Monday, August 26, 2013

লোক-গাথা আৰু ইয়াৰ সঠিক মূল্যায়ন



 ”…The present is the age of written literature, but side by side with the multitude of printed and sophisticated books we find in the village natural poets who still compose songs and ballads to remember even or persons of great significance…”
-ASSAMESE BALLADS, PRAFULLA DATTA GOSWAMI

ভাষিক সাহিত্যৰ উত্তৰণৰ আগে আগে অসমৰ গাঁও-ভূঁই তথা অঞ্চল বিশেষে বিশেষ ধৰণৰ মৌখিক সাহিত্যৰ প্ৰচলন আছিল। এই সাহিত্যসমূহ অধিকাংশই মূলতঃ কাব্য আৰু গীতিধৰ্মী আছিল যদিও ইয়াৰ মাজতে পৰিস্ফুত হৈছিল একো একোটা আখ্যান বা উপাখ্যান। এই গীতসমূহৰ ৰচক কোন আছিল জনা নাযায়। পণ্ডিত প্ৰফুল্ল দত্ত গোস্বামীদেৱে তেওঁৰ নিবন্ধত কৈছে যে কোনো বিশেষ ব্যক্তিৰ বীৰত্ব অথবা কাহিনী বৰ্ণাবলৈ কোনো অঞ্চলত হয়তো কিছুমান আখ্যান গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছিল যিয়ে পৰৱৰ্তী সময়ত মুখ বাগৰি এখন গাঁৱৰ পৰা এটা অঞ্চললৈ বিয়পি পৰিছিল। মৌখিক এই সাহিত্যসমূহে এজনৰ পৰা আন এজনলৈ, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বাগৰি গৈ থাকোঁতে কিছুমান শাৰী এই গীতৰ লগত সংযোজিত হৈ গৈছিল। এনেদৰে এজনৰ পৰা আনজনলৈ গাঁথি সৃষ্টি কৰা গীত বা উপাখ্যানসমূহকে লোক-গাথা বুলি ক’ব পাৰি। লোক-গাথা জনমানসত “মালিতা” (ইংৰাজী: ballad ) বুলিও জনাজাত।
লোক-গাথাসমূহ মূলতঃ গীতিধৰ্মী। ড° নবীনচন্দ্ৰ শৰ্মাই তেখেতৰ লেখাত কৈছে যে মৌখিক লোকবিদ্যা বা বাচিক কলা মূলত বাচিক কবিতা আৰু গদ্যধৰ্মী কলা, এই দুই ভাগত শ্ৰেণীবিভাজন কৰিব পাৰি। তাৰে বাচিক কবিতাক আকৌ উৎসৱ অনুষ্ঠানৰ সৈতে জড়িত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত, পূজা-উপাসনা, ব্ৰত আদিৰ সৈতে জড়িত আৰু কাহিনীগত এই চাৰি ভাগত ভাগ কৰিব পাৰি। এই কাহিনীমূলক বাচিক কবিতায়েই হৈছে মালিতা বা বেলাড। কিছুমান লোক-গাথা যদি সম্পূৰ্ণৰূপে গীতি কথাৰেই লিখা আছিল, কিছুমানৰ মাজত আকৌ ছন্দোৱদ্ধ পংক্তি কিছুমানৰ দ্বাৰাও প্ৰকাশ কৰা হৈছিল; যাৰ অন্তৰালত আছিল একো একোটা পৌৰাণিক আখ্যান। মালিতাসমূহৰ কিছুমান যেনে বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি যেনেকৈ ঐতিহাসিক