি। তাইৰ হৈ ময়ে কলু। অমি যাউং। চৰী এগেইন। কথাখিনি কৈয়ে তাই থিয় হ'ল। লগে লগে আলোছায়াও।

তেতিয়ালৈ চিন্তাৰ দুৱাৰখন খোল খাইছিল। মই মোৰ ভুল ধৰিব পাৰিছিলো। অভিমানৰ আৱৰণখন আঁতৰাই মই গোটেই ঘটনাক্ৰম জুঁকিয়াই চাইছিলো। আৰু দেখা পাইছিলো এটা সুন্দৰ পথ। পূৱালী মোৰ বাবে কেৱল বন্ধুয়েই হৈ পৰা নাছিল, মোৰ এক পথ প্ৰদৰ্শকো হৈ পৰিছিল। আৰু আলোছায়া? আলোছায়াও হৈ পৰিছিল এক অনামী ছায়া। যদিও আলোছায়াৰ লগত মোৰ মাজৰ সম্পৰ্কই কোনো নাম লোৱা লাছিল, তথাপি আত্মাই যেন কৰবাত আপোনজনক বিচাৰি পাইছিল। তাইৰ চলচলীয়া চকুযুৰি দেখি মোৰ হোৱা বেজাৰ ভাৱৰ পিছতেই সেই কথা মই ঠাৱৰ কৰিব পাৰিছিলো।
-মোক একো কবলৈ চাঞ্চ নিদিয়াকৈয়ে যাবি তাৰমানে?-মোক মাত লগাই ওলাই যাবলৈ ধৰা পূৱালীলৈ চাই মই সুধিলো
-আৰো কি কবি? মোৰ আৰো একো শুনবাৰ মন নাই।
-মোক এইকেইদিনোৰ নোটচ খিনি দিবিনা? আৰু আলোছায়া, তুমি কান্দিলে বৰ বেয়া দেখি। চকুপানীখিনি মচি পেলোৱা, প্লিজ।
-....... দুয়ো মোলৈ ঘূৰি চালে।
- এনে মূহুৰ্তত চ'ৰী কিংকে কবা লাগে নাজনু। তথাপি কৈছু আই এম ভেৰী চ'ৰী। যি হৈছি পাহৰি যা পূৱালী, প্লিজ।

হস্পিটেলৰ বাহিতৰ তেতিয়া বেলি লহিয়াবলৈ ধৰিছিল। গেটৰ মুখত ৰৈছিলহি সইখেক নিবলৈ ঘৰৰপৰা অনা মাৰুটি ভান গাড়ীখন। ওচৰৰে এঘৰৰ পৰা ল'ৰা-ছোৱালীৰ কিৰিলি কিছুমান ভাঁহি আহিছিল। যদিও এয়া হস্পিটেলৰ সন্মুখ আছিল, ভিৰ লগা নাছিল ক'তো। চৌদিশে যেন এক শান্তিময় পৰিৱেশ বিৰাজ কৰিছিল। জাল ফালি মুকলি হৈ অহাৰ আনন্দত মনটোৱে চাৰিওপিনে কেৱল বিচাৰি পাইছিল প্ৰশান্তিৰ ৰহঘৰাবোৰ। ঠিক গধূলিৰ নীড়্মুখী চৰাইবোৰ দেখি অহা প্ৰশান্তিৰ দৰে, বৈ যোৱা জুৰিৰ সোঁতলৈ চাই পোৱা প্ৰশান্তিৰ দৰে.. জীৱনৰ আন এটা অধ্যায়ৰ হাত বাউলি দেখি আগুৱাই গৈছিল জীৱন..নিজে গম নোপোৱাকৈয়ে।

পূৱালীয়ে মোলৈ কিছুসময় চাই থাকি মিচিককৈ হাঁহি এটা মাৰিছিল। আলোছায়ায়ো চকু দুটা মোহাৰি তলমূৰ হৈ ৰৈছিল। বুজি উঠিছিলো, সেয়া দুখৰ বাবে নহয়, লাজৰ বাবেহে।

(ক্ৰমশঃ)



 

No comments:

Post a Comment