পটভূমিত ৰচিত হৈছিল, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি ৰচিত হৈছিল জনশ্ৰুতি বা কিম্বদন্তিৰ আধাৰত। ঠিক তেনেদৰে কাল্পনিক পটভূমিতো ৰচনা কৰা হৈছিল কিছুমান মালিতা। মধুমতীৰ গীত, কন্যা বাৰমাহীৰ গীত আদি এই শ্ৰেণীত ৰাখিব পাৰি। উল্লেখ্য যে, বুৰঞ্জীমূলক গীতসমূহৰ অধিকাংশই আছিল কৰুণ-ৰসাত্মক।
যোৱা কেইদশকমান আগলৈকে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত মালিতাসমূহে বিশেষ তাৎপৰ্য বহন কৰি আহিছিল। অসমৰ গাঁৱে-ভূঞে প্ৰচলিত হৈ আছিল এই লোক-গাথাসমূহ। বদন বৰফুকনে অসমলৈ মান সৈন্য মাতি অনাৰ ফলত অসমীয়া সমাজৰ যি নগুৰ-নাগতি হৈছিল, তাক লৈ বদন বৰফুকনক গালি-শপনিও পৰা হৈছে বৰফুকনৰ মালিতাত। বৰফুকনৰ মালিতাই পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ প্ৰশংসাও কৰিছে। ঠিক তেনেদৰে জয়মতী কুঁৱৰীৰ মালিতাত দেশ আৰু স্বামীৰ হকে প্ৰাণাহুতি দিয়াৰ কৰুণ কাহিনী বৰ্ণোৱা হৈছে। এনেদৰে প্ৰতিটো গীতে একো একোটা কাহিনীক সুন্দৰভাৱে ফুটাই তুলি সেইসকলক মানুহৰ মুখে মুখে যুগমীয়া কৰি ৰাখিছিল। ঠিক তেনেদৰে কমলা কুঁৱৰীৰ গীতে আমাক পৰিচয় কৰাই দিছিল কমলা কুঁৱৰীৰ সাধুৰ সৈতে। দেশৰ আহুকালৰ সময়ত আত্মাহুতি দিয়া কমলা কুঁৱৰীৰ প্ৰশংসাও কৰা হৈছিল উক্ত মালিতাত। মণিকোঁৱৰৰ জীৱন-গাথাৰ আধাৰত ৰচিত হৈছিল মণিকোঁৱৰৰ গীত আৰু মণিকোঁৱৰক বিচাৰি যোৱা কাহিনী বৰ্ণনা কৰা হৈছে ফুলকোঁৱৰৰ গীতত। ফুলকোঁৱৰৰ মাক কাঞ্চনমতীৰ বিৰহৰ কাহিনী বৰ্ণোৱা হৈছে কাঞ্চনমতীৰ গীতত। এই কিম্বদন্তীসমূহ সমাজৰ মাজলৈ আখ্যানস্বৰূপে অনাত সহায় কৰিছিল এই মালিতাসমূহে। কাল্পনিক পটভূমিত ৰচনা কৰা দুবলা শান্তিৰ গীতে প্ৰকাশ কৰিছিল দুবলাৰ বিৰহৰ কথা।
লোক-গাথাসমূহৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যে ই সেই সময়ৰ সমাজ ব্যৱস্থা, আদৰ্শ আদিৰ সৈতে পিছৰ সমাজ ব্যৱস্থাসমূহক মিলি যোৱাত সহায় কৰিছিল। ভিন ভিন ঠাইত বেলেগ ৰূপত থাকিলেও মালিতাসমূহে একেটা আদৰ্শ আৰু আখ্যানক প্ৰতিনিধিত্ব কৰিছিল। ফলস্বৰূপে মৌখিক সাহিত্যৰ স্বাধীনতা ইয়াত বিৰাজমান হৈ আছিল। কিন্তু দুখৰ বিষয় সাংস্কৃতিক গোলকীকৰণৰ ফলতেই হওক বা অন্য কিবা কাৰণতেই হওক, লাহে লাহে সহজ সৰল গাঁৱলীয়া জীৱনৰ পৰাও আঁতৰি আহিল এই মালিতাসমূহ। ফলত মৌখিকভাৱে চলি অহা এই লোক-গাথাসমূহক লিখিত সাহিত্যৰ ৰূপ দিয়াৰ প্ৰয়োজন আহি পৰিল।
অসমৰ বহুতো বিদগ্ধ পণ্ডিত তথা গৱেষকে ইতিমধ্যে লোক-গাথাসমূহৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিছে। বিৰিঞ্চিকুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী আদি পণ্ডিতসকলৰ পিছত বীৰেন্দ্ৰনাথ দত্ত, নবীনচন্দ্ৰ শৰ্মা আদি গৱেষকে ইতিমধ্যে লোক-সংস্কৃতিৰ অন্য উপাদানসমূহৰ উপৰি বহুখিনি লোক-গাথা গাঁৱে-ভূঞে পৰি থকা অৱস্থাৰ পৰা তুলি আনিছে। তাৰে কিছুমান সম্পূৰ্ণ আৰু কিছুমান অসম্পূৰ্ণ ৰূপত। ফলস্বৰূপে প্ৰায় হেৰাই যাবলৈ ধৰা লোক-গাথাসমূহ পুনৰ অসমীয়া সমাজৰ চিনাকি হৈ পৰিবলৈ ধৰিছে। কিন্তু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষিক সম্প্ৰদায়ৰ মাজত এতিয়াও ধিমিক-ধামাককৈ জ্বলি থকা অধিকাংশ লোক-গাথা এতিয়াও সংৰক্ষিত হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হিচাপে আমি ক’ব পাৰোঁ গৱেষণা আৰু অধ্যয়নৰ অভাৱ। গৱেষণা কম হোৱাৰ ফলত স্বাভাৱিকতেই আঙুলিৰ মূৰত লেখিব পৰা হৈ আছে উক্ত বিষয়ৰ ওপৰত থকা গৱেষণা পত্ৰৰ সংখ্যাও। প্ৰতি বছৰে যদি এক ন্যূনতম সংখ্যক গৱেষকেও এই বিষয়ত মনোনিৱেশ কৰে, নিশ্চিতভাৱে অসমীয়া লোক-গাথাৰ ভঁৰাল ঠাহ খাই পৰিব।
লোক-গাথাৰ উপৰি অসমীয়া সংস্কৃতিৰ এনে কিছুমান ক্ষেত্ৰ আছে, যাৰ আজিলৈকে সঠিক মূল্যায়ন হোৱা নাই। অসমীয়াত এতিয়াও বহুলভাৱে প্ৰচলিত সাঁথৰসমূহৰ অন্তৰালত থকা উপাখ্যানসমূহৰ কথা এতিয়াও লিখিত সাহিত্যত অন্তৰ্ভুক্ত হোৱা নাই। যি দুই-এটা লিখিত ৰূপত ওলাইছেও, সিও গৈ সমাজব্যৱস্থা ঢুকি পোৱা নাই। সাধুকথাসমূহৰ মাজত থকা ছন্দোৱদ্ধ পংক্তিৰে সম্পূৰ্ণ সাধুকথাবোৰ ৰসাল ৰূপত লিখিত সাহিত্যত অন্তৰ্ভুক্ত হ’বলৈ এতিয়াও বহুখিনি বাকী।
নৱ-প্ৰজন্মৰ লোক-সংস্কৃতিৰ প্ৰতি গভীৰ বিশ্বাস আৰু গৱেষণাইহে এই ক্ষেত্ৰত বিশষ অৰিহণা যোগাব পাৰে। তাৰ বাবে দৰকাৰ হ’ব অসমীয়া লোক-সংস্কৃতিৰ প্ৰতি একনিষ্ঠ সততা আৰু একাগ্ৰতা। অন্যথা কেইবছৰমান পিছলৈকে পঢ়িবলৈতো দূৰৈৰে কথা, শুনিবলৈকো পোৱা নাযাব লোক-গাথা তথা লোক-সংস্কৃতিৰ এই উপাদানসমূহ।

(এই লেখাটো www.xahitya.org ৰ জুন, ২০১৩ সংখ্যাৰ সম্পাদকীয় হিচাপে প্ৰকাশ পাইছে।)

No comments:

Post a Comment